পুৰণিগুদাম প্ৰেছ ক্লাৱ Puranigudam Press Club

  • Home
  • India
  • Nagaon
  • পুৰণিগুদাম প্ৰেছ ক্লাৱ Puranigudam Press Club

পুৰণিগুদাম প্ৰেছ ক্লাৱ Puranigudam Press Club স্থাপিত: ২০০৮ চন।

 ৌৰৱ_নবীন_গ্ৰাম্য_সাংবাদিকতা_বঁটা_২০২৩_প্ৰদানমহা-অষ্টমীৰ নিশা ফটো সাংবাদিক প্ৰয়াত ধনটি হীৰা সোঁৱৰণী "অসম গৌৰৱ নবীন গ্ৰা...
23/10/2023

ৌৰৱ_নবীন_গ্ৰাম্য_সাংবাদিকতা_বঁটা_২০২৩_প্ৰদান
মহা-অষ্টমীৰ নিশা ফটো সাংবাদিক প্ৰয়াত ধনটি হীৰা সোঁৱৰণী "অসম গৌৰৱ নবীন গ্ৰাম্য-সাংবাদিকতা বঁটা-২০২৩" প্ৰদান কৰা হয় নগাঁও জিলাৰ পুৰণিগুদামত। "পুৰণিগুদাম প্ৰেছ ক্লাব"ৰ উদ্যোগত অনুষ্ঠিত হোৱা "২৮তম্ পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা" স্থলিত ফটো সাংবাদিক প্ৰয়াত ধনটি হীৰা সোঁৱৰণী "অসম গৌৰৱ নবীন গ্ৰাম্য সাংবাদিকতা বঁটা ২০২৩" প্ৰদান কৰা হয় 'প্ৰতিদিন টাইম' তথা 'অসমীয়া প্ৰতিদিন' বাতৰিকাকতৰ লামডিঙৰ সাংবাদিক পল্লৱী কলিতাক। লামডিঙৰ দৰে এখন ঐতিহ্যমণ্ডিত অঞ্চলত নিষ্ঠা, সততা আৰু অতি সাহসিকতাৰে সংবাদসেৱা আগবঢ়াই যোৱাৰ বাবেই যুৱ সাংবাদিক পল্লবী কলিতাক এই বঁটা প্ৰদান কৰা হয়। ফটো সাংবাদিক ধনটি হীৰাৰ পৰিয়ালৰ লোকৰ সহযোগত উক্ত বঁটাটো প্ৰদান কৰে অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তয়ে। বঁটাটোৰ লগতে পুৰণিগুদাম প্ৰেছ ক্লাৱে পল্লবী কলিতাক এখনি গামোচা, এখন সম্বৰ্দ্ধনা পত্ৰ, এটা স্মাৰক প্ৰদান কৰাৰ লগতে শাৰদীয় উপহাৰ হিচাপে এখনি গ্ৰন্থও প্ৰদান কৰা হয়। উল্লেখ্য যে, "অসম গৌৰৱ নবীন গ্ৰাম্য-সাংবাদিকতা বঁটা-২০২৩" পুৰণিগুদাম প্ৰেছ ক্লাৱে প্ৰতি বছৰে অসমৰ কোনো গ্ৰামাঞ্চলত কৰ্তব্যৰত একোজন উদ্যমী, প্ৰতিভাবান, দক্ষ তথা নিষ্ঠাবান সাংবাদিকক উৎসাহিত কৰিবৰ বাবে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

21/10/2023

#চিত্ৰাংকন_প্ৰতিযোগিতাৰ_ফলাফল_ঘোষণা

সাংবাদিক প্ৰয়াত জয়ন্ত কুমাৰ ভূঞা ক্ষেত্ৰত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত ২১ অক্টোবৰ ২০২৩ (শনিবাৰ)ত অনুষ্ঠিত ২৮তম্ পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলাৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ স্বৰূপ চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল সমূহ:-

"ক" শাখা:
১ম স্থান: নৈবেদ্য গোস্বামী (দ্বিতীয় শ্ৰেণী)
২য় স্থান: হৃষিকেশ কটকী (দ্বিতীয় শ্ৰেণী)
৩য় স্থান: হৰ্ষিতা কলিতা (মুকুল)
নিচুকনি পুৰস্কাৰ:
১. হৃদয় কিশোৰ শৰ্মা (প্ৰথম শ্ৰেণী)
২. ঝুলন কৃষ্ণ বৰা (অংকুৰ)
৩. থনভী বৰা (এল.কে.জি.)

