পখিলা

পখিলা ভালপোৱাবোৰৰ মাজত

10/12/2024
22/05/2024

প্রেম

নাজানো প্রেম মানে কি? জানো মাথোঁ এটা এনে সম্পর্ক য'ত সুখ-দুখ, সৰু সৰু অভিমানবোৰ, সন্মান, মৰম-ভালপোৱাবোৰ জীয়াই থাকে, সেয়াই প্রেম। আছে জানো আধুনিক জগতত এই প্রেম, আচলতে এয়া প্রেমেই নহয়, এয়া ভাললগাহে, যি কিছুদিন পিছতেই সলনি হৈ যায়।,,,, কেনেকৈ সম্পৰ্কবোৰ গঢ়ি উঠাৰ পাছতো সকলো পাহৰি সম্পৰ্কটো ভাঙি পেলাব পাৰে, ইমান নিকৃষ্ট নে মনবোৰ..... ইমান হিংস্র নে মানুহবোেৰ?.........এতিয়া প্ৰেমবোৰ মাথোঁ কাগজৰ টুকুৰাত সলনি হোৱা বিনিময় প্রথা, আছে জানো ইজনে সিজনৰ কাৰণে অপেক্ষা কৰা দিনবোৰ, আছে জানো মাহ-বছৰৰ শেষত পোৱা চিঠিৰ দিনবোৰ.......নিয়তিৰ সোঁতত সকলো শেষ, সকলো যান্ত্রিক, যাৰ কাৰণে হয়তো বিজুতি ঘটি ধ্বংস হয়। ঘৃণ লগা হ'ল এই আধুনিক প্রেম।

কাৰোবাক কন্দুওৱাই জানো কোনোবা সুখত থাকিব পাৰে, এই প্ৰেমবোৰ এনেকুৱাই কোনোবা সুখত থাকিব কোনোবা দুখত.....এজনে শিতানৰ গাৰু তিতাব, এজনে হাঁহি জীৱন কটাব, এজনৰ মাজনিশাৰ টোপনি হেৰাব, এজনে শান্তিৰে শুই থাকিব, কেনেকৈ?..... কেনেকৈ পাৰে এটি সম্পৰ্কত এজনে আনজনক ইমান কষ্ট দিব!...... কেতিয়াবা ভবাই তোলাব, আপোনাক তেওঁ বহু দূৰত এৰি থৈ আহিছে, কিন্তু সেয়া অসত্য। ভবাই তোলাব কেতিয়াবা, ইমান সহ্য কৰিও তেওঁৰ অপেক্ষাত, তেওঁৰ এষাৰ মাতত সকলো সলনি কি যাদু আছে এই মাতষাৰত!...., প্রেম কি অদ্ভুত!... হেজাৰ কষ্ট দিয়াৰ পিছতো প্রিয়জনৰ স্মৃতি বুকুত বান্ধি জীয়াই থকাটোঁও প্রেমেই! প্রিয়জনৰ এষাৰ মাতত, সকলো দুখ-কষ্ট পাহৰি যোৱাটোৱো প্রেমেই!

এই প্ৰেমৰ যুক্তিৰ জানো ক'ৰবাত শেষ আছে!........ প্রেম চাগেই এনেকুৱাই, বহুতো ঘাট-প্রতিঘাট, বহুতো সমস্যা, আকৌ সেই সমস্যাৰ সমাধানো সেই প্রেমেই!..... প্রেম মানে যুদ্ধ, প্রেম মানে ধ্বংস, প্রেম মানে ভৱিষ্যত, প্রেম মানেই সৃষ্টি।

