Vintage Assam Publications

Vintage Assam Publications Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Vintage Assam Publications, Publisher, Tarajan, Jorhat.

“কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত” গ্ৰন্থত আজোককাক ৰাধাকান্ত ফুকনৰ বিষয়ে পঢ়ি অভিভূত শ্ৰীযুতা সুমি ফুকন৷সুখবৰ — এতিয়া ভিন্টেজ হাবত ...
08/05/2024

“কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত” গ্ৰন্থত আজোককাক ৰাধাকান্ত ফুকনৰ বিষয়ে পঢ়ি অভিভূত শ্ৰীযুতা সুমি ফুকন৷

সুখবৰ — এতিয়া ভিন্টেজ হাবত উপলব্ধ বেণুধৰ শৰ্মাৰ কংগ্ৰেছৰ কাঁচিয়লি ৰ’দত৷

ভিন্টেজ হাবলৈ অহা শেহতীয়া সম্পদ৷ ধন্যবাদ Jafrul Imtiaz Ali
07/05/2024

ভিন্টেজ হাবলৈ অহা শেহতীয়া সম্পদ৷ ধন্যবাদ Jafrul Imtiaz Ali

৷৷ Revisiting Assamese Classics - Dak Pokhili (1968) ৷৷আজি পঞ্চাছ বছৰৰ আগতে অসমীয়া চিঠি-সাহিত্যৰ বাট-কটীয়া হিচাপে আৱিৰ্ভ...
28/04/2024

৷৷ Revisiting Assamese Classics - Dak Pokhili (1968) ৷৷

আজি পঞ্চাছ বছৰৰ আগতে অসমীয়া চিঠি-সাহিত্যৰ বাট-কটীয়া হিচাপে আৱিৰ্ভাৱ হৈছিল হেম বৰুৱাৰ দ্বাৰা ৰচিত ব্যতিক্ৰমী পত্ৰ সংকলন - "ডাকপখিলী"ৰ (Postcard)৷ ইয়াত সন্নিৱিষ্ট চিঠিসমূহৰ জৰিয়তে সেই যুগৰ অসম তথা ভাৰতৰ সামাজিক তথা ৰাজনৈতিক পৰিবেশ ফৰিংফুটা হোৱাৰ লগতে অসমৰ প্ৰাতঃস্মৰণীয় এগৰাকী thinker-politicianৰ জীৱন-আদৰ্শ পৰিস্ফুট হৈছে৷ হেম বৰুৱাই প্ৰচুৰ কিতাপ পঢ়িছিল৷ দেশ-বিদেশৰ নানা কিতাপৰ জ্ঞানগৰ্ভ কথাবোৰ তেওঁ টুকি ৰাখিছিল, আৰু সেই টোকাবোৰে তেওঁৰ মনত কি ধৰণে ক্ৰিয়া কৰিছিল তাকো টুকি ৰাখিছিল৷ এই বিষয়ে তেওঁ এখন চিঠিত লিখিছে - "ভালেই নে বেয়াই ক’ব নোৱাৰোঁ, মোৰ এটা অভ্যাস আছে: পঢ়া কিতাপৰ লাগতিয়াল কথাবোৰ বহী একোখনত টুকি থওঁ৷ এনেদৰে টুকি থোৱা বস্তুৰে ঠাহ খাই থকা বহী কেইবাখনো আছে৷ স্মৃতিক পুনৰ্জ্জীৱিত কৰিবলৈ এইবোৰ বৰ লাগতিয়াল বস্তু৷" তদুপৰি হেম বৰুৱাৰ অভিজ্ঞতাৰ পথাৰখন আছিল অতিকৈ বহল৷ সেয়েহে হয়টো চিঠিবোৰৰ কথাবোৰ অন্তৰস্পৰ্শী৷

"অসম বাতৰি"ৰ সম্পাদক চাৰু মহন্তলৈ লেখা চিঠিখনত হেম বৰুৱাই কিতাপ পঢ়া আৰু গাঁৱে-ভূঞে পুথিভঁৰাল গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথা উনুকিয়াইছে৷

