Uncut Conversations With Dadhichi

Uncut Conversations With Dadhichi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Uncut Conversations With Dadhichi, Podcast, Guwahati.

Positivity is not just a feeling.It's a choice.Let's choose to see the best in people,situations and ourselves and create a brighter Society.
মানুহে মানুহৰ বাবে

11/01/2025

Episode 15

👉জীৱনৰ যন্ত্ৰণা মানে কি বুজে

👉জীৱন সংগ্ৰাম কি চিনি পাইনে ?

👉হাজাৰ সমস্যা আহিলেও মুখত অহৰহ হাঁহি এটি লৈ NEPHROTIC SYNDROME ৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈয়ো জীৱনক Positively লোৱা এগৰাকী নাৰীৰ বিষয়ে জানো আহক

👉জীৱন মৃত্যুৰ লগত অনবৰতে খেলা কৰি থাকিও বিলীন হ'ব পাৰিছেনে ছৱি অথবা প্ৰকৃতিৰ সৈতে আপুনি

👉আমি কৈছো সন্ন্যাসিনীৰ কথা
বেলিফুলৰ দৰে অনবৰত সূৰ্য্যমুখী হৈ থকা ছোৱালীজনীৰ কথা।

👉 বেলিফুল আৰু সন্ন্যাসিনী নামেৰে আটাইৰে আদৰ বুটলিবলৈ সক্ষম হোৱা অকণমানি ছোৱালীজনীৰ পৰা আজি অনুপ্ৰেৰণা লওঁ আহক।

👉পেইন্টিঙৰ প্ৰফেশ্যনত চালুকীয়া অবস্থাৰ পৰা আহি আহি আজি কাজিৰঙাৰ স্কুলত বালাপেইন্টিঙ কৰি আছে তেওঁঁ।

👉অংকণ কৰি আছে নিজ হাতত এখনৰ পাছত এখন কিতাপ ।

এই আটাইখিনি জানো আহক

ফেচ আৰ্ট,বালা পেইন্টিং,অথবা আপোনাৰ কিতাপখনৰ বেঁটুপাত অকাঁব বিছাৰেনেকি সন্ন্যাসিনীৰ হাতত।
তেন্তে যোগাযোগ কৰক এই নম্বৰত
60034-55767












07/01/2025

Episode 14

👉অসমত সাহাৰ্য্যৰ প্ৰয়োজন আছেনে?

👉কোন কোন ক্ষেত্ৰত অসমত সাহাৰ্য্যৰ প্ৰয়োজন হয়।

👉সাহাৰ্য্য শৃংখল কিদৰে কৰিব পৰা যায়

👉GNRC ৰ নিউৰোচাৰ্জন ড° নভনীল বৰুৱাই কি কলে সদ্য প্ৰয়াত সৎ সাংবাদিক বুলন শইকীয়াৰ বিষয়ে।

জানো আহক সৱিশেষ

👉আজিৰ অতিথি শ্ৰদ্ধাৰ Navanil Barua












04/01/2025

Episode 13

👉পিতাকে জুই ফুৱাঁওতে পিৰা টুলত টোকৰ মাৰি মাৰি যি গৰাকী কণ্যাক গান গাবলৈ অনুপ্ৰাণিত কৰিছিল

👉যি সংগীতক মনেপ্ৰাণে ভাল পায়

👉যাৰ বাবে সংগীত এক নিসংগতা দূৰীকৰণ আৰু মন ভাল লগোৱাৰ উৎস স্থলী

👉যি সান্নিধ্য লাভ কৰিছিল আমাৰ বহু মৰমৰ শ্ৰদ্ধাৰ আপোন ভূপেন হাজৰিকা দেৱৰ।

👉২০২৫ বৰ্ষৰ প্ৰথমটো এপিছডত আপোনাসৱলৈ আনিছো সেই গৰাকী সংগীত চৰ্চা কৰা ব্যক্তিৰ এলানি গীত

👉আমাৰ পডকাষ্ট উপভোগ কৰা আৰু নকৰা সকলো শুভাকাংক্ষীলৈ নববৰ্ষৰ অলেখ শুভকামনাৰ মেটমৰা ভাৰ লৈ আজিৰ বিশেষ এপিছড।
👉আজিৰ অতিথি শ্ৰদ্ধা ও বহু মৰমৰ ৰূপৰেখা বৰা বাইদেউ

