Rajib Borah Titabor

Rajib Borah Titabor সকলো ধৰণৰ ভিডিঅ', আপোনালোক দিবলৈ চেষ্টা কৰিম।।
please Follow page

সৰু সুৰা দিহা........কামত আহিব, সেয়েহে Share কৰিলোঁ।। সকলোৱে জনাকৈ Share এটা কৰিব পাৰে।।         ।।  সৰু সুৰা দিহা ।।পু...
20/07/2024

সৰু সুৰা দিহা........কামত আহিব, সেয়েহে Share কৰিলোঁ।। সকলোৱে জনাকৈ Share এটা কৰিব পাৰে।।

।। সৰু সুৰা দিহা ।।

পুৱাই উঠি খালি পেটত
কুহুমীয়া পানী
কোনোদিনে নহয় জানা
গেছৰ আমনি ।
খোজ কঢ়াৰ অভ্যাস কৰা
পুৱা গধূলি
শৰীৰটোও লাগে ভাল
মনো মুকলি ।
কি খাদ্য অপথ্য হয়
জানি থোৱা ভাল
নহ'লে যে কেতিয়াবা
মিলিব জঞ্জাল ।
মচুৰ খোৱা প্ৰচুৰ হ'লে
পুৰণি কাহ আহে
ইউৰিক এচিড আছে যদি
তৎক্ষণাত বাঢ়ে ।
তেল মচলা নিদি যদি
পচলা সিজাই খাই
লাহে লাহে ইউৰিক এচিড
কমি গুচি যায় ।
মাজে মাজে শুকান মাছ
খোৱা যদি আনি
বসন্ত ৰোগ ওচৰ চাপি
নাহে কাহানি।
কাণৰ ভিতৰে তোমাৰ
বিষ হয় যদি
টকৌ পাতৰ ৰস দিয়া
দিব বিষ বধি।
মাছৰ কাঁইট ডিঙিত লাগি
পঠালি দি ধৰে
মুড়ি চোবাই খাই দিয়া
মুহূৰ্ততে এৰে ।
অৰ্শত যদি ভুগি আছা
চিন্তা নকৰিবা
অমৰা গছৰ ছাল আনি
খুন্দি ৰস খাবা ।
বৰালি মাছ , পুঠী মাছ
মাংস আৰু আদা
অৰ্শ ঔষধ সেৱন কৰি
এইবোৰ নাখাবা ।
হিমগ্লবিন শৰীৰত
গৈছে যদি কমি
ডালিমৰ গুটি খোৱা
মাছৰ খোৱা বামী ।
পেট খামুচি ধৰি যদি
হয় অহা যোৱা
ঘিঁউ দি গাখীৰৰ চাহ
একাপ খাই চোৱা ।
চকু যদি খচখচাই
কৰিছে আমনি
ধুই লৈ কঠনা ফুলৰ
ৰস দিয়া আনি ।
বহুমূত্ৰ ৰোগ হ'লে
নয়নতৰা খাই
নিৰাময় নহ'লেও
উপশম পাই ।
ৰাতি যদি কেতিয়াবা
নাহে টোপনি
কলাফুল দুটি জানা
দিবা মোহাৰি ।
টনছিল হ'লে হয়
বৰ আমনি
চতিয়ানাৰ আঠা খোৱা
বিস্কুটত সানি ।
কোষ্ঠকাঠিন্য থাকিলে জানা
লেটিন কচা হয়
পকা অমিতা কেঁচা মগুয়ে
কৰে নিৰাময় ।
বহুত আছে এনে ঔষধি
পাছে পৰে কম
তোমালোকৰ দিহাৰ বাবেও
বাট চাই ৰম ।
উপকাৰ হ'ব বুলি
ইয়াকে দিলো তুলি
নেভাবিৱা মোক আকৌ
কবিৰাজ বুলি ।
Copy কৰি দিলো 🙏

জানিবলগীয়া কথা.......(সোণ-ৰূপৰ ওজন)সকলোৱে জনাকৈ Share এটা কৰি দিব, আৰু পেজ টো Follow কৰি যাব।।
06/07/2024

জানিবলগীয়া কথা.......(সোণ-ৰূপৰ ওজন)
সকলোৱে জনাকৈ Share এটা কৰি দিব, আৰু পেজ টো Follow কৰি যাব।।

