Rousana Begum

Rousana Begum হাঁহিয়েই জীৱন।
দৈনিক পাঠক/লেখিকা নহয়।
লিখি/পঢ়ি ভাল লাগে।
মাত্ৰ লিখিব আৰম্ভ কৰিছোঁ
শিকিহে আছোঁ।🍂🥰

08/12/2024

েলোৱা_সেই_দিনটো

✍️

মনত পেলোৱা সেই দিনটো।
যিদিনা তোমাৰ আগমনত আৰম্ভ হৈছিল নতুন দিগন্তৰ_
তুমি ৰুইছিলা এজোপা সপোনৰ গছ_
লহ-পহকৈ বাঢ়িছিল মৰমবোৰ_
আশাবোৰে মেলিছিল পোখা।

মনত পেলোৱা সেই দিনটো।
যিদিনা তাইৰ মনটোক ফোটবল হিচাপে ব্যৱহাৰ কৰিছিলা।
তাইৰ বিশ্বাসক গোৰিয়াই কৰিছিলা গৌ্'ল।
তোমাৰ উদ্দেশ্য সাধন নোহোৱাৰ বাবে বিশ্বাসঘাটকতা কৰি_
ভালপোৱাৰ দুহাই দি লোৱা_
গোপনীয়তাবোৰ দিছিলা উদঙাই।
আৰু তাইৰ মৰমবোৰক দিছিলা দলিয়াই।
সদায় লগত থাকিবা বুলি কথা দি_
এৰি দিলা এখন অজান দেশত।
উপহাৰ দিছিলা নিসংগতাৰ ।
হাহাকাৰ কৰিছিল তাইৰ অন্তৰে।

মনত পেলোৱা সেই দিনটো।
যিদিনা গম পাইছিল তোমাৰ আসুৰিক তৃপ্তি সময়ৰ কথা_
আৰু তুমি অনুভৱ কৰিছিলা তাই কান্দিছিল বুলি।
অথচ সেইদিনা হাঁহি হাঁহি জয় কৰিছিল নিজক_
আৰু তাইৰ অন্তৰৰ কোনৰ পৰা বিলুপ্ত হৈছিলা তুমি।
নিঃশেষ হৈছিল আবেগবোৰ।
বিলুপ্ত হৈছিল তোমাৰ নামৰ অশ্ৰু।
বিলুপ্ত মাথোঁ বিলুপ্ত।
পৰাজয় হৈয়ো জয়ী হৈছিল তাই।
মনত পেলোৱা সেই দিনটো।

( বৰ্তমানৰ সামাজিক মাধ্যমৰ যুগত বিভিন্ন trap কৰা অতিকৈ সহজ। তাৰে কিছুমানে Trapping জালত পেলাই গোপনীয়তাবোৰ উদঙাই দিয়ে আৰু জালত পৰা গৰাকীয়ে গমেই নাপায় কাৰ লগত সম্পৰ্ক কৰিছে।এই চক্ৰৰ পৰা সাবধানতাৰ উদ্দেশ্যেৰে এই লিখনি।)

 ৃদয়_বিদাৰক_ঘটনা।প্ৰতি বছৰে মানুহ আৰু বন্য হস্তীৰ সংঘাত হৈ আহিছে আৰু অনিৰ্দিষ্ট কাললৈ হৈয়ে থাকিব। প্ৰায়ে ক'ৰবাত নহয় ...
06/12/2024

ৃদয়_বিদাৰক_ঘটনা।

প্ৰতি বছৰে মানুহ আৰু বন্য হস্তীৰ সংঘাত হৈ আহিছে আৰু অনিৰ্দিষ্ট কাললৈ হৈয়ে থাকিব। প্ৰায়ে ক'ৰবাত নহয় ক'ৰবাত বন্য হস্তীৰ আক্ৰমণত মানুহৰ প্ৰাণ যায়।এই বছৰৰ ব্যতিক্ৰম নহয় , নগাঁও জিলাৰ অন্তৰ্গত ননৈ শ'লমাৰি পথাৰত ৫ ডিচেম্বৰৰ (যোৱা কালি) নিশা বন্য হস্তীৰ আক্ৰমণত এজন বাটৰুৱা ব্যক্তিয়ে যন্ত্ৰণা দায়ক মৃত্যুক সাৱটি লয়।

ব্যক্তিজনৰ ঘৰৰ মৈৰাবাৰি (শুনা মতে)। দেউতাক কৰ্মসূত্ৰে নগাঁও জিলাৰ ৰাঙলু অঞ্চলৰ দক্ষিণ গমাৰিআতি গাঁৱত বসবাস কৰে। তেওঁৰ পিৰৰ (এক ধৰণৰ ধৰ্ম গুৰু) শিষ্য হয় আৰু গুৰুৰ বিভিন্ন আদেশ পালন বাবে সাংসাৰিক জীৱন অসম্পূৰ্ণ হয়। দেউতাকে মাজে সময়ে আহা যোৱা কৰি থাকে। বহু বছৰ আগতে তেওঁ দেউতাকৰ ওচৰত আহি বহু দিন থাকিছিল। এবাৰ দেউতাৰ ওচৰত কেইদিনমান থকাৰ উদ্দেশ্যৰে যোৱা কালি সন্ধিয়া ট্ৰেনেৰে আহি নগাঁও হয়বৰগাঁও ৰে'ল ষ্টেচনত নামে । ফেব্ৰুৱাৰী মাহৰ পৰা বাছ চেন্দিগেট সলনি হ'ল গতিকে গাড়ী নাই বুলি ভাবি খোজ কাঢ়ি আহিব আৰম্ভ কৰিলে। লক্ষ্য স্থান পাবলৈ ২ কি.মি. বাকী আছিল। বহু দিন আগতে অহা বাবে ঠাই চিনি পোৱা নাছিল। মৃত্যুৰ কিছু সময়ৰ আগত ককায়েকলৈ ক'ল কৰি দেউতাকৰ ঠিকনা লয়। তেওঁ হয়তো এই বিষয়ে অজ্ঞাত আছিল যে বন্য হস্তীবোৰ এই বাটেৰে পাৰ হয়। তেওঁ আহি থাকোঁতে কেনেবাকৈ বন্য হস্তীয়ে আক্ৰমণ কৰে আৰু গছকত তেওঁৰ প্ৰাণ যায়। কেনেকৈ, কি হয়? সম্পূৰ্ণ ঘটনা ৰহস্যময়।

