11/07/2023
কথাগল্প
💥অদৃষ্টৰ লিখন💥
"ভাইটি ইমান ৰাতিলৈকে ঘৰৰ বাহিৰত কিয় ঘূৰি ফুৰা? কি কাম থাকে সদায় তোমাৰ?"
"ঘৰত কিমান সোমাই থাকিম বৌ? আপুনি আৰু দাদা মেডিকেল গুছি যোৱা পিছত অকলে আমনি পাওঁ।"
"ওলাই যাৱ মানা কৰা নাই তোমাক মই, কিন্তু তোমাৰ কেইজন মান বন্ধু মই পছন্দ নকৰো। সিহঁতৰ কৰ্ম কাণ্ড তোমাৰো জ্ঞাত। গতিকে বাছি খাবা, জাগি শুবা।"
" মই এতিয়া সৰু হৈ থকা নাই বৌ। ভাল বেয়া বিচাৰ কৰিব পৰা হ'লো। চাকৰিটো যদি নিশ্চিত হৈ যায় তেন্তে লগা লগ মই যামগৈ ইয়াৰ পৰা।"
"তুমি কি ভাৱিছা তোমাৰ কাৰণে মই অসুবিধা পাই তোমাক উপদেশ দিওঁ নেকি? যদি ভাৱিছা তেন্তে ভুল ভাৱিছা এইটো। তোমাক মই নিজ সন্তানৰ দৰে ভাৱো। নিজেটো মাতৃ হোৱাৰ সৌভাগ্য কণ নাপালোৱে।"
"মোৰ মাৰ ঠাই তুমি ল'ব নোৱাৰা বৌ। দাদাই তোমাৰ মতে চলিব পাৰে। মই নচলো কিন্তু। তুমি অহাৰ পৰাই মোৰ আৰু দাদাৰ মাজৰ সম্পৰ্কত ফাট মেলিব ধৰিলে।"
"তোমাৰ ভৱিষ্যতটো ভাল কৰিবৰ কাৰণেই মাতৃৰ কৰ্তব্য পালন কৰি আহিছো মনত ৰাখিবা ভাইটি। মই মমতাৰ আৱেষ্টনিৰে বান্ধি নৰখা হ'লে নিজৰ এটা ভুলৰ বাবেই তুমি আজি জেলৰ ভিতৰত থাকিলা হয়।"
"মোৰ এইটো বয়সত তেনে ভুল হোৱাটো কোনো অস্বাভাৱিক কথা নহয়, পুৰণি কথা উলিয়াই মোক ব্লেকমেইল নকৰিবা। মদ খাই গাড়ী চলোৱা অকল মইয়ে আছো নেকি পৃথিৱীত!!"
"ইমান অহংকাৰ ভাল নহয় ভাইটি, মাতাল হৈ এজনী বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণ কৰি তুমি নিজৰ পুৰুষত্ব দেখুৱাইছিলা। মই সকলো গম পাইছো। সেই ভুলটোৰ বাবেই যে তুমি নিজৰ পুৰুষত্ব হেৰুৱালা সেইটো হয়টো দাদাই তোমাক জনোৱা নাই।"
"কি কৈছা তুমি এইবোৰ বৌ? অত' দিনে গোপনে ৰখা কথাবোৰ তুমি কেনেকৈ জানিলা আৰু মোক ইমান ডাঙৰ কথাটো দাদাই জনোৱা নাই কিয় আজিলৈকে?"
" মই অন্যায় কেতিয়াও সহ্য নকৰো ভাইটি। তোমাৰ দাদাই সেয়ে হয়টো মোক কেৱল তোমাৰ দুৰ্ঘটনাৰ বিষয়ে জনাইছিল। কিন্তু আজি প্ৰকৃত ৰহস্য উদ্ঘাটন হৈছে।"
"কথাবোৰ পাক লগাই নকবা বৌ। খুলি কোৱা কি হৈছে?"
"আজি মেডিকেলত এজনী মানসিক বিকাৰগ্ৰস্ত যুৱতীয়ে এটা ল'ৰা সন্তান প্ৰসৱ কৰিছে। মই তাইৰ প্ৰসৱ কৰোৱাইছো। পিছত যেতিয়া তাইৰ খবৰ ল'বলৈ পুনৰ তাইৰ কাষত থিয় হৈছিলো, তাই মোৰ মোবাইলৰ স্ক্ৰীণত তুমি মই আৰু দাদা থকা ফটো খন দেখি চিঞৰি উঠিছিল।"
" কি আজে বাজে কথা কৈ আছা তুমি? তাইটো কথা ক'ব নোৱাৰে। মই অপৰাধী বুলি কেনেকৈ প্ৰমাণ হ'ল তাত?"
"তাই কথা ক'ব নোৱাৰে বুলি তুমি কেনেকৈ জানিলা?"
"ম মই. . ! নিউজত দিছিলেই দেখোন। তাতে দেখিছিলো।"
"ন মাহ আগৰ কথাবোৰ মনত পৰিছিল নে তেতিয়া তোমাৰ? ভদ্ৰতাৰ মুখা খনৰ আঁৰত থকা মুখ খন অনুতাপৰ জুইত জ্বলিছিল নে নাই তোমাৰ?"
" কি. . !! কিন্তু, তেতিয়া মই নিচাত আছিলো বৌ। মোৰ ভুল হৈ গ'ল। তুমি মোক বচোৱা বৌ প্লিজ।"
"তোমাৰ ভুলৰ শাস্তি ইতিমধ্যেই ঈশ্বৰে দিছেই তোমাক। ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰাৰ বাবেই সেই একেটা নিশাতে পুৰুষত্বহীন হৈ পৰিলা।"
"বৌ মোক ক্ষমা কৰা প্লিজ।"
"দাদা আৰু মই সিদ্ধান্ত লৈছো কালিলৈকে সেই কণমানি দেৱশিশুটিক আমি সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে নিজৰ কৰি ল'ম। মাককো উন্নত চিকিৎসা কৰোৱাৰ দায়িত্ব বহন কৰিম।"
"মোক যি শাস্তি দিয়া মই মানি লম বৌ। তোমাৰ উদাৰতাৰ কাষত মোৰ অহংকাৰ চূৰমাৰ হ'ল আজি।"
"শিশুটিক আজীৱন চকুৰ আগত ডাঙৰ হোৱা চাই যোৱা। তোমাৰ ক্ষন্তেকীয়া সুখৰ বাবে কৰা জঘণ্য কাণ্ডৰ পৰিণতিত সৃষ্টি হোৱা জীৱনটোক প্ৰকৃত মানুহৰ ৰূপত গঢ় দিয়া। তুমি তিল তিলকৈ অনুতাপৰ জুইত জ্বলিলেও তোমাক সংশোধন কৰাৰ এইটোৱে শ্ৰেষ্ঠ পথ মোৰ মতে।"
******************************
✍️মৌচুমী বৰঠাকুৰ গোস্বামী।
দুলীয়াজান।