Faruk's Freelance Journalism

Faruk's Freelance Journalism Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Faruk's Freelance Journalism, Goalpara, Guwahati.

১৩ বছৰৰ মূৰত ৰোহিত শৰ্মাৰ নেতৃত্বত পুনৰ এবাৰ এবাৰ টীম ইণ্ডিয়াই বিশ্ব ক্ৰিকেটত দেশৰ নাম লিপবদ্ধ কৰিলে।দক্ষিণ আফ্ৰিকাৰ বিৰ...
30/06/2024

১৩ বছৰৰ মূৰত ৰোহিত শৰ্মাৰ নেতৃত্বত পুনৰ এবাৰ এবাৰ টীম ইণ্ডিয়াই বিশ্ব ক্ৰিকেটত দেশৰ নাম লিপবদ্ধ কৰিলে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭ ৰাণত জয়ী হ'ল টিম INDIA

ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক জালাল উদ্দিন আহমেদে যোৱা ২৭ জুন তাৰিখে চাকৰিৰ পৰা ...
29/06/2024

ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক জালাল উদ্দিন আহমেদে যোৱা ২৭ জুন তাৰিখে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। সেই উপলক্ষে বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ তৰফৰ পৰা মহাবিদ্যালয় প্ৰাংগনত আজি এখনি বিদায়ী সভাৰ আয়োজন কৰে। উদ্দেশ্য ব্যাখ্যা কৰে আশ্ৰাফুল ইছলামে। অনুষ্ঠানত সভাপতিত্ব কৰে বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা খদেজা খাতুনে । সভাত ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ওচমান গণি মোল্লা, অৱসৰপ্ৰাপ্ত অধ্যাপক শ্বাহ জাহান আলী শ্বেখ উপস্থিত থাকে। ছাত্ৰ -ছাত্ৰীৰ হৈ সহকাৰী অধ্যাপক হাফিজুৰ ৰহমানে আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ হৈ ফাৰুক আব্দল্লাই বিদায়ী সম্ভাষন জনায়। বিদায়ী অধ্যাপক আহমেদে ছাত্ৰ-ছাত্ৰীক নিজৰ বিভাগৰ প্ৰতি তথা মহাবিদ্যালয়ৰ হৈ সমাজত ভাল কাম কৰি যোৱাৰ পৰামৰ্শ প্ৰদান কৰাৰ লগতে আহি থকা দিনবোৰত ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে সমন্বয় বজাই ৰাখি মহাবিদ্যালয়ৰ শৈক্ষিক পৰিকাঠাম শক্তিশালী কৰে তাৰ বাবে অনুৰোধ জনায়। আজিৰ বিদায়ী সভাখনত দুই শতাধিক ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ -ছাত্ৰীয়ে অধ্যাপক গৰাকীৰ জুনকাইপাৰাস্থিত বাসগৃহৰ পৰা মহাবিদ্যালয়লৈ লৈ যোৱাৰ পাছত আকৌ সভাৰ শেষত নিজ গৃহত থৈ যায়।

ছবি নিৰ্মাতা অসম কন‍্যা ৰীমা দাস অস্কাৰ সমিতিৰ সদস‍্যা হিচাপে মোননীত ।
27/06/2024

ছবি নিৰ্মাতা অসম কন‍্যা ৰীমা দাস অস্কাৰ সমিতিৰ সদস‍্যা হিচাপে মোননীত ।

25/06/2024

ৰাহুল গান্ধী হ’ব লোকসভাত বিৰোধী দলৰ নেতা৷ INDI মৰ্চাৰ বৈঠকৰ অন্তত ঘোষণা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ৷

দেশৰ ইতিহাসত প্রথম বাৰৰ বাবে অনুষ্ঠিত হ'ব লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন NDA ৰ ওম বিৰলা আৰু INDIA ৰ কে সুৰেশৰ মনোনয়ন...
25/06/2024

দেশৰ ইতিহাসত প্রথম বাৰৰ বাবে অনুষ্ঠিত হ'ব লোকসভাৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন NDA ৰ ওম বিৰলা আৰু INDIA ৰ কে সুৰেশৰ মনোনয়ন দাখিল।

গোৱালপাৰা পূৱ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কুমৰী গাঁও পঞ্চায়তৰ খুটামাৰীত আজি জলসম্পদ বিভাগৰ বিষয়া সকলক লগত লৈ ব্ৰহ্মপ...
22/06/2024

