09/06/2021
From sikha sarma
" মিঞাৰ ইতিকিং, অপমান আৰু সংখ্যালঘু সংগঠন ,সংখ্যালঘু ৰাজনৈতিক নেতাৰ ভূমিকা "
মিঞা মিঞা মিঞা ৷
অসমৰ বিভিন্ন ঠাইৰ একাংশ হিন্দু বা কিছু কিছু গৰিয়া মুছলমান মানুহৰ মুখৰ বিতৃষ্ণাৰে ভৰা প্ৰক্ষেপ- “মিঞা“ ৷ কিবা এটা অপৰাধত ধৰা পৰিলেই চিধাই ক’ব--
"এই মিঞামখা এনেকুৱাই ৷ দ্ৰাগছ, ভাঙ, অপহৰণ, হত্যা, মাৰপিট, চুৰি, ডকাইতিৰ বাদে মিঞাসোপাই জানে কি"
অধিক সংখ্যক অমুছলমান আৰু গৰিয়া মুছলমান মানুহৰে মিঞাৰ প্ৰতি থকা বেয়া ধাৰণা তেওঁলোকৰ কথা বতৰাত প্ৰকাশ পায় ৷ তেওঁলোকৰ বাবে যেন অসমৰ ৯৯% বেয়া কাম কেৱল মিঞাই কৰে ৷ এই ধাৰণাৰ বশবৰ্তী হৈ, নাম আৰু উপাধিৰ পৰিচয়েৰে সকলো মিঞালোক আক্ৰমণৰ বলি হৈ পৰে ৷ এতিয়া অসমত 'মিঞা' যেন এক ত্যাজ্য শব্দ ৷ মিঞা মানেই যেন যত অপৰাধৰ মূল ৷ মিঞা মানেই যেন এসোপা অপৰাধৰ ভঁৰাল ৷ মিঞা মানেই যেন অসমখনৰ সকলো মাটি দখল কৰি, নিজৰ কবললৈ আনিবলৈ অহৰহ চেষ্টা কৰি থকা এটা জাতি ৷ মিঞা মানেই যেন হিন্দুৰ মঠ, মন্দিৰ, সত্ৰ নামঘৰবোৰৰ সীমা ঠেলি ঠেলি, ঢাঁহি মুহি বহি লোৱা এচাম দুৰ্দান্ত মানুহ ৷ মিঞা মানেই যেন অপৰাধীৰ দল ৷ এনে এটা ভাৱধাৰাৰ সোঁত, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৰলুইতৰ দৰে বৈ পৰিছে ৷ এই ভাৱধাৰাৰ পৰা জনসাধাৰণক বাহিৰলৈ উলিয়াই অনাৰ উপায় কি ?
১/ ধৰ্ষণ কেৱল মিঞায়েই কৰে জানো ? কালিৰ যোৰহাটৰ মহিলাক ধৰ্ষণ কৰা ৰিক্সাৱালা দুটা মিঞা নেকি ?
২/ মুছলমান নামৰ সকলো দ্ৰাগছ ব্যৱসায়ী মিঞা নেকি ? ডিব্ৰুগড়ৰ দ্ৰাগছ ব্যৱসায়ী মুছলমানকেইজন মিঞা নেকি ?
৩/ চুমীলা ৰংহাংপিৰ গৰ্ভধাৰণ আৰু হত্যা বৰঠাকুৰে কৰিছিল নে মিঞাই ?
৪/ উদালীৰ চিকিৎসক নিগ্ৰহ মিঞাৰ দ্বাৰা হ’ল ৷ আমি মিঞা অপৰাধীৰ চৰকাৰী লিষ্ট পালো ৷ কিন্তু শিলচৰৰ ডাক্তৰৰ দ্বাৰা মুছলমান ৰোগীৰ পিতৃক নিগ্ৰহ কাৰ দ্বাৰা হ’ল ? তাৰ লিষ্ট কিয় নোলাল ?
