NTV News Assam

NTV News Assam N TV News Kampur

08/02/2024

কামপুৰত ভূমিক বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত খণ্ড যুদ্ধ ।

কামপুৰৰ বুঢ়াপতীয়া গাঁৱৰ কিচামৰ ৩৭৭ নং ম্যাদী পট্টাৰ ৯৪৪ নং দাগৰ ভূমি খিনি সীমা লস্কৰৰ বুলি দাবী কৰি তথ্য দাঙি ধৰিছে ।

৩৭৭ নং ম্যাদী পট্টাৰ ৯৪৪ নং দাগৰ ভূমি খিনি হজৰত আলী নামৰ ব্যক্তিজনে অবৈধ ভাবে দখল কৰি আছে বুলি অভিযোগ কৰিছে ।

৩৭৭ নং পট্টাৰ ৯৪৪ নং দাগৰ ভূমি খিনি প্ৰকৃততে কাৰ এতিয়াও পোহৰলৈ অহা নাই ।

সীমা লস্কৰে গাঁৱৰ ৰাইজক লগত লৈ হজৰত আলীয়ে বসবাস কৰি থকা বাসগৃহটি উচ্ছেদ কৰে ।

পৰিস্থিতি উত্তপ্ত হোৱাত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

উল্লেখ্য যে বৰ্তমান প্ৰশাসনৰ ফালৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।

11/12/2023

বহু ঘাট-প্ৰতিঘাটকো নেওচি সৎ-সাহস, সততা, ক্ৰীড়াবিদ, ৰাজনীতিবিদ, সামাজিক-সাংস্কৃতিক, আৰু সমাজৰ প্ৰতি সু-চিন্তা কৰা আৰু একাগ্ৰতাৰে তিনিটাকৈ দশক অতিক্ৰম কৰা এটা দিঘলীয়া পৰিক্ৰমাৰ অন্তত বৰ্তমান এখন উচ্চ আসনৰ গৰাকী হোৱা ব্যক্তি জনেই হৈছে কামপুৰৰ সুযোগ্য সন্তান শ্ৰীযুত বাবুল বৰা । যি নেকি সৰ্বভাৰতীয় এটা শক্তিশালী ৰাজনৈতিক দলত তিনিটাকৈ দশক থমকি নোৰোৱাকৈ দলটোৰ প্ৰতি তেখেতৰ যি শ্ৰদ্ধা-ভক্তি তাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ জিলাৰ সভাপতিৰ আসন খনৰ গৰাকী হবলৈ সক্ষম হৈছে । তেখেতৰ এই অবিৰত যাত্ৰা সদায় অবিৰত ভাবে আগুৱাই গৈ থাকক আমিও কামনা কৰিছোঁ । তেখেতৰ মনৰ কিছোঁ ভাব ....প্ৰকাশ কৰিছে....

04/12/2023

কামপুৰত বিজেপি কৰ্মী হৰ্ষ উল্লাস । মধ্যেপ্ৰদেশ, চত্তিশগড় ৰাজস্থানকে ধৰি তিনিখনকৈ ৰাজ্য বিজেপি দখললৈ অহাৰ পিছতেই আঁতজ বাজি ফটকা ফুটাই আনন্দ উল্লাস বিজেপি কৰ্মীৰ । নৰেন্দ্ৰ মোদী জিন্দাবাদ, ভাৰত মাতা কি জয় ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে কামপুৰৰ ৰাজপথ ।

01/12/2023

কামপুৰত ৮৭ সংখ্যক ৰাস মহোৎসৱ । দ্বিতীয় বৃন্দাবনলৈ পৰিনত হ'ল কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰ । কামপুৰ উন্নতি সাধিনী সভাৰ উদ্যোগত আৰু কামপুৰ আঞ্চলিক যুৱক সমাজৰ সহযোগত কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন । কামপুৰ অঞ্চলৰ জীয়ৰী- বোৱাৰী সকলে ৰাসমহোৎসৱত অংশ লৈ দ্বিতীয় বৃন্দাবনলৈ পৰিনত কৰে । ৰাস মহোৎসৱ উপভোগ কৰিবলৈ সহস্ৰাধিক লোক উপস্থিত হয় ৰাস পথাৰত । উল্লেখ্য যে পুতলা ৰাসৰো ব্যৱস্থা কৰিছে ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ।

