Talk with Mahanta

Talk with Mahanta 24x7

বৰভাগত মথাউৰি পৰিদৰ্শন ছাত্র সন্থাৰ, জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী - # সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ এটা সজাতী দলে ...
16/06/2022

বৰভাগত মথাউৰি পৰিদৰ্শন ছাত্র সন্থাৰ, জলসম্পদ বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী -

# সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ এটা সজাতী দলে আজি বৃহস্পতিবাৰে বৰভাগৰ পশ্চিম কমাৰকুছি,সোণকুৰিহা,গংগাপুখুৰী বৰকুৰিহাৰ মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ফনীধৰ বৰুৱাৰ নেতৃত্বত যোৱা আছুৰ সজাতী দলটোৱে বৰভাগৰ বিভিন্ন ঠাই আৰু মথাউৰি পৰিদৰ্শন কৰি চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
দলটোৱে গংগাপুখুৰীপাৰ বৰকুৰিহাৰ মথাউৰি,সোণকুৰিহাৰ মথাউৰি আৰু পশ্চিম কমাৰকুছিৰ সাধনাপাৰাত মথাউৰি পৰিদৰ্শন কৰি কোনো লোকে যাতে মথাউৰিৰ বাবে কষ্টত পৰিব নালাগে তাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। । ইপিনে, বৰভাগৰ বিভিন্ন গাৱত বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীয়ে ঘৰ দুৱাৰ,খেতিবাতি,পুখুৰীৰ মাছ আদিৰ ক্ষতিসাধন কৰাৰ লগতে পশুধনৰ খাদ্যৰ নাটনি প্ৰত্যক্ষ কৰি এইক্ষেত্ৰত চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ লবলৈ দাবী জনায় ৷ আছুৰ সজাতী দলটোত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ফণীধৰ বৰুৱা,কাৰ্য্যনিৰ্বাহক পৰিক্ষীত কুমাৰ, পশ্চিম উপৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত বৈশ্যই সংগ দিয়ে।

নলবাৰীত বন্ধ থাকিব শিক্ষানুষ্ঠান ** # ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা আগন্তুক দুদিন অৰ্থাৎ ১৭ আৰু ১৮ জুন নলবাৰী ...
16/06/2022

নলবাৰীত বন্ধ থাকিব শিক্ষানুষ্ঠান **
# ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা আগন্তুক দুদিন অৰ্থাৎ ১৭ আৰু ১৮ জুন নলবাৰী জিলাত প্ৰৱল বৃষ্টিপাতৰ ধাৰাবাহিকতা অব্যাহত থাকিব বুলি প্ৰাপ্ত পূৰ্বানুমানৰ প্ৰতি লক্ষ ৰাখি আজি নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা দুৰ্যোগ ব্যস্থাপনা বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়াই এক নিৰ্দেশনা যোগে পুনৰ অহা ১৭ আৰু ১৮ জুন, ২০২২ তাৰিখে নলবাৰী জিলাৰ চৰকাৰী-বেচৰকাৰী সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি ঘোষণা কৰিছে। অৱশ্যে পূৰ্বৰ দৰেই উক্ত দিনকেইটাত ইতিমধ্যে কোনো পৰীক্ষা প্ৰক্ৰিয়া চলোৱাৰ বাবে সাজু হৈ উঠা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য ন'হব। জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক এই নিৰ্দেশনা মানি চলি প্ৰতিকূল বতৰৰ মাজত জিলাখনৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাত সহযোগ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

26/06/2021

Online Webinar by Dr. Jayanta Biswa Sarma on মহামাৰী-অনুজীৱৰ সৈতে মানুহৰ সংঘাত organized by Assam Science Society Biswanath with technical support from Scientific Temperament

24/06/2021

Psychology of students during Covid crisis by Dr. Jaideep Baruah, Head, Department of Environment, ASTEC

22/06/2021

মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পিছত কেৰিয়াৰ কি দৰে নিৰ্বাচন কৰিব? Contact 8751944028 for more details...

