Kayakuchi Express, কয়াকুছি এক্সপ্ৰেছ

  • Home
  • India
  • Barpeta
  • Kayakuchi Express, কয়াকুছি এক্সপ্ৰেছ

Kayakuchi Express, কয়াকুছি এক্সপ্ৰেছ সত্য আৰু নিৰপেক্ষ খবৰৰ সৈতে, কয়াকুছি এক্সপ্ৰেছ
(2)

সকলোৱে নিজৰ নিজৰ মতামত জনাব
18/04/2024

সকলোৱে নিজৰ নিজৰ মতামত জনাব

17/04/2024

বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নৰ এটি জনপ্ৰিয় নিৰ্বাচনী গীত

17/04/2024

📌বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী দীপ বায়নৰ মনোনয়ন পত্ৰ দাখিল: ৰাইজৰ ব্যাপক সঁহাৰি।

📌জন সমুদ্ৰত পৰিণত বৰপেটা পৌৰসভা খেল পথাৰ।

17/04/2024

বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ নিৰ্বাচনী গীত

16/04/2024

📌বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ মনোনয়ন পত্ৰ দাখিল।

📌ভোটাৰ ৰাইজৰ ব্যাপক সঁহাৰি।

📌বিশেষকৈ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ পৰা হাজাৰ হাজাৰ ভোটাৰ ৰাইজ দুলু আহমেদৰ মনোনয়ন পত্ৰ দাখিল ৰেলীত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়।

16/04/2024

বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্রার্থী দুলু আহমেদৰ মনোনয়ন পত্র দাখিলঃ ৰাইজৰ ব্যাপক সহাৰি

14/04/2024
14/04/2024

📌কয়াকুছিৰ ব্যাক্তিগত খণ্ডৰ শিক্ষাত নতুন সংযোজন চেন্ট মেৰিজ পাব্লিক স্কুল।

📌বিহুৰ পিছতেই আৰম্ভ হ'ব পাঠদান।

📌উক্ত চেন্ট মেৰিজ পাব্লিক স্কুলৰ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়।

14/04/2024

কয়াকুছিত নতুনকৈ "পাকাবেতবাৰী সাংবাদিক সন্থা" নামেৰে এখন সাংবাদিক সন্থাৰ জন্ম লাভ কৰিলে।

14/04/2024

বৰপেটাৰ পাকাবেতবাৰী চড়ক পূজাত সন্যাসীৰ পিঠিত বৰশী বিন্ধাই ঘূৰোৱা দৃশ্য

11/04/2024

📌পবিত্ৰ ঈদৰ দিনা আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'লে এগৰাকী যুৱতীয়ে।

📌চীপ লৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'লে ২০ বছৰীয়া তাজমিনাই।

পবিত্ৰ ঈদৰ দিনা দুপৰীয়াৰ ভাগত নিজ বাসগৃহত এগৰাকী ২০ বছৰীয়া যুৱতীয়ে চীপ লৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱাৰ ঘটনা সংঘঠিত হৈছে বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত নলীৰপাম গাঁৱত।

জানিব পৰা মতে নলীৰপাম গাঁৱৰ আমিৰ আলীৰ কণ্যা তাজমিনা বেগমে ঘৰত কোনো নথকাৰ সুযোগত চীপ লৈ আত্মহত্যা কৰে।

ইফালে স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱা তাজমিনা বেগম মানসিক ভাবে কিছু অসুস্থ আছিল।

ঘটনাৰ খবৰ পাই সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে।

11/04/2024

বৰপেটাৰ পুতলাৰটাৰী ঈদগাহ ময়দানত আজি ৰাতিপুৱা ৯:৩০ বজাৰত ঈদ-উল-ফিতৰ নামাজ শান্তিপূর্ণ পৰিৱেশত অনুষ্ঠিত হয়।

09/04/2024

📌স্বামীৰ মৃত্যুৰ পিছতে মহিলাই জন্ম দিলে সন্তান!

📌স্বামীৰ মৃত্যুৰ পিছতে মহিলাই জন্ম দিলে সন্তান! প্ৰখৰ ৰ'দত মুকলি পথাৰত দেখাৰ পিছতহে আহিল পোহৰলৈ

08/04/2024

📌মুখ্যমন্ত্ৰীক নামনি অসমত নিষিদ্ধ কৰাৰ হুংকাৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুলু আহমেদৰ l

📌বৰপেটাৰ মুছলমান লোকক বাংলাদেশী বুলি গালি দিয়াৰ বাবেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ সানিধ্যত এনে পদক্ষেপ লোৱাৰ হুংকাৰ দুলু আহমেদ ll

বৰপেটা জিলাৰ কয়াকুছিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি সাংবাদিকৰ আগত এনে মন্তব্য প্ৰদান কৰে দুলু আহমেদে ll

