10/12/2022
“মুখ্যমন্ত্ৰীয়ে অসমখন খালে”
মুখ্যমন্ত্ৰী,
কি হৈছে বাৰু আপোনাৰ ? কি কৰিব খুজিছে আপুনি ? আচলতে আপুনি বিচাৰিছে কি ? মই জনাত আপোনাৰ ব্যক্তিগত কোষাগাৰত হাজাৰ হাজাৰ কোটি টকা ইতিমধ্যেই জমা হৈছে। আপোনাৰ বহুত প্ৰতিস্থিত ব্যৱসায় আছে।ৰাইজে দেখা ব্যৱসায়কেইটা হ’ল—
১/ নিউজ লাইভ
২/ নৰ্থ ইষ্ট লাইভ
৩/ ৰং
৪/ ৰামধেনু
৫/ ইন্দ্ৰধনু
৬/ বুঢ়াপাহাৰত ৰিচৰ্ট ৷
৭/ গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ বৰপথাৰত চাহ বাগিছা ৷
৮/ জালুকবাৰীত ইন্টাৰনেচনেল স্কুল ৷
৯/ শুৱালকুছিৰ মুগা সূতাৰ হলচেল ৷
১০/ নিয়মীয়া বাৰ্ত্তা বাতৰি কাকত
১১/ গুৱাহাটীৰ সৰুসজাইত Kia Motors. মানে গাড়ীৰ ডিলাৰ ৷
মই জনাত এইবোৰ আপোনাৰ প্ৰতিস্থিত ব্যৱসায় কেন্দ্ৰ। যাৰ পৰা মাহে কোটি কোটি টকা আপোনাৰ আয় হয়। মই নজনা আৰু কিমান ব্যৱসায় আছে, সেয়া ভগৱানেহে জানে আৰু। গুৱাহাটী, দিল্লী, বাংগালোৰ, কলকতা, পুৰী, মুম্বাই আৰু ক’ত ক’ত আপোনাৰ ঘৰ আছে, সেয়াও ভগৱানেহে হিচাপ ৰাখিছে ৷ 55+ ত আপুনি বহুত ঘটিলে ৷ অ-ব্ৰাহ্মণ পত্নীক বিয়া কৰোৱাৰ বাবে, আপোনাক হেনো ঘৰত সোমাবলৈকে নিদিছিল ৷ আলফাৰ নামত টকা ডিমাণ্ড কৰা বুলি বদনাম থকা আপোনাক, সেই কাৰণটোতেই হেনো আপোনাৰ দেউতাকে ত্যাজ্যপুত্ৰও কৰিছিল। আমাৰো কাণত পৰে দিয়কচোন কথাবোৰ। একেখন অসমৰহে মানুহ ৷ সঁচা কথা ক’ত লুকাব ? পিছে কথা নাই মুখ্যমন্ত্ৰী ৷ প্ৰেম জিন্দাবাদ ৷ আপুনি প্ৰেম কৰি দেখুৱাই দিলে প্ৰেমৰ যাদু। ময়ো প্ৰেম কৰিছো ৷ জবৰদস্ত প্ৰেম ৷ প্ৰেমৰ পিছত হে “শিখা শৰ্মাৰ” জন্ম হৈছে ৷ গতিকে প্ৰেমৰ টান ময়ো বুজো ৷ কিন্তু আপোনাৰ প্ৰেমে, এটা সময়ত “গৃহহীন” আপোনাক, বহুত দিলে। এতিয়াতো অলপ টকাৰ ধান্দা কমাওক মুখ্যমন্ত্ৰী ৷ নে মৰালৈকে টকাকে গোটাই যাব ?
মুখ্যমন্ত্ৰী,
আপোনাক বাৰু এই কথাবোৰ মই কিয় কৈছো ? কওঁ শুনক ৷
আপুনি কামৰূপ মেট্ৰো জিলাৰ DC অফিছটো কাছাৰীৰ পৰা আনি, হেঙেৰাবাৰীৰ গলিত সুমাই দিলেহি ৷ শুনিবলৈ পাইছো যে, হেঙৰাবাৰীত পতা উপায়ুক্তৰ কাৰ্য্যালয়টো হেনো, অস্থায়ী কাৰ্য্যালয়হে ৷ মানে ভাৰাঘৰহে ৷ মেইন DC অফিছটো হেনো গুৱাহাটী মেডিকেল কলেজৰ ফালেদি গৈ, একেবাৰে ৰূপনগৰৰ ফালে ভিতৰলৈহে সাজি আছে ৷ তাৰমানে সেইটো সজা হৈ গ’লে, গুৱাহাটীৰ হেঙেৰাবাৰীৰ পৰা DC অফিছটো আকৌ ৰূপনগৰৰ ভিতৰলৈ লৈ যাব ? যদি নিবই লাগে, তেন্তে আৰু কিছুদিন ৰৈ, একেবাৰে স্থায়ীকৈ সজা নতুন ভৱনটোলৈকে লৈ নগ’ল কিয় ? কাছাৰীৰ পৰা লৰালৰিকৈ আনি হেঙেৰাবাৰীত সুমুৱালেহি কিয় ? মুখ্যমন্ত্ৰী, এই কিয়ৰ উত্তৰটো মই দি দিওঁনে ৰাইজক ?
