08/10/2022
#বেণী (খণ্ড ৭০)
কথাবোৰ ভবাৰ দৰে নহয়
#বিৰাটপৰ্ব
২৩. (শেষভাগ)
‘অঁ—মই ক’ব খুজিছিলোঁ, সকলো মানুহেই একেধৰণে কথাবোৰ নাভাবে মধুৱন্তী। ভাবিবও নোৱাৰে। সকলো মানুহৰে চিন্তা একে নহয়।’ কোঠাটোলৈ সোমাই আহি তিতিয়ে আৰম্ভ কৰিছিল। ‘চিন্তা বস্তুটো আচলতে স্বাধীন কিবা এটা নহয়। মই ক’ব খুজিছোঁ, মানুহৰ গোটেই চিন্তা প্ৰক্ৰিয়াটো নিৰ্ভৰ কৰে কিছুমান বিশেষ চৰ্ত বা পৰিস্থিতিৰ ওপৰত। শিশু এটি কাৰ গৰ্ভত কাৰ ঔৰসত কেনেকৈ ক’ত জন্মগ্ৰহণ কৰিছিল, কেনে পৰিস্থিতিত ডাঙৰ-দীঘল হৈছে, কাৰ সংস্পৰ্শত কেনেকুৱা সংসৰ্গত দিন অতিবাহিত কৰিছে, পাৰ কৰা দিনবোৰত কেনেধৰণৰ ঘটনাৰ সন্মুখীন হৈছে—আৰু ইয়াৰ মাজেৰে সঞ্চয় কৰা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। যিবোৰ ঘটনা বা বিশেষ পৰিস্থিতিৰ সৈতে মানুহ এজন নিজে মুখামুখি হোৱা নাই—তেনেকুৱা কথা, ঘটনা অথবা পৰিস্থিতিবোৰ বেছিভাগ মানুহেই বিশ্বাস কৰিবলৈ টান পায়। কোনোবাই বিশ্বাস কৰিলেও ভুক্তভোগীজনে উপলব্ধি কৰাৰ সমান গভীৰতা অনুভৱ কৰিব নোৱাৰে। ফলত একেটা ঘটনাৰ বিষয়েও মানুহে একে চিন্তা কৰিব নোৱাৰে। এনেকি মানুহে পঢ়া-শুনা কৰি জ্ঞান-বুদ্ধি লাভ কৰাৰ পাছতো একেই ঘটনা, একেই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছতো চিন্তাৰ ভিন্নতা থাকে। মানুহে কেনে সংগ, বন্ধু-বান্ধৱ, পৰিয়াল বা আত্মীয়-স্বজনৰ সৈতে দিনযাপন কৰে তাৰ দ্বাৰাও মানুহৰ চিন্তা নিয়ন্ত্ৰিত হয়। সংগ ভিন্ন, ঘটনা ভিন্ন, অভিজ্ঞতা ভিন্ন, পৰিস্থিতি ভিন্ন—এতেকে চিন্তাও ভিন্ন। সেই কাৰণেই কৈছোঁ, চিন্তা বস্তুটো স্বাধীন নহয়। এনেকি মানুহৰ ভাব আৰু কল্পনাও স্বাধীন নহয়। বহুতে ভাবে, মানুহে ভাবোঁ বুলি কিবা এটা ভাবি থাকিব পাৰে, কল্পনা কৰোঁ বুলি কিবা এটা কল্পনাত মজি থাকিব পাৰে, কিন্তু বাস্তৱিকতে ভবা আৰু কল্পনা কৰা কাৰ্যটোও কিছুমান পৰিস্থিতিয়েহে নিয়ন্ত্ৰণ কৰে।’ তিতি অলপ ৰ’ল আৰু গলটো ভিজাই ল’লে। মধুৱন্তীয়ে নিথৰ হৈ শুনিছে তিতিৰ কথা। ‘তুমি জানিব লগা এটা অতি গুৰুত্বপূৰ্ণ কথা মনত পৰোঁতেই কৈ থওঁ—’ মধুৱন্তীয়ে অলপ লৰচৰ কৰি বহিল। ‘চিন্তা, ভাব বা কল্পনাৰ দৰেই মানুহৰ ইচ্ছাও স্বাধীন নহয়। এইটো অৱশ্যে মোৰ কথা নহয় দেই। শেহতীয়াকৈ এগৰাকী স্নায়ু বিজ্ঞানীয়ে ব্যাখ্যা আগবঢ়াইছে যে মানুহৰ ইচ্ছা-অনিচ্ছাও স্বাধীন নহয়। অন্য কিছুমান ফেক্টৰেহে মানুহৰ ইচ্ছা শক্তিক নিয়ন্ত্ৰণ কৰে। ৰবাৰ্ট ছাপোল্স্কি নামৰ এই নিউৰো ছায়েন্টিষ্টজনে তেওঁৰ ব্যাখ্যাৰ সমৰ্থনত দীৰ্ঘদিন ধৰি চলোৱা অধ্যয়নৰ পৰা ভালেকেইটা উদাহৰণ আগবঢ়াইছে। মোৰ মনত থকা এটা উদাহৰণ তোমাক কওঁ।’ তিতিৰ কথাত থকা চুম্বকত্বত মধুৱন্তীয়ে অতিৰিক্ত আকৰ্ষণ বিচাৰি পাইছিল। ‘ছাপোল্স্কিয়ে কৈছে—যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত এজন হাজোতীয়ে ন্যায়ালয়ত এসপ্তাহৰ কাৰণে পেৰলত মুক্তি বিচাৰি কৰা আৱেদন ন্যায়াধীশজনে মঞ্জুৰ কৰিব নে নাই সেইটো নিৰ্ভৰ কৰিব তেওঁৰ দৈহিক-মানসিক অৱস্থাৰ ওপৰত। এক অধ্যয়নত দেখা গৈছে—পেৰলৰ আৱেদন নাকচ কৰা বেছিভাগ ন্যায়াধীশেই আছিল সেই সময়ত ভোকাতুৰ। আৰু যিসকল ন্যায়াধীশে খোৱা-বোৱা কৰি এটা খুচ মেজাজেৰে নিজৰ আসনত বহিছিল, তেওঁলোকৰ বেছিভাগেই পেৰলৰ আৱেদন