All Assam News 24×7

All Assam News 24×7 এই পেজটো All Assam News30 ৰ এটা অংশ। আপোনালোকে ইয়াতেও সদায় বাতৰি পাই থাকিব।
(2)

👉ডিগবৈ শোধনাগাৰত হিন্দী পষেকৰ বঁটা বিতৰণী সভা।🌐অসম অইল সংমণ্ডল কৰ্তৃপক্ষই ডিগবৈ শোধনাগাৰৰ বিষয়া- কৰ্মচাৰী,স্থানীয় বিদ্...
02/10/2024

👉ডিগবৈ শোধনাগাৰত হিন্দী পষেকৰ বঁটা বিতৰণী সভা।

🌐অসম অইল সংমণ্ডল কৰ্তৃপক্ষই ডিগবৈ শোধনাগাৰৰ বিষয়া- কৰ্মচাৰী,স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হিন্দী পষেক উপলক্ষে বিভিন্ন প্ৰতিযোগিতা যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিত কৰে।

🌐হিন্দী পষেক সামৰণি আৰু বঁটা বিতৰণ সভা সোমবাৰে গ'ল্ডেন জুবিলী কমপ্লেক্সত অনুষ্ঠিত হয়। শোধনাগাৰৰ সংগীত,বন্তি প্ৰজ্বলন আৰু দেশভক্তি গীত পৰিৱেশন কৰি কাৰ্য্যসূচী শুভাৰম্ভ কৰা হয়।

🌐ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ কাৰ্য্যবাহী সঞ্চালক তথা শোধনাগাৰ মূৰব্বী অজয় কায়লা, মুখ্য মহাপ্ৰৱন্ধক সুশান্ত কুমাৰ দাস, ধনজিৎ বৈশ্য আৰু কমল বসুমতাৰী আৰু হিন্দী পষেকৰ মুখ্য অতিথি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পুস্পা সিং আদিয়ে বক্তব্য প্ৰদান কৰি বঁটা সমূহ প্ৰদান কৰে।

🌐আৰম্ভণিতে হিন্দী পষেকৰ তাৎপৰ্য ব্যাখ্যা কৰে হিন্দী বিভাগ আৰু কৰ্প'ৰেট যোগাযোগ বিষয়া মহেশ তিৱাৰীয়ে। অনুষ্ঠানত একাধিক গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিয়ে।

✍️ বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉দুৰ্নীতিৰ ক'লা ডাৱৰে যেন চানি ধৰিছে চাপৰ শালকোচা উন্নয়ন খণ্ড*👉এতিয়া চৰকাৰী আঁচনি সমূহ জনপ্ৰতিনিধিৰ বাবে যেন হৈ পৰিছে ...
02/10/2024

👉দুৰ্নীতিৰ ক'লা ডাৱৰে যেন চানি ধৰিছে চাপৰ শালকোচা উন্নয়ন খণ্ড*

👉এতিয়া চৰকাৰী আঁচনি সমূহ জনপ্ৰতিনিধিৰ বাবে যেন হৈ পৰিছে ধন ঘটাৰ আঁচনি*

👉পুঠিমাৰী গাওঁ পঞ্চায়তৰ বাট পথে উদঙাইছে উন্নয়নৰ ফোপোলা স্বৰূপ*

👉আজিলৈকে পথটোত নপৰিল শিল ,অকল বালী ছটিয়াই সমাপ্ত কৰিলে কাম*

👉আজি আপোনালোকক দেখুৱাম এটি প্ৰায় ১০ লাখ টকাৰ পথ*

👉পথটো দেখিলেই আপোনাৰো চকু কপালত উঠিব*

👉এয়া আচলতে পথ নহয় পুখুৰী বুলিহে ক'ব পাৰি*

👉পথটোৰ দূৰৱস্থাৰ বাবে গাওঁখনত আহিব নোৱাৰে কোনো ধৰণৰ জৰুৰীকালীন সেৱা*

👉নিৰ্লিপ্ত ভুমিকাত বিভাগীয় কতৃপক্ষ*

👉ধুবুৰী জিলাৰ চাপৰ শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত পুঠিমাৰী গাওঁ পঞ্চায়তৰ অধীনস্থ নায়েৰআলগা পাৰাৰ এটি পথে জলা কলা খুৱাইছে গাঁৱৰ ৰাইজক।উক্ত পথটোৰ নিৰ্মাণৰ বাবে প্ৰায় ১০ লাখ টকা আবণ্টন দিয়ে যদিও জনপ্ৰতিনিধিয়ে পথটোত কেই ট্ৰেক্টৰ মান বালী পেলাইয়ে বাকী ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে উক্ত পথটোত Wases ৰ নামত আবণ্টন হৈছিল *৭,৯৩,৪৪৩* টকা আৰু Materials ৰ নামত আবণ্টন হৈছিল *১,৩৯,৪৬৬* টকা। কিন্তু জনপ্ৰতিনিধিয়ে Wases ৰ নামত আবণ্টন হোৱা টকাৰ অধিকাংশ টকা আত্মসাত কৰাৰ লগতে Materials ৰ নামত আবণ্টন হোৱা সম্পূৰ্ণ টকায় আত্মসাৎ কৰাৰ অভিযোগ।
অতি সোনকালে পথটো পুনৰ নিৰ্মাণ কৰি ৰাইজৰ যাতায়তৰ বাবে সুচল কৰি দিবলৈ দাবী জনায় স্থানীয় ৰাইজে।

fans ALL ASSAM News 30 All Assam News 24×7 Himanta Biswa Sarma Akhil Gogoi

👉মাৰ্ঘেৰিটাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত। কথমপি প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীসকল। 👉নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এখন দেৱালত প্ৰথমে ...
27/09/2024

👉মাৰ্ঘেৰিটাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত। কথমপি প্ৰাণ ৰক্ষা ছাত্ৰ-ছাত্ৰীসকল।

👉নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এখন দেৱালত প্ৰথমে খুণ্ডা মাৰি পুনৰ এজোপা প্ৰকাণ্ড গছত প্ৰচণ্ড খুণ্ডা মাৰে। দৈব্যক্ৰমে প্ৰাণৰক্ষা অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী।মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবৰ কাষত সংঘটিত হয় এই দুৰ্ঘটনাটো।পুৱা ছেইণ্ট মেৰিজ স্কুলৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা সময়তে দুৰ্ঘটনাত পতিত হয় স্কুলৰ বাছখন।আঘাতপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ হৈছে - AS-23-AC-7599।
ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে।

