Chabua-Lahowal LIVE

Chabua-Lahowal LIVE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Chabua-Lahowal LIVE, Media/News Company, Dibrugarh.

17/10/2023
06/10/2023

চাবুৱাৰ টাটা গেটৰ সমীপৰ এখন হোটেলত হৈছে কি ?
মটক ছাত্ৰ সন্থাই পোহৰলৈ আনিছে ভয়াবহ দৃশ্য ।
সাংবাদিকক কেমেৰা কৰিবলৈ বাধা প্ৰদান কৰি প্ৰাণে মৰাৰ ভাবুকি এজন ব্যক্তিৰ ! চাওঁক পৰিবেশ ……

06/10/2023

মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত 'জেৰাই কাপ' ফুটবল প্ৰতিযোগিতা আৰম্ভ

06/10/2023

দধিয়াত পুৱাই প্ৰতিবাদ
চাওঁক সবিশেষ

03/10/2023

চাবুৱাৰ পোলোঙা পঞ্চায়তত অমৃত কলহ যাত্ৰা ….

02/10/2023

লাহোৱালত বৃহত্তৰ নাগৰিক মঞ্চ গঠন

02/10/2023

লাহোৱালত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি …

02/10/2023

চাবুৱা-পানীতোলা অঞ্চলত বৃদ্ধি পাইছে ড্ৰাগচৰ ভয়াবহতা ! ওলাই আহিল বয়োজ্যেষ্ঠ সকল ….

30/09/2023

ডি ডি আৰ মহাবিদ্যালয়ত হোৱা সংঘাটৰ পিছতেই অসম ছাত্ৰ পৰিষদৰ মন্তব্য …

30/09/2023

সাৱধান …..
ডি ডি আৰ মহাবিদ্যালয়ৰ পৰিবেশ বিনষ্ঠ কৰি চাবুৱাৰ সন্মান নষ্ট কৰিব খুজিলে ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে চুড়ান্ত সিদ্ধান্ত লোৱাৰ ঘোষণা অধ্যক্ষৰ ….

29/09/2023

গুণ্ডা উলাইছে ‌ডি ‌ডি আৰ মহাবিদ্যালয়ত।
সহপাঠী ওচৰতেই নিৰাপত্তাহীনতাত একাংশ ছাত্ৰ।

29/09/2023

প্ৰয়াত সাংবাদিক গণেশ মহন্তৰ ত্ৰয়োদশ মৃত্যু বাষির্কীত ৰাইজৰ শ্ৰদ্ধাঞ্জলী

29/09/2023

হাইদৰাবাদৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতেই সন্ধানহীন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাঁৱৰ এজন যুৱক

29/09/2023

ৰহমৰীয়াবাসীক কথা দি কথা ৰাখিলে বিধায়ক পোনাকন বৰুৱাই। চাওঁক সবিশেষ

29/09/2023

👉উজনিত ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক অপৰাধ তদন্তকাৰী সংস্হাৰ অভিযান।
👉ৰহমৰীয়াত নিশা অভিযান চলাই দুজনক আটক …

28/09/2023

কি হৈছে চাবুৱা চেইন্ট লুকচ হাস্পাতালত ! চাওঁক Exclusive

28/09/2023

লাহোৱালত কেঞ্চাৰ হোৱা এগৰাকী মহিলাই ঘৰতেই দৰৱ প্ৰস্তত কৰি ভাল কৰিলে নিজৰ কেঞ্চাৰ বেমাৰ ! এই বাতৰি সংবাদমাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই বিপদত পৰিছে মহিলাগৰাকী ! কিন্তু কিয় চাওঁক …

28/09/2023

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে ধূপাবৰ মাইজানত বিধায়ক পোনাকন বৰুৱাক আদৰণি ৰাইজৰ