মঞ্জুৰ কৰিছিল। মই নিজে এই কথাটোত পতিয়ন যাওঁ। মোৰ কেতিয়াবা নন্দিনীৰ সৰু একোটা কথাতে খং উঠে। পাছত অনুভৱ কৰোঁ, সেই কথাটোত খং উঠিব লগা কাৰণ একোৱেই নাছিল। হয়তো সেইখিনি সময়ত মই অন্য কিছুমান কথাৰ কাৰণে বিৰক্ত হৈ আছিলোঁ। হয়তো দৈহিকভাৱে ক্লান্ত হৈ পৰিছিলোঁ। আমাক অতি মৰমৰ মাজত ডাঙৰ-দীঘল কৰা মা-দেউতাই হঠাৎ কেতিয়াবা খং কৰিছিল। সেইখিনি সময়ত বুজি পোৱা নাছিলোঁ মই এনে কি দোষ কৰিলোঁ যে ইমান সৰু কথা এটাতে মায়ে, কাচিৎ কেতিয়াবা দেউতাই গালি পাৰিছিল। আমি ডাঙৰ হোৱাৰ পাছত এটা বয়সত দেখিছিলোঁ মোৰ মৰমিয়াল মাজনী লাহে লাহে সলনি হৈছিল। তেনেই সাধাৰণ যেন লগা একোটা কথাতে খং কৰিছিল আমাক। আমাৰ দৃষ্টিত অৰ্থহীন কথা এটাতো মা অত্যন্ত বিৰক্ত হৈছিল। লাহে লাহে মন কৰিছিলোঁ, মা সঁচাকৈয়ে খিংখিঙীয়া হৈ উঠিছিল। যেতিয়া বুজিব পৰাকৈ ডাঙৰ হ’লোঁ, জীৱন আৰু যৌৱন সম্পৰ্কে কিছু ধাৰণা হ’ল—তেতিয়া বুজি পালোঁ যে প্ৰত্যেকগৰাকী নাৰীৰে মেনোপজৰ সময়ত স্বভাৱ, ব্যৱহাৰ, আচাৰ-আচৰণ ভাবিব নোৱৰাকৈ সলনি হৈ যায়। সেইখিনি সময়ত তেওঁ নিজেই নাজানে তেওঁৰ কিয় খং উঠে। তেওঁ নিজেই নাজানে অলপ কথাতে তেওঁ কিয় বিৰক্ত হয়। অৰ্থাৎ তেওঁ ইচ্ছা কৰিলেই বিৰক্ত নোহোৱাকৈ থাকিব নোৱাৰে। তেওঁ ইচ্ছা কৰিলেই খিংখিঙীয়া নোহোৱাকৈ থাকিব নোৱাৰে। তেওঁৰ সেই ইচ্ছাক নিয়ন্ত্ৰণ কৰে তেওঁৰ শৰীৰত সংঘটিত হোৱা জৈৱিক কিছুমান পৰিৱৰ্তনে। হৰম’নেল চেইঞ্জ, ৰাসায়নিক ভাৰসমতা আদি কথাবোৰে গোটেই মনটোক নিয়ন্ত্ৰণ কৰি থাকে। একেদৰে এগৰাকী বৃদ্ধ মানুহলৈ মন কৰিবা। তেওঁৰ শৰীৰটোলৈ অহা পৰিৱৰ্তনটোৰ সমানেই কিছুমান সাংঘাতিক আৱেগিক পৰিৱৰ্তন হয়। বহুতে যে কয়, এগৰাকী বৃদ্ধ মানুহ এটি শিশুৰ দৰে। কিয়? তেওঁ দীৰ্ঘদিনৰ অভিজ্ঞতা আৰু জ্ঞানেৰে বেছি পৰিপক্বহে হ’ব লাগিছিল, কিন্তু এটি শিশুৰ দৰেই কিয় বেছি আৱেগিক, আদৰুৱা আৰু অভিমানী হৈ উঠে? এনেকুৱা আৰু উদাহৰণ দি থাকিব পাৰি। ধৰি লোৱা এটা কৃষক পৰিয়ালত ঘৰৰ মূল মানুহজনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিব লাগে। তেওঁ কি সিদ্ধান্ত ল’ব সেইটো তেওঁ কেনে দৈহিক-মানসিক অৱস্থাৰ মাজত আছে সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰিব। জেঠমহীয়া ৰ’দত পথাৰৰ পৰা হাল বাই আহি ভোকে-ভাগৰে বাৰাণ্ডাখনত বহা কৃষকজনৰ মানসিক স্থিতি আৰু ভাদমহীয়া নামঘৰৰ পৰা আহি বহা একেজন কৃষকৰ মানসিক স্থিতি একেই নহয়। মানসিক স্থিতিৰ এই ভিন্নতা প্ৰতিগৰাকী মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য। তুমি যেতিয়া তোমাৰ কাপোৰ এসাজ কিনিবলৈ দোকান এখনত সোমোৱা, তুমি কেনেকুৱা ৰঙৰ কাপোৰ পছন্দ কৰিবা অথবা কেনেকুৱা ডিজাইন—সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো তোমাক অন্য কিছুমান কাৰকে প্ৰভাৱিত কৰিব। এই পছন্দ কৰা কথাটোও স্বাধীন নহয়।’
সেইখিনি সময়তে নন্দিনী সোমাই আহিছিল, সুধিলে—‘গোটেই কথাবোৰ তুমি আজিয়েই কৈ শেষ কৰিবা যেন পাইছোঁ।’
‘ইমান ভাল শ্ৰোতা পোৱাৰ সৌভাগ্য দ্বিতীয়বাৰলৈ হয় নে নাই কোনে জানে।’ তিতিয়ে খুকখুকাই হঁহাৰ পাছতহে মধুৱন্তী বাস্তৱলৈ উভতি আহিল আৰু কথাটো তাইক উপলক্ষ কৰি কোৱা বুলি জনাৰ আগেয়েই তিতিয়ে পুনৰ কৈ উঠিল, ‘পাৰ্টি সামৰিলাই নেকি?’
