unika prakashan

unika prakashan a publication house of Text Books, Reference Books, Guide Books, Novels, Computer Books, Children Bo

নতুন শিক্ষানীতি, ২০২০ (NEP-2020)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ অৰ্থবিজ্...
31/08/2023

নতুন শিক্ষানীতি, ২০২০ (NEP-2020)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ অৰ্থবিজ্ঞানৰ মাইনৰ প্ৰথম কাকতৰ সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা অসমীয়া ভাষাত অৰ্থবিজ্ঞান বিষয়ক সৰ্বাধিক প্ৰসংগ পুথি প্ৰণয়নৰ অভিজ্ঞতাৰে পুষ্ট ড০ ৰফিক আহমেদ আৰু ড০ নবীন বৰদলৈ মহাবিদ্যালয়ৰ অৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আলেনা বেগমে অতিকে সযতনে প্ৰস্তুত কৰি উলিওৱা ‘প্ৰাথমিক ব্যষ্টিগত অৰ্থবিজ্ঞান’ নামৰ পুথিখন আজি প্ৰকাশ পালে৷ পুথিখনে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ দিশৰ পৰা সহায় কৰাৰ লগতেত বিষয়টো ভালদৰে আয়ত্ত কৰাতো সহায় কৰিব বুলি আমি আন্তৰিকতাৰে আশা কৰিছোঁ৷ Juna Rafique, Debajit Saikia, Krishna Gogoi, Rofique Ahmed, Alena Begum

নতুন শিক্ষানীতি, ২০২০ (NEP-2020)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ ৰাজনীতি ...
23/08/2023

নতুন শিক্ষানীতি, ২০২০ (NEP-2020)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ মেজৰ প্ৰথম কাকতৰ সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি প্ৰস্তুত কৰা ‘ৰাজনৈতিক তত্ত্বৰ অৱবোধ’ নামৰ প্ৰসংগ পুথিখন প্ৰকাশ পালে৷ পুথিখন প্ৰস্তুত কৰি উলিয়াইছে যোৰহাটৰ ডি চি বি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ মমী দত্ত কটকীয়ে৷এই পুথিখনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰিব বুলি আমি আশা কৰিছোঁ৷ Juna Rafique, Debajit Saikia, Krishna Gogoi, Rofique Ahmed, Anjan K Borah,

নতুন শিক্ষানীতি, ২০২০ (NEP-2020)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ অৰ্থবিজ্...
18/08/2023

নতুন শিক্ষানীতি, ২০২০ (NEP-2020)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ অৰ্থবিজ্ঞানৰ জেনেৰিক প্ৰথম কাকতৰ সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি প্ৰস্তুত কৰা ‘ভাৰতৰ অৰ্থনৈতিক ইতিহাস’ নামৰ প্ৰসংগ পুথিখন অলপতে প্ৰকাশ পালে৷ পুথিখন প্ৰস্তুত কৰি উলিয়াইছে অসমীয়া ভাষাত অৰ্থবিজ্ঞান বিষয়ৰ সৰ্বাধিক পুথি প্ৰণেতা তথা অৰ্থবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অতিকে জনপ্ৰিয় লেখক ড০ ৰফিক আহমেদে৷ পুথিখনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰিব বুলি আমি আশা কৰিছোঁ৷ Juna Rafique Debajit Saikia Krishna Gogoi Rofique Ahmed

নতুন শিক্ষানীতি, ২০২০ (NEP-2020)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ দৰ্শন বি...
18/08/2023