28/09/2023

জেৰাই গাওঁ পঞ্চায়তত অমৃত কলহ ‌যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত। উপস্থিত সাংসদ প্ৰদান বৰুৱা,বিধায়ক বিনোদ হাজৰিকা।

28/09/2023

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে ৰংচঙী গাওঁ পঞ্চায়ত চাবুৱা লাহোৱাল সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পাছতে ৰাইজৰ সৈতে আলোচনাত মিলিত হ'ল বিধায়ক বিনোদ হাজৰিকা।

28/09/2023

বিগত সাত মাহ ধৰি এটা ডাকঘৰত উলমি আছে প্ৰকাণ্ড তলা । চাওঁক সবিশেষ

যুক্তি আছে।
21/12/2022

যুক্তি আছে।


🔹 শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া প্ৰচেষ্টাত শিৱসাগৰবাসী ৰাইজৰ বাবে এক ডাঙৰ সফলতা :-- আজি শিৱসাগৰ জেঙনিক...
16/12/2022

🔹 শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া প্ৰচেষ্টাত শিৱসাগৰবাসী ৰাইজৰ বাবে এক ডাঙৰ সফলতা :--

আজি শিৱসাগৰ জেঙনিকটীয়া বনিয়াবাৰীত এটি অত্যাধুনিক "ধান ক্ৰয় কেন্দ্ৰৰ" উদ্ধোধনী কৰা হয়। শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত শিৱসাগৰ সমষ্টিত এটা অতি আধুনিক (state-of-the-art) ধান ক্ৰয় কেন্দ্ৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিল। এতিয়াৰ পৰা শিৱসাগৰ শ্ৰমজীৱি কৃষকসকলে প্ৰতি কুইন্টল ধানত ২০৪০ টকা মূল্যত ধান ক্ৰয়-বিক্ৰয় কৰিব পাৰিব। আজি অসমৰ অৱকাৰী বিভাগৰ মন্ত্ৰী সন্মানীয় পৰিমল শুক্লবৈদ্য ডা‌ঙ‌ৰীয়া আৰু শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ ডাঙৰীয়া, অতিৰিক্ত জিলা উপায়ুক্ত কৰ্মদেৱ ব্ৰক্ষ্ম ডাঙৰীয়াৰ উপস্থিতিত কেন্দ্ৰটো উদ্ধোধন কৰা হয়। উক্ত উদ্ধোধনী অনুষ্ঠানত বিধায়কৰ প্ৰতিনিধি হিচাপে বিধায়ক অখিল গগৈ ডাঙৰীয়া ব্যক্তিগত সচিব অম্লানজ্যোতি গগৈ ডাঙৰীয়া, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ ডা‌ঙ‌ৰীয়া, নাৰী বলৰ উপদেষ্টা ৰূপা বৰা ডা‌ঙ‌ৰিয়ানী, জিলাৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আহমেদ ডা‌ঙ‌ৰীয়া আৰু জিলাৰ সহকাৰী সম্পাদক ছৈয়দ ৱাহিদ হুছেইন ডা‌ঙ‌ৰীয়া উপস্থিত থাকে ।