‘অভি তো পাৰ্টি চুৰু হোৱা হে। ছোৱালীজনীক বহি থাকিবলৈ বাধ্য কৰিছা বুলি ভাবিহে খবৰ কৰিবলৈ আহিছোঁ।’ নন্দিনীয়ে হাঁহি হাঁহি ক’লে।
তিতিয়ে কিবা কোৱাৰ আগেয়েই মধুৱন্তীয়ে হাহাকাৰ কৰি উঠিল—‘নাই নাই বৌ, মোৰ কাৰণে এয়া অমূল্য সময়। দ্বিতীয়বাৰলৈ কেতিয়াবা এনেকুৱা সময় ঘূৰাই পাওঁ নে নাই নাজানো।’
‘অ’কে—অ’কে।’
নন্দিনী পখিলা এজনীৰ দৰেই কোঠাটোৰ পৰা ওলাই গৈছিল।
‘মই কি কৈ আছিলোঁ মধুৱন্তী? এই নন্দুৱে ৰসভংগ কৰি দিলে নহয়—’
মধুৱন্তীয়ে হাঁহিলে।
‘আপুনি কৈ আছিল—বৃদ্ধ হৈ অহাৰ লগে লগে মানুহবোৰ শিশু এটাৰ দৰে হৈ পৰে।’
‘অঁ—’ তিতি পুনৰ প্ৰসংগৰ মাজলৈ ঘূৰি আহিব বিচাৰিছিল আৰু কৈ উঠিছিল, ‘এটা কথা কিন্তু, মই কৈ থকা প্ৰত্যেকটো কথা তুমি এশ শতাংশই বিশ্বাসত নল’বা। মই কেৱল তোমাক চিন্তাৰ কাৰণে এটা বাটহে মুকলি কৰি দিছোঁ। তুমি কথাবোৰ প্ৰণালীবদ্ধভাৱে পঢ়িবা, নিজাকৈ কথাবোৰ বিশ্লেষণ কৰি চাবা। তাৰ পাছতহে সিদ্ধান্তলৈ আহিবা।’
‘মই অতি আগ্ৰহেৰে সৈতে আপোনাৰ কথা শুনি আছোঁ। মই যেন এখন কিতাপহে পঢ়ি আছোঁ। আৰু সমানে বিস্মিত হৈছোঁ এই কথা ভাবি যে আপোনালোকে ইমান কথা কেনেকৈ জানে? আমি দেখোন এইবোৰ কথা একো নাজানোৱেই।’
তিতিয়ে সশব্দে হাঁহি উঠিল।
‘মই যিটো বিষয়ত ডিগ্ৰী কৰিছোঁ, পি এইচ ডি কৰিছোঁ আৰু শিক্ষক হিচাপে কলেজত ল’ৰা-ছোৱালীক যিটো বিষয় পঢ়ুৱাওঁ, সেই বিষয়টোৰ বাহিৰে মই বাকী সকলো বিষয়েই জানো।’ তিতিয়ে পুনৰ খুকখুকাই হাঁহিলে।
‘কি যে কথাবোৰ কয় আপুনি।’
‘আচ্ছা আচ্ছা, শুনা—’ তিতিয়ে তৎপৰতাৰে কৈ উঠিল, ‘এইবাৰ পুনৰ বিজ্ঞানৰ কথা এটা কওঁ। কেৱল মনত ৰাখিবা, মই কিন্তু বিজ্ঞানৰ ছাত্ৰ নহয়।’
‘আপুনি মোকেই ঠাট্টা কৰিছে যদিও মই নাজানো।’ মধুৱন্তীয়ে বিনয়েৰে কৈ উঠিল।
‘ঠাট্টা বা ব্যংগ নহয়, এইটোক কয় আত্মব্যংগ। মই মোৰ জ্ঞানৰ সীমাবদ্ধতা, আৰু এই জ্ঞানৰ ওপৰত থকা তোমাৰ আস্থাক লৈহে চিন্তিত হৈছোঁ। আচ্ছা, ধেমালি বাদ—এতিয়া আচল কথালৈ আহোঁ।’
‘ঠিক আছে দাদা।’ মধুৱন্তীয়ে পুনৰ লৰচৰ কৰি বহিল।
‘আমাৰ শৰীৰটো এটা অতি বিস্ময়কৰ বস্তু। এই শৰীৰটোৰ মাজতে বিজ্ঞান, দৰ্শন সকলো আছে। অনন্ত ৰহস্যৰে ভৰা আমাৰ শৰীৰটো। ইয়াৰ ভিতৰত জিন বোলা বস্তুটো বিশেষভাৱে বিস্ময়কৰ আৰু গুৰুত্বপূৰ্ণ। এই জিনখিনি আমাৰ শৰীৰলৈ আহে পিতৃ-মাতৃৰ পৰা। দেউতাৰ শুক্ৰানুৰে মাৰ ডিম্বানুৰ নিষেচনৰ ফলস্বৰূপে মাৰ গৰ্ভত স্থিতি লোৱা মোৰ ভ্ৰূণটোৱে সেই মুহূৰ্তৰ পৰাই গোটেই মেকানিজিমটো কঢ়িয়াবলৈ আৰম্ভ কৰিলে। মোৰ দেউতাৰ শৰীৰটোৱে লাভ কৰা জিনখিনি আছিল তেওঁৰ মাক-দেউতাকৰ, একেদৰে মাৰ শৰীৰৰ জিনখিনি তেওঁৰ মাক-দেউতাকৰ। ইয়াৰ অৰ্থ হ’ল যুগ যুগ ধৰি এই জিন বোলা বস্তুটো আমাৰ পূৰ্বজসকলে কঢ়িয়াই আনিছে। তথ্য আৰু প্ৰমাণে সামৰি লোৱা ঐতিহাসিক যুগৰ কথাখিনিতো আমি জানোৱেই, কিন্তু তাৰো আগৰ প্ৰাগ্ ঐতিহাসিক যুগৰ আমাৰ পূৰ্বজসকলৰ জিনো জন্ম প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ শৰীৰলৈ প্ৰবাহিত হৈ আহিছে। আমাৰ শৰীৰৰ গঠন, ৰূপ আদিৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰাৰ উপৰি জিনে আমাৰ স্বভাৱ, আৱেগ আৰু চিন্তা আদিৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰে। আমাৰ পূৰ্বপুৰুষসকলে সন্মুখীন হোৱা ঘটনা বা পৰিস্থিতিৰ সময়ত তেওঁলোকে ভয়, ক্ৰোধ আদিৰ বশৱৰ্তী হৈ লোৱা প্ৰতিটো সিদ্ধান্তই জিনে সঞ্চয় কৰি ৰাখে আৰু আমি সন্মুখীন হোৱা বিশেষ পৰিস্থিতি আৰু ঘটনাৰ সময়ত লোৱা সিদ্ধান্তবোৰত এই সঞ্চিত তথ্যবোৰে বিশেষভাৱে ক্ৰিয়া কৰে। এই ক্ৰিয়া কৰা কাৰ্যটো নিয়ন্ত্ৰিত হয় আমাৰ মগজুটোৰ দ্বাৰা। মগজু বোলা এই বস্তুটো আৰু বেছি বিস্ময়কৰ। চৰ্বি, পানী, প্ৰ’টিন, কাৰ্বোহাইড্ৰেট আৰু লৱণৰ সংমিশ্ৰণেৰে মানুহৰ মগজুটো গঠিত। মগজুৰ ষাঠি শতাংশই চৰ্বি, আৰু বাকী থকা চল্লিছ শতাংশ গঠিত হৈছে এই বাকীকেইটা উপাদানেৰে। কি সাংঘাতিক কথা হয়নে?’