"মই কথা পাতি ভাল পাওঁ৷ দিল্লীৰ ঘৰলৈ মোৰ তৰহে তৰহে মানুহ আহে৷ আলহীৰ কথা অৱশ্যে কোৱা নাই৷ এই মানুহবোৰৰ সৈতে কথা পাতোঁতে বহুত সময় যায়৷ মোৰ ল’ৰা দুটাই আপত্তি কৰে : দেউতা, তুমি ইমান কথা পাতা কেলৈ? সিহঁতে নাজানে, কথা পতাৰ পৰা বহুত নতুন কথা শিকিব পাৰি৷ এদিন ভূতপূৰ্ব্ব কেন্দ্ৰীয় মন্ত্ৰী এজনৰ সৈতে আমাৰ দেশত কিতাপ বিক্ৰীৰ বিষয়ে আলোচনা হৈছিল৷ আমাৰ দেশত কিতাপ বিক্ৰীৰ সংখ্যা কম৷ সঁচা কথা, আখৰী মানুহৰ সংখ্যা বাঢ়িছে৷ সেই অনুপাতে পঢ়ুৱৈৰ সংখ্যা বঢ়া নাই৷ মস্কো চহৰত কেনেকৈ যাত্ৰীৰ কাৰণে বাট চাই থকা টেক্সিচালকসকলেও কিতাপ পঢ়াত মগ্ন হৈ থাকে, সেই বিষয়ে "ৰঙা কৰবীৰ ফুল" বোলা ভ্ৰমণ-কাহিনীখনত উল্লেখ কৰিছোঁ৷

ভূতপূৰ্ব্ব মন্ত্ৰীজনাৰ মতে আমাৰ দেশখন দুখীয়া হেতুকে প্ৰত্যেক ব্যক্তিয়েই কিতাপ কিনি পঢ়াটো সম্ভৱপৰ নহয়৷ কিতাপৰ প্ৰচাৰ আৰু বিক্ৰী বঢ়াবৰ মানসেৰে এটা কাম কৰিব পাৰি৷ সেইটো হৈছে, আমাৰ দেশত গাঁৱে-ভূঁঞে যাতে পুথি-ভঁৰাল স্থাপিত হয়, তাৰ কাৰণে বিৰাট এক পুথি-ভঁৰাল অভিযান সাৰ্থক কৰি তোলাটো উচিত৷ সৰস্বতী পূজাত টকা খৰচ কৰাতকৈ সেই টকাৰে গাঁৱে-ভূঞে লাইব্ৰেৰি সজা ভাল৷ আমাৰ গাঁৱে গাঁৱে যেতিয়া পুথি-ভঁৰাল স্থাপিত হ’ব, তেতিয়া কিতাপ বিক্ৰীৰ সংখ্যা বঢ়াৰ লগে লগে আমাৰ ৰাইজেও পঢ়াৰ সোৱাদ পাব৷

পুথি-ভঁৰালৰপৰা আৰু এটা অভ্যাস পূৰঠ হৈ উঠাটো সম্ভৱ৷ সেইটো হৈছে, পুথি-ভঁৰালৰপৰা কিতাপ আনি পঢ়োঁতে পঢ়োঁতে ভাগ্যৱান পঢ়ুৱৈৰ ক্ষেত্ৰত নিজে কিতাপ কিনি পঢ়া অভ্যাস উদয় হোৱা সম্ভৱ৷ অযথা বিদ্যাৰ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যৰে নহয়, জ্ঞান টনকিয়াল কৰাৰ উদ্দেশ্যৰে হে কিতাপ অধ্যয়ন কৰিব লাগে৷ এনে অধ্যয়নহে মানসিক পৰিপুষ্টি সাধন কৰি মানুহ একোজনক শক্তিশালী কৰাটো সম্ভৱ৷ মানুহ এজন প্ৰকৃততে শক্তিশালী হ’বলৈ হ’লে কেৱল দৈহিক শক্তিৰে উৎকৰ্ষ সাধন নহয়, মানসিক শক্তিৰো উৎকৰ্ষ সাধন কৰা উচিত৷

কোনো কোনোৱে কিতাপ পঢ়ে আনক চমক লগাবলৈ৷ কোনো কোনোৱে পঢ়ে কথা শিকিবলৈ, জ্ঞানী হ’বলৈ৷ ইংৰাজ কবি বাইৰণে কিতাপ পঢ়িছিল আনক চমক লগাবলৈ৷ শ্ব্যেলীয়ে কিতাপ পঢ়িছিল জ্ঞানী হ’বলৈ, কথা শিকিবলৈ৷ মই ভাবোঁ, আনক চমক লগাবলৈ কিতাপ পঢ়িব নালাগে৷ কিতাপ পঢ়িব লাগে ঘাইকৈ দুটা কথাৰ কাৰণে৷ এটা হৈছে আত্মাৰ শান্তিৰ কাৰণে আৰু আনটো হৈছে মনটোক সংযত কৰি ৰাখিবৰ কাৰণে৷ আজি দুদিনমানৰ আগতে কিতাপ আনিবলৈ যাওঁতে পাৰ্লিয়ামেণ্ট লাইব্ৰেৰিৰ ডেকা চাপ্ৰাচী এজনে মোক একেষাৰ কথা কৈছিল : "চাৰ, আজি দহ বছৰে আপুনি আমাৰ লাইব্ৰেৰিৰ বহুত কিতাপ পঢ়িলে৷" ইয়াৰ উত্তৰত মই মাথোন কৈছিলোঁ: "কিতাপ পঢ়িলে কি হ’ব ভাই৷ মই জ্ঞানী হ’ব পৰা নাই, মূৰ্খ হৈয়েই আছোঁ৷"

