Jollywood Now

Jollywood Now The Online destination for Assamese films
(22)

যাদুকৰী কণ্ঠৰ আৰু অসমৰ নাইটিংগেল দীপালী বাইদেউলৈ শ্ৰদ্ধা নিবেদন…জন্মগত প্ৰতিভাৰ সুউচ্চ কণ্ঠৰ অধিকাৰী দীপালী বৰঠাকুৰ বাইদ...
21/12/2023

যাদুকৰী কণ্ঠৰ আৰু অসমৰ নাইটিংগেল দীপালী বাইদেউলৈ শ্ৰদ্ধা নিবেদন…

জন্মগত প্ৰতিভাৰ সুউচ্চ কণ্ঠৰ অধিকাৰী দীপালী বৰঠাকুৰ বাইদেউৰ স্মৃতিদিৱসত আজি তেখেতক "Jollywood Now" ৰ তৰফৰ পৰা সশ্ৰদ্ধ স্মৰণ কৰিছোঁ।

কণ্ঠত লোকজীৱনৰ সৰলতা আৰু মাধুৰ্য্য কঢ়িয়াই ফুৰা এইগৰাকী মহান শিল্পীয়ে কম সময়ৰ ভিতৰতে আমাক উপহাৰ দি থৈ গৈছে বহুকেইটা চিৰযুগমীয়া গীত। দীপালী বাইদেউ বুলি ক'লেই মনলৈ আহে সেই উজ্জ্বল মুখ খনৰ সৈতে হাঁহিটো আৰু ডাঙৰকৈ লোৱ ৰঙা ফুটটো। এয়া তাহানি দিনৰ কথা, নৱম শ্ৰেণীত থাকোতে আকাশবাণী গুৱাহাটীৰ নিয়মীয়া শিল্পী হৈ পৰা দীপালী বাইদেউৱে প্ৰথমবাৰৰ বাবে গাইছিল-
"অ' চেনাই মই যাওঁ দেই,
অ' বিহুতে আহিমগৈ,
তেতিয়া গাই যাম গীত;
অ' হাঁহিমুখে থাকিবা,
অ' চকুলো নুটুকিবা,
আইৰে ঐ মনতে,
অ' বেজাৰেনো নিদিবা;
অ' চেনাই মই যাওঁ …….."

ৰেডিঅ'ত অহা গানৰ অনুৰোধত আটাইতকৈ বেছি অনুৰোধ অহা গীতটিয়েই আছিল এইটো। ইয়াৰ পিছত আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই তেখেতে। দীপালী বাইদেউ গুচি যোৱাত এটা যুগৰ অৱসান ঘটিছিল যদিও আজি পৰ্যন্ত তেখেতৰ গীতে আমাক সমৃদ্ধ কৰি ৰাখিছে আৰু অনাগত দিনলৈ ৰাখিব।

"হিয়া দিয়া নিয়া" বিশেষ, ১ কোটি টকাৰ উপাৰ্জনেৰে জনপ্ৰিয় ছবিখন-তাহানিৰ দিনটো ভিৰ হৈছিল ছবিগৃহত। এই ফটোখন ২০০০ চনৰ, "হিয়া দ...
20/12/2023

"হিয়া দিয়া নিয়া" বিশেষ, ১ কোটি টকাৰ উপাৰ্জনেৰে জনপ্ৰিয় ছবিখন-

তাহানিৰ দিনটো ভিৰ হৈছিল ছবিগৃহত। এই ফটোখন ২০০০ চনৰ, "হিয়া দিয়া নিয়া" মুক্তিৰ সময়ত ছবিখন চাবলৈ যোৱা দৰ্শকৰ ভিৰ চাওক চোন।

২০০০ চনত মুনিন বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত ছবিখনত সংসাৰৰ মোহ, বন্ধুত্বৰ এনাজৰী তথা প্ৰেমৰ সৰলতা আদিক সুন্দৰ ৰূপত উপস্থাপন কৰিছিল ভাইমন দাই। জীয়ৰীৰ বাবে মাতৃয়ে ধনী ল’ৰা আৰু পিতৃয়ে নিজৰ বন্ধুৰ পুত্ৰক বিচৰা ঘটনাটোতেই সন্নিৱিষ্ট হৈ থাকে কেইবাটাও পৰিঘটনা। এই ছবিখনত প্ৰথমবাৰৰ বাবে অভিনেতা হিচাবে আত্মপ্ৰকাশ কৰিছিল ৰবি শৰ্মাই আৰু সংগীত পৰিচালক হিচাবে আত্মপ্ৰকাশ কৰিছিল জুবিন গাৰ্গে।

“হিয়া দিয়া নিয়া” ছবিখনত অভিনয় কৰিছিল ৰবি শৰ্মাৰ লগতে লুনা লহকৰ, যতীন বৰা, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱা, হিৰণ্য দাস, হিৰণ্য ডেকা, চেতনা দাস, নিপন গোস্বামী, মাধুৰীমা চৌধুৰী আৰু মালৱিকা বৰাই। ছবিখন আপোনালোকে কোনটো বৰ্ষত উপভোগ কৰিছিল বাৰু?

20/12/2023

বিশাল ছেট নিৰ্মাণেৰে "বীৰাংগনা সাধনী" ৰ দৃশ্যগ্ৰহণ।
এক্সক্লুচিভ কিয়দংশ আপোনালোকলৈ…

Shooting of upcoming assamese periodic film 'Birangana Xadhaani' on full swing:


অসমীয়া মানুহে বিশ্ব জয় কৰিবলৈ দু:সাহসিক কৰ্ম কৰিলে কেনেকুৱা হয়? কথাটো কৈছে "ৰত্ন খুড়া" নামৰ এই গ্ৰন্থখনত "ৰত্ন খুড়া" চৰি...
18/12/2023

অসমীয়া মানুহে বিশ্ব জয় কৰিবলৈ দু:সাহসিক কৰ্ম কৰিলে কেনেকুৱা হয়? কথাটো কৈছে "ৰত্ন খুড়া" নামৰ এই গ্ৰন্থখনত "ৰত্ন খুড়া" চৰিত্ৰটোয়ে। বিশ্ব সাহিত্যৰ নিচিনা অসমীয়া সাহিত্যত বিচিত্ৰ বিষয়ৰ গল্প নাই----কাহিনী নাই----অসমীয়া পণ্ডিতসকলে আক্ষেপ কৰে। এই অভাৱ "ৰত্ন খুড়া" নামৰ এই গ্ৰন্থখনে বিনাশ কৰিছে। ঘৰত খাই বনত বাস কৰা যাৰ স্বভাব----তেনেকুৱা মানুহৰ দু:সাহসিক অভিযান কেনেকুৱা----গ্ৰন্থখনে তাকেই কৈছে। লেখক প্ৰাঞ্জল দলৈ মানে স্পষ্ট আৰু শিহৰণ। স্পষ্ট আৰু শিহৰণকাৰী বিৱৰণ এই গ্ৰন্থখনত আছে----যি অসমীয়া সাহিত্যত আজিলৈকে হোৱা নাই।।

অসমীয়া চলচিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ বাইদেউক স্মৃতিদিৱসত "Jollywood Now" ৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জ...
17/12/2023

অসমীয়া চলচিত্ৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈ বাইদেউক স্মৃতিদিৱসত "Jollywood Now" ৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

সেইসময়ত, প্ৰথম অসমীয়া বোলছবি "জয়মতী" ৰ বাবে সংবাদপত্ৰত অভিনেত্ৰীৰ বিজ্ঞাপন দিওঁ কোনো ধৰণৰ সঁহাৰি পোৱা নাছিল প্ৰথমগৰাকী অসমীয়া চলচিত্ৰ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে। পৰৱৰ্তী সময়ত, বহু বিচাৰ খোচাৰ কৰাৰ পাছত ১৬ বছৰীয়া আইদেউক বিচাৰি পাইছিল তেখেতে। তাহানিৰ পুৰুষতান্ত্ৰিক সমাজখনৰ বিৰুদ্ধে থিয় হৈ এখন ছবিত অভিনয় কৰাটো সহজ নাছিল যদিও আইদেউ আগবাঢ়ি আহিছিল।