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉উলুপত দুষ্কৃতিকাৰীয়ে জেচিবিয়ে ভাঙি পেলালে কৃষক কল্যাণ কেন্দ্ৰ।*👉মাৰ্ঘেৰিটাৰ উলুপত নিশা দুষ্কৃতিকাৰীয়ে কৃষক কল্যাণ কেন্দ...
27/09/2024

👉উলুপত দুষ্কৃতিকাৰীয়ে জেচিবিয়ে ভাঙি পেলালে কৃষক কল্যাণ কেন্দ্ৰ।*

👉মাৰ্ঘেৰিটাৰ উলুপত নিশা দুষ্কৃতিকাৰীয়ে কৃষক কল্যাণ কেন্দ্ৰটো ভাঙি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।*

👉নিশাভাগত কোনো দুষ্কৃতিকাৰীয়ে জেচিবিৰ সহায়ত সম্পূৰ্ণ ৰূপে ভাগি পেলায় উলুপ কৃষক কল্যাণ কেন্দ্ৰটো।কোনে কি অভিসন্ধিয়ে কৃষক কল্যাণ কেন্দ্ৰটো ভাগি পেলালে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।*

👉গ্ৰাম্য অঞ্চলৰ কৃষক ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰা কৃষক কল্যাণ কেন্দ্ৰটো নিশা দুষ্কৃতিকাৰীয়ে ভাগি পেলোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে স্থানীয় ৰাইজে। ইতিমধ্যে মাৰ্ঘেৰিটাৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।*


✍️ বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉তিনিচুকীয়া জিলাত ৮১ হাজাৰ নতুন হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড।👉 "ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩" ৰ অধীনত  নতুন হিতাধিক...
27/09/2024

👉তিনিচুকীয়া জিলাত ৮১ হাজাৰ নতুন হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড।

👉 "ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩" ৰ অধীনত নতুন হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া সুচাৰুৰূপে আৰু সফলভাৱে সমাপ্ত কৰাৰ বাবে কালি শ্ৰম মন্ত্ৰী সঞ্জয় কিশানৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাও উপস্থিত থাকে। সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি তিনিচুকীয়া জিলাত নতুনকৈ ৮১ হাজাৰ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।তিনিচুকীয়া বিধানসভা সমষ্টিত ১৩,০০০, মাকুম সমষ্টিত ১১,০০০, ডিগবৈত ১১,৫০০, ডুমডুমাত ১১,৫০০, মাৰ্ঘেৰিটাত ১৩,০০০ আৰু শদিয়া সমষ্টিত ১৫,০০০ নতুন হিতাধিকাৰী বাছনি কৰা হ'ব।

👉ইয়াৰ উপৰিও জিলা ভিত্তিক অতিৰিক্ত ৬০০০ হিতাধিকাৰী নিৰ্বাচনৰ লক্ষ্য ৰখা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জানিবলৈ দিয়া অনুসৰি অহা ১৫ অক্টোবৰৰ ভিতৰত ইয়াৰ বাবে আবেদন পত্ৰ দাখিল কৰিব পাৰিব। ইয়াৰ পিছতে এই সমূহ পৰীক্ষাৰ অন্তত ১৮ অক্টোবৰত খচৰা তালিকা প্ৰকাশ কৰা হ'ব। ১৮ ৰ পৰা ২০ অক্টোবৰলৈ খচৰা তালিকাৰ সন্দৰ্ভত দাবী আৰু আপত্তি গ্ৰহণ কৰা হ'ব। ২০ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ দাবী আৰু আপত্তিৰ শুনানি গ্ৰহণ কৰা হ'ব। সকলো নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ অন্তত ২৮ অক্টোবৰত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব বুলি জিলা আয়ুক্তৰ দ্বাৰা স্বাক্ষৰিত এখন জাননীত প্ৰকাশ। অহা ১৫ নৱেম্বৰৰ ভিতৰত নতুন হিতাধিকাৰী সকলৰ নাম অন্তৰ্ভুক্ত কৰণ সম্পূৰ্ণ কৰি কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।

👉যিসকল পৰিয়ালৰ বছৰি আয় ৪ লাখতকৈ কম আৰু কোনো চৰকাৰী ঠিকাভিত্তিক বা নিয়মীয়া চাকৰিয়াল নহয় বা পঞ্চায়ত আৰু পৌৰসভাৰ সদস্য নহয় তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিসহ আবেদন কৰিব পাৰিব। এই তালিকা শুদ্ধভাবে প্ৰস্তুত কৰাৰ বাবে আৰু কোনো উপযুক্ত লোক যাতে বঞ্চিত নহয় সেইটো নিশ্চিত কৰিবলৈ জিলা আয়ুক্ত স্বপ্নীল পালে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপৰি সকলো খণ্ড উন্নয়ন বিষয়া আৰু পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলক নিৰ্দেশ দিছে। সভাত অতিৰিক্ত আয়ুক্ত চিন্ময় পাঠক,বিধায়কসকলৰ প্ৰতিনিধি, খণ্ড উন্নয়ন বিষয়াসকল,পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল আৰু যোগান বিভাগৰ বিষয়াসকল উপস্থিত থাকে।উল্লেখযোগ্য যে,সম্প্ৰতি জিলাখনৰ ৮ লাখ ৫৯ হাজাৰ হিতাধিকাৰীয়ে খাদ্য সুৰক্ষা-আইনৰ অধীনত ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰি আছে।

fans ALL ASSAM News 30 All Assam News 24×7

👉 এইবাৰ চাইবাৰ ক্ৰাইমত নামিছে চৰকাৰী চাকৰীয়াল ।👉 চাইবাৰ ক্ৰাইমত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী।👉...
26/09/2024

👉 এইবাৰ চাইবাৰ ক্ৰাইমত নামিছে চৰকাৰী চাকৰীয়াল ।

👉 চাইবাৰ ক্ৰাইমত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী।

👉 ধিঙৰ জাৰামাৰী নতুন প্ৰাৰ্থমিক স্বাস্থ্য কেন্দৰ ফাৰ্মাছিষ্ট বাহাৰুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ ।

👉 চাইবাৰ ক্ৰাইমত জড়িত বাহাৰুল ইছলামৰ লগতে জাৰামাৰীৰ আছিক কুৰেছি ওৰফে গ্ৰিনিজ চৰকাৰ নামৰ আন এজনকো গ্ৰেপ্তাৰ আৰক্ষীৰ ।

