Nation Daily

Nation Daily In this time of lies and propaganda, NATION DAILY strives to unmask the lies and deceit and present

কেন্দ্ৰীয় বাজেটকলৈ অসম জাতীয় পৰিষদ আৰু আপৰ প্ৰতিক্ৰিয়াগুৱাহাটী,১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ...
01/02/2025

কেন্দ্ৰীয় বাজেটকলৈ অসম জাতীয় পৰিষদ আৰু আপৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,১ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটত অসমৰ নামৰূপ সাৰ কাৰখাানাত এটি নতুন গোট স্থাপনৰ প্ৰস্তাৱ কৰা কথাটোৰ আন্তৰিকতাত সন্দেহ ব্যক্ত কৰিছে অসম জাতীয় পৰিষদ চমুকৈ অজাপই। এই সন্দৰ্ভত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "বিত্তমন্ত্ৰীয়ে নিজৰ বাজেট ভাষণত বছৰি ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ কৰিব পৰাকৈ নামৰূপত এটা নতুন গোট স্থাপন কৰিব বুলি ঘোষণা কৰিছে। কিন্তু এইটোয়েই পূৰ্বে ঘোষণা কৰা চতুৰ্থ গোটটো হয়নে নহয়, সেইটো স্পষ্টকৈ কোৱা নাই। লগতে উক্ত গোট স্থাপনৰ বাবে কিমান টকা ধাৰ্য্য কৰিছে সেইটোও কোৱা নাই। বাজেট ভাষণৰ অৰ্থই হৈছে টকা ধাৰ্য্য কৰা। কিন্তু নামৰূপৰ চতুৰ্থটো গোটত টকা ধাৰ্য্য কৰা সন্দৰ্ভত বিত্ত মন্ত্ৰীয়ে স্পষ্টকৈ একো কোৱা নাই। গতিকে তেওঁৰ কথাটোত আমি আশ্বস্ত হ'ব পৰা নাই। কাৰণ ইয়াৰ পূৰ্বে তিনিবাৰ তিনিগৰাকী গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰীয়ে নামৰূপত চতুৰ্থটো গোট স্থাপনৰ ঘোষণা কৰিছিল। ২০১৭ চনত তেতিয়াৰ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুয়ে, ২০২০ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াই আৰু ২০২১ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনছুখ মাণ্ডব্যই চতুৰ্থটো গোট স্থাপনৰ ঘোষণা কৰিছিল। কিন্তু এটাও কাৰ্য্যত ৰূপায়িত নহ'ল। গতিকে বাজেট ধাৰ্য্য নকৰাকৈ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ প্ৰস্তাৱ কিমান বাস্তৱসন্মত, সেয়া এতিয়াই কোৱা টান।"
অজাপৰ নেতাদ্বয়ে লগতে কয়, "আজিৰ কেন্দ্ৰীয় বাজেটখনত নতুনত্ব বুলিবলৈ একো নাই। এখন হতাশাজনক আৰু নতুনত্বহীন বাজেট। বাজেটখনত ভাৰতীয় মানুহৰ অৰ্থনৈতিক হতাশাৰ ছবিখন স্পষ্ট ৰূপত প্ৰকট হৈ পৰিছে৷ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰিবলৈ চৰকাৰৰ বাস্তৱসন্মত নীতি নাই। কৃষক আৰু নিম্ন মধ্যবিত্তৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰিব পৰা নাই এই বাজেটে। দেশৰ ১৪০ কোটি জনগণৰ ৮০ কোটি জনতাক এতিয়াও বিনামূলীয়াকৈ ৰেচন যোগান ধৰিব লাগে। অৰ্থাৎ দেশত দৰিদ্ৰতা এইটো স্তৰত আছে। এনে অৱস্থাত আজিৰ বাজেটে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে কোনো ধৰণৰ আশা কঢ়িয়াব নোৱাৰিলে৷"
বাজেট সন্দৰ্ভত নেতাদ্বয়ে কয় - "এইবাৰৰ কেন্দ্ৰীয় বাজেটখন দেশৰ জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে প্ৰস্তুত কৰা বাজেট হোৱা নাই। বৰং এইখন বিজেপি দলৰ নিৰ্বাচনী লক্ষ্য পূৰণৰ অৰ্থে বিহাৰমুখী বাজেটহে হৈছে। বিহাৰৰ বাবে বিভিন্ন আঁচনি আৰু প্ৰকল্প আগবঢ়োৱা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ বাবে নামৰূপ সাৰ কাৰখানাৰ বিষয়ে কৰা অস্পষ্ট ঘোষণাৰ বাহিৰে আন একো উপহাৰ আগবঢ়োৱাৰ আন্তৰিকতা প্ৰদৰ্শন নকৰিলে। বাজেটত ঋণৰ বোজাত ককবকাই থকা দেশবাসীৰ বাবে কিছুমান চমক সৃষ্টিকাৰী ঘোষণাৰ বাহিৰে আন একো নাই। দেশৰ জনতাই উৎপাদনমুখী এখন বাজেট আশা কৰিছিল। কিন্তু সেয়া পোৱা নগ’ল। উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও বিশেষ পেকেজ নাথাকিল আজিৰ বাজেটত। আনকি বিত্তমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ নামটোকে উচ্চাৰণ নকৰিলে। এইবাৰৰ বাজেটত সামাজিক ন্যায়, নিবনুৱা সমস্যা আদি মৌলিক বিষয়সমূহক লৈ কোনো পৰিকল্পনা দেখা নগ'ল। দৰিদ্ৰ তথা মধ্যবিত্তৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা কোনো বিষয়ৰ উল্লেখ নাথাকিল এই বাজেটত। কেৱল পুঁজিপতিক সন্তুষ্ট কৰিবলৈ প্ৰস্তুত কৰা এই বাজেটত 'পি পি পি মুড'ক শক্তিশালী কৰি পুঁজিপতিসকলক উপকৃত কৰা আৰু চৰকাৰী সম্পদৰ ব্যক্তিগতকৰণৰ নীতিক উৎসাহিত কৰাটোহে প্ৰতিফলিত হৈছে। মুঠতে দেশৰ মৌলিক সমস্যাসমূহ দূৰীকৰণৰ বাবে চৰকাৰৰ যে কোনো ধৰণৰ সুস্পষ্ট তথা বিজ্ঞানসন্মত নীতি নাই সেয়া এই বাজেটেই প্ৰমাণ কৰিলে।" অজাপই এইবাৰৰ বাজেটক সামগ্ৰিকভাৱে চৰ্বিত-চৰ্বণ বাজেট আখ্যা দিয়ে।