18/11/2023

শৰৎ কালৰ ৰাতি অতি বিতোপন, ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন । এতিয়া শৰৎ কালৰ বতৰ । সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া শ্ৰী শ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া আয়োজনৰ ব্যাপক প্ৰস্তুতি । তাৰ সমান্তৰালকৈ কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত কামপুৰ উন্নতি সাধিনী সভাৰ উদ্যোগত আৰু কামপুৰ আঞ্চলিক যুৱক সমাজৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণ ৰাস উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অহা ইং ২৬, ২৭ ২৮,আৰু ২৯ নবেম্বৰত চাৰিদিনীয়া কায্যসুচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱৰ ।

08/10/2023

কামপুৰৰ শংকৰদেৱ বিদ্যানিকেতনত স্বাস্থ্য মেলা ।
কামপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আয়ুস্মান তথা কল্যান কেন্দ্ৰৰ সাপ্তাহিক স্বাস্থ্যমেলা । উপস্থিত থাকে কামপুৰ পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱা, সমাজকৰ্মী ৰানা ভূঞা, স্বাস্থ্য কৰ্মী বিশ্বজিৎ বৰা, ২নং মহলাৰ আয়ুক্তা মালবিকা বৰা, চিকিৎসক আব্দুল কোৱাইম, আবিদা বেগম, অৱসৰপ্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী মোহন বৰাৰ লগতে উপস্থিত থাকে কামপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ যোগ প্ৰশিক্ষক ধমেন্দ্ৰ কুমাৰ সিঙ ।

08/09/2023

দেৱনাৰিকলিৰ "মিলিজুলি প্ৰগতি প্ৰতিশ্ৰুতি মঞ্চৰ" উদ্যোগত কৃষি বিভাগৰ "সজাগতা" সভা । "মিলিজুলি প্ৰগতি প্ৰতিশ্ৰুতি মঞ্চই" আয়োজন কৰা কৃষি সজাগতা সভা খনত ভাৰত চন্দ্ৰ শইকীয়াই সভাপতিত্বত কৰা সভা খনত উপস্থিত থাকে কৃষি বিভাগৰ ADO সমীৰ মেধি আৰু কৃষি বিভাগৰ গ্ৰাম সেৱক ভাগ্য বৰাৰ লগতে বহু গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে । এই কৃষি সজাগতা সভা খনত কৃষক সকলে কেনেদৰে শস্য উৎপাদন কৰিব পাৰিব তাৰ ওপৰত কৃষক সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কৃষি বিভাগৰ পৰা কৃষক সকলে কি কি সুবিধা সমূহ লাভ কৰিব তাৰ ওপৰতো আলোচনা কৰে ।

08/09/2023

কামপুৰ চেনীকলৰ আশে পাশে এটা বাঘ উলাইছে বুলি সামাজিক মাধ্যমত এখন ফটো প্ৰেৰণ কৰি কামপুৰ বাসীৰ মাজত একাংশ লোকে আতংকৰ সৃষ্টি কৰিছে । এই উৰা বাতৰিৰ সন্দৰ্ভত কামপুৰ আঞ্চলিক বন বিষয়া ৰঞ্জিত কুমাৰ ফুকনৰ প্ৰতিক্ৰিয়া । কামপুৰ বাসীক এই উৰা বাতৰিত গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে বন বিষয়া গৰাকীয়ে । আনহাতে স্থানীয় লোকৰ অভিযোগ এই উৰা বাতৰিৰ আৰঁত বহু ৰহস্য লুকাই থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে । উৰা বাতৰিৰ সন্দৰ্ভত কামপুৰ বন বিভাগে ঘটনা স্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত অভিযান অব্যাহত ৰাখিছে । যি সকলে এই উৰা বাতৰি সামাজিক মাধ্যমত বাঘৰ ফটো প্ৰেৰণ কৰি বহুল ভাবে বিয়পাই এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেই সকলৰ ওপৰত কামপুৰ প্ৰশাসনে তাৎক্ষণিক ভাবে তদন্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছে স্থানীয় লোকে ।

