31/01/2023
বিষ্ণুপ্ৰসাদ ৰাভা
(ইংৰাজী- জানুৱাৰী, ১৯০৯ – ২০ জুন, ১৯৬৯)
অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। তেখেত জীৱনকালতে এক জীৱন্ত কিংবদন্তীত পৰিণত হৈছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভাক ‘কলাগুৰু’ বিশেষণ উচ্চাৰণ কৰি লিখা প্ৰথমজন ব্যক্তি আছিল বিবুধ কলিতা। তেওঁ ১৯৬৯ চনৰ ২১ জুনত ‘দৈনিক অসম’ত ৰাভাৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি এই অভিধাটো ব্যৱহাৰ কৰিছিল।