Good Assam

Good Assam বাতৰি, স্বাস্থ্য, নিয়োগ বাৰ্তা, খাদ্য, গল্প , কবিতা উপন্যাস, প্ৰবন্ধ আদিৰে এখনি Digital E-magazine 'Good Assam' ।

এই বাস্তু উপায়েৰে নিজৰ ভাগ্য সলনি কৰক, প্ৰগতিৰ পথ মুকলি হ’ব আৰু আপুনি লাভ কৰিব অপৰিসীম সুখ।
24/04/2024

এই বাস্তু উপায়েৰে নিজৰ ভাগ্য সলনি কৰক, প্ৰগতিৰ পথ মুকলি হ’ব আৰু আপুনি লাভ কৰিব অপৰিসীম সুখ।





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

কিহৰ ফলত পেটৰ মাজভাগত বিষ হয়?  ইয়াৰ বিষয়ে আৰু বিষৰ পৰা উপশম পোৱা সহজ উপায়বোৰ জানি লওক।
24/04/2024

কিহৰ ফলত পেটৰ মাজভাগত বিষ হয়? ইয়াৰ বিষয়ে আৰু বিষৰ পৰা উপশম পোৱা সহজ উপায়বোৰ জানি লওক।





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

সাৱধান! বহু ৰাজ্যত বৃদ্ধি পালে মাম্পছ বা গালফুলা ৰোগ , কেনেকৈ প্ৰতিৰোধ কৰিব ? জানিবলৈ পঢ়িব ।
24/04/2024

সাৱধান! বহু ৰাজ্যত বৃদ্ধি পালে মাম্পছ বা গালফুলা ৰোগ , কেনেকৈ প্ৰতিৰোধ কৰিব ? জানিবলৈ পঢ়িব ।






Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

মহিলাসকলৰ কিয় পাইলছ হয় ?  ইয়াৰ কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা চিকিৎসকৰ পৰা জানি লওক
24/04/2024

মহিলাসকলৰ কিয় পাইলছ হয় ? ইয়াৰ কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা চিকিৎসকৰ পৰা জানি লওক





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

উজনি অসমৰ কেইবাটাও প্ৰান্তত ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, ডিমা হাছাওৰ ভিন্ন প্ৰান্তত ধুমুহাই বিস...
24/04/2024

উজনি অসমৰ কেইবাটাও প্ৰান্তত ধুমুহা-বৰষুণৰ তাণ্ডৱ ৷ ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, ডিমা হাছাওৰ ভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ৷ তাৰমাজতে ধলা হাঁহখাতিত ধুমুহাত প্ৰাণ হেৰুৱাই এজন লোকে ৷

ৰাজ্যৰ কেইবাটাও প্ৰান্তত বিশেষকৈ উজনি অসমত মঙলবাৰে নিশা কোবাই যায় এজাক ধুমুহা-বৰষুণে ৷ এই ধুমুহাজাকে বহুকেইটা পৰিয়ালৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে নিশা অহা এজাক প্ৰবল বৰষুণ আৰু ধুমুহাই কোবাই যায় সমগ্ৰ ধেমাজি চহৰৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহো ৷ জিলাখনৰ নলনিপাম, তেলিজান, হাতীগড়, ভেহপৰা, ভৰালীচুক আদিত তাণ্ডৱ চলাই ধুমুহাই ৷

ধুমুহাজাকৰ ফলত ভৰালীচুকৰ টংকেশ্বৰ কোঁচ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ চালৰ ওপৰত উভালি পৰে এজোপা প্ৰকাণ্ড গছ ৷ লগতে ভাঙি পৰে কেইবাজোপাও তামোল আৰু কলগছ ৷ ফলত ব্যক্তিগৰাকীয়ে বাস কৰা ঘৰটোৰ টিনপাতকে অন্যান্য আচবাবসমূহৰো ক্ষতিসাধন হয় ৷ মাজনিশা অহা এই ভয়ংকৰ ধুমুহা-বৰষুণৰ বাবে পৰিয়ালটোৱে চুবুৰীয়াৰ ঘৰত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, আৰ্থিকভাৱে দুৰ্বল ব্যক্তিগৰাকীয়ে বাসগৃহটো চৰকাৰৰ প্ৰধানমন্ত্ৰী আৱাসগৃহ আঁচনিৰ অধীনত লাভ কৰা ধনেৰে নিৰ্মাণ কৰিছিল ৷

আনহাতে, ডিব্ৰুগড়ৰো বিভিন্ন প্ৰান্তত ভয়ংকৰ ধুমুহা, শিল-বৰষুণে একপ্ৰকাৰ তাণ্ডৱ চলোৱা বুলি জানিব পৰা গৈছে ৷ বুধবাৰৰ পুৱতি নিশালৈকে জিলাখনৰ ভিন্ন অঞ্চলত হোৱা বতাহ, ধুমুহা-বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত কেইবাখনো গাঁৱৰ কেইবা শতাধিক পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷ জিলাখনৰ উপকণ্ঠ অঞ্চল ক্ৰমে জকাই বৰবাম টঙীয়া, গৰুধৰীয়া, ঠেঙাল, লাঠিসুৰিয়া, শোভাচুক, চৰাইহাবি, বগীবিল, চাউলখোৱা আদিতো বতাহ-ধুমুহাই বহু পৰিয়ালৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়ে ৷ লগতে বহু পৰিয়ালৰ বাসগৃহত শিলাবৃষ্টিৰ ফলত ফুটা হৈ পৰে টিনপাত ৷