বাজেটক লৈ আশাবাদী নহয় আম আদমী পাৰ্টি :

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটক লৈ সুখী নহয় আম আদমী পাৰ্টি চমুকৈ আপ। এই সন্দৰ্ভত 'আপ'ৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় - "অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ উদ্যোগ অ' এন জি চি আৰু ক'য়েল ইণ্ডিয়াৰ বাবে কেন্দ্ৰীয় বাজেটত একো নাই। প্ৰস্তাৱিত ইউৰিয়া সাৰ প্ৰকল্পৰ বাহিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বাবে বিত্ত মন্ত্ৰীয়ে একো বিবেচনা নকৰিলে। অসমৰ নিবনুৱাৰ সংস্থাপন, শৈক্ষিক আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নত বিত্ত মন্ত্ৰী সীতাৰমণে গুৰুত্ব আৰোপ নকৰিলে। ৰাজ্যখনত থকা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কোনো পুঁজি ধাৰ্য কৰা নহ'ল। এই বাজেট অসমবাসীক কেন্দ্ৰীয় চৰকাৰে কৰা বঞ্চনাৰ দস্তাবেজ স্বৰূপ। বাজেটত সমগ্ৰ দেশতে নতুনকৈ ১২০ টা বিমানবন্দৰ স্থাপনৰ কথা কোৱা হৈছে। কিন্তু এই ক্ষেত্ৰত অসমক বঞ্চিত কৰা হ' ল কিয়? উত্তৰ পূৱ ভাৰতত অসামৰিক বিমান পৰিবহন খণ্ডৰ উন্নয়নৰ যথেষ্ট থল আছিল, কিন্তু কেন্দ্ৰীয় বিত্ত বাজেটত এই দিশটো অৱহেলা কৰা হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ মানুহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধীনত ন্যূনতম নিৰিখত বিমান সেৱাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। বিত্তমন্ত্ৰীৰ এই ক্ষেত্ৰত কোনো সদিচ্ছা দেখা নগ'ল। অসমবাসীৰ সপোন সপোন হৈয়েই থাকিল। থোৰতে এই বাজেট মাথোঁ বাৰ্ষিক পৰম্পৰা ৰক্ষা কৰি সংসদত উপস্থাপন কৰা ভেকোঁভাওনাৰ নামান্তৰহে।"

01/02/2025

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া

01/02/2025

বাজেটে পুনৰবাৰ সংখ্যালঘু সম্প্ৰদায়ক হতাশ কৰিলে : বদৰুদ্দিন আজমল। কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে আজি সাংসদত দাখিল কৰা ২০২৫-২৬ চনৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া এ আই ইউ ডি এফৰ সভাপতি তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলৰ।

01/02/2025

শুভাকাংক্ষীৰ পৰা ওপজা দিনৰ শুভেচ্ছা গ্ৰহণ কৰি কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্রীৰ ওপজা দিন। নিশা কেক কাটি জন্ম দিন উদযাপন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।
01/02/2025

মুখ্যমন্ত্রীৰ ওপজা দিন। নিশা কেক কাটি জন্ম দিন উদযাপন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।

