অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ঘৰে ঘৰে বিহু মাৰিলে বঙাইগাঁৱৰ ডেকা গাভৰুৱে
বঙাইগাঁৱ জিলাৰ বিদ্যাপুৰ ৰাজবাৰীস্থিত বিদ্যাপুৰ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত ৫৯ সংখ্যক ৰঙালী বিহুৰ পতাকা উত্তোলন
বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নিপন বৰুৱা
বন্তি প্ৰজ্বোলন কৰে উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি তনুৰাম বৰ্মনে
বিগত বছৰৰ দৰে এইবেলিও নৱ যুৱক সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত আৰু উত্তৰ হেকইপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত হেঁপাহৰ ৰঙালী বিহুটি ১বহাগ,১৫ আৰু ১৬ বহাগ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব
আজি ১ বহাগৰ কাৰ্যসূচী হিছাপে জেষ্ঠ সকলক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কাৰ্যসূচীটিত ঘৰে ঘৰে গৈ জ্যেষ্ঠ সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে
উদযাপন সমিতিয়ে জানিব দিছে যে অহা ১৫ আৰু ১৬ বহাগ দুদিনে সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ৰাখিছে
১৬ বহাগ ২৯ এপ্ৰিল তাৰিখে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাবে থাকিব গুৱাহাটীৰ পৰা আমন্ত্ৰিত নিহাৰিকা হাজৰিকা আৰু প্ৰাঞ্জু পৰাণৰ গীতৰ শৰাই । সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিয়ে কামনা কৰিছে
নাকেৰে বিহুৰ পেপাঁ আৰু বাহীঁ বজাই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাঁ জ্ঞাপন এগৰাকী বিহুৱানৰ
তেখেতৰ নাম চিৰাং জিলাৰ হেমেন সূত্ৰধৰ
শক্তি আশ্ৰম ময়নাগুৰীত চড়ক পূজা আৰু মেলা সম্পূৰ্ণ
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰম ময়নাগুৰী গাঁৱত আজি চড়ক পূজা সম্পন্ন হয়।
উক্ত চড়ক পূজাত বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সমাগম হয়। মেলা থলীত উপস্থিত থাকি অল বিটিআৰ বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ শক্তি আশ্ৰম আঞ্চলিক সমিতিৰ সভাপতি খোকণ দেবনাথে চড়ক পূজা নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।
ৰঙালী বিহুৰ শুভেচ্ছাৰে বঙাইগাঁৱৰ চম্পক অটোমবাইলচৰ ধামাকা অফাৰ ৷
#champakautomobiles
#BihuOffer
#rangalibihu
#bihu
#bajaj
#pulsar
#biker
বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ।
ঈদৰ দিনাই সমষ্টিটোত কেইবাখনো সভাত প্ৰচাৰ চলাব বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে ।
পূৱাৰ ভাগত বৰপথাৰ অঞ্চলত অনুষ্ঠিত কৰা সভাত প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটক বিপুল ভোটত জয়যুক্ত কৰোৱাবলৈ অনুৰোধ জনায় ৰাইজক ।
জনসাধাৰণক পূৰ্বৰ পৰাই কংগ্ৰেছ দলে টকাৰে ভোট কিনি নিৰ্বাচন জিকি আহিছিল।
আৰু সেই পৰম্পৰা ৰক্ষা কৰিয়ে আছে, টকা উদ্ধাৰ হোৱা ঘটনাই পুনৰ প্ৰমান কৰিলে ।
ফণীভূষণ চৌধুৰীৰ বয়স হৈছে কিন্তু মনোৰঞ্জন তালুকদাৰ এতিয়াও শিশু (বাচ্চা) বুলি অনুভব কৰে ।
মই ৩৮ বছৰৰ বিধায়ক সংসদীয় অভিজ্ঞাৰ ক্ষেত্ৰত তুলনাই নহয় । আহক মোৰ ওচৰত মোৰ লগত থাকক তেতিয়া জানিব কোন বুঢ়া কোন ডেকা বুলি সমালোচনা কৰে ।