‘ভাবি চালে সঁচাকৈয়ে আচৰিত লাগে।’ মধুৱন্তীয়ে দোহাৰিলে।
‘এই মগজুটোৰে ভিন্ন অংশই আমাৰ দেহ-মনৰ বিভিন্ন কাৰ্যপ্ৰক্ৰিয়াবোৰ পৰিচালনা কৰে। কোনোবাটো অংশই দেহৰ কাৰ্যকলাপবোৰ নিয়ন্ত্ৰণ কৰে, কোনোবাটো অংশই আৱেগিক কথাবোৰ নিয়ন্ত্ৰণ কৰে। আমাৰ চিন্তা শক্তি, স্মৃতি শক্তি, উশাহ-নিশাহ, গৰম লগা, ভোক লগা, মৰম লগা, কাৰোবাৰ প্ৰতি ওপজা অনুৰাগ, ঘৃণা—সকলোবোৰ অন্য অন্য অংশই ভাগে ভাগে নিয়ন্ত্ৰণ কৰে। এই বিস্ময়কৰ মানৱ মগজুটোৰ বিকাশ একেদিনাই হোৱা নাই। কোটি কোটি বছৰ লাগিছে এই ৰূপটো পাবলৈ। এটা কথা জানা নে নাই—মানুহো আচলতে পশুৱেই।’ তিতিয়ে মধুৱন্তীলৈ চাই সুধিলে। তাই কেৱল হাঁহিলে। এতিয়া কথা কৈ সময় নষ্ট কৰা নাযায়। তিতিয়ে মুখত এটা ধুনীয়া হাঁহি লৈ কৈ উঠিল—‘এৰিষ্টট্ল নে আনাতোলা ফ্ৰাংক, কোনে জানো কৈছিল, মেন ইজ এ ৰেশ্যনেল এনিমেল। মানুহ এবিধ বিচাৰ-বুদ্ধিসম্পন্ন পশু। এই কথাটো অকণমান মন কৰিবলগীয়া কিন্তু। তুমি ‘ট্ৰাইউন ব্ৰেইন’ৰ বিষয়ে জানানে?’ তিতিয়ে হঠাতে সুধি উঠিল।
মধুৱন্তীয়ে নতুন কিবা এটা শুনাৰ দৰে তিতিলৈ কৌতূহলেৰে চালে, নাই—তাইৰ মনত নপৰিল।
‘এইটো একেবাৰে নতুন কথা নহয় বাৰু।’ তিতিয়ে ক’লে, ‘চাৰি দশকৰো পূৰ্বে আমেৰিকাৰ এজন চিকিৎসক তথা স্নায়ুবিজ্ঞানী পল ডি মেকলিনে মানুহৰ মগজুৰ বিবৰ্তনৰ এটা মডেল দাঙি ধৰিছিল। প্ৰথম অৱস্থাত এইটো লৈ যথেষ্ট বিতৰ্কও হৈছিল অৱশ্যে। পৰৱৰ্তী সময়ত, মই অকণমান আগতে কোৱা নিউৰো ছায়েন্টিষ্ট ৰবাৰ্ট ছাপোল্স্কিয়ে এই মডেলটোক আধাৰ হিচাপে লৈয়ে নতুন নতুন ব্যাখ্যা কিছুমানো আগবঢ়াইছে। মেকলিনে মানুহৰ মগজুটোক তিনিটা ভাগত ভাগ কৰি দেখুৱাইছে। এটা হ’ল—দ্য লিম্বিক ব্ৰেইন। এইটোক মেমেলিয়ান ব্ৰেইন বুলিও কোৱা হয়। অসমীয়াত চাগে’ স্তন্যপায়ী মগজু বুলিয়ে ক’ব। দ্বিতীয় ভাগটোক কোৱা হৈছে ৰেপটিলিয়ান ব্ৰেইন। সৰীসৃপীয় মগজু। তৃতীয় ভাগটোক কোৱা হৈছে দ্য নিঅ’কৰ্টেক্স। এই অংশটো আটাইতকৈ গুৰুত্বপূৰ্ণ। মই যিটো বুজি পাওঁ, এই নিঅ’কৰ্টেক্স ব্ৰেইনটোৱেই মানুহক মানুহ কৰি ৰাখিছে। কাৰণ মানুহৰ সচেতন চিন্তা, ভাষা, যুক্তি—এই আটাইবোৰ পৰিচালিত হয় নিঅ’কৰ্টেক্স ব্ৰেইনৰ দ্বাৰা। তুমি জানিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হ’ল মানুহৰ যৌনতা বিষয়ক গোটেই কথাবোৰ নিয়ন্ত্ৰিত হয় লিম্বিক ব্ৰেইনটোৰ দ্বাৰা। বিজ্ঞানে কি ব্যাখ্যা দিছে মই নাজানো, কিন্তু মোৰ ধাৰণা এগৰাকী মানুহ লিম্বিক ব্ৰেইনটোৰ দ্বাৰা পৰিচালিত হ’ব নে নিঅ’কৰ্টেক্স ব্ৰেইনৰ দ্বাৰা পৰিচালিত হ’ব তাৰ দ্বাৰাই মানুহৰ চৰিত্ৰ নিৰ্মাণ হয়।’
‘মোৰ মনত এটা প্ৰশ্ন হৈছে দাদা।’ মধুৱন্তীয়ে মাজতে মাত দিলে।
‘কোৱা—’ তিতিয়ে আগ্ৰহেৰে সুধিলে।
‘এজন মানুহ লিম্বিক মগজুৰ দ্বাৰা পৰিচালিত হ’ব নে নিঅ’কৰ্টেক্সৰ দ্বাৰা—সেই কথাটো কোনে নিৰ্ণয় কৰিব?’
