খৱৰ Kampur

খৱৰ Kampur সকলোৱে সহযোগীতা কামনা কৰিলো...
(1)

25/01/2025

ভুৱা বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিল পঞ্চায়ত প্ৰতিনিধি । কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱা জুৰিপাৰ পঞ্চায়তৰ অন্তৰ্গত কেইবাটাও আঁচনিত এচপৰা মাটি নপৰাকৈ ধন আত্মসাৎ কৰি দুৰ্নীতি সংঘটিত কৰা বুলি একাংশ বাতৰি কাকত আৰু পৰ্টেলত বাতৰি সম্প্ৰচাৰ হৈছিল । জুৰিপাৰ পঞ্চায়তৰ অন্তৰ্গত পণ্ডিত ঘাট, বৰপানী গাঁৱৰ অঞ্চলকে ধৰি কেইবাটাও পথৰ মাটিৰ কাম চলি থকা অৱস্থাত এচপৰাও মাটি নাই পৰা বুলি বাতৰি প্ৰচাৰ কৰাত এতিয়া জাঙুৰ খাই উঠিছে পঞ্চায়তটোৰ জনপ্ৰতিনিধি সকল । আনহাতে পৰৱৰ্তী সময়ত এনেধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰি জুৰিপাৰ পঞ্চায়ত বাসীক বদনাম কৰিলে যি কোনো ব্যৱস্থা লোৱা হ'ব বুলি সদৰি কৰে পঞ্চায়তৰ জনপ্ৰতিনিধি সকলে ।

25/01/2025

কামপুৰত দিন দুপৰতে চুৰিৰ ঘটনা ।
কামপুৰ নগৰৰ মাজমজিয়াত থকা শংকৰ মাধৱ হাৰ্ডৱেৰ দোকানৰ সন্মুখৰ পৰা মটৰ চাইকেল লৈ উধাও চোৰ ।
CCTV কেমেৰাত বন্দী চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য ।
চুৰি হোৱা মটৰচাইকেলখনৰ নম্বৰ AS02Q-6010

24/01/2025

কামপুৰ শ্ৰী শ্ৰী মাধৱ থানত অনুষ্ঠিত হৈছে ভাগৱত পাঠ অনুষ্ঠান ৷ বিশ্ব শান্তিৰ উদ্দেশ্যে বিগত বৰ্ষৰ দৰে এইবাৰো নগাঁৱৰ কামপুৰ মাধৱপাৰাস্থিত ঐতিহাসিক শ্ৰী শ্ৰী মাধৱ থানত পাঁচদিনীয়াকৈ আৰম্ভ হৈছে একাদশ বাৰ্ষিক ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠান ।

23/01/2025

কামপুৰ ভোগালী উৎসৱ স্থলীত চাফাই অভিযান লাইভ ৷

22/01/2025

কামপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি নিজ ভাতৃক হত্যাৰ চেষ্টা । কামপুৰৰ কচুৱাত সংঘটিত হৈছে এই ঘটনা । কচুৱাৰ পমিলা জাৰণিৰ জীয়াবুৰ ৰহমানক ১০ জানুৱাৰী নিশা নিজ ভাতৃয়ে চিনেমা কায়দাৰে ৫ জনীয়া গুণ্ডা বাহিনী লৈ নিজ বাসগৃহৰ সন্মুখতে হত্যাৰ চেষ্টা চলাই । পৈতৃক সম্পত্তি প্ৰত্যেকজনে ২ বিঘাকৈ পোৱাৰ পিছতো নিজ ভাতৃক হত্যা কৰি তেওঁৰ মাটি নিজৰ নামলৈ লৈ অনাৰ কু-চক্ৰান্ত ৰচিছিল দুই নিজ‌ ভাতৃয়ে । উল্লেখ্য যে জীয়াবুৰ ৰহমানক হত্যাৰ চেষ্টা চলোৱা ৫ দুৰ্বৃত্ত ক্ৰমে আজিবুৰ ৰহমান, আতাবুৰ ৰহমান, ইয়াছিন আলী, আবু চায়েদ আৰু ৰছিদুল হ'ক আজিও মুকলি আকাশৰ তলত । ১২ জানুৱাৰীত কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো আচামীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও জুৰি ১২ জানুৱাৰীত দিয়া এজাহাৰ হেৰাই গ'ল বুলি পুনৰ এজাহাৰ দিবলৈ কোৱা কথাষাৰে এতিয়া সচেতন মহলৰ মাজত চিন্তাৰ বিষয় হৈ পৰিছে ৷

22/01/2025
22/01/2025

স্পষ্টিকৰণ,

কচুৱাৰ জ্ঞানজ্যোতি বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সন্দৰ্ভত ওলোৱা মিছা বাতৰিৰ স্পষ্টিকৰণ ৷

20/01/2025

নগাঁৱৰ তুলসীমুখত উত্তপ্ত পৰিস্থিতি ৷ গৰু চোৰক ধৰি উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে ৷ এখন বিলাসী বাহনৰ ভিতৰত ভৰাই আনিছিল এটা গৰু ৷ কামপুৰ বেঙেনাআটিৰ পৰা দিন দুপৰতে গৰু চুৰি কৰি তীব্ৰ বেগত পলায় গৈ বিলাসী বাহন খনে খুন্দা মাৰে এখন পালচাৰ বাইকত ৷ তাৰ পাছতে স্থানীয় ৰাইজে গাড়ীৰ ভিতৰত চুৰি গৰু দেখি এটা চোৰক উত্তম মধ্যম দিয়াৰ লগতে বিলাসী বাহন খন ভাঙি চুৰমাৰ কৰি পেলায় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি গৰু সহ চোৰ টোক থানালৈ লৈ আনে ৷ ধৃত চোৰটো ৰৌচন আলী ।

19/01/2025

কামপুৰ ভোগালী উৎসৱ লাইভ...

18/01/2025

কামপুৰ ভোগালী উৎসৱ লাইভ ৷

13/01/2025

কামপুৰ ঘিলানীৰ পৰা লাইভ ৷

10/01/2025

কামপুৰত আধা ঘন্টা ধৰি বজাৰৰ ৰেল গেটত আবদ্ধ ৰোগী কঢ়িয়াই অনা ১০৮ এম্বুলেঞ্চ ৷ কুম্ভকৰ্ণ নিদ্ৰাত কামপুৰ প্ৰশাসন আৰু কামপুৰ পৌৰসভা ৷

Address

Kampur Jamunamukh Road
Kampur
782426

Alerts

Be the first to know and let us send you an email when খৱৰ Kampur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to খৱৰ Kampur:

Videos

Share