30/12/2023
আজি 30 ডিচেম্বৰৰ মাত্ৰ কেই ঘণ্টামানৰ পাছতেই নতুন বছৰ আৰম্ভ হ'ব। কত কি যে পৰিকল্পনা কৰি ৰাখিছোঁ, তাৰ কোনো হিচাপ নাই। ১২ বজাৰ লগে লগেই কেক কাটিম, ফটকা ফুটাম, সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিম। বৰ্তমান আমি সকলোৱে বিভিন্ন ধৰণৰ খাদ্য খাই উলহ-মালহেৰে high volumeত DJ বজাই আনন্দ উপভোগ কৰি আছোঁ, সকলোৱে নাচি আছোঁ। মুঠতে ক'বলৈ গ'লে সকলোৱে আনন্দত আত্মহাৰা।
হঠাৎ মোৰ লগৰীয়া এজনীয়ে চিঞৰি চিঞৰি ক'লে, happy new year, happy new year. সকলোৱে বুজি পালে, অ'হ্! ১২ বাজি গ'ল, আমাৰ আনন্দ আৰু দুগুণ বৃদ্ধি হ'ল। DJ বাজিয়ে আছে, আমিও নাচি আছোঁ, হঠাৎ মই মাটিত বাগৰি পৰিলোঁ। ওচৰৰকেইজনীয়ে ক'লে, কি হ'ল তোমাৰ? উঠা , উঠা আকৌ, কি হ'ল অ'?
কিন্তু নাই, মই হাজাৰ চেষ্টা কৰিও উঠিব পৰা নাই। এনেকুৱা লাগি আছে, গোটেই পৃথিৱীত কাল ধুমুহা আৰু অন্ধকাৰ নামি আহিছে। কোনোবাই চিঞৰি চিঞৰি ক'লে গান বন্ধ কৰা, গান বন্ধ কৰা। তেওঁৰ মাত শুনি গান বন্ধ কৰা হ'ল। সকলো দৌৰি দৌৰি মোৰ ওচৰলৈ আহিল। চাৰিওফালে উশৃংখল-বিশৃংখল হৈ পৰিল। কোনোবাই কৈ আছে, এম্বুলেঞ্চ মাতা, তাইৰ ঘৰত খবৰ কৰা, আচলতে তাইৰ কি হৈছে, তাই এইমাত্ৰ ইমান ধুনীয়াকৈ Dance কৰি আছিল, হঠাৎ কি হ'ল তাইৰ?
ৰাতি ১২:২০ বজাত মোক হস্পিতাললৈ লৈ যোৱা হ'ল। অলপ দেৰি পাছতেই ডাক্তৰে আহি ক'লে, I'm sorry. সকলো চেষ্টা কৰাৰ পাছতো আমি তাইক বচাব নোৱাৰিলোঁ। আৰু অলপ আগত লৈ আহিলে কিবা এটা আশা কৰিব পাৰিলো হয়।
এতিয়া ডেড বডীটো Morgue room( মৃত দেহ ৰখা কোঠা) ত লৈ যোৱা হ'ব। তাৰ আগত কিছুমান কৰণীয় কাম হস্পিতালৰ মানুহে মোৰ আত্মীয়ক বুজাই দিলে। এনেকৈয়ে মই জীৱন্ত ছোৱালী জনী ডেড বডীত পৰিণত হ'লো।
হস্পিতালৰ সকলো নিয়ম শেষ কৰি মোক ঘৰলৈ লৈ অহা হ'ল। গোটেই ৰাতি মোৰ মৃতদেহৰ ওচৰত পৰি মোৰ আত্মীয়ই হিয়া ভাঙি কান্দি আছে। জন্মদাত্ৰী মাতৃয়ে কান্দি কান্দি কৈ আছে, আল্লাহ, তুমি মোৰ ছোৱালীজনীৰ সলনি মোক কিয় লৈ নগ'লা! উপস্থিত মানুহেও নিজৰ মাজতে কথা পাতি আছে, তাইৰ একো বেমাৰো বোলে নাছিল, বয়সো কম, ইস্! ছোৱালীজনী হেনো পঢ়াত বৰ চোকা আছিল, হঠাৎ তাইৰ কিবা হ'ল? এনেকৈ মৃত্যুক আপোন কৰি ল'লে। ইচ্ছামতে মাকজনীৰ লগত থাকিবও নোৱাৰিলে অ,সৰুৰ পৰাই হোষ্টেলত থাকিয়ে ডাঙৰ হ'ল তাই। ইস্! বৰ বেয়া লাগে অ! মাক জনীয়ে যে কেনেকে কান্দি আছে।
লাহে লাহে আন্ধাৰৰ বুকু ফালি পোহৰ ওলাই আহিল। মোক গা ধুৱাই, বগা কাফন পৰিধান কৰোৱাই সুগন্ধি ছটিয়াই দিয়া হ'ল। ফজৰৰ নামাজ আদায় কৰি মোক অন্ধকাৰ কবৰত চিৰদিনৰ বাবে ৰাখি সকলো গুছি আহিল, ভাবিছিলো সকলো গুছি গলেও অন্ততঃ মোৰ আব্বা মোৰ লগত থাকিব; কিন্তু নাই মোৰ অতি মৰমৰ আব্বাও গুছি আহিল। আস্! চাৰিওফালে কেৱল আন্ধাৰ আৰু আন্ধাৰ।
ওপৰত উল্লেখ কৰা কাল্পনিক কাহিনীটো নিজৰ লগতেই ঘটি থকা বুলি অনুভৱ কৰি নিশ্চয় আমি বুজিছোঁ যে মৃত্যু কেতিয়াও কৈ নাহে, হঠাতেই আহি পৰে। বয়স কম-বেছিৰ কথা নাই, বহুতে ডেকা কালতো মৃত্যুবৰণ কৰে। কোনোবাই এনেকৈ নাচি নাচিয়ে হাৰাম কামত লিপ্ত থাকিও ঢুকায়, আকৌ কিছুমানে তাহাজ্জুদৰ ছাজ্দাহত পৰিও ঢুকায়।
আমি যিসকলে পৰিকল্পনা কৰি ৰাখিছোঁ, নতুন বছৰ আৰম্ভ কৰিম হাৰাম কামৰ জৰিয়তে, তেওঁলোকে অনুভৱ কৰা উচিত যে যদি সেই ৰাতিয়েই আমি মৃত্যুক আঁকোৱালি ল'ব লগা হয়, আমি যদি তওবা কৰাৰ সুযোগো নাপাওঁ, আমাৰ পৰিণতি কেনেধৰণৰ হ'ব সেয়া নিজেই চিন্তা কৰি চোৱা উচিত, নহয়নে?
