20/04/2021
Part ➡️এবাৰ পঢ়ি চাব বুলি আশাৰে.....
🛑 দুদিন টিউচন কৰোৱাৰ পিছতে তৃতীয় দিনাই ছাত্ৰীগৰাকীৰ মাকে মোক মাতি নি হাতত খাম এটি ধৰাই দি ক'লেঃ কাইলৈৰ পৰা তুমি মোৰ ছোৱালীজনীক আৰু পঢ়ুৱাব নালাগে । তুমি দুদিন পঢ়াইছা মোৰ ছোৱালীজনীক, মই এমাহৰ টকা দি দিলোঁ ।
মই অবাক হৈ ছাত্ৰীগৰাকীৰ মাকক সুধিলোঃ আন্টি, মই জানিব পাৰিমনে মোৰ অপৰাধটো কি ?
অন্যফালে মুখ কৰি তেওঁ ক'লেঃ নাই, নাই । তোমাৰ কোনো অপৰাধ নাই । এনেই ।
তেতিয়া টকাৰ খুব প্ৰয়োজন আছিল মোৰ । সেয়ে অলপ অনুনয়ৰ সুৰত ক'লোঃ আন্টি, মই আপোনাৰ ছোৱালীজনীক এমাহ পঢ়াও । তাৰ পিছত যদি আপোনাৰ ধাৰণা হয় যে তাইক মই ভালদৰে পঢ়াব পৰা নাই; তেতিয়া লাগিলে বাদ দিব । মোৰ কোনো আপত্তি নাথাকিব ।
এইবাৰ ছাত্ৰীগৰাকীৰ মাকে মোৰ মুখলৈ চাই ক'লেঃ আচলতে মোৰ ছোৱালীজনীয়ে তোমাৰ ওচৰত পঢ়িব নিবিচাৰে । কেৱল ভালদৰে পঢ়ালেই নহয়, দেখা-শুনাতো অলপ ভাল হ'ব লাগে । তোমাক দেখিলে মোৰ ছোৱালীজনীয়ে হেনো ভয় পায়.....
মোৰ হাতত গতাই দিয়া খামটো আন্টিৰ ফালে আগবঢ়াই দি ক'লোঃ দৰাচলতে মই জনা নাছিলোঁ যে টিউচন কৰাবলৈ শিক্ষক এজন হেণ্ডচাম হ'ব লাগে ! যদি জানিলোহেঁতেন, বিশ্বাস কৰক, মই কেতিয়াও আপোনাৰ ছোৱালীজনীক পঢ়াবলৈ নাহিলোহেঁতেন ।
🛑 ছাত্ৰীগৰাকীৰ ঘৰৰ পৰা প্ৰস্থান কৰি মই ৰাস্তাত খোজকাঢ়ি আছোঁ আৰু কলেজ জীৱনৰ কথা ভাৱিবলৈ ধৰিলোঁ । এবাৰ কলেজৰ এখন অনুষ্ঠানৰ কাৰণে শিক্ষককলে ভাল এজন উপস্থাপকৰ সন্ধান কৰি আছিল । মই শিক্ষকসকলৰ আগত হাত দাঙি কৈছিলোঃ ছাৰ, মই ভালদৰে উপস্থাপন কৰিব পাৰোঁ । স্কুলত পঢ়ি থাকোতে মই কেইবাখনো অনুষ্ঠান উপস্থাপন কৰিছোঁ ।
শিক্ষক এজনে মোক ভালদৰে নিৰীক্ষণ কৰি মন্তব্য কৰিলেঃ তোমাৰ নিচিনা কাউৰীয়ে যদি উপস্থাপন কৰে তেন্তে যি কেইগৰাকী লোক আহিলেহেঁতেন, সিহঁতো পলাব...........
ছাৰৰ এই কথাই মোৰ মনত বৰকৈ আঘাত সানিলে । ৰাতিৰ ভিতৰতে মোৰ নামটো 'দিগন্ত হাজৰিকা'ৰ পৰা 'কাউৰী হাজৰিকা' কৰি দিলোঁ । বহুত কষ্ট পাইছিলো মনত ।
🛑 কিছুদিন পূৰ্বে মই পৰা মহানগৰীলৈ গৈ আছিলোঁ । মোৰ কাষৰ ছিটটোত এগৰাকী সুন্দৰী যুৱতী বহিছিল । মই যেতিয়া মোৰ ছিটত বহিবলৈ গৈ আছিলোঁ তেতিয়া যুৱতীজনীয়ে নাকে-মুখে চুন্নীৰে সোপা মাৰি ধৰিলে । বাছখন কিছুদূৰ আগবঢ়াৰ পিছত যুৱতীজনীয়ে বাছ কন্ট্ৰাক্টৰক চিঞৰি ক'লেঃ মোৰ এই ছিটটো সলাই দিবনে ? মই বেলেগ ক'ৰবাত বহিম ।
waiting part2