Pathsala Zubeen Fan Club

Pathsala Zubeen Fan Club Pathsala Zubeen Garg Fan Club - A Helping Hand

কাহিলীপাৰাৰ Synergy Apartment ৰ সন্মুখত ৰাতিপুৱা মানুহৰ সমাগম হয়।মই নাভাবো যে গুৱাহাটীৰ আন কোনোবা Apartment-ৰ সন্মুখত ম...
26/09/2024

কাহিলীপাৰাৰ Synergy Apartment ৰ সন্মুখত ৰাতিপুৱা মানুহৰ সমাগম হয়।
মই নাভাবো যে গুৱাহাটীৰ আন কোনোবা Apartment-ৰ সন্মুখত মানুহে এনেদৰে ৰৈ থাকে।
কাৰোবাক চকু অপাৰেশ্যনৰ পইচা লাগে,
কাৰোবাক কিডনি ট্ৰান্সপ্লান্টৰ পইচা লাগে,
কাৰোবাক কেন্সাৰৰ চিকিৎসাৰ পইচা লাগে,
কাৰোবাক বানপানীয়ে উটুৱাই নিয়া ঘৰটো ঠিক কৰিবলৈ পইচা লাগে,
কাৰোবাক স্কুলৰ ফিজ দিবলৈ পইচা লাগে।
মুঠতে Synergy Apartment ৰ সন্মুখত অভাৱী মানুহৰ এটা লাইন থাকে। যিয়ে বিচাৰি যায় সহায়ৰ এখন হাত।
নতুনকৈ চিনেমা এখন ওলাইছে হেনো। মানুহে হোৱাই নোহোৱাই সমালোচনা কৰিছে। বেয়া আমি অলপো পোৱা নাই কাৰণ সকলোৰে মুকলিকৈ কথা কোৱাৰ স্বাধীনতা আছে। কিন্তু মানুহে মনত ষ্টেৰিয়টাইপ কৰি লৈ কথাবোৰ কৈছে, অমুক চিনেমাখন চোৱাৰ পিছত হেনো তেওঁৰ চিনেমা আৰু দৌৰি দৌৰি চাবলৈ নাযায়।
ঠিকেই আছে যাব নালাগে।
খামীডাঠ অসমীয়া এজনে 'অনামিকা'-ৰ পৰা আৰম্ভ কৰি জাতিটোক বহুখিনি দি বৰ্তমান জীৱন্ত কিংবদন্তি হৈ গ'ল।
মই পোষ্টটো লিখি থাকোঁতেও হয়টো কিছুমানে ভাবি আছে, "কাইলৈ কাহিলীপাৰালৈ গৈ Synergy Apartment ৰ সন্মুখত থিয় হৈ ৰৈ থাকিম, মোৰ বেমাৰৰ চিকিৎসাৰ অলপ পইচা যোগাৰ হ'ব, মোৰ বানপানীয়ে উটুৱাই নিয়া ঘৰটো ঠিক কৰিম, সৰু আইৰ পঢ়া ফিজখিনি দিব পাৰিম, অহা সপ্তাহত কেম' থেৰাপী টো কৰিব পাৰিম।"
কাৰণ Synergy Apartment ত জুবিন গাৰ্গ থাকে। জুবিনে অসহায় মানুহক কেতিয়াও নিৰাশ নকৰে। মই চিনেমাৰ প্ৰচাৰ নকৰোঁ কিন্তু নেতিবাচক কথা কোৱা বোৰক কৈছোঁ, " এবাৰ Synergy Apartment ৰ সন্মুখত ৰৈ থকা অসহায় মানুহখিনিৰ কথা ভাবিব।"
শেষত এশাৰী কওঁ, '' দুৰ্বল মানুহে যদি, জীৱনৰ কোবাল নদীত, পাৰ হৈ তোমাৰে সাহত, তুমি হেৰুৱাবানো কি ?"
Long Live Zubeen Garg ❤️

© Anjan Jyoti Sharma দাদাৰ ফেচবুক ৱালৰ পৰা..

সুধাকণ্ঠ  ড° ভূপেন হাজৰিকাদেৱক জন্ম দিৱসত পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ তৰফৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি নিবেদন🙏
08/09/2024

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক জন্ম দিৱসত পাঠশালা জুবিন গাৰ্গ ফেন ক্লাৱৰ তৰফৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি নিবেদন🙏

Congratulations Dr. Zubeen Garg Daa♥️Love You♥️ Zubeen Garg
27/08/2024

Congratulations Dr. Zubeen Garg Daa♥️

Love You♥️
Zubeen Garg

Get well soon King❤️‍🩹Zubeen Garg
28/07/2024

Get well soon King❤️‍🩹

Zubeen Garg

26/03/2024

My statement on CAA

সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ ৰাভা দিৱস উপলক্ষে যাচিছোঁ একাজলি শ্ৰদ্ধাঞ্জলি🙏Desing : Geetam
19/06/2023

সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ ৰাভা দিৱস উপলক্ষে যাচিছোঁ একাজলি শ্ৰদ্ধাঞ্জলি🙏

Desing : Geetam

22/02/2023

জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা উন্নত চিকিৎসাৰ বাবে সাহায্য সংগ্ৰহৰ অভিযান

শ্ৰদ্ধা গ্ৰহণ কৰিব । সমূহ অসমবাসী ৰাইজৰ পৰিচিত অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বাঁহীবাদনৰ জৰিয়তে সুখ্যাতি অৰ্জন কৰা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আজি কিছুদিন ধৰি লিভাৰৰ সমস্যাত ভুগি চিকিৎসাধীন হৈ আছে । কিছুদিন আগতে উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ গৈছিল যদিও ধনৰ অভাৱত পৰ্যাপ্ত চিকিৎসা নকৰাকৈ পুনৰ গুৱাহাটীলৈ ঘুৰি আহিব লগা‌ হয় , বৰ্তমান তেখেত গুৱাহাটীস্থিত দিছপুৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে, চিকিৎসকৰ পৰামৰ্শ অনুসৰি liver transplant ৰ বাবে পুনৰ দিল্লীলৈ যাব লাগে । তাৰ বাবে তেখেতক পুনৰ প্ৰয়োজন আহি পৰিছে আৰ্থিক সহায়ৰ ।বিভিন্ন দল - সংগঠন তথা বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানে তেখেতক আৰ্থিক সাহায্য আগবঢ়াইছে যদিও সেয়া এই ব্যয়বহুল operation ৰ বাবে পৰ্যাপ্ত নহয় বুলি তেখেতে আমাক অৱগত কৰে । গতিকে এতিয়া তেখেতক প্ৰয়োজন আহি পৰিছে আপোনাৰ - মোৰ সাধানুযায়ী আৰ্থিক সহায়ৰ ।। আপোনাৰ কিঞ্চিৎ সহায়ে দীপক শৰ্মা পুনৰ সুস্থ হৈ বাঁহীবাদনেৰে ৰাইজৰ মাজত থকাৰ সুযোগ পাব । *সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা সমূহ জুবিন গাৰ্গ ফেন ক্লাবৰ শাখা সমিতিৰ বিষয়ববীয়াৰ তথা সদস্য- সদস্যা লগতে অসমবাসী ৰাইজলৈ
নিম্নলিখিত একাউণ্টৰ জৰিয়তে তেখেতক সহায়ৰ হাত আগবঢ়াবৰ বাবে কাতৰ অনুৰোধ জনালোঁ* ,🙏🙏🙏 -----
Gpay -9864055400
A/c holder name -Mr dipak sarma
A/c no - 30509214515
IFSC - SBIN0007202
GEETANAGAR branch Guwahati

ওপজা দিনৰ হিয়াভৰা ওলগ জনালোঁ ককাইদেউ❤️সময়ৰ সমান আয়ুস হওঁক আপোনাৰ😌 সদায় ভালে থাকক । ৰাইজৰ,আৰ্তজনৰ জুবিন গাৰ্গ হৈ থাকক💙 বহ...
18/11/2022

ওপজা দিনৰ হিয়াভৰা ওলগ জনালোঁ ককাইদেউ❤️
সময়ৰ সমান আয়ুস হওঁক আপোনাৰ😌 সদায় ভালে থাকক । ৰাইজৰ,আৰ্তজনৰ জুবিন গাৰ্গ হৈ থাকক💙 বহুত বহুত মৰম যাচিছোঁ দাদা💝

10/10/2022

After a long break, let's fly some kites together!

First time Garima puts her words in my tune. Coming soon.



06/10/2022

পূজা সময়ত গহপুৰত সংঘটিত হৈছিল এই হৃদয় বিদাৰক ঘটনা। কনমানি পুত্ৰলৈ মিঠাই আনিবলৈ গৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল পিতৃয়ে। ইয়াৰ পিছতে গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চৌহদত পিতৃৰ মৃতদেহ দেখি কান্দি উঠিল মাতৃ পুত্ৰই। কনমানিটোৱে কান্দি কান্দি কলে দেউতাক আৰু কোনো দিনাই মিঠাই আনিব নকও মা ৷
যদিহে আপুনি সহায় কৰে দুৰ্ভগীয়া পৰিয়ালটো তেন্তে যোগাযোগ কৰিব ৯৩৯৪২৩৯৭৫০
MAMU DOLOI DAS
A/C 0161104000018674
IFSC IBKL0000161
Gpay no. 7085776768

জুবিন দাৰ সহঃশিল্পী মৰমৰ শতাব্দী বা লৈ ওপজা দিনৰ অসংখ্য মৰম আৰু শুভকামনা জনাইছোঁ। সংগীত জগতত আৰু এনেদৰে ভাল ভাল কাম কৰি ...
27/09/2022

জুবিন দাৰ সহঃশিল্পী মৰমৰ শতাব্দী বা লৈ ওপজা দিনৰ অসংখ্য মৰম আৰু শুভকামনা জনাইছোঁ। সংগীত জগতত আৰু এনেদৰে ভাল ভাল কাম কৰি যাওঁক আগুৱাই যাওঁক তাৰেই কামনাৰে..