জ্ঞানী হ’ব পৰা নাই, সঁচা কথা৷ কিন্তু উচ্ছৃঙ্খল হ’বলৈ নিদিয়াকৈ মনটো কিতাপেই যে বান্ধি থৈছে, সেইষাৰ কথা সঁচা৷"

Collected a rare classic Brother 550 TR Typewriter from Golaghat for Vintage Hub — collector's gem!
23/04/2024

Collected a rare classic Brother 550 TR Typewriter from Golaghat for Vintage Hub — collector's gem!

আজি “ভিন্টেজ হাব, যোৰহাট”ত গুৱাহাটী নিবাসী ৰাইজ৷ উদ্বোধনীৰ আগেয়ে আপোনালোকৰ দিহা-পৰামৰ্শই আমাক উৎসাহিত কৰাৰ লগতে সাহস প্ৰ...
20/04/2024

আজি “ভিন্টেজ হাব, যোৰহাট”ত গুৱাহাটী নিবাসী ৰাইজ৷

উদ্বোধনীৰ আগেয়ে আপোনালোকৰ দিহা-পৰামৰ্শই আমাক উৎসাহিত কৰাৰ লগতে সাহস প্ৰদান কৰিছে৷

ভিন্টেজ হাবৰ উদ্দেশ্য — We share what we learn and we learn in a shared space.

13/04/2024

‘ভিন্টেজ হাব’ৰ বাবে পুৰাতনীয়া সামগ্ৰী বিচাৰি আজি অসম-নাগালেণ্ড সীমান্ত পালোঁগৈ৷ অংশুমি হাজৰিকা আৰু তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ আতিথ্যই মুগ্ধ কৰিলে৷ অংশুমি ইতিহাসৰ ছাত্ৰী আৰু ঐতিহ্য সংৰক্ষণক লৈ বেছ সচেতন৷ তেওঁ সাঁচি ৰখা যোৱা শতিকাৰ চল্লিশৰ দশকৰ গ্ৰামোফোন আৰু আপুৰুগীয়া ৰেকৰ্ডসমূহ গোটেই অঞ্চলটোৰ বাবে সম্পদ৷ হাজৰিকা পৰিয়ালে ইমান ভালদৰে সংৰক্ষণ কৰি থোৱা দেখি মনটো পুলকিত হ’ল৷ কৈছোঁ নহয় — অসমৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰে একো একোটা মিউজিয়াম৷

#ভিন্টেজহাব

One of the prime attractions of “Vintage Hub” is the antiquarian bookstore. What distinguishes it from other bookstores ...
09/04/2024

One of the prime attractions of “Vintage Hub” is the antiquarian bookstore. What distinguishes it from other bookstores in Assam is that there are rare, out-of-print books for display as well as for sale. For instance, one prized possession is this copy of Setubandha translated by Krishna Kanta Handiqui, gifted by the author to Ajit Kumar Sharma, the veteran Socialist leader and renowned educationist.

“What's the use in giving an exasperated sigh, saying that people from elsewhere misunderstand us? What have we done to ...
08/04/2024

“What's the use in giving an exasperated sigh, saying that people from elsewhere misunderstand us? What have we done to get them know, discover and understand? Isn't it everyone's obligation to disseminate their own language, literature and culture?”

~ Hem Barua

প্ৰতিভাৱান চিত্ৰশিল্পী সুব্ৰত বৰুৱা আগবাঢ়ি আহিছে ভিন্টেজ হাবৰ বাবে দেৱাল ছবি (Mural) আঁকিবলৈ৷ তেখেতলৈ এই চেগতে কৃতজ্ঞতা ...
08/04/2024

প্ৰতিভাৱান চিত্ৰশিল্পী সুব্ৰত বৰুৱা আগবাঢ়ি আহিছে ভিন্টেজ হাবৰ বাবে দেৱাল ছবি (Mural) আঁকিবলৈ৷ তেখেতলৈ এই চেগতে কৃতজ্ঞতা জনাইছোঁ৷

05/04/2024

২১ এপ্ৰিলত মুকলি হ’ব ‘ভিন্টেজ হাব’!