উল্লেখ্য যে, বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত এই অঞ্চলসমূহ সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷ গতিকে শিল- বৰষুণৰ ফলত শতাধিক পৰিয়ালৰ কৃষিভূমিৰ শাক-পাচলিসমূহ নষ্ট হৈ পৰে ৷ ঠায়ে ঠায়ে প্ৰকাণ্ড গছ উভালি পৰি বহু বাসগৃহ, ৰাজহুৱা প্ৰতিষ্ঠান আদি বিনষ্ট হোৱাৰ লগতে যাতায়াতৰ বাবে বন্ধ হৈ পৰে বহু পথ ৷

ইফালে তিনিচুকীয়াতো শিলাবৃষ্টি আৰু ধুমুহাই তাণ্ডৱ চলোৱাৰ খবৰ পোৱা গৈছে ৷ প্ৰচণ্ড শিলাবৃষ্টিয়ে কৰ্দৈগুৰি অঞ্চলৰ বহু লোকৰ বাসগৃহৰ টিনপাত আৰু তিৰপালৰ বিনষ্ট সাধন কৰে ৷ তাৰমাজতে ধলা হাঁহখাতিত ধুমুহাত প্ৰাণ হেৰুৱাই এজন লোকে ৷ ধুমুহাত গছ উভালি পৰাৰ বাবেই মৃত্যু ঘটে ৪৫ বছৰীয়া সন্দীপ ছেত্ৰী নামৰ লোকজনৰ ৷ প্ৰচণ্ড ধুমুহাৰ ফলত গৃহৰ সমীপত থকা এজোপা গছ লোকজনৰ ঘৰত পৰাত মূৰত গুৰুতৰভাৱে আঘাত পায় ৷ পৰৱৰ্তী সময়ত ততাতয়াকৈ লোকজনক ডুমডুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও নিশাই প্ৰাণ হেৰুৱায় ৷

ইয়াৰোপৰি বাৰেকুৰি যজ্ঞোখোৱাত ধুমুহাৰ তাণ্ডৱত বকুল দহোতীয়া নামৰ লোকজনৰ ঘৰত উভালি পৰে এডাল প্ৰকাণ্ড গছ ৷ এই ঘটনাৰ ফলত কথমপি প্ৰাণৰক্ষা পৰে ঘৰত শুই থকা এগৰাকী বৃদ্ধাৰ ৷ ধুমুহাৰ পিছৰে পৰা অঞ্চলটোত ব্যাহত হৈ পৰে বিদ্যু ব্যৱস্থা ৷ এই ধুমুহাই কম-বেছি পৰিমাণে ক্ষতিসাধন কৰে প্ৰতিটো পৰিয়ালৰ ৷

ডিমা হাছাওতো মঙলবাৰে বিয়লিৰ পৰা অহা প্ৰচণ্ড ধুমহা-বৰষুণে একপ্ৰকাৰ বিপৰ্যস্ত কৰি তোলে জনজীৱন ৷ নিশা প্ৰায় 1 বজাত হাফলং চৰকাৰী বাগান এলেকাৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত থকা এডাল প্ৰকাণ্ড গছ পথৰ মাজতে বাগৰি পৰে ৷ যাৰ ফলত বন্ধ হৈ পৰে হাফলং আৰু নিম্ন হাফলঙৰ মাজৰ যোগাযোগ ব্যৱস্থা ৷ উক্ত ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় এজন ব্যক্তি ৷ ততালিকে ব্যক্তিজনক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ নিশাৰে পৰাই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ব্যাহত হৈ আছে বিদ্যু সেৱা ৷

গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত চুতীয়া গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । কমাৰবন্ধাৰ চুতীয়া গাৱঁৰ এজন ন...
24/04/2024

গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত চুতীয়া গাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । কমাৰবন্ধাৰ চুতীয়া গাৱঁৰ এজন নিৰ্দয় পিতৃয়ে নিজৰ ২ বছৰীয়া পুত্ৰক বিক্ৰী কৰিবলৈ চেষ্টা চলোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰন্টু গোস্বামী (৩৮) নামৰ পাষাণ পিতৃয়ে কেৱল সন্তানক বিক্ৰী কৰিবলৈ চেষ্টা কৰাতেই ক্ষান্ত থকা নাই, তেওঁৰ বৃদ্ধ পিতৃকো চলাই আহিছে অকথ্য় নিৰ্যাতন ।

ৰন্টু নামৰ এইজন উদণ্ড লোকৰ নানা অকথিত কাহিনী সম্প্ৰতি পোহৰলৈ আহিছে । এই লোকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মতে, ৰন্টুৱে দীৰ্ঘদিন ধৰি পিতৃ নকুল গোস্বামী ওৰফে কালুক (৭০) শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে । পুত্ৰৰ এনে অমানুষিক নিৰ্যাতন সহিব নোৱাৰি বহু দিনৰ আগতেই মাতৃ ঘৰৰ পৰা ওলাই যায় । ৰন্টুৱে নিজ পিতৃ-মাতৃক নিৰ্যাতন চলোৱাই নহয় পত্নীকো বছৰ বছৰ ধৰি নিৰ্যাতন চলাই আহিছে। ৰন্টুৰ এই অমানুষিক নিৰ্যাতন সহিব নোৱাৰি পত্নীও ঘৰৰ পৰা ওলাই গৈছে ।

