Abvp Jagiroad Town Unit 2024—25

  • Home
  • Abvp Jagiroad Town Unit 2024—25

Abvp Jagiroad Town Unit 2024—25 শ্লোগান: জ্ঞান, চৰিত্ৰ, একতা
Student Power , Nations Power
छात्र शत्कि , राष्ट्र शत्कि

সকলোকে শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা থাকিল 🙏🎊
10/10/2024

সকলোকে শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা থাকিল 🙏🎊

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ। গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ।। মহান পন্ডিত,শিক্ষাবিদ,প্ৰাক্তন...
05/09/2024

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ।
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ।।

মহান পন্ডিত,শিক্ষাবিদ,প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন ড°সৰ্বেপল্লী ৰাধাকৃষ্ণণদেৱক জন্মদিৱসত শ্ৰদ্ধাঞ্জলি।

শিক্ষক দিৱস উপলক্ষে সমূহ শিক্ষক-শিক্ষয়িত্ৰীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ মহীৰূঢ় তথা নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিত গুৰু...
04/09/2024

অসমীয়া সমাজ জীৱন তথা সাহিত্য-সংস্কৃতিৰ মহীৰূঢ় তথা নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত যাচিলোঁ শত কোটি প্ৰনাম।

30/08/2024

हाथी घोड़ा पालकी, जय कन्हैया लाल की॥श्रीकृष्ण जन्माष्टमी की आप सभी को हार्दिक बधाई एवं शुभकामनाएँ।🦚🙏🌸
26/08/2024

हाथी घोड़ा पालकी, जय कन्हैया लाल की॥

श्रीकृष्ण जन्माष्टमी की आप सभी को हार्दिक बधाई एवं शुभकामनाएँ।🦚🙏🌸

শংকৰদেৱে বোৱাই দিলে ধৰ্মৰে সুঁতিমাধৱদেৱে প্ৰচাৰিলে ধৰ্মৰে নীতিবৈষ্ণৱ সৱে লয় নাম কৃষ্ণ হৰি হৰিশুদ্ধ চিত্তে লোৱা নাম গুৰু...
24/08/2024

শংকৰদেৱে বোৱাই দিলে ধৰ্মৰে সুঁতি
মাধৱদেৱে প্ৰচাৰিলে ধৰ্মৰে নীতি
বৈষ্ণৱ সৱে লয় নাম কৃষ্ণ হৰি হৰি
শুদ্ধ চিত্তে লোৱা নাম গুৰুক সুমৰি

মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ l

জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পদাংক অনুসৰণ কৰি অসমৰ সামাজিক, সাংস্কৃতিক তথা সাহিত্য ক্ষেত্ৰখনৰ ভেঁটি গঢ়াৰ লগতে অসমীয়া সাহিত্য-সংস্কৃতিৰ সকলো দিশকে সংপৃক্ত কৰি অসমীয়া সমাজ জীৱনত কাব্য, গীত, নাটৰ মাজেৰে কৃষ্ণ ভক্তি সঞ্চাৰেৰে নৱজাগৰণৰ সূচনা কৰা মহাপুৰুষ মাধৱদেৱ গুৰুজনাই অসমীয়া জাতিক আদৰ্শ আৰু কৰ্মৰে সমৃদ্ধ কৰি গৈছে । শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ আদৰ্শ প্ৰতিটো প্ৰজন্মৰ বাবে এক প্ৰাণময় অনুপ্ৰেৰণা হৈ থাকিব।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ তৰফৰ পৰা , আমাৰ মৰমৰ ভাইটি - ভন্টি লৈ  শুভ ৰক্ষা বন্ধনৰ আন্তৰিক শুভেচ্ছা...
19/08/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ তৰফৰ পৰা , আমাৰ মৰমৰ ভাইটি - ভন্টি লৈ শুভ ৰক্ষা বন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । এই ৰক্ষা বন্ধনটো শক্তিশালী হৈ থাকক আৰু আমাৰ জীৱন হাঁহি আৰু প্ৰেমৰ মুহূৰ্তত ভৰি থাকক। সকলো মৰমৰ মাইটি আৰু ভন্টি লৈ সুখ আৰু সমৃদ্ধি কামনা কৰিছো । 💕
🧿 ......শুভ ৰক্ষা বন্ধন......🧿




অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো। ভাৰত মাতা ...
15/08/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো।
ভাৰত মাতা কি জয় 🇮🇳🫡

