Khair News

Khair News আমি জাগ্ৰত প্ৰহৰী,
আমি দিম সত্য, শুদ্ধ আৰু উত্তম বাতৰি।

12/12/2023

জ্ঞান বিজ্ঞান সমিতি, মৈৰাবাৰীৰ উদ্যোগত আৰু মৈৰাবাৰী এম ই মাদ্ৰাছাৰ সহযোগত ১০ ডিচেম্বৰত আকাশ দৰ্শন উৎসৱ আৰু বিজ্ঞান কৰ্মশালাৰ লগতে অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী দিৱস পালন হৈ যায়।

মৈৰাবাৰীৰ পৰা ইছফাকুৰ ৰহমানৰ ৰিপ'ৰ্ট,
খাইৰ নিউজ, ১০ ডিচেম্বৰঃ অন্ধ বিশ্বাস, কু-সংস্কাৰ আৰু আকাশ দৰ্শনক বিষয় হিচাপে লৈ ভাষাৰ ওজা সমাজ সংস্কাৰক হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে ১০ ডিচেম্বৰত মৈৰাবাৰী এম ই মাদ্ৰাছাত "আকাশ দৰ্শন"শীৰ্ষক এটি দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমাজখনত বিভিন্ন সামাজিক ব্যাধিস্বৰূপ অন্ধ বিশ্বাস, কু-সংস্কাৰ আদিয়ে ছানি ধৰাৰ লগতে এইবোৰে সমাজ উত্তৰণত বাধা প্ৰদান কৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি জ্ঞান বিজ্ঞান সমিতি, মৈৰাবাৰীৰ উদ্যোগত আৰু মৈৰাবাৰীৰ আগশাৰীৰ বিদ্যালয় মৈৰাবাৰী এম ই মাদ্ৰাছাৰ সহযোগত "অন্ধ বিশ্বাস আৰু কু-সংস্কাৰ" বিৰোধী দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত মৈৰাবাৰীৰ লগতে মৈৰাবাৰীৰ অন্তৰ্গত দহখনৰো অধিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰতিখন স্কুলৰ পৰা দহগৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিফজুৰ ৰহমান খানে। আনহাতে অতিথি হিচাপে উপস্থিত থাকে জ্ঞান বিজ্ঞান সমিতি অসমৰ সভাপতি তপন কুমাৰ শৰ্মা, প্ৰাক্তন সভাপতি মজিবুৰ ৰহমান, ডঃ জিলি বৰদলৈ, জ্ঞান বিজ্ঞান সমিতি অসমৰ সচিব জোলহাছ উদ্দিন আহমেদ, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষক আব্দুল গফুৰ, মৈৰাবাৰীৰ জ্যেষ্ঠ সাংবাদিক ছামচুল আলম, মৈৰাবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ডঃ ময়িদুল ইছলামকে আদি কৰি অঞ্চলটোৰ বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

10/12/2023

সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা'ৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্ট, ১০ ডিচেম্বৰঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ 'খাইৰ প্ৰকাশন'ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা'ৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠান আজি বিয়লি মৈৰাবাৰী কলেজ ৰোডত 'খাইৰ প্ৰকাশন'ৰ কাৰ্যালয়ৰ সন্মুখত সম্পন্ন হৈ যায়। বিশিষ্ট কবি মুহাম্মাদ আফজালৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে 'বাটৰ কবিতা'ৰ সমন্বয়ক তথা 'খাইৰ প্ৰকাশন'ৰ স্বত্বাধিকাৰী কবি খাইৰুল ইছলামে। কাব্যানুষ্ঠানত কবিতা পাঠ আৰু আবৃত্তিৰ লগতে গীত পৰিৱেশন কৰে ক্ৰমে কবি বদৰুজ জামান আকতাৰ, খাইৰুল ইছলাম, জিন্নাতুল ইছলাম, আশ্ৰাফুল হক, মুহাম্মাদ ফাহিম (স্কুলীয়া ছাত্ৰ) আৰু মুহাম্মাদ আফজালে। তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।

🟥 মৰিগাঁও জিলাৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টা উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে প্ৰস্তাৱ গৃহীত।🟦 মহকুমা ...
07/12/2023

🟥 মৰিগাঁও জিলাৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টা উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে প্ৰস্তাৱ গৃহীত।
🟦 মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত উচ্ছেদিত লোকৰ স্থায়ী পুনৰসংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

