#BreakingNews:
—চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈয়ে পাব ঋণ
—ৰাজ্য চৰকাৰে মুকলি কৰিলে দুখন অভিলাষী আঁচনি, গৃহ নিৰ্মাণৰ আঁচনি- ‘আপোনাৰ আপোন ঘৰ’ আৰু শিক্ষা ঋণৰ আঁচনি- ‘অভিনন্দন’ আঁচনি
— ‘আপোনাৰ আপোন ঘৰ’ৰ আঁচনিৰ জড়িয়তে ৫ লাখৰ পৰা ১০ লাখ টকা ঋণৰ পৰা পাব ১ লাখ টকা ৰাজ সাহাৰ্য, ১০ লাখৰ পৰা ২০ লাখ টকা ঋণত পাব ১ লাখ ৫০ হাজাৰ টকা ৰাজ সাহাৰ্য, ২০ লাখৰ পৰা ৩০ লাখ টকা ঋণত পাব ২ লাখ টকা ৰাজ সাহাৰ্য, ৩০ লাখৰ পৰা ৪০ লাখ টকা ঋণত পাব ২ লাখ ৫০ হাজাৰ টকা ৰাজ সাহাৰ্য।
—#দিচাংমুখৰ সমীপৰ লিগিৰিবাৰী গাঁৱত এজাক বন্যহস্তীয়ে গাঁওখনৰ বহু কৃষকৰ সঁজাল ধৰা ধান খোৱাৰ লগতে গচকি তহিলং কৰিছে। বানৰ পিছত বন্যহস্তীৰ এই উপদ্ৰৱত কৃষকসকল চিন্তিত হৈ পৰিছে।
—#দিচাংমুখৰ পৰা #ৰজনীকান্ত_পাংগিং
দিহানাম পৰিৱেশন কৰিবলৈ সাজু হৈছে টীয়কৰ এদল কণমানি
— টীয়কৰ এই কণমানি শিশু দলটিৰ ব্যতিক্ৰমী পদক্ষেপেৰে দিহানামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে টীয়কৰ বিভিন্ন অঞ্চল
ED গোচৰত চিদাম্বৰমক অন্তৱৰ্তীকালীন জামিন
—কাশ্মীৰ এৰিবলৈ লৰাধপৰা পৰ্যটকৰ
—১৫ আগষ্টত কূটাঘাটৰ আশংকাত পৰ্যটক সকলক কাশ্মীৰ এৰিবলৈ নিৰ্দেশনা গৃহ বিভাগৰ
—এয়াৰ ইণ্ডিয়াই হ্ৰাস কৰিছে বিমান ভাড়া
—হ্ৰাস হ’ল শ্ৰীনগৰ-দিল্লীৰ ভাড়া
#ধেমাজি_জিলাৰ_মাটিখোলা_গাঁৱত
#৫০৯_তম_মহাবীৰ_চিলাৰায়_দিৱস_উদযাপন
#গোগামুখৰ পৰা #জিন্টু_বৰা
—#শিৱসাগৰত_৫০৯_তম_বিশ্ববীৰ_চিলাৰায়_দিৱস_উদযাপন
— ★ধৰ্মপ্ৰাণ, জাতিপ্ৰেমী, মহাবীৰ অসমীয়া জাতিৰ মহানুভৱ স্মৃতিক সজীৱ তথা প্ৰসাৰ কৰাৰ মানসেৰে ৫০৯তম বিশ্ববীৰ চিলাৰায় দিৱস সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, শিৱসাগৰ জিলা, নাজিৰা জিলা সমিতি আৰু সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰবাসী ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে যুৱদলৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হৈছে বিশ্ববীৰ চিলাৰায় দিৱস।
#সন্ধিয়াৰ_সুৰ: “ অ’ মৰম...”— চৰাজ/নৱনীতা
#প্ৰভাতীৰ_সুৰ : “ এই মৰম নদীৰ গাভৰু ঘাট...”— (বোলছবি- সেন্দুৰ)
#সৰ্বানন্দৰ_প্ৰতিকৃতি_দাহ_কৰি
#জাতীয়তাবাদী_যুৱ_ছাত্ৰ_পৰিষদৰ_উত্তাল_প্ৰতিবাদ
—নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনৰ সমান্তৰালকৈ সচেতন মহলেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । কিন্তু এই প্ৰতিবাদৰ ভাষা নুবুজে এসময়ৰ জাতীয় নায়কৰ নেতৃত্বাধীন অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰেও।
—চৰকাৰখনৰ অমনোযোগিতাৰ বাবে আজি গোগামুখৰ মাজ মজিয়াত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিয়ে সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি RSS গ’বেক, BJP চৰকাৰ কাম নাই, যদি তুমি অসমীয়া তেন্তে তুমি ওলাই আহা আদি শ্ল’গানেৰে গোগামুখ উত্তাল কৰি তোলে।
—#গোগামুখৰ পৰা #জিন্টু_বৰা
#ৰঙাপৰাত_পুখুৰীত_নিৰুদ্বেশ_মহিলাৰ_মৃতদেহ_উদ্ধাৰ
— শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত হাতিবাৰি চাহ-বাগিচাত পুৱা ৯ মান বজাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৮নং শ্ৰমিক লাইনৰ ছনাতন গোৱালাৰ পত্নী সৰস্বতী গোৱালাৰ মৃতদেহ বাগিচাৰ পুখুৰীত ৰাইজে দেখা পায়।
— অভিযোগ অনুসৰি বিগত দুদিন ধৰি নিখোঁজ হৈ আছিল মহিলাগৰাকী। আৰু আজি এনেধৰণে উদ্ধাৰ হোৱা ঘটনাই স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
— স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষীক অৱগত কৰাত ৰঙাপৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ অসামৰিক কনকলতা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
—#ৰঙাপৰাৰ পৰা #ছাহজাহান_ছেলিম_কুৰেছি
#সন্ধিয়াৰ_সুৰ: “জিলিকি জিলিকি...”— তৰুণ তন্ময়/জিন্টি দাস
#পশ্চিম_ঢকুৱাখনাত_নতুন_পৰীক্ষা_কেন্দ্ৰ_উদ্বোধন
— ঢকুৱাখনাৰ পশ্চিম অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত ১৯৬৬ চনতে স্থাপিত হোৱা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ ৫৩ বছৰৰ মুৰত লাভ কৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰ।
—ইয়াৰ বাবে উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।
—আজি পৰীক্ষা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে অধ্যক্ষা ডুলু শইকীয়াই।
—#ঢকুৱাখনাৰ পৰা #জিন্টু_কোঁচ
—#লামডিং-উদালীৰ ৰাষ্ট্ৰীয় ঘাইপথত #ভয়ংকৰ_পথ_দুৰ্ঘটনা।
—থিতাতে নিহত #অৰিন্দম_দাস নামৰ এজন যুৱক।
—আহত হয় #অভি নাগ, #বিকী ধৰ আৰু #টুটন দত্ত।
—হোজাইৰ হাম চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন
হৈ আছে অভি, বিকী, টুটন।
—#হোজাইৰ পৰা কেমেৰা পাৰ্চন #জিতেন_শৰ্মাৰ
সৈতে #হেমন্ত_শৰ্মা