ৰাতিপুৱা মৃত দেহটো কোনোবা এজনে দেখে আৰু কম সময়তে অঞ্চলতো বিয়পি পৰে। মৃত দেহ চোৱাৰ বাবে ঘটনা স্থলীত মানুহে ভিৰ কৰে। হাত এখনে মুখখন আৱৰি থাকে বাবে আৰু এই অঞ্চলৰ নহয় বাবে গাঁৱৰ মানুহে চিনাক্ত কৰিব পৰা নাছিল। আইনি প্ৰক্ৰিয়াবোৰ বাবে কোনো স্পৰ্শ নকৰাকৈ বহু সময় এনেকৈ থাকিল। ইয়াতেই দুখ লগা যে দেউতাকে কাৰোবাৰ মুখৰ পৰা শুনিলে যে হাতী মানুহ এজন মাৰিছে আৰু তেওঁ একেবাৰে অজ্ঞাত যে সেইজন তেওঁৰে পুত্ৰ।ঘটনাটো সত্য হয় নে নহয় জানিবলৈ চিনাকি এজনক সুধিছে 'তাত বুলে হাতীয়ে মানুহ এজন মাৰিছে, কথাটো সঁচা নে?' যিজন ব্যক্তিক সুধিছিল তেওঁ মোৰ ভিনদেউ আৰু তেওঁ নাজানে মৃত ব্যক্তিজনৰ বিষয়ে। তেওঁ 'হয়' বুলি কৈ ঘটনা স্থলীলৈ যায়।

মৃত্যু এক চিৰন্তন সত্য। কেতিয়া কেনেকৈ আহে কোনো নামানে। মৈৰাবাৰি পৰা আহি আন এক অঞ্চলত হাতী গছকত মৃত্যুবৰণ কৰে।

✍️ Begum

28/11/2024

যু*দ্ধ

প্ৰতি বছৰে দুই পক্ষৰ মাজত এখন শীতল যুঁ*জ অথবা হুলস্তূল নাইবা এখন তয়া-নয়া যুঁ*জ হয়। এক পক্ষৰ অপ্ৰান চেষ্টা কৰে যদি আন পক্ষেও চেষ্টাৰ কোনো ক্ৰুটি নাৰাখে যু*দ্ধ খনত জয়ী হ'বলৈ।

দুই পক্ষৰ মাজত পাৰ্থক্য এটাই এক পক্ষৰ উদ্দেশ্য ভঁৰাল ভৰাবলৈ আৰু আন পক্ষৰ উদ্দেশ্য পেট ভৰাবলৈ।

✍️

এই বাৰ জানুৱাৰীত ফুৰিব আহি এক মাহ মান আছিল। তাইৰ ভূল এটাৰ বাবে বহুত গালি পাৰিছিলোঁ। তাৰ পিছতো ডিমাপুৰৰ (নাগালেণ্ড ) পৰা ...
19/11/2024

এই বাৰ জানুৱাৰীত ফুৰিব আহি এক মাহ মান আছিল। তাইৰ ভূল এটাৰ বাবে বহুত গালি পাৰিছিলোঁ। তাৰ পিছতো ডিমাপুৰৰ (নাগালেণ্ড ) পৰা ভনীয়েকে বায়েকলৈ মাকৰ (মাহী) হাতত দি পঠোওৱা ধুনীয়া উপহাৰটি। ইয়াৰ মূল কাৰণ মোৰ বস্তুবোৰ উলত-পালত কৰোঁতে তাৰ মাজত কানফুলি তাই চকুত নপৰিল গতিকে কাণফুলি নাই বুলি ভাবিলে। এইয়া মাথোঁ উপহাৰ নহয় এইয়া মৰম । কিমান দামী সেইয়া মই কেতিয়াও জুখি নাচাও কিমান আন্তৰিকতাৰে দিছে সেইটোহে মোৰ বাবে মেইন। আন্তৰিকতা নোহোৱা আৰু ফৰ্‌মেলিতিৰ বাবে দিয়া দামী উপহাৰ‌ও মোৰ বাবে মূল্যহীন। আল্লাহ‌ই ভালে ৰাখক তোমাক আৰু মনৰ জোখেৰে সুখী হোৱা।

✍️

19/11/2024

প্ৰত্যেকটো ঘটনাৰ তিনিটাকৈ কাহিনী থাকে।

এটা হ'ল চকুৰে দেখা কাহিনী, আনটো আনে সানমিহলি কৰি কোৱা শুনা কাহিনী আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি কিছুমানে আলোচনা- সমালোচনা, তুচ্ছ- তাচ্ছল্য কৰে। ইয়াৰ আৰু এটা কাহিনী থাকে যিতু কোনেও নেদেখা, নুশুনা একমাত্ৰ যাৰ লগত ঘটনাটো সংঘটিত হয় তেওঁহে জনা প্ৰকৃত ঘটনাৰ মূল কাহিনী। যি নোকোৱাকৈ ৰৈ যায় আৰু মৃত্যুৰ আগ মূহুৰ্তলৈ বুকুত লৈ ফুৰে।