আহি পালেহি পুৰণি ফটোগ্ৰাফ সংৰক্ষণৰ বাবে এচিড মুক্ত কাগজৰ আৰ্কাইভল বক্স৷ প্ৰথম পৰ্যায়ত ঊনবিংশ শতিকাৰ শেহৰ দুটা দশকত তোলা ...
01/04/2024

আহি পালেহি পুৰণি ফটোগ্ৰাফ সংৰক্ষণৰ বাবে এচিড মুক্ত কাগজৰ আৰ্কাইভল বক্স৷ প্ৰথম পৰ্যায়ত ঊনবিংশ শতিকাৰ শেহৰ দুটা দশকত তোলা কেইখনমান ফটোগ্ৰাফৰ সংৰক্ষণৰ ব্যৱস্থা লোৱা হৈছে৷ উনবিংশ শতিকাৰ অসমীয়া মানুহৰ ফটো৷

There are items in Vintage Hub that you can take home and there are items that you can look with wonder and awe. One suc...
31/03/2024

There are items in Vintage Hub that you can take home and there are items that you can look with wonder and awe. One such antique item is this microfilm containing microphotographs of “Dainik Batori”. The first Assamese daily, “Dainik Batori” was published from the premises of Thengal Bhawan by Rai Bahadur Shiva Prasad Borooah (eminent tea planter and business magnate) between 1935-37. “Bagmibor” Nilmoni Phukan was the editor. Some of the youngsters who apprenticed here and worked as sub-editors later became revered names in the field of journalism and literature.

গ্ৰামোফোনৰ “গৱৰ্ণৰ”! #ভিন্টেজহাব
31/03/2024

গ্ৰামোফোনৰ “গৱৰ্ণৰ”!

#ভিন্টেজহাব

সুদীপ চক্ৰৱৰ্তীৰ “The Bengalis” পঢ়ি মুগ্ধ হৈছিলোঁ৷ জাতি এটাৰ চাৰিত্ৰিক বৈশিষ্ট্য কিদৰে হাতী ভুৰুকাত ভৰোৱা দি লিখিত আকাৰে...
28/03/2024

সুদীপ চক্ৰৱৰ্তীৰ “The Bengalis” পঢ়ি মুগ্ধ হৈছিলোঁ৷ জাতি এটাৰ চাৰিত্ৰিক বৈশিষ্ট্য কিদৰে হাতী ভুৰুকাত ভৰোৱা দি লিখিত আকাৰে ভৰোৱাই থ’ব পাৰি তাৰ এটি সুন্দৰ আৰ্হি উক্ত গ্ৰন্থখনৰ যোগেদি পোৱা যায়৷ ভাল খবৰ যে শেহতীয়াকৈ অসমীয়া জাতিৰ বিষয়েও তেনেকুৱা এখন গ্ৰন্থ এগৰাকী বিশিষ্ট সাংবাদিকে লিখি উলিয়াইছে৷ “The Assamese: A Portrait of a Community” শীৰ্ষক গ্ৰন্থখন ৰচনা কৰিছে গোলাঘাটৰ জীয়ৰী আৰু বৰ্তমান নতুন দিল্লী নিবাসী সংগীতা বৰুৱা পিশাৰতিয়ে৷ অসমীয়াভাষীসকলৰ জাতিগত বৈশিষ্ট্য সুন্দৰভাৱে ফুটি উঠিছে গ্ৰন্থখনত৷ সফল প্ৰচেষ্টা বুলি ক’ব পাৰি৷

গ্ৰন্থখনৰ প্ৰকাশক Aleph Book Company. শীঘ্ৰে ভিন্টেজ হাবৰ গ্ৰন্থ বিপনীত উপলব্ধ হ’ব৷ গ্ৰন্থকাৰলৈ এই চেগতে অভিনন্দন জ্ঞাপন কৰিলোঁ৷

“পুৰুষানুক্ৰমে কেবা পুৰুষো বৰ্ম্মাত বসতি কৰোঁতা হেজাৰ-বিজাৰ ভাৰতীয় মানুহ নান্নং ন বস্ত্ৰং হৈ বাঘ-ঘোং, হিংস্ৰজন্তু, সাপসু...
26/03/2024

