The Global Outlook

The Global Outlook people's nowtv24 is a digital news platform from the North-East India.Ushering a revolution is the r

08/03/2024

Leaked : Grand Pre Wedding of Anant Ambani Grand Affair with the Extended Reliance Parivaar: expressing gratitude and seeking blessings for Radhika and Anant's upcoming wedding, the Ambani family organised a grand celebration for nearly 25,000 guests comprising the extended Reliance Parivaar of employees and their families at the Reliance township in Jamnagar. Nita and Mukesh Ambani, followed by Anant and Radhika, personally welcomed and expressed their heartfelt gratitude to the guests for their contribution and cooperation during the pre-wedding festivities and also for making Jamnagar such an important and critical part of Reliance's and their own personal journeys! And in typical Reliance style of celebrations, the party was followed by an electrifying musical concert featuring stellar performances from superstars Shah Rukh Khan, Salman Khan, Ranveer Singh, and Arijit Singh, turning the evening into a really fond, shared memory.

AmbaniCultural Centre

A Retail Pharmacy Shop in Assam For saleYou can contact for further enquiries @91015989939678736015
26/02/2024

A Retail Pharmacy Shop in Assam For sale
You can contact for further enquiries @
9101598993
9678736015

ঘোষণা হ'ল APSCৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।প্ৰথম স্থান লাভ কৰিলে ধুবুৰীৰ ৰচিকা ইছলামে।
17/01/2024

ঘোষণা হ'ল APSCৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।প্ৰথম স্থান লাভ কৰিলে ধুবুৰীৰ ৰচিকা ইছলামে।

17/01/2024
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে ৷54 বছৰ বয়সত আজি নিশা শেষ নিশ্বাস ত্য়াগ কৰে দুৰ্দান্ত অভিনেতাগ...
16/12/2023

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে ৷
54 বছৰ বয়সত আজি নিশা শেষ নিশ্বাস ত্য়াগ কৰে দুৰ্দান্ত অভিনেতাগৰাকীয়ে ৷

ইচ্ছা কৰিলে Designer Manish Malohatra ৰ সেই বলিউডিয়া Pink Lehenga বোৰ পিন্ধি Trending ত থাকিব পাৰিলেহেতেন। কিন্তু পিন্ধি...
30/11/2023

ইচ্ছা কৰিলে Designer Manish Malohatra ৰ সেই বলিউডিয়া Pink Lehenga বোৰ পিন্ধি Trending ত থাকিব পাৰিলেহেতেন। কিন্তু পিন্ধিলে বিষ্ণুপ্ৰিয়া মণিপুৰী ৰাসলীলা নৃত্যৰ সাজ। ইচ্ছা কৰিলে উঠিব পাৰিলে হয় গালত চুমা খাই fake smile দি ফটো, কিন্তু স্বামীৰ সেৱা লোৱা ফটোহে উঠিলে। এয়াই পাৰ্থক্য ইণ্ডিয়ান আৰু ভাৰতীয়ৰ মাজত।
Rupak Talukdar

শ্ৰমিক সকলক সুকলমে উদ্ধাৰ ...ভাল খবৰ
28/11/2023

শ্ৰমিক সকলক সুকলমে উদ্ধাৰ ...ভাল খবৰ

বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেলত ৭উইকেট দখলেৰে বিশ্ববাসীৰ নয়নৰ মণি হৈ পৰিল মহম্মদ শ্বামী।It was a SHAMI-Final ❤️🇮🇳What a pe...
15/11/2023

বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেলত ৭উইকেট দখলেৰে বিশ্ববাসীৰ নয়নৰ মণি হৈ পৰিল মহম্মদ শ্বামী।
It was a SHAMI-Final ❤️🇮🇳

What a performance by the legend🔥
Thank You Mohammad Shami Bhai ❤️👑

এজন মহান খেলুৱৈৰ আনজনক শুভেচ্ছা..
15/11/2023

এজন মহান খেলুৱৈৰ আনজনক শুভেচ্ছা..

মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে ভাবিব কোনেনো কোৱা...আপোনাৰ অকণমান সহায়ে যাদুৰানী সুস্মিতাক এটা নতুন জীৱন দিব পাৰে,...
07/11/2023

মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে ভাবিব কোনেনো কোৱা...
আপোনাৰ অকণমান সহায়ে যাদুৰানী সুস্মিতাক এটা নতুন জীৱন দিব পাৰে,আশা কৰোঁ আপোনালোকে সহায় আগবঢ়াব 🙏 বিগত সময়ছোৱাত সুস্মিতাৰ যাদুৱে দৰ্শকৰ মন জয় কৰি আহিছে । কিন্তু আজি তাই নিৰুপায়,তাইৰ দেহত কেঞ্চাৰ ৰোগ ধৰা পৰিছে । তাই আকৌ মঞ্চত যাদুপ্ৰদৰ্শন কৰিব বিচাৰে ,তাইৰ আত্মবিশ্বাসক আপোনালোকে সঁহাৰি দিয়ক । সেয়ে
আপোনাসৱৰ পৰা অকনমান তাইৰ চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন । আশাকৰো অকনমান সহায় কৰিব । এয়ে মোৰ অনুৰোধ । তাই সোনকালে আৰোগ্য হওঁক 👏👏
🟩Her account details:
SUSHMITA TALUKDAR
STATE BANK OF INDIA
Beltola Branch
A/c : 38368514020
Ifsc : SBIN0004419
G Pay : 7711882279
Ph. No : 7711882279
I wish her a quick recovery.
Collected

এগৰাকী  #মাতৃৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ সুখ কি লাগে,,,কি কম বাইদেউ,,,কবলৈ একো ভাষা নাই🙏 এয়া আপোনাৰ কষ্ট আৰু ত্যাগৰ💪 ফল❤️ য...
01/11/2023

এগৰাকী #মাতৃৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ সুখ কি লাগে,,,কি কম বাইদেউ,,,কবলৈ একো ভাষা নাই🙏 এয়া আপোনাৰ কষ্ট আৰু ত্যাগৰ💪 ফল❤️ যি আমি বোৰে সৰু পৰা দেখি আহিছোঁ। গোটেই কেইগৰাকী ভনীলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল,,, #সফলতা ইয়াকে কয়🙏 copy

30/10/2023

প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ ৰাজনৈতিক নেতা, সোণাৰিৰ প্ৰাক্তন বিধায়ক, অৱসৰপ্ৰাপ্ত শিক্ষক শৰৎ বৰকটকীৰ মৃত্যু৷

এছ আই জোনমণি ৰাভাৰ জ্যেষ্ঠ ভাতৃ কৰুণা ৰাভাই ইহসংসাৰৰ পৰা বিদায় মাগিলে৷ ভগ্নীৰ মৃত্যুবেদনা বুকুত লৈয়েই পৃথিৱীৰ পৰা চিৰবিদ...
17/10/2023

এছ আই জোনমণি ৰাভাৰ জ্যেষ্ঠ ভাতৃ কৰুণা ৰাভাই ইহসংসাৰৰ পৰা বিদায় মাগিলে৷ ভগ্নীৰ মৃত্যুবেদনা বুকুত লৈয়েই পৃথিৱীৰ পৰা চিৰবিদায় ল’লে তেওঁ৷ নিথৰুৱা হৈ ৰ’ল মাতৃগৰাকী৷ আজিও মাতৃয়ে অপেক্ষা কৰি আছে জোনমণিৰ মৃত্যু-ৰহস্যৰ ন্যায়ৰ বাবে৷

কন্যাৰ পাছত পুত্ৰৰ মৃত্যুৰ পাছত অকলশৰীয়া হৈ পৰা মাতৃগৰাকীৰ দায়িত্ব লৈ চৰকাৰে দায়বদ্ধতাৰ পৰিচয় দিয়ক৷ মাতৃৰ বেদনাক আমি বাৰুকৈয়ে অনুভৱ কৰিছোঁ৷ এই দুখৰ সময় সহিবলৈ তেখেতক নেদেখাজনে সাহস আৰু শক্তি দিয়ক৷ প্ৰয়াত কৰুণা ৰাভালৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ৷

Nobel Prize 2023
12/10/2023

Nobel Prize 2023

কোন তাৰিখে কি বিষয়ৰ পৰীক্ষা? ছেবাই প্ৰকাশ কৰিলে মেট্ৰিক পৰীক্ষাৰ সময়সূচী।The Board of Secondary Education, Assam (SEBA) ...
09/10/2023

কোন তাৰিখে কি বিষয়ৰ পৰীক্ষা? ছেবাই প্ৰকাশ কৰিলে মেট্ৰিক পৰীক্ষাৰ সময়সূচী।
The Board of Secondary Education, Assam (SEBA) on Monday (October 9) announced the schedule of the HSLC Class 10 final examination 2024.