ভাৰতীয় নাগৰিকত্ব থকা মিঞাসকল সদায় ইতিকিংৰ পাত্ৰ হৈ থাকিব নেকি ? অপৰাধীৰ ক্ষমা নাই ৷ কিন্তু নাম, উপাধি চাই সমগ্ৰ মিঞা জনগোষ্ঠীক তাচ্ছিল্য কিয় ? এইয়া আমি সহ্য কৰিব নোৱাৰা হৈ পৰিছো ৷ ভগৱান সৃষ্ট মানুহ ৷ আৰু মানুহ সৃষ্ট ধৰ্ম ৷ ধৰ্মৰ বাবেই ইতিকিং ভদ্ৰ মানুহৰ পৰিচায়ক নহয় ৷ আমাৰ সমাজৰ এচাম মানুহক আন এচাম মানুহে প্ৰতি পলে ঘৃণাৰ দৃষ্টিৰে চোৱাতো আমাৰ দৰে এচাম নিৰপেক্ষ মানুহৰ বাবে বৰ বেদনাদায়ক কথা হৈ পৰিছে ৷ আমি নিজকে অপৰাধী যেন অনুভৱ কৰিছো মিঞাসকলৰ ওচৰত ৷ কাৰণ আমিও হিন্দু ৷ হিন্দু হোৱাৰ বাবেই আমাৰ এই অপৰাধবোধ ৷
আমি লিষ্ট দিবলৈ গ’লে বহুত ওলাব ৷ দুই এটা উদাহৰণহে দিলো ৷ আজি ভাৰতত পদে পদে সংবিধান উলঙ্ঘা কৰা হৈছে ৷ মানুহৰ বাক স্বাধীনতাত শিকলি লগোৱা হৈছে ৷ সঁচা কথাবোৰ ক’লে জেলত ভৰোৱা নীতি প্ৰযোজ্য হৈছে ৷ চিন্তাৰ প্ৰকাশ কৰিবলৈ বাধা দিয়া হৈছে ৷ এইয়া দেশৰ ভৱিষ্যতৰ শান্তি বিঘ্নিত হোৱাৰ পূৰ্বাভাষ ৷ এই সংকটৰ সময়ত মিঞাসকলৰ হৈ মাত মাতিব কোনে ? এইখিনিতেই সংখ্যালঘু সংগঠন তথা সংখ্যালঘু ৰাজনৈতিক নেতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আহি পৰে ৷ কিন্তু হিন্দুৰ গৰিষ্ঠতা থকা দেশত এই কাম কেনেকৈ আৰু কিমান সম্ভৱ ?
১/ সংখ্যালঘু সংগঠন সমূহে, বিশেষকৈ মিঞা জনগোষ্ঠীৰ সংগঠনৰ সদস্যসকলে, মিঞাসকলৰ নিৰক্ষৰতাৰ শতকৰা হাৰ কমাবলৈ চেষ্টা কৰক ৷ সকলো সন্তান বিদ্যালয়লৈ গৈছেনে নাই, তাৰ খবৰ কৰক ব্যক্তিগতভাবে ৷
২/ বৈধ নাগৰিকৰ প্ৰতিটো পৰিয়ালৰ অশিক্ষিত প্ৰাপ্তবয়স্ক সকলক সন্ধিয়াৰ বিদ্যালয়ৰ আমেজ দিয়ক ৷ স্থানীয় ভাবে নিৰক্ষৰ লোকসকলক গোটাই, চুবুৰীয়ে চুবুৰীয়ে আখৰ শিকোৱাৰ পৰিকল্পনা কৰক ৷
৩/ সপ্তাহত এদিন চুবুৰীৰ সৰু সৰু ল’ৰা ছোৱালীবোৰক গোট খুৱাই নাচ-গান, ছবি অঁকা, আবৃতি, আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, কুইজ, অভিনয়, খেল-ধেমালি আদি কৰাওক ৷ এই ক্ষেত্ৰত উঠি অহা ডেকা সমাজে আগভাগ লওক ৷
৪/ গ্লেমাৰৰ পাছত নদৌৰিব ৷ ৰিয়েলিটি শ্ব’ৰ দৰে কৰিবলৈ চেষ্টা কৰি বিফল নহ’ব ৷ কাৰোবাক কোটিপটি বনোৱাৰ দৌৰ নহয় এইয়া ৷ এইয়া নৈতিক উত্তৰণৰ দৌৰ ৷ এইয়া ভৱিষ্যতৰ অপৰাধীক নৈতিক শিক্ষাৰে অপৰাধৰ পৰা আঁতৰাই ৰখাৰ দৌৰ ৷ গতিকে গ্লেমাৰ নহয়, যি জানে তাকে শিকাওক ৷ সাধাৰণ ভাবে ৷ মনত ৰাখিব এইয়া শিশুসকলক সমাজমুখী কৰাৰ পৰিকল্পনাহে যাতে এই শিশুসকল ডাঙৰ হৈ অপৰাধ কৰাৰ পৰা আঁতৰি থাকে ৷ এইয়া সম্পূৰ্ণ বিনামূলীয়া আৰু নিস্বাৰ্থ সমাজসেৱা হ’ব লাগিব একমাত্ৰ মিঞা জনগোষ্ঠীৰ ভৱিষ্যতৰ স্বাৰ্থত ৷ এই ক্ষেত্ৰত মিঞা মহিলাসকলে সংগঠনসমূহক সহযোগিতা আগবঢ়াব লাগিব ৷
ৰাজনৈতিক নেতা বিধায়ক সাংসদসকলে মিঞাসকলৰ গোটা(SOLID) অংকৰ ভোটটোৰে জিকি ৰাজভোগ খায় ৷ গতিকে পিছপৰা মিঞালোকসকলৰ প্ৰতি তেওঁলোকৰ সীমাহীন কৰণীয় আছে ৷ সেই কথা তেওঁলোকে কিমান উপলব্ধি কৰে মই নাজানো ৷ কিন্তু ভাৰত তথা অসমৰ ৰাজনীতিত মিঞা প্ৰতিনিধিৰ বুজন সংখ্যক লোক থকাৰ পাছতো কিয় বাৰে বাৰে আজি মিঞাসকল লজ্জিত, অপমানিত ? ৰাজনৈতিক পদৱী ধাৰী নেতাসকলে খবৰ ৰাখক---
১/ সকলো দৰিদ্ৰ মিঞা নাগৰিকে চৰকাৰৰ আঁচনি পাইছেনে ?