“পুৰুষানুক্ৰমে কেবা পুৰুষো বৰ্ম্মাত বসতি কৰোঁতা হেজাৰ-বিজাৰ ভাৰতীয় মানুহ নান্নং ন বস্ত্ৰং হৈ বাঘ-ঘোং, হিংস্ৰজন্তু, সাপসুপ আদিলৈ ভয় নকৰি পিতনি-হাবিয়নি ভাঙি, ধাৰাসাৰ বৰষুণত তিতি-বুৰি লঘোন-ভোকে জৰ্জ্জৰিত হৈ একেলেথাৰিয়ে এমাহ কাল বাটকুৰি বাই-বাই ভাৰতৰ ফালে দলে-দলে সোঁত বলা দি ব’ব লাগিছে৷ সৰহখিনি মানুহ আদবাটতেই মৰিল; জীয়াই থকাবোৰো জকাটো লৈ কথমপি হে আহিছে৷

আটাইতকৈ পাছত অহা এজাক ভগনীয়াক ভাৰতীয় সীমান্তৰ সিপাৰেই পৰুৱাই পালে৷ সিহঁতে বাটৰ ভূ হেৰুৱাই কৰবাত ৰৈ আছিলগৈ৷ একোটিকে খাবলৈ নাপাই, চিকিৎসাৰ অভাৱত মোৰ লগত থকা সৰাহখিনি ভাৰীয়েই গৰু মৰাদৰে মৰি-হাজি অন্ত হ’ল! যি কেইটা থাকিল তাকে লৈ মোৰ তামীঘৰা থকা লিড’ৰ ৬ মাইল উজনিৰপৰা ৫০ মাইল বাট মিলিটেৰী কদমত খোজ কাঢ়ি গ’লোঁ, মানুহ-জাকক মৰণৰ মুখৰ পৰা ৰক্ষা কৰোঁ বুলি৷ গৈ গৈ চমলুং পালোঁগৈ৷ তাত যি বীভৎস কৰুণ দৃশ্য দেখিলোঁ, তাক আৰু জীৱন্তে পাহৰিব নোৱাৰোঁ৷

অ’ত-এটা-ত’ত-এটা হৈ গোটেইখনতে মৰা মানুহৰ শ পৰি-পৰি আছে৷ কোনোটোহঁত পৰি আছে তপতৈয়াৰ হৈ পিন্ধি-উৰি অহা সাজে-পোচাকেই, গাভৰু ছোৱালী একোজনী চিৰনিদ্ৰাত মগ্ন হৈ আছে তমস্কাৰ-তমস্কাৰ শাৰী পিন্ধা ভাগেই, মৰাকাণ-মৰাডিঙ্গিত অলঙ্কাৰপাতিয়ে তেতিয়াও শোভা কৰিয়েই আছে৷ ধুনীয়া-ধুনীয়া, শকত-আৱত ডেকা ল’ৰা একোটিহঁত পৰি আছে অনন্তশয়নত৷ ল’ৰা-ছোৱালীৰ যে পাৰাপাৰেই নাই৷ আটাইবোৰেই যেন ঘোৰাবাগৰ এটা মাৰোঁ বুলি এইমাত্ৰ হে যেন মৃত্যুৰ কোলাত আশ্ৰয় লৈছে৷ বৃটিছ ‘মেজৰ’ এজনে সিহঁতক উদ্ধাৰ কৰিবলৈ প্ৰাণঢাকি যত্ন কৰিছিল৷ কিন্তু, সেই চৰ্খৰীয়া অৱস্থাত ক’ৰপৰা সহায় পাব? এনে হৃদয়বিদাৰক দৃশ্যৰ কথা ভাবি-ভাবিয়েই চাহাবজন পাছত পগলা হ’লগৈ৷ সেই মৰাশবোৰৰ ভিতৰতে ১১ বছৰীয়া দেৱপ্ৰতিম শিখ ল’ৰা এটি অমূৰ্ত্তক জ্বৰত ভ্ৰম বকি আছিল৷ কাষতে বহি আছিল শিলৰ প্ৰতিমা যেন হৈ বাপেক-মাক দুটি — পুতেকক পৰিচৰ্যা কৰিবলৈ যেন স্বৰ্গীয় দূত দুটি হে তাত বহি আছেহি৷ সিহঁতৰ দুখদূৰ্গতি কূলায়-পাচিয়ে নধৰা হৈছিল৷ পুতেকটিক নো কোন সতে এৰি যায় — এৰি গ’লেও বিপদ, নগ’লেও বিপদ৷ গ’লে ল’ৰাটি এঠানতে মৰে, নগ’লে তিনিওটি প্ৰাণী মৃত্যুৰ মুখত পৰিব লাগে৷”