✍️

19/11/2024

#মূহুৰ্ত

টাউনত দৰকাৰী কাম এটা কৰি ঘৰলৈ উভতি আহিবলৈ গাড়ীত উঠাৰ পিছত আপোন এগৰাকীলৈ মনত পৰিল। দুই/তিনি দিন আগত অসাবধান বশঃত আঘাত পাইছিল, মই বোলো এই চেগতে তেওঁৰ খবৰটোও লৈয়ে ঘৰলৈ যাম। নোকোৱাকৈ প্ৰায় ১মান বজাত বেমাৰীৰ ঘৰ ওলালোগৈ। তেতিয়ালৈ কিছু সুস্থ হৈছিল। মোক দেখি তেওঁ আনন্দিত, কিছু হাঁহি ধেমালি কৰি পিছত তেওঁ ৰন্ধাত ব্যস্ত হ'ল আৰু ম‌ই তেওঁৰ সন্তানৰ সৈতে ব্যস্ত। কিছু কামত সহায় কৰি দিলোঁ। ভাত, আঞ্জা বাঢ়ি খোৱা টেবুললৈ মাতিলে। টেবুলৰ ওচৰত গৈ মই যোৱাৰ মেইন উদ্দেশ্যলৈ মনত পৰিল।মোক চকী বহী হাঁহি থকা দেখি তেওঁ সুধিলে-

তেওঁ: কিয় হাঁহি আছ'?
মই: বেমাৰীৰ খবৰ লবলৈ আহিছিলোঁ। এতিয়া ওলোটা আপুনিয়েই বনাই খুৱাই আছে। বেমাৰীৰৰ বেমাৰৰ কথা শুধাই নাই।
তেওঁ: শুধিব নেলাগে দে। শুধিলে কি হ'ব নো?
মই: ভাল হ'লে একেবাৰে ঔষধ আনি দিম দিয়ক। এতিয়া থাকক।
তেওঁ: হ'ব খাই ল' এতিয়া।

উদ্দেশ্যটো উলাইছিল যদিও হাঁহি - ধেমালিত আকৌ তল পৰিল। বেমাৰনো কি? আজি আছে কালি ভাল। গতিকে খোৱা মেইন। সকলোয়ে খোৱাত ব্যস্ত।

ঘৰলৈ সোনকালে উভতি আহিব লাগে গতিকে তেওঁৰ ঘৰৰ পৰা সোনকালে ওলাই আহিব ওলালো। মাত লগোৱা সময়ত আকৌ মনত পৰি কিমান, কি হৈছে চাব বিচাৰিলোঁ। তেওঁ আকৌ ক'লে 'থাকক দে, ভাল হৈ লক মলম লৈ পিছত চাবিহি দে' । অহাৰ সময়ত আচল উদ্দেশ্য সাধন কৰি ঘৰ মোৱা হ'ব ল'লো। সেই মূহুৰ্তটো দুয়োগৰাকীয়ে উপভোগ কৰি হাঁহিলো।

সময় কোনো ধৰি ৰাখিব নোৱাৰি। পাৰ কৰা মূহুৰ্তবোৰ‌ই তিতা-মিঠা স্মৃতি হয়। সুখী হোৱা সকলোতকৈ কঠিন গতিকে বেয়াবোৰ পাহৰি ভালবোৰ ধৰি ৰখা সুখীৰ আন এক মূল মন্ত্ৰ।

✍️
ঘটনা-14/11/2024

কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য মিশ্ৰণ নকৰা কৈ ঘৰতে মই তৈয়াৰ কৰা ঘিউ। ১০০ মিলি গ্ৰাম মালাই পৰা ১০-১৫ মিলি গ্ৰাম ঘিউ হে উলাইছ...
24/10/2024

কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য মিশ্ৰণ নকৰা কৈ ঘৰতে মই তৈয়াৰ কৰা ঘিউ। ১০০ মিলি গ্ৰাম মালাই পৰা ১০-১৫ মিলি গ্ৰাম ঘিউ হে উলাইছে।

✍️      কাপোৰৰ লগত মিলাই হিজাব কেপ পোৱাটো দুৰ্লভ বুলি ক'ব পাৰি। যি দুই এটা পোৱা যায় তাকো সোনকালেই বেয়া হৈ যায়। কোনো ফ...
23/10/2024

✍️

কাপোৰৰ লগত মিলাই হিজাব কেপ পোৱাটো দুৰ্লভ বুলি ক'ব পাৰি। যি দুই এটা পোৱা যায় তাকো সোনকালেই বেয়া হৈ যায়। কোনো ফুটা নহ'লে কোনোবাটো ৰং যায়েগে আৰু নহ'লে কোনোবাটোৰ অৱস্থা ইমানেই বেয়া হয় যে ব্যৱহাৰৰ অনুপযোগী হৈ যায়।হাতে তৈয়াৰ কৰা পিছত খালি খালি লাগি আছিল বাবে নিজেই ডিজাইন কৰি ললো।😊

সঁচাকৈয়ে মিলাব পৰা নাই দেখোন।🤔
19/10/2024

সঁচাকৈয়ে মিলাব পৰা নাই দেখোন।🤔

 #মূহুৰ্ত মায়ে খায় ভাল পোৱা শাক।আজি চিঙি আনি ঘৰ সোমাই দেখে মই বহি আছোঁ।মাত লগাই -মা: ঘৰত গৃহস্থ আছে নেকি❓বজাৰ অলপ কৰি ...
15/10/2024

