#তেজপুৰ : Anchor : দিহানাম সংৰক্ষণ মঞ্চ অসমৰ দ্বিতীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত দিহানাম সংৰক্ষণ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত আৰু ডিব্ৰুগড় সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত দুলীয়াজান কেন্দ্ৰীয় নামঘৰত দেওবাৰে দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে সম্পন্ন হয় । অসমৰ ২৪ খন জিলাৰ প্ৰতিনিধি আৰু বিষয়ববীয়াৰে অনুষ্ঠিত সভাত প্ৰায় দুশ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা দেখা যায় । উক্ত সভাত শোণিতপুৰ জিলা দিহানাম সংৰক্ষণ মঞ্চ তেজপুৰৰ পৰা তিনিজনে প্ৰতিনিধিত্ব কৰে ক্ৰমে বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক ড° নয়ন জ্যোতি বৰা, শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি দিপেন শইকীয়া আৰু বিশিষ্ট সমাজকৰ্মী লুলুমণি গগৈ দাসে । সভাত দিহানাম সংৰক্ষণ মঞ্চৰ সংবিধানৰ খচৰা পাঠ আৰু সংশোধনী সংযোজন মৰ্মে গ্ৰহণ, দিহানামৰ নিয়মাৱলী প্ৰস্তুত আৰু সাংগঠনিক বিষয়ত আলোচনা আৰু সিন্ধান্ত গ্ৰহণ কৰে । দিহা
বৰঘাট আৰক্ষী চকীৰ অন্য এক সাফল্য নকলি সোন সহ আটক ২জনক
বৰঘাট আৰক্ষী চকীৰ অন্য এক সাফল্য নকলি সোন সহ আটক ২জনক । জানিব পৰা মতে বৰঘাত আৰক্ষী চকীৰ অন্তৰ্গত নপামত তিনি দোখৰ সোন আৰু চিৰাজুল আৰু জেহেৰুল নামৰ দুজন যুৱকক আটক কৰে ।
বহি গ’ল বিশ্বনাথৰ চতিয়া বৰপাম-প্ৰতাপগড় সংযোগী পকী দলং ৷ যাতায়াত ব্যাহত ৷
বিশ্বনাথৰ চতিয়া বৰপাম তিনিআলি প্ৰতাপগড় চাহ বাগিচা সংযোগী ঘিলাধাৰী নৈৰ ওপৰত থকা পকি দলং খন এমাহ মানৰ আগৰে পৰা বহি গৈছিল । যোৱা নিশা বেচিকৈ বহি দলং খন উত্তৰ দিশে হেলনীয়া হৈ পৰিছিল । যিকোনো মুহূৰ্তত দলংখন বাগৰি যোৱাৰ সম্ভবনা প্ৰকট হৈ পৰিছে । বৰ্তমান দলংখনৰ অৱস্থা একেবাৰে শোচনীয় ৷ বুধবাৰৰ দিনটোত সাপেখাটি বজাৰ হোৱা বাবে বহুটো বাইক দলংঙৰ ওপৰৰে অহা যোৱা কৰি আছে যদিও বিভাগীয় কতৃপক্ষই দলংৰ ওপৰতে অহাযোৱা কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰি ৰখা হৈছে ৷ চতিয়াৰ উত্তৰ অঞ্চলৰ বহু শতাধিক গাওঁৰ এক মাত্ৰ মুল পথ যি পথে দি চৰকাৰী কৰ্মচাৰী, বিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰী, ব্যবসায় বানিজ্য, শ,শ, চাহ খেটিয়কৰ ফেক্টৰিলৈ নিয়া কেচাঁ চাহ পাতৰ গাড়ি সমুহ, অহা যোৱা কৰে । অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষই বিকল্প অস্থায়ী পথ নিৰ্মান কৰি ৰাইজৰ সুবিধা কৰি দিবৰ বাবে স্থানীয় সচেতন ৰাইজ আৰু দল সংগঠনে আ
বানপানীত উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ ক্ষতিগ্ৰস্থ অঞ্চল পৰিদৰ্শন সভাপতি দিপক নেৱাৰ ।
নদুৱাৰৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ অধিনৰ বহু পিছপৰা অঞ্চলত বানপানীত বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱা কেইবাখনো গাঁৱত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশমৰ্মে পৰিদৰ্শন কৰে উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰে । পঞ্চায়তৰ সভাপতি গৰাকীয়ে পানীত ক্ষতিগ্ৰস্থ পথসমুহ পুনৰ নিৰ্মাণৰ আশ্বাস প্ৰদান কৰাৰ লগতে কেইবাটাও চৰকাৰৰ আবাস গৃহৰো আধাৰশিলা কৰে । সভাপতি গৰাকীয়ে বাঢ়নী পানীত ক্ষতিগ্ৰস্থ পথসমুহ মেৰামতি কৰি দিয়াৰ লগতে প্ৰয়োজনীয় স্থানত কালভাৰ্ট বহুৱাই দিয়াৰ কথাও ৰাইজক অৱগত কৰে । পৰিদৰ্শন কালত সভাপতি গৰাকীক উত্তৰ মুঢ়াদল গাঁও পঞ্চায়তৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়া-কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়ায় ।
জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট ।
মুনলিট হাই স্কুলৰ শিক্ষক বিৰুদ্ধে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ক ১৪ টা চৰ মৰাৰ অভিযোগ কৰা হৈছিল
#Tezpur | মুনলিট হাই স্কুলৰ শিক্ষক সব্যসাচী দেৰ বিৰুদ্ধে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ক ১৪ টা চৰ মৰাৰ অভিযোগ কৰা হৈছিল। অৱশ্যে, শিক্ষক গৰাকীয়ে তেওঁৰ ওপৰত দিয়া এই অভিযোগবোৰ মিছা বুলি দাবী কৰে আৰু ঘটনাবোৰ মনে সজা বুলি দাবী কৰে।
ভিডিঅ'টো অধিক জানিবলৈ #watch।
জামুগুৰিহাটৰ ইটাখোলাত প্ৰশাসনৰ বিশাল উচ্ছেদ অভিযান ।
# জামুগুৰিহাটৰ ইটাখোলাত প্ৰশাসনৰ বিশাল উচ্ছেদ অভিযান ।
# ৫০ৰো অধিক দোকান গৃহৰ ওপৰত চলিল বুলডেজাৰ ।
জামুগুৰিহাটৰ নিকটৱৰ্ত্তী ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলত আজি বিশ্বনাথ জিলা প্ৰশাসনে চলাই উচ্ছেদ অভিযান । চৰকাৰী মাটি বেদখল কৰি দোকান গৃহ নিৰ্মাণ কৰি ব্যৱসায় চলাই থকা ৫০ টাৰো অধিক দোকান গৃহ আজি পুৱাৰ পৰাই জিলা প্ৰশাসনে বুলডেজাৰ চলাই ভাঙি পেলাই। আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বিশাল আবেষ্টনিৰ মাজত বিশ্বনাথ জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলাই। উল্লেখ্য যে চৰকাৰী মাটি বেদখল কৰি দোকান গৃহ নিৰ্মাণ কৰাৰ ফলত ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলত সৃষ্টি হোৱা ভয়াবহ যানজটৰ প্ৰতি লক্ষ্য ৰাখি এই উচ্ছেদ অভিযান চলোৱা বুলি জানিবলৈ দিছে নদুৱাৰ ৰাজহ চক্ৰ বিষয়াই।
চতিয়া সমষ্টিৰ গেলাহাটিঙাৰ আদৰ্শ হাইস্কুলত মুখ্যমন্ত্ৰীৰ আগমনকলৈ ব্যাপক প্ৰস্তুতি ৷
অহা ২৬ মে’ত অসমৰ মুখ্যমন্ত্ৰীৰ আগমন ঘটিব চতিয়া সমষ্টিলৈ ৷ ইয়াৰে এটা বিশেষ স্থানত মুখ্যমন্ত্ৰীৰ আগমনে ছাত্ৰছাত্ৰীৰ মন উৎফুল্লিত কৰিছে ৷ চতিয়া সমষ্টিৰ অন্তৰ্গত গেলাহাটিঙাৰ চাহ বাগান উচ্চ মাধ্যমিক আদৰ্শ বিদ্যালয়খনি শুভ উন্মোচিত কৰাৰ লগতে দুপৰীয়া ছাত্ৰ-ছাত্ৰী সকলৰ লগত একেলগে মধ্যাহ্ন ভোজনত অংশগ্ৰহণ কৰিব ৷ ইয়াকে লৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট উৎফুল্লিত ৷ মামাৰ লগত এসাঁজ একেলগে বহি খাবলৈ মন উগুলথুগুল ৷ ইতিমধ্যে আদৰ্শ হাইস্কুলৰ প্ৰাংগনত সুৰক্ষাৰ ব্যৱস্থা কটকটীয়া কৰিছে আৰক্ষীয়ে ৷ সকলো এই মুহূৰ্তত ব্যস্ত মুখ্যমন্ত্ৰীক আদৰিবলৈ ৷
বাইট : শিক্ষাৰ্থী ।
জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট ।
তেজপুৰ চান্দমাৰী লাচিত নগৰ অঞ্চলত ভূমি স্কলন হয় এটি তিনি জনীয়া পৰিয়ালৰ কথামাপি প্ৰাণ ৰক্ষা
কেইবাদিনো ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো বানে সংহাৰী ৰূপ ধাৰণ কৰা দেখা পোৱা গৈছে ইয়াৰ লগতে কালি ৰাতি হয় ভূমি স্কলনৰ ঘটনা । তেজপুৰ চান্দমাৰী লাচিত নগৰ অঞ্চলত ভূমি স্কলন হয় এটি তিনি জনীয়া পৰিয়ালৰ কথামাপি প্ৰাণ ৰক্ষা। চাওঁক কি দৰে মাটি খহি ঘৰ তোৰ একাংশ ক্ষতিগ্ৰস্ত কৰিছে। ঘৰ খনত বাবুল কলিতা তেওঁৰ পত্নী আৰু পাঁচ বছৰীয়া কন্যা সন্তান সহ বসবাস কৰে। তিনি দিন ধৰি হয় থকা বৰষুণৰ ফলত এই ভূমি স্কলন হয় বুলি পৰিয়াল লোকে জনাই আৰু এই ঘটনাত কোনো লোকৰে আঘাট নাই হোৱা বুলি কই।
India test fires Surface to Surface BrahMos Supersonic Cruise Missile in Andaman and Nicobar Island successfully
#Nation | Great Achievement for the nation!
India conducts successful test firing of Surface to Surface BrahMos Supersonic Cruise Missile in Andaman and Nicobar Island .