"বঙহৰদেউ" বুলি সম্বোধন কৰাৰ বাবে তেখেতক সমাজৰ পৰা একাষৰীয়া কৰিছিল যদিও আইদেউ কোনোকালেই হাৰি যোৱা নাছিল। তেখেতে নিজৰ দুৰ্দান্ত অভিনয়েৰে অসমীয়া চলচিত্ৰ জগতত বৰ্ণিল যুগৰ সূচনা কৰাৰ উপৰিও নাৰী জাতিটোৰ বাবে সংস্কৃতিৰ পথাৰখনত বাট মুকলি কৰি দিলে। আইদেউৰ ত্যাগ আৰু অৱদান অসমীয়া নাৰী সমাজৰ বাবে সদায় আদৰ্শ হৈ ৰ'ব।

অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা তথা "ভাড়াঘৰ" ধাৰাবাহিকখনৰ মুখ্য অভিনেতা জয়ন্ত দাস দেৱৰ মৃত্যুত "Jollywood Now" ৰ তৰফ...
16/12/2023

অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা তথা "ভাড়াঘৰ" ধাৰাবাহিকখনৰ মুখ্য অভিনেতা জয়ন্ত দাস দেৱৰ মৃত্যুত "Jollywood Now" ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ প্ৰকাশ কৰিছোঁ।

"বেছি হ'ল নেকি?" অথবা "ভাড়াঘৰ" ৰ প্ৰতিটো সংলাপে জয়ন্ত দাস দেৱৰ মুখত জয়প্ৰিয় হৈ ফুটি ওলাইছিল। ভালেসংখ্যক অসমীয়া ছবিত অভিনয় কৰা জয়ন্ত দাই খলনায়কৰ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকৰ বহুল সমাদৰ লাভ কৰিছিল। তেখেতে অভিনয় কৰি দৰ্শকৰ চিনাকী কৰি তোলা "বেছি হ'ল নেকি" ডায়লগটো কাৰনো মনত নাই! তেখেতৰ বুকুৰ মাজত জ্বলে, জোন জ্বলে কপালত, ভূমিপুত্ৰ, নায়ক, কন্যাদান, মন, কাদম্বৰী, মইনা চৰাইৰ মইনা মাত, জোনাকী মন, আই ক'ত নাই (মা) , অদম্য, অধিনায়ক, খেল দ্যা গেম, ৰামধেনুকে ধৰি একাধিক চিনেমাত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰা প্ৰতিটো চৰিত্ৰ আজিও আমাৰ মনত আছে। তেখেত আমাৰ হৃদয়ত আজীৱন সজীৱ হৈ ৰ'ব। তেখেতৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি।

তেখেতৰ আত্মাৰ চিৰশান্তি কামনা প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ।

।। ঔঁম শান্তি ।।

অসমত NRC, কিমান প্ৰয়োজন? এখন বাংলা ছবিত আপুনি পাব বাস্তৱ কাহিনীৰ প্ৰতিফলন-অসমত কিছুমান এনে ঘটনা সংঘটিত হয় যিবোৰে বহুত সম...
14/12/2023

অসমত NRC, কিমান প্ৰয়োজন?

এখন বাংলা ছবিত আপুনি পাব বাস্তৱ কাহিনীৰ প্ৰতিফলন-

অসমত কিছুমান এনে ঘটনা সংঘটিত হয় যিবোৰে বহুত সময়ত আমাক ভাবিবলৈ বাধ্য কৰে যে আমি সঁচাকৈ মানৱ সমাজত জীয়াই থকাটো কিমান গ্ৰহণযোগ্য! আপোনালোকে NRC ৰ বিষয়ে শুনিছে নিশ্চয়। অসমবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় এই NRC। NRC ৰ বাবে হোৱা অপ্ৰীতিকৰ ঘটনাবোৰে আমাক ব্যতিব্যস্তও কৰি থৈছে। আমি আজি আপোনালোকক বাৰে বাৰে NRC বুলি কৈ থকাৰ আঁৰত আছে এখন বাংলা ছবি, যিখন মুক্তি লাভ কৰিব কাইলৈ অৰ্থাৎ ১৫ ডিচেম্বৰ তাৰিখে। এই "ID আমাৰ পৰিচয়" শীৰ্ষক ছবিখনৰ পৰিচালনা কৰিছে দীপক দাসে। ইতিমধ্যে ছবিখনৰ উক্ত বিষয়বস্তুটোৱে চৰ্চা লাভ কৰিছে সচেতন মহলত।

ছবিখনৰ ট্ৰেইলাৰটো উপভোগ কৰিলে আপোনালোকে নিজেই হৃদয়ংগম কৰিব পাৰিব যে ইয়াত পৰিচালকে প্ৰতিটো চৰিত্ৰৰ বাস্তৱ প্ৰতিফলন কৰিব বিচাৰিছে। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ভ্ৰান্তি মেধিক মেকআপ অবিহনে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাব। ইয়াৰ লগতে, ছবিখনত পুনৰ এবাৰ নিগেটিভ চৰিত্ৰত দেখা যাব ভৱেশ দাসক। উল্লেখ্য যে, ছবিখনত এগৰাকী নাৰীয়ে সমাজৰ বিৰুদ্ধে কৰা সংগ্ৰাম আৰু সংঘৰ্ষকো দেখিবলৈ পোৱা যাব।

চিত্ৰগৃহত ছবিখনে সঁহাৰি লাভ কৰক আমি তাকে কামনা কৰিছোঁ। লগতে ছবিখনৰ সৈতে জড়িত আটাইলৈ শুভকামনা জ্ঞাপন কৰিছোঁ।

Deepak Das

Watch Here: https://youtu.be/ecKIVR4QTZM?feature=shared


নতুন আৰম্ভণি, "বীৰাঙ্গনা সাধনী" শ্বুটিঙৰ প্ৰস্তুতি-আমি নতুন আৰম্ভণি বুলি কোৱাৰ আঁৰত আছে এক বিশেষ কাৰণ। আগন্তুক অসমীয়া ব্...
13/12/2023

নতুন আৰম্ভণি, "বীৰাঙ্গনা সাধনী" শ্বুটিঙৰ প্ৰস্তুতি-

আমি নতুন আৰম্ভণি বুলি কোৱাৰ আঁৰত আছে এক বিশেষ কাৰণ। আগন্তুক অসমীয়া ব্যয়বহুল ছবি "বীৰাঙ্গনা সাধনী" য়ে বহুকেইখন নতুন মুখ, ব্যতিক্ৰমী অভিনয়ৰ সোৱাদ লৈ আনিব আপোনালোকলৈ। ছবিখনত অন্তৰ্ভুক্ত চৰিত্ৰসমূহৰ বাবে বিভিন্নগৰাকী অভিজ্ঞ অভিনেতা-অভিনেত্ৰীক নিৰ্বাচন কৰাৰ পিছতে আৰম্ভ হৈছিল অনুশীলন আৰু এই অনুশীলনৰ পিছত অহা ১৪ ডিচেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'ব "বীৰাংগনা সাধনী" ৰ দৃশ্যগ্ৰহণ প্ৰক্ৰিয়া।

অসমৰ ইতিহাসৰ বিভিন্নটা কাহিনীক ৰূপালী পৰ্দাত আমি ইতিমধ্যে কেইবাখনো ছবিৰ জৰিয়তে উপভোগ কৰিলোঁ। এতিয়া সময় বুৰঞ্জীমূলক অধ্যায়ক হৃদয়ংগম কৰাৰ, ৰাইজ অধীৰভাৱে অপেক্ষাৰত "বীৰাংগনা সাধনী" ৰ বাবে।