দিন বাগৰি যোৱাৰ লগে লগে ৰন্টুৰ স্বভাৱ অধিক উগ্ৰ আৰু নিষ্ঠুৰ হৈ পৰিল । ৰন্টুৱে আনকি নিজৰ তিনিটাকৈ সন্তানৰ ওপৰতো নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে । নিজৰ পুত্ৰৰ এনে নিষ্ঠুৰতাৰ পৰা তিনিওটা নাতিকে ৰক্ষা কৰি ককাক নকুল গোস্বামীয়ে ৰক্ষণাবেক্ষণ দিয়ে । পুত্ৰৰ এনে অসহ্য নিৰ্যাতন আৰু সহ্য নকৰে বুলি তিনিটা নাতিক বুকুত সাৱটি নকুল গোস্বামী স্হানীয় কমাৰবন্ধা আৰক্ষী চকীত হাজিৰ হয় । বিক্ৰী কৰিবলৈ লোৱা ২ বছৰীয়া পুত্ৰ, ৪ বছৰীয়া পুত্ৰ আৰু এগৰাকী ৭ বছৰীয়া শিশুক লগত লৈ বৃদ্ধ নকুল গোস্বামী থানাত হাজিৰ হোৱা বুলি প্ৰচাৰ হোৱাৰ পাছতেই অভিযুক্ত ৰন্টুৱে ঘৰৰ পৰা পলায়ন কৰে ।

কমাৰবন্ধা আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে নকুল গোস্বামীক বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ কৰে । আনহাতে, গোলাঘাট জিলা শিশু সুৰক্ষা সমিতিৰ সৈতে যোগাযোগ কৰি তিনিটি শিশুক শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে । বৰ্তমান কমাৰবন্ধা আৰক্ষীয়ে অভিযুক্ত ৰন্টু গোস্বামীক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।

আপোনাৰ প্ৰিয় ৰাতিৰ ভাত সাঁজ😋
23/04/2024

আপোনাৰ প্ৰিয় ৰাতিৰ ভাত সাঁজ😋

ৰক্তহীনতা কেৱল তেজৰ অভাৱ হোৱাই নহ'য়, ই হৃদযন্ত্ৰ‌ৰ ক্ষতি কৰে আৰু যৌন শক্তিও কমায় , ইয়াৰ কাৰণ কি জানিবলৈ পঢ়িব।
23/04/2024

ৰক্তহীনতা কেৱল তেজৰ অভাৱ হোৱাই নহ'য়, ই হৃদযন্ত্ৰ‌ৰ ক্ষতি কৰে আৰু যৌন শক্তিও কমায় , ইয়াৰ কাৰণ কি জানিবলৈ পঢ়িব।





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

স্বাস্থ্য বাৰ্তা
23/04/2024

স্বাস্থ্য বাৰ্তা

MDH & Everest Masala: এই মছলাবোৰে কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে। সাৱধান, গৱেষণাৰ পৰা ভয়ংকৰ তথ্য প্ৰকাশ।
23/04/2024

MDH & Everest Masala: এই মছলাবোৰে কেন্সাৰ ৰোগ সৃষ্টি কৰিব পাৰে। সাৱধান, গৱেষণাৰ পৰা ভয়ংকৰ তথ্য প্ৰকাশ।






Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

এতিয়া বৃদ্ধসকলেও পাব স্বাস্থ্য বীমা কভাৰ!  ৬৫ বছৰ বয়সৰ সীমা আঁতৰাই দিলে IRDAI-এ
23/04/2024

এতিয়া বৃদ্ধসকলেও পাব স্বাস্থ্য বীমা কভাৰ! ৬৫ বছৰ বয়সৰ সীমা আঁতৰাই দিলে IRDAI-এ





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশনৰ বাবে মাজুলীলৈ গৈ সত্ৰাধিকাৰসকলক অপমান কৰা কাৰ্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ মাজুলীৰ কেইব...
23/04/2024

জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশনৰ বাবে মাজুলীলৈ গৈ সত্ৰাধিকাৰসকলক অপমান কৰা কাৰ্যই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷ মাজুলীৰ কেইবাটাও দল-সংগঠনৰ লগতে সত্ৰাধিকাৰসকলে শিল্পীগৰাকীক কঠোৰ সমালোচনা কৰে ৷ প্ৰয়াত সত্ৰাধিকাৰ লক্ষ্যচন্দ্ৰ মহন্ত সোঁৱৰণী মঞ্চতে সত্ৰাধিকাৰসকলক অপমানসূচক মন্তব্য কৰাক লৈ দাতা পৰিয়ালৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এগৰাকী সত্ৰাধিকাৰক এনে ব্যৱহাৰ কৰাটো কোনো কাৰণতে শোভনীয় নহয় ৷

তেওঁ লগতে কয়, জুবিন গাৰ্গে অকল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীকে অপমান কৰা নাই ৷ মাজুলীত থকা প্ৰতিখন সত্ৰৰ সত্ৰাধিকাৰক অপমান কৰিছে বুলি ধৰিব পাৰি ৷ আনহাতে, ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্ত দেৱগোস্বামীয়ে সমগ্ৰ ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ আহিবলগীয়া সময়ত মাজুলীলৈ আহি যাতে পুনৰ শিল্পীগৰাকীয়ে এনে বিতৰ্কিত মন্তব্য নকৰে তাৰ বাবেও সকীয়নি প্ৰদান কৰে ৷

উল্লেখ্য যে, পুবেৰুণ কলা পৰিষদৰ সৌজন্যত অনুষ্ঠিত হোৱা 66 সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকর্ষণ আছিল শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ৷ এই অনুষ্ঠানতে জুবিন গাৰ্গক এটি বঁটা প্ৰদান কৰিছিল আয়োজক সমিতিয়ে ৷ এই বঁটা শিল্পীগৰাকীৰ হাতত তুলি দিবলৈ আয়োজক কমিটিয়ে নিমন্ত্ৰণ জনাইছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীক ৷ এই বঁটা প্ৰদানৰ পিচতে যি অনাকাংক্ষিত ঘটনা সংঘটিত হ’ল, তাক লৈ মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৷