বেলতলাস্হিত বনগাঁও খেলপথাৰত নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ সমিতি, ছাত্ৰ আৰু যুৱ-কল্যাণ, অসম চৰকাৰৰ সহযোগত সদৌ অসম ভিত্তিত ৰহেদৈ বিহুৱতী প্ৰতিযোগিতা ২০২৪ অনুষ্ঠিত হৈ যায়
সন্ধিয়ালৈ অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত ৰহেদৈ বিহুৱতী বিজয়ীক ৫০,০০০ হাজাৰ টকা আৰু শ্ৰেষ্ঠা বিহুৱতী বিজয়ীক ২৫,০০০ টকাৰ লগতে অন্যান্য আকৰ্ষণীয় উপহাৰ প্ৰদান কৰে আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠানৰ সামৰণী হয়
ফকিৰাগ্ৰাম জামে মছজিদত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম চহৰত থকা জামে মছজিদত ইফতাৰ মেহফিলত ভাগ লয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে।
তেওঁ ইফতাৰ মেহফিলত ভাগ লৈ কয় যে ঈদে ইছলাম ধৰ্মী আৰু আন আন ধৰ্মীয় লোকসকললৈ শুভ বাৰ্তা কঢ়িয়াই আনক তাকে কামনা কৰিছো।
তিলকগাঁও,চিকিবিকি, ঢোলমাৰা আৰু আই ভাণ্ডাৰাণী আঞ্চলিকৰ উদ্যোগত আৰু বিলাসপুৰ আঞ্চলিকৰ সহযোগত বিষুৱা উদযাপনৰ লাঁইখুটা স্থাপন কৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ বৰ্মনে
অহা অহা ৭ আৰু ৮ বহাগ (২০ আৰু ২১ এপ্ৰিল,২০২৪ইং)তাৰিখে দুদিনীয়া কাৰ্যসুচীৰে বিলাসপূৰ হাইস্কুল খেল পথাৰত অনুষ্ঠিত হব বিষুৱা উৎসৱ
মধ্য বাক্সা জিলাৰ জলাগুৰিস্হীত চাপাগুৰি আঞ্চলিক বাথৌ মন্দিৰ প্ৰাঙ্গণত সদৌ অসম মন্দিৰ সুৰক্ষা, উন্নয়ন সমিতি আৰু বৃহত্তৰ চাপাগুৰি স্থানীয় ৰাইজৰ উদ্যোগত বাথৌ মন্দিৰ উন্নয়নৰ সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত
সভাত বিশিষ্ট অতিথি হিচাপে বিজেপিৰ গুৱাহাটি মহানগৰ জিলা সমিতিৰ কাৰ্যকৰ্তা বিদ্যুৎ বৰুৱা
লগতে সদৌ অসম মন্দিৰ সুৰক্ষা, উন্নয়ন সমিতিৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
বাথৌ মন্দিৰ উন্নয়ন আৰু বড়ো জনজাতিৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিদ্যুৎত বৰুৱাই ৰাইজক অৱগত কৰে
বঙাইগাঁৱত চিলাৰায় উন্নয়ন মঞ্চ আৰু কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল
সংবাদমেলত সদৰি কৰা অনুসৰি কাইলৈৰ পৰা "এক জাতি এক ভোট" শ্লোগানেৰে ৰাইজৰ মাজত সোমাই পৰিব চিলাৰায় উন্নয়ন মঞ্চ আৰু কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই ৷
বিগত দিনত কোচ- ৰাজবংশী জনগোষ্ঠীক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনজাতিকৰনৰ নামত কৰি অহা প্ৰতাৰণাৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে এই কাৰ্যসচী গ্ৰহণ কৰিছে ৷
সংবাদমেলত মন্ত্ৰী ৰণোজ পেগু আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে
মুম্বাইৰ পৰা এলেক্স আহিল এদিনীয়া নৃত্য কৰ্মশালা ৰ বাবে Greater Bongaigao Morden Dance Teacher Association
#BreakingNews
বঙাইগাঁৱত ড্ৰাগছৰ সৰবৰাহ অব্যাহত
বঙাইগাঁও সদৰৰ বৰফ মিলৰ সমীপত আৰক্ষীৰ অভিযান
ড্ৰাগছসহ দীপক মণ্ডল নামৰ যুৱক এজনক আটক
জব্দ সাতটা ড্ৰাগছ ভৰ্তি কনটেইনাৰ আৰু চিৰিঞ্জ উদ্ধাৰ, জব্দ চাৰি হাজাৰ টকা
AS-19Q-8163 নম্বৰৰ স্কুটীৰে সৰবৰাহ কৰিছিল ড্ৰাগছখিনি
অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে দীপক মণ্ডলক