Assom News

Assom News ৰাইজৰ পক্ষত নিৰপেক্ষ বাতৰিৰ সন্ধানত

16/01/2025

৯২ সংখ্যক ঐতিহাসিক চেঙা সভা মহোৎসৱ আৰম্ভ

13/01/2025

তামুলপুৰত মানসিক স্বাস্থ্যৰ ওপৰত সজাগতা সভা আৰু স্বাস্থ্য শিৱিৰ

এছ বি আই সঞ্জীৱনী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আজি তামুলপুৰ জিলাৰ আৰক্ষী ছাউনীত এটি স্বাস্থ্য শিৱিৰ আৰু মানসিক স্বাস্থ্যৰ ওপৰত সজাজতা সভাৰ আয়োজন কৰা হয় ৷শিৱিৰত কেবাগৰাকীও বিষয়া আৰু জোৱানে স্বাস্থ্য পৰীক্ষা কৰোৱায়৷

10/01/2025

তামুলপুৰৰ পশ্চিম গয়বাৰীত অখণ্ড হৰিনাম যজ্ঞ।

তামুলপুৰৰ পশ্চিম গয়বাৰীত আজিৰে পৰা শুভাৰম্ভ কৰা হৈছে শ্ৰীশ্ৰীতাৰক ব্ৰহ্ম অখণ্ড হৰিনাম যজ্ঞ ও মহাপ্ৰভুৰ ভোগৰাগ মহোৎসৱ।

চাৰিদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে আজিৰে পৰা শুভাৰম্ভ কৰা অনুষ্ঠানটোত পুৱাৰ ভাগত স্বচ্ছ অভিযান, ধৰ্মীয় ধ্বজা উত্তোলন, মুখ্যদ্বাৰ উন্মোচন, বৃক্ষৰোপন, কাৰ্য্যালয় উদ্বোধন আদি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ঠিক তেনেদৰে আগন্তুক ১০, ১১ আৰু ১২ জানুৱাৰীৰ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।

আজিৰ এই অনুষ্ঠানটোত ফিটা কাতি শুভ উদ্বোধন কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ ইএম ধৰ্মনাৰায়ণ দাসে। আনহাতে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰকৃতিপ্ৰেমী মাধৱ ছেত্ৰী আৰু তিলক বাহাদুৰ খড়কাই বৃক্ষৰোপন কৰি প্ৰকৃতিখন সেউজীয়া কৰি ৰাখিবলৈ আহ্বান জনায়।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

09/01/2025

চেঙাৰ উত্তৰ ৰৌমাৰী পাথাৰ আঞ্চলিক প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ বহিঃমূল্যায়ন সমাপন

08/01/2025

তামুলপুৰত জিলা এৱছুৰ উদ্যোগত নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ উত্তাল প্ৰতিবাদ

03/01/2025

নলবাৰীৰ কমাৰকুছিত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি

🔴 ঘগ্ৰাপাৰত সৰিয়হ ফুলাৰ মন প্রাণ জুৰোৱা এক দৃশ্য🔴 স্বাৱলম্বী হোৱাৰ প্রচেষ্টা সৰিয়হৰ খেতিৰে.. ঘগ্ৰাপাৰৰ -বৰঘোপাৰ এদল কৃ...
01/01/2025