গ্ৰন্থঃ হাকিমৰ টিঘিলঘিলনি
লেখকঃ সত্যেন্দ্ৰনাথ বৰকটকী
প্ৰথম তাঙৰণঃ ১৯৬২
প্ৰকাশকঃ অ’ৰিয়েন্ট লংমেঞ্চ লিমিটেড্‌
ছপাখানাঃ কালিকা প্ৰেছ প্ৰাইভেট লিমিটেড (কলিকতা)

বেণুধৰ শৰ্ম্মাৰ ‘টোকোৰা বাহ’ৰপৰা পুৰণি কুঁজি-থেকেৰা৷
22/03/2024

বেণুধৰ শৰ্ম্মাৰ ‘টোকোৰা বাহ’ৰপৰা পুৰণি কুঁজি-থেকেৰা৷

21/03/2024

কি কি পাব ‘ভিন্টেজ হাব’ত?

যোৰহাটৰ ইতিহাস সম্বন্ধীয় গ্ৰন্থ ক’ত পাব?— ভিন্টেজ হাব! Where will you get books related to Jorhat's history? — Where els...
20/03/2024

যোৰহাটৰ ইতিহাস সম্বন্ধীয় গ্ৰন্থ ক’ত পাব?

— ভিন্টেজ হাব!

Where will you get books related to Jorhat's history?

— Where else but

ভিন্টেজ আছাম পাব্লিকেশ্যনছৰ কাৰ্য্যালয়েই হ’ব ভিন্টেজ হাবৰো মুখ্য কাৰ্য্যালয়৷ কাৰ্য্যালয় কোঠাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে৷
18/03/2024

ভিন্টেজ আছাম পাব্লিকেশ্যনছৰ কাৰ্য্যালয়েই হ’ব ভিন্টেজ হাবৰো মুখ্য কাৰ্য্যালয়৷ কাৰ্য্যালয় কোঠাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে৷

কলিকতাৰ সুৰা সংস্কৃতিৰ বিষয়ে পিনাকী বিশ্বাসৰ অভিনৱ গ্ৰন্থ৷ ইয়াত পাব অজস্ৰ গল্প৷ অতি শীঘ্ৰে উপলব্ধ হ’ব ভিন্টেজ হাবৰ গ্ৰন্...
17/03/2024

কলিকতাৰ সুৰা সংস্কৃতিৰ বিষয়ে পিনাকী বিশ্বাসৰ অভিনৱ গ্ৰন্থ৷ ইয়াত পাব অজস্ৰ গল্প৷ অতি শীঘ্ৰে উপলব্ধ হ’ব ভিন্টেজ হাবৰ গ্ৰন্থ বিপনীত৷

‘ভিন্টেজ হাব’লৈ আহিল চিত্ৰশিল্পী নীলপৰ্ণাই অঁকা ২০২৪ বৰ্ষৰ কেলেণ্ডাৰ৷ কেলেণ্ডাৰখনৰ বিষয়বস্তু হৈছে গুৱাহাটীৰ অসম আৰ্হিৰ আ...
16/03/2024

‘ভিন্টেজ হাব’লৈ আহিল চিত্ৰশিল্পী নীলপৰ্ণাই অঁকা ২০২৪ বৰ্ষৰ কেলেণ্ডাৰ৷ কেলেণ্ডাৰখনৰ বিষয়বস্তু হৈছে গুৱাহাটীৰ অসম আৰ্হিৰ আৱাসগৃহ৷

নীলপৰ্ণালৈ এই চেগতে শুভকামনা যাচিলোঁ৷

সুপ্ৰসিদ্ধ ভাস্কৰ আৰু কলা সমালোচক যুগল দাসৰ প্ৰতিভা সৰ্বজনবিদিত৷ ওৰে জীৱন অসমৰ লোক-কলা সম্পৰ্কে অধ্যয়ন কৰি তেওঁ অসমীয়া স...
15/03/2024

সুপ্ৰসিদ্ধ ভাস্কৰ আৰু কলা সমালোচক যুগল দাসৰ প্ৰতিভা সৰ্বজনবিদিত৷ ওৰে জীৱন অসমৰ লোক-কলা সম্পৰ্কে অধ্যয়ন কৰি তেওঁ অসমীয়া সংস্কৃতিৰ জীৱন্ত কোষ হিচাপে পৰিগণিত হৈছিল৷ অক্টোবৰ, ১৯৬৮ তাৰিখে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই সচিত্ৰ গ্ৰন্থ (illustrated book on Assam's folk-art) তেওঁৰ সেই অধ্যয়নৰ পৰিণাম৷ গ্ৰন্থখনৰ বেটুপাত আঁকিছিল বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰই আৰু মুদ্ৰণ হৈছিল কলিকতাৰ ‘সুমুদ্ৰন’ত৷

