News Time Assam 24×7

News Time Assam 24×7 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from News Time Assam 24×7, Media/News Company, Barpeta.

15/05/2023

মানকাচৰৰ জোৰডাংগা বৰ্মনপাৰাত মৃত্যু দেহ উদ্ধাৰ।

পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যেক্ষ কৰে মৃত্যুদেহটো ।

মৃত্যু দেহটো মানকাচৰত জোৰডাংগা বৰ্মনপাৰাৰ মিজানুৰ ৰহমান (২৮) নামৰ এজন যুৱক বুলি চিনাক্ত।

ঘটনা স্হলীত মানকাচৰ আৰক্ষী আৰু কাৰ্য্যবাহী দণ্ডাধীশ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

মৃত্যু দেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰে।

14/05/2023

কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলত উৎফুল্লিত অসম প্ৰদেশ কংগ্ৰেছ।
বঙাইগাঁৱ জিলাৰ ৰঙাপানীত ফটকা ফুটাই বিজয় উল্লাস কংগ্ৰেছৰ

14/05/2023

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং হালধীবাৰিত ১.৪২ লাখ টকাৰ জল জীৱন মিশনৰ কাম শুভাৰম্ভ।

বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত কাছাৰীপেটী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২ নং হালধীবাৰিত ১.৪২ লাখ টকাৰ জল জীৱন মিশনৰ কাম শুভাৰম্ভণি কৰে ক্ৰমে কাছাৰিপেটি গাওঁ পঞ্চায়তৰ সভাপতি মিৰ ইমৰান হাছানে।
জল জীৱন মিশনৰ কামৰ শুভৰম্ভ কৰি কাছাৰিপেটি গাওঁ পঞ্চায়তৰ সভাপতি মিৰ ইমৰান হাছানে কয় যে এই আচঁনিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতিটো ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ'ব। হাচানে ৰাইজক অনুৰোধ কৰি কয় যে এই আচনিখন আপোনালোকে ভালদৰে চোৱা চিতা কৰি ৰাখিব। জল জীৱন আচনিৰ শুভাৰম্ভণিত উপস্থিত থাকে JE ছাইদুল ইছলাম, NRLMৰ জীৱিকা সখী নুৰেজা বেগম,কৃষি সখী সাহানাজ পাৰবিন,আশা কৰ্মী হালিমা খাতুন,ঠিকাদাৰ আব্দুল লতিফ আহোমদ আৰু স্থানীয় শতাধিক ৰাইজৰ।
মন্তব্য গাওঁপঞ্চায়ত সভাপতি।

14/05/2023

ৰাহুল গান্ধীৰ কৰ্ণাটক নিৰ্বাচন বিজয় ভাষণ।

12/05/2023

বৰপেটা জিলাৰ কন্দুলীয়া গাওঁত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত এজন ড্ৰাইভাৰ গুৰুতৰৰূপে আহঁত হয়।
স্থানীয় ৰাইজে ড্ৰাইভাৰজনক অতি সোনকালে ওচৰৰ চিকিৎসালয়ত লৈ যায়।
স্থানীয় ৰাইজে মুখ্য মন্ত্ৰীক আৰু PWD বিভাগক গৰিহণা জনায়।

09/05/2023

গৌৰীপুৰত বাল্য বিবাহ, নিচা জাতীয় সামগ্ৰী আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে বিশাল এখন সজাগতা সভা অনুষ্টিত কৰে৷

ধুবুৰী জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ উদ্যোগত গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি এনেদৰে সজাগতা সভা অনুষ্ঠিত হয় ৷

✒️গৌৰীপুৰৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় সমূহৰ প্ৰায় ৪ হেজাৰ ছাত্ৰ —ছাত্ৰীয়ে এই সজাগতা সভাত অংশ গ্ৰহন কৰা পৰিলক্ষিত হয় ৷

✒️অনুষ্ঠানটোত জিলা প্ৰশাসনে বাল্য বিবাহ, নীচা জাতীয় সামগ্ৰী আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে ছাত্ৰ —ছাত্ৰী সকলক শপত বাক্য পাঠ কৰায় ৷