‘মানুহজনে নিজেই।’ তিতিয়ে ক’লে।
‘কেনেকৈ?’ মধুৱন্তীয়ে সুধিলে, ‘যদি চিন্তা বস্তুটোৱেই স্বাধীন নহয়, ইচ্ছা স্বাধীন নহয়; ভাবনা, কল্পনা একোৱেই স্বাধীন নহয়—তেতিয়াহ’লে মানুহ এজনে কেনেকৈ নিৰ্ণয় কৰিব তেওঁ কোনটো মগজুৰ দ্বাৰা পৰিচালিত হোৱা উচিত?’
‘আৰে বাঃ, সাংঘাতিক প্ৰশ্ন দেখোন? নিচা লগা নাই তোমাৰ?’ তিতিয়ে হাঁহি হাঁহি সুধিলে।
‘নিচা নে কি নাজানো, মোৰ মূৰটো কিন্তু গধুৰ গধুৰ লাগিছে।’ মধুৱন্তীয়েও হাঁহি ক’লে।
‘আচ্ছা।’ তিতিয়ে ক’লে, ‘আকৌ তোমাক ৰবাৰ্ট ছাপোল্স্কিৰ কথা এটাকে ক’ব লাগিব। ছাপোল্স্কিয়ে কৈছে—সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছুমান কথা নিৰ্ভৰ কৰে। এজন ব্যক্তিৰ স্নায়ুতন্ত্ৰত এক মিনিটৰ পূৰ্বে কি ঘটিছে, অথবা পূৰ্বৱৰ্তী সেই সময়খিনিত পৰিৱেশগত কেনে উদ্দিপনাই আমাৰ শৰীৰৰ নিউৰণবোৰক প্ৰভাৱিত কৰিছিল তাৰ ওপৰত ভিত্তি কৰি মানুহ এজনে এটা সিদ্ধান্ত নিৰ্ণয় কৰে। ছাপোল্স্কিয়ে এই সন্দৰ্ভত ব্যাখ্যা কৰি কৈছে—প্ৰতিটো কৰ্মৰ, অৰ্থাৎ চিন্তা, ইচ্ছা, সিদ্ধান্ত আদিৰ ক্ষেত্ৰত কাৰ্য-কাৰণ তাৎপৰ্যৰ কেইবাটাও স্তৰ আছে। এটা স্নায়ৱিক কাৰণ, আৰু এটা হৰম’নজনিত কাৰণ, আৰু এটা ৰাসায়নিক কাৰণ, আৰু এটা জেনেটিক কাৰণ—অৱশ্যে ইয়াৰ লগত পাৰিপাৰ্শি্বক আৰু ঐতিহাসিক কাৰণবোৰতো থাকেই। বুজি পালানে?’ তিতিয়ে মধুৱন্তীক সুধিলে।
‘হয়—’
‘এই যে তুমি মোক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিলা, এই প্ৰশ্নৰ অন্তৰালত থকা তোমাৰ চিন্তাখিনি নিয়ন্ত্ৰিত হৈছে তোমাৰ নিঅ’কৰ্টেক্স মগজুৰ দ্বাৰা। ইয়াৰ সৈতে জড়িত হৈ আছে আমি ইমান সময়ে পাতি থকা কথাবোৰ আৰু তুমি বিশেষ উদ্দেশ্যত লিখিব খোজা কিতাপখনৰ প্ৰতি তোমাৰ দায়বব্ধতা।’
‘এতিয়া বুজিছোঁ দাদা।’ মধুৱন্তীয়ে সবিনয়ে কৈ উঠিল।
‘চোৱা—বিৱৰ্তনৰ দহ নিযুত বছৰ ধৰি আমাৰ নিঅ’কৰ্টেক্স মগজুটোৰ বিকাশ হৈয়ে আছে। গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল—পৃথিৱীৰ প্ৰতিগৰাকী মানুহৰে নিঅ’কৰ্টেক্স মগজুটোৰ সমানে বিকাশ হৈছেনে? অথনি তুমি যে সুধিছিলা, সকলো মানুহেই যদি মোৰ দৰে কথাবোৰ ভাবিলেহেঁতেন—মই তোমাক ক’লোঁ যে সকলো মানুহেই একেদৰে ভাবিব নোৱাৰে। ইয়াৰ অৰ্থটো হ’ল, তুমি কোনটো মগজুৰ দ্বাৰা বেছিকৈ পৰিচালিত হোৱা? যদি নিঅ’কৰ্টেক্স মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত নহৈ বাকী দুটা মগজুৰ দ্বাৰা বেছিকৈ পৰিচালিত হোৱা তেনেহ’লে তোমাৰ চিন্তাৰ বিকাশ হ’ব কেনেকৈ? তুমি নিজৰ নিঅ’কৰ্টেক্স মগজুটোক বিকাশৰ সুযোগোতো দিব লাগিব। হয়নে?’