#মূহুৰ্ত

মায়ে খায় ভাল পোৱা শাক।
আজি চিঙি আনি ঘৰ সোমাই দেখে মই বহি আছোঁ।মাত লগাই -

মা: ঘৰত গৃহস্থ আছে নেকি❓বজাৰ অলপ কৰি লৈ আহিছোঁ, ভাত এমুঠি দিব নেকি❓
মই: এই আহক! ইমান ধুনীয়া পাচলি আনিছে কিয় ভাত নিদিম ❓
মা: খেদি দিবা বুলি ভাবিছিলোঁ। তেনেহলে ভাত এমুঠি সোনকালে দিয়া আকৌ এফালে উলায় যাব আছে।
মই: খেদি নিদিওঁ। হাত থুই আহক, ভাত দিওঁ।

এনেকৈ চলি আছে দিনবোৰ।
স্মৃতিবোৰ ইয়াতে সাঁচি থৈছোঁ। সময়ৰ গতিত ব্যস্ত চহৰত যদি পাহৰি যাও ফেচবুকে বছৰে বছৰে মনত পেলাই দিব মূহুৰ্তবোৰ। পৃথিৱীৰ সকলো মাক-দেউতাক সুস্থ আৰু জীৱিত থাকক।

✍️

13/10/2024

I gained 8 followers, created 17 posts and received 143 reactions in the past 90 days! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

I got 4 reactions on my recent top post! Thank you all for your continued support. I could not have done it without you....
13/10/2024

I got 4 reactions on my recent top post! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

✍️

10/10/2024

ে_যুক্তিৰ_সলাগ_ল'ব_নোৱাৰো।

#খণ্ড_২

✍️

সমাজৰ নীতি নিয়মবোৰৰ ইয়াতে শেষ হোৱা নাই। মানুহ মৰণশীল বুলি সকলোৱে জানো কিন্তু পুৰুষ বা পতিজনৰ মৃত্যু হ'লে নাৰীজনৰ ক্ষেত্ৰত হে সকলো নিয়ম। এগৰাকীৰ নাৰী নিজৰ স্বামী হেৰুৱায়ৰ দুখবোৰ হ্ৰাস কৰাৰ পৰিবৰ্তে এগালমান নীতি-নিয়ম জাপি দিবৰ পৰা সমাজখন বিৰত নাথাকে। সমাজৰ উপৰিও কিছু পৰিয়ালৰো এই ক্ষেত্ৰত মুখ্য ভূমিকা থাকে। তেওঁলোকৰ প্ৰথম আৰু প্ৰধান কাম হ'ল মৃত দেহৰ লগত নাৰী গৰাকীক এজোৰ বগা সাজ উপহাৰ দিয়া আৰু তেওঁক অনুভৱ কৰোঁৱা যে তেওঁ এতিয়া এগৰাকী বিধবা। এই নিয়ম অকল দুৰ্বল নাৰীৰ ক্ষেত্ৰত হে পুৰুষৰ নহয়। মই এনে যুক্তিৰ সলাগ ল'ব নোৱাৰোঁ।

নাৰী গৰাকীক বিধবা সাজজোৰ দি সমাজখন ক্ষান্ত নাথাকে। নাৰী গৰাকীক কেনেকৈ আৰু দূখ,কষ্ট দি জীয়াই জীয়াই কেনেকৈ মৃতদেহ কৰিব পাৰে তাৰ বাবে কোনো ক্ৰুটি নাৰাখে।বগা সাজ বাহিৰে মনে বিচৰা আন কোনো সাজ পৰিধান কৰিব নোৱাৰিব, আমিষ খাদ্যৰ উপৰিও মচলাটো নিয়ম বাদ নপৰে। এইয়া পুৰুষৰ ক্ষেত্ৰত নহয়। মই এনে যুক্তিৰ সলাগ ল'ব নোৱাৰোঁ।

এতিয়া আহিল নাৰীগৰাকীক সমাজৰ অনুষ্ঠানৰ পৰা বঞ্চিত কৰা আৰু বিধবা, গিয়েকৰ মূৰ খোৱা, অপয়া, অমঙ্গলী নামেৰে নামাকৰণ কৰা। অকালতে বিধবা হোৱা নাৰী গৰাকীয়ৰ কি দূষ কিন্তু তেওঁ দ্বিতীয় বিবাহ হ'ব নোৱাৰে কিন্তু পুৰুষজনৰ সন্তানৰ সৈতে সুন্দৰ সংসাৰৰ থকা লগতে বয়স ৫০/৬০ উৰ্ধত হ'লেও দ্বিতীয় বিবাহৰ বাবে সমাজৰ কোনো আপত্তি নাথাকে। মই এনে যুক্তিৰ সলাগ ল'ব নোৱাৰোঁ।

এগৰাকী বিধবা নাৰী অকলে কোনো মতে দিন-ৰাতি পাৰ কৰি আছে। এজন কাপুৰুষ পাষণ্ডৰ চকু পৰিল।নিজৰ পৈষাবিক ইচ্ছা পূৰণ কৰিবৰ বাবে উঠি পৰি লাগিব, চেগ বুজি সেই উদ্দেশ্যে উপনীত হ'ব। তেতিয়াও নিৰিহ নাৰী গৰাকীকেই দূষি বুলি অভিহিত কৰিব লগতে তেওঁৰ চৰিত্ৰত কালিমা সানিব । পুৰুষৰ নিকৃষ্ট চৰিত্ৰৰ বা মন- মানসিকতাক দোষ দিয়াৰ কোনো নোলাব। মই এনে যুক্তিৰ সলাগ ল'ব নোৱাৰোঁ।

(আগলৈ)
(এই লিখনিৰ পৰা কাৰো মনত আঘাত লাগিলে নিজ গুণে মাৰ্জিত কৰে যেন। বাস্তৱতাই দেখিয়েই সেই নাৰী সকলৰ বাবে এই লিখনি।)