26/09/2022



অহা ৭ অক্টোবৰত ছবিগৃহত মুক্তি পাব লগীয়া অসমীয়া ছবি "একলব্য"-ৰ লগত সংগতি ৰাখি জুবিন গাৰ্গ আৰু জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ।
আপোনাৰ মোৰ চৌপাশে থকা সমাজৰ অৱহেলিত শিশুসকল আজিৰ তাৰিখৰ একো একোজন একলব্য। তেওঁলোকৰ মাজতো হয়টো হাজাৰ প্ৰতিভা আছে কিন্তু নাই কাষত থিয় দিব পৰা এজন প্ৰকৃত সাৰথি। এই ক্ষেত্ৰত আপুনি মই আমি সাৰথি হৈ থিয় হ'ব নোৱাৰোঁনে?
সেয়ে ছবিখনৰ পৰা উপাৰ্জিত ধনৰ ১০% সমাজৰ অৱহেলিত শিশু সকলৰ কল্যাণৰ বাবে খৰচ কৰাৰ চিন্তা আগত ৰাখি আয়োজন কৰা হৈছে "Make Ekalavya Smile" নামেৰে এটি Campaign। আহক আপুনিও অংশ লওঁ‌ক এই মহৎ প্ৰচেষ্টাৰ আৰু আপোনাৰ অঞ্চলৰ অৱহেলিত শিশু সকলৰ মুখত এই পূজাৰ বতৰত হাঁহি বিৰিঙাওক।
তেওঁলোকক নিজৰ ইচ্ছা আৰু সামৰ্থ অনুযায়ী হাতত তুলি দিয়ক এটা উপহাৰ আৰু এখন ফটো তুলি শিশু জনৰ নাম আৰু ঠিকনা সহ ফেচবুকত লিখি আপলোড কৰি Tag/Mention কৰক "Ekalavya" পেজক। আপোনাৰ এই সহযোগিতা হৈ পৰিব শিশুসকলৰ ওচৰ চপাৰ আমাৰ মূল চালিকা শক্তি।

আহক এইবাৰ পূজা উদযাপন কৰোঁ‌ আমাৰ একলব্যসকলৰ সৈতে।

বি. দ্ৰ. - আমাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই মহান কৰ্মৰে সমাজৰ একলব্য সকলৰ কাষত থিয় দিয়া প্ৰতিজনকে জুবিন গাৰ্গৰ চহী সম্বলিত একোখনকৈ মান পত্ৰ প্ৰদান কৰা হ'ব।

দুৰ্ঘটনা হৈ জীয়েকৰ মূৰত তেজ জমা হোৱাদুখীয়া দেউতাকে টকাৰ অভাৱত চিকিৎসাকৰিব নোৱাৰাৰ বাবে সহায় বিচাৰি হার্টথ্ৰৱজুবিন গাৰ...
23/08/2022

দুৰ্ঘটনা হৈ জীয়েকৰ মূৰত তেজ জমা হোৱা
দুখীয়া দেউতাকে টকাৰ অভাৱত চিকিৎসা
কৰিব নোৱাৰাৰ বাবে সহায় বিচাৰি হার্টথ্ৰৱ
জুবিন গাৰ্গৰ বাসগৃহলৈ গৈছিল
আৰু তেতিয়া জুবিন গাৰ্গে ছোৱালীজনীৰ
চিকিৎসাৰ বাবে ডেৰ লাখ টকা দি সহায় কৰিলে
জুবিন গার্গ মহান ব্যক্তিত্বৰ অধিকাৰী
এখেত সদায় কুশলে থাকক

:সহায়ৰ বাবে মিনতি:শ্ৰী জয়ন্ত বৰ্মন, ওদালগুৰি জিলাৰ মাজবাটৰ মহিলাপাৰা গাওঁৰ এজন অতি প্ৰতিভাৱান,সহজ-সৰল আৰু শান্ত স্বভাৱ...
05/08/2022

