Ulama shura Dawate Tabligh

Ulama shura Dawate Tabligh Dawate Tabligh

08/12/2023

কদমনি মাৰ্কজ মছজিদৰ ইছলাহে মোৱাশ্বাৰা মুফতী আব্দুল্লাহ মাৰুফি চাহাব

19/11/2023

North East istima morigaon Assam India

14/11/2023

M***i Abdul Karim sahab

❗তবলীগী জামাতৰ শেহতীয়া মতানৈক্য ❗👉সম্পূৰ্ণ পঢ়িবলৈ চেষ্টা কৰিব! 🖍️মুফ্তী আব্দুল্লাহ ছাদিকক্বাছিমী 👉তবলীগী জামাতঃ বৰ্তমা...
11/11/2023

❗তবলীগী জামাতৰ শেহতীয়া মতানৈক্য ❗

👉সম্পূৰ্ণ পঢ়িবলৈ চেষ্টা কৰিব!

🖍️মুফ্তী আব্দুল্লাহ ছাদিক
ক্বাছিমী

👉তবলীগী জামাতঃ বৰ্তমান যুগত সৰ্বস্তৰৰ উম্মতৰ হিদায়াতৰ আটাইতক উত্তম আৰু ফলপ্ৰসূ ৰাস্তা।
এক কথাত আল্লাহৰ অতি উত্তম নিআ'মত হৈছে তবলীগী জামাত।
👉সাম্প্ৰতিক যুগত তবলীগৰ পিতৃপুৰুষ হজৰত মৌলানা ইলিয়াছ (ৰহঃ) বিশ্ব বিখ্যাত দ্বীনী প্ৰতিষ্ঠান দাৰুল উলুম দেওবন্দৰ সন্তান। গতিকে স্বাভাৱিকভাৱেই তবলীগী জামাতৰ আটাইতকৈ বেছি শুভাকাংখী দাৰুল উলুম দেওবন্দ আৰু ইয়াৰ সৈতে সম্পৃক্ত সকলো প্ৰতিষ্ঠান আৰু উলামাসকল।
সেয়েহে -
🔺তবলীগৰ কোনো সাধাৰণ ক্ষতিও দেওবন্দে সহ্য কৰিব নোৱাৰে।
🔺তবলীগৰ ওপৰত কোনো আক্ৰমণ বা আঘাত আহিলে সৰ্বপ্ৰথমে দেওবন্দ আৰু সংশ্লিষ্ট উলামায়ে কেৰামেই থিয় দিয়ে।
🔺তবলীগৰ নামত কোনো ভুল বা দ্বীনৰ কোনো বস্তু বিকৃত হ'লে দাৰুল উলুম দেওবন্দ আৰু সংশ্লিষ্ট উলামায়ে কেৰামে সৰ্বপ্ৰথমে সংশোধন কৰাৰ চেষ্টা কৰে। ইমান পৱিত্ৰ কামত ভুল সোমাব আৰু উলামাসকল বহি থাকিব, এয়া সম্ভৱনে?
🔺একাংশ মানুহে উলামায়ে কেৰামৰ এই দায়িত্বক তবলীগৰ বিৰুধিতা বুলি ধৰি লৈ বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য কৰি আছে। সেইসকল মানুহৰ জনা উচিত যে, বিগত প্ৰায় এশ বছৰ ধৰি
সমগ্ৰ নিয়ন্ত্ৰণ, মেহনত, যাৱতীয় নেছাব, কিতাপ, তৰতীব আদি উলামায়ে কেৰামেই মৌলিকভাৱে নিয়ন্ত্ৰণ কৰি আহিছে আৰু আৱামে লগত থাকি সহায় কৰি আহিছে। গতিকে ক'ব পাৰি আৱাম অবিহনে উলামা যদি লেঙেৰা হয় তেনেহ'লে উলামা অবিহনে আৱাম অন্ধ। উলামা বিদ্বেষী আৱাম পথভ্রষ্ট তথা গোমৰাহ।