গতিকে যিসকলে এনেধৰণৰ কিবা পৰিকল্পনা কৰি ৰাখিছিল আজিয়ে নিজৰ ইচ্ছাৰ বিৰুদ্ধে হ'লেও পৰিকল্পনাটো সলনি কৰি লওক। কিয়নো থার্টি ফাষ্ট নাইট'ৰ কাৰ্যাৱলীত থাকে অশ্লীলতা আৰু বেহায়াপনা যি ইছলামত সম্পূৰ্ণ নিষিদ্ধ। এই ৰাতিক কেন্দ্র কৰি আৰম্ভ হয় অশালীন আৰু বেহায়াপনাৰ মহোৎসব। যুৱক যুৱতী সকলে একেলগত অশালীন আৰু বেপর্দা অৱস্থাত না-মেহৰাম, মেহৰাম সকলোৰে লগত গোটেই ৰাতি হাঁহি ধেমালিৰ মাজেৰে আল্লাহক নাৰাজ কৰে।
থার্টি ফাষ্ট নাইটক কেন্দ্র কৰি আয়োজিত হয় বিভিন্ন কনচাৰ্ট। নাৰী পুৰুষ একে লগত নাচ- গান যেন আৱশ্যকীয় বিষয় হৈ উঠে। আকৌ এই ৰাতিত আনন্দ উল্লাস উপভোগ কৰাৰ কাৰণে মাজৰাতিৰ পৰা আৰম্ভ হৈ ফটকাবাজী। যি আতঙ্ক আৰু ভয়ৰ সৃষ্টি কৰে আৰু এইয়া হৈছে জনসাধাৰণৰ কাৰণে কষ্টদায়ক হয়।
কোৰআনৰ চুৰাহ আহযাবৰ ৫৮ নম্বৰ আয়াতত আল্লাহে কৈছে :
আৰু যিসকলে মুমিন পুৰুষ আৰু মুমিন নাৰীসকলক বিনা অপৰাধত (যিটো সিহঁতে কৰা নাই তাৰ বাবে) কষ্ট দিয়ে, নিশ্চয় সিহঁতে অপবাদ আৰু সুস্পষ্ট পাপৰ বোজা বহন কৰিলে।
নৱবৰ্ষত আমি কিহৰ আনন্দ কৰোঁ? য'ত আমাৰ জীৱনৰ পৰা এটা বছৰ কমি গ'ল অৰ্থাৎ মৃত্যুৰ ফালে আমি আৰু এক খোজ আগুৱাই গ'লো কিন্তু আখিৰাতৰ বাবে একোয়ে প্ৰস্তুত নকৰিলোঁ। আচলতে এইবাবেই আয়োজন কৰোঁ নেকি এই মহোৎসবৰ?
যি নৱবৰ্ষৰ মহোৎসবত আল্লাহক নাৰাজ কৰি নিজৰ আ'মাল নামাত গুনাহসমূহ লিপিবদ্ধ কৰি আছোঁ সেই আনন্দ জানো গোটেই বছৰজুৰি থাকে? নিশ্চয় নাথাকে তেতিয়াহ'লে কিহৰ কাৰণে নিজেই নিজক ধ্বংসৰ ফালে ধাবিত কৰি আছোঁ? এনেকুৱা এটা ৰাতিৰ বাবে যি থার্টি ফাষ্ট নাইট'ৰ উৎপত্তি কৰিছিল ব্যাবীলনৰ সম্রাট জুলিয়াছ চিজাৰে খ্রিষ্টপূর্ব ৪৬ চনত। পৰবর্তীত পাৰস্যৰ পৰাক্রমশালী সম্রাট জমচিদ ৮০০ চনত নববর্ষ উৎসব প্রবর্তন কৰে। প্রথম অৱস্থাত তো নৱবর্ষৰ কোনো নিৰ্দিষ্ট তাৰিখো নাছিল। বিভিন্ন তাৰিখত পালন কৰা হৈছিল যদিও ১ জানুয়াৰী নববর্ষৰ দিন হিচাপে নির্দিষ্ট হয় ১৫৮২ চনত গ্রেগৰিয়ানক্যালেন্ডাৰ প্রবর্তনৰ পিছত হে। গতিকে আমিয়ে চিন্তা কৰি চোৱা উচিত নহয় নে; যে কেৱল এটা কেলেণ্ডাৰৰ তাৰিখ নিৰ্ধাৰিত হোৱাৰ বাবেই নিজেই নিজৰ সৃষ্টি কৰ্তাক আঘাত কৰি থকা নাইনে ?