Guwahati Press Club - Official

Guwahati Press Club - Official Established in 1971 the GPC is an hub for all the journalists in the city.

18/12/2024

ৰাজনৈতিক দলৰ কাৰ্যসূচীত কৰ্তব্যৰত সাংবাদিকক কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহণা
কাইলৈ সকলো সংবাদ কৰ্মীক ক’লা বেজ পৰিধান কৰিবলৈ আহ্বান

গুৱাহাটীঃ আজি গুৱাহাটীত এক ৰাজনৈতিক অনুষ্ঠানত কৰ্তব্যৰত সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিয়ে। অনুষ্ঠানটোত সাংবাদিক আৰু ভিডিঅ’-সাংবাদিকসকল গোট খোৱা ঠাইত কন্দুৱা গেছ ব্যৱহাৰ কৰা হৈছিল। যাৰ ফলত কেইবাজনো সাংবাদিক আহত হোৱাৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয়।
দেখা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত সাংবাদিকসকলে নিয়মিতভাৱে এনে কাণ্ডৰ বলি হৈ আহিছে।
গুৱাহাটী প্ৰেছ ক্লাবে আৰক্ষী প্ৰশাসনক এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনাইছে। কৰ্তব্যৰত অৱস্থাত সাংবাদিকক বাৰে বাৰে কৰা আক্ৰমণৰ প্ৰতিবাদ স্বৰূপে কাইলৈ ​​সকলো সংবাদ কৰ্মীক ক’লা বেজ পৰিধান কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাবে আহ্বান জনাইছে।

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালো🙏🙏
14/11/2024

সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালো🙏🙏

সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালো…🙏🙏
25/10/2024

সকলোকে সাদৰেৰে আমন্ত্ৰণ জনালো…🙏🙏

25/10/2024

প্রিয় বন্ধু-বান্ধৱী, জ্যেষ্ঠ-কনিষ্ঠ,সতীৰ্থসকল,
পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে সাজু হৈছে প্ৰতিগৰাকী লোক। দীপাৱলী উপলক্ষে বিগত বৰ্ষৰ দৰে এইবাৰো গুৱাহাটী প্ৰেছ ক্লাবে ২৯ অক্টোবৰত প্ৰাক দীপাৱলী উদযাপনৰ লগত সংগতি ৰাখি সাংবাদিক সকলৰ বাবে আয়োজন কৰিছে সাংস্কৃতিক অনুষ্ঠানৰ। গতিকে ইচ্ছুক সাংবাদিক, সংবাদকৰ্মীৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ সদস্যই অনুষ্ঠান পৰিৱেশনৰ বাবে আগতীয়াকৈ প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰ সৈতে যোগোযোগ কৰিবলৈ আহ্বান জনালোঁ৷🙏

নিম্নোক্ত ফোন নম্বৰকেইটাত যোগাযোগ কৰিব পাৰে
পল্লৱী বৰা-8486740848
মিতালী কোঁৱৰ-91 70024 10643
অলকা বৰুৱা-91 88110 42052

24/10/2024

প্ৰেছ বিবৃতি।
তাৰিখ: ২৪/১০/২৪
*সাংবাদিক আক্ৰমণৰ ঘটনাক উদ্বিগ্ন গুৱাহাটী প্ৰেছ ক্লাব, দোষীক কঠোৰ শাস্তিৰ দাবী*
ৰাজ্যৰ কেইবাটাও সংবাদ প্ৰতিস্থানৰ সাংবাদিকক
কৰ্তব্যৰত অৱস্থাত বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰা ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টিগোচৰ হৈছে I বৃহস্পতিবাৰে চামগুৰিত কংগ্ৰেছ আৰু বিজেপি দলৰ বাতৰি সংগ্ৰহ কৰি থাকোতে বিজেপি দলৰ দুৰ্বৃত্ত ৰূপী ৰাজনৈতিক কৰ্মীয়ে আক্ৰমণ কৰে কৰ্তব্যৰত অৱস্থাত বহু কেইটা সংবাদ প্ৰতিস্থানৰ কেইবাগৰাকীও সাংবাদিকক। Iকৰ্তব্যৰত সাংবাদিকক এইধৰনে শাসকীয় দলৰ কৰ্মীয়ে আক্ৰমণৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে কঠোৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় I বিশেষ ভাৱে শাসকীয় বিজেপি দলৰ কৰ্মীয়ে সাংবাদিক আক্ৰমণ কৰা ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে উদ্বিগ্নতা প্ৰকাশৰ লগতে ধিক্কাৰ জনায়। । এই ধৰণৰ বাৰে বাৰে সাংবাদিক আক্ৰমনৰ ঘটনাক ৰাজ্যৰ গৃহমন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক উপযুক্ত ব্যৱস্থা লবলৈ আহ্বান জনালো I লগতে দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা লোৱাৰ দাবী জনালো ।লগতে এই ক্ষেত্ৰত জনসংযোগ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাকও সাংবাদিকক আক্ৰমণৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিলো।
ইতি
সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

15/10/2024

*'দ্য আছাম ট্ৰিবিউন' গোষ্ঠীৰ সঞ্চালক, অন্যতম স্বত্বাধিকাৰী সুৰজিৎ গোবিন্দ বৰুৱাৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ গুৱাহাটী প্ৰেছ ক্লাবৰ

'গুৱাহাটীঃ ১৫ অক্টোবৰঃ দ্য আছাম ট্ৰিবিউন' গোষ্ঠীৰ সঞ্চালক, অন্যতম স্বত্বাধিকাৰী সুৰজিৎ গোবিন্দ বৰুৱাৰ পৰলোকপ্ৰাপ্তিত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰে৷ এক বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে, সুৰজিৎ গোবিন্দ বৰুৱাদেৱে অসমৰ সংবাদ জগতলৈ আগবঢ়াই থৈ যোৱা অনৱদ্য অৱদান স্মৰণীয় হৈ থাকিব। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা ট্ৰিবিউন গোষ্ঠীৰ সদস্যসকললৈ গভীৰ সমবেদনা জনালোঁ।

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

04/10/2024

প্ৰেছ বিবৃতি।
তাৰিখ: ০৪/১০/২৪

*সাংবাদিক নিগ্ৰহৰ ঘটনাত উদ্বিগ্ন গুৱাহাটী প্ৰেছ ক্লাব, দোষীক কঠোৰ শাস্তিৰ দাবী*

ৰাজ্যৰ এটি আগশাৰীৰ বৈদ্যুতিন সংবাদ মাধ্যম NB NEWS ৰ সাংবাদিক দৃতিৰাজ কলিতা আৰু প্ৰিয়ম শইকীয়াক কৰ্তব্যৰত অৱস্থাত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনা গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টিগোচৰ হৈছে I বৃহস্পতিবাৰে কলাইগাওঁত বাতৰি সংগ্ৰহ কৰি থাকোতে এচাম দুৰ্বৃত্তই আক্ৰমণ কৰে দুয়োগৰাকী সাংবাদিকক Iকৰ্তব্যৰত সাংবাদিকক এইধৰনে আক্ৰমণৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাবে কঠোৰ ভাষাৰে গৰিহণা দিয়ে আৰু দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় I শেহতীয়া ভাৱে ৰাজ্যত বৃদ্ধি পোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক কৈ গুৱাহাটী প্ৰেছ ক্লাবে উদ্বিগ্নতা প্ৰকাশ কৰে আৰু সাংবাদিকৰ সুৰক্ষাক লৈ চিন্তা ব্যক্ত কৰে I আইনৰ শাসন চলি থকা গণতান্ত্ৰিক দেশ এখনত এই ধৰণৰ সাংবাদিক আক্ৰমণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত পোনপটীয়া আঘাত I এইক্ষেত্ৰত ৰাজ্যৰ গৃহমন্ত্ৰীৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক সাংবাদিকৰ সুৰক্ষাৰ প্ৰতি উপযুক্ত ব্যৱস্থা লবলৈ আহ্বান জনালো I লগতে দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা লোৱাৰ দাবী জনালো I
ইতি
সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

12/09/2024

আই আই টি গুৱাহাটীৰ চৌহদত সাংবাদিকৰ প্ৰৱেশত বাধা দিয়াত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্বেগ প্ৰকাশ