22/06/2021

মেট্ৰিক, হায়াৰছেকেণ্ডাৰীৰ পিছত কেৰিয়াৰ কি দৰে নিৰ্বাচন কৰিব?

Do Join us....
22/06/2021

Do Join us....

অসমৰ প্ৰথম খন ISSN (2582-2055) যুক্ত বিজ্ঞান ই আলোচনী ‘অনুৰণন’ৰ ডিচেম্বৰ সংখ্যাৰ বাবে বিজ্ঞানৰ লেখা বিচৰা হৈছে। লেখা সমূ...
14/11/2020

অসমৰ প্ৰথম খন ISSN (2582-2055) যুক্ত বিজ্ঞান ই আলোচনী ‘অনুৰণন’ৰ ডিচেম্বৰ সংখ্যাৰ বাবে বিজ্ঞানৰ লেখা বিচৰা হৈছে। লেখা সমূহ অসমীয়া অথবা ইংৰাজী ভাষাত হব লাগিব। বিজ্ঞান সম্পৰ্কীয় কবিতা, প্ৰবন্ধ, অনুবাদ, গল্প প্ৰকাশৰ বাবে বিবেচনা কৰা হব। পূৰ্বে প্ৰকাশিত লেখা গ্ৰহণযোগ্য নহয়। লেখা সমূহ 25 নৱেম্বৰৰ ভিতৰত [email protected]
ইমেইল যোগে অথবা
+918751944028 ত
whatsapp যোগে পঠিয়াব পাৰিব। দ্বি-মাষিক ই আলোচনী ‘অনুৰণন’ 2019 চনৰ এপ্ৰিল মাহৰ ১৫ তাৰিখে প্ৰথমবাৰৰ বাবে প্ৰকাশ হৈছিল। ‘অনুৰণন’ বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সমাজত কাম কৰি অহা Scientific Temperament (RS/BCH/268/04–2020) প্ৰতিস্থানৰ এক অনবৈদ্য অংগ। উল্লেখযোগ্য যে যোৱা সংখ্যা লৈকে ‘অনুৰণন’ ই মেগাজিন সকলোৰে বাবে মুকলি হৈ আছিল, এই সংখ্যাৰ পৰা ই মেগাজিন খন পঢ়িবলৈ বিচাৰিলে ₹ 55 প্ৰতিটো সংখ্যাৰ বাবদ দিব লাগিব অথবা বছৰেকীয়া গ্ৰাহক হবলৈ বিচাৰিলে ₹ 250 টকা শুল্ক হিচাপে দিব লাগিব। আনহাতে 16 বছৰৰ তলৰ শিশু সকলৰ বাবে ‘অনুৰণন’ মুকলি হৈ থাকিব (ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ত পঢ়ি থকাৰ পৰিচয় পত্ৰ আৰু পঢ়ি নথকা সকলে শুল্ক দিব নোৱাৰাৰ কাৰণ দৰ্শাই আবেদন পত্ৰ অনলাইন দিব লাগিব )

** লেখক সকলে সেই সংখ্যাৰ ‘অনুৰণন’ বিনা শুল্কে পঢ়িবলৈ পাব

Scientific Temperament is registered under Societies Registration Act, XXI 1860; Trademark Act, 1999; & MSMED Act, 2006.

25/10/2020

আভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰত দুৰ্গা পুজা

21/10/2020

মোৰেল পুলিচ গিৰি দেখুৱাই এইবাৰ পশ্চিম নলবাৰীৰ বৰীটাপা ঠুটিকাটাত আটক হ'ল দুই কংগ্ৰেছ নেতা । বেলশৰ আৰক্ষীয়ে নিশা আটক কৰে কংগ্ৰেছ নেতা প্ৰাণজিত দাস আৰু ৰাজ প্ৰসাদ দাসক । এগৰাকী শিক্ষকৰ ওপৰত মোৰেল পুলিচ গিৰি দেখুওৱাৰ অভিযোগত আটক কৰে দুয়োজনকে ।
সম্প্ৰতি বেলশৰ থানাত দুয়োজনকে সোধা পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

