Protibedok Live

Protibedok Live This is a blog for web portal news featuring content about positive and constructive thinking towards society.

নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অত্যাধুনিক কাৰ্ট ব্লাঞ্চ ন'ড শ্ৰেণীকোঠাৰ শুভ উদ্বোধনঅতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদ...
15/06/2024

নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অত্যাধুনিক কাৰ্ট ব্লাঞ্চ ন'ড শ্ৰেণীকোঠাৰ শুভ উদ্বোধন

অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ১৫ জুন, ২০২৪

নলবাৰী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়(ভিকেভি)-এ আজি পুৱা ৯ বজাত এক গুৰুত্বপূৰ্ণ আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়খনিৰ এটি অত্যাধুনিক হাইব্ৰীড লাৰ্ণিং ন’ড ক্লাছৰূম উদ্বোধন কৰি বিশেষ গৌৰৱৰ অধিকাৰী হৈছে । এই অগ্ৰণী প্ৰকল্পটো চিবিএছই আৰু টেক এভাণ্ট-গাৰ্ড(টেগ)ৰ যৌথ প্ৰচেষ্টাৰে এক উন্নত হাইব্ৰীড শিক্ষণ ব্যৱস্থাক শিক্ষাৰ কাঠামোত একত্ৰিত কৰাৰ বাবে লোৱা সহযোগিতামূলক পদক্ষেপৰ অংশ বুলি অধ্যক্ষ ঋত্বিক চক্ৰৱৰ্তীয়ে উৎসাহ প্ৰকাশ কৰি কয় যে আজি আমি পৰম্পৰাগত শ্ৰেণীকোঠাৰ পৰা অত্যাধুনিক হাইব্ৰীড লাৰ্ণিং ব্যৱস্থালৈ সঞ্চৰণ কৰাৰ মুহূৰ্ত্তটো বিশেষভাৱে উল্লেখযোগ্য । কাৰ্ট ব্লাঞ্চৰ সৌজন্যত এই প্ৰকল্পই আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে যিকোনো ঠাইৰ পৰা, যিকোনো সময়ত আৰু যিকোনো ডিভাইচৰ পৰা শিক্ষা গ্ৰহণ কৰাটো সুচল কৰি তুলিছে ৷ শিক্ষানুষ্ঠানখনক যিকোনো প্ৰাকৃতিক ব্যাঘাতৰ পৰা নিৰাপদ কৰি তোলা আৰু কাইলৈৰ বাবে সাজু কৰি তোলাও এই ব্যৱস্থাৰ আন দুটি বিশেষ উদ্দেশ্য । টেক এভাণ্ট-গাৰ্ড আৰু চিবিএছইয়ে যৌথভাৱে প্ৰৱৰ্তন কৰা হাইব্ৰীড লাৰ্ণিং মডেলৰ লক্ষ্য হৈছে ব্যক্তিগতকৃত লিপ্ততা, দক্ষতা বিকাশ আৰু নিজৰ ইচ্ছানুযায়ী পাঠ্যক্ৰম প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ বাবে প্ৰস্তুত কৰা । এই পদ্ধতিয়ে কেৱল দূৰৱৰ্তী সহযোগিতা আৰু ব্যক্তিগতকৃত মনোযোগৰ সুবিধাই নহয়, ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমান আৰু ভৱিষ্যতৰ সংস্থানৰ সুযোগৰ বাবে প্ৰয়োজনীয় ডিজিটেল দক্ষতাৰে সাজু কৰি তোলে । অধ্যক্ষ চক্ৰৱৰ্তীয়ে আৰু কয় যে ডিজিটেল ৰূপান্তৰক আকোৱালি লোৱাৰ ক্ষেত্ৰত আমি ঔদ্যোগিক যুগৰ পৰা শিক্ষাৰ জ্ঞান যুগলৈ গতি কৰিছোঁ । হাইব্ৰীড লাৰ্ণিঙে এনইপি’ ২০২০ৰ পৰামৰ্শৰ সৈতে মিলি গৈছে, ভাৰতক প্ৰগতিশীল শিক্ষাৰ ক্ষেত্ৰত আগশাৰীত স্থান দিছে আৰু ছাত্ৰ-ছাত্ৰীসকলক সৃষ্টিশীলতা, সমালোচনাত্মক চিন্তাধাৰা আৰু ফলপ্ৰসূ যোগাযোগৰ দৰে একবিংশ শতিকাৰ জটিল দক্ষতাৰে সজ্জিত কৰিছে । হাইব্ৰীড পৰিকাঠামোৱে পৰম্পৰাগত শ্ৰেণীকোঠাৰ শক্তিক অনলাইন প্লেটফৰ্মৰ নমনীয়তাৰ সৈতে সংযুক্ত কৰি প্ৰাকৃতিক বিঘিনিৰ মাজতো নিৰৱচ্ছিন্ন শিক্ষাৰ নিশ্চয়তা প্ৰদান কৰে । ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উভয়ৰে মংগল আৰু নিৰন্তৰ তথা উচ্চমানৰ শিক্ষা নিশ্চিত হয় । এই সন্মানীয় প্ৰকল্পটোৰ বাবে ভিকেভি, নলবাৰীক বাছনি কৰাৰ বাবে অধ্যক্ষ চক্ৰৱৰ্তীয়ে চিবিএছই আৰু টেগকো কৃতজ্ঞতা জ্ঞাপন কৰে । নলবাৰীৰ এমএনচি ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কে.চি গৌড়ৰ লগতে প্ৰকল্প সমন্বয়ক খ্ৰেইমচান নাৰ্জাৰী আৰু ডিটিএইচএলৰ চাৰিজন সমন্বয়ক বিশ্বজিৎ কুমাৰ বৰুৱা, সুব্ৰজিত পোদ্দাৰ, ঋতুৰাজ চক্ৰৱৰ্তী আৰু সুনীল কুমাৰ কলিতাক বিশেষ ধন্যবাদ জ্ঞাপন কৰা হয় । অধ্যক্ষ চক্ৰৱৰ্তীয়ে শেষত কয় যে আমাৰ মূলমন্ত্ৰ প্ৰযুক্তিৰ সৈতে পৰম্পৰাৰ মিশ্ৰণ: যিকোনো ঠাইতে শিকক, সকলোতে সফলতা লাভ কৰক কথাষাৰে আমাৰ দৃষ্টিভংগীক সামৰি লৈছে । আমি শিক্ষাখণ্ডত পৰিৱৰ্তনৰ নেতৃত্ব দিবলৈ আগ্ৰহী । সংবাদ মাধ্যমৰ সোধা-পোছাৰ বাবে অনুগ্ৰহ কৰি তলত উল্লেখ কৰা অনুযায়ী যোগাযোগ কৰিব পাৰে—
জোনালী দাস, শিক্ষক, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, নলবাৰী ফোন নম্বৰ: ৭০০২২৩৯১০৮

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 15, 2024

সকলোৱে তোমাক পচন্দ কৰিব, সেয়া অসম্ভৱ; কিন্তু এইটো সম্ভৱ যে সকলোৱে সন্মান কৰিব ।— জ্যাক মা ৷
15/06/2024

সকলোৱে তোমাক পচন্দ কৰিব, সেয়া অসম্ভৱ; কিন্তু এইটো সম্ভৱ যে সকলোৱে সন্মান কৰিব ।— জ্যাক মা ৷

মানুহৰ সেৱা কৰিবলৈ অকল ৰাজনীতিয়েই যে কৰিব লাগিব, সেয়া নহয়; ৰাজনীতি নকৰিও মানুহৰ সেৱা কৰিব পাৰি ।— ৰাজনীতিৰ বাণী ৷
14/06/2024

মানুহৰ সেৱা কৰিবলৈ অকল ৰাজনীতিয়েই যে কৰিব লাগিব, সেয়া নহয়; ৰাজনীতি নকৰিও মানুহৰ সেৱা কৰিব পাৰি ।— ৰাজনীতিৰ বাণী ৷