‘ঠিকে কৈছে দাদা।’
‘এটা কথা মনত ৰাখিবা। আমাৰ সভ্যতা খুব বেছিদিনীয়া নহয়। এইখিনি সময়ত এইখিনিয়ে বিকাশ হৈছে। যিমান বিকাশ হৈছে সিমানখিনিয়েই ফল আমি দেখা পাম। সকলো মানুহেই ভাল চিন্তা কৰিবলৈ, ভাল কাম কৰিবলৈ লোৱা পৰিৱেশ এটা পাবলৈ হয়তো আমাক আৰু বহু নিযুত বৰ্ষ লাগিব। হেজাৰ বছৰ পূৰ্বে এৰিষ্টট্ল অথবা ছক্ৰেটিছে আমাক যিবোৰ কথা কৈ গৈছে, আমি ইমান বছৰৰ পাছতো ঢুকি পাইছোঁ জানো? অথবা আমাৰ কোনো পূৰ্বপুৰুষে সেইখিনি সময়ত কথাবোৰ এৰিষ্টট্ল অথবা ছক্ৰেটিছৰ দৰে কিয় নাভাবিলে? গতিকে আজি তুমি যিখিনি কথা ভাবিছা, যি ধৰণে ভাবিছা—সকলোৱে তেনেকৈ সেইখিনি কথা নাভাবে। ভাবিবলৈ হয়তো শ-হেজাৰ বছৰ লাগি যাব। মানুহৰ স্বভাৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে এজন মানুহে একে সময়তে ভাল আৰু বেয়া দুয়োটা ৰূপকে কঢ়িয়াই থাকে। প্ৰত্যেকগৰাকী মানুহেই ব্যতিক্ৰমী হিংস্ৰ আৰু ব্যতিক্ৰমী দয়ালু। আমি এফালে গণহত্যা আৰু আনফালে বীৰত্বপূৰ্ণ আত্মত্যাগ কৰিবলৈ সক্ষম। প্ৰত্যেকজন মানুহেই একে সময়তে এজন ধৰ্ষণকাৰী আৰু সমানে এজন প্ৰেমিকৰ সত্তা কঢ়িয়াই লৈ ফুৰে।’
তিতি ৰ’ল, ভাবনাত গধুৰ এখন মুখ তিতিৰ। গিলাছটোৰ অৱশিষ্ট আটাইখিনি হুইস্কী তিতিয়ে একেশোহাই গিলি পেলালে। মধুৱন্তীৰো মন গধুৰ, ভাব-চিন্তা গধুৰ কথাৰে দোঁ খাই পৰিছে। মধুৱন্তীৰ এনেকুৱা লাগিছে যেন তাইৰ নিচা লাগিছে। নে তিতিৰ কথাখিনিয়ে তাইৰ চিন্তাত আউল লগাইছে? তাই নিজকে নিজে সুধিলে।
নিৰৱতা ভংগ কৰি মধুৱন্তীয়ে কৈ উঠিল—‘কিয় নাজানো দাদা, আপোনাৰ পৰা এই গোটেই তথ্য অথবা ব্যাখ্যাখিনি জনাৰ পাছত মোৰ এনেকুৱা লাগিছে যেন ধৰ্ষণকাৰী এজন অথবা হত্যাকাৰী এজন তাৰমানে শ শতাংশই দোষী নহয়? তেওঁ মন গৈছে কাৰণেই কাৰোবাক ধৰ্ষণ কৰা নাই অথবা এজন মানুহে কাৰোবাক হত্যা কৰাটোও তেওঁৰ ইচ্ছাকৃত নহয়। তাৰমানে তেওঁলোক কোনো কঠোৰ শাস্তিৰ যোগ্য নহয়? নে মই কথাখিনি ভুলকৈ বুজিছোঁ?’
তিতিয়ে সামান্য হাঁহিলে।
‘এই বিষয়ে ৰবাৰ্ট ছাপোল্স্কিয়ে এটা ধুনীয়া উদাহৰণ দিছে। পাঁচশ বছৰৰ পূৰ্বে এজন মৃগী ৰোগীৰ বিষয়ে মানুহৰ এনেকুৱা ধাৰণা আছিল যে ৰোগীগৰাকীয়ে আক্ৰান্ত হোৱাৰ সময়ত চয়তানৰ সৈতে আড্ডাত মিলিত হয়। আৰু ইয়াৰ নিদান হিচাপে ৰোগীগৰাকীক পুৰি মৰা হৈছিল। এই ৰীতি শ শ বছৰ ধৰি চলি আছিল। অথচ এতিয়া আমি জানো যে ৰোগীগৰাকীৰ নিউৰণত গণ্ডগুলীয়া পটাছিয়াম চেনেল থকাৰ বাবেহে সেই লক্ষণবোৰ পৰিস্ফুট হয়। এইটো এটা ৰোগ। এইটো কোনো নৈতিক ব্যৰ্থতা নহয়, বৰং ই এক জৈৱিক ঘটনাহে। সম্প্ৰতি, আমি এজন মৃগী ৰোগীক তেওঁৰ ৰোগটোৰ বাবে শাস্তি প্ৰদান নকৰোঁ। কিন্তু এজন তেনে ৰোগী যদি সঘনে আক্ৰান্ত হয় তেনে ৰোগীক আমি গাড়ী চলাবলৈ নিদিওঁ, কাৰণ এইটো নিৰাপদ নহয়। ইয়াৰ অৰ্থ এইটো নহয় যে ৰোগীজন গাড়ীখন চলোৱাৰ যোগ্য নহয়, কাৰণ এইটোহে যে তেওঁক গাড়ীখন চলাবলৈ দিয়াটো নিৰাপদ নহয়। এইটো এটা জৈৱিক কাৰবাৰহে যিটো সীমাবদ্ধ হোৱা উচিত কিয়নো ই এটা বিপদৰ প্ৰতিনিধিত্ব কৰে। এই উদাহৰণটোৰ দৰেই আন এটা ল’ব পাৰি। ধৰি লোৱা, তোমাৰ গাড়ীখনৰ ব্ৰেক ফেইল হৈছে। তুমি তেতিয়া কি কৰিবা? গাড়ীখন ৰাজপথলৈ উলিয়াই নিনিয়া, কাৰণ যিকোনো মুহূৰ্তত বিপদ হ’ব পাৰে, অৰ্থাৎ তোমাৰ গাড়ীখনৰ কাৰণে দুৰ্ঘটনাত পতিত হৈ কাৰোবাৰ মৃত্যু হ’ব পাৰে। ইয়াৰ কাৰণে তোমাৰ প্ৰাথমিক কাম হ’ব তুমি গাড়ীখন গেৰেজত দি ব্ৰেকিং ছিষ্টেমটো ভাল কৰি আনা। ব্ৰেক ফেইল হোৱা কাৰণেই তুমি নিশ্চয় গাড়ীখন পুৰি নেপেলোৱা অথবা জাবৰৰ দ’মলৈ নিক্ষেপ নকৰা। একেটা কথা অপৰাধী এজনৰ ক্ষেত্ৰতো একেই। অপৰাধটো এটা মানসিকতা। সেইটো নিয়ন্ত্ৰণ হয় মই অলপ আগতে কৈ থকা কাৰকবোৰৰ দ্বাৰা। গতিকে কাৰকবোৰ—আৰু কাৰকবোৰে গঢ়ি তোলা মানসিকতাটোকহে গুৰুত্ব সহকাৰে লোৱা উচিত।’
‘মোৰ কেনেকুৱা লাগি আছে জানে?’