Jollywood Now ৰ তৰফৰ পৰা "বীৰাংগনা সাধনী" ৰ সৈতে জড়িত আটাইলৈ শুভকামনা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ, এখন সৰ্বাংগ সুন্দৰ ছবি উপভোগ কৰিব পাৰিব অসমবাসীয়ে।


জয়ন্ত দাসৰ অসুস্থতাৰ বিষয়ে জানিব পাই মৰ্মাহত অনুৰাগী-অসমীয়া ধাৰাবাহিক ক্ষেত্ৰৰ এখন দীঘলীয়া ধাৰাবাহিক হিচাবে পৰিগণিত হয় "...
11/12/2023

জয়ন্ত দাসৰ অসুস্থতাৰ বিষয়ে জানিব পাই মৰ্মাহত অনুৰাগী-

অসমীয়া ধাৰাবাহিক ক্ষেত্ৰৰ এখন দীঘলীয়া ধাৰাবাহিক হিচাবে পৰিগণিত হয় "ভাড়াঘৰ" খন । এই "ভাড়াঘৰ" বুলি ক'লে আমাৰ এখন মুখ পতকৈ মনলৈ আহে, যিখন হৈছে জয়ন্ত দাসৰ। "বেছি হ'লে নেকি?" যিটো সংলাপ আমি বহুবাৰ আমাৰ মুখেৰেও কৈছোঁ, সেই শাৰীটোক অত্যাধিক জনপ্ৰিয় কৰি তোলা ব্যক্তি গৰাকীয়েই আছিল জয়ন্ত দাস। এটা সময়ৰ "ৰাজু দা" অথবা "ৰাজু গুণ্ডা"। আজি এইগৰাকী অভিনেতা গুৰুত্বৰভাৱে অসুস্থ হৈ পৰিছে। জানিব পৰা মতে, অভিনেতাগৰাকী যকৃৎজনিত বেমাৰত আক্ৰান্ত হোৱাৰ ফলত তেওঁক এপল' হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

জয়ন্ত দাসক প্ৰিয় হিচাবে ভবা বহু অনুৰাগী এতিয়া মৰ্মাহত হৈ পৰিছে। ইয়াৰ লগতে, সামাজিক মাধ্যমত বিভিন্ন জন শিল্পীয়েও জয়ন্ত দাসক তেজ প্ৰদান কৰিবলৈও সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে। জয়ন্ত দাস সুস্থ হৈ উঠক, পুনৰ এবাৰ নিজৰ অভিনয়েৰে তেখেতে অসমবাসীক মন্ত্ৰমুগ্ধ কৰি তোলক, আমি "Jollywood Now" ৰ পৰা তাকে কামনা কৰিছোঁ।

নাটকৰ উপৰিও ৰূপালী পৰ্দাত দপদপাই থকা জয়ন্ত দাসে নাটকত আৰম্ভ কৰা নিজ যাত্ৰাৰ বিষয়ে কৈছিল- "সৰুতেটো স্কুলত, বাল ভৱন আদিত অভিনয় কৰিছিলো; নাটক কৰিছিলো। সেইবোৰ ধৰিব নোৱাৰি বাৰু। কিন্তু যেতিয়া মই কটনত পঢ়িছিলো তেতিয়া মোৰ লগৰ উজ্জ্বল ভূঞাই মোক কৈছিল যে- “অই তোৰ মাতটো ইমান ডাঙৰ তই নাটক নকৰ কিয়?”। তাৰ পিছতেই মই মোৰ প্ৰথম গুৰু অজিত বৈশ্য দাৰ সান্নিধ্যলৈ আহিলো আৰু আৰম্ভ কৰি দিলো নাটক।"

চিৰিয়াছ নহয় এইবাৰ আহি আছে কমেডি!অসমীয়া ছবি উদ্যোগটোত শেহতীয়াকৈ প্ৰতিটো বিষয়বস্তুৰ ছবিয়ে মুক্তি লাভ কৰিছে। সেয়া লাগিলে, ...
10/12/2023

চিৰিয়াছ নহয় এইবাৰ আহি আছে কমেডি!

অসমীয়া ছবি উদ্যোগটোত শেহতীয়াকৈ প্ৰতিটো বিষয়বস্তুৰ ছবিয়ে মুক্তি লাভ কৰিছে। সেয়া লাগিলে, কমেডিয়েই হওক অথবা থ্ৰীলাৰ, একচন, ৰোমাণ্টিক তথা ইতিহাসৰ কিছু অধ্যায়ক সামৰিয়েই হওক। অসমীয়া দৰ্শকসকলক প্ৰতিটো বিষয়ৰ সোৱাদ দিয়াৰ ক্ষেত্ৰত এতিয়া অহৰহ চেষ্টা চলিছে অসমীয়া চলচিত্ৰ উদ্যোগটোৰ সৈতে জড়িত আমাৰ কলা-কুশলীসকলৰ। এটা শাৰীত সম্প্ৰতি আহিবলগীয়া ছবি সমূহে ইখনৰ পিছত সিখনে দীঘলীয়াকৈ থিয় দিছে, লগতে ছ'চিয়েল মিডিয়াত পোৱা আপডেটসমূহে ৰাইজক উৎসাহিত কৰিছে।

অলপতে ছ'চিয়েল মিডিয়াত এখন নতুন ছবিৰ খবৰ ওলাইছিল। ছবিখনৰ নাম 'Finding Maini" অৰ্থাৎ "ফাইডিং মাইনি"। এখন হাস্যৰসিক ছবি, য'ত অভিনয় কৰিব দীপাংকৰ কলিতা, বনী দেউৰীৰ লগতে অতনু মহন্ত, দৰথী ভৰদ্বাজ, সাগৰিকা গোস্বামী, নন্দিনী দাস আৰু শশাংক দাসে। পৰিচালনাৰ দায়িত্ব লৈছে বিজন ব্ৰহ্মাই। এখন পষ্টাৰৰ জৰিয়তে ছবিখনৰ বিষয়ে জনাইছে নিৰ্মাতা গোষ্ঠীয়ে।

২০২৪ চনত মুক্তিপাবলগীয়া এই ছবিখনৰ প্ৰথমটো ঘোষণাতেই দৰ্শকসকলৰ আকৰ্ষণ পৰিলক্ষিত হৈছে। সঁচাকৈ, এখন বহু প্ৰত্যাশিত ছবি হ'ব "Finding Maini"।

09/12/2023

তৃতীয়টো সপ্তাহত সফলতাৰে চলিছে "ৰঙাটাপু ১৯৮২"-

এখন অসমীয়া ছবিৰ যেতিয়া দৰ্শকৰ মাজত যথেষ্ট হাৰত প্ৰচাৰ আৰু প্ৰসাৰ চলে তেতিয়াই বুজিব পৰা যায় সেই ছবিখনৰ গ্ৰহণযোগ্যতা কিমান! এখন ছবিয়ে তিনিটা সপ্তাহ অইন ছবিসমূহৰ সৈতে প্ৰতিদ্বন্দিতা কৰি ছবিগৃহত চলি থকাটো নিজৰ মাজতেই এক আনন্দৰ কথা। অৱশ্যে এই আনন্দ বতৰা আহিছে "ৰঙাটাপু ১৯৮২" ৰ জৰিয়তে। ছবিখনে মুক্তিৰ পিছত এতিয়া তৃতীয় সপ্তাহটোত ভৰি দিছে আৰু আটাইতকৈ ভাল লগা কথা এইটোৱে যে ছবিখন সফলতাৰে চলি আছে।