আমাৰ দেশৰ উন্নতি তেতিয়াই হ'ব, যেতিয়া ৰাজনীতি দেশৰ কেৱল উন্নতিৰ কাৰণে হ'ব ।— ৰাজনীতিৰ বাণী ৷
13/06/2024

আমাৰ দেশৰ উন্নতি তেতিয়াই হ'ব, যেতিয়া ৰাজনীতি দেশৰ কেৱল উন্নতিৰ কাৰণে হ'ব ।— ৰাজনীতিৰ বাণী ৷

নলবাৰীৰ বালিতাৰা হাইস্কুলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিঅতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ১৩ জুন, ২০২৪নলবাৰীৰ বালিতাৰা ...
13/06/2024

নলবাৰীৰ বালিতাৰা হাইস্কুলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি

অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ১৩ জুন, ২০২৪

নলবাৰীৰ বালিতাৰা হাইস্কুলত মঙলবাৰে পুৱা ৯:৩০ বজাত কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ প্ৰতিনিধিৰ লগতে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা, সহকাৰী আয়ুক্ত ডঃ প্ৰিয়ংকা কাশ্যপ, নলবাৰী জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া, নলবাৰীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নলবাৰীৰ জিলা প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰ, বিদ্যালয়ৰ মধ্যাহ্ন ভোজন বিভাগৰ জিলা আঁচনি প্ৰবন্ধক প্ৰবীণ কুমাৰ চাহুৰ উপৰি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত হয় । জিলাখনৰ বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনত শিক্ষাখণ্ডটোৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে সমল ব্যক্তি সুভাষ বৰ্মন আৰু চিআৰচিচি শচীন ৰাজবংশী । প্ৰতিনিধি দলটোৱে বিদ্যালয়খনৰ পাচলি বাগিছা, কাঠফুলাৰ উৎপাদন দেখি সন্তুষ্টি প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে । বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভা এখনত অন্যান্য প্ৰতিনিধিৰ লগতে বিদ্যালয়খনৰ মাতৃগোটৰ সদস্যাসকলৰ স'তেও উচ্চপদস্থ বিষয়াবৰ্গই মত বিনিময় কৰে । মাতৃসকলে বিদ্যালয়খনত মধ্যাহ্ন ভোজন উন্নত ধৰণে দি থকা বুলি মতপোষণ কৰিছে । উল্লেখ্য যে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ স'তে খণ্ড সমল ব্যক্তি সুভাষ বৰ্মনে আগন্তুক শিক্ষাবৰ্ষৰ বাবে শিক্ষাৰ্থীৰ কৰণীয় সন্দৰ্ভত আলোচনা কৰে । প্ৰতিনিধিবৰ্গ উপস্থিত হোৱাত বিদ্যালয়খনত উথ্‌পথ্‌প পৰিৱেশ এটাৰ সৃষ্টি হয় । প্ৰতিনিধি দলটোৱে স্থানীয় কৃষকসকলৰ একাংশৰ স'তে কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়ে আলোচনা কৰাৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকলে সম্যক ভাব-বিনিময় কৰে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 13, 2024

নীৰৱে-নিটালে(১৫৩)— কমলকুমাৰ জৈনহে মোৰপৰম শ্ৰদ্ধাৰ পাঠকবৃন্দ,হিয়া ভৰাই জানিব প্ৰণাম !প্ৰকৃত মানুহ নমৰেজী থাকেস্মৃতিত ।সে...
12/06/2024

নীৰৱে-নিটালে(১৫৩)— কমলকুমাৰ জৈন

হে মোৰ
পৰম শ্ৰদ্ধাৰ পাঠকবৃন্দ,
হিয়া ভৰাই জানিব প্ৰণাম !

প্ৰকৃত মানুহ নমৰে
জী থাকে
স্মৃতিত ।
সেয়ে স্মৃতি স্মৰণীয় হ'বলৈ হ'লে আমি যিমানদূৰ পাৰোঁ সৃষ্টিশীলতাৰ প্ৰতি সমৰ্পিত হ'ব পাৰিব লাগিব ।

এইখিনিতে মনলৈ
আহিছে
কোনেনো বাৰু কৈছিল—
"হয়, এনে কিবা লিখা যাতে পঢ়িব পাৰি
নতুবা এনে কিবা কৰা যাতে লিখিব পাৰি ৷"

এয়া জানো কম কথা !

আহকচোন
ভাবি চাওঁ নীৰৱে-নিটালে
লয়লাসে হালে-জালে

লেখকৰ ঠিকনা:

কমলকুমাৰ জৈন

কবি

নলবাৰী

ফোন নং: +৯১৯৯৫৪৬২১২১৯

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 12, 2024

নলবাৰীৰ এইখন গাঁৱত প্ৰৱেশ কৰিলেই বতাহত ভাহি অহা কেতেকীৰ সুবাসে আপোনাৰ মন প্ৰাণ ভৰাই তুলিববিশেষ প্ৰতিবেদকৰ প্ৰতিবেদন, প্ৰ...
11/06/2024

নলবাৰীৰ এইখন গাঁৱত প্ৰৱেশ কৰিলেই বতাহত ভাহি অহা কেতেকীৰ সুবাসে আপোনাৰ মন প্ৰাণ ভৰাই তুলিব

বিশেষ প্ৰতিবেদকৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ১১ জুন, ২০২৪

নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ এখন গাঁও ৷ যিখন গাঁৱক কেতেকী ফুলৰ গাঁও বুলি ক’ব পাৰি ৷ সুদীৰ্ঘ বহু বছৰ ধৰি গাঁওবাসীয়ে সযতনে ৰাখিছে দুষ্প্ৰাপ্য কেতেকী ফুল ৷ নলবাৰীৰ এইখন গাঁৱত প্ৰৱেশ কৰিলেই বতাহত ভাহি অহা কেতেকীৰ সুবাসে আপোনাৰ মন প্ৰাণ ভৰাই তুলিব । মৰাপাগলদিয়াৰ পাৰত অৱস্থিত এইখন গাঁও কৈঠালকুছিৰ নাকেৰবাৰী ৷ মৰাপাগলদিয়াৰ পাৰত অৱস্থিত কৈঠালকুছিৰ এই নাকেৰবাৰী গাওঁখন বহু বছৰ ধৰি কেতেকীৰ সুবাসেৰে সমৃদ্ধ হৈ আছে । চ’ত মাহৰ পৰা জেঠ মাহৰ মাজ ভাগলৈকে গাঁওখনৰ গোপাল মন্দিৰ চৌহদত দেখা পোৱা যায় কেতেকী ফুল । এটা সময়ত সমগ্র অঞ্চলটো কেতেকী গছেৰে ভৰি আছিল । কেতেকী ফুলৰ গোন্ধত আমোলমোলাই আছিল গাঁওখন । গাঁওখনৰ গোপাল মন্দিৰটোক কেন্দ্ৰ কৰি বৃহৎ অঞ্চল কেতেকী গছেৰে ভৰি আছিল । আজিকালি গাঁওখনত কেতেকী গছ কমি আহিছে যদিও নৈপৰীয়া কৈঠালকুছিৰ নিকটৱৰ্তী নাকেৰবাৰী গাঁওখনত কেতেকী ফুলৰ প্ৰতি আছে যথেষ্ট আদৰ । ব’হাগ মাহত গাঁওখনত কিবা অনুষ্ঠান অনুষ্ঠিত হ’লে অতিথিক কেতেকী ফুলেৰে আদৰাৰ এক নিয়ম আছে । একেদৰে গোপাল মন্দিৰত দৈনিক চাকি-বন্তি দিয়াৰ সময়ত এপাহ কেতেকী ফুল আগবঢ়োৱা হয় । বহুলোকে কেতেকী ফুল চাবলৈ নাকেৰবাৰী গাঁৱলৈ আহে ৷ গোপাল মন্দিৰ প্ৰাঙ্গণত থকা কেতেকী ফুলৰ গছসমূহ পৰিদৰ্শন কৰেহি । বিগত শ বছৰি ধৰি নাকেৰবাৰী গাঁৱৰ তৰুণ যুৱক সংঘই কেতেকী গছবোৰ সংৰক্ষণ কৰি আহিছে । বৰ্তমান সময়ত কেতেকী গছ আৰু অধিক সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে বুলি মত ব্যক্ত কৰে গাঁওবাসীয়ে । এনে এখন প্ৰকৃতিপ্ৰেমী, ফুলক ভালপোৱা গাঁওবাসীৰ বহুল হৃদয়ৰ কথা সহজেই অনুমান কৰিব পৰা যায় ৷ এই সন্দৰ্ভত স্থানীয় ব্যক্তি, বিশিষ্ট সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী তথা পৰিৱেশকৰ্মী উদ্ধৱ চন্দ্ৰ ঠাকুৰীয়াই কয় যে দীৰ্ঘ সময়ৰ পৰা নাকেৰবাৰী গোপাল মন্দিৰ প্ৰাঙ্গণ কেতেকী ফুলেৰে ভৰি আছে । কেতেেকী ফুলৰ সংৰক্ষণৰ ক্ষেত্ৰত কিছু ব্যৱস্থা ল’বলৈ ইতিমধ্যে নলবাৰী জিলা আয়ুক্তক অৱগত কৰিছে গাঁওবাসীয়ে । কেতেেকী ফুল ফুলিলে ইয়াৰ গোন্ধ সমগ্ৰ অঞ্চলটোতে বিয়পি পৰে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই গাঁৱলৈ কেতেকী ফুল চাবলৈ আহে বিভিন্নজন । কেতেকী ফুলৰ সংৰক্ষণৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ আহ্বান জনায় উদ্ধৱ চন্দ্ৰ ঠাকুৰীয়াই ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 11, 2024