👉 ধিঙৰ পতিয়া চাপৰি আৰু জাৰমাৰীৰ পৰা গ্ৰেপ্তাৰ দুয়োজনক ।

👉 উল্লেখ্য যে, ধৃত বাহাৰুল ইছলাম ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰী হৈয়ো চাইবাৰ ক্ৰাইমত জড়িত থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ধিং অঞ্চলত।

👉 জাৰমাৰীৰ NEW PHC ত বৰ্তমানেও কৰ্মৰত ফাৰ্মাছিষ্ট ধৃত বাহাৰুল ইছলাম ।

👉 ধৃত বাহাৰুল ইছলামে চৰকাৰী চাকৰীয়াল হোৱা স্বত্বেও চাইবাৰ ক্ৰাইমৰ জড়িয়তে কোটি কোটি টকা লুণ্ঠন চলোৱা বুলি সৰ্বত্ৰে চৰ্চা চলিছে।

👉 চাইবাৰ ক্ৰাইমত জড়িত থকাৰ অপৰাধত ইতিমধ্যে দুয়োকে ধিং আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

👉 এই ক্ষেত্ৰত চাইবাৰ অপৰাধী বাহাৰুল ইছলামৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

fans ALL ASSAM News 30 All Assam News 24×7

26/09/2024

Hi everyone! 🌟 You can support me by sending Stars – they help me earn money to keep making content that you love.

Whenever you see the Stars icon, you can send me Stars.

👉লিডুত ক'ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ড বন্ধৰ আহবান টাংচা ছাত্ৰ সন্থাৰ। বাসস্থান হেৰুৱাৰ শংকিত ভুগিছে ৭শ পৰিয়ালে। 📌ক'ল ই...
26/09/2024

👉লিডুত ক'ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ড বন্ধৰ আহবান টাংচা ছাত্ৰ সন্থাৰ। বাসস্থান হেৰুৱাৰ শংকিত ভুগিছে ৭শ পৰিয়ালে।



📌ক'ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে চৰম ভাবুকি। নিশ্চিহ্ন হোৱাৰ দিশে লিডুৰ বহু কেইখন ঐতিহাসিক গাওঁ। মুক্ত খননত নিৰ্গত আৱৰ্জনা পেলাবলৈ ক'ল ইণ্ডিয়াই ব্যৱহাৰ কৰাৰ ডাম্প্ৰিং গ্ৰাউণ্ডৰ বাবেই বৰ্তমান নিঃশেষ হোৱা দিশে আগবাঢ়িছে লিডুৰ ঝৰ্ণা বস্তিকে ধৰি বহুকেইখন গাওঁ। গাঁও কেইখনত বসবাস কৰা সহস্ৰাধিক পৰিয়াললৈ কলইণ্ডিয়াই মাটি খালী কৰাৰ জাননী প্ৰদান কৰাৰ পাছতেই বাসস্থান হেৰুৱাৰ শংকাত ভুগিছে ৭০০ ৰো অধিক পৰিয়ালে।

📌বছৰ বছৰ ধৰি লিডুৰ টিকক অঞ্চলত বসবাস কৰা লোক সকলে নিজৰ প্ৰাপ্ত অধিকাৰ বিছাৰি বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও ক'ল ইণ্ডিয়াৰই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। লিডুৰ মালৌ পাহাৰত আজি টাংচা ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত এনেদৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ পুৰুষ মহিলা সকলে নানান চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলে। সংগঠনটোৱে ক'ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ড অতি শীঘ্ৰেই বন্ধ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ প্ৰদান কৰিছে।

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉লেখাপানী পাহাৰপুৰত চোৰাং কয়লাৰ ৰমৰমীয়া বেহা৷নিৰৱ ভূমিকা লৈছে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে!*👉মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ...
25/09/2024

👉লেখাপানী পাহাৰপুৰত চোৰাং কয়লাৰ ৰমৰমীয়া বেহা৷নিৰৱ ভূমিকা লৈছে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে!*

👉মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত পাহাৰপুৰ,টিপং, লালপাহাৰ,ফায়াৰিং ৰেঞ্জ আদি ঠাইত বৃহৎ পৰিমাণে মজুত কৰি ৰখা অবৈধ কিছুদিনৰ পূৰ্বে কয়লা বাজেয়াপ্ত কৰিছিল যদিও পুনৰ অব্যাহত আছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা।অবৈধ কয়লাৰ ৰমৰমীয়া বেহা কাৰ ছত্ৰছায়াত অব্যাহত আছে ? লেখাপানীৰ পাহাৰপুৰত চলি থকা কয়লাৰ অবৈধ বেহা তথা অবৈধ চিণ্ডিকেটৰ কথা সম্প্ৰতি মানুহৰ মুখে মুখে চৰ্চিত এক বিষয় উল্লেখ্য, লেখাপানীৰ টিৰাপৰ টিপং নৈত অঘটন। এখন অবৈধ কয়লা পৰিবাহী ট্ৰেইলাৰ নৈ ৰ মাজতে আবদ্ধ। কথমপি প্ৰাণ ৰক্ষা পৰিল গাড়ীখনৰ চালক আৰু সহযোগীজনৰ। কালি নিশা অহা বৰষুণ জাকৰ ফলত পাহাৰীয়া নৈখনৰ ঢলে গাড়ীখন সম্পূৰ্ণ ৰূপে বুৰাই পেলাই।সম্প্ৰতি পাহাৰপুৰ অঞ্চলত প্ৰশাসনৰ জ্ঞাতেই কয়লাৰ অবৈধ চোৰাং কাৰবাৰ যে ৰমৰমিয়াকৈ চলি আছে এই উদাহৰণ টোৱেই যথেষ্ট হ'ব।*

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉অসম অৰুণাচল সীমান্তৰ লেখাপানীত এটা চাহ কলঘৰত ভয়াবহ অগ্নিকাণ্ড।*👉মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীৰ তিনি মাইলত সংঘটি...
23/09/2024

👉অসম অৰুণাচল সীমান্তৰ লেখাপানীত এটা চাহ কলঘৰত ভয়াবহ অগ্নিকাণ্ড।*

👉মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানীৰ তিনি মাইলত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। দেওবাৰে বিয়লি ভাগত সংঘটিত হয় এই অগ্নি কাণ্ড।তিনি মাইলত থকা দাৰিকা প্ৰসাদ,গোৱেলৰ চাহ ফেক্টৰীৰ কাৰ্যালয় গৃহ আৰু কাষৰীয়া এটা আবাস গৃহ এই অগ্নি কাণ্ডত জাহ যায়।*

