29/09/2024
সম্প্ৰতি বিদ্যালয়সমুহ ছয় মাহিলী পৰীক্ষাসমুহ চলি থকাৰ পৰিপ্ৰেক্ষিতত ড° শংকৰ পাটোৱাৰীদেৱৰ গীতৰ প্ৰতিযোগিতাখনিলৈ গীতৰ ভিডিঅ’ প্ৰেৰণৰ সময়সীমা ১০ অক্টোবৰ ২০২৪ তাৰিখলৈ বৃদ্ধি কৰা হৈছে ৷ সেই অনুসাৰে প্ৰতিযোগীসকলে ১০ অক্টোবৰ ২০২৪ তাৰিখলৈকে নিজৰ নিজৰ গীতৰ ভিডিঅ’ টেলিগ্ৰাম এপ্ যোগে 6001948644 নম্বৰলৈ প্ৰেৰণ কৰিব পাৰিব ৷
সংস্কাৰ’ৰ উদ্যোগত ড° শংকৰ পাটোৱাৰী’ৰ গীতৰ সদৌ অসম ভিত্তিত অনলাইন প্ৰাইজমানি প্ৰতিযোগিতাৰ নিয়মাৱলী-
ড° শংকৰ পাটোৱাৰীদেৱৰ নিম্নউল্লেখিত গীতসমুহক লৈ প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব-
(১) বৰ বৰ মানুহৰ বৰ বৰ পেৰাতে
(২) কথা আছিল মোৰ তোমাৰ ঘাটতে
(৩) অ নীলা বন বিহগী কত আছিলি
(৪) চেনাই অ বিহুতলীত তইহে নাই
(৫) তোমালৈ লিখিছো চিঠি সাৰে থাকি দোভাগ ৰাতি
(৬) মৰমী মাতেৰে নেগাবা তেনেকৈ
(৭) কি যে প্ৰীতি সনা আছে সোৱণশিৰিৰ পাৰে পাৰে
(৮) আমাক নেমাতিবা ধৰালে নেমাতিবা
(৯) বহুদিন আগে যে আকাশখন কঁপিছিল
(১০) মহা মহা নগৰীত
(১১) তোমাৰ গীত গালে আজি যে তুমি নাই
(১২) অ' শাৰদী প্ৰিয়া শাৰদী প্ৰিয়া
(১৩) আমি বাগিছাৰ ফুল নহওঁ
(১৪) কাঞ্চনজংঘা অ’ কাঞ্চন জংঘা
(১৫) তলবল জীয়াঢল
(১) প্ৰতিযোগিতা মুকলি শাখাত অনুষ্ঠিত হ’ব- অৰ্থাৎ প্ৰতিযোগীসকলৰ বয়সৰ কোনো সীমাবদ্ধতা নাই ৷ কেৱল এটা শাখাত প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব ৷
(২) প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে কোনো ভৰ্তি মাচুল দিব নালাগে ৷
(৩) প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীসকলে নিৰ্বাচন কৰা গীতৰ মিউজিক ট্ৰেক আয়োজক সমিতিয়ে যোগান ধৰিব ৷ প্ৰতিযোগীসকলে 9706695826 নম্বৰত যোগাযোগ কৰি নিৰ্বাচিত গীতৰ মিউজিক ট্ৰেক সংগ্ৰহ কৰিব পাৰিব ৷
(৪) প্ৰতিযোগীসকলে ড° শংকৰ পাটোৱাৰীদেৱৰ যিকোনো এটি গীত নিজৰ কন্ঠত ভিডিঅ’ ৰেকৰ্ডিং কৰি 60019 48644 নম্বৰলৈ টেলিগ্ৰাম যোগে প্ৰেৰণ কৰিব লাগিব ৷ ইয়াৰ বাবে প্ৰতিযোগীসকলে ২৪ ছেপ্তেম্বৰ ২০২৪ তাৰিখৰ ভিতৰত আয়োজক সমিতিৰ পৰা বা নিজাববীয়াকৈ মিউজিক ট্ৰেক সমুহ সংগ্ৰহ কৰিব পাৰিব ৷ আৰু ২৪ ছেপ্তেম্বৰ ২০২৪ তাৰিখৰ পৰা ৩০ ছেপ্তেম্বৰ ২০২৪ তাৰিখৰ ভিতৰত প্ৰেৰিত গীতৰ ভিডিঅ’হে প্ৰতিযোগিতাৰ বাবে বিবেচনা কৰা হ’ব ৷ উল্লেখ্য যে- ২৪ ছেপ্তেম্বৰ ২০২৪ তাৰিখৰ পাছত আয়োজক সমিতিৰ তৰফৰ মিউজিক ট্ৰেক যোগান ধৰা নহয় ৷
(৫) গীত পৰিবেশনৰ ক্ষেত্ৰত প্ৰতিযোগীসকলে মাইক্ৰফোন ব্যৱহাৰ কৰিব নোৱাৰিব ৷
(৬) ড° শংকৰ পাটোৱাৰীদেৱৰ গীত সমুহ- https://youtu.be/5tV6NLIazwI?si=0gPqHDdupIOlfJz2 ইউটিউব চেনেলত উপলব্ধ ৷
(৭) প্ৰথম- দ্বিতীয় আৰু তৃতীয় বিজয়ীলৈ ক্ৰমে ৩০০০/= ২০০০/= আৰু ১০০০/= টকাৰ নগদ ধন- আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে প্ৰথম দহ গৰাকী স্থানলাভ কৰোঁতালৈ মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷
(৮) ভিডিঅ’ ৰেকৰ্ডিং কৰোঁতে মবাইল পথালি কৰি ৰেকৰ্ডিং কৰিব আৰু গীত পৰিবেশনৰ আগমুহুৰ্ত্বত প্ৰতিযোগীয়ে নিজৰ নাম আৰু জিলাৰ নাম বাধ্যতামুলক ভাৱে উল্লেখ কৰিব লাগিব ৷
(৯) ৩০ ছেপ্তেম্বৰ ২০২৪ তাৰিখৰ পাছত প্ৰেৰণ কৰা গীতৰ ভিডিঅ’ প্ৰতিযোগিতাৰ বাবে বিবেচনা কৰা নহয় ৷ ১ অক্টোবৰ ২০২৪ তাৰিখৰ পৰা ১০ অক্টোবৰ ২০২৪ তাৰিখলৈকে প্ৰতিযোগীসকলে প্ৰেৰণ কৰা গীতৰ ভিডিঅ’সমুহ আমাৰ আনুষ্ঠানিক ফেচবুক পেজ “শিল্পীৰ পৃথিৱী-সংস্কাৰ” ত আপলোড কৰাৰ সমান্তৰালকৈ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব ৷ ১২ অক্টোবৰ ২০২৪ তাৰিখে সন্মানীয় বিচাৰকসকলে ভিডিঅ’ যোগে ফলাফল ঘোষণা কৰিব আৰু ১৪ অক্টোবৰ ২০২৪ তাৰিখে বিজয়ী প্ৰতিযোগীসকললৈ পুৰস্কাৰ প্ৰেৰণ কৰা হ’ব ৷
(১০) আয়োজক সমিতিৰ সতে যিকোনো যোগাযোগৰ ক্ষেত্ৰত 9706695826 আৰু 7099693787 নম্বৰত হোৱাটচআপ বাৰ্তা প্ৰেৰণ কৰিব ৷ অনুগ্ৰহ কৰি প্ৰত্যক্ষভাৱে টেলিফোনিক যোগাযোগ নকৰে যেন ৷