নতুন শিক্ষানীতি, ২০২০ (NEP-2020)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ দৰ্শন বিষয়ৰ মেজৰ আৰু মাইনৰৰ প্ৰথম কাকতৰ সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি প্ৰস্তুত কৰা ‘দৰ্শনৰ মৌলিক তত্ত্ব’ নামৰ প্ৰসংগ পুথিখন আৰু জেনেৰিক প্ৰথম কাকতৰ সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি প্ৰস্তুত কৰা ‘দৰ্শন পৰিচয়’ নামৰ পুথিখন অলপতে প্ৰকাশ পালে৷ পুথি দুখন প্ৰস্তুত কৰি উলিয়াইছে অসমীয়া ভাষাত দৰ্শন বিষয়ৰ সৰ্বাধিক পুথি প্ৰণেতা তথা দৰ্শনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অতিকে জনপ্ৰিয় লেখক যোৰহাট ডি চি বি কলেজৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক তথা সু-লেখক অঞ্জন কুমাৰ বৰাদেৱে৷এই পুথি দুখনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰিব বুলি আমি আশা কৰিছোঁ৷ Juna Rafique Debajit Saikia Krishna Gogoi Rofique Ahmed Anjan K Borah

নতুন শিক্ষানীতি (NEP)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ অৰ্থবিজ্ঞানৰ মেজৰৰ ...
29/07/2023

নতুন শিক্ষানীতি (NEP)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক প্ৰথম ষাণ্মাসিকৰ অৰ্থবিজ্ঞানৰ মেজৰৰ প্ৰথম কাকতৰ সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি প্ৰস্তুত কৰা ‘ব্যষ্টিগত অৰ্থবিজ্ঞান পৰিচয়’ নামৰ প্ৰসংগ পুথিখন আজি প্ৰকাশ পালে৷ পুথিখন প্ৰস্তুত কৰি উলিয়াইছে অসমীয়া ভাষাত অৰ্থবিজ্ঞান বিষয়ৰ সৰ্বাধিক পুথি প্ৰণেতা তথা অৰ্থবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অতিকে জনপ্ৰিয় লেখক ড০ ৰফিক আহমেদে৷ পুথিখনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰিব বুলি আমি আশা কৰিছোঁ৷ Juna Rafique Rofique Ahmed Krishna Gogoi Debajit Saikia

নতুন শিক্ষানীতি (NEP)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিক কলা, বিজ্ঞান আ...
25/07/2023

নতুন শিক্ষানীতি (NEP)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বাধ্যতামূলক বিষয় Understanding India-ৰ অনুমোদিত পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা ‘ভাৰতবোধ’ নামৰ প্ৰসংগ পুথিখন অলপতে প্ৰকাশ পালে৷ পুথিখন প্ৰস্তুত কৰিছে বাহনা মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ ড০ ৰফিক আহমেদে৷ সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি প্ৰস্তুত কৰা পুথিখনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰিব বুলি আমি আশা কৰিছোঁ৷ Juna Rafique Rofique Ahmed Krishna Gogoi Debajit Saikia

নতুন শিক্ষানীতি (NEP)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিক কলা, বিজ্ঞান আ...
24/07/2023

নতুন শিক্ষানীতি (NEP)-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা স্নাতক মহলাৰ প্ৰথম ষাণ্মাসিক কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বাধ্যতামূলক বিষয় Health and Wellness-ৰ অনুমোদিত পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা ‘স্বাস্থ্য আৰু সুস্থতা’ নামৰ প্ৰসংগ পুথিখন অলপতে প্ৰকাশ পালে৷ পুথিখন প্ৰস্তুত কৰিছে বাহনা মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ ড০ ৰফিক আহমেদে৷ সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি প্ৰস্তুত কৰা পুথিখনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব পাৰিব বুলি আমি আশা কৰিছোঁ৷ Juna Rafique Rofique Ahmed Krishna Gogoi Debajit Saikia

যোৰহাটৰ দেবীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক অঞ্জন কুমাৰ বৰাই অতিকে যত্নৰে প্ৰণয়ন কৰি উলিওৱা ‘বেদ আৰু ...
08/11/2022