👉অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী প্ৰায় এক ঘন্টা পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ।বৃহত্তৰ জাগুন, লেখাপানী টিপঙ অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় নথকাত লিডু বা মাৰ্ঘেৰিটাৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব লগা হয়।*

👉অগ্নি কাণ্ডত কেইবাটাও গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে।অগ্নি কাণ্ডৰ ফলত হোৱা কাৰ্যালয় টোৰ নথী পত্ৰ সহ ব্যাপক ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।অগ্নি কাণ্ডৰ কাৰণ অৱশ্যে জানিব পৰা হোৱা নাই।*

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

21/09/2024

👉গৰ্ভাৱতী মহিলাৰ জীৱনক লৈ হেতালি মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ*👉মাৰ্ঘেৰিটাত চিকিৎসকৰ অৱহেলা বাবে মৃত্যুক আঁকো...
20/09/2024

👉গৰ্ভাৱতী মহিলাৰ জীৱনক লৈ হেতালি মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ*

👉মাৰ্ঘেৰিটাত চিকিৎসকৰ অৱহেলা বাবে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এগৰাকী গৰ্ভাৱতীয়ে। মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মাৰ্ঘেৰিটাৰ এগৰাকী ভূক্তভোগী ব্যক্তিয়ে।১৭ ছেপ্টেম্বৰত চিকিৎসকৰ অবহেলা বাবে ২৯ বছৰীয়া ৰাবিয়া খাতুন নামৰ এগৰাকী গৰ্ভাৱতীয়ে কৰুণ মৃত্যুক আকোঁৱালি লৈছিল।উল্লেখ্যে যে মাৰ্ঘেৰিটাৰ হিলভিউ বালুখাদ নিবাসী চাহাদাদ আলিয়ে প্ৰসৱ জনিত কাৰণত পত্নী ৰাবিয়া খাতুনক যোৱা ১৭ ছেপ্টেম্বৰত দুপৰীয়া মাৰ্ঘেৰিটা এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰাইছিল।স্বাভাৱিক প্ৰসৱ হ'ব বুলি নিশা ৭ বজালৈকে প্ৰসুতি গৰাকীক এফ আৰ ইউ চিকিৎসালয়ৰ সাধাৰণ ৱাডত ৰখা হয়।নিশা ৭ বজাত এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসক ডঃ এছ আলমে মহিলা গৰাকীক অপাৰেচন কৰিব লাগিব বুলি কোৱা লগতে মাৰ্ঘেৰিটাৰ CHERISH HOSPITAl & DIAGNOSTIC CENTRE লৈ নিবলৈ পৰামৰ্শ দিয়ে।চিকিৎসক ডঃএছ আলমৰ পৰামৰ্শ অনুসৰি পৰিয়ালৰ লোকে ৰাবিয়া খাতুনক CHERISH HOSPITAL &DIAGNOSTIC CENTREত ভৰ্তি কৰায়।
কিন্তু অপাৰেচনৰ পৰিৱৰ্ত্তে নিশা ৮ বজাত CHERISH HOSPITAL &DIAGNOSTIC CENTRE ৰ জেষ্ঠ চিকিৎসক ডঃ এ হালিমে গৰ্ভাৱতী ৰাবিয়া খাতুনক ডিব্ৰুগড়লৈহে ৰেফাৰ কৰে।পৰিয়ালৰ লোকে ডিব্ৰুগড়লৈ নিবলৈ বুলি মহিলা গৰাকীক গাড়ীত তোলা সময়তে CHERISH HOSPITAL &DIAGNOSTIC CENTREৰ জেষ্ঠ চিকিৎসক ডঃ এ হালিমে প্ৰসুতি গৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলা তথা গাফিলতিৰ বাবে ফলতে ৰাবিয়া খাতুনৰ মৃত্যু হোৱা অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে।মৃত ৰাবিয়া খাতুনৰ স্বামী চাহাদাদ আলিয়ে মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলা তথা গাফিলতিৰ অভিযোগ উত্থাপিত কৰি ইতিমধ্যে তিনিচুকীয়া জিলাৰ আয়ুক্তলৈ এখন পত্ৰ প্ৰদান কৰিছে।পত্ৰত চাহাদাদ আলিয়ে চিকিৎসাত অৱহেলা তথা গাফিলতি কৰাৰ মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।এই দুখজনক ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে মাৰ্ঘেৰিটাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তৌফিক খানে।দৰিদ্ৰ পৰিয়ালৰ জীৱনৰ সৈতে খেলা কৰা এনে দোষী চিকিৎসকৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সমাজকৰ্মী খানে।

✍️বিনন্দ কোঁৱৰ All Assam News 24×7 fans ALL ASSAM News 30

👉গৰ্ভাৱতী মহিলাৰ জীৱনক লৈ হেতালি মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ*👉মাৰ্ঘেৰিটাত চিকিৎসকৰ অৱহেলা বাবে মৃত্যুক আঁকো...
20/09/2024

👉গৰ্ভাৱতী মহিলাৰ জীৱনক লৈ হেতালি মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ*