🔴 ঘগ্ৰাপাৰত সৰিয়হ ফুলাৰ মন প্রাণ জুৰোৱা এক দৃশ্য

🔴 স্বাৱলম্বী হোৱাৰ প্রচেষ্টা সৰিয়হৰ খেতিৰে.. ঘগ্ৰাপাৰৰ -বৰঘোপাৰ এদল কৃষকসমাজ

🔴 পাগলাদিয়া নৈৰ পাৰত এতিয়া সৰিয়হ ফুলাৰ বতৰ

দ্বিজেন ডেকাৰ প্ৰতিবেদনঃ

এতিয়া সৰিয়হ ফুলাৰ বতৰ।চালে চকু ৰোৱা এক দৃষ্টি নন্দন পৰিৱেশ।
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ কৃষি বিভাগৰ অধীনস্থ বৰঘোপা গাঁওতো এদল কৃষকসমাজ এতিয়া ব‍্যস্ত হৈ পৰিছে সৰিয়হ খেতিত।
উল্লেখ‍্য যে যি সময়ত একাংশ শিক্ষিত নিবনুৱাই চাকৰি বিচাৰি হাবাথুৰী খাই ফুৰিছে, কিম্বা পেটৰ তাৰনাত বহিৰাজ্যলৈ গৈ কঠোৰ পৰিশ্ৰম কৰি আছে।
ঠিক তেনে সময়তে নলবাৰী জিলা উত্তৰ অঞ্চলৰ বৰঘোপা গাঁ‌ৱৰ এদল কৃষকে সমবায় ভিত্তিত নিজৰ গাঁঠিৰ ধন আৰু কৃষি বিভাগৰ তৰফৰ পৰা কিছু সাৰ বীজ গ্রহণ কৰি পাগলাদিয়া নদীৰ পাৰত প্ৰায় ১০০ বিঘা মাটিত বিগত কেইবা বছৰ ধৰি সৰিয়হৰ খেতি কৰি উপাৰ্জনৰ বাট মুকলি কৰি আহিছে লগতে আন কেইজনমান যুৱককো নিয়োজিত কৰি অঞ্চলটোত স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে।
সেয়েহে এইবেলিও বৰঘোপা গাঁৱৰ নয়ন কলিতা,পৰেশ কলিতা, হেমন্ত হালৈ,বিজয় বৰ্মন, সমীন্দ্র বৰ্মন, প্রণৱ বৰ্মন,বাপধন কলিতা,নৱ জ্যোতি মেধি, তন্ময় হালৈ, কুশল কলিতা,ৰূপাম হাৱৈ,প্রতুল চৌধুৰীসহ ১২গৰাকী কৃষকে "ঝাৱন কৃষি পাম"নাম দি সমবায় ভিত্তিত সৰিয়হৰ খেতি কৰিছে।
অন্য বছৰৰ দৰে এইবছৰো প্ৰায় ৭০/৮০ বিঘাৰো অধিক সৰিয়হৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ দিশে গতি কৰিছে। তেওঁলোকে কয় যে বিচাৰিব জানিলে নিজৰ ঠাইতে সোণ পোৱা যায়।যাৰ পৰিপেক্ষিতত এইদল কৃষকে এইবছৰৰ ২০০-৩০০ কুইন্টলৰো অধিক সৰিয়হ উৎপাদন কৰাৰ আশা প্ৰকাশ কৰিছে, সেয়েহে বৰ্তমান সময়ত চাকৰী বিচাৰি বহিঃৰাজ্যলৈ যোৱাত কৈ নিজৰ ঠাইতে ভালদৰে খেতি কৰি স্বাৱলম্বী হ’ব পাৰে সেয়েহে সকলোৱে কৰ্মমুখি হওক বুলি বৰঘোপা গাঁওৰ এদল কৃষকে সকলোকে আহ্বান জনাইছে।
ইফালে আজি এদৰা সৰিয়হৰ খেতি ঘগ্ৰাপাৰ কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়া মনোজ কুমাৰ দাস আৰু কৃষি সম্প্রসাৰণ সহায়ক ভগবান বৰ্মনেসহ এটি সজাটি দলে পৰিদৰ্শন কৰি সন্তোষ প্রকাশ কৰাৰ লগতে ভৱিষ্যতৰ দিশত এইসকল কৃষকক পৰ্যন্ত পৰিমাণ সহায় কৰিব বুলি আশ্বাস প্রদান কৰে।
ইপিনে পামখনৰ য়ুৱ কৃষক নয়ন কলিতাই সংবাদ মাধ্যমকৰ আগত কয় য়ে কৃষি বিভাগে যদিহে পৰ্যন্ত পৰিমাণ সহায় সহযোগিতা তথা প্রয়োজনী পাৱাৰ টিলাৰ, স্পেমেচিন তথা উপায়ুক্ত বজাৰৰ ব্যবস্থা কৰি দিয়ে তেতিয়া হলে আমি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন কুৰিগৰাকীকো এই কৰ্মত পৰোক্ষভাৱে নিয়োগ কৰিব পৰাৰ পূৰ্ণ সম্ভাবনা আছে বুলি মন্তব্য কৰে।