যোৰহাটৰ দেবীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক অঞ্জন কুমাৰ বৰাই অতিকে যত্নৰে প্ৰণয়ন কৰি উলিওৱা ‘বেদ আৰু উপনিষদৰ দৰ্শন’ নামৰ পুথিখন প্ৰকাশ পালে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক মহলাৰ CBCS 5th Sem. Hons.(DSE-1(I)) পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে এই কাকতখনৰ জটিল কথাসমূহ সহজে আয়ত্ত কৰিব পৰাকৈ নিৰহ-নিপানীকৈ প্ৰস্তুত কৰা এই পুথিখনে ছাত্ৰ-ছাত্ৰীৰ উপৰি বেদ-উপনিষদৰ ধাৰণাসমূহৰ প্ৰতি অনুৰাগী সাধাৰণ পাঠকৰ খু-দুৱনিও দূৰ কৰিব পাৰিব বুলি লেখকে আশা প্ৰকাশ কৰিছে৷ এইখন পুথি খৰচি মাৰি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ ক্ষেত্ৰতো নিচেই সহজে সফলতা অৰ্জন কৰিব পাৰিব বুলিও লেখকে মত প্ৰকাশ কৰিছে৷ Anjan K Borah, Juna Rafique, Devojyoti Borah

যোৰহাট ডি চি বি কলেজৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক তথা সু-লেখক অঞ্জন কুমাৰ বৰাদেৱে CBCS 1st Semester (Hons) GE, 2nd Sem S...
21/10/2022

যোৰহাট ডি চি বি কলেজৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক তথা সু-লেখক অঞ্জন কুমাৰ বৰাদেৱে CBCS 1st Semester (Hons) GE, 2nd Sem Sem Non-Hons. (DSC) আৰু 5th Sem. Non-Hons.(DSE)-ৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লিখি উলিওৱা 'পাশ্চাত্য দৰ্শন পৰিচয়' নামৰ গ্ৰন্থখন অলপতে প্ৰকাশ পালে৷ গ্ৰন্থখনিৰ দ্বাৰা কেৱল ছাত্ৰ-ছাত্ৰীসকলেই নহয়, বিদ্যায়তনিক ক্ষেত্ৰৰ সৈতে জৰিত তথা বিষয়টোৰ প্ৰতি আগ্ৰহী সাধাৰণ পাঠকো যথেষ্ট পৰিমাণে উপকৃত হ’ব পাৰিব বুলি আমি আশা কৰিছোঁ৷ গ্ৰন্থখনিয়ে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক আৰু পৰীক্ষাৰ দিশত প্ৰভূত পৰিমাণে উপকৃত কৰিব বুলি আমি আশাবাদী৷

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা অসমীয়া ভাষাত অৰ্থবিজ্ঞান বিষয়ৰ দুকুৰিৰো অধিক প্ৰসংগ পুথিৰ প্ৰণয়নৰ...
03/10/2022

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা অসমীয়া ভাষাত অৰ্থবিজ্ঞান বিষয়ৰ দুকুৰিৰো অধিক প্ৰসংগ পুথিৰ প্ৰণয়নৰ অভিজ্ঞতাৰে পুষ্ট ড০ ৰফিক আহমেদৰ অতিকে প্ৰতিক্ষিত ‘ৰাজস্ব অৰ্থবিজ্ঞান’ নামৰ পুথিখন আজি প্ৰকাশ পালে৷ স্নাতক পঞ্চম ষাণ্মাসিকৰ অনাৰ্চ, চতুৰ্থ ষাণ্মাসিকৰ জেনেৰিক ইলেক্টিভ আৰু ষষ্ঠ ষাণ্মাসিকৰ নন-অনাৰ্চৰ পাঠ্যক্ৰম সম্পূৰ্ণৰূপে সামৰি লোৱা পুথিখনে ছাত্ৰ-ছাত্ৰীসকলক বিষয়টো খৰচি মাৰি বুজাত আৰু পৰীক্ষাত নম্বৰ লাভ কৰাত সহায় কৰিব বুলি আমি আশাবাদী৷