The exams will be held in two shifts from February 16, 2024 to March 4, 2024.

The practical exams will be conducted on February 2 and February 3, 2024.

জীৱনলৈ কেতিয়াবা ধুমুহা আহিলে ভ্ৰিনিৰ দৰে  আপোন জন যদি কাষত থাকে তেনেহলে ধুমুহাজাকে অলপো ক্ষতি কৰিব নোৱাৰে।৮ বছৰীয়া প্ৰেম...
30/09/2023

জীৱনলৈ কেতিয়াবা ধুমুহা আহিলে ভ্ৰিনিৰ দৰে আপোন জন যদি কাষত থাকে তেনেহলে ধুমুহাজাকে অলপো ক্ষতি কৰিব নোৱাৰে।৮ বছৰীয়া প্ৰেমৰ অন্তত বিবাহেৰে
হিটম আৰু ভ্ৰিনিয়ে আগবাঢ়িছিল সাত জনমলৈ এক হ'বলৈ।কিন্তু বিয়াৰ এমাহ পূৰ্বে হঠাৎ এদিন হিটম এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মগজুৰ ভিতৰত কেইবা ঠাইটো আঘাট পায় অনিদিষ্ট কাললৈ কোমাত আক্ৰান্ত হয় হিটম।মূৰ্হুততে যেন ভ্ৰিনি,হিটমৰ সকলো সপোন শেষ হৈ গৈছিল।চিকিৎসকো নিশ্চিত নাছিল যে হিটম এদিন সুস্থ হৈ উঠিব।কিন্তু দুয়োৰে প্ৰেমত শক্তি,বিশ্বাস,আশা আছিল।৩ মাহৰ পিছত এদিন হঠাৎ হিটম কোমাৰ পৰা উভতি আহিল।কিন্তু তেতিয়া সকলো সলনি হৈছিল।প্ৰায় ৩০ কেজি ওজন হেৰুৱা হিটমৰ চেহেৰাও বহু সলনি হ'ল।তেতিয়াও শেষ হোৱা নাছিল দুয়োৰে সংগ্ৰাম।কোমাৰ পৰা সুস্থ হৈ উঠিছিল যদি ভ্ৰিনিৰ পৰিয়ালৰ লোক অমান্তি হৈছিল হিটমলৈ বিয়া দিবলৈ।হিটমৰ জীৱনৰ আটাইতকৈ কঠিন সময়খিনিত কাষত থকা ভ্ৰিনিৰ প্ৰেম আছিল অন্তৰৰ।সেইবাবে হয়টো পৰৱৰ্তী সময়টো হিটমৰ কাষৰ পৰা আতৰিব পৰা নাছিল ভ্ৰিনি।তাৰ পিছত দুয়োৰে জীৱনলৈ অহা প্ৰতিটো প্ৰত্যাহ্বান মুখামুখি কৰিছিল দুয়ো একেলগে।অৱশেষত সকলো বাধা উফৰাই ২০২২ চনত দুয়ো আৱদ্ধ হ'ল বিবাহ পাশত।
এনেকৈ যেন প্ৰেমৰ ওচৰত হাৰ মানিলে পৰিস্থিতিয়ে অনা কঠিন প্ৰত্যাহ্বানো।আপোনাৰ জীৱনটো যদি ভ্ৰিনিৰ দৰে এগৰাকী সংগী আছে তেনেহলে জীৱন যুঁজত আপুনি কোনো কালেই নাহাৰে।

ৰাজ্যবাসীৰ বাবে সুখৰ, এছিয়ান গেমছত পদক সুনিশ্চিত কৰিলে লাভলীনাই। ছেমিফাইনেলত প্ৰৱেশ বক্সাৰ গৰাকীৰ
30/09/2023

ৰাজ্যবাসীৰ বাবে সুখৰ, এছিয়ান গেমছত পদক সুনিশ্চিত কৰিলে লাভলীনাই। ছেমিফাইনেলত প্ৰৱেশ বক্সাৰ গৰাকীৰ