২/ এচাম মিঞাৰ অপৰাধ প্ৰৱণতাৰ মূল কাৰণ জানিবলৈ চেষ্টা কৰি তাৰ সমাধানৰ পদক্ষেপ লওক ৷
৩/ স্থানীয় যুৱক-যুৱতীক নিৰক্ষৰ পিছপৰা লোকসকলৰ মানসিক উত্তৰণৰ হকে কাম কৰিবলৈ আৰ্থিক ভাবে সহায় কৰক ৷
৪/ গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্টেচন, মালিগাঁও ৰেলষ্টেচন, চিটিবাচ, চিনেমাহল, ফাঁচী বজাৰ আদিত ঘূৰি ফুৰি পকেটমাৰ, চুৰি, পতিতাবৃত্তি আদিত জড়িত, বৰপেটা, হোজাই, ধুবুৰী, দৰং, গোৱালপাৰা আদিৰ মিঞা জীয়ৰী-বোৱাৰীসকলক চিনাক্ত কৰি নিজ ঠাইলৈ ওভোটাই লৈ গৈ, সৎ পথেৰে জীয়াই থকাত সহযোগ কৰক ৷
৫/ সাংসদ, বিধায়ক হৈ উন্নয়নৰ নামত কেৱল ৰাস্তাঘাট বনালেই জনগোষ্ঠীটোৰ উন্নতি নহয় ৷ মানৱ সম্পদৰ অপব্যৱহাৰে কোনো জাতি বা কোনো দেশক সফল কৰিব নোৱাৰে ৷ মিঞা জনগোষ্ঠীক অপৰাধ মুক্ত কৰাৰ দায়িত্ব লওক ৷
৬/ উচ্ছেদ হোৱা মানুহবোৰ ক’ৰ, সেইটো পৰীক্ষা কৰক ৷ আৰু যদি বৈধ নাগৰিক, তেন্তে তাৰ বাবে উপযুক্ত ব্যৱস্থা লওক ৷ চৰকাৰী মাটিত থাকিলেও, এদিনৰ জাননী দি কাকো উচ্ছেদ কৰি বেঘৰ কৰিব নোৱাৰে ৷ প্ৰয়োজন হ’লে আইনৰ সহায় লওক ৷ এই কাম বিধায়ক সাংসদেহে কৰিব লাগিব ৷
কেৱল দলং, ৰাস্তা, বিমানবন্দৰ, স্কুল, হস্পিটেল আদি বনাই চৰকাৰী পুঁজিৰ ব্যৱহাৰ কৰি ফলকত MLA /MP ৰ নাম জিলিকাই থ’লেই সমষ্টিবাসীৰ বাবে মহান কাম কৰা নুবুজায় ৷ বিধায়ক, সাংসদসকলে জনগোষ্ঠীটোৰ নতুন শিশুসকলৰ মানসিক সুস্থতাৰ বাবে কাম কৰক ৷ শিশুসকলক সমাজমুখী কৰক ৷ মনত ৰাখিব কেৱল ধৰ্মই মানুহক অপৰাধ কৰাৰ পৰা বাৰণ কৰি ৰাখিব নোৱাৰে ৷ যুৱক যুৱতীসকলক ক্লাৱ কৰক ৷ বিনোদনৰ উপায় দিয়ক ৷ এই ক্ষেত্ৰত মই নিস্বাৰ্থভাৱে আৰু বিনামূলীয়াকৈ সকলো সহযোগিতা আগবঢ়াবলৈ সদা প্ৰস্তুত ৷