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা অসমীয়া ভাষাত অৰ্থবিজ্ঞান বিষয়ক সৰ্বাধিক প্ৰসংগ পুথি প্ৰণয়নৰ অভিজ্...
15/09/2022

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা অসমীয়া ভাষাত অৰ্থবিজ্ঞান বিষয়ক সৰ্বাধিক প্ৰসংগ পুথি প্ৰণয়নৰ অভিজ্ঞতাৰে পুষ্ট ড০ ৰফিক আহমেদে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক পঞ্চম ষাণ্মাসিকৰ সন্মান পাঠ্যক্ৰমৰ আৰু তৃতীয় ষাণ্মাষিকৰ জেনেৰিক ইলেক্টিভ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতিকে সযতনে প্ৰস্তুত কৰি উলিওৱা ‘ভাৰতীয় অৰ্থনীতি-১’ নামৰ পুথিখন আজি প্ৰকাশ পালে৷ একেবাৰে শেহতীয়া তথ্য সন্নিবিষ্ট কৰা পুথিখনে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ দিশৰ পৰা সহায় কৰাৰ লগতেত বিষয়টো ভালদৰে আয়ত্ত কৰাতো সহায় কৰিব বুলি আমি আন্তৰিকতাৰে আশা কৰিছোঁ৷

যোৰহাটৰ দেবীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপকদ্বয় অঞ্জন কুমাৰ বৰা আৰু ড০ স্নিগ্ধা বৰা নেওগৰ দ্বাৰা প্ৰণ...
14/09/2022

যোৰহাটৰ দেবীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপকদ্বয় অঞ্জন কুমাৰ বৰা আৰু ড০ স্নিগ্ধা বৰা নেওগৰ দ্বাৰা প্ৰণীত ‘পাশ্চাত্য তৰ্কবিজ্ঞান পৰিচয়’ নামৰ পুথিখন অলপতে প্ৰকাশ পালে৷ পুথিখনে CBCS 1st Sem. Honours., 2nd Sem GE আৰু 3rd Sem DSC - এই তিনিওখন কাকতৰ পাঠ্যক্ৰমেই সামৰি লৈছে৷ এই দুগৰাকী অধ্যাপকে যথেষ্ট মনোযোগ আৰু সাৱধানতাৰে প্ৰস্তুত কৰি উলিওৱা পুথিখনে ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ৷ Anjan K Borah

শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীলৈ ইউনিকা প্ৰকাশনৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শ্ৰদ্ধা আৰু সশ্ৰদ্ধ প্ৰণ...
05/09/2022

শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত প্ৰতিজন শিক্ষক-শিক্ষয়িত্ৰীলৈ ইউনিকা প্ৰকাশনৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শ্ৰদ্ধা আৰু সশ্ৰদ্ধ প্ৰণাম৷

যোৰহাটৰ দেবীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক অঞ্জন কুমাৰ বৰা আৰু মুৰ্কংচেলেক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ...
24/08/2022

যোৰহাটৰ দেবীচৰণ বৰুৱা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক অঞ্জন কুমাৰ বৰা আৰু মুৰ্কংচেলেক মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ড০ প্ৰান্তিকা শৰ্মাই যুটীয়াভাৱে প্ৰণয়ন কৰি উলিওৱা ‘সমসাময়িক ভাৰতীয় দৰ্শন (দ্বিতীয় খণ্ড)’ নামৰ পুথিখন অলপতে প্ৰকাশ পালে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক মহলাৰ CBCS 5th Sem. Hons.(C-11) পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলে এই কাকতখনৰ জটিল কথাসমূহ সহজে আয়ত্ত কৰিব পৰাকৈ নিৰহ-নিপানীকৈ প্ৰস্তুত কৰা এই পুথিখনে ছাত্ৰ-ছাত্ৰীৰ উপৰি ভাৰতীয় দৰ্শনৰ চাৰিজন প্ৰাতঃস্মৰণীয় ব্যক্তি আৰু তেওঁলোকৰ দাৰ্শনিক ধাৰণাসমূহৰ প্ৰতি অনুৰাগী সাধাৰণ পাঠকৰ খু-দুৱনিও দূৰ কৰিব পাৰিব বুলি লেখকদ্বয়ে আশা প্ৰকাশ কৰিছে৷ এইখন পুথি খৰচি মাৰি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ ক্ষেত্ৰতো নিচেই সহজে সফলতা অৰ্জন কৰিব পাৰিব বুলিও লেখকদ্বয়ে মত প্ৰকাশ কৰিছে৷ Anjan K Borah, Prantika Sarmah,