এগৰাকী চিকিৎসকৰ মহানুভৱতা।ডাঃ ৰক্তিম বৰগোহাই ৰোগীৰ সেৱাৰ বাবে ক্ৰয় কৰিছে এখন বাহন।যিখন বাহনত কেৱল তেল ভৰায় ব্যৱহাৰ কৰিব ...
27/09/2023

এগৰাকী চিকিৎসকৰ মহানুভৱতা।ডাঃ ৰক্তিম বৰগোহাই ৰোগীৰ সেৱাৰ বাবে ক্ৰয় কৰিছে এখন বাহন।যিখন বাহনত কেৱল তেল ভৰায় ব্যৱহাৰ কৰিব পাৰিব ৰাইজে।চিকিৎসক গৰাকীৰ এই প্ৰয়াস সচায় শলাগ লব লগীয়া।

{এনেধৰণৰ যোগাত্মক লেখা,আপডেট সমূহ লাভ কৰিবলৈ ফলৌ কৰক আমাৰ পেজ খন}

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ বিশিষ্ট অধ্যাপক ড° চন্দন মহন্তৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছোঁ । শিক্ষা আ...
26/09/2023

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ বিশিষ্ট অধ্যাপক ড° চন্দন মহন্তৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছোঁ । শিক্ষা আৰু গৱেষণা ক্ষেত্ৰৰ সৈতে সম্পৃক্ত বিশিষ্ট শিক্ষাবিদ তথা গৱেষক গৰাকীয়ে বিদ্যায়তনিক ক্ষেত্ৰখনক সমৃদ্ধ কৰিছিল। তেখেতৰ নিৰন্তৰ সাধনা আৰু কৰ্মস্পৃহা নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস । প্ৰয়াত মহন্তৰ পৰলোকগামী আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু শোকাহত পৰিয়াল-গুনমুগ্ধসকলক সমবেদনা জনাইছোঁ ৷

ঔঁম শান্তি 🙏

মোৰ মাতৃৰ বিষয়ে আজি সংখ্যা প্ৰতিদিন কাকতত প্ৰকাশিত এটা লেখা ।মুখ্যমন্ত্ৰীৰ পত্নী !■ মৃদুল কুমাৰ সন্দিকৈএবাৰ নহয়,দুবাৰ নহ...
12/09/2023

মোৰ মাতৃৰ বিষয়ে আজি সংখ্যা প্ৰতিদিন কাকতত প্ৰকাশিত এটা লেখা ।
মুখ্যমন্ত্ৰীৰ পত্নী !

■ মৃদুল কুমাৰ সন্দিকৈ

এবাৰ নহয়,দুবাৰ নহয়,৩বাৰ মুখ্যমন্ত্ৰী হৈছিল তেখেতৰ স্বামী। তেওঁ বাৰু কিমান ধনী ? কিমান স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী এইগৰাকী নাৰী ? জানিবলৈ মন যায় কেতিয়াবা এইবোৰ কথা।

ক্ষমতা থাকিলেই মানুহৰ লালসা বাঢ়ে। ক্ষমতা থাকিলেই মানুহে সহজে ধনী হ’ব পাৰে। টিলিকতে আহি যায় কোটি কোটি টকা আৰু সম্পত্তি। ক্ষমতাৱান যদি স্বামী হয়, পত্নী বাৰু কিয় নহ’ব ধনী ?

অসমৰ ৰাজনীতিত অন্যতম প্ৰভাৱশালী নেতা তথা সুদীৰ্ঘকাল শাসনত আছিল তৰুণ গগৈ। কেন্দ্ৰীয় মন্ত্ৰী,মুখ্যমন্ত্ৰী,সাংসদ আহি বহু পদবীৰ গৰাকী আছিল এইজন মানুহ।

তৰুণ গগৈৰ অনুপস্থিতিত কেনেদৰে অতিবাহিত কৰিছে তেওঁৰ পত্নী ডলী গগৈয়ে। সাম্প্ৰতিক সময়ৰ কিছু খবৰ দেখি, শুনি ১৫ বছৰ মুখ্যমন্ত্ৰী হৈ থকা মানুহজনৰ সহধৰ্মিনী কিমান শক্তিশালী আছিল এই কথাও জানিবৰ ইচ্ছা হয়।