‘কেনেকুৱা?’ তিতিয়ে আগ্ৰহেৰে সুধিলে।
‘কুৰুক্ষেত্ৰৰ যুদ্ধথলীত মই যেন দ্বিধাগ্ৰস্ত অৰ্জুন আৰু আপুনি সাৰথি কৃষ্ণ।’
তিতিয়ে এইবাৰ হো-হোৱাই হাঁহি উঠিল।
‘তুমি তাৰমানে বেছ ভাল ৰসিকতা কৰিব পাৰা।’
‘নহয় দাদা, মই ছিৰিয়াছলী কৈছোঁ।’
তিতিয়ে পুনৰ হাঁহিলে আৰু তাৰ পাছত কৈ উঠিল—‘ইমানখিনি সন্মান দিছাই যেতিয়া, তোমাক আৰু কেইটামান দৰকাৰী কথা কওঁ।’
মধুৱন্তীয়ে একো নামাতিলে, তাই যেন শুনিয়েই থাকিব কথাবোৰ।
‘মানুহৰ মগজু তথা মানসিক জগতখনৰ বিষয়ে এতিয়াও বহু কথাই জানিবলৈ বাকী আছে। অদূৰ ভৱিষ্যতে আমি আৰু কিমান কি নতুন কথা জানিবলৈ পাওঁ একো ঠিক নাই। আজিৰ পৰা এশ বছৰ পাছত বিজ্ঞানে কি কি নতুন দিশ আৱিষ্কাৰ কৰিব পাৰে আমি অনুমানো কৰিব নোৱাৰোঁ। সেই কাৰণেই চাগৈ আগৰ ঋষি-মুনিসকলে ‘দেৱাঃ ন জানন্তি’ বুলি কৈ মানুহৰ মন সম্পৰ্কে নিজৰ জ্ঞান সামৰি থৈছিল, অথচ সেই যুগতে অন্য ক্ষেত্ৰবোৰত তেওঁলোকে বহু গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়াই গৈছে। যি কি নহওক, তুমি তোমাৰ কিতাপখনৰ কাম কৰোঁতে মানুহৰ মানসিক জগতখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিবা। মানসিক স্বাস্থ্যৰ কথাটোও এইক্ষেত্ৰত তোমাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ’ব।’
‘কেনে ধৰণৰ দাদা?’
‘আগশাৰীৰ দেশবোৰৰ কথা যেনতেন, আমাৰ দেশত মানসিক স্বাস্থ্যৰ ধাৰণাটো এতিয়াও বহু ক্ষেত্ৰত একেবাৰে নতুন। মানসিক স্বাস্থ্যক বাদ দি যে মানুহ এজনৰ সুস্বাস্থ্যৰ কথাটো অসম্পূৰ্ণ সেই কথাটো বহুত মানুহে এতিয়াও নাজানে। আমি যেতিয়া কওঁ, আজি গাটো ভাল নহয়—এই অৱস্থাটোত আমি নিজকে এজন ৰোগী বুলি নাভাবোঁ। এই গা বেয়া লগাটো বেছি হ’লেই আমি চিকিৎসকৰ কাষ চাপোঁ। ঔষধ খাব লগা নোহোৱালৈকে অথবা হাস্পতালত ভৰ্তি নোহোৱালৈকে মানুহজনে নিজে অথবা পৰিয়ালৰ আন মানুহেও ৰোগী হিচাপে গণ্য নকৰে। মানসিক স্বাস্থ্যৰ কথাটো তাতোকৈ বেছি অনিৰ্ণিত। সুস্থ মানসিক স্বাস্থ্যৰ অভাৱবোৰ, ৰোগৰ লক্ষণবোৰ সাধাৰণ মানুহে বুজি নাপায়। এনেকি এজন মানুহ ৰোগী হৈ উঠাৰ পাছতো বহুতে গমেই নাপায়। ফলত চিকিৎসা কৰাব লাগে বুলিও নাজানে। ধৰি লোৱা, আমাৰ ওচৰে-পাঁজৰে এটা ধৰ্ষণৰ ঘটনা ঘটিল। এজনী এবছৰীয়া ছোৱালীক ধৰ্ষণ। আমি আচৰিত হৈ যাওঁ। এজনী এবছৰীয়া ছোৱালীক কোনোবাই কেনেকে ধৰ্ষণ কৰিব পাৰে? কি নিকৃষ্ট মানসিকতাৰ মানুহ এইবোৰ। আচলতে এইটো এটা বিকাৰ। ৰোগ। যিটোক চিকিৎসা শাস্ত্ৰই পেডোফেলীয়া বুলি কয়। এই ৰোগৰ লক্ষণেই সেইটো। মানুহজনে শিশুবোৰৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰি থাকে আৰু সুযোগ পালেই সেই জঘন্য ঘটনাটোক বাস্তৱ ৰূপ দিয়ে। এনেকুৱা বহুকেইটা বিকাৰ আছে। আমাৰ মামাহঁতৰ ঘৰ এখন গাঁৱত। আগতে যেতিয়া গৰমৰ বন্ধত, অথবা বছৰেকীয়া পৰীক্ষা দি উঠি ককাহঁতৰ ঘৰলৈ কেইবাদিনো থকাকৈ গৈছিলোঁ, তেতিয়া গাঁৱত লগৰীয়াবোৰৰ পৰা প্ৰায়ে এটা কথা গম পাইছিলোঁ। কিছুমান ল’ৰাই গৰু বা ছাগলীৰ সৈতে যৌনক্ৰিয়াত লিপ্ত হৈছিল। প্ৰথমতে শুনি আচৰিত হৈছিলোঁ। ঘিণ ঘিণ লাগিছিল। বহু পাছত জানিছিলোঁ যে এইটোও এটা ডাঙৰ বিকাৰ, চিকিৎসা শাস্ত্ৰৰ ভাষাত জুফেলীয়া। অকল পুৰুষেই নহয়, বহু নাৰীও জুফেলীয়াত আক্ৰান্ত হয়। পৰৱৰ্তী সময়ত জানিলোঁ, এই ঘটনাবোৰ আমাৰ ইয়াতে নহয় সমগ্ৰ বিশ্বতে সংঘটিত হয়। আচলতে পৰিয়ালৰ ধাৰণাটো গঢ় লৈ উঠাৰ পাছত মানুহ যেতিয়া কৃষিৰ সৈতে জড়িত হৈ পৰিল, কিছুমান জীৱ-জন্তুক পোহনীয়া কৰি ল’লে, বোধ কৰোঁ তেতিয়াৰ পৰাই এই ঘটনাবোৰো ঘটি থাকিল। বিভিন্ন দেশৰ পেইণ্টিং, প্ৰস্তৰ মূৰ্তি, মিনিয়েচাৰ পেইণ্টিং আদিৰ পৰা পোৱা তথ্যই অন্ততঃ এই কথাকে প্ৰমাণ কৰে।’
‘আচৰিত।’ মধুৱন্তীয়ে কৈ উঠিল, ‘সঁচাকৈয়ে চিন্তনীয়।’
‘ইয়াতকৈ আচৰিত বিকাৰ হৈছে নেক্ৰোফেলীয়া। এই বিকাৰত আক্ৰান্তসকলে মৃতদেহ একোটাৰ সৈতে যৌন সংসৰ্গ গঢ়ি তুলিবলৈ অতি আকৰ্ষণ অনুভৱ কৰে। পুৰুষ-নাৰী উভয়েই নেক্ৰোফেলীয়াৰ চিকাৰ হয়।’
মধুৱন্তীৰ চকু দুটা ডাঙৰ হৈ গ’ল। সঁচাকৈয়ে এয়া সঁচা নেকি?
‘এনেকুৱা বিকাৰ আৰু আছে। কিন্তু এতিয়া মই পুনৰ এই কথাটোকে দোহাৰিম—ব্ৰেক ফেইল হোৱা গাড়ীখন আমি গেৰেজলৈ নিম নে পুৰি পেলাম?’
মধুৱন্তীয়ে কিবা এটা ক’বলৈ লৈছিল, তেনেতে নন্দিনী সোমাই আহিল।
‘ব’লা ব’লা, বহুত সময় হ’ল। সোৱাদ লগা ব্যঞ্জন এখন বেছিকৈ খোৱা ভাল নহয়, আমুৱাই গ’লে স্মৃতিটো বেয়া হৈ ৰয়। ভাল কথাবোৰো আধৰুৱাকৈ এৰিব লাগে।’
তিতি-মধুৱন্তী দুয়ো হাঁহিলে আৰু বহাৰ পৰা উঠিল।
‘থেংক ইউ ছ’ মাচ্চ দাদা।’ মধুৱন্তীয়ে কৈ উঠিল।
‘কৃতজ্ঞতাত নামটো দিবা কিন্তু।’ তিতিয়ে পুনৰ জোকালে।
ওলাই যোৱাৰ লগে লগে বাহিৰত সকলোৱে মধুৱন্তীক শুভেচ্ছা দিলে কিতাপখনৰ কাৰণে। ইতিমধ্যে যে কিতাপখনৰ পৰিকল্পনাৰ কথা ৰাজহুৱা হৈ পৰিছে মধুৱন্তীয়ে ভবাই নাছিল। তাইৰ ভালো লাগিল, সমানে লাজ ভাব এটাই তাইৰ গাল দুখন ঈষৎ ৰঙা কৰি পেলালে।
গাড়ীত উঠিয়ে মধুৱন্তীয়ে ময়ূখৰ বাঁওহাতখন নিজৰ ফালে সামৰি লৈ তাৰ বাহুটোতে মূৰটো পেলাই দিলে।
‘কি মাধু—নিচা লাগিছে?’ ময়ূখে মৰমেৰে সুধিলে।
‘উম—’ তাই উচ্চাৰণ কৰিলে, ক’লে—‘কিন্তু নিচাখিনি ৱাইনৰ নহয়।’ ময়ূখে একো বুজি পোৱা নাই, সি তাইলৈ মনোযোগেৰে চালে। তাই একো দেখা নাই, তাইৰ দৃষ্টিত তেতিয়া ওলমি আছিল কৰিব লগা কিছুমান কামৰ নক্সা। সেই আনন্দত বুৰ গৈ থাকিয়ে তাই কৈ উঠিল—‘থেংকিউ ময়ূখ, তোমাক নোপোৱা হ’লে অনিৰুদ্ধদাকো নাপালোঁহেঁতেন। আৰু তেওঁক লগ নোপোৱা হ’লে কিজানি মোৰ চিন্তাৰ জগতখনৰ এটা অন্য অধ্যায়েও পোহৰৰ মুখ দেখা নাপালেহেঁতেন।’
‘তিতিয়ে আজি সাংঘাতিক কিবা কথা ক’লে নেকি অ’?’
‘উম—’
‘চাবা আকৌ, তিতিয়ে মাজে মাজে ব’ম গাজা মাৰে।’
‘তোমালোক হ’লা তেওঁৰ বন্ধু। তোমালোকক হয়তো তেনেকুৱা কৰিব পাৰে। মোক নকৰে। আৰু কৰিলেও কোনো কথা নাই—তেওঁ মোক যিখন দুৱাৰ খুলি এখন অন্য জগতত প্ৰৱেশ কৰাৰ সুবিধা দিছে মোৰ বাবে সেইখিনিয়েই যথেষ্ট। বাকীখিনি বাট চেষ্টা কৰিলে হয়তো মই নিজেই যাব পাৰিম।’
(প্ৰিয় পাঠক, “বেণী”ৰ পূৰ্বৰ আটাইবোৰ খণ্ড পঢ়িবলৈ লগ ইন কৰক www.saumitrajogee.com । কেৱল বেণীয়েই নহয়, সৌমিত্ৰ যোগীৰ অন্যান্য কিতাপবোৰৰো কিছু কিছু লেখা ইয়াত পঢ়িব পাৰিব।)