👉মাৰ্ঘেৰিটাত চিকিৎসকৰ অৱহেলা বাবে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এগৰাকী গৰ্ভাৱতীয়ে। মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মাৰ্ঘেৰিটাৰ এগৰাকী ভূক্তভোগী ব্যক্তিয়ে।১৭ ছেপ্টেম্বৰত চিকিৎসকৰ অবহেলা বাবে ২৯ বছৰীয়া ৰাবিয়া খাতুন নামৰ এগৰাকী গৰ্ভাৱতীয়ে কৰুণ মৃত্যুক আকোঁৱালি লৈছিল।উল্লেখ্যে যে মাৰ্ঘেৰিটাৰ হিলভিউ বালুখাদ নিবাসী চাহাদাদ আলিয়ে প্ৰসৱ জনিত কাৰণত পত্নী ৰাবিয়া খাতুনক যোৱা ১৭ ছেপ্টেম্বৰত দুপৰীয়া মাৰ্ঘেৰিটা এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰাইছিল।স্বাভাৱিক প্ৰসৱ হ'ব বুলি নিশা ৭ বজালৈকে প্ৰসুতি গৰাকীক এফ আৰ ইউ চিকিৎসালয়ৰ সাধাৰণ ৱাডত ৰখা হয়।নিশা ৭ বজাত এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসক ডঃ এছ আলমে মহিলা গৰাকীক অপাৰেচন কৰিব লাগিব বুলি কোৱা লগতে মাৰ্ঘেৰিটাৰ CHERISH HOSPITAl & DIAGNOSTIC CENTRE লৈ নিবলৈ পৰামৰ্শ দিয়ে।চিকিৎসক ডঃএছ আলমৰ পৰামৰ্শ অনুসৰি পৰিয়ালৰ লোকে ৰাবিয়া খাতুনক CHERISH HOSPITAL &DIAGNOSTIC CENTREত ভৰ্তি কৰায়।
কিন্তু অপাৰেচনৰ পৰিৱৰ্ত্তে নিশা ৮ বজাত CHERISH HOSPITAL &DIAGNOSTIC CENTRE ৰ জেষ্ঠ চিকিৎসক ডঃ এ হালিমে গৰ্ভাৱতী ৰাবিয়া খাতুনক ডিব্ৰুগড়লৈহে ৰেফাৰ কৰে।পৰিয়ালৰ লোকে ডিব্ৰুগড়লৈ নিবলৈ বুলি মহিলা গৰাকীক গাড়ীত তোলা সময়তে CHERISH HOSPITAL &DIAGNOSTIC CENTREৰ জেষ্ঠ চিকিৎসক ডঃ এ হালিমে প্ৰসুতি গৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলা তথা গাফিলতিৰ বাবে ফলতে ৰাবিয়া খাতুনৰ মৃত্যু হোৱা অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে।মৃত ৰাবিয়া খাতুনৰ স্বামী চাহাদাদ আলিয়ে মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলা তথা গাফিলতিৰ অভিযোগ উত্থাপিত কৰি ইতিমধ্যে তিনিচুকীয়া জিলাৰ আয়ুক্তলৈ এখন পত্ৰ প্ৰদান কৰিছে।পত্ৰত চাহাদাদ আলিয়ে চিকিৎসাত অৱহেলা তথা গাফিলতি কৰাৰ মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।এই দুখজনক ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে মাৰ্ঘেৰিটাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তৌফিক খানে।দৰিদ্ৰ পৰিয়ালৰ জীৱনৰ সৈতে খেলা কৰা এনে দোষী চিকিৎসকৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সমাজকৰ্মী খানে।

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉ডিগবৈ চাৰিআলি বজাৰত চাফাই অভিযান।👉ডিগবৈ পৌৰসভা আৰু ডিগবৈ চাৰিআলি ব্যৱসায় সংস্থাৰ যৌথ উদ্যোগত আজি দুপৰীয়া চাফাই অভিযান...
19/09/2024

👉ডিগবৈ চাৰিআলি বজাৰত চাফাই অভিযান।

👉ডিগবৈ পৌৰসভা আৰু ডিগবৈ চাৰিআলি ব্যৱসায় সংস্থাৰ যৌথ উদ্যোগত আজি দুপৰীয়া চাফাই অভিযান কৰা হয়।ব্যৱসায় সংস্থাৰ সভাপতি তৰুণ হাজৰিকা, সম্পাদক ৰিয়াছুদ্দিন আহমেদ আৰু ডিগবৈ পৌৰসভাৰ নগৰ নগৰ আঁচনি পৰিকল্পনা বিষয়া অৰুণিমা বৰ্মন আৰু অভিযান্ত্ৰা বিকাশ গগৈৰ সবল নেতৃত্বত স্বচ্ছতাই সেৱা আঁচনিৰ অধীনত চাফাই অভিযান চলাই সম্পূৰ্ণ বজাত এলেকা পৰিস্কৰণ কৰা হয়।ভৱিষ্যতে ব্যৱসায়ি সকলে নিজস্ব ভাৱে চাফাই কাৰ্য্য সম্পাদন কৰি যাব বুলি সদৰি কৰে।

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉ছয়গাঁৱত কফ চিৰাপ সহ তিনিজন আটক । 👉ছয়গাঁও আৰক্ষীয়ে বুধবাৰে চলোৱা এক আভিযানত বৃহত পৰিমাণৰ কফ চিৰাপ সহ তিনিজন ব্যক্তিক ...
19/09/2024

👉ছয়গাঁৱত কফ চিৰাপ সহ তিনিজন আটক ।
👉ছয়গাঁও আৰক্ষীয়ে বুধবাৰে চলোৱা এক আভিযানত বৃহত পৰিমাণৰ কফ চিৰাপ সহ তিনিজন ব্যক্তিক আটক কৰে।

👉ছয়গাঁৱৰ নিকটৱৰ্তী চণ্ডিকা চক আৰু কুকুৰমাৰাৰ জীয়াকুৰ ৰিজাৰ্ভত আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত এই অভিযান চলাইছিল।

👉আৰক্ষীৰ অভিযানত বৃহত পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ জব্দ কৰাৰ লগতে নিষিদ্ধ কফ চিৰাপ সৰবৰাহকাৰী আৰ্জু আলী, পিয়াৰুল আলী চফিৰ আলীক আটক কৰে।

👉আৰক্ষীয়ে প্ৰথমে পালচাৰ বাইক সহ চণ্ডিকা গেটৰ পৰা ধুমগাৰাৰ ছোফিৰ আলি নামৰ ব্যক্তি জনক ১২০ টা কফ চিৰাপ সহ আটক কৰে আৰু তাৰ পিছতে জীয়াকুৰ পৰা অন্য দুজনক বৃহত পৰিমাণৰ কফ চিৰাপ সহ আটক কৰে ।

👉ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত চলা এই অভিযানত আৰক্ষীয়ে তেওঁলোকৰ পৰা এ এছ ০১ বি এক্স ২২৩১ নম্বৰৰ পালচাৰ আৰু এ এছ ০১ এফ ডব্লিউ ৫৫৭৫ নম্বৰৰ স্কুটি এখনো জব্দ কৰে।

👉গুৱাহাটীৰ পৰা ছয়গাঁৱৰ গুমীলৈ নিষিদ্ধ কফ চিৰাপ খিনি আনিছিল।

✍️লোহিত চন্দ্ৰ শালৈ

fans ALL ASSAM News 30 All Assam News 24×7

👉তিনিচুকীয়া জিলাৰ পঞ্চায়তৰ পুনৰ গঠিত সমষ্টিৰ খচৰা প্ৰকাশ।উন্নয়ন খণ্ডৰ ব্যাপক সাল-সলনি।➡️আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰ...
18/09/2024

👉তিনিচুকীয়া জিলাৰ পঞ্চায়তৰ পুনৰ গঠিত সমষ্টিৰ খচৰা প্ৰকাশ।উন্নয়ন খণ্ডৰ ব্যাপক সাল-সলনি।

