এইবাৰ শান্ত শিষ্ট ৰূপত জুবিন গাৰ্গ৷
https://youtu.be/RmqAuLI8YBE
➡️এইবাৰ শান্ত শিষ্ট ৰূপত জুবিন গাৰ্গ৷
➡️নলবাৰীৰ ধমধমা আঞ্চলিক দুৰ্গা পূজাৰ শতবাৰ্ষিকী মহোৎসৱ বুধবাৰে অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিলে জুবিন গাৰ্গে৷
➡️নাই কোনো বিতৰ্কিত মন্তব্য৷
➡️এটাৰ পিচত এটা গীত পৰিৱেশন কৰি গ'ল জুবিন গাৰ্গে৷
➡️হাজাৰ হাজাৰ দৰ্শকক সংগীতেৰে মন্ত্ৰ মুগ্ধ কৰিলে জুবিনে৷
বৰমাত ১০০ ফুট দৈৰ্ঘৰ ৰাৱন দাহ
https://youtu.be/HHCEr6l9jQw
➡️বৰমাত ১০০ ফুট দৈৰ্ঘৰ ৰাৱন দাহ।
➡️প্ৰতিমা বিসৰ্জন।
➡️প্ৰতিবছৰৰ দৰে এই বেলিও বৰমাৰ ৯০ সংখ্যক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ দশমীৰ দিনটোত বৃহত্তৰ বৰমা অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে দেৱীক লৈ বৰমা অঞ্চল পৰিভ্ৰমণ কৰে৷
শোণিতপুৰৰ টেঙাবিলত এটা বনৰীয়া হাতী নিহত
https://youtu.be/zlwHtq-o5Kk
➡️শোণিতপুৰৰ টেঙাবিলত এটা বনৰীয়া হাতী নিহত৷
➡️শাৰদীয় দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে শোণিতপুৰৰ ৰঙাপৰা থানাৰ অন্তৰ্গত টেঙাবিলত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
➡️বনৰীয়া হাতীৰ জাকৰ মাজৰে দুটা হাতীৰ মাজত হোৱা প্ৰচণ্ড যুঁজত আঘাটপ্ৰাপ্ত হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ৰাইজে।
দুদিনীয়া ভ্ৰমণ সূচীৰে তেজপুৰত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
https://youtu.be/hitbvPzI5mE
➡️দুদিনীয়া ভ্ৰমণ সূচীৰে তেজপুৰত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
➡️ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী তথা অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং মংগলবাৰে উপস্থিত হৈ সীমান্তত দেশৰ নিৰাপত্তা ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰে।
*নলবাৰীৰ বানেকুছি সাৰ্বজনীন শাৰদীয় শ্ৰীশ্ৰী দূৰ্গা পূজাত ভক্তপ্ৰাণ ৰাইজৰ সমাগম।*
*সপ্তমীৰ দিনা নিশাৰ ভাগতো দেখা গ'ল শ শ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পূজা স্থলীত।*
*বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই বেলি বানেকুছি সাৰ্বজনীন শাৰদীয় শ্ৰীশ্ৰী দূৰ্গা পূজা।*
*অঞ্চলটোৰ বহু সংখ্যক ধৰ্ম প্ৰাণ ৰাইজ উক্ত পূজা স্থলীত উপস্থিত হৈ মা দূৰ্গাৰ আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হয়।*
বটদ্ৰৱাৰ লালুং গাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক
https://youtu.be/FlkoTemBhho
➡️বটদ্ৰৱাৰ লালুং গাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক।
➡️ৰাইজে পঘাৰে বান্ধি থোৱা এই লোক দুজনলৈ মন কৰক।
➡️এইসকল ড্ৰাগছ সৰবৰাহকাৰী ।
➡️আজি পুৱাৰ ভাগত বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ লালুং গাঁৱত ড্ৰাগছ সৰবৰাহ কৰি থকা সময়তে ৰাইজে খেদি খেদি দিলদাৰ হুছেইন আৰু ৰফিক উদ্দিন নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে।
নলবাৰীৰ ঘগ্ৰাপাৰত ১৭ খন পূজা মণ্ডপত দুৰ্গা পূজা আৰম্ভণি
https://youtu.be/Xw55uThzPLo
➡️নলবাৰীৰ ঘগ্ৰাপাৰত ১৭ খন পূজা মণ্ডপত দুৰ্গা পূজা আৰম্ভণি।
➡️ঘগ্ৰাপাৰতো আজিৰে পৰা শ্ৰীশ্ৰী হৰিমন্দিৰত ৬৯ সংখ্যক সাৰ্বজনীন শাৰদীয় শ্ৰীশ্ৰীদুৰ্গা পুজা আৰম্ভ।
বড়োলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যক বদলিৰ দাবী
https://youtu.be/pzxaY9Pk-QI
➡️বড়োলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যক বদলিৰ দাবী।
➡️ৰাজ্যপালক সাক্ষাৎ।
বৰালিমাৰী হয়বৰ পথাৰ চৰত উদ্ধোধন কৰা হল স্থায়ী বান আশ্ৰয় স্থল
https://youtu.be/pcAB5goD7hI
➡️বৰালিমাৰী হয়বৰ পথাৰ চৰত উদ্ধোধন কৰা হল স্থায়ী বান আশ্ৰয় স্থল।
➡️মৰিগাঁও জিলাৰ এটা চৰত ওখল-মাখল পৰিৱেশ।
➡️ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰী হয়বৰ পথাৰ চৰত উৎসৱমূখৰ পৰিবেশ।
➡️কাৰণ এই চৰত কালি উদ্ধোধন কৰা হল স্থায়ী বান আশ্ৰয় স্থল।
➡️এই বান আশ্ৰয়স্থল উদ্ধোধন অুষ্ঠানত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, নিৰ্মাণকাৰী ট্ৰাষ্টৰ ট্ৰাষ্টি ডঃ ৰথীন্দ্ৰনাথ, ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা বণিয়া আৰু জিলাৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি সকল।
শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত আৰ্কষণীয় দাণ্ডিয়া নৃত্য
https://youtu.be/7qZaVcs3_Xk
➡️শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত আৰ্কষণীয় দাণ্ডিয়া নৃত্য।
➡️ডিব্ৰুগড় লেডিছ ফিটনেছ চেণ্টাৰৰ উদ্যোগত Raj Meridian ত নান্দনিক পৰিৱেশ।
➡️নৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়তো আৰ্কষণীয় দাণ্ডিয়া নৃত্য।
নলবাৰীৰ ধমধমা আঞ্চলিক সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজা শতবাৰ্ষকী অনুষ্ঠান
https://youtu.be/MgYbx3RnwFE
➡️নলবাৰীৰ ধমধমা আঞ্চলিক সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজা শতবাৰ্ষকী অনুষ্ঠান।
➡️অনুষ্ঠানৰ সাংস্কৃতিক শোভাযাত্ৰা মুকলি-মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই।