18/04/2024
নৈখন বৈ থাকে ,ধীৰ গতিৰে। নিৰন্তৰ আৰু নিৰ্বিকাৰ চিত্ৰে। দুপাৰৰ মানুহবোৰ দেও দি পাৰ হৈ যায়। ইপাৰ সিপাৰৰ সীমাটো বতাহত কঁপি থকা খাগৰি বনৰ পাতটোৰ দৰে হৈ পৰে - ক্ষীণ, তৰাং। কুমল ঘাঁহৰ সোৱাদৰ তৃষাত থকা চতুৰ্পদী জাকটো ধূলি উৰুৱাই পাৰ হৈ যায় নদীৰ শীৰ্ণ সুতিটো। আমি ঢপলিয়াই ফুৰো চনপৰি থকা বালি চৰৰ তামৰঙী হোৱা ঘাঁহ গছকি। ইপাৰ অথবা সিপাৰৰ হাবিত বন ফুল বোৰ মলে মলাই চ'তৰ চেঙেলিয়া ডাৱৰ দেখি। দিহিঙৰ বলুকা ৰুক্ষ আৰু তামৰঙী হৈ থাকিলেও নদীখনৰ দুয়োপাৰৰ চিৰ হৰিত হাবিবোৰ কুমলীয়া পাতেৰে জল মলাই উঠে। হাবি ডৰাৰ পৰা বৈ অহা কুমল বনফুলৰ গোন্ধটো বিচাৰি আমি হাবিখন চলাথ কৰোঁ। আমাৰ খোজত ধপাত তিতাৰ গছবোৰ ফুৰ ফুৰকৈ গোন্ধ ওলাই হাবিডৰা চানি ধৰে। তথাপি গোলাপী কপৌফুল আৰু উলমি বৈ থকা শালিকা ফুলবোৰ কিন্তু আমাৰ চকুৰ পৰা সাৰি নাযায়। ডাল ভৰি ফুলিবলৈ লোৱা ভিন ভিন কপৌ ফুল বোৰ আমাৰ কন কন হাতেৰে ঢুকি নাপাওঁ। কিন্তু প্ৰাণভৰি তাৰ সুবাসবোৰ বুকু ভৰাই লৈ অহো। আৰু কেতেকী!! আহঃ হাবিডৰাৰ কত যে লুকাই থাকে তৰোৱাল যেন ধৰাল পাতৰ গছ জোপা! শিলৰ শেলুৱৈ বগাই নামি অহা জুৰিটোৰ সুতে সুতে যেন গা পখালি দেও দি নামি আহে এই সুবাসটো। জুৰিটোৰ পাৰত বহি বিভোৰ হৈ চাই থাকো কেতেকীৰ সুবাস সনা চক চকীয়া স্ফতিক যেন পানীৰ ধাৰাটো।
আমি চ'তৰ হয়কলি চৰাইৰ মাত শুনিলেই হাবিখনত চাই থওঁ মাখিয়তী গছ, দীঘলতীৰ পাত আৰু ডাঠ পাতৰ বঢ়মথুৰি গছবোৰ।
বতৰ লাহে লাহে গুমা হয়, অভিমানি হয় চ'তৰ সেমেকা পৰশ পাই। মাছৰোকা চৰাইৰ বিহ্বল মাতটোত চন চনাই উঠে আকাশ। এয়া যে প্ৰকৃতিৰ উৰ্বৰতাৰ সময় ।
সময়বোৰ সলনি হৈছে। আচলতে মনৰ আকাশখনৰ নীলা ৰং বোৰ ধূসৰ হৈ আহিছে, বিশালতাবোৰৰ কৰবাত সীমা এটা আঁকি দিয়া হৈছে। সিপাৰে সেই হৰিৎ হাবিখন আৰু ইপাৰে ভাৰ্চুয়েল ৰংহীন আকাশখন। চকুত ৰং সানে, কিন্তু মন চন পৰি ৰয়, উকা হৈ থাকে। বৰণহীন এখন চেটেলাইটৰ ৰঙত বৰণ লোৱা আকাশ। মনৰ আকাশ এইখন হয় জানো!!