31/01/2025

বিজেপিৰ দিনত সৰ্বদিশতে পিছ পৰিল অসম : গৌৰৱ গগৈ

গুৱাহাটী,৩১ জানুৱাৰী : বিজেপিৰ শাসনত অসমৰ ৰাইজৰ নহয় অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী তথা ভ্রাতৃসকলহে বিকাশ হৈছে। এই অভিযোগ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা বাৰ্ষিক শিক্ষাৰ অৱস্থা (এছাৰ ৰিপ'ৰ্ট) সম্পৰ্কীয় প্রতিবেদনৰ তথ্য দাঙি ধৰি সাংসদগৰাকীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় - "শিক্ষাৰ ক্ষেত্ৰতো অসমৰ অৱস্থা শোচনীয় হৈছে। সৰ্বভাৰতীয় গড়তকৈ অসম বহু পিছ পৰাৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ প্রতিবেদনত প্ৰকাশ পাইছে। এছাৰৰ প্ৰতিবেদন অনুসৰি ২০১৮চনত অসমত স্কুলত নামভৰ্তিৰ হাৰ ৭১.৭ শতাংশ আছিল। এই হাৰ ২০২৪চনত ৬৯.৯ শতাংশলৈ হ্ৰাস পায়। ইয়াৰ বিপৰীতে দেশৰ আন ৰাজ্যত স্কুলত নামভৰ্তিৰ হাৰ বৃদ্ধি পাইছে। অসমত স্কুলত নামভৰ্তিৰ হাৰ হ্ৰাস পোৱাৰ কাৰণ ৰাইজৰ আৰ্থিক অৱস্থা বেয়াৰ ফালে ঢাল খোৱাটোক সুচায়। আর্থিক অৱস্থা বেয়া হোৱা বাবে বহুতে সন্তানক স্কুলৰ পৰা উলিয়াই লৈ গৈছে।"
শিক্ষাৰ মান সম্পৰ্কেও প্রশ্ন উত্থাপন কৰি তেওঁ লগতে কয় - "নিজৰ পাঠ্যপুথি ভালদৰে পঢ়িব নোৱাৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে। শিক্ষামন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কি কৰিলে। অসমৰ মানৱ উন্নয়ন সূচকাংক হ্ৰাস পাইছে। সম্প্ৰতি অসমৰ মানৱ উন্নয়ন সূচকাংক ৩২ শতাংশ। এই মানৱ উন্নয়ন সূচকাংকই স্বাস্থ্য, শিক্ষা আৰু আয় আদি সামৰি লয়। ৰাইজৰ আৰ্থিক অৱস্থা বেয়াৰ ফালে ঢাল খোৱাৰ বিপৰীতে বিজেপি নেতাসকল ধনী হৈ গৈ আছে। অসমৰ মুখ্যমন্ত্রী দেশৰে অন্যতম ধনী মুখ্যমন্ত্ৰীত পৰিণত হৈছে। মুখ্যমন্ত্ৰী কোটিপতিত পৰিণত হ'ল। মুখ্যমন্ত্ৰীৰ পত্নী কোটিপতিত পৰিণত হ'ল। মুখ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ ভ্ৰাতৃসকলৰহে বিকাশ হৈছে।" বিনিয়োগকাৰীক আকৰ্ষণৰ উদ্দেশ্যে বিদেশ ভ্ৰমণ কৰা মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ লগতে কয় - "এতিয়া এডভান্টেজ আছাম-২ পাতিবলৈ লৈছে। এডভান্টেজ আছাম-১ৰ ফলাফল কি হ'ল ৰাইজক জনাওক। এডভান্টেজ আছাম-১ৰ ৬৩ টা প্ৰকল্পৰ ১০ টাহে চূড়ান্ত পর্যায়লৈ নিবলৈ সক্ষম হ'ল। ৰাইজে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি নেতৃত্বৰ চৰকাৰৰ স্বৰূপ বুজি পাইছে।" চৰকাৰক উদ্দেশি তেওঁ কয় - "আপোনালোক ক্ষমতাত আছে। আপোনালোকৰ শক্তি আছে। ৰাইজৰ, সাংবাদিকৰ প্ৰশ্নৰ সাহসৰে উত্তৰ দিয়ক। ৰাইজে এতিয়াও এবছৰ দিছে। ভুল, শুদ্ধ জুকীয়াই চাই কাম কৰক। ৰাজ্য চৰকাৰৰ কাম-কাজক লৈ শেহতীয়াভাৱে স্বয়ং নিজ দলৰে কেন্দ্ৰীয় চৰকাৰে প্রশ্ন কৰিবলৈ লৈছে। একেদৰে গুৱাহাটী উচ্চ ন্যায়ালয়, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আদিয়েও ৰাজ্য চৰকাৰক সমালোচনা কৰিবলৈ লৈছে। কেন্দ্ৰীয় চৰকাৰৰ উপৰি বিভিন্ন আন্তর্জাতিক সংস্থা তথা ৰাষ্ট্ৰসংঘৰ বিভিন্ন প্রতিবেদনেও বিভিন্ন দিশত অসমৰ অৱস্থা শোচনীয় হোৱাৰ তথ্য প্ৰকাশ কৰিছে।" তেওঁ লগতে কয় - "বিধানসভা নির্বাচনতহে মূল যুঁজ হ'ব। ৰাইজে বিৰোধী ঐক্যবদ্ধ হোৱাটো বিচাৰিছে।" তেওঁ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে জি পি সিঙে৷
30/01/2025

চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে জি পি সিঙে৷

30/01/2025

মহাত্মা গান্ধীৰ ৭৭ সংখ্যক শ্বহীদ দিৱস উপলক্ষ্যে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিং।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব ল'লে হৰমীত সিঙেগুৱাহাটী,২৯ জানুৱাৰী : অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্ৰধান জি পি ...
29/01/2025

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব ল'লে হৰমীত সিঙে

গুৱাহাটী,২৯ জানুৱাৰী : অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্ৰধান জি পি সিঙে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি বিয়লি আয়োজন কৰা এক অনুষ্ঠানত জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ হৰমীত সিঙক অৰ্পন কৰে। ইফালে দায়িত্বভাৰ অপৰ্ণ কৰি আজি সন্ধিয়া সপৰিয়ালে নতুন দায়িত্ব গ্ৰহণৰ বাবে দিল্লী অভিমুখে ৰাওনা হয় জি পি সিং। আজিৰে পৰা অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে হৰমীত সিঙে। উল্লেখ্য যে চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে জি পি সিঙে দায়িত্ব লাভ কৰাৰ পাছতে ৰাজ্যৰ গৃহ বিভাগে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়ে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক। আজি অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰা হৰমীত সিং ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া। গৃহ বিভাগৰ নিৰ্দেশমৰ্মে পৰৱৰ্তী সময়ত এগৰাকী স্থায়ী আৰক্ষী সঞ্চালকপ্ৰধান নাইবা নতুন নিৰ্দেশনা নিদিয়ালৈকে সিঙে এই ভাৰপ্ৰাপ্ত দায়িত্ব বহন কৰিব। উল্লেখ্য যে হৰমীত সিঙে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদৰ লগতে অসম আৰক্ষীৰ আন ভালেমান গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯২ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি সিঙে ১৯৯৮ চনলৈকে অসমত কটায়। মঙলদৈৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বোকাখাতৰ এছ ডি পি অ’, অসমৰ ৰাজ্যপালৰ এ ডি চি আৰু নগাঁৱৰ আৰক্ষী অধীক্ষকৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৮ চনৰ পৰা ২০১৭ চনলৈকে সিঙে ডেপুটেচনত ভাৰত চৰকাৰৰ বিভিন্ন পদবীত সেৱা আগবঢ়াইছিল। এই সূত্ৰে তেওঁ দিল্লী, ছিকিমৰ গেংটক, ৰাছিয়াৰ মস্কো আৰু জম্মু-কাশ্মীৰৰ শ্ৰীনগৰকে ধৰি বিভিন্ন ঠাইতো সেৱা আগবঢ়াইছিল। সংঘাতজৰ্জৰ অঞ্চলৰ সমস্যাৰ সমাধান, সন্ত্ৰাসবাদ বিৰোধী, মৌলবাদ বিৰোধী, চাইবাৰ নিৰাপত্তা আৰু আন্তঃগাঁথনি, নিৰাপত্তা আৰু সুৰক্ষা প্ৰশাসন, মেগা ইভেণ্ট মেনেজমেণ্ট, দুৰ্যোগ/মহামাৰী সাহায্য আৰু যোগাযোগ/নাগৰিককেন্দ্ৰিক আন্তঃগাঁথনি বিকশিত কৰাত বিশেষজ্ঞৰূপে সুনাম আছে হৰমীত সিঙৰ। ইযাৰ উপৰি কৰ্মদক্ষতা আৰু বীৰত্বৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পদকেৰে অলংকৃত হৈছে হৰমীত সিঙে। গেলেণ্টাৰী আৰক্ষী পদক, বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক, মেধাৱী সেৱাৰ বাবে ভাৰতীয় আৰক্ষী পদক, অতি উৎকৃষ্ট সেৱা পদক আদি লাভ কৰি আহিছে নতুন ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। আজিৰে পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে তেওঁ সেৱা আগবঢ়াব।

29/01/2025

কাহিলীপাৰাত বিদায়ী ডিজিপি জি পি সিঙৰ আনুষ্ঠানিক বিদায় সম্ভাষণ

গুৱাহাটী,২৯ জানুৱাৰী : তিনিটা দশকৰো অধিক সময় অসমৰে সংযুক্ত হৈ থকা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি বিদায়ী পৰত কিছু আবেগিক হৈ পৰে। গুৱাহাটীৰ কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আজি বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। আৰম্ভনীতে জি পি সিঙে শ্বহীদ বেদীত অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত তথা নৱনিযুক্ত সঞ্চালক প্ৰধান হৰমীত সিঙে বিদায়ী সঞ্চালক প্ৰদান জি পি সিঙক আদৰণি জনায়। অনুষ্ঠানত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে বিদায়ী সঞ্চালক প্ৰধানগৰাকীয়ে। অসম আৰক্ষীৰ তৰফৰ পৰা আকৰ্ষণীয় কুচ-কাবাজৰ লগতে নিয়ম অনুসৰি বিদায়ী সঞ্চালক প্ৰধানগৰাকীক বিদায় সম্ভাষণ জনায়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে বিদায়ীপৰত দিয়া অন্তিমটো ভাষণত জি পি সিঙে কয় - "মা কামাখ্যাৰ আৰ্শীবাদত মই অৰু মোৰ পৰিয়ালটো সদায় সুৰক্ষিত হৈ আছো আৰু আজিৰ এই পৰ্যায়ত উপনীত হ'ব পাৰিছো। অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক মই তেওঁলোকৰ সহায়-সহযোগীতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। অসম আৰক্ষীৰ ঐতিহাসিক দুশবছৰ বছৰীয়া সম্পূৰ্ণ কৰাৰ সময়ত হৰমীট সিঙে দায়িত্ব লৈ বহুকেইটা বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে। অসম আৰক্ষীৰ এই ঐতিহাসিক ক্ষণৰ অংশদাৰী হ'বলৈ পাই মই সুখী অনুভৱ কৰিছো। মোৰ এই যাত্রাত মোৰ পত্নী আৰু মোৰ দুগৰাকী জীয়ৰীয়ে সদায় সহযোগ কৰিছে। মই মোৰ কাৰ্যকালত পোৱা প্ৰতিগৰাকী মুখ্যমন্ত্ৰীলৈ মই মোৰ শ্ৰদ্ধা জনাইছোঁ। হিতেশ্বৰ শইকীয়া , ভূমিধৰ বৰ্মন , তৰুণ গগৈ , সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছো। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মই কথাৰে ব্যাখা কৰিব নোৱাৰো। আজি পুৱাৰ ভাগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মোৰ ঘৰলৈ আহি মোৰ পৰিয়ালক সাক্ষাৎ কৰি মোক উৎসাহিত কৰিছে। মই মুখ্যমন্ত্রীৰ ওচৰত চিৰ কৃতজ্ঞ। আনহাতে অসমবাসীক যিমান অভিনন্দন আৰু ধন্যবাদ জনাও সেয়া কম হ’ব। অসমবাসীয়ে মোক পৰামৰ্শ দিছে আৰু আগুৱাই যোৱাৰ বাট দেখুৱাইছে। সকলো ক্ষেত্রতে মোক সহায় কৰিছে। অসমৰ ৰাইজে মোক কোনো দিনেই কষ্ট দিয়া নাই। মই আশা কৰো তথা মোৰ দৃঢ় বিশ্বাস আছে যে হৰমীত সিঙৰ নেতৃত্বত অসম পুলিচ আৰু আগুৱাই যাব। মই অসমৰ সংবাদ মাধ্যম তথা সাংবাদিকসকলক ধন্যবাদ জনাইছো। সংবাদ মাধ্যমৰ পৰা মই কোনো দিনে হাৰাশাস্তিৰ সন্মূখীন হোৱা নাই। সদায়ে গঠনমূলক সমালোচনা পাইছো।" জি পি সিঙে সহকৰ্মী সকলৰ প্ৰতি আহ্বান জনাই কয় - "সকলোৱে প্ৰথমে আৰক্ষী বিষয়া নহয়, এজন ভাল মানুহ হ’ব। এজন ভাল মানুহৰ পাছত আৰক্ষী বিষয়া হ’ব। ভাল মানুহ হৈ সমাজত থাকিব। ক্ষমতাৰ সদায় ভাল ব্যৱহাৰ কৰিব। আনহাতে নিজৰ স্বাস্থ্য সদায়ে ভালে ৰাখিব। স্বাস্থ্য নিজৰ বাবে। সুস্থ শৰীৰত সুস্থ মন থাকে।" অনুষ্ঠানত অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত তথা নৱনিযুক্ত সঞ্চালক প্ৰধান হৰমীত সিঙে কয় - "অসম আৰক্ষীত জি পি সিঙৰ ভূমিকা উল্লেখনীয়। অসম আৰক্ষীৰ প্ৰতি তেওঁৰ বিশেষ ফ'কাচ আৰু মৰম আছিল। শেহতীয়া দুটা বছৰত অসম আৰক্ষীত ৩০হাজাৰ পদোন্নতি হৈছে। ইয়াৰ পূৰ্বে অসম আৰক্ষীত এনেদৰে পদোন্নতি হোৱা নাছিল। তেওঁ অসম আৰক্ষীৰ নতুন ৱেলফেয়াৰ পলিচী কৰিলে। তেওঁ গ্ৰহণ কৰা পদক্ষেপ সমূহ আমি আগুৱাই লৈ যাম।" অনুষ্ঠানত অসম আৰক্ষীৰ ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত আছিল। উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে দায়িত্ব প্ৰদান কৰা হৈছে। যাৰ বাবে আজি তেওঁক আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। জি পি সিঙৰ ঠাইত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক।

