'আখৰুৱা : literati' page shares the write-up, poetry, story, article etc of the 'আখৰুৱা : literati group', with an artistic presentation of the same to the world and particularly to the Assamese net community. Usually the group- 'আখৰুৱা : literati', promotes the creative literary works by the new generation in the field of Assamese literature.
_________________________________________
'আখৰুৱা: li
terati' পৃষ্ঠাৰ বিশদ বিৱৰণঃ
১) আখৰুৱাৰ মস্তিস্কক চিন্তাৰ খোৰাক যোগাব পৰা কথাবোৰে এখন বহল সমাজ পাব পৰাকৈ, ৰুগ্ন মন আৰু একাকি জীৱনক বাস্তৱ পৃথিৱীয়েও দিব নোৱৰা, অলপ সংগকেই অপ্ৰত্যক্ষ পৃথিৱীতেই (virtual world) দিব পৰাকৈ 'আখৰুৱা : literati' পৃষ্ঠাৰ জৰিয়তে প্ৰয়াস কৰা হয়। আচলতে ক'বলৈ হ'লে জীৱনৰ সুৰুঙা বিচাৰিয়েই আজিকালি বহু মানুহেই 'ফেচবুক' কৰে বুলি, অলপ বেলেগ সুখ বিচাৰি, এজন বেলেগ মানুহ হ'বলৈ বিচাৰি৷সেই লক্ষ্যত 'আখৰুৱা : literati' পৃষ্ঠাত আখৰুৱাৰ সুন্দৰ কথাবোৰ, কোনোবা বিখ্যাত চিত্ৰ বা ভাস্কৰ্য বা আন কোনো সৃষ্টিশীল কলা, কথাখিনিৰ লগত খাপ খোৱাকৈ, অলপ বিমূৰ্ত্ত (abstract) ধৰণে প্ৰকাশ কৰা হয়৷
২) 'আখৰুৱা: literati' পৃষ্ঠাৰ জৰিয়তে জনমানসত আখৰুৱা গোটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে গোটৰ সদস্যৰ মাজত যাতে সৃষ্টিশীলতাৰ প্ৰতি ধাউতি বঢ়াব বা তেখেত সকলক প্ৰেৰণা যোগাব পৰা যায়।
৩) মূলতঃ 'আখৰুৱা: literati' গোটলৈ অহা প্ৰতি মাহৰ গল্প, কবিতা, প্ৰৱন্ধ বা গোটৰ নিজা শিতান সমূহৰ পৰা 'আখৰুৱা: literati: সম্পাদনা সমিতি'য়ে নিৰ্বাচন বা সম্পাদনা কৰা মানবিশিষ্ট সাহিত্যৰাজি সমিতিৰ 'পেজ আৰু ব্লগ বিভাগ'ৰ জৰিয়তে এই পৃষ্ঠাত সংৰক্ষণৰ দিহা কৰা হয়।
৪) ভৱিষ্যতে সম্ভৱ হ'লে, এই পৃষ্ঠাত সংৰক্ষন কৰা সাহিত্যৰাজিক যাতে ছপা গ্ৰন্থৰ ৰূপ দিব পৰা যায়।
৫) উল্লিখিত উদ্দেশ্যসমূহ আগত ৰাখি 'আখৰুৱা: literati' গোটৰ প্ৰস্তাৱ আৰু সিদ্ধান্ত মৰ্মে 'আখৰুৱা: literati' নামৰ পৃষ্ঠাটো ২০১৫ চনৰ ৭ আগষ্টৰ দিনা সৃষ্টি কৰা হয়।
প্ৰশাসকবৃন্দ,
আখৰুৱা: literati' গোট।
০৭ আগষ্ট ২০১৫