✒️ এই সজাগতাৰ জড়িয়তে গৌৰীপুৰৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ হেজাৰ —হেজাৰ ছাত্ৰ— ছাত্ৰীয়ে বাল্যবিবাহ নীচা জাতীয় সামগ্ৰী আৰু শিশু শ্ৰমিক ৰোধ কৰাৰ বিৰুদ্বে জিলা প্ৰশাসনক প্ৰতিশ্ৰুতি দি সকলোৱে ঐক্যবদ্ধ হয় ৷

✒️ অনুষ্ঠানটোত উপস্থিত থাকে ধুবুৰী জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজ , অতিৰিক্ত উপায়ুক্ত নিত্ত বিনোত ৱাৰে আৰু বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া সকল।

06/05/2023

আজি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ।

দিল্লীৰ যন্তৰমন্তৰত মল্লযুঁজাৰু সকলৰ ওপৰত হোৱা অত্যাচাৰৰ তীব্ৰ গৰিহণা জনাইছে বঙাইগাওঁ জিলা যুৱ কংগ্ৰেছে।

05/05/2023

অভয়াপুৰীৰ কুশবাৰীত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

কুশবাৰী আঞ্চলিক এম ই মাদ্ৰাছাত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ।

প্ৰচুৰ‌ অনিয়মৰ মাজেৰে বিদ্যালয় চলি‌ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।

সময়মতে বিদ্যালয়ত শিক্ষক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ ৰাইজৰ।

বিদ্যালয়ত প্ৰৱেশত বাধা প্ৰদানক লৈ বাক বিতণ্ডা প্ৰধান শিক্ষক আৰু ৰাইজৰ মাজত।

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অৰ্ন্তগত কুশবাৰী আঞ্চলিক এম ই মাদ্ৰাছা বিদ্যালয়ত কৰ্মৰত শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বাবে বিদ্যালয়ত প্ৰৱেশত বাধা প্ৰদান স্থানীয় ৰাইজৰ l

এই লৈ দুয়ো পক্ষৰ মাজত তিব্ৰ বাক বিতণ্ডা l বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক নিয়মীয়া কৈ পাঠদান নিদিয়া‌‌ ; মধ্যাহ্ন ভোজনৰ খেলিমেলি কৰাৰ অভিযোগ তোলে উত্তেজিত ৰাইজে l

প্ৰধান শিক্ষক আব্দুল মতলেব শিকদাৰে বিদ্যালয়ত অসমীয়া ভাষাৰ পৰিবৰ্তে স্থানীয় ভাষাত তৰ্ক- বিতৰ্কত লিপ্ত হোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে সচেতন ৰাইজে l

01/05/2023

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা।

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত গৰু জব্দ।

নিশা অভয়পুৰী মহকুমা আৰক্ষী বিষয়া কৰ্ণব পাটোৱাৰী আৰু মেৰেৰচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজ কিশোৰ দাসৰ যৌথ অভিযানত হৰিৰচৰৰ পৰা জব্দ কৰে ৮ টাকৈ গৰু।

আন্ধাৰৰ সুযোগ লৈ আনোৱাৰ হুছেইন নামৰ গো-সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয়।

বৰ্ত্তমান মেৰেৰচৰ আৰক্ষী থানাত আছে গৰু কেইটা।
মন্তব্যঃগাওঁৰক্ষী বাহিনীৰ।

30/04/2023

SLUG= ধুবুৰীৰ শৌলমাৰীৰৰ বোৱাৰী নিৰুদ্দেশ। নাৰী সৰবৰাহকাৰীয়ে বহিঃৰাজ্যত বিক্ৰী কৰাৰ সন্দেহ। ধৰ্মশালা নিৰীক্ষণ চকীত এজাহাৰ দাখিল পৰিয়ালৰ।

এই ঘটনা সংঘটিত হৈছে যোৱা ২০ এপ্ৰিলত। নিজ পিতৃ গৃহৰ পৰা স্বামী গৃহলৈ যোৱাৰ সময়তেই নিৰুদ্দেশ হৈছে ৰেসনা খাতুন নামৰ বোৱাৰী গৰাকী। গোলোকগঞ্জৰ শৌলমাৰী প্ৰথমখণ্ডৰ কাশেম আলীৰ জীয়ৰী ৰেসনা খাতুনৰ বিয়া হৈছিল ধৰ্মশালা প্ৰথমখণ্ডৰ কাদেৰ আলীৰ সৈতে। বোৱাৰী গৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে বহুত বিচাৰ খোচাৰ কৰাৰ পিছতো শুংসূত্ৰ উলিয়াব সক্ষম হোৱা নাই।