ৰূপৰেখা বৰা বাইদেউক সংগীত অনুষ্ঠানৰ বাবে যোগাযোগ কৰিবলৈ যোগাযোগ কৰক এই নম্বৰত 86382-19058








31/12/2024

Episode 12

👉A.I এ হেক কৰিছে আমাৰ আবেগ,আমাৰ Likes dislikes

👉সংগীতেই মানসিক থেৰাপী

👉নিসংগতা আৰু অকলে থকা একেইনে

👉বছৰৰ শেষ এপিছডত আপোনাসৱলৈ এনে অলেখ প্ৰশ্নৰ উত্তৰ আনিছে
Music Therapist,Classical Singer আৰু Psychological Councilor
Dr Pahi Baishya ই।
লগতে শুনক গান আৰু ২০২৫ ৰ বাবে সাজু কৰক নিজকে সুস্থ মন এটিৰে।

আমাৰ পডকাষ্ট উপভোগ কৰা আৰু নকৰা সকলো শুভাকাংক্ষীলৈ নববৰ্ষৰ অলেখ শুভকামনাৰ মেটমৰা ভাৰ লৈ আজিৰ বিশেষ এপিছড

ড° পাহী বৈশ্যৰ সৈতে যোগাযোগ কৰক এই নম্বৰত 84532-22713








28/12/2024

Episode 11

👉নিজৰ বুদ্ধিমত্তাৰে কলিকতাৰ অসম ভৱনত দুবছৰ এটকাও নিদিয়াকৈ পঢ়া-শুনা কৰা

👉কলেজত প্ৰথম বৰ্ষতে ফেইল কৰা

👉ছৱিক নিজৰ আত্মাত ভৰাই লোৱা

👉অনন্য চিত্ৰ-ভাস্কৰ্য্য শিল্পী Papu Ghosh দাদাৰ পৰা জানো আহক বহুতো শিকিব লগীয়া কথা।কোনোৱে ছৱি আৰু ভাস্কৰ্য্য বিষয়ক কামৰ বিষয়ে জানিবলৈ তেখেতক ফোন কৰিব পাৰে এই নম্বৰত-86380-96967









24/12/2024

Episode 10

👉নাৰী কিমান দৃঢ় আৰু সাহসী হ'ব লাগে

👉নিজৰ শান্তিময় সুস্থ জীৱন এটিৰ বাবে "সমাজে কি বুলিব " অথবা "ঘৰখনে সমৰ্থন" দিবনে ইত্যাদি চিন্তাবোৰ দলিয়াই সকলো শৃংখল ভাঙি চিঙি আগুৱাই যাবলৈ অয়নবৃণাৰ দৰে সাহস কিমানৰ মগজুত আছে

👉অয়নবৃণা এনে এজনী সাহসী নাৰী

👉আহক আমি সকলো অয়নবৃণাৰ দৰে সাহসী হওঁ

অয়নবৃণাৰ বিষয়ে জানিবলৈ যোগাযোগ কৰক Ankita Baroah ৰ সৈতে








17/12/2024

Episode 9

👉"তোলনী বিয়া বন্ধ কৰিব লাগে। তোলনী বিয়া নাৰীক অৱদমিত কৰাৰ এক গভীৰ ষড়যন্ত্ৰ।"

👉ঈছলাম আৰু খৃষ্টান ধৰ্মত তোলনী বিয়া নাই।
👉নাৰীৰ স্বাৱলম্বীতাহে আটাইতকৈ প্ৰয়োজনীয় বিষয়৷

👉নাৰীক ভোগৰ সামগ্ৰী হিচাপে উপযুক্ত বুলি উপস্থাপন কৰা এটি বিজ্ঞাপন এই তোলনী বিয়া৷

👉’অসমীয়া সমাজৰ এক অবৈজ্ঞানীক আৰু অপ্ৰয়োজনীয় ৰীতি এই তোলনী বিয়া’ - এইদৰে ক'লে স্বনামধন্য লেখিকা Arupa Patangia Kalita বাইদেউৱে