"খ" শাখা:
১ম স্থান: অভিজ্ঞান কৌশিক বৰা (সপ্তম শ্ৰেণী)
২য় স্থান: চিন্ময়ী শৰ্মা (সপ্তম শ্ৰেণী)
৩য় স্থান: প্ৰিয়াংকু শইকীয়া (চতুৰ্থ শ্ৰেণী)
নিচুকনি পুৰস্কাৰ:
১. চন্দনা বৰা (চতুৰ্থ শ্ৰেণী)
২. নীশিতি বৰা (পঞ্চম শ্ৰেণী)
৩. প্ৰিয়াক্ষী শইকীয়া (সপ্তম শ্ৰেণী)

"গ" শাখা:
১ম স্থান: মূৰ্চ্ছনা মধুৰ কলিতা (দ্বাদশ শ্ৰেণী)
২য় স্থান: স্নেহা বৰা (নৱম শ্ৰেণী)
৩য় স্থান: মোদিতা কলিতা (অষ্টম শ্ৰেণী)
উদগনিমূলক পুৰস্কাৰ:
১. তপস্যা বৰা (অষ্টম শ্ৰেণী)
২. ঋতুষ্মিন বৰা (অষ্টম শ্ৰেণী)
..চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা তথা স্থানপ্ৰাপ্ত সকলো প্ৰতিযোগীৰে উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলো।

ধন্যবাদেৰে...
তপন কটকী (সভাপতি)
ভাৰ্গব হাজৰিকা (সম্পাদক)
পুৰণিগুদাম প্ৰেছ ক্লাৱ।

@বঁটা_ঘোষণা@----------------------"পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক" বাণীৰে ১৯৯৬ চনৰ পৰা অনুষ্ঠিত হৈ অহা পুৰণিগ...
18/10/2023

@বঁটা_ঘোষণা@
----------------------
"পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক" বাণীৰে ১৯৯৬ চনৰ পৰা অনুষ্ঠিত হৈ অহা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলাখনি বিগত বছৰৰ দৰে এইবছৰো অহা ২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ প্ৰস্তুতি চলিছে৷ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত সাংবাদিক জয়ন্ত ভূঞা ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শিশু গ্ৰন্থমেলা খনিত শিশুসকলৰ মাজত চিত্ৰাংকনকে ধৰি বিভিন্ন প্ৰতিযোগিতা, কুইজ, সাহিত্যৰ অনুষ্ঠান, কবিমেল, আলোচনা- চক্ৰ, লেখক-পাঠকৰ আড্ডা, নাটক, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব৷ শিশু গ্ৰন্থমেলাতে ২২ অক্টোবৰ (মহা অষ্টমী)ৰ সন্ধ্যা "প্ৰয়াত সাংবাদিক ধনটি হীৰা সোঁৱৰণী নবীন গ্ৰাম্য সাংবাদিকতা বঁটা-২০২৩" প্ৰদান কৰা হ'ব। পোন প্ৰথম বাৰৰ বাবে ঘোষণা কৰা এই বঁটা লামডিঙৰ প্ৰতিদিন টাইম আৰু অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক পল্লবী কলিতাক আগবঢ়োৱা হৈছে। আজি এই বঁটা বাবে পল্লবী কলিতাক নিৰ্বাচন কৰে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ তিনিজনীয়া বঁটা নিৰ্বাচন সমিতিৰ কুলপ্ৰদীপ দাস, তপন কুমাৰ বৰা আৰু নিলোৎপল বৰায়ে। লামডিঙৰ দৰে এটা অঞ্চলৰ পৰা নিষ্ঠা, সততা তথা সাহসিকতাৰে সাংবাদিককতা কৰি অহা পল্লৱী কলিতাক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকী আৰু সম্পাদক ভাৰ্গব হাজৰিকাৰ লগতে উদয‍াপন সমিতিৰ বিষয়ববীয়া সকলে।
পল্লৱী কলিতালৈ অলেখ অভিনন্দন... 💐