🔺মৌলানা ছাদ ছাহাব!
তবলীগৰ প্ৰতি তেখেতৰ খিদমত অপৰিসীম।
কিন্তু! বিগত প্ৰায় ১০০ বছৰ ধৰি তবলীগৰ মূল মাৰ্কাজ নিজামুদ্দিন আৰু দাৰুল উলুম দেওবন্দৰ সম্পৰ্ক আছিল নখ আৰু মঙহৰ দৰে। উভয় ঠাইৰ বুযুৰ্গ সকলৰ মাজত সম্পৰ্ক, অহাযোৱা, পৰামৰ্শ বহুত বেছি আছিল।
কিন্তু মৌলানা ছাদ ছাহাব অহাৰ পিছত সেই সম্পৰ্ক ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে।
কিয়? মাটি বাৰী লৈ কাজিয়া? নেতৃত্ব লৈ কাজিয়া?
নহয়! বৰঞ্চ মৌলানা ছাদ ছাহাবৰ একাংশ বেপৰোৱা গেমৰাহী বয়ান। যিবিলাক বাৰে বাৰে সতৰ্ক কৰি দিয়াৰ পিছতো বন্ধ হোৱা নাই।
মোৰ দৰে সাধাৰণ মৌলানাৰ বয়ান বৰবেছি এশ বা হাজাৰ মানুহে শুনিব। ভুল হ'লেও বেছি দূৰলৈ নাযায় শুদ্ধ হ'লেও বেছি দূৰলৈ নাযায়।
কিন্তু মৌলানা ছাদ ছাহাবৰ দৰে বিশ্বৰ প্ৰভাৱশালী ব্যক্তিয়ে নিজামুদ্দিন মাৰ্কাজৰ দৰে গুৰুত্বপূৰ্ণ ঠাইত দিয়া ভাষণ বিশ্বৰ চুকে-কোণে বিয়পি পৰিব। ভুল হ'লে ভুল বিয়পি পৰিব আৰু শুদ্ধ হ'লে শুদ্ধ বিয়পি পৰিব। ভুল আৰু বিভ্ৰান্তিকৰ বয়ান পৃথিৱীৰ লক্ষ লক্ষ মানুহে শুনিব আৰু সেয়া প্ৰচাৰ কৰিব। বাস্তৱত সেয়াই হৈছে আৰু হৈ আছে। (সকলো বয়ান নহয় বৰঞ্চ নিৰ্দিষ্ট কিছুমান বয়ান)। কিন্তু ইয়াৰ প্ৰতি মৌলানা ছাদ ছাহাবৰ সামান্যতমো ভ্ৰুক্ষেপ নাই। বহুতবাৰ দাৰুল উলুম দেওবন্দে তেখেতক সতৰ্ক কৰিছে, বুজাইছে, নিজামুদ্দিনৰ অন্যান্য ডাঙৰ ডাঙৰ বুযুৰ্গসকলেও সতৰ্ক কৰিছে কিন্তু তেখেতে বয়ান কৰোঁতে সতৰ্কতা অৱলম্বন কৰা নাই।