তৰুণ গগৈৰ সৈতে ছাঁ দৰে লাগি থকা কেইবাজনো ব্যক্তিক এই বিষয়ে সুধিছিলো। তেওঁলোকৰ প্ৰতিজনৰ উত্তৰ আছিল এটাই। সেয়া আছিল- মুখ্যমন্ত্ৰীৰ পত্নী হিচাপে ডলী গগৈয়ে কেতিয়াও নিজকে ভবা নাছিল ! ৰাজনৈতিক সিদ্ধান্ত আৰু ক্ষমতাৰ পৰা নিজকে আতৰাই ৰাখি এক সাধাৰণ জীৱন কটাইছিল।

ইচ্ছা আছিল ডলী গগৈৰ এটা সাক্ষাৎকাৰ লোৱা। সেই পৰিয়ালটোৰ আটাইতকৈ ঘণিষ্ঠতম ব্যক্তিজনৰ জৰিয়তেও যোগাযোগ কৰাত সেই ইচ্ছা পূৰণ নহ’ল।

এতিয়া তেওঁ বেলতলাৰ অজন্তা পথতে থকা ঘৰতে থাকে। মন গ’লে থাকি আহেগৈ দিল্লীত পুত্ৰ গৌৰৱ গগৈৰ সৈতে।

নিজৰ কামবোৰ নিজেই আগৰ পৰা কৰি ভাল পায় তেওঁ । এতিয়াও তাৰ দেখো ব্যতিক্ৰম হোৱা নাই। ঘৰত সহায় কৰিবলৈ সহায়কাৰী এজন আছে। মাজতে ঘৰৰ পৰা হাউচ গাৰ্ড পৰ্যন্ত উঠাই নিছিলে। তাৰো কোনো আপত্তি নাছিল।

পিছত কিবা ভাবি নিৰাপত্তাৰক্ষী এজন পুনৰ দিলে। সেইবোৰলৈ কোনো ভ্ৰূক্ষেপ নাই তেওঁৰ। অতি সাধাৰণভাৱে তেওঁৰ স্বামী তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোতেও সময় পাৰ কৰিছিল,এতিয়াও একেদৰে সময় পাৰ কৰে।

বেলতলা অজন্তা পথলৈ আগতে মানুহৰ সোঁত বৈছিল। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ যোৱা সকলে তেওঁকো মাত দিছিল। কোনোবাই বৌ,কোনোবাই বাইদেউ সম্বোধন কৰিছিল। কিন্তু কোনোও তেওঁক ছাৰক অৰ্থাৎ তৰুণ গগৈকে এইটো কাম কৰি দিবলৈ আপুনি এবাৰ কৈ দিব নেকি বুলি অনুৰোধ কৰিবলৈ সাহস কৰা নাছিল।

সেই সুযোগ ডলী গগৈয়ে দিয়া নাছিল কেতিয়াও। সম্পত্তি,ধন আদিৰ প্ৰতি লোভ নকৰিছিল। বিসম্বাদে অতি গভীৰ ৰূপ লোৱাৰ সময়ত তেওঁ হেনো স্বামীক 'মুখ্যমন্ত্ৰীৰ পদটো এৰি শান্তিত নাথাকে কিয়' বুলিহে উপদেশ দিছিল।

ঘৰত থকাৰ সময়ত তেওঁলোক আছিল অতি ঘৰুৱা। পুৱা উঠি একেলগে চাহকাপ খাইছিল। তৰুণ গগৈ গুৱাহাটীত থাকিলে দুপৰীয়া ভাতসাঁজো দুয়ো একেলগেই খাইছিল। গগৈ গুৱাহাটীৰ বাহিৰত থাকিলে তেওঁৰ খোৱা-বোৱা আৰু ঔষধবোৰ যাতে সময় মতে খাই তাৰ প্ৰতি সচেতন দৃষ্টি ৰাখিছিল।

প্ৰয়োজন নহ’লে মুখ্যমন্ত্ৰী গগৈৰ সৈতে ফেৰ মিলাই কোনো সভা-সমিতিলৈ যোৱা নাছিল। বাধ্যত কেতিয়াবা দুই-এক অনুষ্ঠানলৈ গ’লেও দৰ্শকৰ আসন বহিছিল। সম্বৰ্ধনা আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰূপে পৰিচয় দিবলৈ বেয়া পাইছিল।