🙏:: নিমন্ত্ৰণী পত্ৰ ::🙏-------------------------------হে শ্ৰদ্ধাভাজনেষু,জয় জয়তে ধূসৰ কুঁৱলীৰ শুভ্ৰ আস্বাদনে আদৰি অনা চ...
04/10/2023

🙏:: নিমন্ত্ৰণী পত্ৰ ::🙏
-------------------------------
হে শ্ৰদ্ধাভাজনেষু,
জয় জয়তে ধূসৰ কুঁৱলীৰ শুভ্ৰ আস্বাদনে আদৰি অনা চিৰপ্ৰত্যাশিত দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা তথা সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিলো। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত ১৯৯৬ চনৰে পৰা প্ৰতিবছৰে শাৰদীয় দুৰ্গোৎসৱৰ দিনকেইটাত "পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক" বাণীৰে উদযাপন কৰি আহা হৈছে "পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা"খনি। ৰূপালী জয়ন্তী বৰ্ষ গৰকা উক্ত মননশীল তথা শিশুসকলৰ সাংস্কৃতিক, বৌদ্ধিক, মানসিক, আধ্যাত্মিক, প্ৰযুক্তিগত উত্তৰণৰ ক্ষেত্ৰত যোগাত্মক প্ৰয়াস কৰি অহা অনুষ্ঠানভাগ আপোনাসৱৰ গঠনমূলক দিহা-পৰামৰ্শ, আন্তৰিকতাপূৰ্ণ সহায়-সহযোগিতাৰ জৰিয়তে এইবছৰো পুৰণিগুদাম প্ৰেছ ক্লাৱে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিম বুলি মনস্থ কৰিছো। তদুপলক্ষে অহা ২১ অক্টোবৰ শনিবাৰ (সপ্তমী)ৰ পুৱাৰে পৰা ২৪ অক্টোবৰ মঙ্গলবাৰ (দশমী) নিশা ভাগলৈকে "প্ৰয়াত সাংবাদিক জয়ন্ত ভূঞা ক্ষেত্ৰ"ত চাৰি দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে "অষ্টবিংশতিতম্ পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা, ২০২৩" অনুষ্ঠিত কৰিবলৈ দিহা কৰা হৈছে। গ্ৰন্থমেলাখনিৰ সমূহ কাৰ্যসূচীত আপোনাৰ/আপোনালোকৰ কায়িক উপস্থিতি একান্তচিত্তে কামনা কৰি সাদৰেৰে আগবঢ়াইছো নিমন্ত্ৰণী শৰাই। আশা কৰো আপোনাৰ উপস্থিতি তথা সু-পৰামৰ্শই আমাক বাৰুকৈয়ে উৎসাহিত কৰাৰ লগতে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিব...!

ধন্যবাদেৰে_
তপন কটকী, সভাপতি।
ভাৰ্গব হাজৰিকা, সম্পাদক।
@পুৰণিগুদাম প্ৰেছ ক্লাৱ।

ভাবদীয়_
মণিমাধৱ মহন্ত, সভাপতি।
হেমন্ত শইকীয়া, কাৰ্যকৰী সভাপতি।
নীলৰঞ্জন শৰ্মা, উপ-সভাপতি।
অভিজিৎ বৰা আৰু সীমান্ত কলিতা,
যুটীয়া সম্পাদক।
নয়নমণি বৰা আৰু ভাস্কৰ দাস,
যুটীয়া সাংগঠনিক সম্পাদক।
কাবুল কলিতা আৰু শ্যামেন্দ্ৰ বৈৰাগী,
যুটীয়া সাংস্কৃতিক সম্পাদক।
প্ৰমোদ শৰ্মা, কোষাধ্যক্ষ।
প্ৰচাৰ বিভাগ: জিতুমণি শইকীয়া, বাতচ্ছম এন.ঝেড. হক, দিপাংকৰ ভৰদ্বাজ, নৱজ্যোতি বৰুৱা আৰু সুৰুজ নায়ক।
@২৮তম্ পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা, ২০২৩ উদযাপন সমিতি"