গোৱালপাৰা পূৱ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কুমৰী গাঁও পঞ্চায়তৰ খুটামাৰীত আজি জলসম্পদ বিভাগৰ বিষয়া সকলক লগত লৈ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চলত উপস্থিত হয় স্থানীয় বিধায়ক এ কে ৰশিদ আলম । তাৎক্ষণিক ভাৱে খহনীয়া ৰোধ কৰাৰ বাবে বিষয়া সকলক নিৰ্দেশনা দিয়ে। কুমৰী এলপি স্কুল, এম ই স্কুল ও হাইস্কুল খেলপথাৰত বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান ৰোধ কৰি বিদ্যালয়ৰ ছাত্র - ছাত্ৰী সকলৰ পাঠদানৰ অসুবিধা দূৰ কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। বিধায়কৰ লগত সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজ আহমেদ আৰু গোৱালপাৰা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হুছাইন আহমেদ মাদানীয়ে।

কৰিমগঞ্জ জিলাৰ বদৰপুৰত ভূমিস্খলনত একেটা পৰিয়ালৰ পাঁচ জন লোক নিহত যোৱানিশ ১২.৩০ বজাত বদৰপুৰৰ এংলাবজাৰৰ বেন্দাৰগোল গাঁৱত ...
19/06/2024

কৰিমগঞ্জ জিলাৰ বদৰপুৰত ভূমিস্খলনত একেটা পৰিয়ালৰ পাঁচ জন লোক নিহত

যোৱানিশ ১২.৩০ বজাত বদৰপুৰৰ এংলাবজাৰৰ বেন্দাৰগোল গাঁৱত ভূমিস্খলনৰ ফলত একেটা পৰিয়ালৰ পাঁচ জন লোক নিহত হয়। সমগ্ৰ এলেকাত শোকত ভাগি পৰা পৰিলক্ষিত হয়। নিহত ব্যক্তি কেইগৰাকী ক্ৰমে ৰহিমন নেচা (৫৫), সজিদা খাতুন (১৮), জাহিদা খাতুন (১৬), হামিদা খাতুন (১১) আৰু মেহেদি হসান (৩) বুলি জানিব পৰা গৈছে।

গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহত্যা। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পত্নীৰ মৃত্যুৰ লগে লগে নিজৰ পিষ্টলেৰে গুলীয়াই আত্মহত্যা...
18/06/2024

গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহত্যা। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পত্নীৰ মৃত্যুৰ লগে লগে নিজৰ পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰে চেতিয়াই।

▶️ কেৰেলাৰ ৱাইনাডত উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হ’ব প্ৰিয়ংকা গান্ধী।▶️ কালি আনুষ্ঠানিকভাৱে ঘোষণা কংগ্ৰেছ নেতৃত্বৰ। উত্ত...
18/06/2024

▶️ কেৰেলাৰ ৱাইনাডত উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হ’ব প্ৰিয়ংকা গান্ধী।

▶️ কালি আনুষ্ঠানিকভাৱে ঘোষণা কংগ্ৰেছ নেতৃত্বৰ। উত্তৰ প্ৰদেশৰ ৰায়বেৰেলিৰ সাংসদ হৈ থাকিব ৰাহুল গান্ধী।

ৰঞ্জু হাজৰিকাক ‘বিপন্ন বিস্ময় খেল’ উপন্যাসৰ বাবে শিশু-সাহিত্য অকাডেমি বঁটা আৰু ডাঃ নয়নজ্যোতি শৰ্মাক ‘জাল কটা জুই’ গল্প স...
15/06/2024

ৰঞ্জু হাজৰিকাক ‘বিপন্ন বিস্ময় খেল’ উপন্যাসৰ বাবে শিশু-সাহিত্য অকাডেমি বঁটা আৰু ডাঃ নয়নজ্যোতি শৰ্মাক ‘জাল কটা জুই’ গল্প সংকলনৰ বাবে যুৱ সাহিত্য অকাডেমি বঁটা প্ৰদান।

ৰাজস্থানৰ কোটা লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ওম বিৰলাৰ জয়লাভ।
04/06/2024

ৰাজস্থানৰ কোটা লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ওম বিৰলাৰ জয়লাভ।

পশ্চিবঙ্গৰ বঢ়সমপুৰ লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ইউচুফ পাঠানৰ ৮৫ হাজাৰ ভোটত জয়লাভ।
04/06/2024

পশ্চিবঙ্গৰ বঢ়সমপুৰ লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ইউচুফ পাঠানৰ ৮৫ হাজাৰ ভোটত জয়লাভ।

সৰ্বভাৰতীয় পৰ্যায়ত সৰ্বাধিক ১০,১২,৪৭৬ ভোটত জয়লাভ কংগ্ৰেছ দলৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ। দ্বিতীয় ...
04/06/2024

সৰ্বভাৰতীয় পৰ্যায়ত সৰ্বাধিক ১০,১২,৪৭৬ ভোটত জয়লাভ কংগ্ৰেছ দলৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ। দ্বিতীয় স্থানত ১০,০৮,০৭৭ ভোটত বিজেপিৰ শংকৰ ললৱানী।

