22/10/2024
নলবাৰী শ্ৰীশ্ৰী হৰি মন্দিৰৰ ৰাস নলবাৰী ৰাস মহোৎসৱ কেৱল নলবাৰীবাসীৰ নহয় অসমবাসীৰ মাজত বহুল সমাদৃত উৎসৱ।
এইবাৰ ৯১ সংখ্যক নলবাৰী ৰাস অনুষ্ঠিত হ'ব ১৫ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ।হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্লবৰুৱাৰ বলিষ্ঠ নেতৃত্বত দিন -প্ৰতিদিন পূৰ্বতকৈও আকৰ্ষণীয় ৰূপ লৈছে নলবেইৰাৰ প্ৰাণৰ উৎসৱ ৰাস মহোৎসৱ।
এইবেলি ৰাসৰ উদ্বোধনী দিনা অৰ্থাৎ ৰাস পূৰ্ণিমাৰ বিশেষ আকৰ্ষণ ৰামায়ণৰ ৰাম-সীতা খ্যাত অৰুণ গোভিল আৰু দিপীকা চিখলিয়া সহিতে ১৬জনীয়া ৰামায়ণৰ টিমৰ পদাৰ্পণ তথা মঞ্চত "ৰাম-কথা"মঞ্চস্থ হ'ব।সম্ভৱত: ৰূপালী পৰ্দাৰ ৰামায়ণৰ নায়ক-নায়িকাৰে ৰাম-কথা মঞ্চস্থ কৰাৰ এই প্ৰয়াস এয়াই হ'ব সৰ্বপ্ৰথম।
স্থানীয় শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস-মৃন্ময় ৰাস আৰু পুতলা নৃত্যৰ ৰাসৰ ত্ৰিশংকু সংহতিৰ সৈতে সমান্তৰালকৈ চলিব ১১টা আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলৰ থিয়েটাৰ মহাৰণ-বাণিজ্য মেলা, আত্মসহায়ক গোটৰ বিপনী,চাকাৰ্ছ , গ্ৰন্থমেলা, দিহানাম -নাগাৰা নাম সহিতে বিভিন্ন প্ৰতিযোগিতা।শেষৰ দিনা সাংস্কৃতিক সন্ধিয়া শুৱনি কৰিব অসমৰ শ্ৰেষ্ঠ শিল্পীসকলে।
সকলো খবৰ জানিবলৈ পেজটোৰ সৈতে সংযুক্ত হওক।সমূহ অসমবাসীক আদৰিছোঁ।
Highlights
Jayanta Mallabaruah