এবাৰ বিদেশ ভ্ৰমণলৈ যোৱাৰ আহত তৰুণ গগৈয়ে গুৱাহাটীতে এবাৰ বজাৰ কৰিবলৈ গৈছিল। এটা চাৰ্ট তেওঁৰ খুব পচণ্ড হৈছিল। তৰুণ গগৈৰ লগত ছাঁ দৰে লাগি থকা বিপুল গগৈক চাৰ্টটোৰ দাম সুধিব দিছিল। সেইটো চাৰ্টৰ দাম ১২০০০ টকা বুলি কোৱাত সেইটো নিকিনাকৈ তৰুণ গগৈ উভতি আহিছিল। এই মানসিকতা গঢ় দিয়াৰ আছিল ডলী গগৈ।

দুই সন্তানক মানুহৰূপে প্ৰতিষ্ঠা কৰাটো তেওঁ প্ৰত্যাহ্বান হিচাপে লৈছিল। লাস-বিলাসৰ বিপৰীতে তেওঁলোকক বাস্তৱমুখী শিক্ষা দিছিল। কিমান ডাঙৰ মানুহৰ সন্তান সেই উপলব্ধি কৰিবলৈ দিয়া নাছিল।

টকা-পইছা যে জীৱনৰ বাবে মূল্যহীন বা সৰ্বস্ব নহয় সেই কথা বুজাইছিল। অসমৰ গাঁৱে-ভূঞে ঘূৰি অভিজ্ঞতা অৰ্জন কৰিবলৈ গৌৰৱ গগৈক উৎসাহিত কৰিছিল। মাজুলীলৈ ভ্ৰমণৰ বাবে পঠাইছিল।

এতিয়া তেওঁ পুত্ৰ গৌৰৱক লৈ সুখী। এদিন মাক হিচাপে তেওঁৰো চিন্তা আছিল-পাৰিবনে পুত্ৰ গৌৰৱে জীৱনৰ বাটত, ৰাজনৈতিক ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিব ! এইখিনি কথা এই পৰিয়লটোৰ অন্যতম ঘণিষ্ঠজনে কোৱা কথা।

কলিকতাত পঢ়িছিল তেওঁ। জীৱ বিজ্ঞানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। ১৯৭২ চনৰ ৩০ জুলাইত তৰুণ গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

ৰাজনীতি আৰু ক্ষমতাকেন্দ্ৰিক জগতখনৰ পৰা তেওঁ সদায় দূৰৈত ৰৈছিল। কিন্তু স্বামীক পৰ্য্যবেক্ষণত ৰাখিছিল। ভুল হ’লে স্পষ্টকৈ কৈছিল। এবাৰ এখন সংবাদমেলত খং উঠিছিল তৰুণ গগৈৰ। জাঙুৰ খাই উঠিছিল সাংবাদিকৰ ওপৰত। সংবাদমেল সম্বোধন কৰি ঘৰলৈ ঘূৰি যোৱাৰ সময়ত ডলী গগৈয়ে মুকলিকৈ ইয়াৰ বাবে তৰুণ গগৈক সমালোচনা কৰিছিল।

এনে আচৰণ যে গ্ৰহণযোগ্য নহয় সেই কথা বুজাইছিল। পিছদিনা তৰুণ গগৈয়ে পত্নীৰ সেই কথাৰ উদ্ধৃতিৰে আগদিনা তেওঁ কৰা আচৰণৰ বাবে ক্ষমা বিচাৰিছিল। বহু কথা কৈছিল ডলী গগৈৰ সন্দৰ্ভত।

তেওঁৰ সৰলতাত কৃত্ৰিমতা নাই। জটিলতা তেওঁ ভাল নাপাই। তৰুণ গগৈক তেওঁ সকলো ধৰণে সহায় কৰি গৈছিল। ১৫ বছৰ মুখ্যমন্ত্ৰী হৈ থকা মানুহজনক এটা বিলাসী অট্টালিকা সাজিবলৈ জোৰ নকৰিছিল। অজন্তা পথৰ সেই ঘৰটোত তৰুণ গগৈয়ে সাংসদ হৈ থাকোতেই নিৰ্মাণ কৰিছিল। আন ফ্লেট-মাটি-বাৰী ক্ৰয় কৰা নাছিল। দামী বস্তু কিনাতো ফেশ্বন নাছিল। মিতব্যয়ী হৈ চলিছিল। আনকি অজন্তা পথৰ ঘৰৰ এটা অংশ ভাড়াতহে দিছিল। সেই ভাৰাতীয়া আজিও সেই ঘৰতে।