10/10/2024

পানী খোৱাৰ নিয়মাৱলী # # # # # # #

1 . ভাত খোৱাৰ সময়ত পানী খোৱা বিহৰ সমান ।।আয়ুৰ্বেদ অনুসৰি ভাত হজম হবলৈ পেটত জঠৰঅগ্নি উৎপন্ন হয় ।। এই অগ্নিত পানী পৰিলে অগ্নি নুমাই যায় আৰু ভাত হজম নহয় ।

ভাত হজম নহলে বদহজম হব।। পাছত গেছ হব , acidity হব , ulcer হব , uric এচিড হব , কৌষ্ঠকাঠিন্য হব , পাইলচ হব আৰু একদম শেষত কেঞ্চাৰ হব ।।।

ভাতৰ লগত পানী খালে 103 টা ৰোগ হয় , মহৰ্ষি বাগভত্তৰ 'অষ্টাংগহৃদয়ম ' নামৰ পুথি খনৰ মতে ।

তেওঁ কৈছে যে ভাত খোৱাৰ সময়ত যিমান দাঁত আছে , সিমান বাৰ চোবাই খাব লাগে । প্ৰতিটো দাঁতক খাদ্যৰ স্পৰ্শ হব লাগে ।

তাৰ পিছত আকৌ কৈছে যে ভালকৈ চোবাই খালে ভাতৰ লগত লালটি মিহলি হৈ যায় ।।এই লালটি আৰু পেটত উৎপন্ন হোৱা অম্লৰ সংমিশ্ৰণত খাদ্য জঠৰ অগ্নিৰ দ্বাৰা ভাঙি দিয়ে ।।

ইয়াৰ পিছত উল্লেখ কৰিছে যে ভাত খোৱাৰ 1 ঘণ্টা পাছত পানী খোৱাটো দৰকাৰ । কাৰণ সেই সময়ত শৰীৰক খাদ্যৰ ৰস বনাবলৈ পানী লাগে ।।

ইয়াৰ পিছত কৈছে যে ভাত খোৱাৰ 48 মিনিট আগত পানী খাব পাৰে ।।

ভাত খোৱাৰ সময়ত গলত লাগিলে কেতিয়াবা গৰম পানী খাব পাৰি ।।

2. ঠাণ্ডা পানী কেতিয়াও খাব নালাগে । ঠাণ্ডা পানী খালে সদায় গা জিনজিন কৰা , জ্বলা পুৰা কৰা , কৌষ্ঠকাঠিন্য , নাৰ্ভৰ ৰোগ আদিৰ সৃষ্টি হয় ।

গতিকে ঠাণ্ডা পানী নিষিদ্ধ ।



3. পানী সদায় চিপ চিপ কৰি আৰু বহি লৈ চাহৰ নিচিনা খাব লাগে ।। যদি পানী আপুনি ঘুত ঘুত কৈ গিলি দিয়ে , তেতিয়া হৰ্নিয়া আৰু আপেনদীক্স আদি ৰোগ হব পাৰে ।।।

4. ৰাতিপুৱা উঠিয়েই 10 মিনিট পাছত 1 লিটাৰ 250 মিলিগ্ৰাম পানী খাব লাগে ।। তেতিয়া গোটেই দিনটো গৰম নালাগে ।। শৰীৰটো চাফা হৈ যায় । কোনো ধৰণৰ ৰোগে থিতাপি লব নোৱাৰে ।

ৰাতিপুৱা যেনেকৈ গাড়ী এখনত পানী ভৰাই লয় , তেতিয়া গাড়ীখনৰ ইঞ্জিন গৰম নহয় আৰু ৰাস্তাত বন্ধ নহয় ।।

ঠিক তেনেকৈ আমাকো ৰাতিপুৱাই পানী লাগে ।।।

5 . এজন সুস্থ মানুহক নিজৰ ওজনক 10 ৰে হৰণ কৰি তাৰ পৰা 2 বিয়োগ কৰি যিমান ওলায় ,সিমান পানী লাগে ।।

অৰ্থাৎ আপোনাৰ ওজন যদি 70 কেজি , তেন্তে 70÷10= 7

7-2= 5

অৰ্থাৎ 5 লিটাৰ পানীৰ দৰকাৰ আপোনাক ।।। যদি এইখিনি নাপায় , তেন্তে শৰীৰ গৰম হয় আৰু অগ্নিৰ লক্ষণ বোৰ দেখা দিয়ে ।।।

বটলত ভৰাই থোৱা পানী , সাফৰ বন্ধ পানী , পোহৰ নপৰা পানী , প্লাষ্টিকৰ বটলৰ পানী আদি শৰীৰৰ বাবে বিহ স্বৰূপ হয় ।
বাহিৰত গলে কাঁচৰ বটলত পানী ভৰাই লৈ যাব পাৰে ।

এলুমিনিউমৰ বাচনত গৰম কৰা পানীয়ে বিহ উৎপন্ন কৰে আৰু ই ডায়েবেটিচ ৰোগীৰ বাবে ঘাটক হয় ।

গৰমৰ দিনত গৰম পানী খোৱাটো উপযোগী । বাহিৰৰ পৰা আহি কেতিয়াও ঠাণ্ডা পানী নাখাব ।
মনত ৰাখিব , পানীয়ে প্ৰাণ আৰু পানীয়ে বিনাশ । যদি পানীক শৰীৰে ধাৰণ কৰিব পাৰিছে , তেন্তে ই প্ৰাণ দিব শৰীৰত আৰু যদি ধাৰণ কৰিব পৰা নাই , তেন্তে বিনাশ আনিব শৰীৰৰ ।