সত্ৰাধিকাৰগৰাকীয়ে কয় যে, জুবিন গাৰ্গক মাজুলীৰ ৰাইজে সোমবাৰে বিহু মঞ্চত প্ৰদান কৰা আশীৰ্বাদ তেওঁ কিদৰে গ্ৰহণ কৰিছে সেয়া নেদেখাজনেহে জানিব ৷ কিন্তু শিল্পীগৰাকীয়ে যি মন্তব্য প্ৰকাশ কৰিলে, সেয়া অনুচিত বুলি তেওঁ কয় ৷ কিয়নো ৰাজ্যৰ নৱপ্ৰজন্মই জুবিন গাৰ্গক অনুসৰণ কৰে ৷ গতিকে এনে মন্তব্যই সমাজত বিৰূপ প্ৰভাৱ পেলাব ৷

২০২৪-২৫ বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ "দৰ্পণ নামভৰ্তি পৰ্টেল" মঙলবাৰ...
23/04/2024

২০২৪-২৫ বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ "দৰ্পণ নামভৰ্তি পৰ্টেল" মঙলবাৰৰ পৰা মুকলি কৰা হৈছে।

এই সন্দৰ্ভত শিক্ষা সংসদে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে https://www.darpan.ahseconline.in বা https://www.ahsec.assam.gov.in ৰ জৰিয়তে অনলাইন যোগে আবেদন কৰিব পাৰিব।

আজিৰে পৰা ২মে' পৰ্য্যন্ত ছাত্ৰ-ছাত্ৰীসকলে অনলাইন আবেদন কৰিব পাৰিব। এনে আবেদনৰ পিছত সংশ্লিষ্ট শিক্ষানুষ্ঠানে ৩মে'ৰ পৰা ৪ মে'ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ যোগ্যতা তালিকা, অপেক্ষাৰ তালিকা প্ৰস্তুত কৰিব। ৬ মে'ৰ পৰা ৮ মে'ৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষানুষ্ঠান সমুহত নামভৰ্তি কৰিব লাগিব।

মেৰাপানী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি নিজ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা কৰে স্বামীয়ে। মৃত...
23/04/2024

মেৰাপানী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি নিজ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা কৰে স্বামীয়ে। মৃত তৰালি দাসৰ পৰিয়ালে অপৰাধীক গ্ৰেপ্তাৰৰ লগতে ন্যায় বিছাৰৰ দাবীত থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে।

উল্লেখ্য যে মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰত সংঘটিত হৈছে এই ঘটনা। বিশ্বজিৎ বসুমতাৰী নামৰ যুৱকজনে এক বছৰৰ পুৰ্বে বিয়া কৰাইছিল মেৰাপানীৰ নাৰায়নপুৰ গাঁৱৰ প্ৰদীপ দাসৰ কন্যা তৰালি দাসক।

বিয়াৰ পাছৰে পৰা বিশ্বজিৎ বসুমতাৰীয়ে যৌতুক হিচাপে এখন বাইক আৰু টকা পইছা দাবী কৰি অহা অভিযোগ তৰালি দাসৰ পৰিয়ালৰ। সোমবাৰে নিশা তৰালিয়ে আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাছতেই মাতৃগৃহত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধ-পোচৰ বাবে তৰালি দাসৰ স্বামী বিশ্বজিৎ বসুমতাৰী, শহুৰ আৰু শাহুয়েকক আটক কৰিছে।

নেডাৰলেণ্ডত বাস কৰা প্ৰবাসী অসমীয়া সমাজেও অসমীয়া নতুন বছৰ আৰু বহাগ বিহু উদযাপন কৰে ৷ নেডাৰলেণ্ড , বেলজিয়াম আৰু জাৰ্মানীৰ...
23/04/2024

নেডাৰলেণ্ডত বাস কৰা প্ৰবাসী অসমীয়া সমাজেও অসমীয়া নতুন বছৰ আৰু বহাগ বিহু উদযাপন কৰে ৷ নেডাৰলেণ্ড , বেলজিয়াম আৰু জাৰ্মানীৰ প্ৰবাসী অসমীয়াই পৰম্পৰা অটুত ৰাখি উদযাপন কৰে ব'হাগ বিহু ৷

ৱাহিদ চালেহ মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত প্ৰবাসী অসমীয়া শিশুসকলে বিহু নাচ আৰু অনান্য সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ৷ বিদেশত থাকিও শিপাৰ সৈতে সম্পৰ্ক ধৰি ৰখা এইসকল প্ৰবাসী অসমীয়াৰ প্ৰয়াস প্ৰসংশনীয় ৷

১ জুনত নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ‘বৰুৱাৰ সংসাৰ’ নামৰ এখন অসমীয়া তথ্যচিত্ৰ। ৰাষ্ট্ৰীয় বঁটা বিজয়ী...
22/04/2024

১ জুনত নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ‘বৰুৱাৰ সংসাৰ’ নামৰ এখন অসমীয়া তথ্যচিত্ৰ। ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীৰ পৰিচালনাত নিৰ্মাণ হৈছে তথ্যচিত্ৰখন। অসমীয়া চিনেমালৈ যথেষ্ট অৰিহণা যোগোৱা গুৱাহাটীৰ লতাশিল খেলপথাৰৰ সমীপৰ এটা শতিকা পুৰণি বাসগৃহ আৰু বাসগৃহটোৰ স্বত্বাধিকাৰ বৰুৱা ব্ৰাডাৰ্ছক লৈ নিৰ্মাণ কৰা হৈছে অসমীয়া তথ্যচিত্ৰখন।

উল্লেখ্য যে, ৭১ মিনিট দৈৰ্ঘৰ তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে নয়ন প্ৰসাদ, জেমিনী ফুকন আৰু দিব্যজ্যোতি চহৰীয়াই।তথ্যচিত্ৰখনৰ সহযোগী পৰিচালনা ভাস্কৰ জ্যোতি দাসৰ আৰু সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ।সহকাৰী পৰিচালিকা হিচাপে কাম কৰিছে মনস্বিনী মহন্তই।

নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত বৰুৱাৰ সংসাৰ ৰ প্ৰদৰ্শনিয়ে অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।

গৰম বৃদ্ধিৰ লগে লগে চকুৰ ৰোগৰ সম্ভাৱনাও বাঢ়িছে, চকু কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি সেই বিষয়ে চকু বিশেষজ্ঞৰ পৰা জানিবলৈ পঢ...
22/04/2024

গৰম বৃদ্ধিৰ লগে লগে চকুৰ ৰোগৰ সম্ভাৱনাও বাঢ়িছে, চকু কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি সেই বিষয়ে চকু বিশেষজ্ঞৰ পৰা জানিবলৈ পঢ়িব





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

কাহ-চৰ্দিৰ ঔষধৰ বাবে আৰু ডাক্তৰৰ প্ৰেছক্ৰিপচন ল’ব নালাগিব!  চৰকাৰে নতুন আইন আনিবলৈ গৈ আছে
22/04/2024

কাহ-চৰ্দিৰ ঔষধৰ বাবে আৰু ডাক্তৰৰ প্ৰেছক্ৰিপচন ল’ব নালাগিব! চৰকাৰে নতুন আইন আনিবলৈ গৈ আছে





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

ছেবাৰ কি কাণ্ড এইয়া ? পৰীক্ষাত বহা ছাত্ৰ হ'ল ফেইল, অনুপস্থিত পৰীক্ষাৰ্থীয়ে পালে লেটাৰ নম্বৰনামত সংস্কাৰ বহুত হ'ল শিক্ষা...
22/04/2024

ছেবাৰ কি কাণ্ড এইয়া ? পৰীক্ষাত বহা ছাত্ৰ হ'ল ফেইল, অনুপস্থিত পৰীক্ষাৰ্থীয়ে পালে লেটাৰ নম্বৰ

নামত সংস্কাৰ বহুত হ'ল শিক্ষা বিভাগৰ। কিন্তু এইবাৰো বিসংগতিমুক্ত নহ'ল ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত বহাজনক অনুপস্থিত দেখুৱাই অনুতীৰ্ণ ঘোষণা কৰাৰ বিপৰীতে পৰীক্ষাত নবহাজনক ছেবাই দিলে লেটাৰ নম্বৰ।

ছেবাৰ এই দায়িত্বজ্ঞানহীন কাণ্ড পোহৰলৈ আহিছে কলিয়াবৰত। ছেবাৰ বিসংগতিৰ বাবেই ভুল ফলাফল লাভ কৰিলে কলিয়াবৰৰ মিছাৰ সন্দিপনী বিদ্যা মন্দিৰৰ অংকুৰ বৰা নামৰ এজন ছাত্ৰই।

ৰোলঃ বি ২৪-০৬১৭ নং ০২৫৫ নম্বৰৰ অংকুৰ বৰাই মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সকলো বিষয়ৰ পৰীক্ষাত বহিছিল যদিও ছেবাৰ নম্বৰ তালিকাত ছাত্ৰজনে সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অনুপস্থিত বুলি দেখুৱাই অনুতীৰ্ণ ঘোষণা কৰা হয় ফলাফলত। হিন্দী বিষয়ত লেটাৰ নম্বৰসহ ছাত্ৰজনে আটাই কেইটা বিষয়ত ৭০ শতাংশৰো অধিক নম্বৰ লাভ কৰাৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈও সমাজ অধ্যয়ন বিষয়ত অনুপস্থিত হোৱাৰ অজুহাতত ফলাফলত অনুতীৰ্ণ দেখুওৱা হয় মাৰ্কশ্বিটত। পৰীক্ষাত বহাৰ পিছতো অনুপস্থিত দেখুৱাই ভুল ৰিজাল্ট দিয়া ছেবাৰ বিৰুদ্ধে এতিয়া ন্যায় বিচাৰিছে ছাত্ৰজনৰ অভিভাৱকে।

ইফালে একেটা পৰীক্ষা কেন্দ্ৰতে পোহৰলৈ আহিছে ছেবাৰ আন এক বিসংগতি। কেন্দ্ৰটোৰ ৰোল বি ২৪-০৬১৭ নং ০২২৫ নম্বৰৰ পৰীক্ষাৰ্থীগৰাকীয়ে কোনো পৰীক্ষাতে বহা নাছিল যদিও ছেবাৰ নম্বৰ তালিকাত পৰীক্ষাৰ্থীগৰাকীৰ মাৰ্কশ্বিটত সমাজ বিজ্ঞান বিষয়ত নম্বৰ আহিল ৮৫। অৰ্থাৎ ছেবাৰ কৃপাত পৰীক্ষাত নবহাকৈয়ে পৰীক্ষাৰ্থী গৰাকীয়ে লাভ কৰিলে লেটাৰ নম্বৰ।

ছেবাৰ এনে বিসংগতিত আশ্চৰ্য প্ৰকাশ কৰিছে পৰীক্ষা কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া তথা প্ৰধান শিক্ষকেও। উল্লেখ্য যে, প্ৰতিবাৰেই চুড়ান্ত বিসংগতিৰে ফলাফল ঘোষণাৰ পিছত উত্থাপিত হয় ছেবাৰ সংস্কাৰৰ প্ৰসংগ। কিন্তু এইবাৰো ফলাফলৰ বিসংগতিৰ পৰা হাত সাৰিব নোৱাৰিলে ছেবাই। ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতক লৈ হাতালি খেলা ছেবাৰ এনে বিসংগতিৰ বাবেই এতিয়া ভাগি পৰিছে কলিয়াবৰৰ এইজন ছাত্ৰ। পৰীক্ষাৰ্থীৰ ভবিষ্যতক লৈ হেতালি খেলা ছেবাৰ এনে কাণ্ডক গৰিহণা দিয়াৰ লগতে সংশ্লিষ্ট শিক্ষা মন্ত্ৰী গৰাকীকো ধ্বিকাৰ জনাইছে কলিয়াবৰীয়া ৰাইজে।