গুৱাহাটীঃ আই আই টি গুৱাহাটীৰ ভুল সিদ্ধান্তৰ বলি হৈ এজন ছাত্ৰই আত্মহত্যা কৰা বুলি উঠা অভিযোগৰ পাছত সৃষ্টি হোৱা পৰিস্থিতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আই আই টিৰ কৰ্তৃপক্ষই চৌহদত প্ৰৱেশত বাধা দিয়া কাৰ্যত গুৱাহাটী প্ৰেছ ক্লাবে উদ্বেগ প্ৰকাশ কৰে৷ এক বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে আই আই টি গুৱাহাটীৰ কৰ্তৃপক্ষই চৌহদত সাংবাদিকক সোমাব নিদিয়াটো গ্ৰহণযোগ্য সিদ্ধান্ত নহয় আৰু গুৱাহাটী প্ৰেছ ক্লাবে মানি নলয়৷ সাংবাদিকক পুতলা সাজি কোনোবাই চাবিকাঠীৰে নিয়ন্ত্ৰণ কৰিব বিচৰাটো নিন্দনীয়৷ যি সময়ত সকলো বিষয় সাংবাদিকৰ সন্মুখলৈ আহি অৱগত কৰাব লাগিছিল, সেই সময়ত মৌন হৈ সংবাদ মাধ্যমৰ পৰা দূৰলৈ যোৱাটো অতি পৰিতাপৰ কথা আৰু শীঘ্ৰে সাংবাদিকক চৌহদলৈ মাতি নিজৰ মন্তব্য প্ৰকাশ কৰাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে আহ্বান জনায়৷

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

07/09/2024

ND24 ক দিয়া ভাবুকিক গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহণা

জনপ্ৰিয় চেটেলাইট নিউজ চেনেল এন ডি ২৪এ পৰিবেশন কৰা বাতৰিত ভীতিগ্ৰস্ত হৈ একাংশ অসাধু চক্ৰই চেনেলটোৰ প্ৰতি ভাবুকি দিয়া আৰু জ্বলাই দিম বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো গুৱাহাটী প্ৰেছ ক্লাবৰ দৃষ্টিগোচৰ হৈছে। এনেধৰণৰ কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবে কঠোৰ ভাষাৰে গৰিহণা দিয়ে আৰু সংবাদ মাধ্যমৰ ওপৰত যিকোনো উচ্চ-বাচ্য সহ্য কৰা নহয় বুলি গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এক বিবৃতিত সকীয়াই দিয়ে। লগতে কয় যে সংবাদ গোষ্ঠীক ভয় খুৱাবলৈ বা নীৰৱ কৰাৰ যিকোনো প্ৰচেষ্টাই আমাৰ সমাজখনত গঢ় লৈ উঠা গণতান্ত্ৰিক মূল্যবোধক অৱমাননা কৰে আৰু সাংবাদিকতাৰ সততা ৰক্ষাৰ প্ৰতি গুৱাহাটী প্ৰেছ ক্লাবে দৃঢ়তাৰে থিয় দিছে। জিপিচিয়ে এই বিষয়ত আৰক্ষী সঞ্চালকপ্ৰধানক ক্ষিপ্ৰ আৰু পুংখানুপুংখ তদন্তৰ দাবী জনাইছে।
সাংবাদিকে কৰ্তব্য পালনত মুকলি পৰিবেশ প্ৰদান কৰাৰ সমান্তৰালকৈ দুষ্কৃতিকাৰী আৰু অপৰাধী মনোভাৱৰ লোকৰ পৰা সংবাদ মাধ্যমৰ লোকৰ সুৰক্ষাৰ বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ আৰক্ষী সঞ্চালকপ্ৰধানক গুৱাহাটী প্ৰেছ ক্লাবে শীঘ্ৰে সাক্ষাৎ কৰিব৷
সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

06/09/2024

গুৱাহাটী প্ৰেছ ক্লাবত কোৰাছ প্ৰতীক্ষা হস্পিটেল আৰু প্ৰতীক্ষা ইনষ্টিটিউট অব্‌ এলাইড হেল্‌থ ছায়েন্সৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

গুৱাহাটীঃ ৫ ছেপ্টেম্বৰঃ ৮ ছেপ্টেম্বৰ বিশ্ব ভৌতিক চিকিৎসা (ফিজিঅ’থেৰাপী) দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাবত কোৰাছ প্ৰতীক্ষা হস্পিটেল আৰু প্ৰতীক্ষা ইনষ্টিটিউট অব্‌ এলাইড হেল্‌থ ছায়েন্সৰ উদ্যোগত ৭ ছেপ্টেম্বৰ শনিবাৰে এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে৷ উক্ত শিবিৰত কোৰাছ প্ৰতীক্ষা হস্পিটেলৰ অস্থিৰোগ (Orthopedic), ভেষজ ( Medicine) আৰু বিষ নিৰাময়ৰ চিকিৎসকৰ নেতৃত্বত এটা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলে সেৱা আগবঢ়াব৷
উক্ত শিবিৰত সকলো সংবাদ কৰ্মীৰ উপস্থিতি কামনা কৰা হ’ল৷

