16/04/2023
ঢেকীয়াখোৱা বৰনামঘৰত-৪৯৪ বছৰে প্ৰজলিত হৈ-আছে-এগচি বন্তি।
অসমৰ ধৰ্মীয় পীঠসমূহৰ ভিতৰত অন্যতম ঐতিহাসিক পীঠ ঢেকীয়াখোৱা বৰনামঘৰ। অসমৰ যোৰহাট।
নগৰৰ পৰা প্ৰায়-১২কিলোমিটাৰ পূৱত অৱস্থিত ঢেকীয়াখোৱা বৰনামঘৰ এক ঐতিহাসিক পীঠ। যোৱা ৪৯৪ বছৰ ধৰি ঢেকীয়াখোৱা বৰনামঘৰত প্ৰজলিত হৈ আছে-এগছি অক্ষয় বন্তি।বন্তিগচি প্ৰজলন কৰাৰ দিনৰে পৰা-আজি পৰ্যন্ত প্ৰজলিত হৈ থকাৰ বাবে-এই বন্তি গচিক সকলোৱে-অক্ষয় বন্তি বুলি অভিহিত কৰে।
*ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ত-মহাপুৰুষ মাধৱদেৱে এই স্থানতে-এগছি বন্তি জ্বলাইছিল।এই বন্তি গছি ধৰ্মপ্ৰাণ ৰাইজে-এতিয়াও জ্বলাই ৰাখিছে।যোৱা-৪৯৪বছৰ ধৰি,ঢেকীয়াখোৱা বৰনামঘৰত এই গছি বন্তি জ্বলি আছে।এই বন্তি গছি-এছিয়া বুক অফ ৰেকৰ্ডছ আৰু
ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে-দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে।
*জনশ্ৰুতি অনুসৰি-বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে-অৱষ্ণৈৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক বন্দী কৰিব খোজাত,শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱায়।ৰজাই মাধৱদেৱক-জোঁৱায়েকৰ সৈতে বন্দী কৰে।পাছত বিচাৰত জোঁৱায়েকক মৃত্যু দণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে।বন্দীশালৰ পৰা ওলাই আহি-বৰ্তমান ঢেকীয়াখোৱা বৰনামঘৰ থকা ঠাইত,এটা ভগা পঁজাত থকা এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে মাধৱদেৱে আশ্ৰয় ললে।ৰাতিৰ ভাত সাঁজৰ বাবে ঢেকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই-মাধৱদেৱক খুৱাইছিল।
আহাৰ গ্ৰহণ কৰাৰ পাছত,বুঢ়াৰ সহযোগত,গাওঁৰে কেইজনমান লোক লগ হৈ-সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয়।আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে।ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই সন্মতি প্ৰকাশ কৰে।
যি ঠাইত গুৰুজনাই ভোজন কৰিছিল-সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজলন কৰি-নামঘৰ ভাগ স্থাপন কৰে।তেতিয়াৰ পৰাই- এই নামঘৰৰ লগতে-অঞ্চলটোৰ নাম-ঢেকীয়াখোৱা হয়।
যি ঠাইত গুৰুজনাই ভোজন কৰিছিল-সেই ঠাইত বৰগছৰ তলত খুটি মাৰি-মাধৱদেৱে বন্তি প্ৰজলন কৰি-নামঘৰ ভাগ স্থাপন কৰে।মাধৱদেৱে প্ৰজলিত কৰি যোৱা সেই বন্তি গচি-বৰ্তমানেও জ্বলি আছে।
উল্লেখযোগ্য যে-এই বন্তি গচি-এতিয়া ৰূপৰ পাত্ৰত অত্যাধুনিক-কাৰিকৰী কৌশল অৱলম্বন কৰি-নামঘৰৰ পৰিচালনা সমিতিয়ে মূল মণিকূটৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে।বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীয়ে এই ঐতিহাসিক বন্তি গচি চাবলৈ-ঢেকীয়াখোৱালৈ আহে আৰু আৰ্শীবাদ গ্ৰহণ কৰে।
(সংগ্ৰহিত)।