ছাইফুল ইছলামৰ বিশেষ প্ৰতিবেদন, খাইৰ নিউজ,
মৰিগাঁও, ৭ ডিচেম্বৰঃ চৰকাৰী ভূমিৰ পৰা উচ্ছেদিত লোকসকলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া স্থায়ী পুনৰসংস্থাপনৰ প্ৰতিশ্ৰুতিক বাস্তৱ ৰূপ প্ৰদান কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা তাৎক্ষণিক পদক্ষেপৰ অংশৰূপে ওৰাং ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ পৰা উচ্ছেদিত হৈ মৰিগাঁও জিলাৰ কেতবোৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টাকৈ পৰিয়ালৰ বাবে ভূমি আবণ্টনৰ প্ৰস্তাৱ আজি গৃহীত হয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত জিলাখনৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ ৩৭ টা পৰিয়াল আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৩৯ টা পৰিয়ালক এবিঘাকৈ মাটি প্ৰদান কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ মৈৰাবাৰী মৌজাৰ ২ নং ৰংৰাই চাপৰি আৰু চিতলমাৰী চৰ আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ বোকনি মৌজাৰ মেৰবিল হাবি চৰৰ মুঠ ৭৬ টা পৰিয়ালক ভূমি আবণ্টন দিয়াৰ বাবে প্ৰস্তাৱ দাখিল কৰা হয়। সমিতিৰ সকলো সদস্য তথা সদস্যৰ প্ৰতিনিধিৰ উপস্থিতিত অন্য ঠাইত মাটি নথকা এই পৰিয়ালসমূহৰ বাবে ভূমি আৱন্টনৰ প্ৰস্তাৱ গৃহীত হয়। উল্লেখযোগ্য যে যোৱা ১২ ছেপ্টেম্বৰত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত নগাঁও আৰু মৰিগাঁও জিলাৰ কেইবাটাও সমষ্টিৰ বিধায়ক, নগাঁও, মৰিগাঁও আৰু হোজাইৰ জিলা আয়ুক্ত, আমছুৰ নেতৃত্ব আৰু সংশ্লিষ্টসকলৰ উপস্থিতিত উচ্ছেদিত লোকসকলৰ স্থায়ী পুনৰসংস্থাপনৰ বিষয়টোও বিতংভাৱে আলোচনা কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে শোণিতপুৰ আৰু দৰং জিলাৰ কেতবোৰ অঞ্চলত বেদখল হৈ থকা মাটিত প্ৰশাসনৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযানৰ ফলত গৃহহাৰা হোৱা লোকসকলৰ বাবে স্থায়ী পুনৰসংস্থাপনৰ বিষয়টোত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদিত তথা ইতিমধ্যে নগাঁও, মৰিগাঁও আদি জিলাৰ বিভিন্ন ঠাইত পুনৰসংস্থাপিত লোকসকলক উক্ত স্থানতেই স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰাৰ বিষয়টোত জোৰ দিছিল। চৰকাৰে উচ্ছেদিত লোকসকলে দখল কৰা মাটিত উৎপাদিত ফচল কটাৰ বাবেও সুবিধা কৰি দিছিল। সেই মৰ্মে আজি মৰিগাঁও জিলাত প্ৰথম পৰ্যায়ত ৭৬ টা পৰিয়ালক এবিঘাকৈ মাটি প্ৰদান কৰাৰ বাবে প্ৰস্তাৱ গৃহীত হয়। জিলা আয়ুক্তগৰাকীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু মৰিগাঁও জিলা প্ৰশাসনে উচ্ছেদিত লোকসকলৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে আৰু এইসকল লোকে সমাজৰ মূল স্তৰৰ লোকসকলৰ দৰে যাতে সমান সা-সুবিধা লাভ কৰি এটা সাধাৰণ জীৱন যাপন কৰিব পাৰে তাৰ বাবে চৰকাৰ তথা প্ৰশাসন প্ৰতিশ্ৰুতিৱদ্ধ। আজিৰ মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) বিমান দাস, জলসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি দিব্যজিৎ নেওগ, সমাজকৰ্মী অশোক ডেকা, বটদ্ৰৱা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি ধৰ্মেন্দ্ৰনাথ বৰদলৈ, লাহৰীঘাট সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি চামচুল হক, ধিং সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি মঃ চিদ্দিক আহমেদ, জিলা পৰিষদৰ সভানেত্ৰী ইছমেআৰা বেগম, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, তিৱা স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মুছৰাং আৰু মৰিগাঁও জিলাৰ চক্ৰ বিষয়াসকল উপস্থিত আছিল।

06/12/2023

🟥 নগাঁও জিলাৰ পূব ধিং বেতকাটি বালিগাঁও কল্পতৰু মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত হৈ যায় ৰাসলীলা।
🟦 উদয়ন সংঘৰ খেল পথাৰত অনুষ্ঠিত হোৱা ৰাসলীলাৰ মঞ্চ উদ্বোধন কৰে লক্ষ্মীকান্ত নাথে আৰু বন্তি প্ৰজ্বলন কৰে ভবেন নাথে। ৰাসলীলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত স্কাউট এণ্ড গাইডৰ মৰিগাঁও জিলাৰ সম্পাদক আজহাৰ উদ্দিন আহমেদ।
🟩 ৰাসলীলাৰ কিছু ভাললগা মুহূৰ্ত আগবঢ়োৱা হ'ল।

05/12/2023

🟥 মৰিগাঁৱৰ কুনকুনি ধান কলত প্ৰশাসনৰ অভিযান, ২৮২৮ কুইন্টল ধান আৰু ১১৯১ কুইন্টল চাউল জব্দ।
🟦 বে-আইনীভাৱে খেতিয়কৰ পৰা কম দামত ধান কিনি উচ্চ হাৰত বিক্ৰী কৰাৰ অভিযোগ, দুখন ট্ৰাক জব্দ।

04/12/2023

🟥 মৰিগাঁও জিলাত অহা ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বিশেষ পলিঅ' প্ৰতিষেধক অভিযান
🟦 ৫ বছৰৰ তলৰ ১ লাখ ৪০ হাজাৰৰো অধিক শিশুক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য

