25/07/2023
বিশ্ব অৰ্থনীতিত ডলাৰৰ দপদপনি কোনোৱে নুই কৰিব নোৱাৰো। তাৰ মাজতেই মোদী ডাঙৰীয়াৰ অৰ্থনৈতিক নীতিয়ে ভাৰতীয় মুদ্ৰা টকাৰ গুৰুত্ব বিশ্বত লাহে লাহে বৃদ্ধি পাবলৈ লৈছে। আশা কৰিব পাৰি কিছুবছৰৰ পিছত বিশ্ব অর্থঃনীতিত "ৰূপী" ৰজনজনাই থাকিব।
টকাৰ মাধ্যমত লেনদেন কৰাৰ উদ্দেশ্যে ভাৰতত বিশেষ ৰুপী ভষ্ট্র' একাউন্ট খুলিছে ২২ খনকৈ দেশৰ বেংক প্রতিষ্ঠানে। পর্যায়ক্রমে ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সংসদত প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে।
তেওঁ জনোৱামতে এনে একাউন্ট খোলা দেশসমূহৰ ভিতৰত আছে বেলাৰুছ, বটছোৱানা, ফিজি, জার্মানী, গুয়েনা, ইজৰাইল, কেনিয়া, মালয়েছিয়া, মৰিছাছ, ম্যানমাৰ, নিউজিলেণ্ড, ওমান, ৰাছিয়া, ছিছিলছ, ছিংগাপুৰ, শ্রীলংকা, তাঞ্জানিয়া, বাংলাদেশ, মালদীপ, কাজাখস্তান আৰু ব্ৰিটেইন।
PMO India
Narendra Modi
Himanta Biswa Sarma
Bimal Borah