28/04/2023

ৰাজ্যত বিদ্যুৎ বিভাগক Go Back ধ্বনিৰে উত্তাল ৰাইজ।

কান্দুলিয়া গাওঁত বিদ্যুত কৰ্তন কৰাকলৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ।

ঠিকাদাৰ ছানোৱাৰ হুছেইনৰ বিৰুদ্দে উঠিছে একাংশৰ ভয়ংকৰ অভিযোগ।

বৰপেটা জিলাৰ সৰভোগ বিদ্যুত উপসংমণ্ডল চলিছে ব্যেপক অৰাজকতা।

যাৰ বাবে গাঁও খনত ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক অসুবিধাৰ সৃষ্টি হৈছে।

27/04/2023

নাৰাৰভিঠা প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তীত MP আব্দুল খালেক।

22/04/2023

বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্তনপাৰা বজাৰ দলঙৰ উপৰত বাহন ৰখাই যান-জঁট সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে, ঈদ নাইবা কোনো উৎসৱৰ সময়ত সমস্যা বেছি দেখা যায়, দুৰ্ঘটনা হোৱাৰ প্ৰকট সম্বোপনা দেখা দিয়ে ।বঙাইগাঁও জিলাৰ মানাহ ভেলী মঞ্চৰ সভাপতি আৰফান আলীয়ে জিলা প্ৰশাসনক অতি সোনকালে বিহিত ব্যৱস্থা লৱলৈ আহ্ৱান জনাইছে ।

17/04/2023

APC নিৰ্বাচনক লৈ ফাৰ্মাচিষ্টৰ মাজত ব্যাপক উচ্ছাহ।
আজি ধুবুৰী জিলাৰ সদৰ চহৰ ধুবুৰী আৰু বিলাসীপাৰাত আগন্তুক অসম ফাৰ্মাচী পৰিষদৰ নিৰ্বাচনক লৈ পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সকলৰ মাজত ব্যাপক উছাহ দেখা যায়। আৰপাৰ প্ৰাৰ্থী সকলৰ সমৰ্থনত প্ৰায় শতাধিক ফাৰ্মাচিষ্ট ওলাই আহে আৰু আগন্তুক নিৰ্বাচনত আৰপাৰ প্ৰাৰ্থী সকলক জয়ী কৰিবলৈ সংকল্প লয়। ফাৰ্মাচী আৰু ফাৰ্মাচিষ্টৰ সমস্যা সমূহ সমাধানৰ বাবে এইবাৰ আৰপাৰ প্ৰাৰ্থী সকলক জয়ী কৰোৱাৰ প্ৰয়োজন বুলি মত পোষণ কৰে ধুবুৰী জিলাৰ পঞ্জীয়নভুক্ত ফাৰ্মাচিষ্ট সকলে।

14/04/2023

মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৰুসজাই ষ্টুডিঅত বিহু নৃত্য।

BJP MP হেমা মালিনী বিহুৰ শুভেচ্ছা জনাইছে বিহাৰবাসিক।
14/04/2023

BJP MP হেমা মালিনী বিহুৰ শুভেচ্ছা জনাইছে বিহাৰবাসিক।

13/04/2023

মূখ্যমন্ত্ৰীক আত্মহত্যাৰ ভাবুকি এচাম শিক্ষকৰ।

আজি বঙাইগাঁও জিলা উচ্চ আৰু নিম্ন প্ৰাথমিক অ প্ৰদশিক শিক্ষক সমিতিৰ উদ্যোগত

অভয়াপুৰী কলবাৰী জালুদ্দিন বিদ্যালয় চৌহদত অনুষ্ঠিত হয় এখনি সভা।

12/04/2023

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰপা টিম ARPA Zindabad ৰ জয় ধ্বনি।