মৰিগাঁৱৰ পৰা ছাইফুল ইছলামৰ বিশেষ ৰিপ'ৰ্ট, খাইৰ নিউজ, ৪ ডিচেম্বৰঃ মৰিগাঁও জিলাত অহা ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বিশেষ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান। আজি মৰিগাঁও জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত এই সন্দৰ্ভত অনুষ্ঠিত জিলা টাস্ক ফ'ৰ্চৰ এখন সভাত জিলা টীকাকৰণ বিষয়া ডাঃ নিৰঞ্জন কোঁৱৰে এই বিষয়ে প্ৰকাশ কৰে। অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তপন কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা টীকাকৰণ বিষয়াগৰাকীয়ে এই অভিযানৰ বিতং ব্যাখ্যা আগবঢ়াই কয় যে বিশ্বৰ কেতবোৰ ঠাইত পলিঅ' ৰোগী পুনৰ চিনাক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে মৰিগাঁৱকে ধৰি অসমৰ ১৯ খন জিলাত অহা ১০ ডিচেম্বৰত উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস (Sub-National Immunization Day) ৰূপায়ণ কৰাৰ নিৰ্দেশ দিছে। সেইদিনা মৰিগাঁও নগৰ, ঝাৰগাঁও, লাহৰীঘাট আৰু ভূৰবন্ধা স্বাস্থ্য খণ্ডত নিয়মীয়া শিশুসকলৰ লগতে প্ৰতিষেধক ল'বলৈ থকা অন্য শিশুকো পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। ১১ আৰু ১২ ডিচেম্বৰত ঘৰে ঘৰে গৈ বাদ পৰা আৰু প্ৰতিষেধক ল'বলৈ বাকী থকা শিশুসকলক পলিঅ' প্ৰতিষেধক দিয়া হ'ব বুলি তেওঁ কয়। এই অভিযানৰ অধীনত জিলাখনৰ ১ লাখ ৪০ হাজাৰৰো অধিক শূন্যৰ পৰা ৫ বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱা হ'ব। তেওঁ কয় যে ভাৰতক এখন সম্পূৰ্ণৰূপে পলিঅ'মুক্ত দেশৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰে এটিও শিশু যাতে প্ৰতিষেধকৰ পৰা বাদ নপৰে তাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অধীনত ঘৰে ঘৰে গৈ আৰু বিদ্যালয় তথা বিভিন্ন ৰাজহুৱা স্থানত শিশুসকলক পলিঅ'ৰ প্ৰতিষেধক সেৱন কৰোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। সভাত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াগৰাকীয়ে এই অভিযান সফল কৰি তোলাৰ বাবে ইয়াৰ সৈতে জড়িত প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

04/12/2023

'ভইচ অৱ নীডি'ৰ উদ্যোগত
'আন্তৰ্জাতিক দিব্যাংগ দিৱস' উদযাপন

খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্ট, ৪ ডিচেম্বৰঃ
প্ৰতি বছৰে ৩ ডিচেম্বৰ তাৰিখটো সমগ্ৰ বিশ্বজুৰি 'আন্তৰ্জাতিক দিব্যাংগ দিৱস' ৰূপে উদযাপন কৰা হয়। এই উপলক্ষে ৩ আৰু ৪ ডিচেম্বৰত স্বেচ্ছাসেৱী সংগঠন 'ভইচ অৱ নীডি'ৰ বস্ত্ৰদান টীমৰ উদ্যোগত মৰিগাঁও জিলাৰ বৃহত্তৰ মৈৰাবাৰী, তাতিকটা আৰু বৰচাপৰি এলেকাৰ বহুকেইটা দৰিদ্ৰ পৰিয়ালৰ বিশেষভাৱে সক্ষম শিশু, কিশোৰ-কিশোৰী আৰু মহিলাৰ মাজত নতুন চুৱেটাৰ, টি-শ্বাৰ্ট, কুৰ্তা, মেখেলা-চাদৰ, কম্বল আদি উপহাৰ হিচাপে প্ৰদান কৰা হয়। তদুপৰি লিখা-পঢ়াৰ সুবিধা হোৱাকৈ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক এপেকেটকৈ কলম উপহাৰ হিচাপে আগবঢ়াই আটাইকে বিদ্যাৰ অনুশীলন কৰি জীৱন যুঁজত সফল হ'বলৈ প্ৰেৰণা যোগায় সংগঠনটোৰ স্বেচ্ছাসেৱী যুৱক-যুৱতীসকলে।

03/12/2023

🟥 মৰিগাঁও জিলাৰ জাগীৰোডৰ নিকটৱৰ্তী কইনাকন্দা পাহাৰৰ গুহা পৰিদৰ্শন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ
🟦 কইনাধৰা পাহাৰত আছে ৯ টা গুহা।
পৰৱৰ্তী সময়ত দেওবাৰে দেওবাৰে পৰ্যায়ক্ৰমে গুহাসমূহ পৰিদৰ্শন কৰাৰ লগতে পৰ্যটকৰ দৃষ্টি আকৰ্ষণৰ কৰা প্ৰয়াস কৰিব বুলি মত প্ৰকাশ কৰে জিলা আয়ুক্তগৰাকীয়ে।

02/12/2023

মৈৰাবাৰী থানা নাগৰিক কমিটী আৰু গাঁওৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত 'শিশু মিত্ৰ' শীৰ্ষক আলোচনা সভা অনুষ্ঠিত

02/12/2023

🟥 পৱিত্ৰ ক্বুৰআনৰ ছুৰা-আয়াতৰ উদ্ধৃতিৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ভাষণ।
🟦 শুক্ৰবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰবৰিত বৰবৰি আঞ্চলিক ৰাইজৰ সহযোগত অনুষ্ঠিত ড্ৰাগছ বিৰোধী সজাগতা সভাত এইদৰে সজাগতামূলক ভাষণ আগবঢ়াই সকলোকে মুগ্ধ কৰে।