জোখ.........মাখ ।। সকলোৱে জানিব পৰাকৈ post  টো Share কৰিব আৰু page টো Follow কৰিব।
04/07/2024

জোখ.........মাখ ।। সকলোৱে জানিব পৰাকৈ post টো Share কৰিব আৰু page টো Follow কৰিব।

মৰমৰ জিঅ',           ভাৰতৰ সৰ্ববৃহৎ আৰু দ্ৰুৰ্ততম ম'বাইল নেটৱৰ্ক কোম্পানী ! সেইয়া আপোনালোকৰ মতেহে। আপোনালোকে ৩ জুলাই পৰ...
03/07/2024

মৰমৰ জিঅ',

ভাৰতৰ সৰ্ববৃহৎ আৰু দ্ৰুৰ্ততম ম'বাইল নেটৱৰ্ক কোম্পানী ! সেইয়া আপোনালোকৰ মতেহে। আপোনালোকে ৩ জুলাই পৰা আপোনালোকৰ ৰিচাৰ্জ প্লেনৰ যি মূল্য বৃদ্ধি কৰিছে তাত আমাৰ বিশেষ ক'বলগীয়া নাই। মানি লৈছোঁ সদায় তো আৰু একেটা দামতে ৰাইজক সেৱা আগবঢ়াব নোৱাৰে। কৰ্মচাৰীৰ দৰমহা বৃদ্ধি, মেৰামতিৰ খৰচ, চৰকাৰৰ বৰ্ধিত কৰ, ম'বাইল টাৱাৰ পৰিচালনাৰ বাবে বিদুৎ ডিজেল আদিৰ বাবে যথেষ্ট খৰচ হয়। ব্যৱসায়ত এইটো আছেই লাহে লাহে দাম বৃদ্ধি হ'বই নহ'লে ব্যৱসায় উন্নতি কৰিব কেনেকৈ?

কিন্তু আপোনালোকে যি হাৰত মূল্য বৃদ্ধি কৰিছে তাৰ তুলনাত ৰাইজক সেৱা আগবঢ়াব পাৰিছে নে? ধীৰ গতিৰ ইণ্টাৰনেট, কল কৰিলে ভালদৰে শুনি নাপায়, নেটৱৰ্ক নাথাকে। ৰিচাৰ্জ শেষ হ'লে বাৰে বাৰে সকিয়নি দি থাকে যাৰ বাবে কল টো সংযোগ হোৱাত বহু সময় লয়। ইমান সমস্যা কিয়? গ্ৰাহকৰ অসুবিধাৰ প্ৰতি চকু নিদিয়ে কিয়?

আমাৰ ঘৰৰ চাৰিওফালে জিঅ' টাৱাৰ আছে মাজতে আমাৰ গাওঁ খন। পূৱে প্ৰায় ডেৰ কিল'মিটাৰ দূৰত্বত এটা টাৱাৰ, পশ্চিমে প্ৰায় ডেৰ কিল'মিটাৰ দূৰত্বত এটা টাৱাৰ, উত্তৰে প্ৰায় দুই কিল'মিটাৰ দূৰত্বত এটা টাৱাৰ আৰু দক্ষিণে প্ৰায় এক কিল'মিটাৰ দূৰত্বত এটা টাৱাৰ।

তথাপিও ঘৰৰ ভিতৰৰ পৰা যদি ফোনত কথা পাতিব পাৰে কিন্তু ইণ্টাৰনেট নচলে! যদি বাহিৰত ইণ্টাৰনেট পাই কিন্তু কথাবোৰ স্পষ্ট নহয় কাটি কাটি আহে। প্ৰতিমাহে আপোনালোকৰ মতে ২৮ দিনত একমাহ ২৩৯ এতিয়া ২৯৯ টকা ৰিৰ্চাজ কৰিয়ো যদি ভালদৰে ব্যৱহাৰ কৰিবই নোৱাৰোঁ আমাক আপোনালোকৰ কি প্ৰয়োজন আছে?