নিজামুদ্দিনৰ সেই বুযুৰ্গসকল তাৰ পৰা পৃথক হোৱাৰ কাৰণসমূহৰ ভিতৰত অন্যতম হৈছে এয়া।
🔺তবলীগী জামাতৰ অন্যতম এটা উচুল হৈছে ইয়াত ফতোৱা নিদিয়া। কেৱল ফাজাইল আৰু দৈনন্দিন জীৱনৰ অতি জৰুৰী কিছু মাছআলাহ-মাছাঈলৰ আলোচনা কৰিব পাৰিব কিন্তু ফতোৱা দিব নোৱাৰিব। কিন্তু মৌলানা ছাদ ছাহাবে এই উচুল কিয় পাহৰি গ'ল সেয়া আল্লাহ তাআ'লাই জানে। উম্মতৰ বিজ্ঞ উলামায়ে কেৰামৰ বিপৰীতে গৈ বিভ্ৰান্তিৰ ফতোৱা দিয়েই আছে।
🔺মই তেতিয়া দাৰুল উলুম দেওবন্দৰ ছাত্ৰ। মাদ্ৰাছা বন্ধ হ'লেই আৰু সুযোগ সুবিধা পালেই নিজামুদ্দিনলৈ গৈছিলোঁ। বহুতবাৰ তাত ৰাতিও কটাইছিলোঁ।
দেশ বিদেশৰ পৰা বিশেষকৈ ভাৰত, পাকিস্তান, বাংলাদেশ, ছৌদি আৰৱ, আদি বিভিন্ন ঠাইৰ পৰা বহুতো চিঠি দাৰুল উলুম দেওবন্দলৈ অহৰহ আহিয়েই আছিল। সকলোৱে কেৱল মৌলানা ছাদ ছাহাবৰ বয়ানৰ ওপৰতেই বেছি প্ৰশ্ন কৰিছে। চিঠিৰ দম বান্ধি গৈছে। এই সম্পৰ্কে দাৰুল উলুম দেওবন্দৰ স্থিতি কি? সেয়া অৱগত কৰিব লাগে ।
শেষত বিষয়টো অত্যন্ত সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি মৌলানা ছাদ ছাহাবৰ সেই নিৰ্দিষ্ট বয়ানৰ ওপৰত ফতোৱা দিয়া হয় আৰু সতৰ্ক কৰি দিয়ে যে, তেখেতৰ সেই বয়ানসমূহ "গোমৰাহ কোন" অৰ্থাৎ গোমৰাহীৰ ফালে লৈ যোৱা বিধৰ। গতিকে সতৰ্ক হোৱা জৰুৰী।
দাৰুল উলুম দেওবন্দৰ সমান্তৰালকৈ অতি প্ৰাচীন বৃহৎ ইছলামী শিক্ষা প্ৰতিষ্ঠান মাজাহিৰে উলুম ছাহাৰাণপুৰ আৰু সমসাময়িক বহুতো ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানেও দাৰুল উলুম দেওবন্দৰ দৰেই একে স্থিতি স্পষ্ট কৰে। স্বাভাৱিকভাৱে গোটেই বিষয়টো দাৰুল উলুম দেওবন্দ আৰু নিজামুদ্দিনৰ বিষয়টো অতি ওচৰৰ পৰা দেখাৰ সুযোগ হৈছিল মোৰ।উস্তাদ সকলৰ কথা-বাৰ্তাৰ দৈনন্দিন আপডেট ভালকৈ জানিছিলোঁ।