High pressure থকা ৰোগীয়ে গা ধুবলৈ যোৱাৰ আগতে সদায় এগিলাচ গৰম পানী খোৱা অভ্যাস কৰক ।
পানী খাবলৈ সদায় ঘটিৰ ব্যৱহাৰ কৰক । গিলাচ ভাৰতীয় সভ্যতা নহয় । গিলাচ ভাৰতলৈ পতুৰ্গীজসকলে আনিছিল । ঘটিত পানী খালে পানী লাহে লাহে পেটলৈ যায় আৰু শৰীৰে ধাৰণ কৰে ।

শৰীৰত পানীৰ পৰিমাণ কম হলে দেখা পোৱা লক্ষণবোৰ হল : গৰম লগা , খং উঠা , জিন জিন কৰা , গা জ্বলা পুৰা কৰা , পেচাব হালধীয়া হোৱা , খুজটি হোৱা , খৰ হোৱা , ডায়েবেটিচ , high BP ইত্যাদি ।।
এইবোৰ লক্ষণ দেখা দিলে আপুনি পানী খোৱাৰ নিয়ম সলনি কৰক । নহলে পাছলৈ গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে ।

এইবোৰৰ বাবে পানী অকল ওপৰত দিয়া নিয়ম অনুসৰীহে খুৱাওক বা খাওক ।

✍️পংকজ পাঠক চাৰৰ উৱালৰ পৰা।
ধন্যবাদ , ভাল লাগিলে share কৰক 🙏🙏

09/10/2024

ে_যুক্তিৰ_সলাগ_ল'ব_নোৱাৰোঁ।

খণ্ড-১

✍️

মানুহ চন্দ্ৰত ভৰি দিলে গৈ, অথচ সমাজৰ কিছুমান নীতি-নিয়মে এতিয়াও পিছা এৰাই নাই। ইয়াৰ উপৰিও এই নিয়ম ৯০% দুৰ্বল নাৰীৰ বাবে হে আৰু এই নিয়মবোৰ প্ৰবৰ্তন কাৰিও কিন্তু বেছিভাগ নাৰীয়ে।এক কথাত ক'ব গ'লে নাৰীয়েই নাৰীৰ ঘূৰ শত্ৰু। তিতা হ'লেও এইয়াই সত্য।

এহাল দম্পতিৰ বিয়া হোৱা কেইবা বছৰ হ'ল। তেওঁলোকৰ সুখেৰে দিনবোৰ অতি বাহিত হৈ আছে। কিবা কাৰণজনিত বা সমস্যাৰ বাবে এটি সন্তানৰ সুখৰ পৰা বিৰত। সমস্যা যাৰে হক কিন্তু তাৰ বাবে দায়ী নাৰী গৰাকী হে। এতিয়া ওচৰ চুবুৰীয়াৰৰ প্ৰধান কাম হ'ব নাৰীগৰাকীক কাঠবাজী, সন্তানহীনতা, অপয়া,অমঙ্গলী আদি নামেৰে নামাকৰণ কৰা।তাৰ পিছৰ কাম হ'ল বাটে-পথে নাৰীগৰাকীক লাঞ্চিত কৰা। ৰাতিপুৱাৰ যাত্ৰাৰ পৰা আৰম্ভ কৰি হালধি, মেহেন্দি, সন্তান সম্ভাবাৰ বিভিন্ন অনুষ্ঠানৰ পৰা বঞ্চিত কৰা। কাৰণ তেওঁৰ উপস্থিতত ন কইনা/দৰা, অন্তসত্ত্বা সকলৰ অমঙ্গল হ'ব। যদি পৰিয়ালৰ কিবা অনুষ্ঠানত উপস্থিত হয়, এটা কোণত বহি থাকিব লাগে আৰু তাৰে কোবা মহিলা এগৰাকীয়ে কৈয়ে উঠিব, "সন্তানৰ কথা কিবা ভাবিছা নে নাই?" তাৰে আন এগৰাকীয়ে, "তাইৰে চাগে কিবা দোষ আছে" বুলি ক'ব।কিন্তু সেই গৰাকী নাৰীৰ পতিৰ টকাৰে দামী উপহাৰটো বা পতি জনে অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰা শেষলৈকে উপস্থিত থাকিলেও কোনো অমঙ্গল নহয় ইয়াৰ মূল কাৰণ নাৰীৰ গৰাকীহে নিঃসন্তান, পুৰুষজন নহয়। মই এনে যুক্তিৰ সলাগ ল'ব নোৱাৰোঁ।

পৰিয়ালৰ কোনোবাই ৰাতিপুৱা দুয়োজনকে মাত লগাই কিবা কামৰ উদ্দেশ্যেৰে ওলাই গ'ল। নিজৰ উগ্ৰতা,অসাবধান বশঃত বা কাৰণ যিয়ে নহক যদি কিবা অঘটন হয় কিন্তু নাৰী গৰাকীৰেই দোষ। ইয়াৰ কাৰণ বেলেগ একো নহয়, এটা কাৰণ আছেই ৰাতিপুৱা মুখখন দেখি যোৱাৰ কিন্তু পুৰুষ জনৰ মুখখন দেখাত একো নহয়। ইয়াৰে কিছুমানে সন্মুখতে ক'ব, "তুমি ৰাতিপুৱা বাহিৰলৈ ওলাই নাহিবাচোন, আৰু যাত্ৰা শুভ নহয়!" মই এনে যুক্তিৰ সলাগ ল'ব নোৱাৰোঁ।

এনে নিয়ম কিমান দূৰ গ্ৰহণ যোগ্য?