07/09/2023

মানুহে মানুহৰ বাবে সুধাকণ্ঠ ডo ভূপেন হাজৰিকাৰ গীতৰ আপ্তবাক্য শাৰীক সাৰোগত কৰি পুনৰ বাৰ প্ৰমাণ কৰিলে যে আজিও নিঃশেষ হোৱা নাই মানৱতা । তাৰেই এক জলন্ত উদাহৰণ দাঙি ধৰিলে কামপুৰৰ জীয়ৰী ময়ুৰী বৰাই । আজি কৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে Reiki Grand Master ময়ুৰী বৰাৰ নেতৃত্বত "স্পিৰিছোঁৱেল ৱৰ্ল্ড অফ ময়ুৰী" নামত সহকাৰী পাৰ্থপতিম দাসৰ লগতে কেইবাগৰাকী ব্যক্তিৰ সহযোগত নগাঁৱৰ ৰাঙলু গ্ৰাম বিকাশ কেন্দ্ৰৰ বৃদ্ধা আশ্ৰমত উপস্থিত হৈ ককা-আইতা সকলৰ লগতে অনাথ আশ্ৰমৰ কণকণ লৰা-ছোৱালী সকলৰ লগত মিলিত হয় । ককা-আইতাৰ সকলৰ লগত বিভিন্ন বাৰ্তালাপৰ জৰিয়তে এক আবেগিক মুহূৰ্ত অতিক্ৰম কৰি অনাথ আশ্ৰমৰ কণকণ শিশু সকলৰ লগত গীত-নৃত্য মাজতে আধ্যাত্মিক জগতৰ লগত জড়িত যোগাসন কৰি সকলোকে এসাজ অন্নৰ ব্যৱস্থা কৰে ময়ুৰী বৰাই । আনহাতে আগন্তুক সময়ত বিভিন্ন পদক্ষেপ হাতত লোৱাৰ লগতে এনেদৰেই আৰু যাতে আগুৱাই যাব পাৰে তাৰ বাবে অসমবাসীৰ পৰা আৰ্শীবাদ বিচাৰিছে ময়ুৰী বৰাই ।

04/09/2023

কামপুৰত মৃত ব্যক্তিৰ নামত থকা মাটি জালিয়াতিৰে বিক্ৰী দালাল চক্ৰৰ , এজনক গ্ৰেপ্তাৰ ৷ কামপুৰৰ পাচনীজাৰৰ কৃষ্ণ লস্কৰ নামৰ এজন দালালে নিজৰ লগতে নৃপেন হাজৰীকা, পদুম শৰ্মা, বেবী গোঁহাই আৰু পদ্ম কান্ত শইকীয়া নামৰ কেইবাজন লোকক কামপুৰ উপ-পঞ্জীয়কৰ কাৰ্যলয়ৰ পৰা ভুৱা চহী তথা অনান্য কাম সমূহ কৰি জালিয়াতি কৰি অনুমতি লৈ মাজৰআটি কিচামত থকা ৩৩৪, ৩১৬ দাগৰ আৰু আৰু ২০৭, ৪১৩ ম্যাদি পত্তাৰ মাটি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে । দিগন্ত গোস্বামীয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংৰ ওচৰত বিষয়টো তদন্তৰ বাবে অভিযোগ দাখিল কৰে । এই অভিযোগৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰি প্ৰৱঞ্চক মাটি ক্ৰয় কৰা নৃপেন হাজৰীকাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰে । বৰ্তমান মূল অভিযুক্ত কৃষ্ণ লস্কৰ আৰু ৰামকৃষ্ণ শইকীয়া পলায়ন কৰে । আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি 127/23 U/S 120(B)/420/468/471 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

19/08/2023

কামপুৰত ড্ৰাগছ বিৰোধী সজাগতা সভা ।

বীৰ লাচিত সেনা অসম নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কামপুৰ আঞ্চলিক সমিতি,কামপুৰ আঞ্চলিক যুৱক সমাজ আৰু সামাজিক অনুষ্ঠান আছ-পাছৰ সহযোগত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সভাগৃহত এখনি ড্ৰাগছ বিৰোধী সভা অনুষ্ঠিত হয় । কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনন্যা লহকৰ,ডা: আকাশী হাজৰিকা,কৃষক নেতা ৰাজু বৰা,সমাজকৰ্মী যতীন বৰা,জ্যেষ্ঠ সাংবাদিক ৰাজু শইকীয়া,ডা:ৰিয়াজউদ্দিন আহমেদ,বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সচিব পংকজ ভূঞা,সহ সচিব ত্ৰৈলোক্য শইকীয়া,লক্ষী শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।বিশিষ্ট অতিথি সকলে এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সকলোৰে পৰা সহযোগিতা বিচৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক সজাগ কৰি তুলিবলৈ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই। বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ উপৰিও সচেতন নাগৰিকে অংশ গ্ৰহণ কৰে।লাচিত সেনাৰ নেতা গৰাকীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা পেডলাৰ সকলক শীঘ্ৰে ড্ৰাগছ ব্যৱসায় বন্ধ কৰিবলৈ সকীয়াই দিয়ে।