(এই প্ৰতিবেদন News 18 Assam & NE চেনেলত প্ৰকাশিত প্ৰতিবেদনৰ পৰা সংগ্ৰহিত ৷)

নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৰেচন কাৰ্ড প্ৰদান কৰিলে শাৰীৰিক প্ৰতিবন্ধী ৰঞ্জিৎ দাসকঅতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক ল...
11/06/2024

নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৰেচন কাৰ্ড প্ৰদান কৰিলে শাৰীৰিক প্ৰতিবন্ধী ৰঞ্জিৎ দাসক

অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ১১ জুন, ২০২৪

নলবাৰী জিলাৰ বৰভাগৰ কৰিয়া গাঁ‌ও নিবাসী তথা প্ৰাক্তন ছাত্ৰনেতা, এসময়ৰ সংবাদকৰ্মী ৰঞ্জিৎ দাসৰ পৰিয়ালক সোমবাৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই তৎকালীনভাৱে ৰেচন কাৰ্ড প্ৰদান কৰে । প্ৰায় দুবছৰ পূৰ্বে নলবাৰীৰ অতি সৰবৰহী দাসে চহৰখনত এক দুৰ্ঘটনাত পতিত হৈছিল । দুৰ্ঘটনাত ছাত্ৰনেতাগৰাকী গুৰুতৰভাৱে আহত হৈছিল যাৰ ফলশ্ৰুতিত তেওঁৰ কেইবাটাও অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল ৷ সেইসুত্ৰে কেইবামাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । চিকিৎসালয়ত কেইবালক্ষ টকা ব্যয় হোৱাত অতি সাধাৰণ পৰিয়ালটিয়ে আৰ্থিক সমস্যাৰ সন্মুখীন হয় আৰু ছাত্ৰনেতাগৰাকীয়ে শাৰীৰিক প্ৰতিবন্ধী হিচাপে বিচনাত পৰি থাকে । ইপিনে তীব্ৰ আৰ্থিক সংকটত ভূগি থকা পৰিয়ালটিৰ কোনো ৰেচন কাৰ্ডৰ উপৰিও আন আন চৰকাৰী আঁ‌চনি নাছিল । উপায়হীন হৈ একমাত্ৰ কন্যাগৰাকীয়ে এখন ৰেচন কাৰ্ড বিচাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন আবেদন প্ৰেৰণ কৰে । এই আবেদনৰ ভিত্তিত যোৱা ১৪ মে’ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নলবাৰী জিলা বিভাগীয় কৰ্তৃপক্ষলৈ এক নিৰ্দেশ প্ৰেৰণ কৰে । এই নিৰ্দেশ অহাৰ পিছতেই সদৌ নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি ব্ৰজেন তালুকদাৰে পৰিয়াল আৰু জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰে । অৱশেষত আজি জিলা আয়ুক্তই শাৰীৰিক প্ৰতিবন্ধী যুৱক ৰঞ্জিৎ দাসক নিজ কাৰ্যালয়লৈ মাতি আনি ৰেচন কাৰ্ডখন নিজ হাতেৰে প্ৰদান কৰে । মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তৰ এনে তাৎকালীন পদক্ষেপক সদৌ নলবাৰী জিলা সাংবাদিক সন্থাই ধন্যবাদ জ্ঞাপন কৰিছে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 11, 2024

সিদ্ধান্ত উচিত হ’লেও আনপক্ষৰ যুক্তি নুশুনাকৈ লোৱা সিদ্ধান্ত কেতিয়াও ন্যায়সংগত হ’ব নোৱাৰে ৷— চেনেকা ৷
11/06/2024

সিদ্ধান্ত উচিত হ’লেও আনপক্ষৰ যুক্তি নুশুনাকৈ লোৱা সিদ্ধান্ত কেতিয়াও ন্যায়সংগত হ’ব নোৱাৰে ৷— চেনেকা ৷

সানমিহলি: পৈণত অভিজ্ঞতাৰ ফচল— ৰূপক বৈশ্য মুন(১) প্ৰকৃত শিক্ষাৰ প্ৰতি, শিক্ষিতজনৰ প্ৰতি, জ্ঞানী তথা গুণীজনৰ প্ৰতি সন্মান ...
10/06/2024

সানমিহলি: পৈণত অভিজ্ঞতাৰ ফচল— ৰূপক বৈশ্য মুন

(১) প্ৰকৃত শিক্ষাৰ প্ৰতি, শিক্ষিতজনৰ প্ৰতি, জ্ঞানী তথা গুণীজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব নজনাজন বা নিবিচৰাজনৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে ৷

(২) যিমানেই আৰ্থিক অনাটন নাথাকক কিয় যেনিয়ে তেনিয়ে যিকোনো কৰ্মত নিজকে নিয়োজিত কৰাবলৈ যাব নালাগে ৷

(৩) সময়তকৈ শ্ৰেষ্ঠ নিৰূপক একো নাই, এই কথাক দৃঢ়তাৰে মন আৰু মগজুত স্থান দিব লাগে ৷

(৪) স্বভাৱ আৰু চৰিত্ৰ যিহেতু নিজৰ নিয়ন্ত্ৰণাধীন, সেয়ে নিজৰ ওপৰত অগাধ বিশ্বাস ৰাখি সৎ পথেৰে গতি কৰিবলৈ এৰিব নালাগে ৷

(৫) মনত ৰখা উচিত যে ধন-সম্পত্তি, ঐশ্বৰ্য-বিভূতিয়ে কেতিয়াও দীৰ্ঘম্যাদী সুখ আনিব নোৱাৰে, বিপৰীতে চেনেহ, সন্মানপ্ৰাপ্তি আদিয়ে আনি দিব পাৰে প্ৰতিপল অনাবিল আনন্দ ৷

লেখকৰ ঠিকনা:

ৰূপক বৈশ্য মুন

সাহিত্যসেৱী

নিজ পকোৱা, নলবাৰী

ফোন নং: ৯১০১০০৮৫৮৭

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 10, 2024

09/06/2024

নিজৰ জীৱনৰ সুৱাসেৰে সমাজ সুৱাসিত কৰিব পৰাটোহে জীৱনৰ চৰম কৃতিত্ব: জিতেন শৰ্মা— নলবাৰীৰ মিলন হাইস্কুলত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰম নিদৰ্শন

09/06/2024

নলবাৰীৰ বিহামপুৰত বিজেপিৰ পশ্চিম নলবাৰী মহিলা মণ্ডলৰ বিজয় উল্লাস

নিজৰ জীৱনৰ সুৱাসেৰে সমাজ সুৱাসিত কৰিব পৰাটোহে জীৱনৰ চৰম কৃতিত্ব: জিতেন শৰ্মা— নলবাৰীৰ মিলন হাইস্কুলত প্ৰাক্তন ছাত্ৰ-ছাত্...
09/06/2024

নিজৰ জীৱনৰ সুৱাসেৰে সমাজ সুৱাসিত কৰিব পৰাটোহে জীৱনৰ চৰম কৃতিত্ব: জিতেন শৰ্মা— নলবাৰীৰ মিলন হাইস্কুলত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰম নিদৰ্শন

ৰূপক বৈশ্য, সম্পাদক প্ৰধান, প্ৰতিবেদক লাইভ, ৯ জুন, ২০২৪


নিজৰ জীৱনৰ সুৱাসেৰে সমাজ আৰু আপোনজনৰ জীৱন সুৱাসিত কৰিব পৰাটোহে জীৱনৰ চৰম কৃতিত্ব বুলি মন্তব্য কৰে শিক্ষক, নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাই ৷ বিদ্যাঞ্জলী আঁচনিৰ অধীনত নলবাৰী জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত মিলন হাইস্কুল, পানীগাঁৱৰ ১৯৯০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত বৰ্তমানে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিলে পাঁচোটাকৈ বহী আৰু একোটিকৈ কলম ৷ আজি দিনৰ ১১ বজাত হাইস্কুলখনৰ শিক্ষক তথা নলবাৰী প্ৰেছ ক্লাবৰ সভাপতি জিতেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন গাম্ভীৰ্যপূৰ্ণ সভাত ১৯৯০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা মিলন হাইস্কুল, পানীগাঁৱৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে আয়োজন কৰা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ সম্বৰ্ধনা আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহী, কলম বিতৰণ কৰা এক অনুষ্ঠানত সভাপতিৰ আসনৰ পৰা দিয়া ভাষণত তেওঁ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে এয়া এক শুভ পৰম্পৰাৰ আৰম্ভ কৰা বুলি মন্তব্য কৰে । উল্লেখ্য যে সাম্প্ৰতিক কালত বহুক্ষেত্ৰত শিক্ষক-শিক্ষাৰ্থীৰ মাজত শ্ৰদ্ধা-মৰমৰ সম্পৰ্কৰ অৱনতি ঘটা আৰু সমাজত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰা নেতিবাচক কথা-বতৰাক এনেধৰণৰ গঠনমূলক প্ৰচেষ্টাই বাধা দিবলৈ সক্ষম হ’ব বুলিও তেওঁ লগতে মন্তব্য কৰে । মিলন হাইস্কুল, পানীগাঁৱৰ শৈক্ষিক তত্বাৱধায়ক ব্ৰজেন কুমাৰ বৈশ্যই সামগ্ৰিকভাৱে পৰিচালনা কৰা আৰু ১৯৯০ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ঘনশ্যাম বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীশ কুমাৰ সাউদ, সুভাষ চন্দ্ৰ দেৱনাথ, আফাজ উদ্দিন আহমেদ, প্ৰদীপ কুমাৰ দত্ত, শিক্ষয়িত্ৰী পদুমী মজুমদাৰ আৰু অনিমা দত্তক ফুলাম গামোচা, জাপি প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয় । শাৰীৰিক অসুস্থতাৰ বাবে বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক থানেশ্বৰ সাউদক তেওঁৰ বাসভৱনলৈ গৈ সম্বৰ্ধনা জনায় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে । একেটা অনুষ্ঠানতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক বহী, কলম প্ৰদান কৰি অনুপ্ৰাণিত কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে । আজিৰ অনুষ্ঠানত অৱসৰী শিক্ষক গিৰীশ কুমাৰ সাউদ, সুভাষ চন্দ্ৰ দেৱনাথ, শিক্ষয়িত্ৰী পদুমী মজুমদাৰ, প্ৰাক্তন ছাত্ৰ তথা চহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ খনীন্দ্ৰ মোহন সাউদ, উৎপল শৰ্মা, ডঃ তপন শৰ্মা, লতিফ আহমেদ, পংকজ হালৈ, গৌতম পাটোৱাৰী, ভয়নুৰ আলী, নুৰুল ইছলাম, পুলেশ বৰ্মন, সোণ বৰ্মন, বিপুল বৈশ্য, প্ৰাক্তন ছাত্ৰী গিতালী তালুকদাৰ, মিলিমণি দেৱী, অনিমা বেগম, আচিয়া বেগম, বিজুমণি দেৱী প্ৰমুখ্যে বিভিন্নজনে বিগত সময়ৰ স্মৃতিচাৰণ কৰি নষ্টালজিক হৈ পৰে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভূপেন শৰ্মাই শলাগৰ শৰাই যঁচা অনুষ্ঠানটিত বৰ্তমান কৰ্মৰত শিক্ষক উত্তম চন্দ্ৰ বৰ্মন, তাইজুদ্দিন আহমেদ , চৰিফ উদ্দিন আহমেদ, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য মজীব আলি, শিক্ষক, প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা সাংবাদিক পৰিষদ(অসম)ৰ নলবাৰী জিলা সমিতিৰ সভাপতি ৰূপক বৈশ্য প্ৰমুখ্যে লোকসকল উপস্থিত থাকে । অনুষ্ঠানটোত মিলন হাইস্কুল, পানীগাঁৱৰ কেইগৰাকীমান ছাত্ৰীয়ে গীত পৰিৱেশন কৰাৰ উপৰি ১৯৯০ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ৰিজাউন কবিৰ আহমেদে এটি হৃদয়পৰশা কবিতা আবৃত্তি কৰি উপস্থিতসকলক আপ্লুত কৰে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 9, 2024

নলবাৰীৰ বিহামপুৰত বিজেপিৰ পশ্চিম নলবাৰী মহিলা মণ্ডলৰ বিজয় উল্লাসঅতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৯ জুন, ২০২৪আজি বিয়...
09/06/2024

নলবাৰীৰ বিহামপুৰত বিজেপিৰ পশ্চিম নলবাৰী মহিলা মণ্ডলৰ বিজয় উল্লাস

অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৯ জুন, ২০২৪

আজি বিয়লি ৫ বজাত নলবাৰী জিলাৰ ৪০নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম নলবাৰীৰ বিহামপুৰত বিজেপিৰ পশ্চিম নলবাৰী মহিলা মণ্ডল সমিতিৰ উদ্যোগত আৰু পশ্চিম নলবাৰী মণ্ডলৰ সহযোগত ৰূপায়ন কৰা হয় বিজয় উল্লাস ৷ বিহামপুৰস্থিত দুৰ্গা মন্দিৰ প্ৰাংগনত উক্ত মণ্ডল সমিতিৰ মহিলাসকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুনৰবাৰ বিজয়ী হোৱাৰ লগতে সমষ্টিটোৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ সমান্তৰালকৈ সকলো দলীয় তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়ী হোৱাৰ আনন্দতেই এই বিজয় উল্লাস কাৰ্যসূচী ৰূপায়ন কৰে ৷ উক্ত কাৰ্যসূচী ৰূপায়নৰ সময়ত মহিলাসকলে ইজনে সিজনক আবিৰ সানি, মিঠাই খুৱাই নৰেন্দ্ৰ মোডী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ, ফণীভূষণ চৌধুৰী জিন্দাবাদ আদি শ্লোগান দি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ৷ উক্ত কাৰ্যসূচীৰ সময়ত বিজেপিৰ পশ্চিম নলবাৰী মহিলা মণ্ডলৰ সভানেত্ৰী প্ৰণতি পাটোৱাৰী, উপ সভানেত্ৰী তথা প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী বিমলা সাউদ, সম্পাদিকা অঞ্জলি বৰ্মন, সবিতা পাটোৱাৰী, অৰ্চনা বৰ্মন, পাপৰি পাটোৱাৰী, মিনু বৰ্মন, প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী গীতিমা দেৱী, পশ্চিম নলবাৰী মণ্ডলৰ সভাপতি শচীন শৰ্মা, সাধাৰণ সম্পাদক দ্বিপন বৰ্মন, কোষাধ্যক্ষ সৰ্বেশ্বৰ বৰ্মন, কাৰ্যকৰ্তা কংকনা দেৱী আদি উপস্থিত থাকে ৷