(আগলৈ)
(লিখনিয়ে কাৰোবাৰ মনত আঘাত লাগিলে নিজ গুণে মাৰ্জিত কৰে যেন)

07/10/2024

এটা লাইভ অনুষ্ঠান পৰিচালনা কৰি থকা শ্বেখ জনক ল'ৰা এটাই ক'ল কৰিলে। তেওঁ ক'লে যে, "তেওঁ প্ৰেমত পৰিছে আৰু তেওঁ সেই প্ৰেমাস্পদক পাহৰিব পৰা নাই।" তাৰ বাবে তেওঁ শ্বেখ জনৰ পৰা উপদেশ বিচাৰিলে। শ্বেখ জনে ল'ৰাটোক আল্লাহৰ পৰা সহায় বিচাৰিবৰ বাবে আৰু বেছি বেছিকৈ দোৱা কৰিবলৈ ক'লে।

ল'ৰা জনে আকৌ শ্বেখজনক সুধিলে যে, "এনেকুৱা কোনো বিশেষ দোৱা আছে নেকি যাৰ দ্বাৰা তেওঁৰ হৃদয়ত থকা ভালপোৱাৰ অনুভূতিবোৰ নাইকীয়া হৈ যায়।"শ্বেখ জনে ল'ৰা জনক দুটি দোৱা পঢ়িবলৈ দিলেঃ " হে আল্লাহ, আপোনি মোৰ হৃদয়ত নুৰ দান কৰক, চকুত নুৰ দান কৰক, কাণত নুৰ দান কৰক।"(নুৰৰ অৰ্থ- পোহৰ, জোনাক)

শ্বেখজনে দোৱা শেষ কৰাৰ আগতে ল'ৰাজনে বাধা দি ক'লে যে, প্লিজ, প্লিজ সন্মানীয় শ্বেখ চাহেব। ৰখক!ৰখক! শ্বেখ জনে এইবাৰ ভাবিব ধৰিলে যে তেওঁ কিবা ভুল ক'লে নেকি!
ল'ৰা জনে ক'লে, 'ম‌ই যি গৰাকীৰ ছোৱালীৰ প্ৰেমত পৰিছো তাইৰ নাম নুৰ।'

শ্বেখ জনে এই কথা শুনি ইমানে হাঁহে যে তেওঁ প্ৰগ্ৰেম বন্ধ কৰি ব্ৰেক ল'ব লগা হ'ল।

(ভাবানুবাদ
উৎস-ফেচবুক)

✍️

 #ছাগলী_আৰু_পশুপালক      এজন পশুপালকে দুৰ্গাপূজাৰ উপলক্ষে নিজৰ সংসাৰৰ অভাৱবোৰ আৰু সন্তানৰ মুখত হাঁহি ফুতাবলৈ ছোৱালী পোৱা...
07/10/2024

#ছাগলী_আৰু_পশুপালক

এজন পশুপালকে দুৰ্গাপূজাৰ উপলক্ষে নিজৰ সংসাৰৰ অভাৱবোৰ আৰু সন্তানৰ মুখত হাঁহি ফুতাবলৈ ছোৱালী পোৱালীজনি বিক্ৰী কৰিবৰ বাবে বজাৰলৈ ওলাই গ'ল। তেনেতে ছাগলীজনীয়ে পশুপালকজনক সুধিলে,
: মোক ক'ত লৈ যাব?
: বজাৰলৈ।
:কিয়?
:তোক বিক্ৰী কৰি দিম, কোনো সাধু বা বাবাৰ হাতত।
: এওঁলোকৰ হাতত কিয়?
: তেতিয়া মই দুই প‌ইচা বেছিকৈ পাম।
: তুমি মোক বেচিবৰ বাবে পুহিছিলা।
:অ', এইয়া কৰিয়েই মই ঘৰখন চলাই আছোঁ। ইমান সৰুতে তোক বেচিবৰ মন নাই । মাজনীক বিহুত একো এটা দিয়া নাই। পূজাৰ কথা শুনিয়ে মনটো বেজাৰ কৰি আছে । গতিকে উপায় নাই মোৰ। বুজিছ!
: একো নাই, তুমি মোক বিক্ৰী কৰি দিয়া। মাজনীৰ কাৰণে ধুনীয়া কাপোৰ এজোৰ দিবা। তাই মোক কিমান মৰম কৰিছিল।
পিছত সিহঁতে কি কৰিব মোক?
: সিহঁতে নি তোক বলি দিব।
:বলি দিলে কি হয়?
:দেবী সন্তুষ্ট হয় বুলি সিহঁতে বিশ্বাস কৰে।
:হিঁহি হাঁহা হাঁহা
: সিহঁতে নি তোক বলি দিব আৰু ত‌ই হাঁহিচ যে!
: মই মাত্ৰ ৪/৫ মাহৰ আৰু তেনেকুৱা কোনো পাপ কৰা নাই। ইয়াৰ উপৰিও ম‌ই ঘাঁহ আৰু পানী খাঁওতেও মোৰ মৃত্যু ইমান ভয়ংকৰ। মই হাঁহিছো তেওঁ লোকৰ মৃত্যু কথা ভাবি যে তেওঁ লোকৰ মৃত্যু কেনেকুৱা হ'ব যি নিৰ্মম ভাবে জীব হত্যা কৰে উপাস্য জনৰ সন্তুষ্টিৰ বাবে। কোন জনে বাৰু আন জীৱৰ নিৰ্মম হত্যাত সন্তুষ্টি হয়? মই তেওঁক সুধিম কেনেকৈ তেওঁ সন্তুষ্টি হ'ব পাৰিছে?