ৰাইজ শুনক ৷
মেডিকেল, ইঞ্জিনীয়াৰিং কলেজ খুলি খুলি বিল্ডিং বনোৱা মোমায়ে, কলেজৰ নামত আৰু বিল্ডিং বনাব নোৱাৰা হ’ল ৷ কলেজৰ নামত বিল্ডিং বনালে লেঠা ঢেৰ ৷ ডাক্তৰ লাগিব ৷ নাৰ্চ লাগিব ৷ প্ৰফেচৰ লাগিব ৷ এ ঢেৰ ঝামেলা ৷ ঝামেলা নোহোৱাকৈ কি বনাব পৰা যায় !
PWD আৰু মুখ্যমন্ত্ৰী, মানে আমাৰ মোমায়ে ভাবিলে—
“কি ক্কৰা যায়, কি ক্কৰা যায় !”
উপায় ওলাল ৷ মোমায়ে ভাবিলে—
“অসমৰ বিল্ডিংবোৰ সজা-ভঙা কৰিব লাগিব ৷ তাৰ পৰাই ঠিকাদাৰক ঠিকাটো দি মালটো কমাব লাগিব ৷ সাজিলেও টেণ্ডাৰ মাৰি ঠিকা, ভাঙিলেও টেণ্ডাৰ মাৰি ঠিকা ৷ মানে সাজিলেও কমিচন ৷ ভাঙিলেও কমিচন ৷ কমিচনেই কমিচন ৷ ৰাইজে পাত্তাই নাপাব বাপ্পেকে ৷ সাজিবলৈ ঠিকা দিয়া ঠিকাদাৰে, মামীক কমিচনৰ মালটো দি আহিবগৈ ৷ পাছ পাকতে ভাঙিবলৈ ঠিকা দিয়া ঠিকাদাৰেও মামীক কমিচনৰ মালটো দি আহিবগৈ ৷ কাম চেটেপ ৷ ৰাইজে কি ভাবিব ?
“হিমন্তই ভালহে কৰিছে। উন্নয়ন কৰিছে।”
ৰাইজৰ মতে, হিমন্তই টো মানুহৰ পৰা টকাসোপা খাই চাকৰি বেচা নাই ৷ এক টকাও নাই খোৱা চাকৰি দিয়াৰ নামত। চাকৰিত নিয়োগৰ প্ৰক্ৰিয়া, পাহাৰীয়া নিজৰাৰ পানীৰ দৰে, তলৰ শিলগুটিবোৰ জিলিকি থকাকৈ একেবেলে ফটফটীয়া ৷
আঐ দেহি ! মোমাইদেউ কিমান ভাল।
ইপিনে মোমায়েকে PWD টো গোটেই চুচি বাচি খাই আছে বাপ্পেকে ৷ পায়সৰ টৌ চোচাদি চুচি চুচি খাইছে ৷ ইটো ভাঙিছে ৷ সিটো ভাঙিছে। গুৱাহাটী Beautification ৰ নামত মধ্যবিত্তক লেঙটা কৰি পেলাইছে। নিলাজ মুখ্যমন্ত্ৰী কৰবাৰ। আমি ভিক্ষাৰী হোৱাৰ পথত। আমি কাঙাল হোৱাৰ পথত। লাইটৰ ৰিচাৰ্জ নকৰিলে আমাৰ ঘৰত লাইট নজ্বলে ৷ যোৱা মাহত মই 6000 টকাৰ ৰিচাৰ্জ কৰিছো ৷ প্ৰিপেইড মিটাৰ ৷ “পিছত দিম” বুলি কোৱাৰ কোনো সুৰুঙাই নাই ৷ নাই বুলিলেই এন্ধাৰ ৷ লাইট, ফ্ৰীজ, এচি/গিজাৰ, ফেন, লেপটপ, মবাইল চাৰ্জ, ৱাচিং মেচিন, টিভি, Tread Mill, Mixer, Microwave বছ ৷ এইকেইটা সামগ্ৰী অদল-বদলকৈ চলাওঁতেই ইমান বিল ৷ বজাৰৰ কথাটো ক’বই নালাগে। সৰু লৰাটোৰ প্ৰাইভেট স্কুলৰ ফীজ কমক চাৰি বাঢ়িলহে ৷ ডাঙৰ ল’ৰাটোৰ হোষ্টেলত মাহেকীয়া বিল বাঢ়িল ৷ কাগজৰ দাম দিনে দিনে বাঢ়িছে ৷ দুনিয়াভৰ প্ৰজেক্ট, জেৰক্স, প্ৰিন্ট আউট, Assignment ৰ নামত A4 Size paper কিমান লাগে হিচাপ নাই। পেট্ৰোল, ডিজেল, গেছৰ কাহিনী নকওঁৱেই আৰু ৷ মুঠতে বস্তুৰ দামৰ বোজা বব নোৱাৰা হৈ পৰিছো আমি ৷ প্ৰতিটো বস্তুৰে জুই যেন দাম ৷