গোলকীয় উষ্ণতা বৃদ্ধি, পাৰিপাৰ্শ্বিক পৰিৱেশ প্ৰদূষণ, প্লাষ্টিকজাত সামগ্ৰীৰ ব্যাপক প্ৰয়োভৰ ৰোধেৰে এখন চিৰ সেউজ প্ৰদূষণ মুক...
22/04/2024

গোলকীয় উষ্ণতা বৃদ্ধি, পাৰিপাৰ্শ্বিক পৰিৱেশ প্ৰদূষণ, প্লাষ্টিকজাত সামগ্ৰীৰ ব্যাপক প্ৰয়োভৰ ৰোধেৰে এখন চিৰ সেউজ প্ৰদূষণ মুক্ত ধৰা সৃষ্টিৰ লক্ষ্যৰে সোমবাৰে এক কাৰ্যসূচী গ্ৰহণ কৰা হয়। মিচিং স্বায়ত্ব শাসিত পৰিষদ আৰু তিনি মিচিং জাতীয় সংগঠনৰ যৌথ উদ্যোগত সোমবাৰে এই সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰা হয় ঢকুৱাখনাত।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, ঢকুৱাখনা জিলা টাকাম মিচিং পৰিণ কৌবাং. মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া , কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰা এই পৰিৱেশ সংৰক্ষণ কাৰ্যসূচী পুৱাই শুভাৰম্ভ কৰা হয়। বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষত সোমবাৰে পুৱাই জাতিয় সংগঠনৰ নেতা কৰ্মকৰ্তাসকলে হাতে হাতে অৰ্জুন, বেল,কাঞ্চন আদি বিভিন্ন প্ৰজাতিৰ গছপুলি লৈ পূৱ ঢকুৱাখনা অঞ্চলৰ লোটাচুৰ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত ৰোপণ কৰে আৰু সুৰক্ষা বেহু নিৰ্মাণ কৰি দিয়ে।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে উদ্বোধন কৰা এই সেউজী ধৰা সৃষ্টিৰ ব্যাপক কাৰ্যসূচীৰ ধাৰাবাহিকতা মিচিং জাতিয় সংগঠনসমূহে অনাগত সময়ত অব্যাহত ৰাখিব বুলি কৈ বিশ্বৰ অস্তিত্বলৈ সংকট নমাই অনা পাৰিপাৰ্শ্বিক পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ প্ৰতিজন নাগৰিকৰ প্ৰাথমিক আৰু মৌলিক কৰ্তব্য হোৱা উচিত বুলি মন্তব্য কৰে।

শোণিতপুৰ জিলাৰ ভালুকপুঙত সংঘটিত হৈছে এক জঘন্য ঘটনা। ১০বছৰীয়া কিশোৰীক অপকৰ্মৰ প্ৰচেষ্টা। উল্লখ্য যে অসম অৰুণাচল সীমান্তৱৰ...
22/04/2024

শোণিতপুৰ জিলাৰ ভালুকপুঙত সংঘটিত হৈছে এক জঘন্য ঘটনা। ১০বছৰীয়া কিশোৰীক অপকৰ্মৰ প্ৰচেষ্টা। উল্লখ্য যে অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙৰ নিগমত এজন ৬০ বছৰীয়া বৃদ্ধৰ যৌন নিৰ্য্যাতনৰ বলি হ'ল এগৰাকী কনমানি কিশোৰী।

বিগত ১৮ এপ্ৰিলত ঘৰত কোনো নথকাৰ সুযোগ লৈ বিপুল শইকীয়া নামৰ এজন লোকে সুৰামত্ত অৱস্থাত এগৰাকী কনমানিৰ গোপন অংগত হাত দি অপকৰ্ম কৰিবলৈ চেষ্টা চলাই আৰু এই কথা পৰিয়ালৰ আগত ক'বলৈ মনা কৰি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। কিন্তু সমগ্ৰ ঘটনা কিশোৰীগৰাকীয়ে নিসংকোচে মাতৃক অৱগত কৰে৷ ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযুক্ত বিপুল শইকীয়াক পকচ' আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

কেঁচা শাকতকৈ সিজোৱা শাক-পাচলি অধিক পুষ্টিকৰ নেকি?  গ্ৰীষ্মকালত শাক-পাচলি খোৱাৰ সঠিক পদ্ধতি
22/04/2024

কেঁচা শাকতকৈ সিজোৱা শাক-পাচলি অধিক পুষ্টিকৰ নেকি? গ্ৰীষ্মকালত শাক-পাচলি খোৱাৰ সঠিক পদ্ধতি





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

গৰমৰ দিনত এনেদৰে টেঙা ফল খাই দেহ শীতল কৰক। ই শৰীৰক শক্তি আৰু শীতলতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও প্ৰদান কৰে। ইয...
22/04/2024

গৰমৰ দিনত এনেদৰে টেঙা ফল খাই দেহ শীতল কৰক। ই শৰীৰক শক্তি আৰু শীতলতা প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও প্ৰদান কৰে। ইয়াত থকা ভিটামিন C য়ে বিভিন্ন ৰোগৰ সৈতে যুজিবলৈ শক্তি প্ৰদান কৰে। ভিটামিন C ৰ বাহিৰেও ইয়াত আৰু বহবিধ ভিটামিন আৰু খনিজ পদাৰ্থ আছে। যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

গৰমৰ বতৰত নাৰিকলৰ পানী খাব লাগে। ই শৰীৰটো শীতল কৰাৰ লগতে, সজীৱ আৰু শক্তিও প্ৰদান কৰে। নাৰিকলৰ পানীয়ে তেজ আৰু দেহৰ পৰা দ...
22/04/2024