দৰ্শকে "ৰঙাটাপু ১৯৮২" ৰ জৰিয়তে অসমৰ সেই সময়ছোৱাৰ বিষাদপূৰ্ণ ঘটনাটোক হৃদয়ংগম কৰাৰ লগতে ছবিখনত অভিনীত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে নিজৰ অভিনয়ৰ জৰিয়তে উক্ত ঘটনাটোক সুন্দৰকৈ উপস্থাপন কৰা সক্ষম হৈছে। ছবিখনে বহু কম দৰ্শনীৰে চিত্ৰগৃহত চলি থকাৰ মাজতেই উপাৰ্জন কৰিছিল যথেষ্ট। আপুনি এবাৰ সামাজিক মাধ্যমত "ৰঙাটাপু" বুলি চাৰ্ছ কৰি চাওক, দৰ্শকৰ সঁহাৰি আৰু ইতিবাচক মন্তব্য আপোনালোকে দেখিবলৈ পাব।

ছবিখনৰ পৰিচালক আদিত্যম শইকীয়াৰ দ্বাৰা আমি আৰু বিভিন্নটা প্ৰকল্পৰ আশা ৰাখিছোঁ। তেখেতৰ লগতে ছবিখনৰ সৈতে জড়িত আটাইলৈ "Jollywood Now" ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

09/12/2023

O Bhai: https://youtu.be/cXHUQggfw3o?si=QtkBR7_5xJw2LsQC
দিব্যদীপৰ কণ্ঠত এটি লোকগীত "অ' ভাই" | শুনি কেনে পালে কমেণ্ট কৰি জনাব...


"নেলীৰ কথা" ৰ বাবে সাজু হওঁক অসমবাসী-কাইলৈ অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখে গুৱাহাটীকে ধৰি অসমৰ কেইবাটাও চিত্ৰগৃহত মুক্তি লাভ কৰ...
07/12/2023

"নেলীৰ কথা" ৰ বাবে সাজু হওঁক অসমবাসী-

কাইলৈ অৰ্থাৎ ৮ ডিচেম্বৰ তাৰিখে গুৱাহাটীকে ধৰি অসমৰ কেইবাটাও চিত্ৰগৃহত মুক্তি লাভ কৰিব অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি "নেলীৰ কথা"। বিশিষ্ট তথ্যচিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাৰ পৰিচালনা, চিত্ৰনাট্য, সংলাপেৰে নিৰ্মিত এই ছবিখনে ইতিমধ্যে দেশ-বিদেশৰ কেইবাখনো চলচিত্ৰ সমাৰোহত মনোনয়ন লাভ কৰাৰ সমান্তৰালকৈ চলচিত্ৰ সমালোচকৰ দ্বাৰা বহুল হাৰত প্ৰশংসিত হৈছে।

শংকৰ-আজানৰ ভাতৃত্ববোধৰ মাটি হিচাবে চিনাকী থকা আমাৰ অসমৰ ইতিহাসৰ এটা মচিব নোৱাৰা ক’লা অধ্যায় হৈ এতিয়াও জিলিকি আছে নেলীৰ গণহত্যা। ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নেলীত সংঘটিত হোৱা সেই গণহত্যা আজিও অসমবাসীয়ে পাহৰিব পৰা নাই। স্বাধীনোত্তৰ ভাৰতৰ এই হিংসাত্মক ঘটনাটোক ১০২ মিনিট দৈৰ্ঘ্যৰ "নেলীৰ কথা" ত উপস্থাপন কৰাৰ প্ৰয়াসত কিমান সফল হ'ব পাৰ্থজিৎ বৰুৱা, সেয়া অৱশ্যে লক্ষণীয় হ'ব!

আপোনালোক সাজু নে অসমৰ এই ঘটনাটোক এনেদৰে ৰূপালীপৰ্দাত উপভোগ কৰি হৃদয়ংগম কৰিবলৈ?

07/12/2023

নীল আকাশ যথেষ্ট সুখী, কিয়? চাওক ভিডিঅ'টো-

অসমীয়া গীতৰ প্ৰেমত পৰিলে আকৌ এবাৰ কিল আৰু নীমাই পল। অলপতে আমি আপোনালোকক আচুৰ্য বৰপাত্ৰৰ "দুলহান বনামী" ত তাঞ্জানিয়াৰ এই ভাতৃ-ভগ্নীয়ে নচা ভিডিঅ'টো দেখুৱাইছিলোঁ, ভিডিঅ'টোৱে চৰ্চাও লাভ কৰিছিল সচেতন মহলত।

এনে লাগিছে যেন তাঞ্জানিয়াত বাৰুকৈয়ে চৰ্চা চলিছে অসমীয়া সংগীতৰ। এইবাৰ আকৌ "মন হীৰা দৈ" ত উক্ত দুই ভাতৃ-ভগ্নীয়ে কেনেদৰে নাচিলে চাওক। "মন হীৰা দৈ" ৰ এই ভিডিঅ'টোৰ কমেণ্ট বক্সত গৈ অসমৰ বহু দৰ্শক-শ্ৰোতাই ইতিবাচক মতামত আগবঢ়াইছে। সকলোৱে সুখানুভূতি প্ৰকাশ কৰিছে। নকৰিবওনো কিয়, অসমৰ যিকোনো বিষয় বাহিৰত প্ৰচাৰ লাভ কৰিলে অসমৰ প্ৰত্যেকগৰাকী নাগৰিক উৎসাহিত হৈ পৰে।

মুক্তি পালে যশস্বী অভিনেতা তথা জনপ্ৰিয় আব‌ৃত্তিকাৰ  াসে আবৃত্তি কৰা আৰু জনপ্ৰিয় কবি মানস কমল হাজৰিকাৰ সৃষ্টি "এটি কবিতা...
06/12/2023

মুক্তি পালে যশস্বী অভিনেতা তথা জনপ্ৰিয় আব‌ৃত্তিকাৰ াসে আবৃত্তি কৰা আৰু জনপ্ৰিয় কবি মানস কমল হাজৰিকাৰ সৃষ্টি "এটি কবিতা তোমাৰ নামত" ।
আহকচোন উপভোগ কৰোঁ এই সুন্দৰ কবিতাটি আৰু কেনে পালে জনাবলৈ নাপাহৰিব…

Credits:Poet: Manash Kamal HazarikaRecitation by: Tapan DasMusic: Anirban NathLayout Design: Bijit Daimary (Unix Studio)Presented By: Sailen Biswas (Babu)Rec...

আদিল হুচেইনৰ শ্ৰেষ্ঠত্ব, বিশ্বজুৰি জনপ্ৰিয়-এখন বিশেষ ছবি উপভোগ কৰিবৰ বাবে কেৱল মাত্ৰ এতিয়া অসমৰেই নহয়, সমগ্ৰ বিশ্বৰ ৰাইজ...
05/12/2023

আদিল হুচেইনৰ শ্ৰেষ্ঠত্ব, বিশ্বজুৰি জনপ্ৰিয়-

এখন বিশেষ ছবি উপভোগ কৰিবৰ বাবে কেৱল মাত্ৰ এতিয়া অসমৰেই নহয়, সমগ্ৰ বিশ্বৰ ৰাইজ অপেক্ষাৰত। মুখ্য চৰিত্ৰত কিন্তু টলীউড, বলীউড তথা হলীউডৰ হিৰো' নহয়, আছে এগৰাকী অসমীয়া অভিনেতাহে। অভিনেতা গৰাকী হৈছে আদিল হুচেইন। তেওঁৰ আহিবলগীয়া এখন হলীউডৰ ছবিয়ে মুক্তিৰ পূৰ্বেই খলকনিৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। ছবিখনৰ নাম "Footprints On Water"। আপোনালোকক এই ছবিখনৰ বিষয়ে ইয়াৰ পূৰ্বেও এবাৰ জনাইছোঁ।