08/08/2024

Join ABVP ✊

08/08/2024
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখা আৰু জাগীৰোড মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত ১৪ আগষ্ট ২০২৪ তাৰিখে অনুষ...
08/08/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখা আৰু জাগীৰোড মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত ১৪ আগষ্ট ২০২৪ তাৰিখে অনুষ্ঠিত হ'ব লগা নৱাগত আদৰণি সভা অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী *প্ৰিয়ংকা ভৰালী* ৰ গীতৰ শৰাই। সকলো ছাত্ৰ ছাত্ৰী আৰু শুভাকাংখীৰ উপস্থিতি একান্তভাৱে কামনা কৰিলো।
লগতে এই ক্ষেত্ৰত সাফল্য মন্দিত কৰা জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত পীয়ুষ হাজৰিকা মহোদয়ৰ লগতে তেখেতৰ ব্যক্তিগত সচিব আৰু আমাক ছাঁ ৰ দৰে সহায় আগবঢ়োৱা শ্ৰী অপূৰ্ব ডেকা ডাঙৰীয়াক , অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

আমাৰ সকলোৰে আপোন জাগীৰোড মহাবিদ্যালয়ৰ ৪৬ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ তৰফৰ...
08/08/2024

আমাৰ সকলোৰে আপোন জাগীৰোড মহাবিদ্যালয়ৰ ৪৬ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী , মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় আৰু অধ্যাপক - অধ্যাপিকাৰ লগতে সমূহ জাগীৰোড অঞ্চল বাসিক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ঐতিহাসিক ক্ষণ...অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ বাবে আজি এক বিশেষ দিন হিচাপে চিহ্নিত হৈ ৰ'ব। প্রথমবাৰৰ বাবে আমাৰ ৰাজ্যখনত আৰম্ভ...
03/08/2024

ঐতিহাসিক ক্ষণ...

অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ বাবে আজি এক বিশেষ দিন হিচাপে চিহ্নিত হৈ ৰ'ব। প্রথমবাৰৰ বাবে আমাৰ ৰাজ্যখনত আৰম্ভ হ'বলগীয়া বৃহৎ উদ্যোগ টাটা গ্ৰুপৰ ছেমি কণ্ডাক্টৰ ইউনিটৰ আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ মৰমৰ মন্ত্ৰী মহোদয় শ্ৰী পিযুষ হাজৰিকা দেৱৰ লগতে টাটা ছনছৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেকৰণ ডাঙৰীয়াৰ উপস্থিতিত ভূমিপূজন হৈ যায়।

ভাৰতৰ মাননীয় প্রধানমন্ত্ৰী তথা দূৰদৰ্শী নেতা শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখনক 'ছেমিকণ্ডাক্টৰ হাব' কৰাৰ সপোন দেখিছিল আৰু সেই সপোনক বাস্তৱ কৰাৰ লক্ষ্যৰে সকলোৱে কাম কৰি আছে ।

আমাৰ জাগীৰোড সমষ্টিৰ টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড গোষ্ঠীয়ে ২৭ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব এই ছেমিকণ্ডাক্টৰ ইউনিটটো। এই প্ৰকল্পত ২৫ হাজাৰৰো অধিক নিয়োগৰ সৃষ্টি কৰিব বুলি আমি আশাবাদী।

আজিৰ এই বিশেষ ক্ষণত আমি দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সন্মানীয় টাটা গ্রুপকো ধন্যবাদ জনাইছোঁ। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আমাৰ মৰমৰ মন্ত্ৰী মহোদয়ে নিৰৱচ্ছিন্নভাৱে ভাৰত চৰকাৰ আৰু টাটা গ্রুপক মৰিগাঁৱত এই উদ্যোগ গঢ়ি তুলিবলৈ আগ্ৰহী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। মাননীয় মুখ্যমন্ত্রী মহোদয় আৰু আমাৰ মৰমৰ মন্ত্ৰী মহোদয়ক আমি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আজিৰ এই ঐতিহাসিক ক্ষণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখা‌ , জাগীৰোড মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সমূহ সদস্য আৰু মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ - ছাত্ৰী উপস্থিত থাকিব পাৰি যঠেষ্ট গৌৰৱান্বিত। আৰু বহু আশাবাদী।
Himanta Biswa Sarma
Pijush Hazarika
ABVP Assam

আজি  ০১/০৮/২০২৪ তাৰিখ বৃহস্পতিবাৰে "অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ" জাগীৰোড নগৰ শাখা আৰু  জাগীৰোড মহাবিদ্যালয় "ছাত্ৰ-একতা...
01/08/2024

আজি ০১/০৮/২০২৪ তাৰিখ বৃহস্পতিবাৰে "অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ" জাগীৰোড নগৰ শাখা আৰু জাগীৰোড মহাবিদ্যালয় "ছাত্ৰ-একতা সভাৰ" দ্বাৰা জাগীৰোড মহাবিদ্যালয়লৈ অহা নৱাগত ছাত্ৰ-ছাত্ৰী সকলক পুষ্প বৃষ্টি,তিলক আৰু এটি চকলেট উপহাৰ স্বৰূপে প্ৰদান কৰি আদৰণি জনোৱা হয়।



অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও বিভাগৰ (নগাঁও, মৰিগাঁও,‌ হোজাই)নগাঁৱৰ মাৰোৱাৰি হাইস্কুলত  যোৱা  ২৭আৰু ২৮ তাৰিখে হৈ য...
29/07/2024

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও বিভাগৰ (নগাঁও, মৰিগাঁও,‌ হোজাই)নগাঁৱৰ মাৰোৱাৰি হাইস্কুলত যোৱা ২৭আৰু ২৮ তাৰিখে হৈ যোৱা প্ৰশিক্ষণ শিবিৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, জাগীৰোড নগৰ শাখাৰ সমূহ সদস্য উপস্থিত থাকে।
লগতে জাগীৰোড নগৰ শাখাক নগাঁওলৈ যাতায়তৰ ব্যৱস্থা কৰি দিয়া বাবে, মন্ত্ৰী মহোদয়ৰ ব্যক্তিগত সচিব শ্ৰী অপূৰ্ব ডেকা ডাঙৰীয়াকো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, জাগীৰোড নগৰ শাখাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ।


অসমৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন!অসমীয়াৰ স্বকীয় ঐতিহ্য তথা টাই-আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য ...
26/07/2024

অসমৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন!

অসমীয়াৰ স্বকীয় ঐতিহ্য তথা টাই-আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য-ভাস্কৰ্যৰ ধ্বজাবাহী চৰাইদেউ মৈদামে ইউনেস্ক'ৰ স্বীকৃতি লাভ কৰাটো অসমৰ বাবে এক বৃহৎ প্ৰাপ্তি।

সকলো অসমীয়াক এই শুভ ক্ষণত অভিনন্দন জ্ঞাপন কৰিলোঁ৷

"तेरा वैभव अमर रहे माँ, हम दिन चार रहें न रहें।"भारतीय सेना के अद्वितीय साहस और शौर्य के प्रतीक कारगिल विजय दिवस की हार्...
26/07/2024

"तेरा वैभव अमर रहे माँ, हम दिन चार रहें न रहें।"

भारतीय सेना के अद्वितीय साहस और शौर्य के प्रतीक कारगिल विजय दिवस की हार्दिक शुभकामनाएं।

मां भारती की आन, बान और शान के लिए अपना सर्वस्व अर्पित करने वाले मां भारती के वीर सपूतों को विनम्र श्रद्धांजलि। देश आपके बलिदान का युगों-युगों तक ऋणी रहेगा। जय हिन्द!

যোৱা ৯/৭/২০২৪ তাৰিখ মংগলবাৰে শংকৰ দেৱ বিদ্যা নিকেতন (জাগীৰোড) ৰ প্রাংগনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ...
10/07/2024

যোৱা ৯/৭/২০২৪ তাৰিখ মংগলবাৰে শংকৰ দেৱ বিদ্যা নিকেতন (জাগীৰোড) ৰ প্রাংগনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জাগীৰোড নগৰ শাখাৰ প্রতিষ্ঠা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানটিত উপস্থিত থাকে জাগীৰোড শংকৰদেৱ বিদ্যা নিকেতনৰ প্রধান শিক্ষক শ্রীযুত ৰুবুল শইকীয়াকে প্রমূখ কৰি সমূহ আচার্য্য আচার্য্যা বৃন্দ লগতে জাগীৰোড মহাবিদ্যালয়ৰ প্রবক্তা শ্রীযুত লিনতন হাজৰিকা। প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ প্রতিযোগিতা সমূহ অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটিত জাগীৰোড নগৰ শাখাৰ সমূহ সদস্য সদস্যাৰ লগতে স্থানীয় ৰাইজৰ বিপুল সহাৰি পৰিলক্ষিত হয়।গতিকে অনুষ্ঠানটি সুন্দৰকৈ সফল সমাপ্তি কৰাত সহায় কৰা প্রতিজন সদস্য সদস্যাৰ লগতে অভিভাৱক অভিভাবিকা সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। বিশেষ কৈ এই অনুষ্ঠানটি জাগীৰোড শংকৰদেৱ বিদ্যা নিকেতনৰ প্রাংগনত কোনো অসুবিধা নোহোৱাকৈ অনুষ্ঠিত কৰিব দিয়াৰ বাবে নিকেতনৰ প্রধান শিক্ষক মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো লগতে আমাৰ জাগীৰোড এ বি বি পি প্রতিটো অনুষ্ঠানতে আমাক ছাঁটোৰ দৰে সহায় কৰা মাননীয় শ্রী যুত অপূর্ব ডেকা ডাঙৰীয়াক জাগীৰোড এ ভি বি পি ৰ সমূহ সদস্য সদস্যাৰ পৰা সহস্র প্রনাম লগতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।


Address


Website

Alerts

Be the first to know and let us send you an email when Abvp Jagiroad Town Unit 2024—25 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Abvp Jagiroad Town Unit 2024—25:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share