Raijor Dal ৰাইজৰ দল
Akhil Gogoi

12/12/2022

'কা'আন্দোলনৰ সঁচা কথাবোৰ
__________ ✒️ ধৈৰ্য কোঁৱৰ

কা' বলবৎৰ বিৰুদ্ধে ২০১৯চনৰ ডিচেম্বৰৰ আন্দোলনটো অসমৰ জাতীয় জীৱনৰ বাবে এক উল্লেখযোগ্য বিদ্ৰোহ আছিল।এই আন্দোলন সফল হোৱা হলে অসমৰ জাতীয় জীৱনৰ বহুবোৰ প্ৰশ্নৰ মীমাংসাৰ দিশে আগবাঢ়িল হয়।কেৱল মাত্ৰ বাংলাদেশ,পাকিস্তান, আফগানিস্তানৰ পৰা অহা হিন্দু বিদেশীসকলক নাগৰিকত্ব দিয়াৰ প্ৰশ্নটোতে এই আন্দোলন সীমাবদ্ধ নাছিল।আমি ভাবোঁ অসম তথা উত্তৰ -পূৰ্বাঞ্চলৰ দৰে প্ৰান্তীয় অঞ্চলসমূহক দিল্লীয়ে দীৰ্ঘদিন ধৰি কৰি অহা শোষণ, বঞ্চনাৰো ই আন এক বহিঃপ্ৰকাশ আছিল।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা দিল্লীৰ ঔপনিবেশিক নীতি আৰু অতিকেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰতি জনতাৰ বুকুত উমি উমি জ্বলি থকা জুইকুৰাও অসমৰ এই বিদ্রোহত প্ৰকাশ পাইছিল।সেইকাৰণে অসমৰ সংগ্ৰামৰ ইতিহাসত ডিচেম্বৰৰ এই বিদ্ৰোহক উল্লেখযোগ্য পৰিঘটনা বুলিব পাৰি।
ডিচেম্বৰৰ এই বিদ্রোহক দিল্লীৰ উচিচিষ্ট ভক্ষক এচাম জাতীয় নেতা, দালালে বিপথে পৰিচালিত কৰিলে।যি কথা আজি সৰ্বজন বিদিত।এই আন্দোলন থমকি ৰোৱাৰ আন এক দুৰ্বলতা হ'ল দিল্লীৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব পৰা ৰাজ নেতা এতিয়ালৈকে জাতীয় জীৱনে তৈয়াৰ কৰিব নোৱাৰা।বিধানসভাত বিৰোধীয়ে এই সন্দৰ্ভত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেয়া নকৰিলে।হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱালহতে দিল্লীৰ উচিচিষ্ট ভক্ষণ কৰি জাতিটোক কেৱল বলিশালত তুলি দিলে।এওঁলোকেএতিয়া অসমত 'কা' প্রয়োগ হলে অসমৰ ৰাইজে হাত চাপৰি বজাব পৰাকৈ হিতাধিকাৰীময় পৰিবেশ এটা গঢ়ি পেলাইছে।জাতিৰ বিশ্বাসঘাতকবোৰৰ নিগনি দৌৰত সচেতন নাগৰিকেও থাউনি নোপোৱা হৈছে।হিমন্ত বিশ্ব শৰ্মাই জনতাৰ ওপৰত কৰ আৰু পুলিচ লগাই নতুন ৰূপত ঔপনিবেশিক দমন আৰম্ভ কৰি দিছে।কা' বিৰোধী ডিচেম্বৰৰ এই বিদ্ৰোহ সফল হোৱা হলে অন্তত অসমৰ জনগণে পুলিচী দমন আৰু কৰৰ বুজাৰ পৰা মুক্তি পালে হয়।লগতে জাতীয় জীৱনৰ বহুবোৰ প্ৰশ্নৰ মীমাংসাৰ বাট এটা মুকলি হল হয়।কিন্তু জাতিৰ তেজ পি খোৱা এচাম দালাল, ৰাজনৈতিক নেতা আৰু ছদ্মবেশী জাতীয়তাবাদীয়ে এই আন্দোলনক সফল হ'ব নিদিলে।