মিঞা সংগঠন আৰু ৰাজনৈতিক পদৱীধাৰী লোকসকলে জনগোষ্ঠীটোৰ পিছপৰা, দৰিদ্ৰ তথা অশিক্ষিত লোকসকলৰ মাজত সোমাই তেওঁলোকৰ জীৱন সহজ হৈ উঠাৰ বাবে কাম কৰিব লাগিব ৷ এই কাম স্বেচ্ছামূলক আৰু আনন্দদায়ক হ’ব লাগিব ৷ পৰিয়াল পৰিকল্পনাৰ জৰিয়তে কমখৰচী পৰিয়ালৰ ধাৰণাটো এইসকল লোকৰ মাজত বিয়পাই দি, তাক কাৰ্য্যক্ষেত্ৰত সফল কৰি তুলিব পাৰিব লাগিব ৷ এইয়া মিঞা সংগঠনসমূহ আৰু ৰাজনৈতিক ব্যক্তিসকলৰ বাবে এক জোৰদাৰ প্ৰত্যাহ্বান ৷ সময়ে আনি দিয়া এই প্ৰত্যাহ্বান গ্ৰহণ কৰক ৷ নহ’লে সদায় মিঞা মিঞা বুলি অপমানৰ সুৰেৰে ৰজনজনাই থাকিব অসম ৷ মিঞাসকলক এই পৰিৱেশৰ পৰা মুক্ত কৰাৰ দায়িত্ব সংগঠন, সাংসদ আৰু বিধায়কৰ লগতে সকলো মিঞাৰ ৷
আমি আৰু আমাৰ দৰে বহুত হিন্দুৰ বাবে এই পৰিৱেশ বৰ অস্বস্তিকৰ ৷ আমি এই পৰিৱেশৰ পৰা মুক্ত হৈ অসমীয়া হৈ থাকিব বিচাৰো ৷ এইক্ষেত্ৰত খৰালি দুখনমান মিটিং কৰি আমাক মাতি বৰ বৰ লেকচাৰ দিয়ালেই কাম শেষ হৈ নাযায় ৷ সেই লেকচাৰ বোৰক কাৰ্য্যক্ষেত্ৰত পৰিণত কৰিবলৈ সুপৰিকল্পনা আৰু নিৰলস প্ৰচেষ্টাৰ প্ৰয়োজন ৷ এই প্ৰচেষ্টাত প্ৰথম খোজ পেলাওক স্থানীয় সংগঠনসমূহে ৷ তাত সহযোগ কৰক মিঞা বিধায়ক আৰু সাংসদসকলে ৷ দেখিব, এদিন মিঞা জনগোষ্ঠীয়ে সকলোৰে ইতিকিং বন্ধ কৰি দিব ৷
পাবলিক জিন্দাবাদ
শিখা শৰ্মা
গুৱাহাটী, অসম
৯/৬/২০২১
( শ্বেয়াৰ আৰু নামসহ কপি কৰাত বাধা নাই )
বিঃ দ্ৰঃ চাব দেই ৰাইজ, এতিয়া এচাম অতিহিন্দুৰ গা জ্বলিব ৷ মই হিন্দু হৈ মিঞাৰ বাবে মাত মতা বাবে ৷ মোক লেতেৰা গালিৰে উপচাই দিব চাব দেই ৷ তেওঁলোকক কৈ থ’লো--- মোক হত্যা কৰিলেও মই মোৰ দেশৰ বৈধ নাগৰিকৰ বাবে আমৃত্যু মাত মাতি যাম ৷ তেওঁ হিন্দুৱেই হওক কিম্বা মুছলমান ৷ মোক মোৰ নীতিৰ পৰা আঁতৰাব নোৱাৰিবা ৷ গালি দি লাভ নাই ৷ দুই বছৰে অলেখ গালি দিলা, মুছলমানৰ ঘৈণী বুলিলা, গাড়ী ভাঙিলা, হত্যা আৰু গণধৰ্ষণৰ ভাবুকি দিলা, স্বামীৰ চাকৰি খালা, ঘৰৰ পৰা উলিয়াই বাটলৈ খেদি দিলা, জেলত ভৰালা, সন্তানক অপহৰণৰ ভাবুকি দিলা, পাৰিলা জানো মোৰ আদৰ্শক সলনি কৰিব ? নোৱাৰিলা আৰু নোৱাৰা ৷