উল্লেখ্য যে, এই ছবিখনত কৰা অভিনয়ৰ বাবে আদিল হুচেইনে ৫ বাৰকৈ "শ্ৰেষ্ঠ অভিনেতা" ৰ খিতাপ লাভ কৰিছে। হয়, আপোনালোকে ঠিকে পঢ়িছে। অভিনেতাগৰাকীৰ বলিষ্ঠ অভিনয়ে এবাৰ তথা দুবাৰকৈ নহয় ৫ খনকৈ জনপ্ৰিয় চলচিত্ৰ সমাৰোহত চলচিত্ৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হোৱাৰ লগতে "শ্ৰেষ্ঠ অভিনেতা" হিচাবে খিতাপ পাইছে। তেখেতে নিজেই কৈছে যে London, Berlin, Cincinati, Ottawa and Mumbai ত এই বঁটা অৰ্জনৰ পিছত উক্ত ছবিখনে অংশগ্ৰহণ কৰিব ক্ৰমে Brahmaputra Valley festival, Guwahati, Chennai International Film Festival, Pune International Film আৰু International Film Festival Of Kerala তো।

আদিল হুচেইন বুলি ক'লে গৌৰৱ অনুভৱ কৰোঁ আমি। প্ৰতিটো চৰিত্ৰৰ জৰিয়তে তেখেতে প্ৰমাণ কৰিছে নিজৰ স্বকীয়তা। গতিকে, ভাবি চাওক শেহতীয়াকৈ কেইবাখনো চলচিত্ৰ সমাৰোহত শ্ৰেষ্ঠ অভিনেতাৰ শিতানত শ্ৰেষ্ঠত্ব লাভ কৰা আদিল হুচেইনে আৰু কিমান প্ৰশংসিত হ'ব আগন্তুক সময়ত!

04/12/2023

মুক্তি পালে যশস্বী অভিনেতা তথা জনপ্ৰিয় আব‌ৃত্তিকাৰ াসে আবৃত্তি কৰা আৰু জনপ্ৰিয় কবি মানস কমল হাজৰিকাৰ সৃষ্টি "এটি কবিতা তোমাৰ নামত" ।
আহকচোন উপভোগ কৰোঁ এই সুন্দৰ কবিতাটি আৰু কেনে পালে জনাবলৈ নাপাহৰিব…

"বীৰাঙ্গনা সাধনী" ৰ প্ৰস্তুতি তুংগত…আগন্তুক ব্যয়বহুল অসমীয়া ছবি "বীৰাংগনা সাধনী" ৰ প্ৰস্তুতি চলিছে সক্ৰিয়ভাৱে। ছবিখনত বি...
03/12/2023

"বীৰাঙ্গনা সাধনী" ৰ প্ৰস্তুতি তুংগত…

আগন্তুক ব্যয়বহুল অসমীয়া ছবি "বীৰাংগনা সাধনী" ৰ প্ৰস্তুতি চলিছে সক্ৰিয়ভাৱে। ছবিখনত বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া অভিনেতা-অভিনেত্ৰীসকলে নিজৰ চৰিত্ৰটোক পুংখানুপুংখভাৱে উলিয়াই অনাৰ প্ৰয়াসত ব্যস্ত হৈ পৰাৰ লগতে অনুশীলন আৰম্ভ কৰিছে।

ছবিখনত কুণ্ডিলৰ অধিপতি ধীৰনাৰায়ণৰ মহামন্ত্ৰী "কাঁচিতৰা" ৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া অভিনেতা তপন দাস তথা ধীৰনাৰায়ণৰ ভাতৃ যুৱৰাজ সুৰধ্বজ পালৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া মৃদুল চুতীয়াই এনেদৰে ঘোঁৰাত বহি নিজৰ অনুশীলন আৰম্ভ কৰিছে। ছবিখনক প্ৰতিটো দিশৰ পৰা সমৃদ্ধ কৰি তুলিবলৈ প্ৰতিগৰাকী কলা-কুশলীৰ নিৰলস প্ৰচেষ্টা এনেদৰেই অব্যাহত আছে।


আজিৰে পৰা অৰুণ দা বিহীন অসমীয়া সংগীত ক্ষেত্ৰ…ৰোমাণ্টিক গীতৰ নতুন তথা সুকীয়া ধাৰাৰ সৃষ্টি কৰি শ্ৰোতা-দৰ্শকক সংগীতৰ মধুৰ স...
03/12/2023

আজিৰে পৰা অৰুণ দা বিহীন অসমীয়া সংগীত ক্ষেত্ৰ…

ৰোমাণ্টিক গীতৰ নতুন তথা
সুকীয়া ধাৰাৰ সৃষ্টি কৰি শ্ৰোতা-দৰ্শকক সংগীতৰ মধুৰ সোৱাদ প্ৰদান কৰা শ্ৰদ্ধেয় অৰুণ দাৰ মৃত্যুত সকলো অসমীয়া শ্ৰোতা-দৰ্শকৰ লগতে আমিও মৰ্মাহত হৈছোঁ।

সংগীতৰ বাবে নিজ সৰ্বোচ্চ উৎসৰ্গা কৰা অৰুণ দাৰ কোনটো গীত জনপ্ৰিয় বুলি ক'লে হয়টো আমাৰ নিৰ্দ্দিষ্টকৈ ক'বলৈ অসুবিধা হ'ব। হাতত গীটাৰ খন লৈ তেখেতে সংগীতপ্ৰেমী শ্ৰোতাক জীয়াই থকাৰ বাবে উৎসাহিত কৰি গৈছিল। তেখেতৰ মৃত্যু আমাৰ বাবে এক বৃহত্তৰ ক্ষতি।

তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে, শিল্পীগৰাকী শোকসন্তপ্ত পৰিয়ালৰ সদস্য তথা অনুৰাগীসকলক গভীৰ সমবেদনা জনাইছোঁ।

।। ঔঁম শান্তি ।।


আহক আকৌ এবাৰ তাহানিক জীয়াবলৈ আমি উপভোগ কৰোঁ- "The Backbenchers"আমাৰ জীৱনৰ কোনটো সময়লৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰোঁ বাৰু?...
02/12/2023

আহক আকৌ এবাৰ তাহানিক জীয়াবলৈ আমি উপভোগ কৰোঁ- "The Backbenchers"

আমাৰ জীৱনৰ কোনটো সময়লৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰোঁ বাৰু? এই ইচ্ছাটো আচলতে এজন বা দুজনৰ নহয়, এই নিৰ্দ্দিষ্ট ইচ্ছাটো সকলোৰে থাকে। সেই উভতি যাবলৈ বিচৰা সময়টো হৈছে আমাৰ পঢ়ি থকা দিনবোৰলৈ। যেতিয়া চাকৰি অথবা টকা-পইচাৰ চিন্তা-চৰ্চাৰ পৰা আঁতৰি আমি আমাৰ পঢ়া-শুনা আৰু বন্ধু-বান্ধৱীসকলৰ সৈতে সময় অতিবাহিত কৰিব পাৰোঁ।

বহুতে কয়, স্কুলীয়া তথা শৈক্ষিক জীৱনত ক্লাছৰূমৰ পিছত বহি থকাসকলে হেনো আগৰ বেঞ্চত বহি থকাসকলতকৈ অধিক সেই সময়কণ জীয়াইছে, স্ফূৰ্তি কৰিছে, হাঁহিছে। এনেবোৰ কথা তথা শেষৰখন বেঞ্চত বহি থকাসকলক লৈয়ে নিৰ্মাণ কৰা হৈছে চুটি ছবি "The Backbenchers"। ট্ৰিকেন্দ্ৰজিৎ আৰু তেওঁৰ টীমৰ দ্বাৰা সাধুকথা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই চুটি ছবিখন অহা ৭ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব। শেহতীয়াকৈ চুটি ছবিখনৰ মুক্তিপ্ৰাপ্ত ট্ৰেইলাৰটোত যথেষ্ট লোকে ইতিমধ্যে সমাদৰ জনাইছে।