29/01/2025

কাহিলীপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ আনুষ্ঠানিক বিদায় সম্ভাষণ। অসমবাসীক কৃতজ্ঞতা জ্ঞাপন। আজি বিয়লি অসম এৰি দিল্লীলৈ ৰাওনা হ'ব। দায়িত্ব ল'ব চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে। বিদায়ীপৰত আবেগিক জি পি সিং।

29/01/2025

চি আৰ পি এফৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি লাভ কৰা ৰাজ্যৰ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কাহিলীপাৰাৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি বিদায় সম্ভাষণ জনোৱাৰ লগতে শুভকামনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

আজি ঐতিহাসিক "পথৰুঘাটৰ ৰণ"ৰ ১৩১ বছৰগুৱাহাটী,২৮ জানুৱাৰী : পৰাধীন ভাৰতৰ ইতিহাসত এনে বহু ঘটনা লিপিবদ্ধ হৈ আছে যিয়ে দাঙি ধৰ...
28/01/2025

আজি ঐতিহাসিক "পথৰুঘাটৰ ৰণ"ৰ ১৩১ বছৰ

গুৱাহাটী,২৮ জানুৱাৰী : পৰাধীন ভাৰতৰ ইতিহাসত এনে বহু ঘটনা লিপিবদ্ধ হৈ আছে যিয়ে দাঙি ধৰে বহু লোকৰ সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ অপূৰ্ব নিদৰ্শন। দেশৰ বিভিন্ন প্ৰান্তত বৃটিছৰ বিৰুদ্ধে যুঁজ দি আত্মবলিদান দিয়া অলেখ বীৰগাঁথাৰে ভৰি আছে অলেখ কাহিনী। বৃটিছৰ বিৰুদ্ধে এই যুঁজত অসমেও ভাগ লৈছিল অসীম বীৰত্বৰে। অত্যাচাৰ, শোষণ নিপীড়ণৰ বিৰুদ্ধে অসমৰ জনসাধাৰণে স্বাধীনতা সংগ্ৰামৰ যুঁজত ভাগ লৈছিল। এনে এক বীৰত্বৰ গাঁথা হৈছে "পথৰুঘাটৰ ৰণ"। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কু-শাসনৰ বিৰুদ্ধে ঘটা এক ঐতিহাসিক কৃষক বিদ্ৰোহ ঘটিছিল দৰং জিলাত। অসমৰ দৰং জিলাত অৱস্থিত পথৰুঘাট (বৰ্তমান পাথৰিঘাট হিচাবেও পৰিচিত) নামে ঠাইত ১৮৯৪ চনত স্থানীয় কৃষক ৰাইজে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত আয়োজন কৰা এখন প্ৰতিবাদী সভাত বৃটিছ আৰক্ষী বিষয়াই প্ৰতিবাদকাৰী কৃষকসকলক ওপৰত গুলীচালনা কৰাৰ ফলত শতাধিক কৃষক নিহত হৈছিল। পথৰুঘাটত ঘটা এই কৰুণ ঘটনাক বুৰঞ্জীত ‘পথৰুঘাটৰ ৰণ’ হিচাবে জনা যায়। পথৰুঘাটৰ কৃষকৰ বৃটিছৰ বিৰুদ্ধে ক্ষোভ কোনো নতুন কথা নাছিল। সঘনে বৃদ্ধি কৰা খাজনাৰ পৰিমানে কৃষকক খুবেই জুৰুলা কৰিছিল। দুখীয়া কৃষকে এই খাজনাৰ ভৰ সহিব পৰা নাছিল। ফলত বৃটিছৰ বিৰুদ্ধে কৃষকৰ মাজত বিদ্ৰোহৰ জুই উমি উমি জ্বলিছিল। সঘনে কৃষকৰ মাজত অনুষ্ঠিত হৈছিল ৰাইজমেল আৰু শেষত কোনো ধৰণৰ খাজনা বৃটিছক নিদিয়াৰ সংকল্প গ্ৰহণ কৰা হৈছিল আৰু প্ৰয়োজনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলৈও সাজু হৈছিল পথৰুঘাটৰ কৃষকসকল। ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে পথৰুঘাটত খাজনা বৃদ্ধিৰ প্ৰতিবাদত এখন ৰাইজমেল বহিছিল। পথৰুঘাট অঞ্চলৰ গাওঁসমূহৰ পৰা বহু হাজাৰ ৰাইজ ওলাই আহি এই ৰাইজমেলত একগোট হৈছিল। ৰাইজ মেল চলি থাকোতেই দৰং জিলাৰ জিলাধিপতি মিষ্টাৰ এণ্ডাৰচন, আৰক্ষী অধীক্ষক মিষ্টাৰ বেৰিংটন আৰু মহকুমাধিপতি মিষ্টাৰ ৰেমিংটনো সশস্ত্ৰ বাহিনী সহিতে পথৰুঘাটত উপস্থিত হয়। ইংৰাজ বিষয়া সকলে কোনোপধ্যেই খাজনা কমোৱা নহ’ব বুলি ঘোষণা কৰাত উপস্থিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰী আৰক্ষী বাহিনীয়ে অধীক্ষক বেৰিংটনৰ আদেশমৰ্মে উপস্থিত ৰাইজৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। উপস্থিত কৃষকে হাতত থকা লাঠিৰে এই আক্ৰমণ প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল যদিও হঠাতে হোৱা গুলীচালনাত ১৪০ গৰাকী কৃষক থিতাতে নিহত হয় আৰু শতাধিক আহত হয়। এই ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন মোৰ দিয়ে। নিৰপৰাধী কৃষক ৰাইজক অতি নিৰ্মমভাবে এনেদৰে কৰা হত্যাই বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম জোৰদাৰ কৰি তোলে। পথৰুঘাটৰ কৃষক ৰাইজৰ এই চৰম ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায়। কৃষকৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ সাক্ষী হৈ ৰ'ল পাথৰুঘাট। উক্ত দিনটোতেই বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে কৃষক শ্বহীদ দিৱস। ২০১৭ চনৰ পৰা এই কৃষক শ্বহীদ দিৱস চৰকাৰীভাৱে পালন কৰা হৈ আহিছে। আজিও ৰাজ্যৰ বিভিন্ন ঠাইত পালন কৰা হয় কৃষক শ্বহীদ দিৱস। এই কৃষক বিদ্ৰোহে দি গ'ল আমাক দেশ প্ৰেমৰ অন্য এক উদাহৰণ।

