07/01/2023
বাটে-ঘাটে-০২
'প্ৰত্যাশা !
আহ্.... কি অম্লান এই শব্দ! দৰাচলতে ই কেৱল এক শব্দ নহয়।সকলোৰে বাবে ই এক অন্তহীন অনুভৱ। আৰু এই অন্তহীন অনুভৱবোৰ যেতিয়াই নিয়ন্ত্ৰণহীন হৈ পৰে;তেতিয়াই সুখী মানুহবোৰো দুখী হৈ পৰে।পলকতে থান-বান হৈ যায় সকলো।'
পাতনি নেমেলাকৈয়ে কথাবোৰ এইদৰে আৰম্ভ কৰিলে ৰমেশে। গাড়ীৰ গেৰেজত বেঙাটোৰ দৰে মই কেৱল তাৰপিনে ভেবা লাগি চাই ৰ'লো। স্বভাৱগত ভাবেই আজিও সি মোৰ উত্তৰলৈ অপেক্ষা নকৰিলে। মটৰ চাইকেল খন গেৰেজৰ যথাস্থানত থৈ মোৰ পিনে আগুৱাই আহি থাকোতেই সি পুনৰ আৰম্ভ কৰিলে - ' দৰাচলতে মানুহবোৰ দুখী হোৱাৰ কাৰণ মানুহবোৰ নিজেই। এই চাওক মোৰ কথাকেই কৈছো। কাৰ্গিল যুদ্ধৰ সময়ত টিভিৰ পৰ্দাত ভাৰতীয় সেনাৰ পৰাক্ৰমৰ বাতৰিবোৰ দেখি মই অভিভূত হৈ পৰিছিলো। আৰু তেতিয়াই ঠিৰাং কৰিছিলো যে মই ভৱিষ্যতে সেনা বাহিনীতেই ভৰ্তি হ'ম। ইয়াৰ বাবে সেইসময়ত মই ভালকৈ প্ৰস্তুতিও চলাইছিলো। কিন্তু ঘৰৰ একমাত্ৰ ল'ৰা হোৱাৰ বাবে সেনাত ভৰ্তি হোৱাৰ বাবে দেউতাই অনুমতি নিদিলে। দেউতাই বেয়া পাব বুলি ভাবিয়ে মই মোৰ সেই আশা পৰিত্যাগ কৰিছিলো।মই কি বিচাৰো সেয়া দেউতাই জানিবলৈ কোনোদিনেই বিচৰা নাছিল। হয়তো তেতিয়াই মই অন্ধকাৰৰ বাটত যি প্ৰথমটো খোজ পেলালো তাৰ পৰা মই আজিও উভতি আহিব পৰা নাই।মাত্ৰ কেইটামান টকাৰ বাবেই দিন-ৰাতি একাকাৰ কৰি গেবাৰি খাটিছো। কিন্তু লাভৰ মূৰত শূণ্য।'
কথা খিনি কৈয়েই সি এটা দীঘল হুমুনিয়াহ কাঢ়ি ল'লে। তথাপি মুখেৰে মই টু শব্দ এটাও কৰা নাই। কেৱল মই তাৰ কথা শুনিবলৈ অপেক্ষা কৰিছো। মই ভালকৈয়ে জানো মই কোনো কথা কৈ লাভ নাই। সি যেতিয়া মুখ মেলিছে গতিকে সি ক'বই।শুনিবলৈ মোৰ ইচ্ছা থাককেই বা নাথাককেই তালৈ তাৰ ন্যূনতমো ভ্ৰুক্ষেপ নাই।মোৰ ওপৰত তাৰ সৰল বিশ্বাস এয়েই যে তাৰ কথাবোৰ মই বৰ মনযোগেৰে শুনো। দৰাচলতে সি এই বুলিয়েই ভাবে বুলি মোৰ ধাৰণা। হয়তো মোৰ এই ধাৰণা অমূলকো নহয়। কিয়নো তাৰ কথাবোৰক লৈ এতিয়া মই বিৰক্ত অনুভৱ নকৰা হৈছো। আৰু ইয়াৰ বাবেই ৰমেশে অফিচৰ পৰা আহি পোৱালৈকে মই আজিকালি গেৰেজতে অপেক্ষা কৰিবলৈ লৈছো। গাড়ীখন চাফা কৰাৰ অজুহাতত ৰমেশৰ বাবেই যে মই গেৰেজত অপেক্ষা কৰি আছো সেয়াও দিনৰ পোহৰৰ দৰেই সত্য।
হুমুনিয়াহ কাঢ়ি লৈ ৰমেশে পুনৰ ক'লে - 'সমাজপ্ৰিয় বাবেই মানুহে নিজৰ কথাতকৈ সমাজৰ কথা বেছিকৈ ভাবে। মানে এইটো কৰিলে অমুকে বেয়া পাব। সিটো কৰিলে তমুকে বেয়া পাব।এইটো কৰিলে বদনাম হ'ব।সিটো কৰিলে মানুহে জোকাব। এনেধৰণৰ এশ এবুৰি কথা ভাবিয়ে নিজৰ ভাল লগা কামবোৰ কৰিব নোৱাৰে বহুতে। মনে বিচৰা ধৰণে সেইসকলে উদযাপনো কৰিব নোৱাৰে নিজৰ জীৱন। ইয়াৰ মাজতো আছে এনে কিছু ব্যতিক্ৰম; যাৰ বাবে স্খলন হোৱা বুলি বদনামী হয় সমাজ।'