11/04/2023

আজি দক্ষিণ শালমাৰা জিলা ARPA ৰ সদস্যসকলে জিলা ঔষধ পৰিদৰ্শক বিষয়াৰ লগত সাক্ষাৎ কৰি এখন ফুলাম গামোচাৰে সম্ভৰধনা জনায়।
ARPA য় জিলাখনত থকা বৈধ অনুজ্ঞাপত্ৰ নথকা শ শ ফাৰ্মাচী চলাই থকাৰ লগতে জিলাখনত থকা পাইকাৰী ঔষধ বিক্ৰেতা সকলে নীতি নিয়ম নমনাকৈ ঔষধ বিক্ৰী কৰা কাৰ্যকলাপৰ কথা জিলা ঔষধ পৰিদৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰায় ।
দক্ষিণ শালমাৰা জিলা ARPA ৰ সমুহ সদস্য সকলে অসম ফাৰ্মাচী পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ কৰাৰ লগতে ARPA Candidate সকলৰ জয় ধ্বনি দিয়ে

09/04/2023

আজি গোৱালপাৰা জিলা ARPA ৰ বিষয়ববিয়া সকলে এক গোট হৈ আগন্তুক অসম ফাৰ্মাচী পৰিষদৰ হবলগীয়া নিৰ্বাচনত ARPA ৰ মনোনীত ৫ জন Pharmacist ক্ৰমে মতিউৰ ৰহমান
ফিৰদৌছ খান
বিকাশ শইকীয়া
ৰিয়াজ উদ্দিন আহমেদ
হিমাজিৎ দত্ত ৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলায়

05/04/2023

চুৰ কৰি ধৰা পৰিল লম্পট শিৰাজুল।

যোৱাকালি নিশা খাতাৰট্টাৰী বজাৰত অৱস্থিত নুৰচান আলীৰ গেলামালৰ দোকানৰ পৰা শলমাৰীৰ শীৰাজুল যে চুৰ কাণ্ড সংগঠিত কৰে।

03/04/2023

বাঘবৰ সমষ্টিৰ ব্লক কংগ্ৰেছৰ উদ্যোগত সংবাদমেল সম্বোধন

গজব বেজ্জতি হে য়াৰ।
03/04/2023

গজব বেজ্জতি হে য়াৰ।

02/04/2023

ওদালগুৰি জিলাৰ পানেৰী চাহ বাগিচাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্য্যসূচীৰে ওদালগুৰিত উপস্থিত হৈছে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিভাগীয় মন্ত্ৰীসকল | চৰকাৰী সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰী গৰকীয়ে আজিৰ দিনটোতে জিলাখনৰ বিভিন্ন স্থানত প্ৰায় ১৭টা কৈ আঁচনিৰ শিলান্যাশ তথা উদ্বোধন কৰিব | কাৰ্যসূচী অনুসৰি তেখেতে শিলান্যাশ কৰিব লগীয়া আঁচনি সমূহ ক্ৰমে -
টংলাত:
(১)একশ বিছনা যুক্ত চিকিৎসালয়।
(২) পৰিদৰ্শন বঙলা টংলা।
(৩) টংলা নগৰ পানী যোগান আঁচনি।(AMRUT).
(৪)জালিমুখ বান্ধ।
(৫) টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ।
(৬) চিলাৰায় ভৱন টংলা।
*ভেৰগাওঁত:*
(১) একলব্য আদৰ্শ আবাসীক বিদ্যালয়।
(২)ভেৰগাওঁ মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় ও আবাস গৃহ।
(৩)ভেৰগাওঁ আৰক্ষী চকীৰ গৃহ।
(৪)পানেৰী সমষ্টিৰ অন্তৰ্গত সৰ্বমুঠ চৈধ্যটা পথৰ শুভ উদ্বোধন।
ডিমাকুছিত:
(১)ডিমাকুছি ষ্টেডিয়াম।
(২)ননাই বহূগাওঁ সংযোগী পানী যোগান আঁচনি।
(৩)ডিমাকুছি আদৰ্শ চিকিৎসালয়ৰ গৃহ উদ্বোধন।
(৪)তিনিখন চাহবাগিচাৰ আদৰ্শ বিদ্যালয় উদ্বোধন।
(৫)বাৰখন চাহবাগিচাত মহাপ্ৰভূ জগন্নাথ সমন্বয় গৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন।
(৬)ডিমাকুছি আৰু খাগ্ৰাবাৰীৰ সংহত হস্তঁতাত উন্নয়ন আঁচনিৰ শুভ উদ্বোধন।
(৭)বিশ টা হস্তী পহৰা টঙী ঘৰ উদ্বোধন।

