13/06/2021
পৰিৱৰ্তন নং- ১
বিটিচিত পঞ্চায়তীৰাজৰ বিকল্পৰ যথাযথ প্ৰতিষ্ঠা ও বিষয়টোৰ সমাধান
দুৰ্নীতিয়ে বিটিচিৰ সমাজ ব্যৱস্থাটোকে সম্পূৰ্ণৰূপে কলুষিত কৰি পেলাইছে। তাৰ অন্যতম কাৰণ হ’ল ইয়াত প্ৰচলিত ভিলেজ কাউঞ্চিল ব্যৱস্থাটো। ২০০৩ চনৰ বিটিচি চুক্তিৰ পূৰ্বে বিটিচিত দেশৰ বাকীবোৰ এলেকাৰ দৰে (পঞ্চ আৰু ষষ্ট অনুসূচীৰ এলেকাবোৰক বাদ দি) পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰৱৰ্ত্তন আছিল। পঞ্চায়তীৰাজ ব্যৱস্থাটো এক ধৰণৰ তিনিখলপীয়া গণতান্ত্ৰিক ব্যৱস্থা। উন্নয়নৰ কাম কাজবোৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে ৰাইজৰ অংশগ্ৰহণৰ দ্বাৰা আগবঢ়াই নিবলৈ এই তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাটো ১৯৯২ চনত সাংবিধানিক আইনৰ জৰিয়তে প্ৰৱৰ্ত্তন কৰা হৈছিল। গাওঁ পৰ্যায়ত গাঁও পঞ্চায়ত, ব্লক পৰ্যায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰ্যায়ত জিলা পৰিষদৰ দ্বাৰা এই ব্যৱস্থাটো পৰিচালিত হৈছিল। আইন মতে নিৰ্বাচনৰ দ্বাৰা প্ৰতিটো পৰ্যায়ৰ সদস্য আৰু সভাপতি সকলক নিৰ্বাচিত কৰা বাঞ্চনীয়। পঞ্চ অনুসূচীৰ এলেকাবোৰত পঞ্চায়তীৰাজৰ বিকল্প হিচাপে ১৯৯৬ চনত ’পেচা‘ আইন প্ৰৱৰ্ত্তন কৰা হৈছিল। ষষ্ট অনুসূচীৰ এলেকাবোৰ নিজা নিজা ভিলেজ কাউঞ্চিল ব্যৱস্থাৰে বহু আগৰ পৰাই চলি আছিল।
২০০৩ চনৰ বিটিচি চুক্তিৰ পিছত চাৰিখন জিলা ক্ৰমে ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ ষষ্ট অনুসূচীৰ অন্তৰ্ভুক্ত হৈ পৰিল। ষষ্টঅনুসূচীভুক্ত হোৱাৰ লগে লগে ইয়াত পঞ্চায়তীৰাজ ব্যৱস্থাটো নিষ্ক্ৰিয় হৈ পৰিল আৰু তাৰ পৰিৱৰ্তে ইয়াত ভিলেজ কাউঞ্চিল ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰাসংগিকতা আহি পৰিল।
বিটিচিত ভিলেজ কাউঞ্চিল ব্যৱস্থাটো যথাযথভাৱে প্ৰতিষ্ঠা কৰিবলৈ বিটিচি চৰকাৰে ২০১২ চনত বিটিচি সদনত ভিলেজ কাউঞ্চিল বিল-২০১২ পাচ কৰি অনুমোদনৰ বাবে অসমৰ ৰাজ্যপাল মহোদয়লৈ পঠিয়াইছিল। বিলখন এতিয়ালৈ মহামহীম ৰাজ্যপালৰ অনুমোদনৰ অপেক্ষাতৰত।
জনগাঁঠনিৰ দৃষ্টিকোণেৰে বিটিচিত বহু জতিলতা আছে। প্ৰায় ৭০ শতাংশ অজনজাতীয় লোক। ষষ্টঅনুসূচীৰ আনবোৰ এলেকাৰ দৰে ইয়াত ভুমি তথা সম্পদৰ অধিকাৰ জনজাতি সকলৰ হাতত ন্যস্ত নহয়। কিছুমান সিঁচৰিত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জৰিয়তে ভূমিৰ সংৰক্ষণ ব্যৱস্থাহে কৰা হৈছে। তাৰোপৰি এলেকাটোত বাসকৰা গৰিষ্ঠসংখ্যকে জনজাতীয় সমাজ ব্যৱস্থাৰ বাহিৰত।
পঞ্চায়ত আইনৰ দৰেই বিটিচিৰ ভিলেজ কাউঞ্চিল বিল খনত জিলা প্লেনিং কমিটিৰ গঠনৰ প্ৰাৱধান আছে। পঞ্চায়ত আইনত জিলা প্লেনিং কমিটিত জিলাৰ বিধায়ক সকল, জিলা পৰিষদৰ সভাপতি/সম্পাদক, টাউন কমিটি/মিউনিচিপালিটি বৰ্ডৰ সভাপতি, জিলা উপায়ুক্ত আদিৰে গঠিত হয়। জিলা পৰিষদৰ সভাপতিয়ে জিলা প্লেনিং সমিটিৰ সভাপতিত্ব কৰে। জিলা প্লেনিং কমিটিৰ মূল কাম হ’ল গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ, টাউন কমিটি, মিউনিচিপালিটি বৰ্ড আদি সকলোৰে প্লেন সমূহ একত্ৰিত কৰি জিলাৰ একচন প্লেন প্ৰস্তুত কৰা।
একেদৰে ভিলেজ কাউঞ্চিল বিল খনতো জিলা প্লেনিং কমিটিয়ে ভিলেজ কাউঞ্চিল, টাউন কমিটি, মিউনিচিপালিটি বৰ্ড আদি সকলোৰে প্লেন সমূহ একত্ৰিত কৰি জিলাৰ একচন প্লেন প্ৰস্তুত কৰিব লাগে। কিন্তু ইয়াত জিলা উপায়ুক্তক সাঙুৰি লোৱা হোৱা নাই। ভিলেজ কাউঞ্চিল, টাউন কমিটি, মিউনিচিপালিটি বৰ্ড আদি নিৰ্বাচনৰ দ্বাৰা গঠন নকৰা পৰ্যন্ত ইয়াৰ অধিকাংশ সদস্যই নিৰ্বাচিত নহয়। তাৰোপৰি বিটিচিত আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ অস্তিত্ব নাই। পৰিষদীয় সমষ্টি পৰ্যায়ত টিচিএলচিচি গঠন কৰা হয় যদিও কি গণতান্ত্ৰিক নিয়মৰ আধাৰত টিচিএলচিচি গঠন কৰা হৈছে জনা নাযায়। সদ্যঘোষিত এখন চৰকাৰী অৰ্ডাৰত বিটিচিৰ চাৰিখন জিলা উপায়ুক্তক জিলাৰ একচন প্লেন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু ওপৰোক্ত গণতান্ত্ৰিক প্ৰক্ৰিয়া অবিহনে এনে একচন প্লেন প্ৰস্তুত কৰা সমীচিন নহয় আৰু সম্ভৱো নহয়। যদি তাৰপিছতো কৰা হয় তেন্তে সেয়া এক আমোলাতান্ত্ৰিক একচন প্লেনহে প্ৰস্তুত হ’ব।
******