ইউনিকা প্ৰকাশনৰ গ্ৰন্থদান আঁচনিৰ অধীনত যোৱা ১ আগষ্ট, ২০২২ তাৰিখে ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ প্ৰায় ৬০,০০০...
10/08/2022

ইউনিকা প্ৰকাশনৰ গ্ৰন্থদান আঁচনিৰ অধীনত যোৱা ১ আগষ্ট, ২০২২ তাৰিখে ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ প্ৰায় ৬০,০০০ টকাৰ কিতাপ শুভেচ্ছামূলক বৰঙণিৰূপে আগ বঢ়োৱা হয়। Alena Begum

ইউনিকা প্ৰকাশনৰ গ্ৰন্থদান আঁচনিৰ অধীনত মাজুলী মহাবিদ্যালয়লৈ ৬ আগষ্ট, ২০২২ তাৰিখে প্ৰায় ৬৮,০০০ টকাৰ গ্ৰন্থ দানৰূপে আগ ব...
07/08/2022

ইউনিকা প্ৰকাশনৰ গ্ৰন্থদান আঁচনিৰ অধীনত মাজুলী মহাবিদ্যালয়লৈ ৬ আগষ্ট, ২০২২ তাৰিখে প্ৰায় ৬৮,০০০ টকাৰ গ্ৰন্থ দানৰূপে আগ বঢ়োৱা হয়।

নকছাৰি মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰদ্ধাৰ কুমুদ ঘোষ (Kumud Ghosh) ডাঙৰীয়াৰ অনুৰোধ মৰ্মে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰলৈ ইউনিকা প...
06/08/2022

নকছাৰি মহাবিদ্যালয়ৰ অধ্যাপক শ্ৰদ্ধাৰ কুমুদ ঘোষ (Kumud Ghosh) ডাঙৰীয়াৰ অনুৰোধ মৰ্মে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰলৈ ইউনিকা প্ৰকাশনৰ ফালৰ পৰা আগ বঢ়োৱা গ্ৰন্থখিনি গ্ৰহণ কৰি আমাক বাধিত কৰাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষকে প্ৰমুখ্য কৰি সমূহ অধ্যাপক-অধ্যাপিকা আৰু পুথিভঁৰালীলৈ আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ সন্মান পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহু প্ৰতীক্ষিত ‘পৰিবেশ অৰ্থবিজ...
20/06/2022

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ সন্মান পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহু প্ৰতীক্ষিত ‘পৰিবেশ অৰ্থবিজ্ঞান’ নামৰ পুথিখন আজি প্ৰকাশ পালে৷
বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপকদ্বয় যথাক্ৰমে ড০ ৰফিক আহমেদ আৰু ড০ ৰীমা ৰাভাৰ দ্বাৰা প্ৰণীত তথা অতি যত্নসহকাৰে প্ৰস্তুত কৰি উলিওৱা এই পুথিখনে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ দিশৰ পৰা সহায় কৰাৰ লগতে বিষয়টোৰ খুটি-নাতিসমূহ ভালদৰে আয়ত্ত কৰাত সহায় কৰিব বুলি আমি আন্তৰিকতাৰে আশা কৰিছোঁ৷