সময়ঃ দিনৰ ১০-৩০ বজাৰ পৰা ১ বজালৈ

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

17/07/2024

নিউজ নাও (NEWZ NOW) শীৰ্ষক গুৱাহাটীস্থিত এটা নিউজ পৰ্টেলত সম্প্ৰচাৰিত এটা বাতৰিৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিষয়ববীয়াই আৰক্ষীক এজাহাৰ দাখিল কৰা ঘটনাই আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবে এই ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে। সংবাদ মাধ্যমক স্তব্ধ বা নীৰৱ কৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থাক এনেধৰণে ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য নহয়। কিয়নো অভিযোগ উত্থাপিত বাতৰিটোৱে কোনোধৰনে সাংবাদিকতাৰ নীতি উলংঘা কৰা নাই। এনে প্ৰেক্ষাপটত গুৱাহাটী প্ৰেছ ক্লাবে ৰাজনৈতিক দল আৰু অন্যান্যসকলক সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা কাম কাজৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাৱ

21/04/2024

পুৰস্কৃত সাংবাদিকক উৎকোচ লোৱা বুলি প্ৰকাশিত বাতৰিত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্বেগ প্ৰকাশ

গুৱাহাটীঃ নিৰ্বাচনকেন্দ্ৰিক বতৰত সকলো স্তৰৰ সাংবাদিকে অতি ব্যস্ততাৰ মাজেৰে বাতৰি পৰিৱেশন কৰাৰ সময়তে এগৰাকী সাংবাদিকে এটা ৰাজনৈতিক দলৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰা কাৰ্যক উৎকোচ লোৱা বুলি প্ৰকাশিত বাতৰিত গুৱাহাটী প্ৰেছ ক্লাবে উদ্বেগ প্ৰকাশ কৰে৷ এক বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে ভৱিষ্যতে সাংবাদিকক লৈ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ ৰাজনৈতিক দলৰ লগতে সকলো পক্ষলৈ আহ্বান জনায়৷

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব

@গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত প্ৰাক্‌ হোলী উদযাপন@সাংবাদিক সকলৰ ব্যস্ততাৰ মাজতো আজি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰে...
24/03/2024

@গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত প্ৰাক্‌ হোলী উদযাপন@

সাংবাদিক সকলৰ ব্যস্ততাৰ মাজতো আজি গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ প্ৰাংগণত প্ৰাক্‌ হোলী উদযাপন কৰা হয়৷ শুৱালকুছিৰ হাটীসত্ৰৰ শেৱালি মেধি বৈশ্যৰ দলে হোলীগীতেৰে প্ৰেছ ক্লাবৰ প্ৰাংগণ জীপাল কৰি তোলে৷ গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সদস্যৰ উপৰি ছপা আৰু বৈদ্যুতিন মাধ্যমৰ জ্যেষ্ঠ-কনিষ্ঠ সংবাদকৰ্মীসকলে অনুষ্ঠানটোত উপস্থিত থাকি সৌস্তভ বৃদ্ধি কৰে৷

সুস্মিতা গোস্বামী
সভাপতি
সঞ্জয় ৰায়
সাধাৰণ সম্পাদক
পল্লৱী বৰা
সাংস্কৃতিক সম্পাদক
গুৱাহাটী প্ৰেছ ক্লাব।

সকলোকে আমন্ত্ৰণ জনালো🙏🙏🙏
23/03/2024

সকলোকে আমন্ত্ৰণ জনালো🙏🙏🙏

22/03/2024

“ফাগুনে আঁচল পাতি পলাশীক কৰিছে আমন্ত্ৰণ,
আহা হে নন্দিনী সুন্দৰ- পালন কৰোঁ এইবেলি ফাকুৱাৰ অমল উৎসৱ ৷
সাতোৰঙী ৰামধেনুত সানো সুখৰ আবিৰ৷”

প্ৰিয় সতীৰ্থবৃন্দ
প্ৰকৃতিৰ অনিন্দ্য সুন্দৰ এই ক্ষণটি ভগাই ল’বলৈ আমি জনালোঁ আপোনালোকক মিঠা আমন্ত্ৰণ ৷
সুখী হোৱা এই পলটিত, আমি জানো যে আহিব আপুনিও আৰু যোগ দিব পাৰভঙা এই সুখী উৎসৱত ৷