21/09/2023

:: সিদ্ধান্ত ::
যোৱা ২৭-০৮-২০২৩ তাৰিখে অনুষ্ঠিত "পুৰণিগুদাম প্ৰেছ ক্লাৱ"ৰ সাধাৰণ সভা খনত লোৱা প্ৰস্তাৱ অনুসৰি এই বছৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেক বছৰেই "পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা"ত ৰাজ্যৰ কোনো এক গ্ৰাম্যাঞ্চলত কৰ্তব্যৰত এজন উদীয়মান সংবাদসেৱীক "প্ৰয়াত ধনটি হীৰা সোঁৱৰণী নবীন গ্ৰাম্য-সাংবাদিক বঁটা" প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিবছৰে প্ৰেছ ক্লাৱৰ সভাপতি/সম্পাদক সমন্বিতে আন তিনিজনকৈ জ্যেষ্ঠ সাংবাদিককলৈ গঠিত এখন বাচনি কমিতিয়ে গ্ৰাম্যাঞ্চলত নিষ্ঠা সহকাৰে সংবাদসেৱা আগবঢ়াই যোৱা এজন উদ্যমী তথা সাংবাদিকতাৰ ক্ষেত্ৰখনৰ প্ৰতি উচৰ্গিত নবাগত সাংবাদিকক বাচনি কৰি বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। "প্ৰয়াত ধনটি হীৰা সোঁৱৰণী নবীন গ্ৰাম্য-সাংবাদিক বঁটা, ২০২৩" প্ৰদানৰ দ্বাৰা এগৰাকী নবীন গ্ৰাম্য-সাংবাদসেৱীক সাহসেৰে আগুৱাই যোৱাত উৎসাহিত কৰাটোৱেই পুৰণিগুদাম প্ৰেছ ক্লাৱৰ মূল উদ্দেশ্য...!

বাচনি কমিতিখনে দৃষ্টিগোচৰ কৰিব লগীয়া মূল দিশসমূহ:-
১). নবীন সাংবাদিক গৰাকী গ্ৰামাঞ্চলত কৰ্তব্যৰত হোৱাতো বাধ্যতামূলক। চহৰত কৰ্তব্যৰত হ'লে বিবেচনা কৰা নহ'ব।
২). সাংবাদিক গৰাকীয়ে অসমৰ যিকোনো গ্ৰামাঞ্চলত ৩-৫ বছৰ ধৰি একেৰাহে সাংবাদিকতা কৰি থকা হ'ব লাগিব।
৩). তেওঁ কোনো অসমীয়া চেটেলাইট নিউজ চেনেল, বাতৰিকাকত অথবা প্ৰতিস্থিত ৱেব পৰ্টেলত কৰ্তব্যৰত মফচলীয় সাংবাদিক হ'ব লাগিব।
৪). বিগত ৬ মাহৰ ভিতৰত সাংবাদিক গৰাকীৰ দ্বাৰা প্ৰকাশিত অথবা সম্প্ৰচাৰিত যিকোনো দুটা বাতৰিয়ে বহুলভাবে চৰ্চা লাভ কৰা হ'ব লাগিব।
৫). আৰক্ষী থানা অথবা আদালতত সাংবাদিক গৰাকীক বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ নাইবা গোচৰ ৰুজুহৈ থাকিব নালাগিব।

ধন্যবাদেৰে_🙏🏻
তপন কটকী, সভাপতি।
ভাৰ্গব হাজৰিকা, সম্পাদক।
পুৰণিগুদাম প্ৰেছ ক্লাৱ।
২১-০৯-২০২৩

26/12/2022

বিপদৰ বেলিকা পুৰণিগুদামৰ প্ৰবীণ নিষ্ঠাৱান সাংবাদিক জয়ন্ত ভূঞাৰ কাষত ঠিয় হ'বনে আপুনিও...!!!..watch only on "NKtv 24x7"
Airtel Digital TV: 642
Tata Sky: 1977
DishTV: 1536
ACC: 07
GTPL: 271