01/12/2023

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক জনসেৱক ৰত্ন উপাধি প্ৰদান

01/12/2023

নগাঁৱৰ লংজাপত গ্ৰামীণ শ্ৰমিক সন্থাৰ বিশাল গণ জাগৰণ সভা অনুষ্ঠিত

01/12/2023

🟥 মৰিগাঁও জিলাৰ গেৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ'ব গৌৰৱোজ্জ্বল হীৰকজয়ন্তী উৎসৱ।
🟦 বিদ্যালয়খনৰ হীৰকজয়ন্তী উৎসৱৰ প্ৰাকক্ষণত আজি উদ্বোধন কৰিলে বিধায়ক, জিলা আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াই দুটাকৈ চাইকেল ষ্টেণ্ড আৰু এটা মঞ্চ।

30/11/2023

🟥 মৰিগাঁও জিলা আযুক্ত দেৱাশীষ শৰ্মাই দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন।
🟦 মৰিগাঁও জিলা আয়ুক্তৰ মহানুভৱতাত মুগ্ধ মৈৰাবাৰীবাসী।

29/11/2023

🟥 মৈৰাবাৰীৰ শগুণবাহীস্থিত SR ইটা ভাটাত জিলা প্ৰশাসনৰ হাতুৰা।
🟦 আজি মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা নিজে JCB আৰু আৰক্ষী বাহিনী লগত লৈ ভাঙি চুৰমাৰ কৰায় অবৈধ ইটা ভাটাটো।
🟩 নিহত শিশুৰ পৰিয়ালক জিলা আযুক্তই আগবঢ়াইছে ৩০ হাজাৰ টকাৰ আৰ্থিক সাহায্য

🟥 'ভইচ অৱ নীডি'ৰ আদৰণীয় পদক্ষেপ 🟦 দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰণ খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্ট, ২৭ নৱেম্বৰঃ বিগত বছৰৰ দৰে এইবেল...
27/11/2023

🟥 'ভইচ অৱ নীডি'ৰ আদৰণীয় পদক্ষেপ
🟦 দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰণ

খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্ট, ২৭ নৱেম্বৰঃ বিগত বছৰৰ দৰে এইবেলিও স্বেচ্ছাসেৱী সংগঠন 'ভইচ অৱ নীডি'ৰ সৌজন্যত শুভাৰম্ভ হৈছে শীতকালীন বস্ত্ৰদান কাৰ্যসূচী। ২৬ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে পাতনি মেলা এই শীতকালীন বস্ত্ৰদান কাৰ্যসূচী মৰিগাঁও জিলাৰ বিভিন্ন পিছপৰা অঞ্চলত অতি সুন্দৰকৈ সম্পন্ন হৈ যায়। দেওবাৰে মৈৰাবাৰীৰ ওচৰৰ উলুবাৰী, টেঙাগুৰিৰ দাঁতিকাষৰীয়া কছাৰীগাঁও, বৰকুৰ আৰু লাহৰীঘাটৰ বগলীপাৰা আদি বানবিধ্বস্ত এলেকা তথা মথাউৰিত বাস কৰা শ শ দুখীয়া আৰু গৃহহীন পৰিয়ালৰ মাজত ন-পুৰণি কাপোৰৰ লগতে আঁঠুৱা, জোতা, চেণ্ডেল আদি বিতৰণ কৰে সংগঠনটোৰ স্বেচ্ছাসেৱী যুৱক-যুৱতীসকলে। বিশেষকৈ অনাথ শিশু, বিধৱা আৰু জ্যেষ্ঠ নাগৰিকসকলে অতি আগ্ৰহেৰে নিজ হাতে বিধে বিধে কাপোৰ গ্ৰহণ কৰি পুলকিত হোৱাৰ লগতে মানৱদৰদী সংগঠনটোৰ এনে প্ৰচেষ্টাৰ আন্তৰিক শলাগ লয়। সদাশয় ৰাইজৰ সহায়-সহযোগিতাৰ দ্বাৰা দৰিদ্ৰ ৰাইজৰ হকে সম্পন্ন কৰা এই আদৰণীয় কাৰ্যসূচী ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালকৈ বৰাক উপত্যকাতো অব্যাহত ৰাখিবলৈ সংগঠনটো সম্পূৰ্ণ ৰূপে সাজু হৈছে বুলি জানিবলৈ দিয়ে সভাপতি মুহাম্মাদ আফজালে।

27/11/2023

🟥 মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ শগুণবাহীস্থিত এছ. আৰ. ইটা ভাটাত আজি পুৱাৰ ভাগতে সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা।
🟦 ট্ৰেক্টৰৰ চকাৰ তলত পৰি থিতাতে মৃত্যু হয় এগৰাকী শিশুৰ।

26/11/2023

মৰিগাঁও জিলাৰ মৈৰাবাৰী তাজ মহম্মদ খান মাধ্যমিক বিদ্যালয়ত হিন্দুস্থান স্কাউড এণ্ড গাইডৰ জিলা সমিতি গঠন আৰু দীক্ষা সমাৰোহ