28/01/2025

ৰাজধানী চহৰত পুনৰ ওলাইছে বাঘ। এইবাৰ গুৱাহাটীৰ কাহিলীপাৰাস্থ শান্তি নগৰত দেখা গ'ল নাহৰফুটুকী বাঘ।

হৰমীত সিঙক ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানৰূপে নিযুক্তিগুৱাহাটী,২৭ জানুৱাৰী : ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত...
27/01/2025

হৰমীত সিঙক ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানৰূপে নিযুক্তি

গুৱাহাটী,২৭ জানুৱাৰী : ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হৈছে আই পি এছ হৰমীত সিং। চি আৰ পি এফৰ সঞ্চালক প্ৰধানৰূপে দায়িত্ব লাভ কৰা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক দায়িত্বৰ পৰা মুকলি কৰি দি ৰাজ্যৰ গৃহ বিভাগে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব দিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক। ৰাজ্যৰ গৃহ আৰু ৰাজনীতি বিভাগৰ আয়ুক্ত-সচিব বিশ্বজিৎ পেগুৱে এক জাননীযোগে সোমবাৰে জি পি সিঙক আৰক্ষী সঞ্চালকপ্ৰধান পদৰ দায়িত্বৰ পৰা মুকলি কৰি দিয়াৰ লগতে হৰমীত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰে। বৰ্তমান অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰূপে কাৰ্যনিৰ্বাহ কৰি থকা হৰমীত সিং ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া। গৃহ বিভাগৰ নিৰ্দেশমৰ্মে পৰৱৰ্তী সময়ত এগৰাকী স্থায়ী আৰক্ষী সঞ্চালকপ্ৰধান নাইবা নতুন নিৰ্দেশনা নিদিয়ালৈকে সিঙে এই ভাৰপ্ৰাপ্ত দায়িত্ব বহন কৰিব। আনহাতে অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান পদৰ পৰা বিদায় লৈ অসম এৰিব আই পি এছ জি পি সিঙে। অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক কেন্দ্ৰীয় চৰকাৰে যোৱা ১৯ জানুৱাৰীত এক জাননীযোগে কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত বিভাগৰ সঞ্চালকালয়ে চি আৰ পি এফৰ সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰাৰ পিছতেই অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান কোন হ’ব সেই লৈ ব্যাপক চৰ্চা অব্যাহত আছিল। ২০২৩ চনৰ ৩১ জানুৱাৰীত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল জি পি সিঙে। ১৯৯১ চনৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে অসমৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছিল ৷ আনহাতে অসমৰ সৈতেও সিঙৰ কৰ্ম জীৱনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। বিশেষকৈ ২০১৯ চনত ৰাজ্যজোৰা 'কা’ আন্দোলনৰ সময়ত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসমলৈ পুনৰবাৰ আগমন ঘটিছিল জি পি সিঙৰ। পৰৱৰ্তী সময়ত তেওঁ অসমৰ আৰক্ষী সঞ্চালকপ্ৰধানৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। আনহাতে হৰমীত সিঙে গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ পদৰ লগতে অসম আৰক্ষীৰ আন ভালেমান গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। ১৯৯২ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি সিঙে ১৯৯৮ চনলৈকে অসমত কটায়। মঙলদৈৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি বোকাখাতৰ এছ ডি পি অ’, অসমৰ ৰাজ্যপালৰ এ ডি চি আৰু নগাঁৱৰ আৰক্ষী অধীক্ষকৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৮ চনৰ পৰা ২০১৭ চনলৈকে সিঙে ডেপুটেচনত ভাৰত চৰকাৰৰ বিভিন্ন পদবীত সেৱা আগবঢ়াইছিল। এই সূত্ৰে তেওঁ দিল্লী, ছিকিমৰ গেংটক, ৰাছিয়াৰ মস্কো আৰু জম্মু-কাশ্মীৰৰ শ্ৰীনগৰকে ধৰি বিভিন্ন ঠাইতো সেৱা আগবঢ়াইছিল। সংঘাতজৰ্জৰ অঞ্চলৰ সমস্যাৰ সমাধান, সন্ত্ৰাসবাদ বিৰোধী, মৌলবাদ বিৰোধী, চাইবাৰ নিৰাপত্তা আৰু আন্তঃগাঁথনি, নিৰাপত্তা আৰু সুৰক্ষা প্ৰশাসন, মেগা ইভেণ্ট মেনেজমেণ্ট, দুৰ্যোগ/মহামাৰী সাহায্য আৰু যোগাযোগ/নাগৰিককেন্দ্ৰিক আন্তঃগাঁথনি বিকশিত কৰাত বিশেষজ্ঞৰূপে সুনাম আছে হৰমীত সিঙৰ। ইযাৰ উপৰি কৰ্মদক্ষতা আৰু বীৰত্বৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ পদকেৰে অলংকৃত হৈছে হৰমীত সিঙে। গেলেণ্টাৰী আৰক্ষী পদক, বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক, মেধাৱী সেৱাৰ বাবে ভাৰতীয় আৰক্ষী পদক, অতি উৎকৃষ্ট সেৱা পদক আদি লাভ কৰি আহিছে নতুন ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। জি পি সিঙৰ উত্তৰসুৰী হিচাপে সোমবাৰে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব অসম চৰকাৰে অৰ্পণ কৰে হৰমীত সিঙক।

