10/09/2023
বিজ্ঞানে কয় যে এজন প্ৰাপ্তবয়স্ক স্বাস্থ্যৱান পুৰুষে এবাৰ যৌন সম্ভোগ কৰাৰ পিছত, মুকলি হোৱা বীৰ্যৰ পৰিমাণত 40 কোটি শুক্ৰাণু থাকে। সেয়েহে, লজিক অনুসৰি, যদি ছোৱালীবোৰৰ গৰ্ভত সেই সমপৰিমাণৰ শুক্ৰাণু স্থান পালে হয়, তেন্তে 40 কোটি কেঁচুৱাৰ সৃষ্টি হ'লহেঁতেন, এই 40 কোটি শুক্ৰাণু মাতৃৰ জৰায়ুৰ ফালে পাগলৰ দৰে দৌৰি গৈ থাকে, আৰু গৈ থকা অৱস্থাত জীয়াই থাকে মাত্ৰ 300-500 শুক্ৰাণু। আৰু আনবোৰ? এই দৌৰৰ পথত তেওঁলোক ভাগৰুৱা বা পৰাজিত হৈ মৃত্যুবৰণ কৰে। কণীৰ ওচৰ চাপিবলৈ সক্ষম হোৱা এই 300-500 শুক্ৰাণুৰ ভিতৰত, কেৱল এটা অতি শক্তিশালী শুক্ৰাণুয়ে কণীটো নিষিক্ত (ফার্টিলাইজ) কৰে বা কণীত স্থান লয়। সেই ভাগ্যৱান শুক্ৰাণুটো আপুনি বা মই বা আমি সকলো।
🤔 আপুনি কেতিয়াবা এই মহান যুদ্ধৰ বিষয়ে ভাবিছে নে?
❒ যেতিয়া আপুনি দৌৰিছিল, তেতিয়া আপোনাৰ নাছিল চকু, হাত, ভৰি, মুৰ... কিন্তু তথাপিও আপুনি জিকিছে।
❒ যেতিয়া আপুনি দৌৰিছিল, তেতিয়া আপোনাৰ ওচৰত নাছিল কোনো certificate, নাছিল কোনো মগজু ... তথাপিও আপুনি জিকিছে
❒ যেতিয়া আপুনি দৌৰিছিল, তেতিয়া আপোনাৰ নাছিল কোনো শিক্ষা, নাছিল কোনেও সহায় কৰা ... কিন্তু আপুনি তথাপিও জিকিছে।
❒ যেতিয়া আপুনি দৌৰিছিল - আপোনাৰ এটা গন্তব্য স্থান আছিল আৰু সেই গন্তব্যস্থানৰ ফালে নিৰ্ধাৰিত উদ্দেশ্যৰ সৈতে অকলে দৌৰিছিল, আৰু শেষত আপুনিহে জিকিছিল।
🤔তাৰপিছত
❒ বহুতো কেঁচুৱা মাতৃৰ পেটতে মৃত্যু হয় কিন্তু আপোনাৰ মৃত্যু হোৱা নাই, আপুনি গোটেই 10 মাহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।
❒ বহুতো কেঁচুৱা জন্মৰ সময়ত মৃত্যু হয়। কিন্তু আপুনি বাচি গৈছিল।
❒ জন্মৰ প্ৰথম পাঁচ বছৰত বহুতো কেঁচুৱাৰ মৃত্যু হয়, কিন্তু আপুনি এতিয়াও জীয়াই আছে।
❒ বহুতো শিশু পুষ্টিহীনতাৰ ফলত মৃত্যু হয়। কিন্তু আপোনাৰ একো হোৱা নাই।
❒ বহুতে ডাঙৰ হোৱাৰ পথত পৃথিৱী এৰি গৈছে, কিন্তু আপুনি এতিয়াও তাত আছে।
🤔আৰু আজি
যেতিয়া কিবা ঘটে, আপুনি হতাশ হৈ পৰে, আপুনি হতাশ হয়, কিন্তু কিয়? আপুনি কিয় ভাবে যে মই হাৰিছো? আপুনি কিয় আত্মবিশ্বাস হেৰুৱাইছে? এতিয়াও আপোনাৰ বন্ধু, ভাই-ভনী, certificate, সকলো আছে। আপোনাৰ হাত আৰু ভৰি আছে, আপোনাৰ শিক্ষা আছে, পৰিকল্পনা, বুদ্ধি কৰিবলৈ আপোনাৰ মগজু আছে, আপোনাৰ সহায় কৰিবলৈ মানুহ আছে, তথাপিও আপুনি আশা হেৰুৱাইছে। যেতিয়া আপুনি আপোনাৰ জীৱনৰ প্ৰথম দিনটো এৰি দিয়া নাছিল। যেতিয়া আপুনি 40 কোটি শুক্ৰাণুৰ সৈতে এক মাৰাত্মক যুঁজত নিৰন্তৰ দৌৰি কাৰো সহায় অবিহনে অকলে প্ৰতিযোগিতাখন জিকিছিলা।
🤔 তেতিয়া হলে ইমান হতাশ কিয়?🤔
❒ কোনোবাই আপোনাৰ জীৱনৰ পৰা এৰি গুচি গলে। কিয় গ্ৰহণ কৰিব নোৱাৰে।
❒ কিবা এটা হলে কিয় আপুনি হতাশ হৈ যায়?
❒ কিয় কোৱা? মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই।
❒ কিয় কোৱা? মই হাৰিছো গৈছো
এনে ধৰণৰ হাজাৰ হাজাৰ কথা উল্লেখ কৰা সম্ভৱ, কিন্তু আপুনি কিয় নিৰাশ হৈছে? আপুনি কিয় হেৰুৱাব? কিয় এৰি দিব? আপুনি আৰম্ভণিতে জিকিছে, আপুনি মাজতে জিকিছে। আপুনি শেষত জিকিব, নিজকে সময় দিয়ক, আৰু আপোনাৰ মনক সোধক আপোনাৰ কি প্ৰতিভা আছে (hidden talent)? সদায়ে মনৰ আকাংক্ষাক গুৰুত্ব দিয়ক, সদায়ে ঈশ্বৰক মনত ৰাখক, সেৱা কৰক। আপুনি দেখিব যে আপুনি জিকিব,
কেৱল আপোনাৰ মনৰ শক্তিৰে যুঁজি থাকক, আপুনি জিকিব।
Copy fb