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 9, 2024

ভোগ লগা মানুহক অন্ন দিয়া, পিয়াহ লগা মানুহক পানী দিয়া, বস্ত্ৰ নথকা মানুহক বস্ত্ৰ দিয়া, তেতিয়াহে ভগৱান সন্তুষ্ট হ’ব ।—...
09/06/2024

ভোগ লগা মানুহক অন্ন দিয়া, পিয়াহ লগা মানুহক পানী দিয়া, বস্ত্ৰ নথকা মানুহক বস্ত্ৰ দিয়া, তেতিয়াহে ভগৱান সন্তুষ্ট হ’ব ।— ছাই বাবা ৷

সদৌ নলবাৰী জিলা সাংবাদিক সন্থাৰ সোঁ‌ৱৰণ— সাংবাদিক প্ৰয়াত ৰোহিণী মেধিলৈ মৰণোত্তৰভাৱে সংবাদ মহীয়ান বঁ‌টাঅতুল ভূঞাৰ প্ৰতিবে...
08/06/2024

সদৌ নলবাৰী জিলা সাংবাদিক সন্থাৰ সোঁ‌ৱৰণ— সাংবাদিক প্ৰয়াত ৰোহিণী মেধিলৈ মৰণোত্তৰভাৱে সংবাদ মহীয়ান বঁ‌টা

অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৮ জুন, ২০২৪

নলবাৰীৰ বিশিষ্ট সাংবাদিক, সাহিত্যিক, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত ৰোহিণী মেধিলৈ আজি সদৌ নলবাৰী জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা মৰণোত্তৰভাৱে সংবাদ মহীয়ান বঁ‌টা আগবঢ়োৱা হয় । নলবাৰী পি এন চি ৰ'ডস্থিত নলবাৰী নাট্যমন্দিৰৰ বাকৰিত সন্থাৰ সভাপতি ব্ৰজেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত প্ৰয়াত স্বনামধন্য সাংবাদিকগৰাকীৰ পত্নী গিৰিজা মেধিয়ে সংবাদ মহীয়ান শীৰ্ষক বঁ‌টা গ্ৰহণ কৰে । বঁ‌টাত আছে গামোচা, চেলেং, স্মাৰক, মানপত্ৰ আৰু স্মাৰক বঁ‌টা । উল্লেখ্য যে সন্থাৰ যুটীয়া সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই আঁ‌ত ধৰা সভাখনিত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁ‌ৱৰ অধ্যাপিকা ডঃ লীনা ডেকা, কামৰূপ কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামী, এজেৱাইচিপিৰ সহকাৰী সম্পাদক মৃদুল তালুকদাৰে অতিথি হিচাপে উপস্থিত থাকি প্ৰয়াত নিৰ্ভীক-নিৰপেক্ষ সাংবাদিকগৰাকীৰ জীৱন আৰু কৃতিৰ ওপৰত আলোকপাত কৰে । সভাৰ পূৰ্বে প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে তেখেতৰ সহধৰ্মিণী গিৰিজা মেধিয়ে । ইফালে সন্থাৰ সাধাৰণ সম্পাদক চন্দন শৰ্মাই পৰিচালনা কৰা পুষ্পাঞ্জলি অৰ্পণ অনুষ্ঠানত পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট শিক্ষাবিদ ডঃ দীনমণি ভাগৱতী, ডঃ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, ডঃ সুশান্ত কাশ্যপ, চিকিৎসক ডাঃ কামেশ্বৰ লহকৰ, ডাঃ অৰুণ বৰ্মন, আছু’ৰ সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদ, নলবাৰী জিলা আছু’ৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, উপদেষ্টা অক্ষয় ডেকা, নলবাৰী জিলা এজেৱাইচিপিৰ সভাপতি নিৰোদ দাস, সম্পাদক যোগেশ কলিতা, জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা, কমলেশ শৰ্মা, ৱাহিদুজ জামানকে ধৰি জিলাখনৰ অধিকাংশ গণ্যমান্য ব্যক্তিসকলে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 8, 2024

টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ বিভিন্ন প্ৰতিযোগিতা সমাপন বিশেষ প্ৰতিবেদকৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৮ জুন, ২০২৪অসম প্ৰ...
08/06/2024

টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ বিভিন্ন প্ৰতিযোগিতা সমাপন


বিশেষ প্ৰতিবেদকৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৮ জুন, ২০২৪

অসম প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ নলবাৰী জিলাৰ টিহু খণ্ডৰ দ্বাৰা আজি টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনত টিহু খণ্ড উন্নয়নৰ অধীনৰ বিদ্যালয়বোৰৰ ষষ্ঠ শ্রেণীৰপৰা দ্বাদশ শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান ভিত্তিক আৰ্হি, আকস্মিক বক্তৃতা, চিত্ৰাংকণ আৰু ধাৰণা প্রতিযোগিতাৰ আয়োজন কৰা হয় । এই উপলক্ষে আহা আমি পৃথিৱীখন বচাও শীর্ষক বিষয়ৰ চিত্রাংকন প্রতিযোগিতাত টিহুৰ এঞ্জেল একাডেমিৰ তাপসী কাশ্যপ প্ৰথম, টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ উপাসনা ঠাকুৰীয়া দ্বিতীয় আৰু টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী নিকিতা হালৈয়ে তৃতীয় স্থান লাভ কৰে । আকস্মিক বক্তৃতা প্রতিযোগিতাত নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতার্থ ডেকা প্রথম, নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জৱলিকা ডি কাশ্যপ দ্বিতীয় আৰু হাৰিভাঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শান্তনু কলিতাই তৃতীয় স্থান অধিকাৰ কৰে । বিজ্ঞান ভিত্তিক আৰ্হি প্ৰতিযোগিতাত নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুৰাগ ডেকা আৰু সাগৰ সংগম দাসৰ দলে প্ৰথম, টিহুৰ আৰ্যভট্ট একাডেমিৰ ধৃতিৰাজ চৌধুৰী আৰু বিটুষ্মিতা ডেকাৰ দলে দ্বিতীয় তথা টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ হেমৰাজ মেধি আৰু উপকূল কাশ্যপৰ দলে তৃতীয় স্থান লাভ কৰে । প্ৰতিযোগিতা সমাপন হোৱাৰ পাছতে আৰ্যভট্ট বিজ্ঞান কেন্দ্রৰ টিহু খণ্ডৰ সভাপতি দীপালী ডেকাৰ পৌৰোহিত্যত হোৱা তথা আর্যভট্ট বিজ্ঞান কেন্দ্রৰ টিহু খণ্ডৰ খণ্ড সমন্বয়ক অণিমা কলিতা ডেকা আৰু শিক্ষক হিতেশ মেধিয়ে আঁত ধৰা বঁটা বিতৰণ অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, নলবাৰী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক প্ৰদীপ মহন্ত, টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ উপদেষ্টা প্ৰমোদ ডেকাই প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰে । এই প্রতিযোগিতাৰ প্রতিটো বিষয়ৰ প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান প্রাপকে নলবাৰী জিলা পর্যায়ত হ’বলগীয়া প্রতিযোগিতাত অংশ ল’ব পাৰিব । টিহু মহাবিদ্যালয়ৰ অধ্যাপক দীপাঞ্জল দে’, নীলমজ্যোতি দত্ত, বিভিন্ন বিদ্যালয়ৰ শিক্ষক ক্ৰমে সংগীতা কলিতা, গিৰীশ তালুকদাৰ, বৰষা দাস, ৰূপম শৰ্মা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক দীপক শৰ্মাৰ বিশেষ সহযোগত হোৱা এই প্ৰতিযোগিতাবোৰৰ পূৰ্বে পুৱা আর্যভট্ট বিজ্ঞান কেন্দ্রৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে আর্যভট্ট বিজ্ঞান কেন্দ্রৰ টিহু খণ্ডৰ খণ্ড সমন্বয়ক অণিমা কলিতা ডেকাই । আর্যভট্ট বিজ্ঞান কেন্দ্রৰ টিহু খণ্ডৰ খণ্ডৰ সভাপতি দীপালী ডেকা আৰু মণ্ডল সমন্বয়ক সঞ্জীৱ দাসে গছপুলি ৰোপণ কৰে । মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতিভা দেৱীয়ে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে । উল্লেখযোগ্য যে এই অনুষ্ঠানৰ মাজতে চিকিৎসা বিভাগৰ বহুমুখী কৰ্মচাৰী কুলেন কলিতাই ধঁপাত নিয়ন্ত্ৰণ বিষয়ত উদ্দীপনাময় ভাষণ প্ৰদান কৰে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 8, 2024