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা অৰ্থবিজ্ঞান বিষয়ক  দুকুৰিমান পুথি প্ৰণয়নৰ অভিজ্ঞতাৰে পুষ্ট  ড০ ৰফ...
16/06/2022

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা অৰ্থবিজ্ঞান বিষয়ক দুকুৰিমান পুথি প্ৰণয়নৰ অভিজ্ঞতাৰে পুষ্ট ড০ ৰফিক আহমেদে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ সন্মান পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰি উলিওৱা ‘উন্নয়ন অৰ্থশাস্ত্ৰ-২’ নামৰ পুথিখন অলপতে প্ৰকাশ পালে৷ পুথিখনে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ দিশৰ পৰা আৰু লগতে বিষয়টো ভালদৰে বুজাত সহায় কৰিব বুলি আমি আন্তৰিকতাৰে আশা কৰিছোঁ৷

যোৱা ২৫ বছৰতকৈয়ো অধিক কাল মহাবিদ্যালয় পৰ্যায়ৰ অৰ্থবিজ্ঞানৰ দুকুৰিমান পুথিৰ প্ৰণেতা তথা যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ অৰ্থনী...
16/06/2022

যোৱা ২৫ বছৰতকৈয়ো অধিক কাল মহাবিদ্যালয় পৰ্যায়ৰ অৰ্থবিজ্ঞানৰ দুকুৰিমান পুথিৰ প্ৰণেতা তথা যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰফিক আহমেদৰ দ্বাৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ সন্মান পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰণীত ‘ভাৰতীয় অৰ্থনীতি-২’ নামৰ পুথিখন অলপতে প্ৰকাশ পালে৷ অতি যত্নসহকাৰে প্ৰস্তুত কৰি উলিওৱা এই পুথিখনে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ দিশৰ পৰা আৰু লগতে বিষয়টো ভালদৰে বুজাত সহায় কৰিব বুলি আমি আন্তৰিকতাৰে আশা কৰিছোঁ৷

যোৰহাট ডি চি বি কলেজৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক তথা সু-লেখক অঞ্জন কুমাৰ বৰাদেৱে CBCS 6th Semester (Hons)-ৰ ছাত্ৰ-ছাত্ৰ...
16/06/2022

যোৰহাট ডি চি বি কলেজৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক তথা সু-লেখক অঞ্জন কুমাৰ বৰাদেৱে CBCS 6th Semester (Hons)-ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লিখি উলিওৱা 'তুলনামূলক ধৰ্ম' নামৰ গ্ৰন্থখন অলপতে প্ৰকাশ পালে৷ গ্ৰন্থখনিৰ দ্বাৰা কেৱল বিদ্যায়তনিক ক্ষেত্ৰৰ সৈতে জৰিতসকলেই নহয়, বিষয়টোৰ প্ৰতি আগ্ৰহী সাধাৰণ পাঠকো ইয়াৰ দ্বাৰা যথেষ্ট পৰিমাণে উপকৃত হ’ব পাৰে৷ গ্ৰন্থখনিয়ে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক আৰু পৰীক্ষাৰ দিশত প্ৰভূত পৰিমাণে উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক মহলাৰ চতুৰ্থ ষাণ্মাসিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গড়গা...
27/05/2022

