29/03/2024
১৯৮৩ চনৰ এগৰাকী ফটো সাংবাদিকৰ জীৱনত বহু দুখৰ কাহিনী "Wide Angle"
এইখন অসমীয়া কথাছবিৰ পৰিচালক জয়ন্ত নাথ দেৱে।
ছবিৰ খনত পৰিচালক জয়ন্ত নাথ দেৱে 1983 চনৰ সেই অসমৰ পৰিস্থিতিক যি সুন্দৰভাৱে আমাৰ সমুখত ফুটাই তুলিছে তাক সঁচাই শলাগ জনাইছোঁ।
কাহিনীৰ মূল চৰিত্ৰ দিলীপ ভাগৱতী, তেওঁ এজন ষ্টাফ ফটোগ্ৰাফাৰ। বহুক্ষেত্ৰত বিফল এই ব্যক্তিজনৰ জীৱনৰ জৰিয়তে সেই জটিল সময়খিনি তুলি ধৰিছে অভিনেতা তপন দাসে সেই সময়ৰৰ "দিলীপ ভাগৱতীক"।
নগেন শইকীয়াদেৱৰ "ষ্টাফ ফটোগ্ৰাফাৰৰ ছবি" নামৰ গল্পটিৰ আধাৰত জয়ন্ত নাথ দেৱৰ প্ৰচেষ্টাত সেই ঘটনাবোৰ উলটি আনিছে "Wide Angle" ছবি খনত।
অসমীয়া কথাছবিৰ বৰ্তমান পৰিস্থিতিক লৈ আমি অসমৰ ৰাইজ সজাগ হবৰ সময় , আহক ৰাইজ আদৰি লওঁ অসমীয়া কথাছবিক।