➡️আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ অন্যান্য অংশৰ লগতে তিনিচুকীয়া জিলাতো গাওঁ পঞ্চায়ত,আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সমষ্টি সমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে।সেই অনুসৰি নিৰ্ধাৰিত নীতি-নিয়মৰ ভিত্তিত জিলা প্ৰশাসনে যুগুতোৱা নতুন সমষ্টিৰ খচৰা তালিকাখন আজি জিলা আয়ুক্ত স্বপ্নীল পালে আজি সংবাদ মেল যোগে সদৰি কৰে।নতুন নীতি অনুসৰি এটা উন্নয়ন খণ্ড বা আঞ্চলিক পঞ্চায়ত সমষ্টি একাধিক বিধানসভা সমষ্টিত ভাগ হ'ব নোৱাৰে। জিলা ভিত্তিত খণ্ড আৰু গাওঁ পঞ্চায়তৰ সংখ্যাৰো তাৰতম্য হ'ব নোৱাৰে। শদিয়া সমষ্টিৰ অন্তৰ্গত শদিয়া আৰু ছৈখোৱা আঞ্চলিক পঞ্চায়ত বা উন্নয়ন খণ্ড থাকিব। ডুমডুমা সমষ্টিৰ অন্তৰ্গত ডুমডুমা উন্নয়ন খণ্ড নামেৰে নতুন খণ্ড গঠন কৰা হ'ব।ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিগবৈ উন্নয়ন খণ্ড,মাকুম সমষ্টিৰ অন্তৰ্গত মাকুম উন্নয়ন খণ্ড, মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা উন্নয়ন খণ্ড, তিনিচুকীয়া সমষ্টিৰ অন্তৰ্গত ইটাখুলি উন্নয়ন খণ্ড হিচাপে পুনৰ গঠন কৰি পূৰ্বৰ কেবাটাও ব্লকৰ নাম আৰু সীমাৰ ব্যাপক পৰিবৰ্তন সাধন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

➡️কেৱল পূৰ্বৰ শদিয়া উন্নয়ন খণ্ডৰ সীমা অপৰিবৰ্তিত ৰখা হৈছে আৰু একমাত্ৰ শদিয়া বিধানসভা সভা সমষ্টিৰ অন্তৰ্গত দুটা ব্লক ৰখা হৈছে।শদিয়া ব্লকত ১২ খন গাওঁ পঞ্চায়ত ৰখাৰ বিপৰীতে নৱ গঠিত ছৈখোৱা ব্লকতো থাকিব ১২ খন গাওঁ, ডুমডুমাত ১৪ খন,মাৰ্ঘেৰিটাত ১৩ খন, ডিগবৈত ১৩ খন, মাকুমত ১৪ খন আৰু ইটাখুলি ব্লকত ৭ খন গাওঁ পঞ্চায়ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।এই সম্পৰ্কীয় খচৰা প্ৰস্তাৱৰ সম্পৰ্কত কাৰোবাৰ কিবা ওজৰ-আপত্তি বা পৰামৰ্শ থাকিলে অহা ২০ ছেপ্টেম্বৰৰ ভিতৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। অহা ২৩ ৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত জিলা ভিত্তিক ৰাজহুৱা শুনানী গ্ৰহণ কৰা হ'ব আৰু ২৭ ছেপ্টেম্বৰত চূড়ান্ত জাননী জাৰী কৰা হ'ব বুলি জিলা আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। জিলা উপায়ুক্তই ক্ষেত্ৰত ৰাইজক নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰামৰ্শ বা আপত্তি আদি থাকিলে লিখিতভাৱে দাখিল কৰিবলৈ আহ্বান জনাইছে। সংবাদ মেলত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনীল সিং, অতিৰিক্ত আয়ুক্ত লীনা পাৱে আৰু চিন্ময় পাঠক আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে।উল্লেখযোগ্য যে বিধানসভা সমষ্টি সমূহৰ পুনৰ্গঠনৰ পিছত পঞ্চায়তৰ সমষ্টি সমূহৰো পুনৰ নিৰ্ধাৰণ অৱধাৰিত হৈ পৰিছিল। অৱশ্যে এই পুনৰ গঠনৰ পিছতো জিলাখনত উন্নয়ন খণ্ড পূৰ্বৰ দৰে ৭ টা আৰু গাওঁ পঞ্চায়তৰ সংখ্যা ৮৫ খন হৈয়ে থাকিব।

✍️ বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

ADRE পৰীক্ষাৰ বাবে যোৱা মহিলা পৰীক্ষাৰ্থীক অন্তবাস খুলি তালাচী চলালে। এই অভিযোগ নলবাৰীৰ বেলশৰৰ ছহীদ স্মৃতি কলেজৰ চেন্টাৰ...
16/09/2024

ADRE পৰীক্ষাৰ বাবে যোৱা মহিলা পৰীক্ষাৰ্থীক অন্তবাস খুলি তালাচী চলালে। এই অভিযোগ নলবাৰীৰ বেলশৰৰ ছহীদ স্মৃতি কলেজৰ চেন্টাৰত। পৰীক্ষা দিবলৈ গৈ এনে এক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছত সুস্থ মগজুৰে পৰীক্ষা দিব পাৰিবনে! Himanta Biswa Sarma

👉দুলীয়াজান ভাদৈ পাঁচআলি আৰক্ষীয়ে বিহৎ পৰিমাণৰ কণ্ডেনছেট তেলসহ   আটক কৰে তেল চুৰ সঞ্জয় গড়ক।🌐 আৰক্ষীয়ে জব্দ কৰিবলৈ সক...
12/09/2024

👉দুলীয়াজান ভাদৈ পাঁচআলি আৰক্ষীয়ে বিহৎ পৰিমাণৰ কণ্ডেনছেট তেলসহ আটক কৰে তেল চুৰ সঞ্জয় গড়ক।

🌐 আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় মটৰ চাইকেলসহ অইলৰ বৃহৎ পৰিমাণৰ কণ্ডেনছেট তেল।যোৱানিশা দুলীয়াজান আৰক্ষী সৈতে ভাদৈ পাঁচআলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ নেৱাৰৰ নেতৃত্বত যুটীয়া অভিযান চলাই আটক কৰে তেল চুৰ সঞ্জয় গড়ক।সঞ্জয় গড়ৰ পৰা আৰক্ষীয়ে AS-06-W-3907 নম্বৰৰ মটৰচাইকেলসহ বৃহৎ পৰিমাণৰ কণ্ডেনছেট তেল জব্দ কৰে।