'কা' বিৰোধী ডিচেম্বৰৰ এই বিদ্ৰোহক অতি সু-সংহত ভাৱে অধিকাৰ আঁজুৰি অনা গণ বিদ্ৰোহ লৈ ৰূপান্তৰ কৰিব কাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈয়ে আপোচবিহীন ভাৱে চেষ্টা কৰিছিল।ডঃ হীৰেণ গোহাঁই ছাৰৰ নেতৃত্বতও অসমৰ কেইবাগাৰকীও প্ৰখ্যাত বুদ্ধিজীৱীয়ে এই আন্দোলনক সফল কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল।কটন বিশ্ববিদ্যালয়,গুৱাহাটীৰ বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ সমূহ এই আন্দোলনত উবুৰি খাই পৰিছিল।দৰাচলতে স্বতঃস্ফূৰ্ত এই ঐতিহাসিক আন্দোলনটোৰ ছাত্ৰ সকলে প্ৰধান নেতৃত্ব আছিল।এই আন্দোলনৰ আগলৈকে ২০১৭চনৰ পৰা 'কা' বিৰোধী আন্দোলনক নেতৃত্ব দিয়া, নাগৰিকত্ব সংশোধনী আইনক ফঁহিয়াই ফঁহিয়াই জনতাৰ মাজলৈ লৈ যোৱা, অসমত এই আন্দোলনৰ জুমুঠিটো তৈয়াৰ কৰি ৰাইজৰ মাজত এই আন্দোলনক জনপ্রিয় আৰু শক্তিশালী কৰি তোলা মূল মানুহ জনেই আছিল অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি।চৰকাৰৰ ভয় তাতে।বিদ্ৰোহৰ সেই দিনবোৰত উজনিৰ পৰা অখিল গগৈয়ে আন্দোলন আৰম্ভ কৰিলে।হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিছিল।আমাৰ গৃহ জিলা শিৱসাগৰতে অখিল গগৈক লাখৰো অধিক লোকে লগ দিলে।শিৱসাগৰ পৰা অখিল গগৈ যোৰহাটৰ পালে তাতো হাজাৰ হাজাৰ জনতা।ইফালে গুৱাহাটীত ছাত্ৰ সমাজৰ নেতৃত্বত হাজাৰ হাজাৰ ছাত্ৰ আৰু নাগৰিক ওলাই আহিল।আমাৰ চকুৰে দেখা এইটো এটা সৰ্ববৃহৎ গণতান্ত্ৰিক আন্দোলন আছিল।অখিল গগৈ যাতে কোনো কাৰণতে গুৱাহাটী নাপায় তাৰ ব্যৱস্থা কৰা হল।যোৰহাটতে অখিল গগৈক গ্ৰেপ্তাৰ কৰি 'নিয়া'লগাই দিয়া হল।লগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই সতীৰ্থ মানস কোঁৱৰ আৰু লক্ষজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰিলে।ইফালে বিটু সোণোৱাল আৰু আমাকো গ্ৰেপ্তাৰ কৰি 'নিয়া'ত দিলে।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু সদস্যক জেলত দিলে।অসমৰ বহু নিৰীহৰে জেল ভৰাই দিয়া হল।কেৱল সেইদিনবোৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাতে চাৰিশৰো অধিক লোকক গ্ৰেপ্তাৰ কৰি ৰখা হল।ৰাতিটোৰ ভিতৰতে অসম চৰকাৰে জি পি সিঙক মাতি আনি পাঁচজনকৈ তৰুণক গুলিয়াই হত্যা কৰিলে।ছেম ষ্টেফ'ড,ঈশ্বৰ নায়ক, দ্বিজেন্দ্ৰ পাংগিং, দীপাঞ্জল দাস, আব্দুল হালিমহ'তৰ কেঁচা তেজতে চক্ৰান্তকাৰীসকলে ৰাজনীতি আৰম্ভ কৰি দিলে।হঠাৎ পেট্ৰিয়ত হৈ উঠা একাংশ গায়ক,জাতীয়তাবাদী আৰু দালালে নিজৰ চতুৰালি আৰম্ভ কৰি দিলে।কৌশলেৰে আপোচকামীসকলৰ হাতলৈ চৰকাৰে এই আন্দোলনৰ নেতৃত্ব ঠেলি দিলে আৰু ছদ্মবেশীসকলেও কৌশলেৰে জনতাৰ পৰা হাত চাপৰি আদায় কৰি ল'লে।