:সহায়ৰ বাবে মিনতি:
শ্ৰী জয়ন্ত বৰ্মন, ওদালগুৰি জিলাৰ মাজবাটৰ মহিলাপাৰা গাওঁৰ এজন অতি প্ৰতিভাৱান,সহজ-সৰল আৰু শান্ত স্বভাৱৰ যুৱক । আমি অতি দুখেৰ আপোনালোকক জনাবলগীয়া হৈছে যে তেওঁ বৰ্তমান গুৱাহাটীস্থিত GMCH চিকিৎসালয়ত এক জটিল ৰোগৰ সৈতে যুঁজি আছে।
কিন্তু আৰ্থিক দুৰৱস্থা তথা উন্নত চিকিৎসাৰ হেতু বৰ্তমান তেওঁক আপোনালোকৰ অকণমান সহাঁৰিৰ প্ৰয়োজন। ইতিমধ্যে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইস্থিত Apollo Hospitalলৈ লৈ যোৱাৰ নিৰ্দেশ দিছে যদিও দুৰ্ভগীয়া পৰিয়ালটোৱে বৰ্তমান তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈ পৰিছে। গতিকে অনুগ্ৰহ কৰি পৰিয়ালটো তথা যুৱকজনৰ সুস্থতাৰ বাবে প্ৰত্যেকজন সুহৃদ ব্যক্তিয়েই সহায়ৰ হাত আগবঢ়াব বুলি আমি অতিশয় আশাবাদী। যিহেতু আপোলোকৰ ক্ষুদ্ৰতম প্ৰয়াসে এজন ব্যক্তিৰ জীৱন উদ্ধাৰ কৰিব পাৰে,তাক সহায় কৰিবলৈ আপোনালোকলৈ কৰযোৰে প্ৰাৰ্থনা।
হয়তো আপোনালোকৰ বহুতে জানে যে তেওঁ এজন অতি প্ৰতিভাশালী চিত্ৰশিল্পী । তাৰোপৰি সাংস্কৃতিক অথবা যিকোনো সমাজ হিতৈষী কামত তেওঁ সদায় আগবাঢ়ি আহিছিল । গতিকে তেনে এজন যুৱকক আপোনালোকে নিজৰ সামৰ্থ অনুায়ী সহায় কৰিব বুলি আমি আশাবাদী । লগতে তেওঁক আশীৰ্বাদ কৰিব তথা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে তেওঁ অতি সোনকালে আমাৰ মাজলৈ সুস্থ হৈ ঘূৰি আহে ।
গতিকে তলত উল্লেখ কৰা তথ্যখিনিৰ ভিত্তিত আপোনালোকে ইচ্ছা অনুযায়ী আৰ্থিক সাহায্য সমূহ আগবঢ়াই যেন।
ধন্যবাদ
Banking Details–
Name- Joy Pratim Saikia
A/C No- 0500010293891
IFSC- PUNB0050020
GPay-9101709774
PUNJAB NATIONAL BANK, NARAYANPUR BRANCH
(তাৰ Google pay ৰ scanning code দিয়া হৈছে

মানুহজনৰ নাম শ্ৰী অসীম শৰ্মা । ঘৰ নলবাৰীত । তেওঁ যোৱা দুবছৰ ধৰি কৰ্কত ৰোগত ভুগি আছে । যোৱা বছৰ সমস্ত ধন শেষ কৰি কোনোমতে ...
05/07/2022

মানুহজনৰ নাম শ্ৰী অসীম শৰ্মা । ঘৰ নলবাৰীত । তেওঁ যোৱা দুবছৰ ধৰি কৰ্কত ৰোগত ভুগি আছে । যোৱা বছৰ সমস্ত ধন শেষ কৰি কোনোমতে অপাৰেশ্যন কৰি ভাল হৈ উঠিছিল হে ।এইবাৰ আৰু সেই একেই অৱস্থা । বহুত বেছি হৈ গৈছে ।যোৱা তিনি মাহে মুম্বাইৰ হস্পিতালত চিকিৎসাধীন হৈ আছে । আৰু পুনৰাই ইমান টকা যোগাৰ কৰাটো তেওঁলোকৰ কাৰণে বৰ্তমান অসম্ভৱ হৈ পৰিছে । আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, এই মানুহজনক বচাই ৰাখিবলৈ সহায় কৰক। 🙏একটকা এটাও বৰ্তমান তেওঁলোকৰ কাৰণে বহুত হৈ পৰিছে ।যিয়ে যি খিনি টকা দিব পাৰে তেওঁলোকক অলপ হলেওঁ সহায় কৰে যেন ।
যিমান পাৰে পোষ্টটো প্ৰচাৰ কৰি দিয়ক।🙏🙏🙏🙏🙏🙏🙏🙏
তলত একাউন্ট নম্বৰ দিয়া আছে -
Ashim Sarma
A/C no34804103772
IFSC SBIN0005240
Branch_SBI Gorchuk
Google pay _9706778207
Contact number_6000485820

Zubeen Garg Helping Hands
Zubeen Garg Lovers
Zubeen Garg
Zubeen Garg Fan Club

Address

Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Pathsala Zubeen Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category