26/11/2023

বালিগাঁও গ্ৰীণ ফিল্ড পাব্লিক স্কুলত বাৰ্ষিক বিচিত্ৰানুষ্ঠান সম্পন্ন

মৰিগাঁও জিলাৰ ভুৰবন্ধা শিক্ষা খণ্ডৰ অন্তৰ্গত হাবিবৰঙাবাৰী বালিগাঁও গ্ৰীণ ফিল্ড পাব্লিক স্কুলত দুদিনিয়া কাৰ্যসূচীৰে বাৰ্ষিক বিচিত্ৰানুষ্ঠান অনুষ্ঠিতহৈ যায়। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি বিদ্যালয়ৰ অধ্যক্ষই পতাকা উত্তোলন কৰি মঞ্চ মুকলি কৰাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তি, আধুনিক গীত, হিন্দী গীতৰ লগতে বিভিন্ন নৃত্যৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি মাৰে আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচী আছিল মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী নেকিব ৰহমানৰ এই গীতৰ শৰাই। গীতৰ শৰাই আগবঢ়াৱাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য, একক অভিনয়, আমন্ত্ৰিত বিহুৱা দলৰ বিহু নৃত্য প্ৰদৰ্শন কৰে। লগতে বিদ্যালয়খনৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাল নম্বৰ লাভ কৰিছে সেইসকলক সম্বৰ্ধনা জনোৱাৰ লগতে মমৰ দৰে নিজে গলি ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পোহৰ বিলাই থকা শিক্ষক-শিক্ষয়িত্ৰীসকলকো মানপত্ৰ প্ৰদান কৰে আৰু অৱশেষত নেকিবুৰ ৰহমানৰ গীতেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।

বৰছলাৰ পৰা বাচিৰ আহমেদৰ ৰিপ'ৰ্ট,
খাইৰ নিউজ।

25/11/2023

মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উৎযাপন

25/11/2023

লাহৰীঘাট প্ৰাথমিক বিদ্যালয়ত হীৰক জয়ন্তী উদযাপনৰ প্ৰস্তুতি

25/11/2023

🟥 মৰিগাঁও জিলাৰ মৈৰাবাৰী মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষাগুৰু আৰু কৰ্মচাৰীসকলৰ মাজত এন এছ এছ ইউনিটৰ আৰ্থিক অনুদান অভিযান
🟦 ৰাষ্ট্ৰীয় সাম্প্ৰদায়িক সম্প্ৰীতি ন্যাসে চলিত বৰ্ষৰ ১৯ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ আৰম্ভ কৰা দেশজোৰা সাম্প্ৰদায়িক সমন্বয় অভিযান উপলক্ষে চলায় এই অনুদান অভিযান

24/11/2023

মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত
লাচিত দিৱস উদযাপন

24/11/2023

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ 'শ্ৰী শ্ৰী আলিপুখুৰী (পাটেকীবড়ী) সত্ৰ'ত দিনজোৰা কাৰ্যসূচীৰে 'আবেলি বেলিৰ ৰং'ৰ উদ্যোগত অনুষ্ঠিত হয় বয়োজ্যেষ্ঠৰ তীৰ্থ দৰ্শন আৰু সম্বৰ্ধনা অনুষ্ঠান

বিকশিত ভাৰত সংকল্প যাত্ৰা মৰিগাঁৱত শুভাৰম্ভ মৰিগাঁৱৰ পৰা ছাইফুল ইছলামৰ বিশেষ প্ৰতিবেদন, খাইৰ নিউজ, ২৩ নৱেম্বৰঃ মৰিগাঁও জ...
23/11/2023

বিকশিত ভাৰত সংকল্প যাত্ৰা মৰিগাঁৱত শুভাৰম্ভ

মৰিগাঁৱৰ পৰা ছাইফুল ইছলামৰ বিশেষ প্ৰতিবেদন, খাইৰ নিউজ, ২৩ নৱেম্বৰঃ মৰিগাঁও জিলাত আজি ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ'ল বিকশিত ভাৰত সংকল্প যাত্ৰা। মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শুভাৰম্ভ কৰে বিকশিত ভাৰত সংকল্প যাত্ৰা। জিলাখনৰ মায়ং উন্নয়ন খণ্ডৰ জাগীৰোড গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ল এই কাৰ্যসূচী। জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতিত আৰম্ভ হোৱা এই কাৰ্যসূচীত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে সহযোগ কৰে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৱে। ভাৰত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি সন্দৰ্ভত জনসচেতনতা বৃদ্ধি আৰু ধ্বজাবাহী আঁচনিসমূহৰ দ্বাৰা সমাজৰ শেষৰজন লোকো যাতে উপকৃত হয় সেয়া সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাতো আৰম্ভ হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী। উল্লেখযোগ্য যে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক অহা বছৰৰ ২৬ জানুৱাৰীলৈকে প্ৰতিটো গাঁও পঞ্চায়ত আৰু পৌৰ নিকায়ক সামৰি অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে আঁচনি যুগুত কৰে। জিলাখনৰ ৮৫ টা গাঁও পঞ্চায়ততে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ অধীনত সভা অনুষ্ঠিত হ'ব। এই সভাসমূহত প্ৰতিটো চৰকাৰী বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত সজাগতা আনিব।এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে বিভিন্ন পৰ্যায়ত সমিতিও গঠন কৰা হয়। প্ৰতিটো বিভাগৰ সক্ৰিয় অংশগ্ৰহণেৰে এই কাৰ্যসূচী সফল কৰি তুলিব বুলি সকলোৱে মত প্ৰকাশ কৰে। আজিৰ এই কাৰ্যসূচীত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৱে চৰকাৰে আগবঢ়োৱা বিভিন্ন ধৰণৰ আচনিৰ বিষয়ে বিতংকৈ ৰাইজক বুজাই দিয়ে। এই সংকল্প যাত্ৰাৰ শুভাৰম্ভ কাৰ্যসূচীত জাগীৰোড উন্নয়ন নিগমৰ দীপজ্যোতি নেওগেও চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। কাৰ্যসূচীত জিলা উন্নয়ন বিভাগৰ আয়ুক্ত দেৱযানী শইকীয়া, অতিৰিক্ত আয়ুক্ত প্ৰমোদ শৰ্মা মায়ং ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ মায়ং উন্নয়ন খণ্ডৰ নিৰ্মল মহন্ত, কৃষি বিষয়া অশোক শইকীয়া খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সহ সঞ্চালক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা চেলিম আহমেদকে ধৰি প্ৰায় বিভাগৰ মুৰব্বী বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