এটি নতুন কবিতা
09/12/2022

এটি নতুন কবিতা

আজি অনুষ্ঠিত হৈ যোৱা ৰাইজৰ দল শিৱসাগৰ জিলাৰ অন্তৰ্গত থাওৰা সমষ্টি সমিতিৰ গঠন সভাত আইদুন বৰপাত্ৰ গোঁহাই  (মুন দা) ৰাইজৰ দ...
07/12/2022

আজি অনুষ্ঠিত হৈ যোৱা ৰাইজৰ দল শিৱসাগৰ জিলাৰ অন্তৰ্গত থাওৰা সমষ্টি সমিতিৰ গঠন সভাত আইদুন বৰপাত্ৰ গোঁহাই (মুন দা) ৰাইজৰ দল থাওৰা সমষ্টি সমিতিৰ নৱ-নিবাচিত সভাপতি নিৰ্বাচিত হয়। আমাৰ ফালৰ পৰা ককাইদেউ লৈ অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।

আজি ৰাইজৰ দলৰ থাওৰা বিধানসভা সমিষ্টি সমিতিৰ দায়িত্ব প্ৰাপ্ত নৱ- নিৰ্বাচিত প্ৰতিগৰাকী সতীৰ্থক আমাৰ তৰফৰ পৰা অলেখ শুভেচ্ছা...
07/12/2022

আজি ৰাইজৰ দলৰ থাওৰা বিধানসভা সমিষ্টি সমিতিৰ দায়িত্ব প্ৰাপ্ত নৱ- নিৰ্বাচিত প্ৰতিগৰাকী সতীৰ্থক আমাৰ তৰফৰ পৰা অলেখ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।মুক্তিকামী জনতাৰ আপোনালোক ভৰসা হওক, ৰূপান্তৰৰ বাট কাটক।
Raijor Dal ৰাইজৰ দল
Jatiya Yuva Bahini - জাতীয় যুৱ বাহিনী
থাওৰা সমষ্টি - ৰাইজৰ দল

24/11/2022
ধৈৰ্য কোঁৱৰ ককাইদেউ তোমাৰ জন্ম দিনৰ হাজাৰ-অযুত শুভকামনা জনালোঁ। আহিবলগীয়া দিনবোৰ মনৰ জোখাৰে সুখী হোৱা।Dhaijya Konwar   ...
20/11/2022

ধৈৰ্য কোঁৱৰ ককাইদেউ তোমাৰ জন্ম দিনৰ হাজাৰ-অযুত শুভকামনা জনালোঁ। আহিবলগীয়া দিনবোৰ মনৰ জোখাৰে সুখী হোৱা।
Dhaijya Konwar

#ধৈৰ্য_কোঁৱৰ #ৰাইজৰ_দল

ৰাইজৰ বাবে অনবৰতে সংগ্ৰাম কৰি থকা দুজন ব্যক্তি। #ধৈৰ্য_কোঁৱৰ      #ৰাইজৰ_দল
17/11/2022

ৰাইজৰ বাবে অনবৰতে সংগ্ৰাম কৰি থকা দুজন ব্যক্তি।
#ধৈৰ্য_কোঁৱৰ

#ৰাইজৰ_দল

 #ধৈৰ্য_কোঁৱৰ জিন্দাবাদ।।
08/11/2022

#ধৈৰ্য_কোঁৱৰ জিন্দাবাদ।।

ৰাইজৰ দল ৰাইজৰ বল।।
07/11/2022

ৰাইজৰ দল ৰাইজৰ বল।।

07/11/2022

https://youtu.be/HsiSSfd9mHY
দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৬ নং কটিয়ৰী সমষ্টিৰ ৰাইজলৈ ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰা বাৰ্তা-
#ৰাইজৰ_দল

