ছিংকাৰাইহে বিপদ আনিলে নেকি ছেইফৰ?
ছিংকাৰাইহে বিপদ আনিলে নেকি ছেইফৰ? ছালমানৰ সংগী হোৱাৰ বাবেই লক্ষ্য হ’ল নেকি ছেইফ? বাৰে বাৰে বিশেষ ধৰ্মৰ লোকহে আক্ৰমণৰ লক্ষ্য হোৱাৰ আঁৰত কোন?
SITৰ তদন্তই ঢুকি পাবনে দেবোলাল এণ্ড কোম্পানীক?
এফালে কয়লা খনিত মৃত্যুৰ বীভিষিকা, আনফালে দেবোলাল গাৰ্লোচাৰ শক্তি প্ৰদৰ্শন। এফালে কণিকা হোজাইৰ গ্ৰেপ্তাৰৰ দাবী, আনফালে ‘কণিকা হোজাই জিন্দাবাদ’ ধ্বনি। ডিমা হাচাওত অব্যাহত দেবোলাল বাহিনীৰ একনায়কত্ববাদ! SITৰ তদন্তই ঢুকি পাবনে দেবোলাল এণ্ড কোম্পানীক?
হয়তো সভাপতিৰ পদ এৰিব লাগিব বুলি ভবা নাছিল ভৱেশ কলিতাই!
হয়তো সভাপতিৰ পদ এৰিব লাগিব বুলি ভবা নাছিল ভৱেশ কলিতাই! সভাপতি হোৱাৰ মন আছিল ৰামেশ্বৰ তেলীৰ। দলে দায়িত্ব দিলে ল’লেহেঁতেন ৰঞ্জিত দাসেও। সভাপতি হোৱাৰ সপোন আছিল জয়ন্ত দাসৰো!
ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মাণিকপুৰৰ উৰণীয়া সেতুৰ তলত বন্তি প্রজ্বলন কাৰ্য্যসূচী
শিল্পী দিৱসৰ লগত সংগতি ৰাখি মাণিকপুৰৰ ৰাইজৰ উদ্যোগত সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মাণিকপুৰৰ উৰণীয়া সেতুৰ তলত বন্তি প্রজ্বলন কাৰ্য্যসূচী।
ওদালগুৰি জিলাৰ লোক নিৰ্মাণ বিভাগত পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ অভিযোগ
ওদালগুৰি জিলাৰ লোক নিৰ্মাণ বিভাগত পথ নিৰ্মাণৰ নামত লুণ্ঠনৰ অভিযোগ। নিম্নমানৰ কাম কৰিয়েই ধন সৰকোৱাৰ অপচেষ্টা ঠিকাদাৰৰ। স্থানীয় ৰাইজৰ দাবীত আধাতে কাম বন্ধ ৰাখিব লগা হ'ল বিভাগীয় কৰ্তৃপক্ষই।
ৰাজীৱ শদিয়াৰ ৩০টা গানৰ মূল্য যিমান জুবিন গাৰ্গৰ ৩০ হাজাৰ গানৰ মূল্য সিমান নহ'বও পাৰে
"ৰাইজে মৃত্যুৰ পাছত ৰাজীৱ শদিয়াক যিদৰে জনতাৰ শিল্পী বুলি স্বীকৃতি দিছে, খাটি খোৱা মানুহৰ শিল্পী বুলি স্বীকৃতি দিছে, সেই কথাবিলাক আচলতে জুবিন গাৰ্গে সহিব পৰা নাই। ৰাজীৱ শদিয়াৰ ৩০টা গানৰ মূল্য যিমান জুবিন গাৰ্গৰ ৩০ হাজাৰ গানৰ মূল্য সিমান নহ'বও পাৰে।" জুবিন গাৰ্গৰ শেহতীয়া মন্তব্য সন্দৰ্ভত KMSSৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ প্ৰতিক্ৰিয়া।
কাৰ্বি পাহাৰত মুকলি-অবাধ-অবৈধ কয়লা খনন। দেখিও নেদেখে কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
মুখ্যমন্ত্ৰীয়ে দেখিছেনে কাৰ্বি আংলঙৰ এই দৃশ্য? মুখ্যমন্ত্ৰীয়ে জানেনে তুলিৰামৰ সাম্ৰাজ্যত চলিছে কি? কাৰ্বি পাহাৰত মুকলি-অবাধ-অবৈধ কয়লা খনন। দেখিও নেদেখে কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
আজিৰ "On The Screen"ত আলোচনা কৰা হৈছে 'Sookshmadarshini'
আপুনি বাৰু সূক্ষ্ম দৃষ্টি আৰোপ কৰি কথাবোৰ চালি জাৰি চাই নে? সূক্ষ্ম দৃষ্টিৰ শক্তিৰ ওপৰত ৰেখাপাত কৰি নিৰ্মিত চলচ্চিত্ৰ 'Sookshmadarshini'। এগৰাকী নাৰীক মুখ্য চৰিত্ৰ হিচাপে দেখুওৱা চলচ্চিত্ৰখনত সমাজৰ এক স্পৰ্শকাতৰ বিষয়ত গুৰুত্ব দিয়া হৈছে। আজিৰ "On The Screen"ত আলোচনা কৰা হৈছে 'Sookshmadarshini'।
পচন্দৰ ফ্লেট ক্ৰয়ৰ সুবিধাৰে গুৱাহাটীত 'এৰিডা'ৰ ৰিয়েল ইষ্টেট এক্সপ'
পচন্দৰ ফ্লেট ক্ৰয়ৰ সুবিধাৰে গুৱাহাটীত 'এৰিডা'ৰ ৰিয়েল ইষ্টেট এক্সপ'। ৭ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ গুৱাহাটী মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব এই এক্সপ'।
দলীয় প্ৰদৰ্শনক ক্ষুণ্ণ BCCIৰ কঠোৰ নিৰ্দেশনা
আভ্যন্তৰীণ সংঘাতে জোকাৰিছে ভাৰতীয় ক্ৰিকেট! খেলুৱৈৰ ব্যৱহাৰক লৈ অসন্তুষ্ট প্ৰশিক্ষক গৌতম গম্ভীৰ! দলীয় প্ৰদৰ্শনক ক্ষুণ্ণ BCCIৰ কঠোৰ নিৰ্দেশনা। নিজৰ ব্যৰ্থতা ঢাকিবলৈ খেলুৱৈৰ প্ৰতি কঠোৰ গৈছে নেকি প্ৰশিক্ষক গম্ভীৰ?
"উমৰাংছ'ৰ ঘটনাৰ বাবে দেৱলাল গাৰ্লোচাৰ পত্নী আৰু AMDC জগৰীয়া"
"উমৰাংছ'ৰ ঘটনাৰ বাবে দেৱলাল গাৰ্লোচাৰ পত্নী আৰু AMDC জগৰীয়া। আমি প্ৰথম দিনাৰ পৰাই এই কথা কৈ আহিছোঁ।" উমৰাংছ'ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।
শিল্পী দিৱসৰ দিনা কিমানে মনত পেলালে ৰমেন বৰুৱাক?
শিল্পী দিৱসৰ দিনা কিমানে মনত পেলালে ৰমেন বৰুৱাক? এতিয়াও সন্ধানহীন ৰমেন বৰুৱাক কোনোবাই মনত পেলালে নে? ৰাজ্যৰ প্রান্তে প্রান্তে আয়োজিত হ'ল শিল্পী দিৱস। ৰমেন বৰুৱাক লৈ প্ৰকাশ পালে নে ক'ৰবাত এষাৰি মন্তব্য, কাৰোবাৰ এটা পোষ্ট?