নিৰোদ ৰায় আছিল অসমৰ ফটোগ্ৰাফিক চচাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰে তেওঁক accredited pho...
14/03/2024

নিৰোদ ৰায় আছিল অসমৰ ফটোগ্ৰাফিক চচাইটিৰ প্ৰতিষ্ঠাপক সম্পাদক৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰে তেওঁক accredited photographer হিচাপে বাছনি কৰিছিল৷ এয়া নলিনী বৰুৱা আৰু অমূল্য মান্নাৰ প্ৰতিভা পোহৰলৈ অহাৰ আগৰ কথা৷ ‘ডেকাবেজ’ মাধৱ বেজবৰুৱা আৰু ডিব্ৰুগড়ৰ মুক্তিনাথ বৰদলৈয়ে তেতিয়া কেমেৰা লৈ নানা অনুশীলন চলাইছে৷ ফটো সাংবাদিকতাৰ দ্বাৰা তেওঁলোকক আকৃষ্ট কৰিছিল (আৱাহনত প্ৰকাশ পাইছিল এওঁলোক দুয়োয়ে তোলা নানা আলোকচিত্ৰ)৷ অৱশ্যে ইয়াৰ বহু আগতে পানবজাৰত ঘোষাল ষ্টুডিঅ' (১৮৯৮) আৰু কলেজ ষ্টুডিঅ’ (১৯৩০) স্থাপন হৈছিল। ঠিক তেনেদৰে শ্বিলং, ডিব্ৰুগড় আৰু কহিমাটো আছিল ষ্টুডিঅ'৷

নিৰোদ ৰয় পিছলৈ কলিকতালৈ গ’ল আৰু তাত এজন দক্ষ আলোকচিত্ৰশিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে৷ ১৯৪৯ চনত Royal Photographic Society এ তেওঁক Associate হিচাপে মনোনীত কৰিছিল৷ নানা আলোকচিত্ৰকেন্দ্ৰিক আলোচনী (Journal of Photography) তেওঁ সম্পাদনা কৰিছিল আৰু লিখি উলিয়াইছিল পাঁচখনকৈ মূল্যৱান গ্ৰন্থ : 'ফটোগ্ৰাফী', 'ফটো সাংবাদিকতা'', 'চিত্ৰগত কাহিনী' আৰু 'ফটো ল্যাবরেটরি'.

১৮৬০ৰ দশকত মিছন প্ৰেছে প্ৰকাশ কৰা নিধি লেভি ফাৰৱেলৰ ‘ভাৰতবৰ্ষৰ দণ্ডবিধিৰ আইন’৷
13/03/2024

১৮৬০ৰ দশকত মিছন প্ৰেছে প্ৰকাশ কৰা নিধি লেভি ফাৰৱেলৰ ‘ভাৰতবৰ্ষৰ দণ্ডবিধিৰ আইন’৷

‘ভিন্টেজ হাব’ৰ সংগ্ৰহলৈ আহিল এখন দুষ্প্ৰাপ্য পুথি৷প্ৰখ্যাত খেতিয়ক আৰু কৃষি-তত্ত্ববিদ ৰায়চাহাব নাৰায়ণচন্দ্ৰ বৰুৱাই (১৮৬৮-...
07/03/2024

‘ভিন্টেজ হাব’ৰ সংগ্ৰহলৈ আহিল এখন দুষ্প্ৰাপ্য পুথি৷

প্ৰখ্যাত খেতিয়ক আৰু কৃষি-তত্ত্ববিদ ৰায়চাহাব নাৰায়ণচন্দ্ৰ বৰুৱাই (১৮৬৮-১৯৩৮) লিখা ‘অসমীয়া কৃষি বচনঃ দ্বিতীয় ভাগ’৷ এই পুথিত উল্লেখ কৰা সকলো কৃষি সম্বন্ধীয় কথাকে নাৰায়ণচন্দ্ৰ বৰুৱাই পৰীক্ষা কৰি তাৰ ফলাফল নিৰ্ণয় কৰাৰ পিচতহে ৰচনা কৰিছিল৷