গৰমৰ বতৰত নাৰিকলৰ পানী খাব লাগে। ই শৰীৰটো শীতল কৰাৰ লগতে, সজীৱ আৰু শক্তিও প্ৰদান কৰে। নাৰিকলৰ পানীয়ে তেজ আৰু দেহৰ পৰা দূষিত পদাৰ্থ আঁতৰাই বৃক্কৰ ৰোগ, ডায়েবেটিছ, লিভাৰৰ ৰোগ নাইকিয়া কৰিব পাৰে।

গধূলিৰ সময়ত খাই ভাল লগা আপোনাৰ প্ৰিয় খাদ্য 😋
22/04/2024

গধূলিৰ সময়ত খাই ভাল লগা আপোনাৰ প্ৰিয় খাদ্য 😋

শিলিখা আয়ুৰ্বেদৰ এক শক্তিশালী বনৌষধি, ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰ কেনেকৈ কৰিব লাগে জানিবলৈ পঢ়িব।
22/04/2024

শিলিখা আয়ুৰ্বেদৰ এক শক্তিশালী বনৌষধি, ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰ কেনেকৈ কৰিব লাগে জানিবলৈ পঢ়িব।





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

সাৱধান ! এই বেংকিং এপটোৱে একাউণ্ট খালী কৰিব , চৰকাৰে সকীয়াই দিছে, আজিয়েই ডিলিট কৰক
22/04/2024

সাৱধান ! এই বেংকিং এপটোৱে একাউণ্ট খালী কৰিব , চৰকাৰে সকীয়াই দিছে, আজিয়েই ডিলিট কৰক





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

গৰমৰ বাবে লাইভ নিউজ পঢ়ি থাকোতেই অজ্ঞান হৈ পৰে দূৰদৰ্শনৰ এংকৰ-অভিনেত্ৰী লোপামুদ্ৰা লোপামুদ্ৰ সিনহাঃ বাংলা টেলিভিছনৰ জনপ্...
22/04/2024

গৰমৰ বাবে লাইভ নিউজ পঢ়ি থাকোতেই অজ্ঞান হৈ পৰে দূৰদৰ্শনৰ এংকৰ-অভিনেত্ৰী লোপামুদ্ৰা

লোপামুদ্ৰ সিনহাঃ বাংলা টেলিভিছনৰ জনপ্ৰিয় মুখ লোপামুদ্ৰা। ইয়াৰ উপৰিও তেওঁৰ আন এক পৰিচয় হ’ল তেওঁ কলকাতা দূৰদৰ্শনৰ সাংবাদিক। বৃহস্পতিবাৰে বাতৰি পঢ়ি থকাৰ সময়তে তেওঁ অসুস্থ হৈ পৰে।

গৰমত সকলো অতিষ্ঠ । উষ্ণতা বৃদ্ধি পাইয়েই আছে। গৰমৰ বাবে ৰাজ্যৰ বহু লোক অসুস্থ হৈ পৰিছে। বিদ্যালয়সমূহত গ্ৰীষ্মকালৰ আৰম্ভণিতে ছুটী থাকে। কিন্তু কামৰ পৰা আৰু ছুটী নাই। এই হুলস্থুলত সকলোৱে কামলৈ যাব লাগে। লাইভ নিউজ পঢ়ি থকা অৱস্থাত অসুস্থ হৈ পৰে অভিনেত্ৰী-আয়োজক লোপামুদ্ৰা সিনহা।

বতৰৰ বতৰা পঢ়ি থাকোতেই অজ্ঞান হৈ পৰিল ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনৰ এগৰাকী ঘোষক ৷ ঘোষকগৰাকী হৈছে বাংলা দূৰদৰ্শনৰ লোপামুদ্ৰা সিনহা ৷ পশ্চিমবংগৰ দিনটোৰ তাপমান পঢ়ি থাকোতে হঠাতে অজ্ঞান হৈ ঢলি পৰে ঘোষকগৰাকী ৷ লগে লগে ষ্টুডিঅ’ তথা কাৰ্যালয়ত সৃষ্টি হয় হৈ চৈ পৰিস্থিতিৰ ৷

লোপামুদ্ৰা সিনহা বাংলা দূৰদৰ্শনৰ সমান্তৰালভাৱে এগৰাকী অভিনেত্ৰী আৰু ডিজিটেল ক্ৰিয়েটৰগৰাকীয়ে যোৱা বৃহস্পতিবাৰে এনেদৰে হঠাতে অজ্ঞান হৈ পৰে বুলি জানিব পৰা গৈছে ৷ বৰ্তমান সুস্থ হৈ উঠা লোপামুদ্ৰা সিনহাই সকলোকে সতেজ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে এনে প্ৰতিকূল বতৰৰ বিৰুদ্ধে যুঁজিবলৈ সকলোকে অনুৰোধ জনায় ।

ঘোষকগৰাকীয়ে বতৰৰ বাতৰি পৰিৱেশন কৰি থাকোঁতে হঠাতে টেলিপ্ৰমটাৰটোৰ আখৰবোৰ পঢ়িবলৈ অসুবিধা পাইছিল বুলি পৰৱৰ্তী সময়ত জনায় । লগতে সিনহাই হঠাতে ৰক্তচাপ হ্ৰাস পোৱাৰ বাবে অসুস্থ হৈ পৰা বুলি জানিবলৈ দিয়ে । অজ্ঞান হোৱাৰ পূৰ্বে দিনটোৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা পঢ়ি থকা সময়ত সিনহাৰ কণ্ঠ ম্লান পৰি অহা পৰিলক্ষিত হৈছিল ।