10/12/2024

Episode 8

"যেতিয়া শিশু এটিৰ জন্ম হয় মাক দেউতাক এহালৰো জন্ম হয়"-আৰ্ছি

সন্তান আৰু অভিভাৱকৰ মাজত মতানৈক্য
দ্বন্দ
শিশু এটিক কেনেকৈ বুজাব
কিশোৰ কিশোৰী সকলক বুজাওতে অভিভাৱকৰ সমস্যা হৈছে নেকি
ভুল কাৰ
আজিৰ বিষয়বস্তু parenting
এই বিষয়ে কথা পাতিছিলো
Archi Barthakur ৰ সৈতে





03/12/2024

Episode 7

আজি আন্তৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা দাৰ পৰা শুনো আহক বাঁহীবাদন
আৰু বহুতো কথা
শ্যামকানু মহন্তক দীপক শৰ্মাই কিয় বেয়া পালে
অসমৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ তেওঁ কেইমাহ মানৰ আগত কিয় গৈছিল।ইত্যাদি বহুত কথা

অসমৰ ৰাইজৰ পৰা দীপক শৰ্মাই আৰ্থিক সহায় বিচাৰিছে।বিচাৰিছে আন এক সহায় চৰকাৰৰ পৰাও।কি এই আন সহায়।
অসমৰ ৰাইজলৈ তেওঁ জিপে নম্বৰ পেটিএম নম্বৰ আগবঢ়াইছে 98640-55400
Dipak Flute Sarma
Jina Sarma








26/11/2024

Episode-6

কলেজত পঢ়ি থকাৰ পৰাই কৰি থকা আজৰি সময়ৰ চখ কিদৰে উপাৰ্জনমুখী হল

অক্সিডাইজড গহণা বা আন ধৰণৰ বহু আ-অলংকাৰ কেনেকৈ বনায় শিকিব নেকি

এই ধৰণৰ গহণা পিন্ধিবলৈ মন কৰে নেকি

মাটিশালৰ গামোছা বিছাৰি আছে নেকি

মৰমৰ কোনো আপোনজনক হাতে তৈয়াৰ কৰা উপহাৰ এখন চিঠি সহ দিৱলৈ মন কৰে যদি আমাৰ Garishma Kalita আছে নহয়।তেওঁক ফোন কৰিলেই হ'ল-75778-46861




আমাৰ পডকাষ্ট Uncut Conversations With Dadhichi ৰ  আজি এমাহৰ দিনা 1k followers হৈছে।সকলোকে শতকৌটী প্ৰণাম আৰু কৃতজ্ঞতা জনা...
21/11/2024

আমাৰ পডকাষ্ট Uncut Conversations With Dadhichi ৰ আজি এমাহৰ দিনা 1k followers হৈছে।সকলোকে শতকৌটী প্ৰণাম আৰু কৃতজ্ঞতা জনাইছোঁ...

19/11/2024

Episode-5

"আমাৰ ৰণ নীতি আছিল ভোকৰ বিৰুদ্ধে ভোগৰ বাবে নহয়
মোৰ বাবে অৰ্থনীতি আছিল নাৱেঁৰে যাত্ৰীক ইপাৰ সিপাৰ কৰি পোৱা আঢলি সিঁকিটোৰ হিচাব মাত্ৰ"

যোৱা ১৭ নৱেম্বৰৰ নিশা ভাৰতৰ ৫৯১ টা অনাতাঁৰ কেন্দ্ৰত স্বীকৃতপ্ৰাপ্ত ভাৰতীয় ২২ টা ভাষাত একেসময়তে সম্প্ৰচাৰিত ঋতুপৰ্ণ দাসৰ কুৰুক্ষেত্ৰ নাটকৰ সংলাপ এয়া।নাটকখন ৰচিত হৈছে নাৰী সৱলী কৰণ আৰু ৰাজনৈতিক বিচক্ষণতাক গুৰুত্বতা প্ৰদান কৰি ।নাট্যকাৰ গৰাকীৰ প্ৰথম নাটকৰ পৰা আজিলৈ যি দীৰ্ঘপৰিক্ৰমা,তাৰোপৰি সৌভাগ্যক্ৰমে তেখেতৰ প্ৰথমখন নাটকৰ সৈতে এই অভাজনো জড়িত আছিল কিদৰে এই সমুদায় কথা জানো আহক নাট্যকাৰ Rituparna Das ৰ পৰা