30/07/2023

কামপুৰত বিহু প্ৰশিক্ষক বিক্ৰম বৰাই কামপুৰ তেতেলীসৰাৰ যুৱক প্ৰিয়ম হাজৰিকাৰ বিৰুদ্ধে দিলে সংবাদ মেল । বিহু প্ৰশিক্ষক বিক্ৰম বৰাই ভুলকৈ বিহু নাচ শিকোৱা বুলি ভিডিঅ সামাজিক মাধ্যমত প্ৰচাৰ কৰাত প্ৰশিক্ষক বিক্ৰম বৰাই মানসিক ভাৱে ভাঙি পৰিছে । সচাকৈয়ে বিহু প্ৰশিক্ষক বিক্ৰম বৰাই বিহু নাচ ভুলকৈ শিকাইছিল নেকি ! কি কলে সংবাদ মেলত বিহু প্ৰশিক্ষক বিক্ৰম বৰাই । সংবাদ মেল দিয়াৰ কিছু সময়ৰ পাছতে বিহু প্ৰশিক্ষক গৰাকী অচেতন হৈ পৰাত লগে লগে কামপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদি উন্নত চিকিৎসাৰ বাবে কামপুৰৰ পৰা নগাঁওলৈ প্ৰেৰণ কৰিছে বিহু প্ৰশিক্ষক বিক্ৰম বৰাক । কোন সচা আৰু কোন মিছাঁ ! এতিয়া প্ৰশ্ন হয় দোষীয়ে উচিত শাস্তি পাবনে নে আইনৰ সুৰুঙাৰে মুকলি আকাশৰ তলত বীৰৰ দৰে মুক্ত মনেৰে ঘুৰি ফুৰিব .....মাথোঁ সময়লৈ অপেক্ষা ।

01/07/2023
30/03/2023

কামপুৰৰ বিশিষ্ট সমাজ সেৱক, কামপুৰ ক্ৰীড়া সন্থাৰ সভাপতি লগতে ৰাজ্যিক বিজেপিৰ কাৰ্য্যনিবাহক সদস্য বাবুল বৰাই মত-বিনিময় অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা কিছু মন্তব্য আপোনাসৱৰ মাজলৈ আগবঢ়ালোঁ ।

29/03/2023

কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত এইবাৰ কেন্দ্ৰীয় ৰঙালী বিহুত গীতৰে চমক সৃষ্টি কৰিবলৈ আহি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী "দীপশিখা বৰা" ।

29/03/2023

কঠীয়াতলীত ৩৪ বি এন চি আৰ পি এফৰ দ্বাৰা বিনামূলীয়া চিকিৎসা শিবিৰ । নগাঁও জিলাৰ কঠিয়াতলিৰ ৰেংবেং মিকিৰ গাঁৱত নগাঁও স্থিত ৩৪ বি এন, চি আৰ পি এফৰ দ্বাৰা "চিবিক একচন প্ৰগাম "ৰ জড়িয়তে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় । এই শিবিৰত প্ৰায় পাঁচ শতাধিক লোকক বিনামূলীয়া চিকিৎসা প্ৰদানৰ জড়িয়তে ঔষধ প্ৰদান কৰা হয়। উক্ত অনুস্থানত উপস্থিত থাকে ৩৪ চি আৰ পি এফৰ কামাণ্ডেন্ট আৰ কে শ্ৰীবাস্তৱ, কঠীয়াতলী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৈশ্য, নামবৰ লালুং গাঁও পঞ্চায়তৰ সভাপতি অভিষেক সোম। শিবিৰত পাচঁ শতাধিক লোকক চিকিৎসা প্ৰদান কৰি ঔষধ প্ৰদান কৰে কঠীয়াতলী চিকিৎসা কেন্দ্ৰৰ চিকিৎসক ডা: নৱজ্যোতি দাস আৰু চি আৰ পি এফৰ চিকিৎসক ড: অনামিকা সিঙে ।