কংগ্ৰেছৰ কিশোৰী লাল শৰ্মাৰ হাতত আমেথি লোকসভা সমষ্টিত বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বৃহৎ পৰাস্ত।
04/06/2024

কংগ্ৰেছৰ কিশোৰী লাল শৰ্মাৰ হাতত আমেথি লোকসভা সমষ্টিত বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বৃহৎ পৰাস্ত।

হিমাচল প্ৰদেশৰ মান্দি লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী কংগানা ৰনাৱটৰ বিপুল ভোটত জয়লাভ।
04/06/2024

হিমাচল প্ৰদেশৰ মান্দি লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী কংগানা ৰনাৱটৰ বিপুল ভোটত জয়লাভ।

কেৰেলাৰ তিৰুৱানন্তপুৰম লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা শশী থাৰুৰৰ জয়লাভ।
04/06/2024

কেৰেলাৰ তিৰুৱানন্তপুৰম লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা শশী থাৰুৰৰ জয়লাভ।

বাৰাণসী লোকসভা সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১,৫২,৩৫৫ ভোটত জয়লাভ কৰে। এয়া পূৰ্বৰ তুলনাত কম ভোট লাভ কৰিছে ...
04/06/2024

বাৰাণসী লোকসভা সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১,৫২,৩৫৫ ভোটত জয়লাভ কৰে। এয়া পূৰ্বৰ তুলনাত কম ভোট লাভ কৰিছে মোদীয়ে।

পশ্চিবঙ্গৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মহুৱা মৈত্ৰৰ বিপুল ভোটত জয়লাভ।
04/06/2024

পশ্চিবঙ্গৰ কৃষ্ণনগৰ লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মহুৱা মৈত্ৰৰ বিপুল ভোটত জয়লাভ।

ধুবুৰী লোকসভা সমষ্টিৰ তিনিবাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়।
04/06/2024

ধুবুৰী লোকসভা সমষ্টিৰ তিনিবাৰৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়।

ধুবুৰী লোকসভা সমষ্টিৰ পৰা 9,02,371 টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বৃহৎ জয়লাভ।
04/06/2024

ধুবুৰী লোকসভা সমষ্টিৰ পৰা 9,02,371 টা ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বৃহৎ জয়লাভ।

যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ জয়লাভ।
04/06/2024

যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ জয়লাভ।

Big Breaking News 📌 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এজাহাৰ দাখিল!📌 হাতীগাঁও থানাত এজহাৰ দাখিল কৰে ৰজত কমল বঁটা বিজ...
29/05/2024

Big Breaking News
📌 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এজাহাৰ দাখিল!
📌 হাতীগাঁও থানাত এজহাৰ দাখিল কৰে ৰজত কমল বঁটা বিজয়ী চলচ্চিত্ৰ প্ৰযোজক তথা বিশিষ্ট ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে!

আজি ষষ্ঠ পৰ্যায়ৰ ভোটদান গ্ৰহণ অনুষ্ঠিত হয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু চনিয়া গান্ধীয়ে ভোটদান কৰে।
25/05/2024

আজি ষষ্ঠ পৰ্যায়ৰ ভোটদান গ্ৰহণ অনুষ্ঠিত হয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু চনিয়া গান্ধীয়ে ভোটদান কৰে।

25/05/2024

'মূল্যবৃদ্ধিৰ বাবে জগৰীয়া বিজেপি চৰকাৰ। বিজেপিৰ চান্দা দুস্কৃতি, ছিণ্ডিকেটৰাজ আৰু কোম্পানীক অবাধ লাইচেন্স দি দিয়াৰ বাবেই মূল্যবৃদ্ধিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে।' সংবাদ মেলত এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ।

- প্ৰৱল গ্ৰীষ্মপ্ৰৱাহৰ বাবে নতুন সময়সূচীৰ নিৰ্দেশনা জিলা আয়ুক্তৰ- পুনৰ নিৰ্দেশনা নিদিয়ালৈ বাহাল থাকিব এই সময়সূচী ।     ...
25/05/2024

- প্ৰৱল গ্ৰীষ্মপ্ৰৱাহৰ বাবে নতুন সময়সূচীৰ নিৰ্দেশনা জিলা আয়ুক্তৰ
- পুনৰ নিৰ্দেশনা নিদিয়ালৈ বাহাল থাকিব এই সময়সূচী ।

হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি
20/05/2024

হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি

19/05/2024

BJP ৰ দুৰ্গ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অখিলেশ- ৰাহুলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা ।

19/05/2024
18/05/2024

Address

Goalpara
Guwahati
783101

Website

Alerts

Be the first to know and let us send you an email when Faruk's Freelance Journalism posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share