05/11/2022

মোৰ স্বাস্থ্যৰ খবৰ লোৱা সকলোকে কৃতজ্ঞতা

মোৰ স্বাস্থ্যৰ বাবে উদ্বিগ্ন হোৱা আৰু কুশল কামনা কৰা সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ। কালি কৰ্ণাটকৰ বেংগালুৰুৰ নাৰায়ণা হেল্থচিটি চিকিৎসালয়ত মোৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। চিকিৎসালয়খনৰ চিকিৎসকদ্বয় ড০ শ্ৰেসা শংকৰ মায়া আৰু ড০ কপিল ক'মাৱাটে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। তেখেতসকলক গভীৰ কৃতজ্ঞতা জনাইছোঁ। লগতে কৃতজ্ঞতা জনাইছোঁ চিকিৎসালয়খনৰ বিষয়া বিকি ৰয়ক, যিয়ে চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে। কৃতজ্ঞতা জনাইছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডা০ অভিজিত শৰ্মা আৰু হৃদযন্ত্ৰৰ বিভাগৰ চিকিৎসক ডা০ ফাৰহিন ইকবালক। সকলো সময়তে লগত থাকি ব্যৱস্থাটোৰ তত্বাৱধান কৰা ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তথা ভাতৃপ্ৰতীম দেবাংগ সৌৰভ গগৈকো ধন্যবাদ জনাইছোঁ। অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যক্তি, অনুষ্ঠান- প্ৰতিষ্ঠান, দল-সংগঠনে মোৰ অসুস্থতাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিলে, সাহস যোগালে, নামঘৰ, মন্দিৰ, দৌল, মছজিদ, গীৰ্জা আদিত প্ৰাৰ্থনা জনালে সকলোকে গভীৰভাৱে কৃতজ্ঞতা জনাইছোঁ। চিকিৎসকে প্ৰকাশ কৰা অনুসৰি অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফলতাৰে সম্পন্ন হৈছে। আশা কৰিছো কম সময়ৰ ভিতৰতে সামাজিক কাম-কাজত পুনৰ জড়িত হ’ব পাৰিম।উল্লেখযোগ্য যে কা বিৰোধী আন্দোলনৰ সময়ত ২০১৯ চনৰ পৰা ২০২১ চনলৈ ১ বছৰ ৭ মাহ কাৰাগাৰত থকাৰ সময়ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আৰু তাৰপাছত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত মোৰ ছুপ্ৰাভেন্টিকুলাৰ টেকিকাৰ্ডিয়া নামৰ এই অসুখটো প্ৰথমে আৰম্ভ হৈছিল। তাৰ পৰৱতী সময়ত পুনৰ দুবাৰ এই ৰোগত আক্ৰান্ত হৈছিলোঁ। আৰু ইয়াৰে শেহতীয়াবাৰ আক্ৰান্ত হৈছিলোঁ দিল্লীত। দিল্লীত আক্ৰান্ত হোৱাৰ পাছত গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসা কৰাবলৈ গৈছিলোঁ যদিও মেডিকেল কলেজত এই ৰোগৰ অস্ত্ৰোপচাৰৰ সুবিধা নথকাৰ বাবে মোক বেংগালুৰুলৈ প্ৰেৰণ কৰা হৈছিল। বেংগালুৰুলৈ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কিছু আগতীয়া ধন অসম বিধান সভাৰ পৰা উলিয়াই দিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ, সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, প্ৰধান সচিব হেমেন দাস, অধ্যক্ষৰ সচিব সৌমেন বৰুৱা আৰু একাউণ্টচ বিভাগৰ বিষয়া বিমল শৰ্মাই। তেখেতসকল সকলোকে গভীৰ কৃতজ্ঞতা জনালোঁ।

05/11/2022

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৬ নং কটিয়ৰী সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ দেউৰী হৈ ৰাইজৰ দলৰ নিৰ্বাচনৰ প্ৰচাৰ।
#ৰাইজৰ_দল

Address

Dibrugarh
786010

Telephone

+919101309212

Website

Alerts

Be the first to know and let us send you an email when Chabua-Lahowal LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share