16/10/2020

৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল আল্লিয়াৰ নাৰায়নগাঁৱ,গড় গড়ী ।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭নং আল্লিয়া গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত নাৰায়নগাওঁ,গড় গড়ী ত অৰুণোদয় আঁচনিৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ ধৰ্ণা ।

বিজেপি চৰকাৰ আৰু নলবাৰী সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক শৰ্মাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ । নাৰায়নগাওঁ,গড়গড়ী ৰাইজে ৰাজপথত ওলাই আহি বিজেপি চৰকাৰ হায় হায়, অশোক শৰ্মা মুৰ্দাবাদ, অশোক শৰ্মা গ'বেক শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । নাৰায়নগাঁও,গড় গড়ী শাৰিৰীকভাৱে সক্ষম, অবিবাহিত মহিলা, দৰিদ্ৰ পৰিয়ালৰ নাম এই আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত নহল । তাৰ পৰিবৰ্তে বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ ৰাইজৰ । বিধায়ক অশোক শৰ্মাৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ৰ্ফম সমুহত চীল-চহী কৰি বিজেপিৰ নেতাক বিতৰণ কৰিছিল যদিও,তাৰ পিছতো দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি বিজেপিৰ নেতা-পালিনেতাৰ অঙহী-বঙহীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

অৰুণোদয় আঁচনিৰ টকা লাভ কৰাৰ পূৰ্বে এনে ধৰণৰ খেলিমেলি সংঘটিত হোৱাত ৰাইজে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

16/10/2020

পূজালৈ আৰু কেইদিনমান বাকী আছে যদিও আজি নলবাৰীৰ বেংকত আৰম্ভ হৈছে পূজা। নলবাৰী জিলাৰ মুকালমুৱাৰ ইউকো বেংকত আজি দিনৰ ভাগত দেখা গল শ শ লোক। যেন পূজা চাবলৈ হেতা ওপৰা লগাইছে মানুহে।
আচল ঘটনা পিছে বেলেগ।ৰাজ্যত দৰিদ্ৰ লোক সকলে ভুগিছে এতিয়া যমৰ যাতনা, চৰকাৰী আচনি,স্কোলাৰচিপ আদিৰ বাবে লাগিছে এতিয়া হাহাকাৰ।
মুকালমুৱাৰ ইউকো বেংকত একাউণ্ট বনাবলৈ এইদৰে হেতাওপৰা গ্ৰাহকৰ।ছাত্র- ছাত্ৰীৰ বেংক একাউন্ট বনাবলৈ মুকালমুৱাৰ ইউকো বেংক শাখাত পুৱাৰে পৰা দীঘলীয়া শাৰী পাতিছে ছাত্র- ছাত্ৰী তথা অভিভাৱক সকলে। কভিড প্ৰটকলৰ নামত ভেকোভাওণা। মানুহে গাত গা লগাই এইদৰে ভিৰ কৰিছে বেংকৰ সন্মূখত।বেংক কৰ্তৃপক্ষই একে তাৰিখতে সকলোকে মাতিছিল নে ৰাইজে নিজে আহিছে সেয়া লক্ষ্যণীয় বিষয়। বেংকৰ নিচেই ওচৰতে আৰক্ষী তথা প্ৰশাসনিক বিষয়া আছে যদিও কি কাৰণত তেওঁলোক নিমাত সেয়া ৰহস্যৰ বিষয়।

15/10/2020

কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা নলবাৰী জিলা ছাত্র সন্থাৰ।

ঘৰে ঘৰে গৈ কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জিলা ছাত্র সন্থাৰ।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা জিলাখনৰ শিক্ষাৰ্থীক সম্বৰ্ধনা নলবাৰী আছুৰ ।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ মুঠ ৩০০ গৰাকী শিক্ষাৰ্থীক জনোৱা হব উক্ত সম্বৰ্ধনা।

আজিৰেপৰা অভিনন্দন অনুষ্ঠান কাৰ্যসূচীৰ আৰম্ভণি।

কাৰ্যসূচীত নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সম্পাদক অক্ষয় ডেকা, শিক্ষা সম্পাদক ৰিয়াজউদ্দিন আহমেদ অংশগ্ৰহণ।

কোভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা অভিনন্দনৰ সলনি ঘৰে ঘৰে গৈ অভিনন্দন কাৰ্যসূচী ৰূপায়ণ আছুৰ।

12/10/2020

এখন বৃদ্ধ আশ্ৰম আৰু এগৰাকী মানৱ সেৱাত ব্ৰতী সাংবাদিকৰ কাহিনী......