28/03/2023

কামপুৰ ক্ৰীড়া সন্থাৰ তত্বাৱধানত উদগনি মূলক আদৰণি অনুস্থান । এই অনুস্থানত আঠ গৰাকীকৈ খেলুৱৈক উদগনি মূলক আদৰণি জনাই । অনুস্থানটি আতঁধৰে ক্ৰীড়া সন্থাৰ সভাপতি বাবুল বৰাই । উদগনি মূলক অনুস্থানত উপস্থিত থাকে কামপুৰ আঞ্চলিক উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ৰামচন্দ বৰা, মাধৱ লস্কৰ, গজেন লস্কৰৰ লগতে বহু গণ্যমান্য লোক উপস্থিত থাকে ।

27/03/2023

সৰ্বত্ৰে বিতৰ্ক হৈ থকা অসমীয়া গামোচা খনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱাই । দুই মন্ত্ৰীক কি উপাধিৰে সন্মানিত কৰিলে ।

26/03/2023

কামপুৰ উন্নয়ন সমিতিৰ তত্বাৱধানত কামপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ চৌহদটি শুৱনি কৰাৰ একক লক্ষ্যৰে আজি পুৱা ১০ বজাত বৃক্ষ ৰোপন কাৰ্যসূচী আয়োজন কৰে । বৃক্ষ ৰোপন কাৰ্যসূচীত উপস্থিত থাকে কামপুৰ উন্নয়ন সমিতিৰ সভাপতি গুণজিৎ শইকীয়া, সাধাৰণ সম্পাদক ৰামচন্দ্ৰ বৰা, উপ-সভাপতি ৰাতুল শইকীয়া, জেষ্ঠ সাংবাদিক নলিনী বৰঠাকুৰ আৰু কামপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া নেকিবুৰ ৰহমান ডাঙৰীয়াৰ লগতে বহু গন্যমান্য লোক উপস্থিত থাকে । এই বৃক্ষ ৰোপন কাৰ্যসূচী আতঁধৰে বিশ্বজিৎ বৰাই । কামপুৰ উন্নয়ন সমিতিয়ে অনাগত দিন সমূহত এনেদৰেই কামপুৰ খনৰ উন্নয়নৰ ক্ষেত্ৰত গতানুগতিক ভাবে পদক্ষেপ লৈ আগুৱাই যাব বুলি জানিবলৈ দিয়ে ।

26/03/2023

এইবাৰ জাতিৰ স্বাৰ্থত ওলাই আহিল টাই আহোম উন্নয়ন পৰিষদ ৷ কামপুৰত আহোম সম্প্ৰদায় লোকৰ মাজত সাহাৰ্য বিতৰণ তাই আহোম উন্নয়ন পৰিষদৰ ৷ টাই আহোম পৰিষদৰ অধ্যক্ষ নিতুল বুঢ়াগেহাঁই নেতৃত্বত টাই আহোম ছাত্ৰ সন্থাৰ সহযোগত নগাঁও মৰিগাঁও জিলাৰ আহোম সম্প্ৰদায় লোক সকলৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে ৷ সাহাৰ্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি টাই আহোম পৰিষদৰ অধ্যক্ষ নিতুল বুঢ়াগেহাঁইয়ে আহোম জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰ বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহাৰ লগতে ছয় জনগোষ্ঠী জনজাতি কৰণ কৰাৰ দাবী মানি নোলোৱা পৰ্যন্ত নিজৰ স্থিতি সলনি নহয় বুলি মন্তব্য কৰে ৷