💐শ্ৰদ্ধাঞ্জলি💐___________মৃত্যু এক চিৰন্তন সত্য, যাক কোনেও ৰোধিব নোৱাৰে৷ কিন্তু কেতিয়া এনে এক অপ্ৰত্যাশিত খবৰ সহজ ভাবে ম...
10/11/2022

💐শ্ৰদ্ধাঞ্জলি💐
___________
মৃত্যু এক চিৰন্তন সত্য, যাক কোনেও ৰোধিব নোৱাৰে৷ কিন্তু কেতিয়া এনে এক অপ্ৰত্যাশিত খবৰ সহজ ভাবে মানি লবলৈ বৰ কঠিন হয়...
নগাঁৱৰ দক্ষিণপাটাৰ জ্যেষ্ঠ সাংবাদিক তথা ১৯৯৬ চনত "আজিৰ বাতৰি" কাকতৰ জৰিয়তে সংবাদ ক্ষেত্ৰ খনত নিজকে এজন সৈনিক হিচাপে প্ৰতিষ্ঠা কৰি পৰৱৰ্তী সময়ত "দৈনিক অগ্ৰদূত" কাকতৰ উপ-সম্পাদক আৰু পৰৱৰ্তী সময়ত "প্ৰাইম নিউজ"ৰ চীফ ৰিপ’ৰ্টাৰ, "প্ৰাগ নিউজ"ৰ চীফ ৰিপ’ৰ্টাৰ আৰু শেহতীয়াকৈ এটা নিউজ প’ৰ্টেলৰ সৈতে জড়িত থকা সতীৰ্থ বসন্ত কুমাৰ শৰ্মা ইমান সোনকালে আমাৰ মাজৰ পৰা চিৰবিদায় ল'ব বুলি ভবা নাছিলো!
জ্যেষ্ঠ সাংবাদিক বসন্ত কুমাৰ শৰ্মাৰ বিয়োগত "পুৰণিগুদাম প্ৰেছ ক্লাৱ"ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছো...💐
লগতে প্ৰয়াত সাংবাদিক গৰাকীৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছো...!
🙏🏻ওমঃ শান্তি🙏🏻

12/10/2022

ইংৰাজী ১২-১০-২০২২ তাৰিখে নগাঁৱৰ পুৰণিগুদাম স্থিত ঐতিহ্যমণ্ডিত "বাপুজী ভৱন আৰু পুথিভঁৰাল"ত অনুষ্ঠিত সাধাৰণ সভাত সৰ্বসন্মতি ক্ৰমে নৱগঠিত "পুৰণিগুদাম প্ৰেছ ক্লাৱ"ৰ সমিতি খন_

উপদেষ্টা মণ্ডলী: (পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সমূহ প্ৰাক্তন বিষয়ববীয়া আৰু...)

সভাপতি:
তপন কটকী।

কাৰ্য্যকৰী সভাপতি:
হেমন্ত শইকীয়া।

উপ-সভাপতি:
শ্যামেন্দ্ৰ বৈৰাগী।

সম্পাদক:
ভাৰ্গব হাজৰিকা।

সহকাৰী সম্পাদক:
অভিজিৎ বৰা।

আইনী উপদেষ্টা:
দীপক ডেকা।

সাংগঠনিক সম্পাদক:
সীমান্ত কলিতা আৰু ভাস্কৰ দাস।

সাংস্কৃতিক সম্পাদক:
কাবুল কলিতা।

পত্ৰিকা সম্পাদক:
নয়নমণি বৰা আৰু ষড়ানণ বৰা।

প্ৰচাৰ সম্পাদক:
জিতুমণি শইকীয়া, ধনটি হীৰা, বাতচ্ছম এন.জেদ. হক, আচিৰুল হক, ফৰিদ উদ্দিন আহমেদ আৰু চাবিৰ আহমেদ।

সদস্য:
দিপাংকৰ ভৰদ্বাজ, নৱজ্যোতি বৰুৱা, হাৰিছ তনভী হক, সুৰজ নায়ক আৰু...