26/01/2025

গণৰাজ্য দিৱসৰ দিনা পুৱাৰ ভাগত গুৱাহাটীত বিস্ফোৰণ সংঘটিত হোৱা ঘটনা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া।

গুৱাহাটীত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰগুৱাহাটী,২৬ জানুৱাৰী : গণৰাজ্য দিৱসৰ পুৱা গুৱাহাটী মহানগৰীত সৃষ্টি...
26/01/2025

গুৱাহাটীত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

গুৱাহাটী,২৬ জানুৱাৰী : গণৰাজ্য দিৱসৰ পুৱা গুৱাহাটী মহানগৰীত সৃষ্টি হয় বোমাতংকৰ। দুটাকৈ স্থানত বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰে মহানগৰীত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰথমতে গুৱাহাটীৰ বেহাৰবাৰী অঞ্চলত এটা ডাঙৰ বিস্ফোৰণৰ শব্দই জোকাৰি যায়। তাৰ পাছত আই এছ বি টিৰ সমীপত বিস্ফোৰণৰ আন এক খবৰ আছে। দুয়োটা ঘটনাকলৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত থকাৰ সময়তে গুৱাহাটীত বিস্ফোৰণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিলে আলফা স্বাধীনে। ৰাজ্যজুৰি উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়তে দেওবাৰে পুৱা গুৱাহাটীৰ বেহাৰবাৰী আৰু আই এছ বি টিৰ সমীপত বোমা বিস্ফোৰণৰ খবৰ আহে। বেহাৰবাৰীৰ ব্ৰক্ষ্মপুত্র বজাৰৰ সমীপত হোৱা বিস্ফোৰণটোৱে অঞ্চলটো কঁপাই যায়। এই বিস্ফোৰণৰ প্ৰসংগত আলফা স্বাধীনে মেইল যোগে নিজৰ স্থিতি স্পষ্ট কৰিছে। আলফা স্বাধীনে সদৰি কৰা অনুসৰি তেওঁলোকেই গুৱহাটীৰ দুই স্থানত আই ই ডি সংস্থাপন কৰিছিল আৰু সেইটো বিস্ফোৰিত হৈছে। সংবাদ মাধ্যমলৈ মেইল যোগে দিয়া বিবৃতিত আলফা স্বাধীনে দায়িত্ব স্বীকাৰ কৰি কয় যে জনতাৰ কোনো হানি নোহোৱাকৈ এই সশস্ত্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসমে হেৰুওৱা স্বাধীনতা যেতিয়ালৈকে ঘূৰাই নাপায় তেতিয়ালৈকে এনে সশস্ত্ৰ প্ৰতিবাদ অব্যাহত থাকিব বুলিও বিবৃতিটোত উল্লেখ কৰে আলফা স্বাধীনে। লগতে আগন্তুক দিনত এনে প্ৰতিবাদ সৰ্বাত্মক ৰূপত হ'ব বুলিও হুংকাৰ প্ৰদান কৰে আলফা স্বাধীনে। বিবৃত্তি যোগে আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহকাৰী সম্পাদক দ্বিতীয় লেফটেনেণ্ট ঈশান অসমে কয় - "সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে প্ৰতি বছৰে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ তথা-কথিত স্বাধীনতা আৰু গণৰাজ্য দিৱস পালনৰ প্ৰতিবাদ কৰি আহিছে। উক্ত প্রতিবাদস্বৰূপে গুৱাহাটীৰ লালমাটি, ৰিহাবৰীকে আদি কৰি একাধিক স্থানত আই ই ডি বিস্ফোৰণেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়। সংগঠনৰ এই সশস্ত্ৰ প্ৰতিবাদ অসমৰ থলগিৰি জনগণৰ বিৰুদ্ধে তথা জনগণৰ জীৱনৰ ক্ষতি-বিঘিনিৰ বাবে নহয়। ই কেৱল ঔপনিৱেশিক শাসকৰ বাবে এক বার্তা। তেওঁলোকে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনক বিভিন্ন বিশেষ্য-বিশেষণেৰে তুচ্ছ-তাচ্ছিল্য কৰি ঔপনিৱেশিক ৰাষ্ট্ৰৰ ১৫ আগষ্টৰ তথা-কথিত স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰীৰ তথা-কথিত গণৰাজ্য দিৱস জাকজমকতাৰে উদযাপন কৰি থলগিৰি জনগণৰ মনৰ পৰা অসমৰ গৌৰৱোজ্জ্বল স্বাধীনতাৰ চিন্তা-চেতনাক নিঃশেষ কৰাৰ যি অভিষন্ধি সেয়া কেতিয়া আমি মানি লব নোৱাৰো আৰু ই কেতিয়াও সম্ভৱ নহয়। সেয়েহে আমাৰ এই সশস্ত্ৰ প্ৰতিবাদ। অসমৰ হেৰুৱা স্বাধীনতা যেতিয়ালৈকে পুনৰ প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে এনে প্রতিবাদ অব্যাহত থাকিব। যিদিনাই ভাৰতীয়ই অসমক অসমৰ স্বাধীনতা ফিৰাই দিব সিদিনা পৰা আমিও ভাৰতীয় সকলৰ স্বাধীনতা আৰু গণতন্ত্ৰক স-সন্মানেৰে স্বীকৃতি প্ৰদান কৰিম। আনহাতে ঔপনিৱেশিক ৰাষ্ট্ৰ সামৰিক কোষ বিলাকে আমাৰ প্ৰতিবাদ ৰোধ কৰিবলৈ যিমানেই নিছিদ্ৰ নিৰাপত্তাৰ আৱৰণ গঢ়ি নুতোলক কিয়, আমাৰ প্ৰয়োজন অনুসৰি আমি অসমৰ যিকোনো প্ৰান্তত আমাৰ সশস্ত্ৰ কাৰ্য্যসূচী ৰূপায়ন কৰিব পাৰোঁ। যিহেতু গুৱাহাটী অসমৰ প্ৰাণকেন্দ্ৰ, সেয়েহে সাধাৰণ জনগণৰ কোনো হানি-বিঘিনি নোহোৱাকৈ জনগণলৈ এক বাৰ্তা প্ৰেৰণ কৰা হৈছে। যাতে অনাগত দিনত ঔপনিৱেশিক ৰাষ্ট্ৰৰ ওপৰত উল্লিখিত দুই কাৰ্য্যসূচীত অংশ লোৱাৰ পৰা বিৰত থাকে। কিয়নো, যোৱা ১৫ আগষ্ট আৰু আজিৰ ২৬ জানুৱাৰীত আমি জনগণৰ জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা কৰি সমীত কাৰ্য্যসূচী ৰূপায়ন কৰিলোঁ। বিপৰীতে অনাগত দিনত এনে কাৰ্য্যসূচী সর্বাত্মক ৰূপত ৰূপায়ন কৰা হ'ব পাৰে।"
উল্লেখ্য গুৱাহাটীৰ বেহাৰবাৰীত হোৱা বিস্ফোৰণৰ পাছতে আই এছ বি টিৰ সমীপত বোমাতংকৰ সৃষ্টি হৈছিল। লগে লগে সেই স্থানত বোমা স্কোৱাডে অভিযান চলাই যদিও কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ৰাজ্যজুৰি উলহ-মালহেৰে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনগুৱাহাটী,২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰে উলহ-মালহেৰে...
26/01/2025