10/10/2020

মুকালমুৱাত কৃষক বিৰোধী আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী।
কৃষক বিৰোধী আইনৰ বিৰুদ্ধে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ প্ৰতিবাদী কায্যসুচী।মুকালমুৱাস্থিত ৰাজীৱ ভৱনৰ পৰা বৃহত সমদল উলিয়াই খেতিৰ সজুলি লৈ প্ৰতিবাদ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ ।

10/10/2020

কলিতা জনগোষ্ঠী যৌথ সন্মিলনীয়ে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ নলবাৰীৰ ধমধমাত অঞ্চলত সৰ্বাত্মক ৷
ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ ৷

কলিতা জনগোষ্ঠীক জনজাতিকৰনৰ দাবীত
কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে জনগোষ্ঠীটোৰ কেইবাটাও সংগঠন তথা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সহযোগত আজি আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ নলবাৰী জিলাৰ ধমধমাৰ অঞ্চলত সৰ্বাত্মক দেখা যায় । বন্ধৰ প্ৰভাৱত সাধাৰন জনজীৱন ব্যাহত হৈ পৰা পৰিলক্ষিত হয় ৷ বন্ধৰ সমৰ্থক সকলে ধমধমা, কদমতলা, মেৰকুছি, মুছলপুৰ আদিৰ উপৰিও বৰমাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷বন্ধৰ সমৰ্থক সকলে নো এচ টি নো ৰেষ্ট, উই ওৱাণ্ট জাষ্টিচ, আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷ বন্ধৰ ফলত যানবাহন চলাচলকে ধৰি সকলো দোকান পোহাৰ বন্ধ হৈ পৰে৷

06/10/2020

নলবাৰীৰ মুকালমুৱাত যুৱকৰ চমক। চকুত কাপোৰ বান্ধি ঘূৰিলে মুকালমুৱা অঞ্চল। চকুত কাপোৰ বান্ধি সমগ্ৰ অসম ঘূৰাৰ পৰিকল্পনা।
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ মেজিছিয়ান ভাস্কৰ জ্যোতি মহন্তৰ চমক । আজি ৰাতিপুৱা চকুত কলা কাপোৰ বান্ধি ১৫ কিঃমিঃ বাইক আৰোহণ। অত্যন্ত ব্যস্ত হাজো মুকালমুৱা ৰাজপথৰ ৰামপুৰ চ'কৰ পৰা মুকালমুৱালৈ মূৰত কলা কাপোৰ মেৰিয়াই বাইক চলাই চমক দেখুৱাই ৰাইজক। উল্লেখযোগ্য যে বৰক্ষেত্ৰীৰ এই গৰাকী মেজিছিয়ানে বিগত সময়ত ভিন্ন ঠাইত মেজিক দেখুৱাই ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

ব্ৰেকিং নিউজ-নলবাৰী জিলাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ভূমিকম্প। নিশা ন বাজি সাত মিনিটত অনুভূত হয় এই ভূমিকম্প। ক্ষয় ক্ষতিৰ প...
03/10/2020

ব্ৰেকিং নিউজ-
নলবাৰী জিলাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ভূমিকম্প। নিশা ন বাজি সাত মিনিটত অনুভূত হয় এই ভূমিকম্প। ক্ষয় ক্ষতিৰ পৰিমাণ এতিয়াও গম পোৱা হোৱা নাই। 3.9 প্ৰাৱল্যৰ আছিল ভূমিকম্পতো।