আহক আমি সকলোৱে চুটি ছবিখন উপভোগ কৰি আমাৰ সেই তাহানিৰ দিনবোৰলৈ এবাৰ উভতি যাওঁ-

Trailer link: https://youtu.be/mYTljWX9lzk?feature=shared

তিনিগৰাকী অসমীয়া অভিনেতাৰ "চেম বাহাদুৰ" ত দপদপনি…কিছুমান কাম, কিছুমান কথা সৰু হ'লেও বিশেষ হৈ পৰে। সঁচাকৈ, সৰু সৰু খোজ দি...
02/12/2023

তিনিগৰাকী অসমীয়া অভিনেতাৰ "চেম বাহাদুৰ" ত দপদপনি…

কিছুমান কাম, কিছুমান কথা সৰু হ'লেও বিশেষ হৈ পৰে। সঁচাকৈ, সৰু সৰু খোজ দিয়েই কেতিয়াবা ডাঙৰ কাম কৰা দিশে অনুপ্ৰেৰণা লাভ কৰিব পৰা যায়। যোৱা শুক্ৰবাৰে মুক্তিপ্ৰাপ্ত হিন্দী ছবি "চেম বাহাদুৰ" এ প্ৰতিগৰাকী দৰ্শকৰ হৃদয় জিনিছে। ৰিভিউ লাভ কৰিছে ১০ অংকৰ ভিতৰত ১০ য়ে। বিকি কৌশল মুখ্য চৰিত্ৰত অভিনীত এই হিন্দী ছবিখনে যিমানেই প্ৰশংসা লাভ কৰিছে সিমানেই উৎসাহিত হৈ পৰিছে অসমবাসীও। কাৰণ এই ছবিখনৰ তিনিগৰাকী আৰ্মী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে অসমৰ তিনিজন অভিনেতাই। কেনী বসুমতাৰী, মনোজ বৰকটকী আৰু কৌশিক ভৰদ্বাজ- অসমীয়া ধাৰাবাহিক আৰু চলচিত্ৰ জগতৰ তিনিটা চিনাকী নাম।

বিকি কৌশলৰ সৈতে তিনিওগৰাকী অভিনেতাই অভিনয় কৰাৰ সুবিধা লাভ কৰি ইতিমধ্যে নিজাববীয়াকৈ সুখানুভূতি প্ৰকাশ কৰিছে সামাজিক মাধ্যমত। অসমত "চেম বাহাদুৰ" উপভোগ কৰা দৰ্শক সকলেও ছবিখনত উক্ত তিনিওগৰাকী অভিনেতাক দেখিবলৈ পাই গৌৰৱান্বিত অনুভৱ কৰিছে। নকৰিবওনো কিয়? হিন্দী ছবি জগতত তেওঁলোকে দিয়া খোজে কেৱলমাত্ৰ তেওঁলোকৰ কেৰিয়াৰক আগবঢ়াই নিয়াত উদগনি জগোৱা নাই, সমগ্ৰ অসমলৈও ইতিবাচক বাৰ্তা কঢ়িয়াইছে।

তিনিওগৰাকী অভিনেতাৰ এই সৰু খোজবোৰ এদিন ডাঙৰ আৰু সফল হওক। "Jollywood Now" ৰ তৰফৰ পৰা তেওঁলোকলৈ জনাইছোঁ আন্তৰিক শুভকামনা।

01/12/2023

আচুৰ্য বৰপাত্ৰৰ গীতত নৃত্য ইনষ্টাগ্ৰামৰ ৰীলচ জগতৰ জনপ্ৰিয় যুটিৰ…

কিল পল আৰু নীমাই পল- ৰীলচ চোৱাসকলৰ বাবে দুটা চিনাকী নাম। বলীউডৰ জনপ্ৰিয় গীতসমূহত তেওঁলোকে প্ৰদৰ্শন কৰা নৃত্যও প্ৰায় অধিকাংশ লোকে নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰি আহিছে। আপোনালোকৰ নিশ্চয় মনত আছে, "বিদুৰভাই" চিৰিজখনৰ যিটো শীৰ্ষ গীত আছিল সেই গীতটোতো তাঞ্জানিয়াৰ এই জনপ্ৰিয় ভাতৃ-ভগ্নীৰ যুটিটোৱে ৰীল বনাইছিল। সদ্যমুক্তিপ্ৰাপ্ত আচুৰ্যৰ "দুলহান বনামী" গীতটোত কিল-নীমাইক নৃত্য কৰা দেখি পুনৰ এবাৰ অসমৰ ৰাইজ উৎসাহিত হৈ পৰিছে।

চম্বলপুৰী সুৰত অসমীয়া সাঁচ বহুৱাই নিৰ্মাণ কৰা আচুৰ্যৰ এই গীতটো লিখিছিল প্ৰথম কুম্ভাৰে, লগতে ইয়াত সুৰ আৰু সংগীত কৰিছে বিজয় আনন্দ সাহুৱে। গীতটোৱে মুক্তিৰ পিছত ক্ষন্তেকতে লাখৰ অংকত ভিউৱাৰচ লাভ কৰি জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল। আপোনালোকে ভাবি চাওক, অসমৰ আচুৰ্যৰ এতিয়া চৰ্চা চলিছে তাঞ্জানিয়াতো। গীতটোত অভিনয় কৰিছিল আচুৰ্যৰ সৈতে অভিনেত্ৰী অনন্যা কাশ্যপে। ভিডিঅ'টোৰ লগতে নৃত্য পৰিচালনা কৰিছিল শচীন বৰুৱাই। মুঠতে এয়া আছিল এক সফল গীত, যিটো বৰ্তমান গুঞ্জৰিত হৈছে বিদেশতো।


29/11/2023

পৱিত্ৰ ৰাসৰ সন্ধিক্ষণত, কৰবী শইকীয়াৰ কণ্ঠত কৃষ্ণলীলাৰ সুন্দৰ বিৱৰণ…

উপভোগ কৰক 'বৃন্দাবন' শীৰ্ষক এই গীতটি!


অভিনেতা অৰূপ বৰা আৰু জেচমিন চাংকাকতিলৈ ১৪ বছৰীয়া বিবাহ বাৰ্ষিকীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ…তেওঁলোকৰ অনাগত দিনবোৰ সফ...
27/11/2023

অভিনেতা অৰূপ বৰা আৰু জেচমিন চাংকাকতিলৈ ১৪ বছৰীয়া বিবাহ বাৰ্ষিকীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ…

তেওঁলোকৰ অনাগত দিনবোৰ সফল হওঁক, সুখেৰে ভৰি পৰক "jollywood Now" ৰ তৰফৰ পৰা আমি তাকে কামনা কৰিছোঁ…

অতি কম দৰ্শনীতে "ৰঙাটাপু ১৯৮২" ৰ তিনিদিনতে ৩৮ লাখতকৈ অধিক ব্যৱসায় …তিনিদিনত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি-বিগত তিনিটা দিন বিশেষ...
27/11/2023

অতি কম দৰ্শনীতে "ৰঙাটাপু ১৯৮২" ৰ তিনিদিনতে ৩৮ লাখতকৈ অধিক ব্যৱসায় …

তিনিদিনত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি-

বিগত তিনিটা দিন বিশেষ আছিল "ৰঙাটাপু ১৯৮২" ৰ বাবে। য'ত ছবিখনে প্ৰথম দিনা উপাৰ্জন কৰিছিল ৮.৫ লাখ টকা, তাতেই আকৌ দ্বিতীয় দিনা এই উপাৰ্জন বৃদ্ধি পাই হৈছিল ১১.৭৫ লাখ টকা আৰু তৃতীয় দিনা ১৮ তকৈ অধিক উপাৰ্জন কৰিছে ছবিখনে।