25/03/2023

কামপুৰ তেতেলিসৰাত পথৰ কাষত উদ্ধাৰ এটা মৃতদেহ ৷ মৃতদেহটো তেতেলিসৰা মাহনিআটিৰ গিৰিন গগৈ বুলি চিনাক্ত হৈছে ৷ নিশা ঘৰলৈ গৈ থকা অৱস্থাত পথ দূৰ্ঘটনা হৈ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ জৰাজীৰ্ণ পথৰ বাবে সংঘটিত হয় এই পথ দূৰ্ঘটনাটো ৷ মৃত্যু হোৱা লোকজন কান্দাপাৰ প্ৰাথিক বিদ্যালয়ৰ শিক্ষক ৷ মৃতদেহৰ কাষত উদ্ধাৰ AS03P5975 নম্বৰৰ এখন মটৰ চাইকেল ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষা বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ৷ এতিয়া প্ৰশ্ন হয় দুটাকৈ বান ধুৱা কামপুৰৰ জনতাই আৰু কিমান জিয়াতু ভুগিব লাগিব ? যি মূলা বাঢ়ে তাৰ দুপাততে চিন...বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে কামপুৰৰ জনতাৰ ফালে যে পিঠি দিলে সেইটো পদে পদে দেখিবলৈ পোৱা গৈছে । যাৰ পৰিণতিত আজিলৈকে কামপুৰ আৰু কঠিয়াতলি সংযোগী পথটো মেৰামতি কৰিবলৈ সক্ষম নহল । যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত এই পথৰে অহা যোৱা কৰোতে বহু লোকে অকাল মৃত্যুক সাবটি লবলগীয়া হৈছে । তাৰে ই এটা জলন্ত উদাহৰণ । এতিয়াও গাত কথা পৰিবনে বিধায়ক জিত গোস্বামীৰ নে চকুমুদা কুলি চৰাই দৰে নেদেখা ভাও জুৰি থাকিব ।

24/03/2023

কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ত কামপুৰ আঞ্চলিক যুৱক সমাজৰ তত্বাৱধানত ১০ দিনীয়াকৈ বিহু কৰ্মশালা আৰম্ভ ।

19/03/2023

বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে মিছা অপবাদ দিয়া আৰু আত্ম-সন্মানত হানি কৰাৰ অভিযোগত কামপুৰ আৰক্ষী চকীত এটি গোছৰ ৰুজু কৰে । সেই গোছৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে নিশা অভিযান চলাই বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সভাপতি ৰূপজ্যোতি শইকীয়া আৰু জাতীয় যুৱ বাহিনী ( ৰাইজৰ দল )ৰ কেন্দ্ৰীয় উপ-সভাপতি ভাস্কৰ বৰাক আটক কৰিবলৈ সক্ষম হয় । আন এজন বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱাক বৰ্তমানেও আটক কৰিবলৈ সক্ষম হোৱা নাই ।

19/03/2023

কামপুৰত উপস্থিত হৈ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে নৱনিৰ্মিত কপিলী দলংৰ দুৰৱস্থাৰ বুজ লয় । বিধায়ক জিতু গোস্বামীয়ে সংবাদ মাধ্যমৰে মুখামুখি হোৱাত অতি মৰ্মাহত আৰু দুখ প্ৰকাশ কৰিছে নৱনিৰ্মিত দলংখনৰ এই শোচনীয় অৱস্থা দেখি । লগতে সংবাদ মাধ্যমক জানিবলৈ দিয়ে এই সমগ্র ঘটনাৰ ওপৰত জৰুৰী ভাৱে তদন্ত আৰম্ভ কৰি দোষীৰ ওপৰত বিহীত ব্যৱস্থা লোৱা হব বুলি ।

19/03/2023

কামপুৰৰ নৱনিৰ্মিত দ্বিতীয়খন দলংৰ দুৰৱস্থা পৰ্যবেক্ষণ কৰি বিধায়ক জিতু গোস্বামীয়ে কি মন্তব্য আগবঢ়ালে ।

কামপুৰৰ নৱনিৰ্মিত দ্বিতীয়খন দলংৰ দুৰৱস্থাৰ সম্পৰ্কত অভিযন্তা হিতেন চন্দ্ৰ কলিতাই কি মন্তব্য আগবঢ়ালে ।

কামপুৰৰ নৱনিৰ্মিত দ্বিতীয়খন দলংৰ কৰ্মত এজন মহৰীয়ে কি মন্তব্য আগবঢ়ালে ।

কামপুৰৰ নৱনিৰ্মিত দ্বিতীয়খন দলংৰ দুৰৱস্থা কাৰ গাফিলতিৰ বাবে হল ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃততে কোন সচাঁ আৰু কোন মিছা ! কোনে সচাঁ মাতিছে আৰু কোনে মিছা মাতিছে ?