এতিয়া তেওঁৰ স্বামী নাই। ক্ষমতাও নাথাকে চিৰকাল। নাই সা-সম্পত্তিৰ পাহাৰ। আছে তেওঁৰ সুখ। যি সুখ তেওঁ টকাৰে কিনা নাই। কিনি থৈছে সৰলতা আৰু সংযমতাৰে।

আগতে থকা নিৰাপত্তাৰক্ষী,কাম কৰা মানুহ,বিষয়া,কৰ্মচাৰীয়ে তেওঁৰ খবৰ লয়। সন্মান কৰে। এয়াই তেওঁৰ বাবে সকলো। তৰুণ গগৈয়ে নিজেও মিডনাইট পলিটিক্স কৰা নাছিল। তৰুণ গগৈক তেওঁ তৰুণ গগৈ ৰূপত গঢ়িছিল। কেতিয়াও তেওঁ মুখ্যমন্ত্ৰী পত্নী হোৱা নাছিল।

বুজিছিল ভালদৰে তেওঁ মানুহক বহু ধন,সম্পত্তিৰ প্ৰয়োজন নাই। সম্পত্তি ঘটিব পাৰি,ঘটিব নোৱাৰি সহজে ভাবমূৰ্তি। বুজিছিল ডলী গগৈয়ে নালাগে বহু ঘৰ-দুৱাৰ,টকা-পইছা,মাটি-বাগিছা। জীৱনৰ শেষ সময়ত যথেষ্ট ৬ফুট মাটিয়ে…।
https://www.asomiyapratidin.in/editorial-desk/special-writing/special-writing-by-mridul-kumar-handique-on-dolly-gogoi
Collected

বিধান সভালৈ ওলাইছে অখিল গগৈ...
11/09/2023

বিধান সভালৈ ওলাইছে অখিল গগৈ...

বিশিষ্ট কৰ্কটৰোগ বিশেষজ্ঞ চিকিৎসক, কাছাৰ কৰ্কট চিকিৎসালয় তথা গৱেষণা কেন্দ্ৰৰ সঞ্চালক  পদ্মশ্ৰী ডাঃ ৰবি কান্নান আৰলৈ  "ৰম...
31/08/2023

বিশিষ্ট কৰ্কটৰোগ বিশেষজ্ঞ চিকিৎসক, কাছাৰ কৰ্কট চিকিৎসালয় তথা গৱেষণা কেন্দ্ৰৰ সঞ্চালক পদ্মশ্ৰী ডাঃ ৰবি কান্নান আৰলৈ "ৰমন মেগছেছ বঁটা ২০২৩" আগবঢ়োৱাত আমি আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছোঁ৷ কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিসকলক আৰোগ্য কৰাৰ বাবে চিকিৎসকগৰাকীয়ে নিষ্ঠা, অধ্যৱসায় আৰু দায়বদ্ধতাৰে সৰ্বোত্তম মানৱসেৱা আগবঢ়াই আহিছে। কৰ্কট ৰোগক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান অনস্বীকাৰ্য ৷ একমাত্ৰ ভাৰতীয় হিচাপে এই বঁটাৰে বিভূষিত হোৱাৰ বাবে নিৰ্বাচিত ডাঃ ৰবি কান্নান আৰক অভিনন্দন জনাইছোঁ ৷ অনাগত দিনতো তেখেতে জনগণৰ কল্যাণাৰ্থে দুগুন উৎসাহেৰে মনোনিৱেশ কৰি যাৱ বুলি আশা ৰাখিছোঁ ৷

Neeraj Chopra wins the Gold Medal in World Athletics Championships 2023! He is the WORLD CHAMPION. 🇮🇳🇮🇳🇮🇳Top of the Worl...
28/08/2023

Neeraj Chopra wins the Gold Medal in World Athletics Championships 2023! He is the WORLD CHAMPION. 🇮🇳🇮🇳🇮🇳