আৰু আপোনালোকে ঘোষণা কৰি থকা ২০২৩ বৰ্ষৰ ভিতৰত প্ৰতিখন চহৰ মহকুমা গাওঁত 5G তো বাদেই দিয়ক আমাৰ ফালে কোনো এখন গাঁৱত 4G নেটৱৰ্কে ভালকৈ নাপায়।

গতিকে মূল্য বৃদ্ধিৰ সমান্তৰালকৈ সেৱা ও উন্নত কৰক। কেৱল কোম্পানীৰ লাভৰ কথাই চিন্তা নকৰিব সেই হিচাপত গ্ৰাহকক ও সুবিধা দিয়ক।

পোষ্টটো শ্বেয়াৰ কৰিব যাতে অসমত থকা গ্ৰাহক সেৱা বিষয়া সকলৰ চকুত পৰে আৰু ইয়াৰ বাবে ব্যৱস্থা লয়।

বিঃদ্ৰঃ- উন্নত সেৱা আৰু নেটৱৰ্ক পোৱা সকলৰ বাবে পোষ্টটো নহয়।

--- সাধাৰণ গ্ৰাহক

সন্তানক দিয়া এজন আদর্শ দেউতাৰ উপদেশ সমূহঃ১. জোতা চিলাই বা ৰং কৰিবলৈ হলে মেৰামতি কৰা ব্যক্তিৰ সন্মুখত কেতিয়াও ভৰি আগবঢ়াই ...
03/07/2024

সন্তানক দিয়া এজন আদর্শ দেউতাৰ উপদেশ সমূহঃ

১. জোতা চিলাই বা ৰং কৰিবলৈ হলে মেৰামতি কৰা ব্যক্তিৰ সন্মুখত কেতিয়াও ভৰি আগবঢ়াই নিদিবা।পাৰিলে জোতাযোৰ খুলি নিজে এবাৰ মুচি দিবা।

২. কেতিয়াও কাকো ভিক্ষাৰী, কামৱালী বুলি নামাতিবা। মনত ৰাখিবা তেওঁলোক কাৰোবাৰ নহয় কাৰোবাৰ, ককাই,ভনী,মা,দেউতা। তেওঁলোকক সন্মান দি মাতিবা।

৩. বয়স, শিক্ষা, পদ বা পদবীৰ দিশত কোনোবাই সৰু হ'লেও কেতিয়াও কাকো সৰু বুলি নাভাবিবা। নহ'লে তুমিয়েই সৰু হৈ যাবা ।

৪. লিখা-পঢ়া কৰি জীৱনত উন্নতি লাভ কৰা কিন্তু কাৰোবাৰ কান্ধত ভৰি থৈ ওপৰলৈ উঠাৰ চেষ্টা নকৰিবা।

৫. কাৰোবাক সহায় কৰি পিছফালে ঘূৰি নাচাবা,তেও লাজো পাব পাৰে।

৬. সকলো সময়ত পোৱাতকৈ দিয়াৰ চেষ্টা বেছি কৰা,দান কৰ্তাৰ হাত সদায় ওপৰতেই থাকে।

৭. ল'ৰাহৈ জন্ম লৈছা,সেয়ে দায়িত্ব এৰি নিদিবা।

৮. তোমাৰ কি আছে সেইটো তোমাৰ গাত লিখা নাই। কিন্তু তোমাৰ ব্যৱহাৰত হে দেখা যাব তোমাৰ পৰিয়ালৰ কি আছে।

৯. কাৰোবাৰ ঘৰত নিমন্ত্রণ খাবলৈ গলে ঘৰৰ পৰা এমুঠি ভাত খাই ওলাবা। আনৰ ভাতৰ আশাত নাযাবা।

১০. কাৰোবাৰ ঘৰৰ খাদ্য খাই সমালোচনা নকৰিবা।কোনেও ইচ্ছানুযায়ী খাদ্য বেয়া কৰাৰ চেষ্টা নকৰে।

১১. ডাঙৰ হ'বলৈ নহয়,মানুহ হ'বলৈ চেষ্টা কৰা।

১২. সদায় ভদ্র ও নম্রতাৰে আগবঢ়া বা কথা কোৱা কিন্তু অন্যায়ৰ লগত আপোচ নকৰিবা।

সংগৃহীত

এটি সুন্দৰ................ বাৰ্তা । ভাল লাগিল । সেইবাবে শ্বেয়াৰ কৰিলোঁ ❤
02/07/2024