ব্ৰেকিং নিউজ--নলবাৰীত  সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা দূৰ্বৃত্তৰ৷নলবাৰীৰ চামতাত সাংবাদিকক আক্ৰমণ ড্ৰাগছ মাফিয়াৰ৷গুৰুতৰভাৱে...
03/10/2020

ব্ৰেকিং নিউজ--

নলবাৰীত সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা দূৰ্বৃত্তৰ৷

নলবাৰীৰ চামতাত সাংবাদিকক আক্ৰমণ ড্ৰাগছ মাফিয়াৰ৷

গুৰুতৰভাৱে আহত সাংবাদিক অনিমেশ বৰ্মন৷

আহত সাংবাদিক বৰ্মনক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি৷

ড্ৰাগছ মফিয়াৰ বিৰুদ্ধে নিউজ কৰাক লৈ আক্ৰমণ৷

শনিবাৰে চামতাত দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে নিউজ কৰিছিল সাংবাদিক বৰ্মনে৷

আক্ৰমণকাৰী হিমাংশু বৰ্মন আৰু ফইজুল হকক গ্ৰেপ্তাৰৰ দাবী নলবাৰী এ জে ৱাই চি পিৰ।

ব্ৰেকিং নিউজ-ভ্ৰাম্যমাণ থিয়েটাৰৰ সুদৰ্শন অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ মৃত্যু । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় অভিনেত...
03/10/2020

ব্ৰেকিং নিউজ-
ভ্ৰাম্যমাণ থিয়েটাৰৰ সুদৰ্শন অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ মৃত্যু । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় অভিনেতা জনৰ। কিডনিৰ ৰোগত আক্ৰান্ত হৈ gmch ত চিকিৎসাধীন হৈ আছিল চক্ৰৱৰ্তী। শেহতীয়া ভাবে কৰণাত আক্ৰান্ত হৈছিল। আৰ্থিক সংকটত ভাগি চিকিৎসা কৰিব পৰা নাছিল পৰিয়ালৰ লোকে।

02/10/2020

নলবাৰীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী।উত্তৰ প্ৰদেশত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী। ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী । কংগ্ৰেছৰ জিলা সভাপতি দিগন্ত বৰ্মনৰ নেতৃত্বত ৰূপায়িত হয় এই প্ৰতিবাদী কাৰ্যসূচী।

02/10/2020

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰাজ্যত আকৌ এটা ৰাজনৈতিক দল। "ৰাইজৰ দল" নামৰ দলটোক নলবাৰীতো আদৰণি । চহৰৰ 'বাটা চ'ক' ত ফটকা ফুটাই আনন্দ-উল্লাস প্ৰদৰ্শন কৰে দলটোৰ কৰ্মী সকলে।

02/10/2020

আজি গান্ধী জয়ন্তী। ৰাজ্যজুৰি স্মৰণ অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীক। অন্য প্ৰান্তৰ লগতে নলবাৰীৰো ভিন্ন প্ৰান্তত মহাত্মা গান্ধীৰ ১৫১ তম জন্মজয়ন্তী। নলবাৰীৰ পাইকাৰ কুছিচ'ক ব্যৱসায়ী সন্থাৰ এই দিৱস পালন।

28/09/2020

মুকালমুৱা আৰক্ষীয়ে বৃহত পৰিমাণৰ চুৰি সামগ্ৰী সহ এজনক আটক কৰিবলৈ সক্ষম হৈছে। ৰফিকুল ইছলাম নামৰ আটক কৰা লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে চুৰি সামগ্ৰী সমূহ।বৰধাপ গাৱঁৰ দুঠাইত অভিযান চলাই উদ্ধাৰ কৰে প্ৰায় ডেৰ লাখ মূল্যৰ Bata কোম্পানীৰ জোতা,চেণ্ডেল।মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত গোপন অভিযানত উদ্ধাৰ কৰে চুৰি সামগ্ৰী সমূহ।দীৰ্ঘদিনে এটা দুষ্ট চক্ৰই চুৰি সামগ্ৰীৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ ৰাইজৰ।ধৃত ৰফিকুল ইছলামৰ লগত আৰু কোন জড়িত আছে চুৰিকাৰ্যত আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব।