ছবিখন উপভোগ কৰিবলৈ ছবিগৃহত ৰাইজৰ উপস্থিতি হৈছে "ৰঙাটাপু" ৰ বাবে এক মাইলৰ খুঁটি।

ৰঙাটাপু ১৯৮২… অসমৰ ইতিহাসৰ হৃদয়স্পৰ্শী অধ্যায়টিয়ে সাঙুৰিছে দৰ্শককযোৱা শুক্ৰবাৰে ৰাজ্যৰ কেইবাটাও চিত্ৰগৃহত মুক্তিপ্ৰাপ্ত ...
25/11/2023

ৰঙাটাপু ১৯৮২… অসমৰ ইতিহাসৰ হৃদয়স্পৰ্শী অধ্যায়টিয়ে সাঙুৰিছে দৰ্শকক

যোৱা শুক্ৰবাৰে ৰাজ্যৰ কেইবাটাও চিত্ৰগৃহত মুক্তিপ্ৰাপ্ত "ৰঙাটাপু ১৯৮২" ছবিখনৰ সফলতাই এতিয়া অসমীয়া চলচিত্ৰ উদ্যোগটোলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। আদিত্যম শইকীয়াৰ পৰিচালনাৰে নিৰ্মিত "ৰঙাটাপু ১৯৮২" ছবিখনৰ প্ৰথম দিনাৰ উপাৰ্জন হৈছে ৮.৫ লাখ টকা। ৰাইজে ছবিখনক যথেষ্ট সঁহাৰি জনোৱাৰ লগতে প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ ভূয়সী প্ৰশংসা কৰিছে।

ছবিখনৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ইয়াৰ দৰ্শনীও বৃদ্ধি কৰা হৈছে। ৰূপালী, মালা, মৰম আৰু ৰাফিকাৰ জীৱন সংগ্ৰাম তথা ত্যাগৰ গাথা এতিয়া জনসাধাৰণৰ হৃদয়ত আজীৱন প্ৰৱাহমান হৈ থাকিব।

ছবিখনৰ সৈতে জড়িত আটাইলৈ "Jollywood Now" ৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। ছবিখনৰ এই সফল যাত্ৰা অব্যাহত থাকক আমি তাকে কামনা কৰিছোঁ।

অংগৰাগ পাপন মহন্তৰ জন্মদিন… তেখেতলৈ আন্তৰিক শুভকামনা…এয়া প্ৰায় ২০১৫-১৬ চনৰ কথা, যেতিয়া প্ৰেমৰ প্ৰতাৰণাৰ সন্মুখীন হৈছিল য...
24/11/2023

অংগৰাগ পাপন মহন্তৰ জন্মদিন… তেখেতলৈ আন্তৰিক শুভকামনা…

এয়া প্ৰায় ২০১৫-১৬ চনৰ কথা, যেতিয়া প্ৰেমৰ প্ৰতাৰণাৰ সন্মুখীন হৈছিল যুৱপ্ৰজন্ম তেতিয়া প্ৰায়ে প্লেলিষ্টত ঘূৰি ফুৰা গীতটো আছিল - "ভালপাব নিশিকিলোঁ, পাইও হেৰুৱালোঁ।" কণ্ঠটোৰ সৈতে সংলগ্ন বিষাদে যুৱপ্ৰজন্মৰ হৃদয়- মনত কুৰুকি কুৰুকি সোমাবলৈ সক্ষম হৈছিল। আকৌ, এতিয়া যেতিয়া ভালপোৱা জন/জনীৰ সৈতে এটা সুন্দৰ সময় অতিবাহিত কৰা হয় তেতিয়া গোৱা হয়- "হাতে হাত ধৰি বহু দূৰ আগুৱালো"। আমি আজি আপোনালোকক প্ৰেমৰ বিষাদ, বিচ্ছেদৰ কথা অৱশ্যে ক'ব খোজা নাই, আমি ক'ব খোজা উদ্দেশ্য এটাই। যাৰ নাম অংগৰাগ পাপন মহন্ত।

আজি অংগৰাগ পাপন মহন্তৰ ওপজা দিনৰ শুভক্ষণত "Jollywood Now" ৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

পাপন আজি আমাৰ অসমৰ প্ৰতিনিধি। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া থলুৱা গীত-মাতবোৰক পূৰ্ণ ৰূপত চিনাকী কৰোৱা এগৰাকী অভিনেতা হৈছে অংগৰাগ পাপন মহন্ত। আপোনালোকক যদি উক্ত কথাষাৰৰ শেহতীয়া উদাহৰণ দিবলৈ হয় তেতিয়াহ'লে "ইবাছী" ৰ প্ৰসংগ ল'ব পাৰিম। পাপন এপাহি সূৰ্যমুখী ফুলৰ দৰেই ফুলি থাকক সদায়, তেখেতৰ কোটি কোটি অনুৰাগীৰ এয়াই আশা।

পাপনে আমাক গৌৰৱান্বিত কৰি যাওক, অহৰহ - নিৰন্তৰভাৱে।

আজিৰে পৰা ছবিগৃহত "ৰঙাটাপু ১৯৮২"…অসমৰ এটি ক'লা অধ্যায়, এটা মৰ্মান্তিক ঘটনা বাস্তৱ ৰূপ এই "ৰঙাটাপু"
24/11/2023

আজিৰে পৰা ছবিগৃহত "ৰঙাটাপু ১৯৮২"…

অসমৰ এটি ক'লা অধ্যায়, এটা মৰ্মান্তিক ঘটনা বাস্তৱ ৰূপ এই "ৰঙাটাপু"

23/11/2023

একোটা গল্প তথা কাহিনী শুনি তাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ কাৰনো ভাল নালাগে?

তেনে এটি ধাৰাবাহিক কাহিনীক লৈ আহি আছে "Paradise's-3am" page য়ে, য'ত অহা ২৫ নৱেম্বৰৰ পৰা উপলব্ধ হ'ব "মাইৰা"। কাহিনীটোৰ ৰচনা আশীষ ৰঞ্জন দাসৰ আৰু পৰিকল্পনা প্ৰাণুজীৎ দাসৰ।


The Online destination for Assamese films

23/11/2023

Kali Shire: https://youtu.be/hdHtuDZ_VL8?si=aTkpXHZGJdrk6PPv

শৰত মানেই ৰাস আৰু ৰাস বুলিলে মাজুলীৰ এক সুকীয়া বৈশিষ্ট্য আছে। মাজুলীৰ জনপ্ৰিয় কণ্ঠশিল্পী দিব্যদীপ আৰু অংকিতা নাথ ৰ কণ্ঠত ৰাসৰ কালীয়দমনৰ এটি সুন্দৰ গীত আপোনালোকলৈ আগবঢ়াই দিছোঁ।

https://youtu.be/hdHtuDZ_VL8?si=aTkpXHZGJdrk6PPv

দেওকুবেৰ আৰু দেৱী তাম্ৰেশ্বৰীক সাধনা কৰি সাধনীক পু্ত্ৰী হিচাপে লাভ কৰিছিল মহাৰাজ ধীৰনাৰায়ণৰ পত্নী মহাৰাণী ৰুক্মিণী দেৱীয়...
22/11/2023

দেওকুবেৰ আৰু দেৱী তাম্ৰেশ্বৰীক সাধনা কৰি সাধনীক পু্ত্ৰী হিচাপে লাভ কৰিছিল মহাৰাজ ধীৰনাৰায়ণৰ পত্নী মহাৰাণী ৰুক্মিণী দেৱীয়ে। একেধাৰে ধৰ্মপৰায়ণা আৰু প্ৰতিব্ৰতা হোৱাৰ উপৰি দেশৰ জনগণৰ সুখ-সমৃদ্ধিৰ প্ৰতি সদা সচেতন আছিল এইগৰাকী মহিয়সী নাৰী।