উল্লেখযোগ্য যে “কোৰ নাৰায়ণ” নামেৰে খ্যাত নাৰায়ণচন্দ্ৰ বৰুৱাই লিখা আন এখন পুথি — “কৃষি-তত্ত্ব” হৈছে অসমীয়া ভাষাত খেতি সম্পৰ্কে প্ৰকাশিত প্ৰথম কিতাপ (দৰ্পণ প্ৰেছত মূদ্ৰিত)৷ আকৌ তেওঁ প্ৰস্তুত কৰি ছপোৱা “কৃষিদৌল” হৈছে অসমীয়া ভাষাৰ প্ৰথমখন মূদ্ৰিত কৃষি কেলেণ্ডাৰ বা পঞ্জিকা (Systematic Agricultural Table)৷ “খেতিয়ক” নামৰ আলোচনীখনৰো তেৱেঁই প্ৰকাশক আৰু সম্পাদক আছিল৷ তদুপৰি মাজকুৰিস্থিত “অসম ৱিভিং ফেক্টৰি”ৰ তেওঁ আছিল মেনেজিং ডিৰেক্টৰ৷

এটাৰ মজাৰ কথা হৈছে যে ১৮৯১ চনত লাহিং অঞ্চলৰ মাজকুৰি গাঁৱত নাৰায়ণচন্দ্ৰ বৰুৱাই “অসম নাৰ্ছাৰি” নামৰ কৃষি ফাৰ্ম এখন পাতি তাত সৃষ্টি কৰা নাভূত-নাশ্ৰুত ধান-চাউল, মাহ-সৰিয়হ, শাক-পাচলি, টেঙা-টোকোছা, লাও-বেঙেনা, কুইনাইন-এৰ’ৰুট ইত্যাদিৰ নামকৰণ কৰিছিল৷ তেওঁ “Times of Assam” ৰ সম্পাদক ৰাধানাথ চাংকাকতিৰ নামেৰে নিজে সৃষ্টি কৰা বেঙেনাবিধৰ নাম দিছিল “ৰাধা-বেঙেনা”৷ শিক্ষাবিদ গোবিন্দ বেজবৰুৱাৰ নামানুসৰি কলৰ নাম দিছিল “গোবিন্দ-কল”৷ চিৰনমস্য সাহিত্যিক আৰু অসম সাহিত্যৰ সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ নামত দিছিল লাও - “পদ্ম লাও”৷ চাহ খেতিয়ক আৰু ৰাজনীতিবিদ জগন্নাথ বৰুৱালৈ উচৰ্গা কৰিছিল “জগন্নাথ মটৰ”৷ এৰি-পলুৰ উন্নতি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা পি.আৰ. টি. গৰ্ডনৰ নামেৰে “গৰ্ডন এৰা” ৷ পঞ্চম জৰ্জৰ নামেৰে “জৰ্জ শালি” আৰু সম্ৰাজ্ঞী মেৰীৰ নামেৰে “মেৰী-জহা”৷ “জয়মতী জহা” আৰু “গদাপাণি জহা” নামে দুবিধ জহাধান নাৰায়ণ বৰুৱাই আৱিষ্কাৰো কৰিছিল৷

06/03/2024
আপোনাৰ অসম বুৰঞ্জী বিষয়ক গ্ৰন্থ সংগ্ৰহ চকুত লগাকৈ ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰে পুৰাতনীয়া শৈলীৰ ‘বুক-এণ্ড’৷ অতি শীঘ্ৰে উপলব্...
03/03/2024

আপোনাৰ অসম বুৰঞ্জী বিষয়ক গ্ৰন্থ সংগ্ৰহ চকুত লগাকৈ ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰে পুৰাতনীয়া শৈলীৰ ‘বুক-এণ্ড’৷ অতি শীঘ্ৰে উপলব্ধ হ’ব ‘ভিন্টেজ হাব’ৰ Curio Shopত৷

আহি আছে এই বহাগত!

“ভিন্টেজ হাব”ৰ বাবে সংগ্ৰহ কৰা হ’ল ১৯০৩ চনৰ এখন মানচিত্ৰ৷ অসমীয়া ভাষা আৰু দোৱান কোৱা এলেকাসমূহ ইয়াত চিত্ৰিত আছে৷
02/03/2024

“ভিন্টেজ হাব”ৰ বাবে সংগ্ৰহ কৰা হ’ল ১৯০৩ চনৰ এখন মানচিত্ৰ৷ অসমীয়া ভাষা আৰু দোৱান কোৱা এলেকাসমূহ ইয়াত চিত্ৰিত আছে৷

Address

Tarajan
Jorhat
785001

Telephone

+918638889534

Website

Alerts

Be the first to know and let us send you an email when Vintage Assam Publications posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Vintage Assam Publications:

Videos

Share

Category


Other Publishers in Jorhat

Show All

You may also like