27/09/2020

" মাইনা তুমি জুই " - মাইনা মানে কস্তুৰী
দুটি মনৰ জোনাক ধাৰাবাহিকৰ জৰিয়তে সম্প্ৰতি জনপ্ৰিয়তাৰ শিখৰত থকা অভিনেত্ৰী উপাসনা প্ৰিয়ম।
◆ কোনে উপাসনাক দেউতাকৰ মোবাইলত i Love u বুলি মেছেজ দিছিল।
◆ কিয় স্নাতক শ্ৰেণীত পঢ়াৰ সময়লৈকে মোবাইল ব্যৱহাৰ কৰা নাছিল।
◆ উপাসনাক হেন্দচেক কৰাৰ পিছত চামুছেৰে এজন যুৱকে ভাত খাইছিল কিয় ?
◆কেনে জীৱন সংগী বিচাৰে উপসনাই।
◆ দীপাংকৰৰ সৈতে উপাসনাৰ exclusive সাক্ষাৎকাৰ ---

ভাল খবৰ :: সৰ্বভাৰতীয় পৰ্যায়ত জিলিকিল নলবাৰীৰ এগৰাকী কণমানি  ছাত্ৰী।  ভাৰতীয় মহাকাশ গবেষণা প্ৰতিস্থান চমুকৈ  ISRO- য়ে য...
26/09/2020

ভাল খবৰ ::
সৰ্বভাৰতীয় পৰ্যায়ত জিলিকিল নলবাৰীৰ এগৰাকী কণমানি ছাত্ৰী। ভাৰতীয় মহাকাশ গবেষণা প্ৰতিস্থান চমুকৈ ISRO- য়ে যোৱা দুমাহপূৰ্বে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত নলবাৰীৰ বৰবৰীস্থ শৈশৱ বিদ্যাপীঠৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা কিশোৰ কলিতাই TOP-500-ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। নলবাৰীৰ বজালী উদয়পূৰ গাঁওৰ কিশোৰ কুমাৰ কলিতা আৰু কাশ্মিৰী শইকীয়া কলিতাৰ
একমাত্ৰ কন্যা প্ৰজ্ঞা কিশোৰ। কণমানি ছাত্ৰী প্ৰজ্ঞাৰ এই খবৰে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলতে আনন্দৰ লহৰ বোৱাইছে ।

অহাকালি চাবলৈ নাপাহৰিব.......
26/09/2020

অহাকালি চাবলৈ নাপাহৰিব.......

ব্ৰেকিং নিউজ- $ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ...
26/09/2020

ব্ৰেকিং নিউজ-
$ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ।
$ আজি ঘোষণা কৰা হয় এই সমিতিখন।
$ ৰাষ্ট্ৰীয় সমিতিৰ তালিকাত নাম নাই জ্যেষ্ঠ নেতা ৰাম মাধৱৰ।

ব্ৰেকিং নিউজ-বি,টি, চি ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত    বাক্সাত আৰক্ষীৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ।বাক্সা আৰক্ষীৰ সফল অভিযান...
26/09/2020

ব্ৰেকিং নিউজ-
বি,টি, চি ৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বাক্সাত আৰক্ষীৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ।
বাক্সা আৰক্ষীৰ সফল অভিযান ৷ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চিনাদী বস্তিত বৃহৎ পৰিমানৰ অস্ত্ৰ- শস্ত্ৰ উদ্ধাৰ ৷ বাক্সা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডংগলৰ নেতৃত্বত উদ্ধাৰ এই অস্ত্ৰখিনি ৷ চিনাদী বস্তিৰ দিৰিং নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰখিনি ৷ দুটা একে ৪৭ ৰাইফলৰ লগতে ৫২০ জাই সজীৱ গুলি উদ্ধাৰ ৷

Address

Nalbari

Telephone

+919864037105

Website

Alerts

Be the first to know and let us send you an email when Talk with Mahanta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Talk with Mahanta:

Videos

Share


Other News & Media Websites in Nalbari

Show All