পাকা বেতবাৰীৰ পৰা সৰ্বাধিক ভোট পাব বুলি ঘোষণা কৰে দুলু আহমেদৰ ll

নিজৰ লগত দল আৰু দালাল নাই বুলি ঘোষণা ll

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ জাকিৰ হুছেইন শিকদাৰে দালাল লৈ ঘূৰে বুলি প্ৰকাশ কৰে দুলু আহমেদে ll

কংগ্ৰেছে মাজ সাগৰত লুৰিনজ্যোতিক এৰি দিয়া বাবে তেওঁৰ এতিয়া টকাৰ প্ৰয়োজন হৈছে l সেইবাবে ৰাইজৰ এগৰাকী হৈ মই 50 হাজাৰ টকা দিছো ll

ফনিভূষন চৌধুৰীয়ে মোৰ নাম শুনিলেই পলায় ll
ফনিভূষন চৌধুৰী ৰ লগত মানুহ নাথাকে কাৰণ তেওঁৰ পকেট নাই গতিকে খৰছ কোনে কৰিৱ ll

বৰপেটা লোক সভা নিৰ্বাচন খেলিবলৈ কংগ্ৰেছ আৰু চি পি এম প্ৰাৰ্থীক মুখ্যমন্ত্ৰী য়ে টকা দিয়াৰ অভিযোগ দুলু আহমেদৰ ll

07/04/2024

📌কয়াকুছি মহাবিদ্যালয়ত পাকা বেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত বিশাল সমূহীয়া ইফতাৰ মেহফিল সম্পন্ন:

📌সহস্ৰাধিক ইছলাম ধৰ্মালম্বী লোকৰ লগতে বিভিন্ন ধৰ্মালম্বী লোকৰ অংশ গ্ৰহণ।

06/04/2024

📌IPL জুৱাৰীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ তীব্র অভিযান

📌বৰপেটা চহৰৰ ইচ্ছাপুৰ হাটীৰ পৰা হেমেন দাস নামৰ জুৱাৰী জনক নিজৰ দোকানৰ পৰা আৰক্ষীয়ে আটক কৰে

06/04/2024

📌কয়াকুছিৰ এছিয়ান মিছন ইনষ্টিটিউটত সমূহীয়া ইফতাৰ মেহফিল সম্পন্ন:

📌ইফতাৰৰ সামগ্ৰী তৈয়াৰ কৰাত মুছলমান ছাত্র-ছাত্রী সকলক হিন্দু ছাত্র-ছাত্ৰী সকলে আগবঢ়ালে সহায়-সহযোগিতা।

05/04/2024

📌পবিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে দুখীয়া মানুহৰ মাজত কাপোৰ বিতৰণ কৰে এখলাছ ফাউণ্ডেশ্যনে।

📌 এখলাছ ফাউণ্ডেশ্যনৰ মহানুভৱতা। কাইলৈ ১০ বজাত আকৌ দুখীয়া মানুহৰ মাজত কাপোৰ বিতৰণ কৰিব বুলি এখলাছ ফাউণ্ডেশ্যনে আমাক জানিবলৈ দিয়ে।

ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ এক ভংয়কৰ কাণ্ড : কোনো দিশে গতি কৰিছেসংগ্ৰহ : Nabanita Saikia Nath ৰ পোষ্টৰ পৰা ....আজি মো...
02/04/2024

ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ এক ভংয়কৰ কাণ্ড : কোনো দিশে গতি কৰিছে

