16/05/2021
অনুগ্ৰহ কৰি পুলিচৰ মাৰপিটৰ ভি ডি অ সামাজিক মাধ্যমত এৰি দি বীৰত্ব জাহিৰ নকৰিব। সেই ভি ডি অ সমূহ পুলিচৰ কৰ্মিয়েই যে কৰিছে নিশ্চিত এই বাবেই যে, পুলিচৰ মাৰপিটৰ সেই মূহুৰ্ত্তত কোনো অন্যলোকৰ ভি ডি অ কৰাৰ সাহস নাথাকে। আমি, সেই আইন ভংগ কৰি ঘুৰি ফুৰা ব্যক্তি সকলোকে কেৱল ঘূটুংপানী বিচাৰি ফুৰা বা ড্ৰাগছৰ পুৰীয়া বিচাৰি ফুৰা বুলি ভাবি ললে ভুল হব। অন্ততঃ জানিবলৈ চেষ্টা কৰক কি কাৰণত সেই পৰিস্থিতিৰ মুখামুখী হল। হয়টো কোনোৱাই দৰব বিচাৰি অহাও হব পাৰে, হয়টো কাৰোবাক উন্নত চিকিৎসাৰ বাবে আগবঢ়াবলৈ অহাও হব পাৰে, হয়টো কোনোবাই ক'ভিডৰ ভেকচিন লৈ ঘুৰি অহাও হব পাৰে, কাৰণ বৰ্তমান সময়ত বহুতেই য'তেই ভেকচিনৰ সুবিধা পাইছে দুৰৈত হলেও লৈ লৈছে। এই কথাও নিশ্চিত, কিছু সংখ্যকে ধেমালি হিচাপে ও লোৱা দেখা যায় ,তেনে ক্ষেত্ৰত মোৰ বিশেষ কবলগীয়া নাই, তেওলোকে কিছু শিক্ষা পোৱাৰ প্ৰয়োজন আছে কিন্তু শাসন বুলিলে কেৱল লাঠীকে নুবুজায়। বহুক্ষেত্ৰত দেখা যায় চেকিং পাৰ্টিৰ মূৰব্বী জনৰ দূৰ্বল ভূমিকাৰ বাবে বহু নহব লগীয়া ঘটনা হয়।
(নৱ কুমাৰ বৰা, উপ-আৰক্ষী অধীক্ষক, ধেমাজি)