08/06/2024

বিশদ অধ্যয়ন অবিহনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে স্থান লাভ কৰাটো কঠিন: ৰূপক বৈশ্য— নলবাৰীৰ অসমী হাইস্কুলত বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা

বিশদ অধ্যয়ন অবিহনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে স্থান লাভ কৰাটো কঠিন: ৰূপক বৈশ্য— নলবাৰীৰ অসমী হাইস্কুলত বিজ্ঞানভিত্তিক ব...
08/06/2024

বিশদ অধ্যয়ন অবিহনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে স্থান লাভ কৰাটো কঠিন: ৰূপক বৈশ্য— নলবাৰীৰ অসমী হাইস্কুলত বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা

ৰূপক বৈশ্য, সম্পাদক প্ৰধান, প্ৰতিবেদক লাইভ, ৮ জুন, ২০২৪

নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ বালিজাৰস্থিত অসমী হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মধুপুৰ খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত আজি দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত হৈ যায় বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা ৷ বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ হেতু মধুপুৰ খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈ যোৱা উক্ত প্ৰতিযোগিতাসমূহ হৈছে বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত, আকস্মিক বক্তৃতা, পোষ্টাৰ অংকন আৰু ধাৰণা প্ৰতিযোগিতা ৷ আদিতেই প্ৰতিযোগিতাখনৰ পতাকা উত্তোলন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মধুপুৰ খণ্ডৰ সভাপতি বিকাশ বেজবৰুৱাই ৷ এটি গছপুলি ৰোপন কৰে অসমী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিৎ কুমাৰ বৰ্মনে আৰু মহান গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰ্যভট্টৰ প্ৰতিচ্ছবিত বন্তি জ্বলায় শিক্ষক হোমেশ্বৰ তালুকদাৰে । আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মধুপুৰ খণ্ডৰ সমন্বয়ক তথা অসমী হাইস্কুলৰ শিক্ষক প্ৰণৱ বৰ্মনে আঁত ধৰা আনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে শিক্ষাবিদ তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নলবাৰী জিলাৰ সভাপতি ডঃ দীনমণি ভাগৱতীয়ে ৷ নিয়মাৱলীৰ ওপৰত বক্তব্য আগবঢ়ায় জিলা সমন্বয়ক প্ৰদীপ মহন্তই । আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে শিক্ষক, প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা সাংবাদিক পৰিষদ(অসম)ৰ নলবাৰী জিলা সমিতিৰ সভাপতি ৰূপক বৈশ্যই ছাত্ৰ-ছাত্ৰীৰ উদ্দ্যেশি দিয়া পৰামৰ্শমূলক বক্তব্যত বিশদ অধ্যয়ন অবিহনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে স্থান লাভ কৰাটো কঠিন বুলি মন্তব্য কৰে ৷ ইয়াৰ উপৰিও বিচাৰক উৎপল সেন ডেকা, কাবেৰী বৰঠাকুৰ, কুমুদ ডেকা, সঞ্জয় দাস আদিয়েও বক্তব্য প্ৰদান কৰি অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণ কৰি তোলে ৷ প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক প্ৰমাণ পত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় আৰু এই প্ৰতিযোগীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে । এই প্ৰতিযোগিতাত মধুপুৰ খণ্ডৰ প্ৰায় ১৫ খন বিদ্যালয়ৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । শলাগৰ শৰাই যাঁচে প্ৰণৱ বৰ্মনে ৷ অসম সংগীতেৰে দিনজোৰা অনুষ্ঠানৰ সমূহ কাৰ্যসূচীৰ সফল সামৰণি পৰে ৷ উল্লেখ্য যে আৰ্হি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অসমী হাইস্কুল, বালিজাৰৰ ছাত্ৰ হৃষীকেশ বৰ্মন আৰু বনজ্যৌতি দাসে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে মিলন হাইস্কুল, বানেকুছিৰ নিশান্ত ডেকা আৰু কৌশিক ভূঞাই, তৃতীয় পুৰস্কাৰ লাভ কৰে জনতা হাইস্কুল, বিহামপুৰৰ ছাত্ৰ ইনামূল হক আৰু ধৃতিৰাজ বৰ্মনে । আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে সমন্বয় জাতীয় বিদ্যালয়ৰ ছাত্ৰী ৰিচা কাশ্যপ, দ্বিতীয় স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, কৈঠালকুছিৰ অংশুমান হালৈ, তৃতীয় স্থান লাভ কৰে জনকল্যাণ হাইস্কুল, আখৰাৰ অপৰ্ণা দেৱীয়ে । পোষ্টাৰ অংকন প্ৰতিযোগিতাত প্ৰথম হয় কৈঠালকুছি হাইস্কুলৰ ছাত্ৰী মৰমী বেজবৰুৱা, দ্বিতীয় স্থান লাভ কৰে অসম কেশৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ অনিক শৰ্মাই, তৃতীয় স্থান লাভ কৰে অসমী হাইস্কুল, বালিজাৰৰ ছাত্ৰী জিস্মিতা বৰ্মনে । ধাৰণা লিখা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, কৈঠালকুছিৰ ছাত্ৰ সমৰজিৎ পৰাশৰে, দ্বিতীয় স্থান লাভ কৰে অসমী হাইস্কুল, বালিজাৰৰ ছাত্ৰ জিণ্টু দাসে আৰু তৃতীয় স্থান লাভ কৰে জনকল্যাণ হাইস্কুলৰ ছাত্ৰ প্ৰসেণজিৎ কলিতাই ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 8, 2024

পৰিশ্রম নকৰিলে স্বাস্থ্যৰক্ষা আৰু সুখলাভ নহয় ৷ যিজন ব্যক্তিয়ে পৰিশ্রম কৰে, তেওঁ কেতিয়াও কষ্ট নাপায় ৷— ঈশ্বৰচন্দ্র ৷
08/06/2024

পৰিশ্রম নকৰিলে স্বাস্থ্যৰক্ষা আৰু সুখলাভ নহয় ৷ যিজন ব্যক্তিয়ে পৰিশ্রম কৰে, তেওঁ কেতিয়াও কষ্ট নাপায় ৷— ঈশ্বৰচন্দ্র ৷