দুৰ্গাপূজা বা কালিপূজাত বলিপ্ৰথা চলি আছে।কাৰো ধৰ্মীয় আঘাত সানি লিখা মোৰ উদ্দেশ্য নহয়। তলৰ ফটোখনৰ ভিডিঅ'টো কৰ, কেতিয়াৰ নাজানো! কিন্তু এয়া কিমান দূৰ গ্ৰহণযোগ্য। এটা জীৱন্ত ছাগলী পোৱালি মুখেৰে কামুৰি গাৰ ছাল এৰাইছে। এনেকৈ এটা নিৰিহ জীৱক যন্ত্ৰণা দি হত্যা কৰিলে কোন জন দেৱতা সন্তুষ্ট হ'ব? ভিডিঅ' অলপ চাই মই কথা খিনি লিখোঁতে মোৰ বুকুখন কপি গৈছে। পোৱালি জনীৰ চিঞৰে তেওঁলোকৰ মনটো অলপো বেয়া নেলাগিল নে?

এতিয়া কিছুমানে ক'ব ইছলাম ধৰ্মৰ বৰ ঈদৰ সময়ত ক'ত থাকা তেতিয়া মনত নপৰে নে? পৰে তেতিয়াও পৰে কিন্তু ইছলাম ধৰ্মত জবাই কৰে। জবাই বা বলি আৰু এইধৰনৰ বলি দিয়া কোনটো আটাইতকৈ যন্ত্ৰণাদায়ক লিংকত গৈ ভিডিঅ'টো চালে গ'ম পাব। কোনটো দিশেৰে মানুহ জীৱ শ্ৰেষ্ঠ বাৰু? ধৰ্মৰ নামত বিভিন্ন জীৱবোৰৰ অত্যাচাৰ বন্ধ হ'ব নালাগেনে বাৰু?👇

https://fb.watch/v3n6bQglm7/?mibextid=Nif5oz

✍️

30/09/2024

#শৈশৱৰ_স্মৃতি

মায়ে বাঁহৰ গাজ কুটি টেমা এটাত ভৰাই থৈ দিছিল। কচুৰ দালিত দি খাই বৰ ভাল পাই। ৰ'দত দিয়াৰ বাবে কিছু ৰঙচুৱা হৈ গ'ল। গাঁৱৰ বৌ এগৰাকী আবেলি আহি ওলাল। টেমাতু দেখি ল'ৰা দুটা মাক শুধিয়ে দিলে - আইতা এয়া কি? মায়ে বোলে বাঁহৰ গাজ! খাবি নেকি ?

মায়ে সিহঁতৰ ভাজ দেখি গ'ম পাই সিহঁতৰ হাতত অলপ কৈ খাবলৈ দিলে। নেজানো কিনো সোৱাদযুক্ত খাদ্য দেখিলে, মুখত দি চোবাবলৈ আৰম্ভ কৰিলেই।

মই বোলো - তহঁতে যে বাঁহৰ গাজ খাই আছ, তহঁতে শেষ হলি আৰু পেটত গৈ বাহঁ গজিব, গ'ম পাবি বাপেকে। বাঁহৰ পাত নাকে, কাণে, মুখে আৰু কোন পেন দি ওলাব গমে নেপাবি। পিছে কাৰনো মৰাৰ ভয় নাই। ক'ব হে পালোঁ। লগে লগে দুটাই হাতত থকা খিনিও পেলালে লগতে মুখ পৰাও উলিওৱাই পেলালে। ইহঁতক ম‌ই কমতিৰ পৰা বাচাইছোঁ নে বাৰু! এইয়া প্ৰমাণ ভাল মানুহ এতিয়াও আছে।

আমিও সৰুতে তেতেঁলি গুটি, বগৰী গুটি, তৰমুজৰ গুটি কেনেবাকৈ পেট গ'লেই পচন্দ ভয় লগতে ভাবোঁ হ'ল আৰু পেটত গছ গজিব, শেষ আৰু ম‌ই । আজি মৃত্যু খাটাং। কেতিয়াবা অতিমাত্ৰা তেতেঁলি, বগৰী, ৰবাব টেঙা খোৱা বাবে যেতিয়া ৰাতি পেট বিষ হয়। সেই দিনা হ'ল আৰু বোলো আজি কোনেও বচাব নোৱাৰে । এতিয়া চাগে গছ গজিব সেই কাৰণে পেট বিষাইছে। যিমান পেটৰ বিষ তাতকৈও দুগুণ বৰকৈ চিঞৰি থাকোঁ মৰাৰ ভয়ত আৰু এই পিনে আমাৰ ওলোটা-পোলোটা বাগৰ দেখি মায়ে ভূতে ধৰা বুলি ভাৱি জৰা পানী, পাণ, সৰিয়হ দি জৰা কত কিছু কৰে তথাপি আমাৰ কান্দোন নকমে। দেউতাই (আব্বা) গোটেই দিনটো কষ্ট কৰি আহি ৰাতি আৰাম কৰা সময়ত আমাৰ হুলস্তূল দেখি এটা থমকি হে দিয়ে। তেতিয়া মাৰ সকলো জৰা- ফোকাতকৈ দেউতাৰ এটা থমকিয়েই আমাৰ পেটৰ বিষৰ বাবে মৌঔষধ হৈ যায় আৰু যিখন পেট বিষ থাকে তেনেকৈ মনে মনে নিতাল মাৰি শুই থাকোঁ। ৰাতিপুৱালে সকলো ইতিহাস মানে ৰাত্ গ‌‌ই ট‌ঔ বাত্ গ‌ই। নতুন দিন নতুন পৰিকল্পনা চিধা কথা।

পিছে দেউতাৰ ধমকিত কমতি পাউৱাৰ নে? দেউতাৰ থমকিৰ বাবে আজিলৈকে জীৱাই আছোঁ নহ'লে তেতিয়াই গছ গজি এতিয়ালৈ ৰাইজে ফল খাব পালে হেঁতেন চাগে।

✍️

(বি:দ্ৰ: ভুলবোৰ আঙুলিয়াই দিব)

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Rousana Begum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share