31/12/2024
31/12/2024

নলবাৰীৰ লহকৰপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত বাৰ্ষিক অধিবেশন আৰু বটা বিতৰণী সভা অনুষ্ঠিত।

পঙ্কজ কুমাৰ লহকৰ বাহাৰঘাট নলবাৰী

30/12/2024

লক্ষ্মী-সৰস্বতী স্মৃতি অভিযানৰ সৌজন্যত এক ব্যতিক্ৰম ভ্ৰমণ

30/12/2024

🔴আৰোহণ আৰ্টিষ্ট গীল্ডৰ তামুলপুৰৰ সমাজকৰ্মী দয়াল দাসলৈ আৰোহণ সামাজিক সমন্বয় বঁটা।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদনঃ ৰাজ্যৰ অগ্ৰণী শিক্ষা-সাহিত্য-সমাজ-সাংস্কৃতিক অনুষ্ঠান আৰোহণ গীল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী উপলক্ষে ২৭ ডিচেম্বৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ কুৰিজন বিশিষ্ট ব্যক্তিক আৰোহণ বঁটা প্ৰদান কৰা হয়। তদুপলক্ষে তামুলপুৰৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী দয়াল দাসৰ নিজ বাসগৃহত আজি আৰোহণ আৰ্টিষ্ট গীল্ডৰ এটি সজাতি দল উপস্থিত হৈ বিশিষ্ট সমাজকৰ্মী গৰাকীক ফুলাম গামোচা, মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰি সুদূৰ ভৱিষ্যতে সমাজখনৰ হকে কামকৰি যাবলৈ উৎসাহ যোগাই।

27/12/2024

সাংবাদিক ব্ৰজেন তালুকদাৰলৈ "সংবাদ জ্যোতি-২০২৪"সন্মান

26/12/2024

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জব মেলা আৰু লোণ মেলা

25/12/2024

তামুলপুৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।

বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ তুলি সাব্যস্ত কৰিলে প্ৰতিবাদ।

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ মূৰ্দাবাদ ধ্বনি কংগ্ৰেছ কৰ্মী সকলৰ।

অমিত শ্বাহৰ পদত্যাগ দাবী কংগ্ৰেছৰ

25/12/2024

এগৰাকী যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিবেশ গান্ধীবাৰী আৰক্ষী চকী

মনি ডেকা নামৰ ৩৫ বছৰীয়া যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰত মৃত্যু হোৱাৰ অভিযোগ এই পৰিবেশ।

অভিযোগ মতে ভৱেন কলিতাৰ ঘৰত তাতশালত কাম কৰিছিল যুৱকজনে ৷

যুৱকজনক প্ৰহাৰ কৰি তিনিদিন কোঠাত আবদ্ধ কৰি ৰখাৰ অভিযোগ ৷

পৰিয়ালৰ লোকে খৱৰ পাই গান্ধীবাৰী আৰক্ষী চকীত এজেহাৰ দিয়ে

আৰু যুৱকজনক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বুলি জানিব দিয়ে ।

বৰ্তমান মৃতদেহ আৰক্ষী চকীত ৰাখি ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আছু আৰু যুৱ ছাত্ৰ পৰিষদে

তামুলপুৰৰ পৰা প্ৰসাদ দাস

Address

Guwahati

Telephone

+919864925056

Website

Alerts

Be the first to know and let us send you an email when Assom News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assom News:

Videos

Share

Category