🔺মৌলানা ছাদ ছাহাবক দাৰুল উলুম দেওবন্দৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছিল আপুনি আপোনাৰ নিৰ্দিষ্ট বিভ্ৰান্তিকৰ বয়ানৰ পৰা ৰুজু কৰক।
কিন্তু তেখেতে ৰুজু কৰা নাই। কেৱল হায়াতুছ ছাহাবাৰ তালিমৰ সময়ত অতি সৰু মজলিছত মুষ্টিমেয় কেইজনমান লোকৰ সন্মুখত অতি পাতলীয়া ধৰণে ৰুজু কৰে। যিটো কৰা নকৰা সমান। ডাঙৰ ডাঙৰ ইজতেমাত কৰা বয়ানৰ ৰুজু সৰু মজলিছত কৰিলে কিবা লাভ হ'বনে?
কিন্তু দুৰ্ভাগ্যক্ৰমে ৰুজু কৰাৰ পিছতো একাধিকবাৰ তেনে বিভ্ৰান্তিকৰ বয়ান চলায়েই থাকিল।
শেষত দাৰুল উলুম দেওবন্দে ক'লে আমি মৌলানা ছাদ ছাহাবৰ ওপৰত ভৰষা কৰিব পৰা নাই।
🔺এতিয়া একাংশ মানুহে দাৰুল উলুম দেওবন্দক বিভিন্ন ধৰণে কটু সমালোচনা আৰু অপমান কৰাত লাগিল। বিশ্বৰ সমগ্ৰ উলামা সসমাজক অতি নিকৃষ্ট ভাষাৰে গালি-শপনি পৰাত লাগিল। আনকি মাদ্ৰাছাৰ প্ৰচণ্ড বিৰুধী আৰু শত্ৰু হৈ পৰিল।
কোন এওঁলোক?
👉১ম সেইসকল মানুহ যিসকল নতুনকৈ তবলীগী হৈছে।
👉২য়-যাৰ বংশত কোনো আলিম-উলামা নাই। গতিকে আলিমক সন্মানো কৰিব নাজানে।
👉৩য়- তবলীগৰ মূল ৰুহ বা প্ৰাণ সম্পৰ্কে অজ্ঞ।
👉৪ৰ্থ হজৰতজী মৌলানা ইলিয়াছ (ৰহঃ) ৰ মালফুজাত পঢ়া নাই বা বুজা নাই।
👉৫ম নম্ৰতা হৈছে তবলীগী জামাআ'ত ৰ অন্যতম বৈশিষ্ট্য, সেয়া সমূলি পাহৰি গৈছে।
👉৬ষ্ঠ এফালে মৌলানা ছাদ ছাহাবৰ বিভ্ৰান্তিকৰ বয়ানৰ সমৰ্থন কৰি বিশ্বৰ ৯৫ শতাংশ হক্বপন্থী উলামায়ে কেৰামক দুনিয়ালোভী, স্বাৰ্থলোভী আদি অপমানসূচক বাক্য ব্যৱহাৰ কৰি আহিছে।
👉৭ম- ১০০ শতাংশ হক্বপন্থী উলামায়ে কেৰামে তবলীগৰ সমৰ্থক। কিন্তু কিছুমানে তবলীগী জামাতত গৈ সময় লগায় কিছুমানে মাদ্ৰাছা বা খানক্বাহৰ ইছলাহী খিদমতৰ সৈতে জড়িত হোৱাৰ কাৰণে জামাতত সময় দিব নোৱাৰে। কিন্তু নতুনকৈ তবলীগী জামাতৰ সৈতে জড়িত হোৱা একাংশ আৱামে তবলীগী জামাতত সময় নিদিয়া উলামাসকল সমূলি দেখিব নোৱাৰে। দ্বীনৰ বাকী শাখা যেনে - মাদ্ৰাছা, খানক্বাহ, ওৱাজ মেহফিল, কিতাপ লিখা আৰু তবলীগৰ অন্যান্য শাখাক দ্বীনৰ কাম বুলিয়েই নাভাৱে।
👉 মই অধমে জামিয়া জালালালীয়া হোজাই, দাৰুল উলুম দেওবন্দ, আৰু হায়দৰাবাদত পঢ়ি থাকোঁতে বহুতবাৰ ২৪ ঘন্টীয়া জামাতত গৈছোঁ। বহুতবাৰ তিনিদিন, ১০ দিনৰ জামাততো গৈছোঁ।
ৰমজান মাহত এবাৰ চিল্লাও লাগিছে। গতিকে মোৰ চিনাকি তবলীগী সকলে মাছআলাহ-মাছাঈল সুধিলে মোৰ পৰা বা তবলীগী জামাতত সময় লগোৱা আলিমৰ পৰাহে সোধে। কিয়? যিসকল আলিম-উলামা তবলীগী জামাতত সময় লগোৱা নাই তেওঁলোক আলিম নহয়নে? কিয় তেওঁলোকক মূল্যায়ন কৰা নহয়?
👉 দাৰুল উলুম দেওবন্দৰ শেহতীয়া স্থিতি কি?
দাৰুল উলুম দেওবন্দে স্পষ্টভাৱে জনাই দিছে। তবলীগী জামাত মৌলানা ছাদ ছাহাবৰ নেতৃত্বত চলক (ইমাৰত পদ্ধতি) বা শ্বুৰাৰ দ্বাৰা চলক আমাৰ কোনো আপত্তি নাই। কিন্তু মৌলানা ছাদ ছাহাবৰ বিভ্ৰান্তিকৰ বয়ানৰ পৰা প্ৰথমে জনসমাজত ৰুজু কৰিব লাগিব আৰু ভৱিষ্যতে সতৰ্কতাৰে সৈতে বয়ান কৰিব লাগিব।
👉মোৰ দৰে অধমক যদি কোনোবাই প্ৰশ্ন কৰে মুফ্তী ছাহাব, আপোনি মৌলানা ছাদ ছাহাবৰ সমৰ্থকনে? মোৰ উত্তৰ হ'ব নিশ্চয়। কাৰণ তেখেতৰ খিদমত বহুত বেছি।
যদি প্ৰশ্ন কৰে তেখেতৰ বয়ানৰ সমৰ্থন কৰেনে? মোৰ উত্তৰ হ'ব মই কোনো ব্যক্তিৰ পূজা নকৰোঁ। বিশ্বৰ হক্বপন্থী অগণন উলামায়ে কেৰামে আঙুলিয়াই দিয়া ভুলসমূহ শুদ্ধ বুলি মানি লোৱাৰ প্ৰশ্নই নুঠে। যদি কোনোবাই এজন ব্যক্তিৰ অন্ধ প্ৰেমত পৰি বিশ্বৰ অগণন উলামায়ে কেৰামে আঙুলিয়াই দিয়া ভুলসমূহ শুদ্ধ বুলি মানি লৈছে, জানি ৰাখক ইয়াৰ নামেই ব্যক্তিপূজা। যিটো মক্কাৰ তদানীন্তন কাফিৰৰ অন্যতম বৈশিষ্ট্য আছিল।
কাম নিজামুদ্দিনৰ তৰতীবতেই চলক বা শ্বুৰাৰ তৰতীবতেই কৰক দুয়োটাই ভাল। কিন্তু মৌলানা ছাদ ছাহাবৰ বয়ানৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক।
ভুল দাৰুল উলুম দেওবন্দৰ নহয়,,
বৰঞ্চ মৌলানা ছাদ ছাহাবৰহে। দাৰুল উলুম দেওবন্দে ফতোৱা উঠাই ল'লেই সমস্যাৰ সমাধান হৈ যাবনে? পৱিত্ৰ ক্বুৰআন আৰু হাদীছৰ অপব্যাখ্যা আৰু বিভ্ৰান্তিকৰ বয়ানক কেৱল এজন ব্যক্তিৰ বাবেই শুদ্ধ বুলি মানিবনে?
সমাধানৰ ৰাস্তা মৌলানা ছাদ ছাহাবৰ হাতত।
ইন-শ্বা-আল্লাহ সমগ্ৰ বিশ্বৰ হাজাৰ হাজাৰ মানুহৰ মতানৈক্য শেষ হোৱাত বৰ বেছি সময় নালাগিব।
জনসমাজত মৌলানা ছাদ ছাহাবে বিশেষ বয়ানবোৰৰ পৰা ৰুজু কৰক, বিভ্ৰান্তিকৰ ফতোৱা দিয়া বন্ধ কৰক, ভৱিষ্যতে অতি সতৰ্কতাৰে বয়ান কৰক। ইয়াৰ ফলত তেখেতৰ সন্মান লাঘৱ নহয় বৰঞ্চ বৃদ্ধিহে পাব। যদি এইখিনি কৰিব নোৱাৰে তেনেহ’লে বুজিব লাগিব তেখেতৰ ভিতৰত "মইবৰ" ভাৱ সুমাইছে। এই ভাৱ থকা মানুহৰ দ্বাৰা দ্বীনৰ ফায়দা নহয় বৰঞ্চ ফায়দাৰ তুলনাত লোকচান বহুত বেছি হয়। উম্মতৰ মাজত চলি থকা মতানৈক্যৰ মূল দায়ভাৰ তেখেতৰ কান্ধত থাকিব আৰু বুজিব লাগিব তেখেতৰ পূৰ্বসূৰী মৌলানা ইলিয়াছ, মৌলানা ইউছুফ, মৌলানা এনামুল হাচান(ৰহঃ) আদিৰ উচুলৰ পৰা বহুদূৰ আঁতৰি গৈছে।