সংগ্ৰহ : Nabanita Saikia Nath ৰ পোষ্টৰ পৰা ....
আজি মোৰ জীৱনৰ এটা বেয়া অভিজ্ঞতাৰ বিষয়ে ইয়াত লিখিব ওলাইছো।
আজি ০১/০৪/২০২৪ সোমবাৰৰ দিনা ৰাতিপুৱা ০৬:০০ বজাত মই গুৱাহাটীলৈ যাবলৈ বুলি তৈয়াৰ হৈছিলো। কিন্তু এষাৰ কথা আছে নহয়, বিপদে কেতিয়াও কাকো খবৰ কৰি নাহে। মোৰ লগতো তেনেকুৱাই হʼল আজি। ৰাতিপুৱা ভাত-পানী খাই এটা ঔষধ খাবলৈ গৈ মই বিপদত পৰিলোঁ। খোৱা পানীৰ বটলত পানীৰ সৈতে প্লাষ্টিকৰ সাফৰৰ টুকুৰা এডোখৰ মিহলি হৈ আছিল। আৰু বটলতো transparent নহয় বাবে মই গম নাপালোঁ আৰু ঔষধৰ লগত পানীখিনি খোৱাত সেই টুকুৰা ডোখৰ মোৰ ডিঙিত লাগি ধৰিলে। তাৰপিছত হেজাৰ চেষ্টা কৰিও তাক ওলাব নোৱাৰি বিষত কেকাই-গেঠাই থকাৰ বাবে মোৰ মানুহজনে মোক ততালিকে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত লৈ গʼল। তেতিয়া কমেও ০৬:৩০ টা মান বাজিছিলে। তাত গৈ emargency ত ভৰ্তি হোৱাৰ আনুমানিক আধা ঘণ্টা পিছত এগৰাকী ডাক্টৰে মোক x-ray কৰাৰ কাৰণে উপদেশ দিলে। ডাক্তৰৰ কথামতে x-ray কৰি report submit কৰিলোঁ। কিন্তু ডাক্তৰে x-ray report চাই কʼলে যে মোৰ সকলোখিনি normal আছে। মই যি বিষ অনুভৱ কৰি আছো সেয়া মোৰ মনৰ ভাৱ। কোনো ধৰণৰ প্লাষ্টিকৰ টুকুৰা মোৰ ডিঙিত লাগি থকা নাই বা পেটতো তেনেকুৱা কোনো ধৰণৰ বস্তু নাই। তাৰ লগতে মোক ঔষধৰ এখন দীঘল list দিলে আৰু কʼলে যে যদি মই কাইলৈ একেই অনুভৱ কৰি থাকোঁ তেতিয়া মোক OPD ত গৈ checkup কৰি লʼবলৈ।
ইতিমধ্যে মই মোৰ ডিঙিৰ বিষত উশাহ-নিশাহ লোৱাতো কষ্ট পাই আহিব ধৰিছিলোঁ। বৰপেটা মেডিকেলত কোনো ধৰণৰ উপায় বিচাৰি নাপাই, মোৰ মানুহজনে মোক লৈ ততাতৈয়াকৈ গুৱাহাটী আমিনগাঁওত অৱস্থিত Narayana মেডিকেললৈ ৰাওঁনা হয়। তেতিয়ালৈ সময় কমেও ০৮:০০ টা বাজিছিল। গোটেই বাট মই বিষত কেকাই-গেঠাই কোনোমতে Narayana মেডিকেল গৈ পাইছিলোঁ কমেও ০৯:৪৫ মান বজাত। তাত গৈ emargency ত ভৰ্তি হৈ বৰপেটা মেডিকেলৰ report খিনি দেখাই মোৰ সকলোখিনি problem খুলি-ভাঙি কʼলো। তাত ডাক্তৰে মোক উপদেশ দিলে Endoscopy কৰিবলৈ। ডাক্তৰৰ কথামতে মই Endoscopy কৰিবলৈ গʼলো আৰু Endoscopy ৰ সহায়ত মোৰ ডিঙিত লাগি থকা প্লাষ্টিকৰ টুকুৰাটো বাহিৰ কৰাত সক্ষম হʼলো।
এতিয়া কথা হʼল যে আমাৰ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়খন সঁচাকৈয়ে ৰোগীৰ চিকিৎসাৰ বাবে নে ৰোগীক মৃত্যুৰ পথত ঠেলি দিয়াৰ বাবে???? সাধাৰণ সাধাৰণ চিকিৎসাৰ বাবেও যদি বৰপেটাৰ মেডিকেলৰ ডাক্তৰবোৰে সঠিক চিকিৎসাৰ উপায় দিব নোৱাৰে তেন্তে ডাঙৰ ডাঙৰ চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকক কেনেকৈ বিশ্বাস কৰিব পাৰি????
মই এই পোষ্টতোৰ লিখনিখিনৰ লগত আজিৰ সকলো report ৰ ফোটোবোৰ আপোনালোকৰ লগত share কৰিলোঁ।

📌বৰপেটা-ভেল্লা সংযোগী পথত ভ*য়াৱহ পথ দু*ৰ্ঘটনা । থিতাতে নি*হত কয়াকুছিৰ দেৱান মোশ্বাৰফ হুছেইনৰ ৮ বছৰীয়া পুত্ৰ দেৱান আৰমান ...
01/04/2024

📌বৰপেটা-ভেল্লা সংযোগী পথত ভ*য়াৱহ পথ দু*ৰ্ঘটনা । থিতাতে নি*হত কয়াকুছিৰ দেৱান মোশ্বাৰফ হুছেইনৰ ৮ বছৰীয়া পুত্ৰ দেৱান আৰমান হুছেইন ।
📌কাইলৈ পুৱা ৯ বজাত চকিৰভিটাস্থিত নিজ বাস ভৱনত সম্পন্ন কৰা হ'ব দেৱশিশুটিৰ জানাজা নামাজ ।

Address

Kayakuchi
Barpeta

Telephone

+916000969327

Website

Alerts

Be the first to know and let us send you an email when Kayakuchi Express, কয়াকুছি এক্সপ্ৰেছ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other News & Media Websites in Barpeta

Show All

You may also like