07/06/2024

▪️য'তে ত'তে পেলোৱা প্লাষ্টিকৰ আৱৰ্জনাৰ বাবে নলাৰ অৱস্থা ৷

▪️ গুৱাহাটী মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ ওচৰৰ পথৰ মাজৰ দৃশ্য এয়া ৷

নলবাৰীত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাক স্মৰণ বিশেষ প্ৰতিবেদকৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৭ জুন, ২০২৪পাৰ্বতী প্ৰসাদ বৰুৱা ...
07/06/2024

নলবাৰীত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাক স্মৰণ



বিশেষ প্ৰতিবেদকৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৭ জুন, ২০২৪

পাৰ্বতী প্ৰসাদ বৰুৱা আছিল অসমীয়া গীতি সাহিত্যক অনন্য মাত্ৰা প্ৰদান কৰা এগৰাকী অন্যতম বাটকটীয়া ৷ এই মন্তব্য কৰে জ্যেষ্ঠ সংগীত শিল্পী উমেশ দত্তই । আজি নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত লখিমী শাখা সাহিত্য সভাৰ সহযোগত স্থানীয় লিটিল ফ্লাৱাৰ স্কুলত উদযাপন কৰা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতিদিৱস অনুষ্ঠানত স্মৰণ বক্তৃতা প্ৰদান কৰি তেওঁ কয় যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাই অসমীয়া ভাষা সাহিত্যৰ জোনাকী যুগৰ পৰা আৰম্ভ কৰিছিল অসমীয়া কলা-সংস্কৃতিৰ সোণালী যাত্ৰা । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডঃ লীনা ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, জ্যেষ্ঠ সাংবাদিক জিতেন শৰ্মাই ভাষণ দি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ঘটনাবহুল বৰ্ণিল জীৱনে অসমীয়া সংস্কৃতিৰ বিশাল ক্ষেত্ৰখন উৰ্বৰা কৰা বুলি মন্তব্য কৰে । লখিমী শাখা সাহিত্য সভাৰ সম্পাদক শচীন শৰ্মাই সামগ্ৰিকভাৱে পৰিচালনা কৰা সভাখনৰ আৰম্ভণিতে স্মৃতি তৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি লক্ষী পাটোৱাৰীয়ে । অনুষ্ঠানত গীতিকবিৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি জ্বলায় লখিমী শাখা সাহিত্য সভাৰ উপ সভাপতি নগেন্দ্ৰ নাথ বৈশ্যই । এই অনুষ্ঠানৰ আঁত ধৰাৰ লগতে সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ৷ অনুষ্ঠানত শিল্পী মৃদুস্মিতা মেধি আৰু শিল্পী চুনুমা বৈশ্যই পাৰ্বতী প্ৰসাদ বৰুৱাৰ কালজয়ী গীত পৰিৱেশন কৰাৰ লগতে বিনু দেৱীয়ে বাঁহীৰ মূৰ্চনাৰে উপস্থিতসকলক আপ্লুত কৰে ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি অসম সংগীতেৰে সামৰণি পৰে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 7, 2024

07/06/2024

নলবাৰীৰ পানীগাঁৱত বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা

নলবাৰীৰ পানীগাঁৱত বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতাৰূপক বৈশ্য, সম্পাদক প্ৰধান, প্ৰতিবেদক লাইভ, ৭জুন, ২০২৪নলবাৰী জিলাৰ প...
07/06/2024

নলবাৰীৰ পানীগাঁৱত বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা

ৰূপক বৈশ্য, সম্পাদক প্ৰধান, প্ৰতিবেদক লাইভ, ৭জুন, ২০২৪

নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ পানীগাঁৱস্থিত মিলন হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পশ্চিম নলবাৰী খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত আজি দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত হৈ যায় বিজ্ঞানভিত্তিক বিভিন্ন প্ৰতিযোগিতা ৷ বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বৃদ্ধিৰ হেতু পশ্চিম নলবাৰী খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈ যোৱা উক্ত প্ৰতিযোগিতাসমূহ হৈছে বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত, আকস্মিক বক্তৃতা, পোষ্টাৰ অংকন আৰু ধাৰণা প্ৰতিযোগিতা ৷ মহান গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰ্যভট্টৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধীৰেশ্বৰ শৰ্মাই । তাৰপাচত মিলন হাইস্কুল, পানীগাঁৱৰ শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক জীতেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে এটি সমবেত গীত পৰিৱেশন কৰে ৷ প্ৰতিযোগিতাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডঃ দীনমনি ভাগৱতীয়ে ৷ আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে শিক্ষক, প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান তথা সাংবাদিক পৰিষদ(অসম)ৰ নলবাৰী জিলা সমিতিৰ সভাপতি ৰূপক বৈশ্য আৰু মিলন হাইস্কুল, পানীগাঁৱৰ শিক্ষয়িত্ৰী দীপিকা ভৰালী, পোষ্টাৰ অংকন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে বিদ্যাঞ্চল দ্য স্কুলৰ শিক্ষক খগেন দাস, ধাৰণা প্ৰতিযোগিতাৰ বিচাৰক হিচাপে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নয়ন গোস্বামী আৰু বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাৰ বিচাৰক হিচাপে বৰভাগ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ডঃ মহানন্দ পাঠক আৰু মিলন হাইস্কুল, পানীগাঁৱৰ শিক্ষক উত্তম বৰ্মন উপস্থিত থাকে । প্ৰতিযোগিতাৰ ফলাফলসমূহ হৈছে ক্ৰমে বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাৰ প্ৰথম চলমান ফাৰ্ছি, পকোৱা হাইস্কুল, দ্বিতীয় ৰমজান আলী, মিলন হাইস্কুল, পানীগাঁও, তৃতীয় বিলকিছ চুলতানা ৷ ধাৰণা লিখা প্ৰতিযোগিতাৰ প্ৰথম বনস্মিতা ডেকা, জাগৰা হাইস্কুল, দ্বিতীয় আফচানা জন্নত, জাগৰা হাইস্কুল, তৃতীয় দীক্ষিতা ডেকা, পশ্চিম নলবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুল ৷ পোষ্টৰ অংকন প্ৰতিযোগিতাৰ প্ৰথম তৃষ্ণামণি ভট্ট, পশ্চিম চামতা হাইস্কুল, দ্বিতীয় সৌৰভ হালৈ, জাগৰা হাইস্কুল, তৃতীয় উদ্দীপ্ত বৰ্মন, বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ প্ৰথম ৰিফা আজমী, বিষ্ণুজ্যোতি জাতীয় বিদ্যালয়, পানীগাঁও, দ্বিতীয় তৃষ্ণা বৰ্মন, আদৰ্শ বালিকা বিদ্যাপীঠ, পানীগাঁও, তৃতীয় জুপিতৰা বৰ্মন, পশ্চিম চামতা হাইস্কুল ৷ প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক প্ৰমাণ পত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় আৰু এই প্ৰতিযোগীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে । এই প্ৰতিযোগিতাত কুৰিখনতকৈয়ো অধিক বিদ্যালয়ৰ প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । লগতে এই অনুষ্ঠানত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ নলবাৰী জিলা সমিতিৰ সমন্বয়ক প্ৰদীপ মহন্ত, পশ্চিম নলবাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি নৃপেন বৈশ্য, পশ্চিম নলবাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বিনোদ সাউদ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰণেন্দ্ৰ শৰ্মা, মিলন হাইস্কুলৰ শৈক্ষিক তত্বাবধায়ক ব্ৰজেন বৈশ্য প্ৰমুখ্যে আন বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 7, 2024