মহাৰাণী ৰুক্মিণী দেৱীৰ চৰিত্ৰটোত বাস্তৱ ৰূপ দিবলৈ আগ বাঢ়ি আহিছে অসমৰ অভিনয় জগতৰ এক জীৱন্ত কিম্বদন্তী স্বৰূপা তথা আন্ত:ৰাস্ত্ৰীয় খ্যাতি সম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ ‘ফিৰিঙতি’ চলচ্চিত্ৰত অনবদ্য অভিনয় কৰি ‘শ্ৰেষ্ঠা অভিনেত্ৰী’ ৰ ‘৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯২)’ বিজয়ী অভিনেত্ৰী মলয়া গোস্বামী।


নৱপ্ৰজন্মত চিনাকী, নৱপ্ৰজন্মৰ হৃদয়ৰ…অভিনেতা কমল লোচনক শুভকামনা জন্মদিনৰ…
22/11/2023

নৱপ্ৰজন্মত চিনাকী, নৱপ্ৰজন্মৰ হৃদয়ৰ…
অভিনেতা কমল লোচনক শুভকামনা জন্মদিনৰ…


দুৰ্দান্ত অভিনয়েৰে হৃদয় জিনা বিজু ফুকন দেৱক সশ্ৰদ্ধ প্ৰণিপাত…এগৰাকী এনে অভিনেতা, যাৰ  জীৱন্ত অভিনয়ৰ চৰ্চা প্ৰতিটো প্ৰজন্...
22/11/2023

দুৰ্দান্ত অভিনয়েৰে হৃদয় জিনা বিজু ফুকন দেৱক সশ্ৰদ্ধ প্ৰণিপাত…

এগৰাকী এনে অভিনেতা, যাৰ জীৱন্ত অভিনয়ৰ চৰ্চা প্ৰতিটো প্ৰজন্মই কৰে। এগৰাকী চিৰসেউজ অভিনেতা, যাৰ বাবে প্ৰতিটো চৰিত্ৰ নতুন হ'লেও তাৰ লগত খাপ খাব পৰাকৈ আছিল প্ৰতিভা। কেইবা দশক জুৰি অসমীয়া অভিনয় ক্ষেত্ৰখন সামৰি ৰখা বিজু ফুকন অবিহনে এই সাংস্কৃতিক ক্ষেত্ৰখন কোনোদিনেই পূৰ্ণ হ'ব নোৱাৰে। অভিনেতা গৰাকীৰ পৰলোকপ্ৰাপ্তিৰ আজি ৬ টা বছৰ অতিক্ৰম হ'ল, কিন্তু তেখেত আজিও প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী তথা দৰ্শকৰ হৃদয়ত সজীৱ হৈ আছে।

বিজু ফুকন দেৱৰ আজি পুণ্যতিথিত তেখেতক Jollywood Now ৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

ড° বেজবৰুৱা ছবিখনত তেখেতে এটি সৰু চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল তেখেতৰ সাংস্কৃতিক যাত্ৰা, এই যাত্ৰাত তেখেতৰ জীৱনৰ সৈতে জড়িত হৈছিল ইখনৰ পিছত সিখন অসমীয়া ছবি, ভ্ৰাম্যমাণৰ উপৰিও বাংলা ছবি কেইবাখনো। "বোৱাৰী", "বৰুৱাৰ সংসাৰ", "অপৰূপা", বাৰুদ ইত্যাদি ছবিবোৰ উপভোগ নাই কৰা বুলি কোৱা ব্যক্তি নোলাবই হয়টো। বিজু ফুকন দেৱৰ অভিনয়ৰ মেটমৰা সম্ভাৰ লৈয়ে আমি জাতিষ্কাৰ…


"বীৰাঙ্গনা সাধনী"  চলচ্চিত্ৰত  সধয়াপুৰৰ ৰাজলক্ষ্মী মহাৰাণী ৰুক্মিণীৰ চৰিত্ৰটো কোনে উজ্জ্বলাই তুলিব ?অপেক্ষা সন্ধিয়া ৭ বজ...
22/11/2023

"বীৰাঙ্গনা সাধনী" চলচ্চিত্ৰত সধয়াপুৰৰ ৰাজলক্ষ্মী মহাৰাণী ৰুক্মিণীৰ চৰিত্ৰটো কোনে উজ্জ্বলাই তুলিব ?

অপেক্ষা সন্ধিয়া ৭ বজালৈ !!!


20/11/2023

লণ্ডনৰ "চিকাৰ" ৰ শ্বুটিং স্থলীৰ পৰা জুবিন-সিদ্ধাৰ্থৰ ধেমেলীয়া ভিডিঅ'-

লণ্ডনত চলি থকা "চিকাৰ" ৰ শ্বুটিং সমাপন কৰিবলৈ অসমৰ পৰা গৈছে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ। পূৰ্বৰে পৰা ছবিখনৰ শ্বুটিঙত ব্যস্ত হৈ থকা সিদ্ধাৰ্থ শৰ্মাৰ লণ্ডনৰ এটি ভিডিঅ' যথেষ্ট ভাইৰেল হৈছিল, তাৰ পিছতেই আহিছে আন এটি ভিডিঅ'। য'ত জুবিন গাৰ্গে সহযোগিতা আগবঢ়াইছে অভিনেতা গৰাকীক।

চাওক চোন প্ৰতিকূল পৰিস্থিতিটো শিল্পী দুগৰাকীয়ে কিমান ধেমালি আৰু উৎসাহেৰে নিজৰ কামবোৰ কৰি গৈছে।


Happy Birthday Legendজুবিন গাৰ্গ জানো কেৱল এটা নাম? ই এক সত্তা… তেখেত এটা অনুষ্ঠানলৈ পৰিৱৰ্তিত হৈছে বুলি ক'লেও হয়টো অতিৰ...
18/11/2023

Happy Birthday Legend

জুবিন গাৰ্গ জানো কেৱল এটা নাম? ই এক সত্তা… তেখেত এটা অনুষ্ঠানলৈ পৰিৱৰ্তিত হৈছে বুলি ক'লেও হয়টো অতিৰঞ্জিত নহ'ব। দুটা দশক ধৰি স্বকীয় সৃষ্টিৰাজি, প্ৰকাশভংগী আৰু গায়নশৈলীৰ জৰিয়তে সৰুৰ পৰা ডাঙৰলৈ, ডেকাৰ পৰা বৃদ্ধলৈ সকলোকে যিয়ে আকৰ্ষণ কৰি আহিছে -তেওঁ জুবিন গাৰ্গ।

আজি সমগ্ৰ অসমৰ প্ৰিয় আৰু মৰমৰ কণ্ঠশিল্পী হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ জন্মদিন, Jollywood Now ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ তেখেতক। ১৯৯২ চনত মুক্তিপ্ৰাপ্ত "অনামিকা" শ্ৰব্য কেছেটখনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে তেখেতৰ কণ্ঠ আৰু শব্দৰ উচ্চাৰণৰ তুলনা অইন কাৰোৰে সৈতে কৰিব পৰা নাযায়। অসম আৰু বাহিৰৰ বিভিন্ন থলুৱা বাদ্যযন্ত্ৰ যেনে ধৰক ঢোল,নাগাৰা, দগৰ,সাৰেংগী ইত্যাদি জুবিন‌ গাৰ্গে তেওঁৰ সংগীতত প্ৰয়োগ কৰিছে আধুনিক ৰূপত, তেনেদৰে সৃষ্টি হৈছে চিৰসেউজ গীতৰ। সৃষ্টিশীল জুবিনৰ কণ্ঠৰে আমি বিচাৰোঁ সদায় নতুন গীত… ভগৱানে তেওঁক কুশলে ৰাখক…

Address

Gauhati
Morigaon
782105

Alerts

Be the first to know and let us send you an email when Jollywood Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jollywood Now:

Videos

Share

Nearby media companies


Other Morigaon media companies

Show All

You may also like