12/11/2024

Episode-4
ঘৰত বনোৱা মছলাৰে খাটি অসমীয়া ভাত এসাঁজ খাবলৈ মন গৈ আছে নেকি ?
হস্পিটেলৰ ৰোগীলৈ ঘৰত ৰন্ধা আহাৰ বিচাৰি আছে নেকি ?
জন্মদিন বা আন অনুষ্ঠানৰ বাবে ঘৰত ৰন্ধা এসাঁজৰ সন্ধানত আছে নেকি ?
অথবা ঘৰত প্ৰস্তুত কৰা পিঠা- পনা- লাড়ু খাবলৈ মন গৈছে নেকি ?
গুৱাহাটীত এই আটাইবোৰৰে নিৰ্ভৰযোগ্য ঠিকনা - মনালিছা মেধী
তেওঁৰ 'মনালিছা টিফিন চাৰ্ভিছ'ৰ সৈতে যোগাযোগ কৰিবলৈ ফোন কৰক 60009-40421 নম্বৰত।আপোনাৰ খাদ্য আপোনাৰ ঠাইত মাত্ৰ কেইটামান ক্ষণত




05/11/2024

Episode-3
ব্যৱসায় কেনেকৈ কৰিব
ব্যৱসায়ত সফলতা কেনেকৈ পাব
ব্যৱসায়ৰ 1000 Days Strategy কি
জানো আহক চুৰাটত প্ৰতিষ্ঠিত অসমীয়া ব্যৱসায়ী Purabi Roy ৰ পৰা

তেখেতৰ সৈতে এই বিষয়ে কথা পাতিবলৈ ইচ্ছা কৰিলে-9990020094 নম্বৰত যোগাযোগ কৰক



পোহৰময় হওক মনবোৰ আমাৰ সকলোৰেপোহৰময় হওক জীৱনHappy Diwali
01/11/2024

পোহৰময় হওক মনবোৰ আমাৰ সকলোৰে
পোহৰময় হওক জীৱন
Happy Diwali

29/10/2024

Episode-2
ওজন কেনেকৈ কমাব
ইন্টাৰমিটেন্ট ফাষ্টিং কেনেকৈ কৰিব
জানো আহক Live Fit with Nirav Mon Sharma ৰ পৰা
তেখেতৰ সৈতে কথা পাতিবলৈ হলে এই নম্বৰত যোগাযোগ কৰক -80114-88197




22/10/2024

Episode 1

অসম নাগালেণ্ড সীমা সমস্যা
গোলাঘাটত ড্ৰাগছ সৰবৰাহ
দেওপাহাৰ সংৰক্ষণ ইত্যাদি বিষয় সাঙোৰা হৈছে







এই এপিছ'ডটো আজি পুৱা মৃত্যুবৰণ কৰা গোলাঘাটৰ সাংবাদিক বিকাশ শৰ্মা দাৰ নামত উছৰ্গা কৰিছো।বিকাশ দায়েই অনুপ্ৰাণিত কৰিছিল আজিৰ এপিছ'ডৰ অতিথি অপূৰ্ব বল্লভ গোস্বামী দেৱক এগৰাকী সাংবাদিক হবলৈ।সেই কথা অপূৰ্ব দাই সাক্ষাতকাৰটিত উল্লেখ কৰিছে।আমিও গোলাঘাটৰ বহু জনৰ লগতে বিকাশ দাৰ পৰাও বহু কথা শিকিছিলো

অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক,শিশু সাহিত্যিক,গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিকাশ শৰ্মা দাৰ মৃত...
22/10/2024

অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক,শিশু সাহিত্যিক,গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিকাশ শৰ্মা দাৰ মৃত্যুৰ খবৰে আমাক মৰ্মাহত কৰি তুলিছে।
গোলাঘাট জিলাত নিৰ্ভীক আৰু স্পষ্টবাদী শুদ্ধ কথাৰে সাংবাদিকতা কৰা মানুহজন আছিল বিকাশ দা।
আমাৰ তৰফৰ পৰা প্ৰয়াত বিকাশ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Uncut Conversations With Dadhichi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category