এটি সুন্দৰ................ বাৰ্তা । ভাল লাগিল । সেইবাবে শ্বেয়াৰ কৰিলোঁ ❤

অতি সুন্দৰ............. পদক্ষেপ ।।।Share এটা কৰি দিব, আৰু পেজ তোলে নতুনকৈ আহিছে যদি Follow কৰি যাব।।
02/07/2024

অতি সুন্দৰ............. পদক্ষেপ ।।।
Share এটা কৰি দিব, আৰু পেজ তোলে নতুনকৈ আহিছে যদি Follow কৰি যাব।।

30/06/2024

খেলখনৰ আটাইতকৈ........... গুৰুত্বপূৰ্ণ মুহূৰ্ত। অভিনন্দন ভাৰতীয় ক্ৰিকেট দল❤️❤️

৮৮ বছৰীয়া চাৰ্লি চ্যাপলিনে -আমাৰ বাবে চাৰিটা সুন্দৰ কথা কয় থৈ গৈছে।১) এই জগতৰ কোনো এটা বস্তুৱেই চিৰস্থায়ী নহয় , আনকি আমা...
29/06/2024

৮৮ বছৰীয়া চাৰ্লি চ্যাপলিনে -আমাৰ বাবে চাৰিটা সুন্দৰ কথা কয় থৈ গৈছে।
১) এই জগতৰ কোনো এটা বস্তুৱেই চিৰস্থায়ী নহয় , আনকি আমাৰ সমস্যাবোৰো চিৰস্থায়ী নহয়।
২) মই দুখতো হাঁহি থাকো যাতে চকুপানী আন মানুহে নেদেখে।
৩)যিদিনা মই নাহাঁহিলো সেই দিনটো মই বৰ্বাদ হোৱা বুলি ধৰি লৈছিলো।কাৰন শাৰিৰীক যন্ত্ৰণাৰ পৰা মই ওঁঠক দুটিক পৃথককৈ ৰাখিছিলো।.
৪) এই জগতৰ আটাইতকৈ ভাল ছয় জন ডাক্টৰ হ'ল,১) সূৰ্য২)বিশ্ৰাম৩)শৰীৰচৰ্চা৪)সীমিত আহাৰ৫)আত্মমৰ্যদা৬) বিশ্বস্ত বন্ধু এই ছয় ডাক্টৰৰ লগত সুসম্পৰ্ক আছে যাৰ সুন্দৰ শৰীৰ আৰু দেহ মন তাৰ।
তুমি যদি চন্দ্ৰৰ সৌন্দৰ্য চোৱা তেনেহলে সৃষ্টিকৰ্তাৰ সৌন্দৰ্য কিছু হলেও অনুভৱ কৰিব পাৰিবা। যদি তুমি সূৰ্যৰ সৌন্দৰ্য চোৱা তেনেহ'লে মহাপৰাক্ৰমশালী সৃষ্টিকৰ্তাৰ ক্ষমতাক কিছু হ'লেও অনুভৱ কৰিব পাৰিবা
আৰু যদি আইনাত তুমি নিজৰ ছবিখন চোৱা তেতিয়া তুমি সৃষ্টিকৰ্তাৰ সৰ্বোচ্ছ সুন্দৰ সৃষ্টি তুমি দেখিবলৈ পাবা।
আমি সকলোৱে নিজ নিজ গন্তব্য পথৰ যাত্ৰী সৃষ্টিকৰ্তা এই যাত্ৰা পথৰ মহাপৰিকল্পনাকাৰী। কাৰোবাৰ যাত্ৰা আৰম্ভ হৈছে কাৰোবাৰ যাত্ৰা শেষ হৈছে। এই যাত্ৰা খুবেই ক্ষনস্থায়ী।ঘৃনাৰে সময় নষ্ট নকৰি এই যাত্ৰা ভালপোৱাৰে উপভোগ কৰিব লাগে।

চাৰ্লি চ্যাপলিন
(সংগৃহীত অনুবাদ)
Page টো Follow কৰিব।।।

বিশ্বাস.........ভৰষা আৰু আশা, এই তিনিটা ৰে সুন্দৰ সংজ্ঞা ।।ভাল লাগিল, সেইবাবে শ্বেয়াৰ কৰিলোঁ ।।
29/06/2024