23/11/2023
22/11/2023

🟥 অসমৰ যোৰহাটৰ এটি পৰিয়াল বিপদত পৰিছে বাংগালোৰত।
🟦 চিকিৎসাৰ বাবে সহায় বিচাৰি অসমবাসীলৈ কৰযোৰে জনাইছে আহ্বান।
🟨 আপোনাৰ সহায়ৰ বাবে দিয়া হৈছে বেংকৰ সবিশেষ--
AC No - 413601501346
IFSC - ICIC0004136
Bank Name - ICICI
Name - Sushruti Dutta

Gpay number - 8812834088

লগতে বাতৰিটো যিমান পাৰে Share কৰক আৰু ছোৱালীজনীৰ জীৱন বচাওঁক৷

22/11/2023

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত সকলো ঠিকাভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি লাহৰীঘাটত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

22/11/2023

আম আদমি পাৰ্টি নগাঁও জিলা সমিতিয়ে আজি ৰূপায়ণ কৰে ''সবল গাঁও, উন্নত অসম'' লক্ষ্যেৰে 'গাঁৱলৈ যাত্ৰা' কাৰ্যসূচী

22/11/2023

স্বাস্থ্য সেৱা উৎসৱ-২ ৰ অংশৰূপে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আঁহতগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন

21/11/2023

🟥 মৈৰাবাৰীৰ হাঁহচৰা প্ৰেচিডেন্সী ক্লাৱৰ উদ্যোগত নৈশ ক্ৰিকেট খেলৰ আয়োজন।
🟦 অহা ২, ৩ আৰু ৪ ডিচেম্বৰলৈ হাঁহচৰা খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিতব্য নৈশ ক্ৰিকেট খেলত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈসকলেও অংশগ্ৰহণ কৰিব।

অসমৰ ৰাজ্যপাল শ্ৰী গোলাপ চান্দ কাটাৰিয়াক সৌজন্যমূলক সাক্ষাৎ ষ্টুডেণ্ট কেডেট কৰ্পছৰ ৰাজ্যিক সমিতিৰ খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্...
21/11/2023

অসমৰ ৰাজ্যপাল শ্ৰী গোলাপ চান্দ কাটাৰিয়াক সৌজন্যমূলক সাক্ষাৎ ষ্টুডেণ্ট কেডেট কৰ্পছৰ ৰাজ্যিক সমিতিৰ

খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্ট, ২১ নৱেম্বৰঃ ৰাজ্যখনৰ অন্যতম শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ ক্রীড়া অনুষ্ঠান ষ্টুডেণ্ট কেডেট কৰ্পছ (এছ.চি.চি.)ৰ ৰাজ্যিক সমিতিৰ এটি সজাতি দলে ১৯ নবেম্বৰত ৰাজভৱনত ৰাজ্যপাল শ্ৰী গোলাপ চান্দ কাটাৰীয়াক সাক্ষাৎ কৰি এছ.চি.চি. সম্বন্ধীয় বিভিন্ন আলোচনাত মিলিত হয়। আলোচনা কালত এছ.চি.য়ে ২০১৮ বৰ্ষৰ পৰাই দেশ মাতৃৰ সেৱাৰ মনোভাৱেৰে উদ্বুদ্ধ অসমৰ ছাত্ৰ-ছাত্ৰীৰ সেৱাৰ্থে কাম কৰি যোৱাৰ বিষয়ে তেখেতক অৱগত কৰে। সাক্ষাৎ কালত তেখেতক এছ.চি.চি.ৰ আগন্তুক পৰিকল্পনাৰ বিষয়েও অৱগত কৰোৱা হয় বুলি জানিবলৈ দিয়ে। ইয়াৰ ওপৰিও এছ.চি.চি. গাঁও অঞ্চলৰ প্ৰতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ কল্যাণাৰ্থে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত কাম কৰাৰ কথাও তেখেতেক অৱগত কৰায়। এছ.চি.চি.য়ে প্ৰতিবছৰে অনুষ্ঠিত কৰা ৰাজ্যিক পুৰস্কাৰ প্ৰশিক্ষণ শিবিৰত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বাছনি কৰি ৰাজ্যিক পুৰস্কাৰ প্ৰদান কৰি আহিছে। এই বছৰ অৰ্থাৎ ২০২৩ বৰ্ষৰ ৰাজ্যিক পুৰস্কাৰ প্ৰশিক্ষণ শিবিৰখন গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত যোৱা জুলাই মাহৰ ৫-১০ তাৰিখলৈ অনুষ্ঠিত হৈ যায়। উক্ত প্ৰশিক্ষণ শিবিৰৰ মূল কাৰ্যসূচী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী ইউ জি ব্ৰহ্মৰ উপস্থিতিত অনুষ্ঠিত হৈছিল। অনুষ্ঠানত কেবিনেট মন্ত্ৰীগৰাকীয়ে এছ.চি.চি. ৰাজ্যিক সমিতি আৰু ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে, উক্ত ৰাজ্যিক প্ৰশিক্ষণ শিবিৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এছ.চি.চি.লৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। এই বিষয়টো ৰাজ্যপালগৰাকীক অৱজ্ঞত কৰে। এনেবোৰ বাৰ্তা পাই তেখেত নথৈ আনন্দিত হৈ আগন্তুক এছ.চি.চি.ৰ ৰাজ্যিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে। তেখেতে এছ.চি.চি.ৰ ৰাজ্যিক কাৰ্যসূচীৰ মত প্ৰকাশত ৰাজ্যৰ এছ.চি.চি.বাহিনীয়ে নথৈ আনন্দিত হৈ পৰে। এছ.চি.চি.ৰ ৰাজ্যিক পুৰস্কাৰ প্ৰশিক্ষণ শিবিৰৰ মানপত্ৰখন চৰকাৰে মান্যতা দিব লাগে বুলি মাননীয় ৰাজ্যপাল ডাঙৰীয়াক অৱগত কৰায়। এই বিষয়ত ৰাজ্যপাল ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰীলৈ এখনি পত্ৰ প্ৰেৰণ কৰাৰ কথাও এছ.চি.চি.ক জনায়। সাক্ষাৎকালত এছ.চি.চি.ৰ ৰাজ্যিক সমিতিৰ হৈ ৰাজ্যিক সভাপতি ছাব্বিৰ হুছেইন, ৰাজ্যিক সম্পাদক শ্ৰী দিলীপ কলিতা, ৰাজ্যিক উপদেষ্টা ড° ইফতিকাৰ আলী আহমেদ, ৰাজ্যিক উপ সভাপতি মস্তোফা কামাল, ৰাজ্যিক উপ সভাপতি আবু তালেব আহমেদ, ৰাজ্যিক প্ৰশিক্ষক শ্ৰী প্ৰণিতা বৰা, ৰাজ্যিক প্ৰশিক্ষণ সম্পাদক মোস্তাফিৰ আলম উপস্থিত থাকে। ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ পাই এছ.চি.চি.ৰ ৰাজ্যিক সমিতি নথৈ আনন্দিত বুলি জানিবলৈ দিয়ে।

21/11/2023

🟥 'ৰাইজৰ মাজলৈ ৰাইজৰ দল'এক জনজাগৰণ যাত্ৰা আৰম্ভ।
🟦 নতুন অসম, সম্প্ৰীতিৰ অসম, ভয় মুক্ত অসম আৰু দেশৰ ভিতৰতে এখন উন্নত আৰু সন্মানীয় ৰাজ্য ৰূপে গঢ়িবৰ বাবে এক সংকল্প লৈ ২০ নৱেম্বৰৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ হৈছে 'ৰাইজৰ মাজলৈ ৰাইজৰ দল' শীৰ্ষক কাৰ্যসূচী।

20/11/2023

মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰকাশন উপ-সমিতিৰ সহযোগত সাংবাদিকৰ 'প্ৰীতি সন্মিলন আৰু আলোচনা চক্ৰ'

20/11/2023

আজি মৈৰাবাৰী কলেজৰ বাণিজ্য শাখাৰ প্ৰাচীৰ পত্ৰিকা 'কমাৰ্চ পালচ' শুভ উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই, সহযোগ কৰে জ্যেষ্ঠ সাংবাদিক বিৰিঞ্চি কুমাৰ শৰ্মা, ডালিম ফুকন, মৈৰাবাৰী কলেজৰ অধ্যক্ষ ডঃ ৰিয়াজুল হক, সহযোগী অধ্যাপক ডঃ অংশুমান দাস আৰু মৰিগাঁও কলেজৰ সহকাৰী অধ্যাপক অচ্যুত কুমাৰ দাসে।

মৈৰাবাৰী মহাবিদ্যালয়ত সাংবাদিকৰ 'প্ৰীতি সন্মিলন আৰু আলোচনা চক্ৰ' খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্ট, ২০ নৱেম্বৰঃ মৈৰাবাৰী মহাবিদ্যা...
20/11/2023

মৈৰাবাৰী মহাবিদ্যালয়ত সাংবাদিকৰ 'প্ৰীতি সন্মিলন আৰু আলোচনা চক্ৰ'

খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্ট, ২০ নৱেম্বৰঃ মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰকাশন উপ-সমিতিৰ সহযোগত মৰিগাঁও জিলাৰ উত্তৰাংশৰ সংবাদকৰ্মীসকলৰ এখনি প্ৰীতি সন্মিলন আৰু আলোচনা চক্ৰ আজি পুৱা ১১ বজাত মৈৰাবাৰী মহাবিদ্যালয়ৰ ছেমিনাৰ হলত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অংশুমান দাসে সঞ্চালনা কৰা আলোচনা চক্ৰটোত মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, সম্পাদক ড° অচ্যুত দাস, জিলাখনৰ জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন উপস্থিত থাকি "সমাজ উত্তৰণত মফচলীয় সাংবাদিকৰ ভূমিকা" সন্দৰ্ভত সমবেতসকলক উদ্দেশ্যি বহুমূলীয়া ভাষণ প্ৰদান কৰে। তদুপৰি অৱসৰপ্ৰাপ্ত অধ্যাপিকা জাহানাৰা বেগম, জ্যেষ্ঠ সাংবাদিক ছামচুল আলম, বদৰুজ জামান আকতাৰ, বিষ্ণু ডেকা, এনামুৰ ৰহমান, তাৰিকুল ইছলাম আৰু খাইৰুল ইছলামে আলোচনাত ভাগ লৈ সাংবাদিকৰ কৰ্তব্য, অধিকাৰ, সন্মান, সংগ্ৰামী ভূমিকা আদি ভিন্ন বিষয়ত সাৰুৱা বক্তব্য আগবঢ়ায়। মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰিয়াজুল হকে আদৰণি ভাষণ আগবঢ়োৱা আলোচনা চক্ৰটোত মৈৰাবাৰীৰ লগতে লাহৰীঘাট, ভূৰাগাঁও আদি নদী কাষৰীয়া অঞ্চলৰ বহু সংখ্যক মফচলীয় সাংবাদিক উপস্থিত থাকে। সাংবাদিকৰ প্ৰীতি সন্মিলনটোত প্ৰতিজন স্থানীয় সাংবাদিকক একোখনকৈ প্ৰমাণ পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অসমীয়া বিভাগৰ হৈ প্ৰীতি সন্মিলন তথা আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে ড° আব্দুল মান্নান আহমেদে, সম্বৰ্ধনা পৰ্বৰ আঁত ধৰে মুহাম্মাদ আফজালে আৰু শলাগৰ শৰাই আগবঢ়ায় ড° পূৰবী কলিতাই। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰী তথা কণ্ঠশিল্পী ৰুণু বেগমে পৰিৱেশন কৰা একাধিক গীতে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে। শেষত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে সন্মিলনৰ সফল সামৰণি পৰে। উল্লেখ্য যে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগে প্ৰকাশ কৰি উলিওৱা বিভাগীয় পত্ৰিকা 'লুইত' (তৃতীয় সংখ্যা)ৰ উপৰিও মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা 'কমাৰ্চ পালচ' শুভ উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই, সহযোগ কৰে জ্যেষ্ঠ সাংবাদিকদ্বয় বিৰিঞ্চি কুমাৰ শৰ্মা, ডালিম ফুকন, মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰিয়াজুল হক, সহযোগী অধ্যাপক ড° অংশুমান দাস আৰু মৰিগাঁও মহাবিদ্যালয়ৰ সহঃ অধ্যাপক ড° অচ্যুত দাসে।

19/11/2023

🟥 আম আদমি পাৰ্টী অসমে আজি
গোৱালপাৰা জিলাৰ ধূপধৰা গাঁৱত ৰূপায়ণ কৰে ''সবল গাঁও, উন্নত অসম'' লক্ষ্যেৰে 'গাঁৱলৈ যাত্ৰা' কাৰ্যসূচী।
🟦 আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ নেতৃত্বত উলিওৱা 'গাঁৱলৈ যাত্ৰা' কাৰ্যসূচীত শতাধিক দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

মৰিগাঁও জিলা কৃষি বিষয়াসকলে পৰিদৰ্শন কৰে শুৰ পোকে দেখা দিয়া পথাৰ খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্ট, ১৯ নৱেম্বৰঃ মৰিগাঁও জিলাৰ বৰছ...
19/11/2023

মৰিগাঁও জিলা কৃষি বিষয়াসকলে পৰিদৰ্শন কৰে শুৰ পোকে দেখা দিয়া পথাৰ

খাইৰ নিউজ ডেস্ক ৰিপ'ৰ্ট, ১৯ নৱেম্বৰঃ মৰিগাঁও জিলাৰ বৰছলা, পটুৱাকাটা আদি অঞ্চলত দেখা দিয়া শুৰ পোকৰ সমস্যাৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰৰ্শনৰ বাবে শনিবাৰে মৰিগাঁও জিলাৰ কৃষি বিষয়াসকলে পথাৰ পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ প্ৰতিকাৰৰ বিষয়ে কিছু সংখ্যক খেতিয়কক পৰামৰ্শ প্ৰদান কৰে। তাৰোপৰি এতিয়াও কেঁচা হৈ থকা ধানত প্ৰয়োগৰ বাবে কিছু দৰৱ-পাতিও প্ৰদান কৰে।

19/11/2023

🟥 জাগীৰোডৰ দৈনিক বজাৰত যোৱা নিশা প্ৰায় এক বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।
🟦 অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ঘটনাস্থলীত উপস্থিত হয় আৰু ক্ষয়-ক্ষতিৰ বুজ লয়।
🟨প্ৰায় শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান জুইত ভষ্মীভূত হোৱাৰ লগতে কোটিৰো অধিক টকাৰ শুকান মাছৰ ক্ষতি সাধন হোৱা বুলি অনুমান কৰা হৈছে।

Address

Moirabari College Road
Morigaon
782126

Telephone

+918486289454

Website

Alerts

Be the first to know and let us send you an email when Khair News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Khair News:

Videos

Share

Nearby media companies


Other Media/News Companies in Morigaon

Show All

You may also like