এই টকাবোৰ ক’লৈ যায় ? বৰ্ধিত টেক্স লৈ ৰাজকোষত জমা কৰা টকাৰে, হিমন্তই PWD বিভাগ নিজৰ লগত ৰাখি, দিনে দিনে সাজিছে-ভাঙিছে। কাছাৰীত থকা কামৰূপ মেট্ৰোৰ DC অফিছটো ভাঙি পেলালে ৷ ইমান ডাঙৰ বিল্ডিংটো ভঙাৰ কি দৰকাৰ আছিল ? গুৱাহাটীক যেনিবা আমেৰিকাৰ দৰে কৰিবই লাগে, কিন্তু টকা ক’ত পাব ? বস্তুৰ দাম বঢ়াই, ৰাইজৰ তেজ শুহি গোটাব টকা ? তেনেকৈ টকা গোটাই বিল্ডিং সাজি কৰা উন্নয়নে, কাৰ কি উন্নতি সাধিব ? হিমন্তই কমিচন খোৱাৰ বাদে, এই বিল্ডিং সজা-ভঙা কামটোৱে কাৰ কি উন্নতি কৰিব ?
মুখ্যমন্ত্ৰী,
আপুনি বৰ চালাক মানুহ ৷ PWD বিভাগটো নিজৰ হাতত ৰাখি, এতিয়া এফালৰ পৰা পুৰণা বিল্ডিংবোৰ ভাঙি নতুন বিল্ডিং বনাই যাওক ৷ সজা-ভঙাৰ মোটা কমিচন লৈ আপুনি মালামাল হওক ৷ আৰু আমি মধ্যবিত্তৰ পৰা ভিকহুলৈ গতি কৰোঁ ৷ আপুনি এয়াই বিচাৰিছে নহয় ?
দৰিদ্ৰবোৰক আঁচনি দি দিয়ক আমাৰ টকাৰে ৷ মুখ্যমন্ত্ৰী, আমাৰ তেজ খাই আপোনাক ভোট দিয়া দুখীয়াবোৰক বহুৱাই বহুৱাই খুৱাওক ৷ সকলো দুখীয়াকতো নিদিয়ে। Selected দুখীয়াক হে টকা দিয়ে বিজেপিয়ে ৷ আমাৰ সন্তানৰ মুখৰ আগৰ ভাত কাঢ়ি লৈ গৈ, আপুনি ধোদৰ পচলাবোৰৰ সন্তানক মাহে 2000 টকাকৈ দান দিয়ক ৷ আমাৰ সন্তানে কিতাপ কিনিবলৈয়ো দহবাৰ চিন্তা কৰক। আপুনি আমাৰ টকাৰে এলেহুৱা ধোদবোৰৰ ল’ৰা-ছোৱালীক, স্কুটী আৰু বুলেট দিয়ক ৷
নিলাজ মানুহক ভোট দিয়াৰ ফল পাওক ৰাইজে। আৰু হ’ব লাগে ৷ মিঠাতেল 2000 টকা লিটাৰ হওক ৷ পেট্ৰল ডিজেলৰ লিটাৰ 5000 টকা হওক ৷ আমাৰ দৰে বিবেক কামত নলগোৱা মানুহবোৰ ৰসাতলে যাওক ৷ মোমায়ে টকাৰ গড় বনাওক ৷ মোমায়ে টকাৰ তুলিত পাৰ কৰক নিদ্ৰাবিহীন কাঁইটীয়া ৰাতি। আমাৰ সন্তানবোৰ দুখ আৰু কষ্টৰ মাজেদি মানুহ হওক ৷ আমাৰ সন্তানবোৰৰ মুখৰ ভাত কাঢ়ি নিয়া মোমাই, নিজে বনোৱা টকাৰ “গড়ৰ” দলিচপৰা খহি নিজেই পোত যাওক ৷
আমাৰ বুকুৰ চেঁচা হুমুনিয়াহত
মোমাই টোপনি যাওক....
মোমাই টোপনি যাওক..........
মোমাই টোপনি যাওক...............!!!
পাবলিক জিন্দাবাদ
শিখা শৰ্মা
গুৱাহাটী
২৮/১১/২০২২