আপোনাৰ জীৱনৰ প্রতিটো মুহূ্র্তই আপোনাৰ ভবিষ্যতক গঢ়িবলৈ কাম কৰে, সেইবাবে প্রতিটো মুহূ্র্তকেই কামত লগাবলৈ চেষ্টা কৰক ।— ষ্...
07/06/2024

আপোনাৰ জীৱনৰ প্রতিটো মুহূ্র্তই আপোনাৰ ভবিষ্যতক গঢ়িবলৈ কাম কৰে, সেইবাবে প্রতিটো মুহূ্র্তকেই কামত লগাবলৈ চেষ্টা কৰক ।— ষ্টিভ জবছ ৷

অসম সাহিত্য সভাৰ উদ্যোগত নলবাৰীৰ চামতাত পুতলানাচ কৰ্মশালাৰ আয়োজন— আদৰণি সমিতি গঠনঅতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৬...
06/06/2024

অসম সাহিত্য সভাৰ উদ্যোগত নলবাৰীৰ চামতাত পুতলানাচ কৰ্মশালাৰ আয়োজন— আদৰণি সমিতি গঠন

অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৬ জুন, ২০২৪

অসম সাহিত্য সভাৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতিৰ উদ্যোগত চামতা আঞ্চলিক শাখা সভা, কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ইংৰাজী বিভাগৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ২০ আৰু ২১আগষ্টত পুতলানাচ কৰ্মশালাৰ আয়োজন কৰা হৈছে । এই উপলক্ষে আজি চামতাৰ ঐতিহ্যমণ্ডিত কামৰূপ মহাবিদ্যালয়ৰ সভাকক্ষত চামতা আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি এম হাচান আলীৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত অসম সাহিত্য সভাৰ পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰে পৰিৱেশ্য কলা আৰু সংবৰ্ধনৰ বিষয়ে বিশ্লেষণাত্মক ভাষণ প্ৰদান কৰে । সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দেবেন্দ্ৰ কুমাৰ বেজবৰুৱা, উপাধ্যক্ষ ডঃ কবিতা চৌধুৰী, ডঃ সঞ্জীৱ গোস্বামী, ডঃ ধ্ৰুৱজ্যোতি নাথ, অসম সাহিত্য সভাৰ জনগোষ্ঠী প্ৰকল্প উপ সমিতিৰ আহ্বায়ক ডাঃ বিপিন কলিতা, অসম সাহিত্য সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ ডেকা, অতুল শৰ্মা, জ্যেষ্ঠ শিল্পী উমেশ দত্ত, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, জ্যেষ্ঠ নাগৰিক ভাৰত তালুকদাৰ আৰু গ্ৰন্থাগাৰিক লোহিত তালুকদাৰে প্ৰাসংগিক ভাষণ প্ৰদানন কৰে। সভাত ডঃ প্ৰমোদ হালৈ, ডঃ লীনা ডেকা, ডঃ ভবেন পাঠক, ডাঃ বিপিন কলিতা, পংকজ বেজবৰুৱা, বীৰেন বৰ্মন, উমেশ দত্ত, ভাৰত তালুকদাৰ আৰু জ্যোতিৰ্ময় শৰ্মাক, উপদেষ্টা ডঃ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱাক সভাপতি, ডঃ কবিতা চৌধুৰীক কাৰ্যকৰী সভাপতি, ডঃ সঞ্জীৱ গোস্বামী, পুলক কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰমোদ ডেকা, অতুল শৰ্মা, বলেন কুমাৰ গোস্বামী, ডঃ ধ্ৰুৱজ্যোতি নাথক উপ সভাপতি, এম হাচান আলীক মুখ্য সম্পাদক, বিকাশ ভট্টাচাৰ্যক সম্পাদক, হৰি বৰ্মন আৰু অতুল ভূঞাক সহকাৰী সম্পাদক আৰু প্ৰচাৰ সম্পাদক হিচাপে ৰাজেন বৈশ্য, দিগন্ত বৰ্মন, তপন কুমাৰ শৰ্মা আৰু প্ৰদীপ ভাগৱতীক লৈ ৫১ জনীয়া আদৰণি সমিতি এখন গঠন কৰা হয় । অসম সংগীতেৰে সভা সামৰা হয়।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 6, 2024

আপোনাৰ সময় সীমিত, সেইবাবে বেলেগৰ জীৱন যাপন নকৰিব, তাতকৈ নিজৰ জীৱনটো যাপন কৰক ।— ষ্টিভ জবছ ৷
06/06/2024

আপোনাৰ সময় সীমিত, সেইবাবে বেলেগৰ জীৱন যাপন নকৰিব, তাতকৈ নিজৰ জীৱনটো যাপন কৰক ।— ষ্টিভ জবছ ৷

05/06/2024

নলবাৰীৰ অসম একাডেমীত বিশ্ব পৰিৱেশ দিৱস পালন— উচ্চতৰ মাধ্যমিক শাখা মুকলি

নলবাৰীৰ অসম একাডেমীত বিশ্ব পৰিৱেশ দিৱস পালন— উচ্চতৰ মাধ্যমিক শাখা মুকলিদিগন্ত বৰ্মণৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৫জুন, ২০...
05/06/2024

নলবাৰীৰ অসম একাডেমীত বিশ্ব পৰিৱেশ দিৱস পালন— উচ্চতৰ মাধ্যমিক শাখা মুকলি

দিগন্ত বৰ্মণৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ, ৫জুন, ২০২৪

আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান অসম একাডেমীৰ বিষ্ণুৰাভা পথৰ ২নং চৌহদত উচ্চতৰ মাধ্যমিকৰ শাখা মুকলি কৰা হয় । মুকলি কৰে অসমৰ শৈক্ষিক জগতৰ মহীৰূহ তথা নলবাৰী দেবীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমানাথ বৰুৱাই । শিক্ষাবিদ বৰুৱাই উদ্বোধন কৰি দিয়া ভাষণত প্ৰধানকৈ শিক্ষাৰ্থীৰ শৈক্ষিক দিশ আৰু নৈতিক কৰ্তব্য সম্পৰ্কত উপদেশমূলক বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ আগতে শৈক্ষিক প্ৰতিষ্ঠানখনৰ চৌহদত গছপুলি ৰোপণ কৰে ক্ৰমে ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰাতুল ডেকা আৰু উচ্চতৰ মাধ্যমিক শাখাৰ সমন্বয়ক মৌমিতা দাসে । পৰিচালনা সমিতিৰ সভাপতি অনুকূল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় সংগীত পৰিৱেশন কৰে । সভাত ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰাতুল ডেকাই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত প্ৰয়োজনীয় নিয়মানুৱৰ্তিতাৰ ওপৰত ভাষণ প্ৰদান কৰাৰ লগতে বিশ্ব পৰিৱেশ দিবসৰ তাৎপৰ্য আৰু বৰ্তমান প্ৰাসংগিকতাৰ ওপৰত তথ্যভিত্তিক পৰ্যালোচনা আগবঢ়ায় । অনুষ্ঠানৰ মাজত পৰিচালনা সমিতিৰ তৰফৰ পৰা শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকলক অভিনন্দন জ্ঞাপন কৰা হয় । অনুষ্ঠানত সংগীত পৰিৱেশন কৰে শিক্ষয়িত্ৰী জুৰিমা বৰ্মণে । জ্যেষ্ঠ শিক্ষক দিগন্ত বৰ্মণ আৰু হিতেশ বেজবৰুৱাই পৰিচালনা কৰা অনুষ্ঠানটোত কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰীয়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ৷ অসম সংগীতেৰে সভাৰ সামৰণি মৰা হয় ।

(ইতিবাচক আৰু গঠনমূলক প্ৰতিবেদনৰ বাবে প্ৰতিবেদক লাইভৰ পেজটি লাইক কৰি উৎসাহিত কৰে যেন ৷)

Protibedok Live: June 5, 2024

Address

Nalbari

Alerts

Be the first to know and let us send you an email when Protibedok Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Protibedok Live:

Videos

Share



You may also like