হাবিখন এতিয়াও আছে। হৰিৎ পাতৰ পুলুঙা হোলোং গছ, আৰু তাৰ ছাঁতেই থকা নাহৰ, কৰৈ, শিঙৰী, চপা গছবোৰত এতিয়াও কপৌ ফুলবোৰ ফুলিছে। সাতাম পুৰুষৰ দিনৰ নদীখন চ'তৰ শেষত ভৰুন হয়, তেতিয়াও আৰু এতিয়াও। বাঁহৰ জাকৈ, জাল -জুলুকীবোৰ নদীক ধিয়াই সাজু কৰে পিতাইয়ে। হয় বহাগ আহে, ন-বৰষুন নামে,মাছৰ উজান উঠে৷ শিৰত সেন্দূৰ বুলাই জাকেজাকে পুঠিমাছবোৰ উলাই আহে৷ নতুন বছৰে ভূমুকি মৰাৰ পৰত গছবনে ন সাঁজ যেনেকৈ পিন্ধে ঠিক তেনেদৰে ৷ কৰ্মব্যস্ততা বাঢ়ে গাৱঁৰ কৃষিজীৱীৰ৷ কঠীয়া সিঁচা,কঠীয়া তলি উলিওৱা লৰাঢপৰা লাগে৷ চহা জীৱন ৰঙীন হোৱাৰ সময়েই এই বহাগ, বছৰৰ বাবে শস্য গোটাবলৈ যোযা চলোৱাৰ উথপথপ লাগে৷ হয় ,এই বহাগেই লৈ আহে মনলৈ এবুকু আশা,পৰিকল্পনা৷
বহাগ প্ৰতিবাৰেই আহে আৰু ব্যস্ততাবোৰো৷ আমিও চলি আছো একে গতিৰে৷ তাহানিৰ ৰংমন -ৰঙিলী হঁতৰ ঢোলৰ গুমগুমনিত গা সাতখনআঠখন লগাৰ দৰে এতিয়াও আমাৰ লৰাহঁত আঁহতৰ তলত ৰৈ আছে৷ স্বৰ্গদেউ বাটচৰাৰ পৰা আঁহতৰ তললৈ ভৰপক যৌৱনৰ বাট এইচোৱা৷ কোনোয়ে হয়তো পৰিকল্পনা কৰিছে ঘৰ বন্ধাৰ,এই বহাগতে ওৰণিৰ তলত দুৰুদুৰুকৈ বুকু কপোঁৱাৰ নতুবা উৰুলিৰ ধ্বনিত পণ লব নতুন জীৱন গঢ়াৰ, আজীৱন এক হৈ ৰোৱাৰ৷ আকৌ কোনোয়ে হয়তো চেনাইক লগেই পোৱা নাই মনৰ কথা কবলৈ৷ মনৰ দুখতে গীত জুৰি লৈছে -
“বোকাৰে গৰৈ মাছ বোকাতে ঘূৰিলে
ঐ পথাৰত ঘূৰিলে বক,
কমে কমে বুলি মনৰে কথাটি
ঐ ক’বলৈ পোৱা নাই লগ৷৷”
হাউলি তুলিলো নাদৰ পানীটুপি
জোকাৰি তুলিলো লাই;
মনৰে কথাটি কবহে পৰা নাই
সময় চাওঁতে এবেলা যায়৷
এনেদৰে এই পুৰনি বিহুগীত সমূহো আছিল ডেকাগাভৰুৰ মনৰ ভাৱ আদানপ্ৰদান কৰাৰ স্থল৷ এই বিহুগীততেই প্ৰেম,ভাতৃত্ববোধ লুকাই আছিল৷ এই সৰল গীতমাত সমূহ যেন এতিয়া আধুনিকতাৰ পৰশে কঙাল কৰি পেলাইছে তেনে ভাৱ হয়৷ পিছে কুলিজনীৰ সুৰীয়া মাতটো বিচলিত হোৱা নাই এতিয়াও৷৷৷
✍️মৌচুমী ঘোঁৰাচোৱা