আনহাতে, প্ৰথমটো কাৰ্যসূচীত ওদালগুৰি জিলাৰ ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা পিএইচই(PHE) সংমণ্ডলৰ অধিনত বৰলা গ্ৰাম্য বৃহত্তৰ বহুমুখী পানী যোগান আঁচনি খন অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শুভ উদ্বোধন কৰে। উক্ত উদ্বোধন অনুস্থানত জন স্বাস্হ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চাহ জনজাতি কল্যাণ পৰিষদৰ মন্ত্ৰী সঞ্জয় কিষাণ, বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজীত দৈমাৰী, মঙ্গলদৈ লোকসভাৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, বিটিআৰ ৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা বিটিআৰ ৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ্ৰ চন্দ্ৰ বসুতাৰী, অন্যান বহু বিষয়-ববিয়া লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।

01/04/2023

ধুবুৰী সমাজ কল্যাণ বিভাগ কাৰ্য্যলয়ত সংৱাদমেলঃ উভতি ধৰিলে এগৰাকী চিকিৎসক৷

01/04/2023

পৰ্বতঝোৰাৰ বাঁশবাৰীত বন ধবংস কাৰ্য্যত বন বিষয়া প্ৰানজল ব্ৰহ্মনে চলাইছে ছেন্টিকেট ৰাজ ৷
পৰ্ব্বতঝোৰা বনসংমণ্ডলৰ অধীনস্থ বাঁশবাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্য্যলয়ৰ অন্তৰ্গত দুখী সুখী অঞ্চলত অবৈধ ভাৱে ৰঙামাটিৰ ৰম্‌ৰমীয়া ব্যবসা চলাই থকাৰ এক গুৰুতৰ অভিযোগ উঠিছে ৷

30/03/2023

কংগ্ৰেছ নেতা শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াৰ সাংসদ পদ খাৰিজৰ ওপৰত মাননীয় সাংসদ আব্দুল খালেকৰ মন্তব্য।

26/03/2023

শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াৰ সাংসদ পদ বাতিল কৰাৰ ওপৰত শ্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া।

যোৰহাটৰ জেষ্ঠ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা গ্ৰেপ্তাৰ।
25/03/2023

যোৰহাটৰ জেষ্ঠ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা গ্ৰেপ্তাৰ।

25/03/2023

✍️গোসাঁইগাঁওৰ সৰাইবিলৰ পৰা বালাগাঁও সংযোগী পথৰ দলং অতি জৰাজিৰ্ণ অৱস্থাত পৰি আছে!

✍️এক মাত্ৰ পথৰ দলংৰ সংকটজনক অৱস্থাত যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈ আছে শিক্ষাৰ্থী লগতে স্থানীয় ৰাইজে!

✍️গোসাঁইগাঁও মহকুমাৰ মজাতি ভিচিডিচিৰ অন্তৰ্গত সৰাইবিল পৰা বালাগাঁও যোৱা এক মাত্ৰ পথ ৭ খনকৈ গাঁওৰ মানুহৰ যাতায়তৰ মুল পথৰ দলং বিগত ২০ বছৰ দৰি অতি জৰাজিৰ্ণ অৱস্থাত পৰি আছে!

✍️স্কুলিয়া ছাত্ৰ ছাত্ৰীৰ বিধ্যালয়ত অহা যোৱাৰ লগতে দৈনিক বজাৰৰ ভ্ৰমণ কৰাত যথেষ্ট বিপদজনক অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছে স্থানীয় ৰাইজে !

✍️বিপিএফ চৰকাৰৰ সময়ৰ পৰা আজি ইউ পি পি এল চৰকাৰ লৈকে কোনো ৰাজনৈতিক নেতাই পৰিদৰ্শন কৰানাই লগতে দলং নিৰ্মানৰ কোনো পদক্ষেপ হাতত লোৱা দেখা পোৱা নাই বুলি অভিযোগ কৰিছে ৰাইজে!

✍️বছৰ বছৰ ধৰি চৰকাৰৰ সুবিধাৰ পৰা বঞ্চিত হোৱা ৰাইজে বৰ্ষা কালৰ আগতে এখন ভাল দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰক আহ্বান জোনাইছে !

✍️গোসাইগাওঁৰ পৰা ছাইফুল ইছলামৰ প্ৰতিবেদন ।

Address

Barpeta
781321

Telephone

+919101279787

Website

Alerts

Be the first to know and let us send you an email when News Time Assam 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Time Assam 24×7:

Videos

Share


Other Media/News Companies in Barpeta

Show All