ৰাজ্যজুৰি উলহ-মালহেৰে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গুৱাহাটী,২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰে উলহ-মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায়। ৰাজ্যপালে তেওঁৰ দীঘলীয়া ভাষণত ৰাজ্যখনৰ প্ৰগতিৰ বাবে চৰকাৰখনে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ লগতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই ৰাজ্যপালে বীৰ শ্বহীদলৈ শ্রদ্ধা জ্ঞাপন কৰে। ৰাজ্যপালে বিকশিত অসমৰ বিভিন্ন দিশ উল্লেখ কৰি কয় - "মা কামাখ্যাৰ ভূমি আৰু শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ তথা লাচিত বৰফুকন, কনকলতা বৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকা আদিৰ দৰে কিংবদন্তিসকলে বাস কৰি যোৱা এই পৱিত্ৰ ভূমিৰ অংশ হ’বলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আজি অসমত বিকাশৰ নতুন নতুন খণ্ড উন্মোচিত হৈছে। বিগত বছৰটোত ৰাজ্যখনত শান্তি স্থাপন, আন্তঃগাঁথনি উন্নয়ন, সমাজ কল্যাণ, অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি পৰিলক্ষিত হৈছে। বহনক্ষম উন্নয়ন আৰু সমাৱেশী বিকাশৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো, যাতে উন্নয়নৰ সুফলসমূহ দূৰৱৰ্তী গাঁৱৰ পৰা আৰম্ভ কৰি আমাৰ নগৰাঞ্চললৈ প্ৰতিজন নাগৰিকে লাভ কৰে। দীৰ্ঘদিনীয়া সংঘাতৰ সফল সমাধান, আন্তঃগাঁথনিগত উন্নয়ন আৰু লক্ষ্য নিৰ্দ্ধাৰিত সমাজ কল্যাণমূলক আঁচনিসমূহে জীৱন ধাৰণৰ মানৰ পৰিৱৰ্তন ঘটাইছে, যিয়ে এক ঐক্যবদ্ধ আৰু সমৃদ্ধিশালী অসমৰ প্ৰতি থকা আমাৰ দৃষ্টিভংগীক শক্তিশালী কৰি তুলিছে। শিক্ষা, স্বাস্থ্যসেৱা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অসমে লাভ কৰা সাফল্যই এখন সুস্থ, সবল আৰু দক্ষ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত থকা আমাৰ সংকল্পকে প্ৰতিপন্ন কৰে।" ৰাজ্যপালে গণৰাজ্য দিৱসৰ এই পৱিত্ৰ উপলক্ষত সকলোৱে হাতে-হাত মিলাই আমাৰ সংবিধানৰ আদৰ্শক সন্মান জনাই সকলোৰে বাবে সমান সুবিধাৰ বাবে এক উজ্বল ভবিষ্যৎ গঢ়াৰ উপৰি অসম আৰু ভাৰতৰ বিকাশৰ যাত্ৰাত নিজৰ দায়বদ্ধতা সুনিশ্চিত কৰাৰ বাবে সংকল্পবদ্ধ হোৱাৰ বাবে আহ্বান জনায়। দীঘলীয়া ভাষণত ৰাজ্যপালে বিভিন্ন বিষয় আলোকপাত কৰি চৰকাৰী বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপালে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে। অনুষ্ঠানত আৰক্ষী, এন চি চি আদিৰ কুচ-কাবাজ প্ৰদৰ্শন কৰা হয়। লগতে অসমৰ বাৰেবৰণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হয়। গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Address

Kali Mandir Path. Jyotikuchi, Odalbakhra
Guwahati
781034

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm

Telephone

+916000458059

Alerts

Be the first to know and let us send you an email when Nation Daily posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nation Daily:

Videos

Share