জনসাধাৰণে বিচাৰ কৰক ।

19/03/2023

কামপুৰত নৱনিৰ্মিত দ্বিতীয়খন কপিলী দলংখনৰ কাম কৰি থকা অৱস্থাত ভাঙি যোৱাৰ পাছতে কামপুৰত উপস্থিত হয় বিধায়ক জিতু গোস্বামী । কিন্তু, বিধায়ক জিতু গোস্বামী উপস্থিত হৈ কামপুৰৰ দুটাকৈ জাতীয় সংগঠনৰ দুজন ব্যক্তিৰ বিৰুদ্ধে কামপুৰ আৰক্ষী চকীত গোছৰ ৰুজু কৰে । এতিয়া প্ৰশ্ন হয় কিয় কি কাৰণত কিহৰ বাবে গোছৰ ৰুজু কৰিবলগীয়া হল বিধায়ক জিতু গোস্বামীয়ে । এতিয়া কথা হল কাৰ কাৰ বিৰুদ্ধে মাত মাতিলে জেললৈ যাব লাগে আৰু কাৰ কাৰ বিৰুদ্ধে মাত মাতিলে জেললৈ যাব নালাগে ই এক বৃহৎ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ।

17/03/2023

কামপুৰ পৌৰসভাই জাৰি কৰা নিবিদাখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কামপুৰৰ সচেতন যুৱক সমাজে । কামপুৰ পৌৰসভাই জাৰি কৰা নিবিদাখনত চৰকাৰে ধাৰ্য্য কৰি দিয়া কৰ'ৰ হিচাপতকৈ বহু বেছি ৰাজহ দিয়া ব্যক্তিকহে অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ উত্থাপিত হৈছে । এতিয়া প্ৰশ্ন হয় চৰকাৰে ধাৰ্য্য কৰি দিয়া নিবিদাখনৰ নীতি নিৰ্দেশনাক কোনে বুঢ়া আঙুলি দেখুৱাই সাধাৰণ ৰাইজৰ ওপৰত ৰামটাঙোন সোধাবলৈ মৰ-সাহ কৰিছে । দুটাকৈ বানে ধোৱা কামপুৰ অঞ্চলৰ সাধাৰণ জনতাৰ অৱস্থা এতিয়া পানীত হাঁহ নচলা হৈছে । তাৰ পৰিপ্ৰেক্ষিতত আকৌ ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে কামপুৰ পৌৰসভাই মুকলি কৰি নিবিদাখনৰ অধিক কৰ'ৰ বুজাই ।

17/03/2023

কামপুৰ কপিলী দলঙত ৰাইজৰ প্ৰতিবাদ ৷ কালি বিয়লী নিৰ্মানৰত অৱস্থাতে খহি পৰিছিল কামপুৰ কপিলী নদীত নিৰ্মান হৈ থকা দ্বিতীয় খন দলং ৷ ৰাইজৰ অভিযোগ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই ভাঙি পৰিল নৱনিৰ্মিত দলং খন ৷ ৰািজে বিচাৰিছিল উচিত তদন্ত ৷ কিন্তু বিভাগীয় ভাৱে কোনো তদন্ত নকৰাকৈ আজি পুনৰ কাম আৰম্ভ কৰাত ৰাইজ জাঙুৰ খাই উঠি কাম বন্ধ কৰি দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ তিনিজন বনুৱা আহত হোৱাৰ পাছতো ঠিকাদাৰ তথা স্থানীয় বিভাগে কোনো নিৰীক্ষণ নকৰাকৈ কাম কৰিবলৈ দিয়াত ক্ষুব্ধ হৈ কামপুৰ বাসীয়ে কামসমূহ বন্ধ কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি প্ৰতিবাদ কৰে ৷ উল্লেখ্য যে উত্তম চন্দ্ৰ নাহাতা নামৰ ঠিকাদাৰ জনে ২২কোটি টকাৰ ব্যয়ৰে ২০১৯ চনতে কাম আৰম্ভ কৰিছিল দলঙখনৰ । এই সন্দৰ্ভত তীব্ৰ গৰিহণা দিয়াৰ লগতে নাহাতা কোম্পানী হায় হায়, জিতু গোস্বামী গ' বেক, মূখ্যমন্ত্ৰী গ' বেক, বিজেপি চৰকাৰ গ' বেক আদি ধ্বনিৰে আকাশ বতাহ কপাই দল সংগঠনে । লগতে বিভাগীয় অভিযন্তা হিতেন কলিতাক গ্ৰেপ্তাৰ কৰা দাবী জনায় প্ৰতিবাদকাৰী সকলে ।

Address

Nagaon
782426

Website

Alerts

Be the first to know and let us send you an email when NTV News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Media/News Companies in Nagaon

Show All