-অনুপম

2024-05-23

🌼🍂
08/04/2024

🌼🍂

💔🍂
31/03/2024

💔🍂

নিশাৰ আকাশৰ জোনটোৱেই প্রিয়🌙🌝
24/02/2024

নিশাৰ আকাশৰ জোনটোৱেই প্রিয়🌙🌝

সচাঁই মৰমবোৰ এনেকুৱাই,এয়াই সচাঁ ভালপোৱা....❤🌹
07/02/2024

সচাঁই মৰমবোৰ এনেকুৱাই,
এয়াই সচাঁ ভালপোৱা....❤🌹

08/09/2023

প্রিয়জনক কাষত পালে হৃদয়খনে যেন উচুপি উঠে,বৈ আহে দুগালেৰে অশ্রু💌🥺

ৰাতিপুৱাৰ হেঙুলি কিৰণত প্রজ্বলিত ৰামধেনুৰ বোল💌🌈
08/08/2023

ৰাতিপুৱাৰ হেঙুলি কিৰণত প্রজ্বলিত ৰামধেনুৰ বোল💌🌈

29/07/2023

কোনোৱে থকাজনৰ পৰাও আঁতৰিব খোজে,
কোনোৱে আকৌ আঁতৰি যোৱাজনৰো অপেক্ষাত থাকে🙂🌿

14/05/2023

পৃথিৱীৰ প্রথম মনোবিঞ্জানীজনীয়েই মাঁ,
হেজাৰ দুখত থাকিও সুখ বিলায় দিয়াজনীয়েই মাঁ,
বিপদত তোমাক লগদিয়াজনীয়েই মাঁ,
নিজে লঘোণে থাকি তোমাৰ ভোক গুচোৱাজনীয়েই মাঁ,
জীৱনৰ লগত যুজাব শিকোৱাজনীয়েই মাঁ,
প্রথম চিকিৎসকগৰাকীয়েই মাঁ,
মমতাৰ অন্য এক নামেই হ'ল মাঁ।

(মাঁ-দেউতাৰ বাহিৰে তোমাক ভালদৰে বুজি পোৱা দ্বিতীয়জন ব্যক্তি খুবেই তাঁকৰ,ভালে থাকক সকলোৰে মাঁ-দেউতা,
মাতৃ দিৱসৰ শুভেচ্ছা যাচিলোঁ সকলো মাঁ লৈ বুলি💕।)

সন্ধিয়াৰ আকাশ❤🌙
26/04/2023

সন্ধিয়াৰ আকাশ❤🌙

18/04/2023

সদায় কাষত থাকিম বুলি যিজন আহিব,তেওঁ হেজাৰ কাজিয়াৰ পিছতো কাষতে ৰ'ব।

ভূলবোৰ নিজেই শুধৰাই
জীৱনৰ লগত যুজাঁব শিকাব।
✍️অনুপম

Happy Bihu💗
15/04/2023

Happy Bihu💗

13/04/2023

নীলা খামৰ চিঠি
✍️অনুপম তালুকদাৰ

প্রতি,
মৰমৰ প্রিয়জনী
ভালে আছানে তুমি?
তোমাক এইখিনি সুধাৰ অধিকাৰ ম‌ই কেতিয়াবাই
হেৰাই পেলাইছো,আশা কৰো তুমি কুশলে আছা,
এয়াই মোৰ কাম্য।