কথাখিনি কৈ থাকোতেই বাৰুকৈয়ে আবেগিক হৈছে ৰমেশ।সি আবেগিক হ'লে তাৰ কথাবোৰ বেছ জটিল যেন অনুভৱ হয় মোৰ। আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। সি যেন এইবাৰ মোৰ অৱস্থাতটো বুজি পাইছে । মোৰ মুখলৈ চাই আকৌ সি ক'বলৈ ধৰিলে -' দিন-ৰাতি একাকাৰ কৰি মই গেবাৰি খাটিছো। কিন্তু ধনী হৈছে কেৱল ভাড়াঘৰৰ মালিক। আৰু মাহৰ শেষত ইজন-সিজনৰ পৰা ধাৰ লৈ নামমাত্ৰ বেতন পোৱা দিনটোলৈ অপেক্ষা কৰিছো। কিন্তু সমাজত এনে কিছুমান ঐশ্বৰ্যশালী ব্যক্তি আছে যাৰ একোৰেই অভাৱ নাই। তেনে এগৰাকী ব্যক্তি সোমেশ্বৰ বৰুৱা । চাৰিটা কৈ বৃহৎ উদ্যোগৰ মালিক সোমেশ্বৰ বৰুৱাৰ অধীনতে ১৪ বছৰ ধৰি মই কাম কৰি আছো। ৰাজ্যৰ ঔদ্যোগিক ক্ষেত্ৰখনত সৎ ব্যক্তি হিচাপেই পৰিচিত সোমেশ্বৰ বৰুৱা। কিন্তু তেওঁৰ একমাত্ৰ পুত্ৰ সৌৰভৰ বাবে সেই ব্যক্তি জনে আজি সমাজত মুখ উলিয়াব নোৱাৰা হৈছে। বিগত ছমাহ ধৰি নিচামুক্তি কেন্দ্ৰৰ এটা চুকত পৰি আছে সৌৰভ। উদ্যোগপতি সোমেশ্বৰ বৰুৱাৰ লগত আজি ময়ো গৈছিলো সৌৰভে থকা নিচামুক্তি কেন্দ্ৰটোলৈ। তাৰ পৰা উভতি অহাৰ সময়ত সোমেশ্বৰ বৰুৱাই আজি বহু কথাই ক'লে। যিয়ে মোক বাৰুকৈয়ে ব্যথিত কৰিছে।'
সোমেশ্বৰ বৰুৱাৰ উদ্ধৃতি দি ৰমেশে ক'লে - 'কৈশোৰ কালতে মাকক হেৰুৱাইছিল সৌৰভে । সৌৰভৰ ভৱিষ্যতৰ কথা ভাবিয়ে দ্বিতীয় বিবাহৰ কথা নেভাবিলে সোমেশ্বৰ বৰুৱাই। হোষ্টেলত ৰাখিয়ে সৌৰভৰ পঢ়া-শুনাৰ ব্যৱস্থা কৰিছিল। কোনোদিনে টকাৰ অভাৱ অনুভৱ কৰিব দিয়া হোৱা নাছিল সৌৰভক। তাক লৈ সোমেশ্বৰ বৰুৱাৰ আছিল ভীষণ প্ৰত্যাশা। নামজ্বলা বিশ্ববিদ্যালয়ৰ পৰা সি MBA কৰি ভৱিষ্যতে বৰুৱাৰ ব্যৱসায়িক সাম্ৰাজ্য চম্ভালিব। আৰু এই প্ৰত্যাশাৰে এদিন দিল্লীলৈ পঠোৱা সৌৰভ উভতিছে এটা কংকাল হৈ। নিষিদ্ধ ড্ৰাগছ, পাৰ্টীৰ নামত বছৰি লাখ লাখ টকা পানীত পেলোৱা সৌৰভে এতিয়া কংকাল হৈ পৰি ৰৈছে নিচামুক্তি কেন্দ্ৰৰ বিচনাত। আৰু সৌৰভৰ এই অৱস্থাৰ বাবে নিজকে দায়ী কৰি আজি চৰম হতাশাত ভুগিছে উদ্যোগপতি সোমেশ্বৰ বৰুৱা। সোমেশ্বৰ বৰুৱাৰ যদি কিবা এটা হয়, তেন্তে নিগমে মৰিম মই আৰু মোৰ দৰে বহুজন। কি হ'ব আমাৰ ভৱিষ্যত ? তাকে ভাবিহে পোৱা নাই উৱাদিহ।'
আকৌ এটা হুমুনিয়াহ কাঢ়ি নিজৰ কোঠাৰ দিশে আগবাঢ়িল ৰমেশ। কিন্তু মই ৰে আছো একে ঠাইতে। আগৰ দৰেই । ইচ্ছা কৰিও মই খোজ দিব পৰা নাই । যেন জঠৰ হৈ পৰিছো মই। তাৰ কথাবোৰে খুন্দিয়াইছে বুকুত। বৰকৈ খুন্দিয়াইছে তাৰ কথাবোৰে। ( আগলৈ)