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক মহলাৰ চতুৰ্থ ষাণ্মাসিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ২০১৮-১৯ বৰ্ষৰ ৰাজ্যিক শ্ৰেষ্ঠ কাৰ্যক্ৰম বিষয়াৰ বঁটা বিজয়ী আৰু ২০২১-২২ বৰ্ষৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ শ্ৰেষ্ঠ কাৰ্যক্ৰম বিষয়াৰ বঁটা বিজয়ী ড০ ৰিমঝিম বৰা আৰু গড়গাঁও মহাবিদ্যালয়ৰে সহযোগী অধ্যাপক ড০ বিদ্যানন্দ বৰকাকতীৰ দ্বাৰা প্ৰণীত ‘আৰ্থ-সামাজিক উন্নয়নত ৰাষ্ট্ৰীয় সেৱা আঁচনি’ আৰু 'NSS in Socio-Economic Development' নামৰ বহু প্ৰতিক্ষিত পুথি দুখন ইতিমধ্যে প্ৰকাশ পালে৷ উল্লেখযোগ্য যে স্নাতক চতুৰ্থ ষাণ্মাসিকৰ কৌশল বৃদ্ধিকৰণ পাঠ্যক্ৰম (Skill Enhancement Course)-ৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থীৰ বাবে লিখিত বিষয়ক এইদুখনেই এই মুহূৰ্তলৈকে প্ৰকাশিত আটাইতকৈ নিৰ্ভৰযোগ্য পাঠ্যপুথি৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ন-কৈ প্ৰৱৰ্তন কৰা এই বিষয়টো বুজাত আৰু পৰীক্ষাত ভাল নম্বৰ গোটোৱাৰ ক্ষেত্ৰত এই পাঠ্যপুথিখনে ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব বুলি আমি আশা কৰিছোঁ৷ DrRimjim Borah, DrBidyananda Borkakoty, Rofique Ahmed, Juna Rafique

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ ৰফিক আহমেদ, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়া আৰু ডাঃ নবীন বৰদল...
25/05/2022

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ ৰফিক আহমেদ, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়া আৰু ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আলেনা বেগমৰ দ্বাৰা প্ৰণীত তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ সন্মান পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা ‘আন্তৰ্জাতিক অৰ্থবিজ্ঞান’ নামৰ পুথিখন অলপতে প্ৰকাশ পালে৷ অতি যত্নসহকাৰে প্ৰস্তুত কৰি উলিওৱা এই পুথিখনে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ দিশৰ পৰা আৰু লগতে বিষয়টো ভালদৰে বুজাত সহায় কৰিব বুলি আমি আন্তৰিকতাৰে আশা কৰিছোঁ৷ Alena Begum, Rofique Ahmed, Debajit Saikia, Juna Rafique, Devojyoti Borah, DrReema Rabha

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপকদ্বয় যথাক্ৰমে ড০ ৰফিক আহমেদ আৰু ড০ ৰীমা ৰাভাৰ দ্বাৰা প্ৰণীত তথা ডিব্ৰুগড় বিশ্ব...
23/05/2022

বাহনা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপকদ্বয় যথাক্ৰমে ড০ ৰফিক আহমেদ আৰু ড০ ৰীমা ৰাভাৰ দ্বাৰা প্ৰণীত তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ সন্মান পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহু প্ৰতীক্ষিত ‘আধুনিক সমষ্টিগত অৰ্থবিজ্ঞান’ নামৰ পুথিখন আজি প্ৰকাশ পালে৷ লেখকদ্বয়ে অতি যত্নসহকাৰে প্ৰস্তুত কৰি উলিওৱা এই পুথিখনে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ দিশৰ পৰা সহায় কৰাৰ লগতে বিষয়টোৰ খুটি-নাতিসমূহ ভালদৰে আয়ত্ত কৰাত সহায় কৰিব বুলি আমি আন্তৰিকতাৰে আশা কৰিছোঁ৷ Rofique Ahmed DrReema Rabha Juna Rafique Debajit Saikia

Address

M. G. Road
Jorhat
785001

Opening Hours

Monday 10am - 8:30pm
Tuesday 10am - 8:30pm
Wednesday 10am - 8:30pm
Thursday 10am - 8:30pm
Friday 10am - 8:30pm
Saturday 10am - 8:30pm

Telephone

+913767962770

Website

Alerts

Be the first to know and let us send you an email when unika prakashan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category


Other Publishers in Jorhat

Show All