শীত-তাপ নিয়ন্ত্ৰিত ষ্টুডিঅ’টোও অত্যন্ত গৰম হৈ পৰিছিল বুলি উল্লেখ কৰাৰ লগতে সিনহাই ফেচবুক পোষ্টযোগে কয়, “মই কেতিয়াও পানীৰ বটল এটাও লগত নাৰাখো । মোৰ 21 বছৰীয়া কেৰিয়াৰত বাতৰি সম্প্ৰচাৰৰ সময়ত পানীৰ চুমুক দিয়াৰ প্ৰয়োজনীয়তা মই কেতিয়াও অনুভৱ কৰা নাই । কিন্তু, বাতৰিটোৰ সম্প্ৰচাৰ শেষ হ’বলৈ 15 মিনিট বাকী থকাৰ সময়ত মই মুখ শুকান শুকান অনুভৱ কৰিলো । যেতিয়া টিভিত মোৰ মুখখনৰ বিপৰীতে ভিজুৱেল দেখোৱা হৈছিল, তেতিয়া মই ফ্ল’ৰ মেনেজাৰৰ ফালে আঙুলিয়াই পানীৰ বটল এটা বিচাৰিছিলো ।"

দেওবাৰে দিয়া এটা পোষ্টত সিনহাই নিজৰ অৱস্থা ভাল বুলি দাবী কৰাৰ লগতে ৰক্তদান শিবিৰতো অংশ লোৱা বুলি জনায় । উল্লেখ কৰা প্ৰয়োজন যে, প্ৰচণ্ড গ্ৰীষ্মদাহনত ভুগিছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ ৷ গ্ৰীষ্ম প্ৰৱাহৰ ফলস্বৰূপে বিভিন্ন শ্ৰেণীৰ নাগৰিক নানান সমস্যা, প্ৰত্যাহ্বানৰ মুখামুখি হোৱা পৰিলক্ষিত হৈছে ৷

সোনোৱাল কছাৰী সকলৰ সাত বিহু সামৰণিৰ পাছতে বিহু উৰুৱা  অনুষ্ঠানটি উদযাপন কৰা হয়।বিহপুৰীয়াত পৰম্পৰাগতভাৱে বহুৱা নৃত্য প্ৰদ...
22/04/2024

সোনোৱাল কছাৰী সকলৰ সাত বিহু সামৰণিৰ পাছতে বিহু উৰুৱা অনুষ্ঠানটি উদযাপন কৰা হয়।

বিহপুৰীয়াত পৰম্পৰাগতভাৱে বহুৱা নৃত্য প্ৰদৰ্শন কৰা হয় ৷ প্ৰতি দুবছৰৰ মূৰেমূৰে মৰিছাপথাৰৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলে গাঁওখনৰ পৰা অপায় অমংগল দূৰ হোৱাৰ কামনাৰে এই নৃত্য পৰিৱেশন কৰে ৷

সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে বহুৱা থানৰ পৰা অপায় অমংগল ৰূপী তিনি বহুৱাক লগত লৈ গাঁওবাসীয়ে নৃত্য কৰাৰ লগতে পথাৰৰ মাজত অপেশ্বৰী ৰূপী নাচনী সকলৰ লগত সাতপাক ঘূৰি নাছি বাগি তিনি বহুৱাক গাঁৱৰ পৰা খেদি পঠিয়ায়। দক্ষ যজ্ঞৰ আধাৰত দীৰ্ঘদিনৰ পৰা গাঁওখনত পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি অহা হৈছে ৷

পূৱডিক্ৰং মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক পুৰঞ্জয় সোণোৱালে আঁত ধৰা বহুৱা নৃত্যৰ কাৰ্যসূচীত গাঁওখনৰ যুৱক যুৱতী আৰু মহিলা সকলে বিহুৰ আনন্দত মতলীয়া হৈ পৰে৷ বহুৱা নৃত্য চাবৰ বাবে মৰিছাপথাৰত অগণন লোকৰ সমাৱেশ হয় ৷

অসমৰ অন্যতম জনজাতি জনগোষ্ঠি সোনোৱাল কছাৰী সকলৰ সাত বিহু সামৰণিৰ পাছতে বিহু উৰুৱা অনুষ্ঠানটি উদযাপন কৰা হয়।

পৰম্পৰা অনুসৰি গাওঁখনৰ এটা মূৰৰ পৰা কলপাত চিৰিলি-চিৰিলি ফালি বহুৱা সজাই আনটো দিশলৈ নি বিহু সামৰণি মাৰে। জনবিশ্বাস অনুসৰি বহুৱা বা বিহু উৰুৱা অনুষ্ঠানৰ জৰিয়তে গাওঁখনৰ অপায়-অমঙ্গল আঁতৰোৱাৰ বাবে প্ৰাৰ্থনা জনায়।

এই অনুষ্ঠানত গাওঁখনৰ ডেকা-গাভৰু, বৃদ্ধ-বৃদ্ধা সকলোৱে আনন্দৰ মাজতে এই অনুষ্ঠানটিৰ জৰিয়তে বিহু সামৰণি পেলায়।

উষ্ণতাৰ পৰিৱৰ্তনে বৃক্কতো প্ৰভাৱ পেলায় নেকি?  বিতংভাৱে জানিবলৈ পঢ়িব।
21/04/2024

উষ্ণতাৰ পৰিৱৰ্তনে বৃক্কতো প্ৰভাৱ পেলায় নেকি? বিতংভাৱে জানিবলৈ পঢ়িব।





Assamese News, Technical, Assam job. Technical Information, Job News, Health Tips, Assamese Health Tips

Address

Baksa
Guwahati

Website

https://www.goodassam.online/

Alerts

Be the first to know and let us send you an email when Good Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Good Assam:

Videos

Share


Other News & Media Websites in Guwahati

Show All

You may also like