🌐ঘটনাৰ সন্দৰ্ভত দুলীয়াজান আৰক্ষীয়ে আই পি চি 305/324(4) BNS R/W Sec 3 PDPP 1984 ,R/W 15 sec (2)ধাৰাত ১৮৬/২০২৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি প্ৰেট্ৰোলিয়াম মিনাৰেল পাইপ লাইনৰ আউটাত ন্যায়িক জিমালৈ প্ৰেৰণ কৰে তেল চুৰ সঞ্জয় গড়ক।

✍️ বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉ডিগবৈ ১৫ বছৰ অনুৰ্ধ্ব আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাত দুলীয়াজান ডি এফ স্পৰ্চ ক্লাব ফাইনেলত প্ৰৱেশ।🌐...
11/09/2024

👉ডিগবৈ ১৫ বছৰ অনুৰ্ধ্ব আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাত দুলীয়াজান ডি এফ স্পৰ্চ ক্লাব ফাইনেলত প্ৰৱেশ।

🌐অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত ডিগবৈ জুবিলী খেলপথাৰত মঙ্গলবাৰে নিশা অনুষ্ঠিত কোৱাটাৰ ফাইনেল খেলত দুলীয়াজান ডি এফ স্পৰ্চ ক্লাবে নগাঁও ফুটবল ক্লাবক ২-০ গ'ল দি ফাইনেলত প্ৰৱেশ কৰে।

🌐ৰবাতু বৰুৱা,অনুপ জ্যোতি গোহাঁই,অনুপম দাস আৰু দীজেন চুতীয়াই পৰিচালনা কৰা ফুটবল প্ৰতিযোগিতাত অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক সঞ্জীৱ বৰুৱা,মেছ কমিছনাৰ তথা ক্ৰীড়া পেঞ্চনাৰ অতুল বৰা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহ: সম্পাদক সুৰজিৎ মৰাণ, কেন্দ্ৰীয় সদস্য যদু সোনোৱাল,ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি মথুৰা দাস,তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰা, মাৰ্ঘেৰিটা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি চিত্ৰ বৰগোহাঁই,এ অ' ডি ৰ বিষয়া বিজয় শইকীয়া,অসম হেনবল সন্থাৰ উপ-সভাপতি পুতুল সোনোৱাল, সমাজকৰ্মী প্ৰণৱ গগৈ, সাংবাদিক বিনন্দ কোঁৱৰ,পল্লব শৰ্মা আদি বহু ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকি আকৰ্ষণীয় ফুটবল খেল উপভোগ কৰে।

🌐আকৰ্ষণীয় দিবা-নৈশ ফুটবল প্ৰতিযোগিতাত দুলীয়াজান ডি এফ স্পৰ্চ ক্লাবৰ তৰ্পণ লামাই শ্ৰেষ্ঠ খেলুৱৈ খিতাপ লাভ কৰে।ডিগবৈ পৌৰপতি সুদীপ্ত দত্তচৌধুৰীয়ে তেওঁক বঁটা প্ৰদান কৰে।

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্যকলা বিভাগৰ সভাগৃহত বিহু সুৰক্ষা সমিতি অসম-ৰ এটি সজাতি দল। 🌐ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ...
11/09/2024

👉ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্যকলা বিভাগৰ সভাগৃহত বিহু সুৰক্ষা সমিতি অসম-ৰ এটি সজাতি দল।

🌐ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়ত স্নাতক মহলাত বিহু পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ বাবে পৰিৱেশ্যকলা বিভাগৰ সহযোগী অধ্যাপক ড০ মৃণাল কুমাৰ বৰুৱাৰ লগত দহ ছেপ্টেম্বৰত এক সৌহার্দ্যপূর্ণ সাক্ষাৎ কৰি আলোচনাত মিলিত হয় সজাতি দলটো। চলিত বৰ্ষৰ নবেম্বৰ মাহৰ প্ৰথম ভাগত অসমৰ বৌদ্ধিক সমাজৰ উপস্থিতিত এখন আলোচনা সভা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়।

🌐পৰৱৰ্তী সময়ত স্নাতক মহলাৰ বাবে পাঠ্যক্ৰম যুগুত কৰি অহা ২০২৫ বৰ্ষৰ পৰাই বিহু পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব। আজিৰ সজাতি দলটিৰ নেতৃত্ব দিয়ে বিহু সুৰক্ষা সমিতি অসম-ৰ মাননীয় সভাপতি যতীন গগৈয়ে।দলটোৰ বিষয়ববীয়া সকল ক্ৰমে -কেন্দ্রীয় সমিতিৰ মুখ্য উপদেষ্টা বিশ্বজনীন দত্ত, উপদেষ্টা চক্ৰধৰ সোণোৱাল, সম্পাদক প্ৰধান ৰেব বৰা, বিদ্যায়তনিক পৰিষদৰ সচিব লক্ষ্য তামুলী ফুকন, বিদ্যায়তনিক বিভাগৰ সদস্য লোকেন্দ্ৰনাথ বৰা, সহকাৰী সম্পাদক লাচিত ফুকন, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পীতাম্বৰ দিহিঙ্গীয়া, ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক দিনেশ বৰগোহাঁই আৰু কেন্দ্রীয় সমিতিৰ সদস্য ৰূপালী গগৈ।

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉ছয়গাঁৱৰ  নোৱাপাৰা বালিকা প্ৰাথমিক বিদ্যালয় স্থানান্তৰৰ প্ৰতিবাদ 👉ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত   নোৱাপাৰা বালিকা প্ৰাথম...
11/09/2024

👉ছয়গাঁৱৰ নোৱাপাৰা বালিকা প্ৰাথমিক বিদ্যালয় স্থানান্তৰৰ প্ৰতিবাদ

👉ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত নোৱাপাৰা বালিকা প্ৰাথমিক বিদ্যালয় স্থানান্তৰক লৈ অভিভাবকৰ প্ৰতিবাদ ৷

👉১৯৫০ চনতে স্থাপিত নোৱাপাৰা বালিকা প্ৰাথমিক বিদ্যালয় অন্য এখন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ বিৰুদ্ধে অভিভাৱকৰ এই প্ৰতিবাদ ৷

👉উল্লেখযোগ্য যে - ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি থকাৰ হেতুকে তিনি মাহৰ বাবে বিদ্যালয়ৰ খনৰ শিক্ষাৰ্থী সকলোক প্ৰায় ২ কিলোমিটাৰ নিলগৰ এখন বিদ্যালয়ত পাঠদান কৰা হ’ব বুলি অভিভাৱকক প্ৰকাশ কৰিছিল বিভাগীয় কৰ্তৃপক্ষই ।