Top of the World! 🤩

এগৰাকী সহজ সৰল মাতৃ এইয়া।পুত্ৰ প্ৰজ্ঞানন্দে ছেচ(ডবা) বিশ্বকাপৰ ফাইনেলত বিশ্বৰ আটাইতকৈ শক্তিশালী খেলুৱৈ জনৰ সন্মুখত ভাৰতৰ...
25/08/2023

এগৰাকী সহজ সৰল মাতৃ এইয়া।পুত্ৰ প্ৰজ্ঞানন্দে ছেচ(ডবা) বিশ্বকাপৰ ফাইনেলত বিশ্বৰ আটাইতকৈ শক্তিশালী খেলুৱৈ জনৰ সন্মুখত ভাৰতৰ হৈ খেলি আছে আৰু মাতৃ আছে এইদৰে পুত্ৰৰ কাষত ছাঁ টো হৈ।সহজ সৰল মাতৃ গৰাকী।অলপতে হৈ যোৱা ছেচ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ ১৮ বছৰীয়া প্ৰজ্ঞানন্দে মেগনাছ কাৰ্লছনৰ হাতত পৰাজয় হৈ দ্বিতীয় স্থান পায়।ফাইনেলত পৰাজয় হলেও দেশৰ বাসীৰ অন্তৰ জয় কৰিলে প্ৰজ্ঞাই।তলৰ ফটো কেইখনৰ মাতৃৰ মূৰ্হুত কেইটাই প্ৰতিজন লোকৰে অন্তৰ চুই গৈছে।যি সময়ত প্ৰজ্ঞাই খেলি আছিল সেই সময়ত মাতৃ নাগালক্ষ্মীয়ে চিন্তিত হৈ অতি সহজ সৰল ভাৱে আমন জিমনকৈ বহি আৰু থিয় হৈ আছিল।বাকী আন এটা দৃশ্যত ১৮ বছৰীয়া পুত্ৰই সংবাদ মাধ্যমৰ আগত যেতিয়া কথা কৈ আছিল তেতিয়া চাওকছোন মাতৃৰ মুখত ফুটি উঠিছে কেনে এটি প্ৰাপ্তীৰ হাঁহি!আন এটা দৃশ্যত পুত্ৰই অনুৰাগীক দি আছে অটোগ্ৰাফ।সেই দৃশ্যও মাতৃয়ে চায় আছে নীৰৱে।এইয়া যেন এগৰাকী মাতৃৰ জীৱনৰ এক অনন্য প্ৰাপ্তী।
এইয়াই মাতৃৰ মমতা।জীৱনৰ যিকোনো সময়তে কাষত থকা গৰাকীয়ে মা।
Collected

(এনে ধৰণৰ পজিটিভ,অনুপ্ৰেৰণা মূলক পোষ্ট লাভ কৰিবলৈ লাইক ফলৌ কৰক আমাৰ পেজখন)

24/08/2023

চন্দ্ৰযান-৩ৰ অভিযানত জড়িত আছিল অসমৰ ৬জন৷ লখিমপুৰৰ চয়ন দত্ত, নগাঁৱৰ নাজনীন য়াচমিন, তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা, জামুগুৰিহাটৰ উদ্দীপনা কলিতা, হাইলাকান্দিৰ বাহাৰুল ইছলাম বৰভূঞা আৰু শিলচৰৰ ৱাই বিশাল সিংহ৷

ভাৰতীয় নাৰী শক্তি।চন্দ্ৰয়ান-৩ অভিযানত জড়িত  ISRO ৰ মহিলা বিজ্ঞানী সকল।চাওকচোন দেখাত কিমান সহজ-সৰল,সাধাৰণ মহিলাৰ দৰেই আছে...
24/08/2023

ভাৰতীয় নাৰী শক্তি।চন্দ্ৰয়ান-৩ অভিযানত জড়িত ISRO ৰ মহিলা বিজ্ঞানী সকল।চাওকচোন দেখাত কিমান সহজ-সৰল,সাধাৰণ মহিলাৰ দৰেই আছে কিন্তু তেঁওলোক একো একো গৰাকী বিজ্ঞানী।যাৰ অৱদানক আমি দেশবাসীয়ে যিমান প্ৰশংসা কৰো সিমানে কম হ'ব।
Collected

Address

Guwahati

Telephone

+918402047223

Website

Alerts

Be the first to know and let us send you an email when The Global Outlook posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Global Outlook:

Videos

Share


Other Broadcasting & media production in Guwahati

Show All