বিশ্বাস.........ভৰষা আৰু আশা, এই তিনিটা ৰে সুন্দৰ সংজ্ঞা ।।ভাল লাগিল, সেইবাবে শ্বেয়াৰ কৰিলোঁ ।।

কথাখিনি ভাল লাগিল..................সেইবাবে শ্বেয়াৰ কৰিলোঁ ।।।
29/06/2024

কথাখিনি ভাল লাগিল..................সেইবাবে শ্বেয়াৰ কৰিলোঁ ।।।

ফেচবুকত পাই Share কৰিলোঁ....... হয়তো কাৰোবাৰ অকণমান সহায় হ'ব।।। Share এটা কৰি দিব, লগতে page টো Follow কৰি যাব।।
28/06/2024

ফেচবুকত পাই Share কৰিলোঁ....... হয়তো কাৰোবাৰ অকণমান সহায় হ'ব।।। Share এটা কৰি দিব, লগতে page টো Follow কৰি যাব।।

27/06/2024

আজি কালি এনে........ দৃশ্য দেখিবলৈ পোৱা নাযায়।।
ভিডিঅ' উৎস - ফেচবুক।।
পেজ তোলে নতুনকৈ আহিছে যদি Follow কৰি যাব।।

সঁচা....... কথা ।।
27/06/2024

সঁচা....... কথা ।।

 #কলপচলাৰ_উপকাৰিতা🌿কল পচলা  বহু ৰোগত উপকাৰী।ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে।ইয়াৰ উপৰিও ভিটামিন B6, পতাচিয়াম,আইৰণ আদি পোৱা যা...
25/06/2024

#কলপচলাৰ_উপকাৰিতা

🌿কল পচলা বহু ৰোগত উপকাৰী।ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে।ইয়াৰ উপৰিও ভিটামিন B6, পতাচিয়াম,আইৰণ আদি পোৱা যায়।

🌿(১) প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়।

🌿(২) আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী।

🌿(৩) উচ্চ ৰক্তচাপত পচলা উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

🌿(৪) কলেষ্টৰল সমস্যাটো পচলা খালে সুফল পোৱা যায়।

🌿 (৫) পেটৰ চৰ্বি কমোৱাত পচলাই সহায় কৰে। সেয়েহে মাজে মাজে পচলা খাব লাগে।

🌿(৬) মূত্ৰজনন (diuretic) হোৱাৰ বাবে পেচাবৰ বিভিন্ন সমস্যাত পচলা খালে সুফল পোৱা যায়। মূত্ৰনলীৰ সংক্ৰমণ (urinary tract infection)ত পচলা খালে সুফল পোৱা যায়।

🌿 (৭) পচলাই কিডনী স্টোন হোৱাত বাধা দিয়ে।

🌿(৮) ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী। এই সমস্যাত ভোগা সকলে মাজে মাজে পচলা খাওক।

🌿(৯) ডায়েবেটিচ ৰোগতো ই খুব উপকাৰী। ডায়েবেটিচ ৰোগীয়ে নিচিন্ত মনেৰে পচলা খাওক। ই ডায়েবেটিচ ৰোগৰ পৰা হোৱা অন্য সমস্যাও দূৰ কৰাত সহায় কৰে।

🌿(১০) বডী দিতক্স বা শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বৰ্জ্য পদাৰ্থ সমূহ পেচাব, পাইখানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়াত ই সহায় কৰে।

🌿 (১১) লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী। বিশেষকৈ ফেটি লিভাৰ, জণ্ডিচত পচলা খালে উপকাৰ পোৱা যায়।

#সংগ্ৰহীত
ডাঃ ৰেইনী দেৱী
আয়ুৰ্বেদিক চিকিৎসক, গুৱাহাটী

।। অভিনন্দন  ৰিয়ান পৰাগ ।।
24/06/2024

।। অভিনন্দন ৰিয়ান পৰাগ ।।

কেইটামান জানিবলগীয়া ............... কথা।।।
24/06/2024

কেইটামান জানিবলগীয়া ............... কথা।।।

Address

Titabor, (Sorai Pani)
Jorhat
785630

Telephone

+18638782409

Website

Alerts

Be the first to know and let us send you an email when Rajib Borah Titabor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rajib Borah Titabor:

Videos

Share

Category


Other Video Creators in Jorhat

Show All