👉কিন্ত সম্প্ৰতি এবছৰ উকলি যোৱাৰ পিছতো সম্পূৰ্ণ আন্তঃগাঁঠনি থকাৰ পিছতো বিদ্যালয় খনত পাঠদান আৰম্ভ নকৰাত অভিভাৱক সকল ক্ষোভিত হৈ পৰে ৷

👉সমান্তৰাল কৈ নিতৌ প্ৰায় ৪০-৫০ গৰাকী কণ কণ শিক্ষাৰ্থীক অন্য বিদ্যালয়লৈ লৈ যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথাও প্ৰকাশ কৰে অভিভাৱক সকলে ৷

👉শীঘ্ৰেই পুনৰ এই বিদ্যালয়ত পাঠদান আৰম্ভ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদী ৰাইজে ।

👉বিদ্যালয়খনত পুনৰ পাঠদানৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান অভিভাৱক সকলৰ ৷

✍️লোহিত চন্দ্ৰ শালৈ fans ALL ASSAM News 30 All Assam News 24×7

👉বৰগোলাইত গোৰ্খা জনগোষ্ঠীয় তীজ সমাৰোহ উৎৰ্যাপন।*👉মাৰ্ঘেৰিটাৰ বৰগোলাইত  মঙ্গলবাৰে উলহমালহেৰে গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে ...
10/09/2024

👉বৰগোলাইত গোৰ্খা জনগোষ্ঠীয় তীজ সমাৰোহ উৎৰ্যাপন।*

👉মাৰ্ঘেৰিটাৰ বৰগোলাইত মঙ্গলবাৰে উলহমালহেৰে গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে 'তীজ উৎসৱ' উদযাপন কৰা পৰিলক্ষিত হয়। গোৰ্খা সম্প্ৰদায়টোৰ মহিলাসকলে পৰম্পৰাগত ভাৱে পালন কৰা ই এক অতি পবিত্ৰ উৎসৱ।তীজ উৎসৱত মহিলা আৰু যুৱতীসকলে ব্ৰতে থাকি উপযুক্ত বৰ তথা স্বামী লাভৰ লগতে বিবাহিত মহিলাই স্বামীৰ মংগল কামনাৰে শিৱক আৰাধনা কৰে।ৰাতি পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছতে সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে সমাজকৰ্মী প্ৰেম তামাঙে।এই উৎসৱৰ লগত সংগতি ৰাখি মুকলি সভাত অনিতা উপাধ্যায়লৈ অসম আন্দোলনৰ প্ৰথম গোৰ্খা মহিলা শ্বহীদ বৈজয়ন্তী দেৱী বঁটা প্ৰদান কৰা হয়।মাৰ্ঘেৰিটাৰ ১নং বৰগোলাই বাঁহবাৰীস্থিত শিৱ মন্দিৰ প্ৰাংগনত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীয়ে তীজ উৎযাপন দিহা কৰা হয়।মুকলি সভাত মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মা,গোৰ্খা উন্নয়ন পৰিষদৰ চেয়াৰমেন প্ৰেম তামাঙসহ বিভিন্ন ঠাইৰ বহু কেইগৰাকী গোৰ্খা সম্প্ৰদায়ৰ গন্যমান্য ব্যক্তি উপস্থিত থাকে।*

👉বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉ডিগবৈ জুবিলী খেলপথাৰত ১৫ বছৰ অনুৰ্ধ্ব আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাত।👉অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰ...
10/09/2024

👉ডিগবৈ জুবিলী খেলপথাৰত ১৫ বছৰ অনুৰ্ধ্ব আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাত।

👉অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৱা ৫ ছেপ্টেম্বৰত আৰম্ভ হোৱা ফুটবল প্ৰতিযোগিতা ১১ ছেপ্টেম্বৰত সামৰণি পৰিব।

👉মৰাণ ৰূপজ্যোতি স্পৰ্চ ক্লাব আৰু দুলীয়াজান ডি এফ স্পৰ্চ ক্লাবৰ মাজত জুবিলী খেলপথাৰত অনুষ্ঠিত কোৱাটাৰ ফাইনেলত দুলীয়াজান এফ স্পৰ্চ ক্লাবে মৰাণ ৰূপজ্যোতি স্পৰ্চ ক্লাবক ৩-১ গ'ল বিজয়ী খিতাপ লাভ কৰে।

👉জয়ন্ত দহোটীয়া,অনুপ জ্যোতি গোহাঁই,অনুপম দাস আৰু ইনুদ চাউৰকে পৰিচালনা কৰা ফুটবল প্ৰতিযোগিতাত অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক সঞ্জীৱ বৰুৱা,মেছ কমিছনাৰ অতুল বৰা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহ: সম্পাদক সুৰজিৎ মৰাণ, কেন্দ্ৰীয় সদস্য যদু সোনোৱাল,ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি মথুৰা দাস,তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰা,ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী পি চি ৰঞ্জিথ ৰামসহ বহু ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকি আকৰ্ষণীয় ফুটবল খেল উপভোগ কৰে।

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

👉ডিগবৈ মহাবিদ্যালয়লৈ স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান।🌐তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয়লৈ স্বায়ত্ব শা...
10/09/2024

👉ডিগবৈ মহাবিদ্যালয়লৈ স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান।

🌐তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয়লৈ স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্য্যদা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে এক চৰকাৰী নিৰ্দেশ যোগে ২০২৪-২০২৫ বৰ্ষৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ডিগবৈ মহাবিদ্যালয়লৈ দিয়ে এই স্বীকৃতি।

🌐উজনি অসমৰ প্ৰধানকৈ অবিভক্ত ডিব্ৰুগড় জিলাৰ ভিতৰত ডিগবৈ মহাবিদ্যালয়ৰলৈ প্ৰথমটো স্বীকৃতি। আগন্তুক দহ বছৰলৈ কাৰ্য্যকৰী হৈ থাকিব এই স্বীকৃতি।এতিয়াৰে পৰা ডিগবৈ মহাবিদ্যালয়ে নিজাববীয়াকৈ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু পৰীক্ষাৰ ব্যৱস্থা নিজাববীয়াকৈ কৰিব পাৰিব বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপ শইকীয়াই সদৰি কৰিছে।

✍️বিনন্দ কোঁৱৰ fans ALL ASSAM News 30 All Assam News 24×7

Address

Barpeta/Howly
Barpeta
781301

Website

Alerts

Be the first to know and let us send you an email when All Assam News 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to All Assam News 24×7:

Videos

Share


Other Media/News Companies in Barpeta

Show All