বিশেষ একো নক‌ওঁ,বহুত মনত পৰি থকা বাবেই তোমালৈ বুলি একলম লিখি পেলালোঁ,তুমি কেতিয়াবা ভাবিছিলানে আমাৰ সপোনবোৰ যেন এনেদৰেই আধৰুৱা হৈ ৰব, আমাৰ সপোনবোৰক এনেদৰেই যে আধাবাটতে ভাঙি-চূৰমাৰ কৰিব লাগিব।তুমি জানা....মোক স্মৃতিবোৰে আজিও বৰকৈ কন্দুৱায়,নিশা আকাশৰ জোনটোত যেন ম‌ই আজিও তোমাৰেই প্রতিচ্ছবি দেখোঁ,অশ্রুবোৰ নিজে নিজে সৰি পৰে।শিতানৰ গাৰুটোও তিতি যায় তোমাৰ কথাবোৰ,তুমি দেখুওৱা আশাবোৰৰ কথা ভাবি ভাবি। সেই অভিশপ্ত দিনটোৰ পিছত,তোমাক দেখা নোপোৱা বহুদিনেই হ'ল, আজিকালি কলেজৰ সন্মুখত মোলৈ ৰৈ থকা সেই প্রিয়জনী হৈ নাথাকিলা তুমি ,সলনি হৈ গ'লা। তোমাক লগ পোৱাৰ পিছৰে পৰা জীৱনটোৰ ৰং সলনি হৈ গৈছিল,কিন্ত তুমি সকলো সপোন আধৰুৱা কৰি পাহৰি গ'লা মোক,
তুমি জানানে..... এবাৰ কাৰোবাক অন্তৰত থিতাপি দিলে তাক অন্তৰৰ পৰা ওলোৱাই পেলোৱা সহজ নহয়, তোমাৰ পৰশত দুখ-চিন্তাবোৰো নহোৱা হৈ যায়,জীপাল হৈ উঠে মনটো। মনত পৰেনে তোমাৰ,সেই দিনবোৰৰ কথা...যেতিয়া তোমাৰ কান্ধত মূৰ থৈ সন্ধিয়াৰ সেই সুমধুৰ বতাহৰ লগে লগে মনৰ কথাবোৰ সুৱৰাইছিলো,কথাবোৰ ভাবিলেই জানা চকুলো ভৰি পৰে।ভূলবোৰ শুধৰাব নোৱাৰিনে,সম্পর্কটো আৰু এবাৰ গঢ়িব নোৱাৰিনে?
সকলোবোৰ পাহৰি উভতি আহা আকৌ এবাৰ,
অপেক্ষা কৰিম তোমালৈ বুলি।

শেষত এটা কথা ক‌ওঁ-সম্পর্কবোৰ চিঠিৰ দিনতেই মধুৰ আছিল,ইন্টাৰনেটৰ দিনত সকলো ধ্বংস।

ইতি,
তোমাৰ একালৰ প্রেমিক।

ৰাতিৰ আকাশ❤🌙
04/04/2023

ৰাতিৰ আকাশ❤🌙

02/04/2023

মন যায়

এবাৰ উশাহটো এৰি দি চাওঁ নেকি,
আকৌ নতুন হৈ আহিম,
নতুন সপোন দেখিম,
স্মৃতিবোৰ পাহৰণিৰ সোঁতত উতাই দিম।

এবাৰ উশাহটো এৰি দি চাওঁ নেকি,
আকৌ উভতি আহি,
নতুন মানুহ চিনিম,
মৰমবোৰ নুতুনকৈ বিলাম।

এবাৰ উশাহটো এৰি দি চাওঁ নেকি,
আকৌ তোমাৰ প্রেমতেই পৰিম।
বিৰক্তিকৰ নহৈ,
সলনি হৈ আহিম।

এবাৰ উশাহটো এৰি দি চাওঁ নেকি,
আকৌ জীৱনটো নতুনকৈ গঢ়িম,
সময়ক পিছ পেলায়,
আগত দৌৰিম।

চাওঁ নেকি এবাৰ উশাহটো এৰি,
আকৌ উভতিম,
নতুন শৰীৰ ,নতুন বিশ্বাসৰ টোপোলা লৈ,
তোমাৰ কাষত থাকিম।

এবাৰ উশাহটো এৰি দি চাওঁ নেকি,
এইবাৰ কবি হম,
মোৰ কবিতাৰ বিষয় হ'বা তুমি,
কবিতা শুনাম তোমাক,
মৰম নামৰ কবিতা।

এৰি দি চাওঁ উ‌শাহটো এবাৰ,
উভতিম আকৌ,
মৰমবোৰ সাঁচি থবা,
সপোনবোৰ পূৰাম আমি।


✍️অনুপম তালুকদাৰ
০২/০৪/২০২৩

08/03/2023

প্রথম দ্বিতীয় প্রেম বুলি কোনো কথা নাই ,
যিয়ে সকলো কথা জানিও ভালপোৱাক জীপাল কৰে ,সেয়া ভৱিষ্যৎ💗🥀

Address

Nalbari

Telephone

+919707440626

Website

Alerts

Be the first to know and let us send you an email when পখিলা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share