09/11/2023
24/10/2023

তথাকথিত মওলানা ছাদ নামৰ পথভ্ৰষ্টৰ বিৰুদ্ধে জনমানসত সজাগতাৰ সৃষ্টি নকৰিলে অনাগত দিনত এই পথভ্ৰষ্টই ভাৰতৰ লাখ লাখ সহজ সৰল মুছলমানক বিভ্ৰান্ত কৰি তুলিব।
ছাদ নামৰ পথভ্ৰষ্টৰ সংগ এৰক,,
ছাদ নামৰ পথভ্ৰষ্টৰ সমৰ্থিত তবলিগী সকলৰ সংগ এৰক।

19/10/2023

V/S
ৌলানা_ছাদ_চাহাব V/S তিন হজৰতজী

ুগ্ৰহ কৰি বেছিকৈ শ্বেয়াৰ কৰক যাতে মানুহে জান্তে পাৰে

18/10/2023

M***i Abdul Karim sahab V's Maulana Saad sahab

18/10/2023
15/10/2023
15/10/2023

মোফতি আব্দুল কৰিম চাহাব

13/10/2023

sahab v/s ***i Abdul Karim sahab Assam

10/10/2023

M***i Abdul Karim sahab v/s Maulana Saad sahab

Address

Nagaon
Nagaon

Website

Alerts

Be the first to know and let us send you an email when Ulama shura Dawate Tabligh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category

Nearby media companies


Other Video Creators in Nagaon

Show All

You may also like