04/02/2025
#সুখৱৰ
#কামৰূপৰ #নগৰবেৰা আৰু পাৰ্শ্বৱৰ্তী অঞ্চলবাসীৰ বাবে এটি সু-খবৰ ,নগৰবেৰাত ' #এটলাচ্ #ইনষ্টিটিউট'ৰ আধাৰশিলা স্থাপন
গুণগত শিক্ষা আৰু সুস্থ শৈক্ষিক পৰিৱেশ গঢ়াৰ প্ৰতিশ্ৰুতি | গুণগত শিক্ষাৰ লগতে সুস্থ শৈক্ষিক পৰিৱেশ গঢ়াৰ প্ৰতিশ্ৰুতিৰে সোমবাৰে কামৰূপৰ নগৰবেৰাত 'এটলাচ ইনষ্টিটিউট' নামৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ভুমিষ্ঠ হয় |নগৰবেৰাৰ দোকুছিত বিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে বিশিষ্ট সমাজকৰ্মী হৰমোহন দাস, নগৰবেৰা মৌজা কমিটিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়া সম্পাদক বিভূতি ঠাকুৰীয়াই । অনুষ্ঠানত নগৰবেৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আমজাদ হুছেইন, লুইতপৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অভিৰাম কলিতা, শিক্ষক হাচেন আলী, নজৰ আলীৰ লগতে কেইবাজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী সকলো উপস্থিত থাকে। বিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। বিদ্যালয়খনৰ শিক্ষক ফৰিজুল হক আৰু আশ্ৰাফুল আলমে জনোৱা মতে, উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থী সকলে অসমীয়া আৰু ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিব। বৃহত্তৰ নগৰবেৰাৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চল সমূহৰ আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থী সকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰিব বুলি কয় পৰিচালনা সমিতিয়ে। গুণগত শিক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰা এটলাচ ইনষ্টিটিউট’ৰ সফলতাৰ যাত্ৰাত সকলোৰে সহায় সহযোগিতাৰ লগতে দিহা পৰামৰ্শ কামনা কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে। ইয়াৰপূৰ্বে আধাৰশিলা অনুষ্ঠানত অংশ গ্ৰহণ কৰা ব্যক্তি সকলক সম্বৰ্ধনা জনায় বিদ্যালয় পৰিচালনা সমিতিয়ে