(বি.দ্ৰ. পৰম্পৰাগতভাৱে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ নৱগঠিত কমিটিখন আগন্তুক দুটা বছৰৰ বাবে বাহাল থাকিব)

06/10/2022

বিজয়া দশমীৰ নিশা নিজম পৰিল অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থমেলাৰ। চিত্ৰাংকন আৰু মুকলি কুইজ প্ৰতিযোগিতাৰ বঁটা বিতৰণি, গাম্ভীৰ্যপূৰ্ণ বিষয়ক অন্তৰঙ্গ আলাপ, কেইবাখনি গ্ৰন্থ উন্মোচন, বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ইত্যাদিৰে যৱনিকা পৰিল "পুৰণিগুদাম প্ৰেছ ক্লাব"ৰ উদ্যোগত অনুষ্ঠিত ২৭তম্ "পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা"। প্ৰতিকূল বতৰকো নেওঁচি দূৰ্গোৎসৱৰ মাজতে গ্ৰন্থ বিক্ৰীৰ বৰ্ধিত হাৰে আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে লেখক-পাঠক সকললৈ লগতে গ্ৰন্থমেলাৰ উদ্যোগক্তা সকললৈও...

02/10/2022

"পুৰণিগুদাম প্ৰেছ ক্লাব"ৰ উদ্যোগত ২৭তম বৰ্ষত উপনীত "পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থমেলা" খনি শুভাৰম্ভ হোৱা দিনটোতে অনুষ্ঠিত বিভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিলে ভিন্ন প্ৰান্তৰ সহস্ৰাধিক কন-কন শিশুৱে...
https://fb.watch/fVahGRJpFe/

15/04/2022
15/04/2022

পহিলা ব'হাগত পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত আৰু হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ সহযোগত শিল্পী ৰাজু শ‌ইকীয়াৰ প্ৰচেষ্টাত আয়োজিত বাটৰ বিহু।
২ নং স্থান:- চলচলি বিৰহীচুক

15/04/2022

পহিলা ব'হাগত পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত আৰু হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ সহযোগত শিল্পী ৰাজু শ‌ইকীয়াৰ প্ৰচেষ্টাত আয়োজিত বাটৰ বিহুত....
১ নং স্থান চলচলি হালোৱা গাওঁ

পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত আৰু হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ সহযোগত ভেৰভেৰী মজলীয়া বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈ থ...
05/04/2022

পুৰণিগুদাম প্ৰেছ ক্লাবৰ উদ্যোগত আৰু হালোৱাগাওঁ আঞ্চলিক যুৱ মঞ্চৰ সহযোগত ভেৰভেৰী মজলীয়া বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হৈ থকা ঢোলবাদন আৰু বিহু নাচৰ কৰ্মশালাখনিত আজি উপস্থিত হয় পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলা উদযাপন সমিতিৰ সভাপতি মণিমাধৱ মহন্ত ডাঙৰীয়া। পুৰণিগুদাম প্ৰেছ ক্লাবৰ উপদেষ্টা কুলপ্ৰদীপ দাসৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত মণিমাধৱ মহন্ত ডাঙৰীয়াৰ লগতে পদুম প্ৰসাদ শ‌ইকীয়া,অসীম ভূঞা প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

অসম চৰকাৰৰ জনসংযোগ বিভাগৰ মিডিয়া ফেলশ্বিপ লাভ কৰা বাবে Nk টি.ভিৰ চামগুৰিৰ সাংবাদিক তথা পুৰণিগুদাম প্ৰেছ ক্লাবৰ কাৰ্যকৰী...
23/03/2022

অসম চৰকাৰৰ জনসংযোগ বিভাগৰ মিডিয়া ফেলশ্বিপ লাভ কৰা বাবে Nk টি.ভিৰ চামগুৰিৰ সাংবাদিক তথা পুৰণিগুদাম প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি ভাৰ্গব হাজৰিকাক আজি পুৰণিগুদাম প্ৰেছ ক্লাবে সম্বৰ্ধনা জনায়....

Address

Puranigudam
Nagaon
782141

Website

Alerts

Be the first to know and let us send you an email when পুৰণিগুদাম প্ৰেছ ক্লাৱ Puranigudam Press Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to পুৰণিগুদাম প্ৰেছ ক্লাৱ Puranigudam Press Club:

Videos

Share