স্থানঃ গুৱাহাটী প্ৰেছ ক্লাব প্ৰাংগণ
দিনাংকঃ ২৪ মাৰ্চ
সময়ঃ দিনৰ ১১ বজা

সুস্মিতা গোস্বামী
সভাপতি

সঞ্জয় ৰায়
সাধাৰণ-সম্পাদক

পল্লৱী বৰা
সাংস্কৃতিক সম্পাদক

গুৱাহাটী প্ৰেছ ক্লাব

07/01/2024

*জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থৰ ঘটনাৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ উচিত তদন্ত আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত গুৱাহাটী প্ৰেছ ক্লাবৰ ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী পালন*

গুৱাহাটীঃ ৭ জানুৱাৰীঃ শুকুৰবাৰে নগাঁও জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ দ্বাৰা অপদস্থ হয় । কৰ্তব্যৰত অৱস্থাত সাংবাদিকগৰাকীৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ উচিত তদন্তৰ দাবীত লগতে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত আজি দিনৰ ১২-৩০ বজাত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ সন্মুখত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়৷ শতাধিক সাংবাদিক, সংবাদকৰ্মীয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিক নিৰ্যাতন বন্ধ কৰক, দীপাংকৰ মেধিক অপদস্থ কৰা ঘটনাৰ বিচাৰ লাগে, নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহক শাস্তি দিয়ক আদি ধ্বনিৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখৰ ৰাজপথ উত্তাল কৰে৷ অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে ভাষণত কয় যে তিনিদিন উকলি যোৱাৰ পাছতো নগাঁৱৰ জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা নোলোৱাটো উদ্বেগজনক৷ উক্ত ঘটনাৰ উচিত তদন্তৰে দোষীক শাস্তি নিদিয়া পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব লগতে কাইলৈ আৰক্ষী সঞ্চালকপ্ৰধান আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ উচিত তদন্তৰে দোষীৰ শাস্তি বিচাৰি স্মাৰকপত্ৰ প্ৰদান কৰা হ’ব৷ এই কাৰ্যসূচীত জাৰ্নেলিষ্ট ইউনিয়ন অব আছাম, অসম বাৰ্তাজীৱী সংঘ আদি বহুকেইটা সাংবাদিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

সুস্মিতা গোস্বামী সঞ্জয় ৰায়
সভাপতি সাধাৰণ সম্পাদক

06/01/2024

জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থৰ ঘটনাৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ উচিত তদন্ত আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী

শুকুৰবাৰে নগাঁও জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ দ্বাৰা অপদস্থ হয় । কৰ্তব্যৰত অৱস্থাত সাংবাদিকগৰাকীৰ ওপৰত হোৱা নিৰ্যাতনৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ উচিত তদন্তৰ দাবীত লগতে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত কাইলৈ ৭ জানুৱাৰী দেওবাৰে দিনৰ ১২ বজাত গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ সন্মুখত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হ’ব৷ উক্ত কাৰ্যসূচীত সকলো সাংবাদিক- সংবাদকৰ্মীৰ উপস্থিতি কামনা কৰা হ’ল৷

সুস্মিতা গোস্বামী সঞ্জয় ৰায়
সভাপতি সাধাৰণ সম্পাদক

06/01/2024

*NB Newsৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থৰ ঘটনাক গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা*

শুক্ৰবাৰে নগাওঁ জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ অপদস্থৰ সন্মুখীন হয় NB newsৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি। নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহক কেৱল প্ৰশ্ন কৰাৰ বাবেই অপদস্থ সাংবাদিক গৰাকীক । লগতে সাংবাদিক গৰাকীৰ কেমেৰাও জব্দ কৰাৰ অভিযোগ । কৰ্তব্যৰত অৱস্থাত সাংবাদিক গৰাকীৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে। শীঘ্ৰেই এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে গুৱাহাটী প্ৰেছ ক্লাবে ।

সুস্মিতা গোস্বামী সঞ্জয় ৰায়
সভাপতি সাধাৰণ সম্পাদক

Address

Gopinath Bordoloi Road, Mawhati, Ambari
Guwahati
781001

Alerts

Be the first to know and let us send you an email when Guwahati Press Club - Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share